Home Blog Page 3123

ধুবুৰী জিলা সমিতিৰ উদ্যোগত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ তৃতীয় দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন

পশ্চিম অসমৰ ভুমিপুত্ৰ দেশী মুছলমান সকলৰ একমাত্ৰ জাতীয় সংগঠন”দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ”তৃতীয় দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন খন ১৩/১৪ ফেব্ৰুৱাৰীত বৰ্নাঢ্য কাৰ্যসূচীৰে ধুবুৰী জিলাৰ কাছাৰী হাটৰ দুই দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়।জন্মলগ্ননে পৰা অসমৰ দেশী সকলৰ অস্তিত্ব ৰক্ষা আৰু পৰিচয় সংকট দুৰ কৰাৰ লগতে বৌদ্ধিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰ উদ্দেশ্যে নিৰৱিচ্ছিন্ন ভাৱে গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিছে দেশী জনগোষ্ঠীয় মঞ্চই।দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন উপলক্ষে ১৪ ফেব্ৰুৱাৰী ২০২১ তাৰিখে আবেলি দুইবজাত কাছাৰীহাটৰ প্যাৰীমোহন ক্ষেত্ৰত মঞ্চৰ সভাপতি শ্বেখ হেদায়েতুল্লাৰ সভাপ্তিত্বত  এখন বিশাল জনসভা অনুষ্ঠিত হয়। ১৩ তাৰিখে ৰাতিপুৱা পতাকা উত্তোলনৰে আৰম্ভ হোৱা অধিৱেশনৰ প্ৰথম দিনা আলোচনাচক্ৰ, গ্ৰন্থ উন্মোচন আৰু শিল্পী সাহিত্যিকক সম্বৰ্ধনা জনোৱা অনুষ্ঠান অনুষ্ঠিত হয়। ৰাতি প্ৰতিনিধি সভাই সৰ্ব সন্মতিক্ৰমে বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ বাৰ দেশীৰ অবিসম্বাদী নেতা হিচাবে শ্বেখ হেদায়েতুল্লাকেই নিৰ্বাচিত কৰে আৰু সাধৰন সম্পাদক হিচাপে সহিদুল ইছলামক বাচনি কৰে। মুকলি সভাত উপস্থিত থাকি বলিষ্ঠ বক্ত্বৱ্য ৰাখে প্ৰাক্তন বিধায়ক মইনুদ্দিন আহমেদ,সংখ্যালঘু সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আওৱাল আৰু গমদেঅজাপৰ সভাপতি হাফিজুল আহমেদে। সভাত সভাপতিৰ আবেগিক ভাষনত সকলো মানুহে আবেগিক হৈ পৰে আৰু চকুলো টোকে। ৭ হেজাৰৰো অধিক মানুহ সমবেত হোৱা সভাই দেশী জনগোষ্ঠীৰ মানুহৰ জাগৰণ হোৱাৰ আগজাননী বুলি বহুতে মতপোষণ কৰিছে। ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানে দৰ্শক ৰাইজক মোহিত কৰে।প্ৰেৰক: দক্ষিণ কামৰূপ বকোৰপৰা ডেভিদ

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাই সাহিত্য সভাৰ সমাজ সাৰথি পদ্মকান্ত নাথৰ স্মৃতিচাৰণ সভা

হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতি সদ্য প্ৰয়াত পদ্মকান্ত নাথৰ স্মৃতিচাৰণ সভাখন আজি হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত আৰু আজমল ফাউণ্ডেচনৰ সহযোগত হোজাইৰ বৰপুখুৰীৰ নজিৰ আজমল মেমোৰিয়েল কলেজ অব এডুকেশ্বনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে প্ৰয়াত নাথৰ ফটোত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় । এই স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই অংশগ্ৰহণ কৰি প্ৰয়াত নাথৰ জীৱনৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে৷ লগতে “অসমীয়া ভাষা আৰু সমাজ” সন্দৰ্ভত ভাষণ প্ৰদান কৰি ‘কা’ আইনে অসমীয়া ভাষা আৰু সমাজৰ গাঁথনি পৰিৱৰ্তন কৰিব বুলি মন্তব্য কৰে।ৰাজনৈতিক মুনাফাৰ বাবে এই আইনে অসমীয়া ভাষা আৰু খিলঞ্জীয়া ভূমিপুত্ৰ সকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব বুলি তেওঁ কয় ৷

