Home Blog Page 3132

থুকি তামোল আৰু গুচি পানেৰে বৰষাৰ ঘৰত টোপোলা পেলালে ভাস্কৰে

অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ বিয়ালৈ মাজত কেইটামান দিন।

আৰম্ভ হ’ল বিয়াৰ পৰম্পৰাগত নিয়ম ।

দেওবাৰে তামোল-পাণ পেলোৱা নিয়ম সম্পন্ন হ’য় উজানবজাৰস্থিত বৰষাৰাণীৰ ঘৰত ।

22 ফেব্ৰুৱাৰী ২০২১ত সম্পন্ন হ’ব বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিবাহ ।

নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত দুৰ্ঘটনা : নিহত স্কুটী আৰোহী

উদণ্ড ট্ৰাক চালকৰ অতপালিৰ বাবেই নগাঁৱৰ বিভিন্ন ঠাইত সঘনাই দুৰ্ঘটণা সংঘটিত হৈ আহিছে।তেনে এজন উদণ্ড ট্ৰাক চালকৰ চৰম মইমতালিৰ বাবেই আজি বিয়লি প্ৰায় ৪.৩০ বজাত নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত এক শোকাবহ দুৰ্ঘটনা।য’ত এজন স্কুটী আৰোহী থিতাতে নিহত হোৱাৰ উপৰিও এগৰাকী কণমানি ছোৱালী আহত হয়।

জানিব পৰা মতে, নগাঁও-ধিং গড়কাপ্টানি পথৰে মাটি কঢ়িওৱা এ এছ এন ২৯১৭ নম্বৰৰ  এখন ট্ৰাকে ন’এন্ট্