ইয়াৰ বাবে অসম চুক্তিত সন্নিবিষ্ট ৰক্ষাকবচ অৰ্থাৎ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিব লাগিব বুলি তেওঁ মত ব্যক্ত কৰে ৷ কোনো ৰাজনৈতিক দলে এই ক্ষেত্ৰত আগবাঢ়ি নহাত তেওঁ ক্ষোভ প্ৰকট কৰে । আজমল ফাউণ্ডেচনৰ সঞ্চালক ডঃ খচৰুল ইছলামে সভাত প্ৰয়াত নাথৰ কৰ্মস্পৃহা সম্পৰ্কে বক্তব্য প্ৰদান কৰি তেখেতৰ স্মৃতিচাৰণ কৰে আৰু প্ৰয়াত নাথৰ স্মৃতিত পাঁচ লাখ টকাৰ এক ন্যাস স্থাপন কৰি প্ৰতি বছৰে অসমীয়া ভাষা সাহিত্যত বিশেষ পাৰদৰ্শিতা দেখুৱা লোকক বঁটা প্ৰদান কৰা হব বুলি ঘোষণা কৰে ৷

লগতে এই ন্যাস ফাউণ্ডেচন আৰু জিলা সাহিত্য সভাই যৌথভাবে পৰিচালনা কৰিব বুলি মন্তব্য কৰে ৷ স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে হোজাই সাহিত্য সভাৰ সভাপতি ডঃ গুণেশ্বৰ শইকীয়াই ৷ হোজাই জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, পদ্মকান্ত নাথৰ পত্নী প্ৰণতি হাজৰিকা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গল্পকাৰ অভিজিত বৰা, গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, হোজাই শাখা সাহিত্য সভাৰ সভাপতি ডাঃ চামচুল হক, অসম সাহিত্য সভাৰ ধনভৰালী প্ৰেম নাৰায়ণ বৰা,  ৰহা শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিৰলা দেৱী আদিয়ে অংশগ্ৰহণ কৰা সভাখনত সম্পূৰ্ণ অনুষ্ঠান পৰিচালনা কৰে হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে সভাত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত হোজাই জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই  সম্পাদনা কৰা প্ৰয়াত নাথৰ  শ্ৰদ্ধাঞ্জলি গ্ৰন্থ “সমাজ সাৰথি” উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই । সভাৰ শেষত প্ৰয়াত নাথৰ পৰিয়ালবৰ্গক ৰাজহুৱাভাবে চিনাকি কৰাই দিয়া হয় ।

ইটাখোলাত পুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি

বিশ্বনাথ জিলাৰ ইটাখোলাত পুলৱামা শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ইটাখোলাৰ ব্যৱসয়ী প্ৰতিষ্ঠানৰ মাজমজিয়াত বিয়লি ৫ বজাত ৪০ গৰাকী বীৰ শ্বহীদৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনায় আৰু শ্বহীদ সকলক স্মৰণ কৰি মৌন প্ৰাৰ্থনা কৰা হয় ।

১৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে নিৰাপত্তাৰক্ষীৰ বাহনত ভাৰতৰ জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ লেথোপোৰাই (অবন্তীপাৰাৰ কাছাকাছি) জম্মু শ্রীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত নিৰাপত্তাৰক্ষীৰ বাহনত আত্মঘাতী আক্ৰমণৰ বলি হয় ৪০ গৰাকীকৈ আৰক্ষী বাহিনী। দেশ কপাই যোৱা এই আক্ৰমণৰ ফলত ৪০ জনকৈ কেন্দ্রীয় ৰিজাৰ্ভ পুলিচ বাহিনী (চি আৰ পিএফ) কর্মী আৰু আক্রমণকাৰীৰ মৃত্যু হৈছিল।

এই আক্ৰমণত পাকিস্তানৰ ইছলামপন্থী উগ্ৰপন্থী সংগঠন জইশ-ই-মুহাম্মদে স্বীকাৰ কৰিছিল । দেশৰ বিভিন্ন প্ৰান্তৰ যোৱানৰ অকাল মৃত্যু ঘটা এই আক্ৰমণৰ বাবে ভাৰতে পাকিস্তানকে দায়ী ঘোষণা কৰিছিল। কিন্তু পাকিস্তানে এই আক্ৰমণৰ নিন্দা কৰে আৰু আক্ৰমণকাৰীৰ লগত কোনো সম্পৰ্ক নথকাৰ কথা স্বীকাৰ কৰিছিল।

ইটাখোলাৰ উদ্যামী যুৱক শংকুমনি বৰপূজাৰীৰ নিজা প্ৰচেষ্টাত গ্ৰহণ কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটিত যুৱ ব্যৱসায়ী পৱন কুমাৰ, অজয় গুপ্তা, ছাত্ৰ নেতা পাপ্লু হুচেইনসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। 

ইউনিচেফৰ সহযোগত জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটত শিশুৰ পৰিপূৰক খাদ্য সম্পৰ্কীয় পৰ্যালোচনা সভা সম্পন্ন

ইউনিচেফৰ সহযোগত ৰাজ্যখনৰ ভিতৰতে প্ৰথম বাৰৰ বাবে যোৰহাট জিলাত আৰম্ভ কৰা ছমাহৰ পৰা 23 মাহৰ শিশু সকলৰ বয়স অনুুসৰি সৰ্বোত্তম পৰিপূৰক পুষ্টিকৰ খাদ্য আৰু খুওৱা পদ্ধতি সমূহৰ ওপৰত চলি থকা কাৰ্য্য সমূহৰ বিষয়ে প্ৰথম খন জিলা পৰ্যায়ৰ পৰ্যালোচনা সভা যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে জিলা উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত অনুস্থিত হয়৷ এই প্ৰকল্পৰ অধীনত যোৰহাট জিলাৰ 6 মাহৰ পৰা 23 মাহৰ সমূহ শিশুৰ মাতৃ বা পৰিয়ালৰ লোক সকলক বয়স অনুযায়ী পৰিপূৰক খাদ্য খুওৱাৰ আচৰণ সমূহৰ ওপৰত অংগনবাদী কৰ্মী সকলৰ দ্বাৰা গৃহ পৰিদৰ্শন , অংগনবাদী কেন্দ্ৰ সমূহত মাহিলী পৰিপূৰক পোষণ দিৱস উদযাপন আৰু স্বাস্থ্য বিভাগৰ যোগেদি ভি.এইচ.এচ.এন.দি আদি সজাগতা মূলক কাৰ্য প্ৰণালীৰ যোগেদি বিস্তৃত ভাৱে অৱগত কৰা হ’ব৷ইউনিচেফৰ সহযোগত,জিলা উপায়ুক্তৰ নেতৃত্বত আৰু জিলা সমাজ কল্যাণ বিষয়াৰ তত্বাবধানত আৰম্ভ কৰা এই অভিযানে যাতে এশ শতাংশই সফলতা লাভ কৰিব পাৰে তাৰবাবে চলি থকা কাৰ্যপ্ৰণালী সমূহৰ খতিয়ান লোৱাৰ লগতে পিছৰ পৰ্যায়ৰ বাবে পৰিকল্পনা যুগুত কৰা হয়৷এই সভাত উপস্থিত থাকে জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাতী, অতিৰিক্ত উপায়ুক্ত তপন গোঁহাই, ইউনিচেফৰ ৰাজ্যিক বিষয়া গীতাশ্ৰী ফুকন, স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডা° অমৃত শইকীয়া, জিলা সমাজ কল্যাণ বিষয়া ৰাজ কুমাৰ কেডিয়া,ইউনিচেফৰ মাণ্ডলীক বিষয়া দিনেশ কুমাৰ সিং আৰু জিলা বিষয়া মানসী তিৱাৰীৰ লগতে স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ কেইবাজনো বিষয়া আৰু প্ৰতিটো ব্লকৰ চুপাৰ ভাইজাৰ প্ৰতিনিধি সকল৷

সেনাক অৰ্জুন টেংক অৰ্পন কৰি প্ৰধানমন্ত্ৰী মোদী- ‘পুলৱামাৰ দুঃসহ স্মৃতি পাহৰি নাযাওঁ’

‘পুলৱামা কাণ্ডৰ দুঃসহ স্মৃতি ভাৰতবাসীয়ে কেতিয়াও মনৰ পৰা মচি পেলাব নোৱাৰে। এই ঘটনাই ভাৰতবাসীৰ সন্মুখত সন্ত্ৰাসবাদৰ ভয়ংকৰ ছবি এখন দাঙি ধৰিলে’। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

আজি চেন্নাইত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাৰতীয় সেনাৰ হাতত ১১৮ খন ঘৰুৱা ভাবে সাজি উলিওৱা অৰ্জুন টেংক অৰ্পন কৰি মোদীয়ে এনেদৰে কয় যে ‘চুবুৰীয়া ৰাষ্ট্ৰ পৰা ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি আহিব পৰা যিকোনো ভাবুকি প্ৰতিহত কৰিব পৰাকৈ ভাৰতৰ প্ৰতিৰক্ষা বাহিনীসমূহ সম্পূৰ্ণ সাজু।’

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত অচিৰেই আত্মনিৰ্ভৰশীল হৈ উঠিব বুলিও মোদীয়ে তেওঁৰ ভাষণত কয়। উল্লেখ্য ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ সংঘটিত কৰি  ৪৪  জনকৈ চিআৰপিএফৰ জোৱানক হত্যা কৰিছিল। পুলৱামা কাণ্ডৰ বৰ্ষপূৰ্তিৰ দিনাই মোদীয়ে ভাৰতীয় সেনাপৰ হাতত তুলি দিয়ে ১১৮ খন অৰ্জুন টেংক।

অৰ্জুন টেংক সাজি উলিওৱাৰ ক্ষেত্ৰত ভাৰত আন কোনো দেশৰ পৰা সহায় লোৱা নাই । উল্লেখ্য ভাৰতীয় সেনাৰ হাতত বৰ্তমান ১ হাজাৰ ১৯৩ খন টি-৯০ বা ভীষ্ম টেংক আছে।

একেদৰে ৮ হাজাৰ ৫২৫ কোটি টকাৰে ভাৰতে ২০০১ চনতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল ৬৫৭ খন টি-৯০ টেংক। ভাৰতে বৰ্তমান ৰাছিয়াৰ সহযোগত তামিলনাডুৰ অবডি নামৰ অঞ্চলত  ১০০০ খন টি-৯০ টেকং তৈয়াৰ আছে।

সেনা বাহিনীত অৰ্জুন টেংকৰ অন্তৰ্ভূক্তিয়ে বাহিনীটোক অধিক শক্তিশালী কৰি তুলিব বুলি ভবা হৈছে।

জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে অসমত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সঘনাই সোঁত ব’বলৈ আৰম্ভ কৰিছে । এইবাৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ অসমত উপস্থিত হৈছেহি।

কালি নিশাৰ ভাগত জাপানৰ ৰাষ্ট্ৰদূত চাতোশ্বি চুজুকিৰ সৈতে গুৱাহাটীত উপস্থিত হয়হি জয়শংকৰ। নিশাৰ ভাগত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত দুয়োকে আদৰণি জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

আজি পুৱাৰ ভাগত তেওঁলোক দুয়োৱে মা-কামাখ্যা দৰ্শন কৰি আশিস লয়। তেওঁলোক দুয়োগৰাকীক সংগ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে, মা কামাখ্যা দৰ্শন কৰি উঠি পোনে পোনে দুয়োগৰাকী উপস্থিত হয়গৈ খাৰঘুলিস্থিত জাইকা পানীযোগান প্ৰকল্পত। তিনিবছৰ ধৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা এই প্ৰকল্পৰ কাম-কাজ কিমান দূৰ আগবাঢ়িছে সেয়া পৰিদৰ্শন কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও গুৱাহাটী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যইয়ো তেওঁলোক দুয়োকে সংগ দিয়ে।

ইয়াৰ পাছতে তেওঁলোক দুয়ো ৰাওনা হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অভিমুখে। উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ঔদ্যোগিক খণ্ডৰ বিকাশ সন্দৰ্ভত কেইবালানি আলোচনাত মিলিত হ’ব।

তাৰ পাছতে জাপানৰ সৈতে কেনেধৰণৰ ঔদ্যোগিক চুক্তি স্বাক্ষৰিত হ’ব সেয়া নিশ্চয়কৈ গম পোৱা যাব। জানিব পৰা মতে, জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসমত জাপানে বিনিয়োগৰ বাবে আগ্ৰহী বুলি সদৰী কৰে।

হোজাই কৃষি বিভাগৰ সৌজন্যত কৃষি সামগ্ৰী বিক্ৰেতাৰ এদিনীয়া প্ৰশিক্ষন

হোজাই জিলাৰ অন্তৰ্গত ১০ টা কৃষি চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ মুঠ ১৩২ খন কৃষি সামগ্ৰী বিক্ৰেতা প্ৰতিষ্ঠানে পাইকাৰী আৰু খুচুৰা কেন্দ্ৰ হিচাপে কৃষক ৰাইজক সাৰ, বীজ, কীটনাশক দৰব ইত্যাদি সামগ্ৰী যোগান ধৰাৰ লগতে কৃষি উৎপাদনৰ ক্ষেত্ৰত বিশেষভাবে অৰিহনা যোগাই আহিছে ৷

আজি হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই এক বিবৃতি যোগে জনোৱা মতে, এই বিক্ৰেতাসকলক সময়ে সময়ে প্ৰশিক্ষন তথা সজাগতা সভাৰ দ্বাৰা তেখেতসকলৰ কৰ্মৰাজি উন্নত কৰিবৰ নিমিত্তে জিলা কৃষি বিভাগে কাৰ্য পন্তা হাতত লৈছে ৷

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখেও হোজাই জিলা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত জিলাখনৰ ১৩০ জনতকৈ অধিক কৃষি সামগ্ৰী বিক্ৰেতাৰ এক প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰি হোজাই জিলা কৃষি বিষয়াই সমূহ বিক্ৰেতা প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাক সততাৰে কৃষক ৰাইজক সেৱা আগবঢ়োৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷

‘ইফকো’ সাৰ কোম্পানীৰ বিষয়া প্ৰাৰ্থ প্ৰতীম শইকীয়াই মবাইল বা লেপটপৰ সহায়ত অনলাইন পদ্ধতিৰে সাৰ বিক্ৰী কৰাৰ কৌশল ও নিয়মবোৰৰ ওপৰত বিশদভাবে ব্যাখ্য আগবঢ়ায় ৷ হোজাইৰ সহকাৰী কৃষি পৰিদৰ্শক নাগাম থাওথাংয়ে বিক্ৰেতা সকলৰ লাইচেঞ্চ ইত্যাদিৰ ওপৰত আলোকপাত কৰে ৷ এই প্ৰশিক্ষনত উপস্থিত থাকি কৃষি উন্নয়ন বিষয়া সকল ক্ৰমে ঝুমুৰ গোস্বামী, মিৰজেং টেৰাং আদিয়ে বক্তব্য প্ৰদান কৰে ৷

টংলা কবি সন্মিলনৰ উদ্যোগত সমাজ, সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান

সমাজ, সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান টংলা কবি সন্মিলনৰ উদ্যোগত ৰবিবাৰে টংলা শতদল সাহিত্য সভা ভৱনত ‘বিষয় ফাগুন-কোৰোনা জীৱন প্ৰেম’ ইত্যাদি শীর্ষক কবিতা পাঠ, গীত মাত নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয়।

ৰাতিপুৱা ১০ বজাত মাজগাঁও ৰূপজ্যোতি নামতি দলৰ সমবেত গীতেৰে আৰম্ভ হোৱা আনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে কবি ফটিক নন্দনে। বন্তি প্ৰজ্জল কৰে টংলা শতদল সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসে। আদৰণী ভাষণ দিয়ে কবি ৰঞ্জি শইকীয়া ডেকাই। টংলা কবি সন্মিলনৰ সভাপতি খগেন্দ্ৰ নাথ বৰাই সঞ্চালন কৰা উক্ত অনুষ্ঠানত টংলা কবি সন্মিলনে বিশিষ্ট কবি ঘটেশ্বৰ বৰুৱাক “পান্থপাদপ” সন্মান প্ৰদান কৰাৰ লগতে গামোচা, মানপত্ৰ, ফুলাম জাপি প্ৰদান কৰা হয়।

বঁটা গ্ৰহন কৰি তেওঁ কয় যে, ‘বঁটা প্ৰাপ্তিয়ে মোক কাব্য সাহিত্য আৰু সমাজ নিৰ্মাণত অধিক দায়বদ্ধ কৰি তুলিছে’ । আনহাতে উক্ত অনুষ্ঠানতে উদিয়মান কবি নিৰুপমা ডেকাৰ কাব্য গ্ৰন্থ “জীৱন দাপোন” উন্মোচন কৰে ডঃ কৈলাশ চন্দ্ৰ চমুৱাই। বিশিষ্ট লেখক তাৰানাথ কলিতাৰ কাব্য গ্ৰন্থ “ফাগুন” উন্মোচন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ উপ সভাপতি আদিত চন্দ্ৰ কলিতাই।

অনুষ্ঠানটোত গীত পৰিবেশন কৰে লক্ষ্মী ৰাণী ডেকা, ঘটেশ্বৰ বৰুৱা জ্যোতিপ্ৰসাদ কলিতা, অঞ্জনা বৰ্মনে। কবিতা পাঠ কৰে ক্ৰমে প্ৰাৰ্থপ্ৰতিম পাঠক, নিৰূপমা ডেকা,ৰাজীৱ ৰাভা, শান্তিবালা দত্ত, হেমেন দাস, তাৰানাথ কলিতা, আদিত চন্দ্ৰ কলিতা, জয়ামণি ডেকা, ভদ্ৰেশ্বৰী দেৱী, পূৰ্ণিমা ভূঞা, বিদিশা শৰ্মা,কৃষ্ণকান্ত ডেকা, ধৰণীধৰ মেধিয়ে

লগতে সমাজ সেৱক বলিৰাম ডেকাই চমু ভাষণ ব্যক্ত কৰে । সদৌ শেষত জাতীয় সংগীতেৰে অনুষ্ঠান সামৰণি পৰে।

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ।

‘অভিনয় ডাঙৰ কথা নহয়,উজু কথা। কেৱল অনুসৰণ কৰিব পাৰিব লাগিব।’- এই মন্তব্য বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ ।

আজি নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট অভিনেতাজনে। ইপিনে মহাবিদ্যালয় কৰ্তৃপক্ষৰহৈ এই বঁটা প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে-যি কোনো বিষয়ত আগলৈ যোৱাৰ মানসিকতা থাকিব লাগে।আগলৈ যোৱাৰ মানসিকতা নাথাকিলে সফল হ’ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলক একবিংশ শতিকাৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে, ‘এতিয়া প্ৰতিযোগিতাৰ সময়। এতিয়া বিজ্ঞানৰ অগ্ৰগতিৰ সময়ত সকলোৱে আগুৱাই যোৱাৰ, প্ৰথম স্থান দখল কৰাৰ মানসিকতা গঢ় লৈছে। ছাত্র-ছাত্ৰী সকলে এই কথা অনুধাৱন কৰিব লাগিব।’

মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে অসমীয়া ভাষাক উজ্জীৱিত কৰা মহান ব্যক্তিৰ নামত বঁটা প্ৰদান কৰা কাৰ্যক প্ৰশংসা কৰে । সভাত আদৰণী ভাষন প্ৰদান কৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভাগৱতীয়ে। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা এই বঁটাত আছে গামোচা, চেলেং, শৰাই, মানপত্ৰ, কিতাপৰ টোপোলা, স্মাৰক আৰু ধন।

সভাত বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চেনীৰাম বৈদ্য, অধ্যাপক অৰিন্দম বৰকটকী,জিলা উপায়ুক্ত কবিথা পদ্মনাভন, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ উপস্থিত থাকে ।

ৰাজ্যত পুনৰ নতুনকৈ ১৫ জনকৈ ব্যক্তি ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৫ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ 

বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭২৯৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৭৪গৰাকী চিকিত্‍সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৪৫৮৫ গৰাকী ব্যক্তি। উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৮৭ গৰাকীলৈ  বৃদ্ধি পালে।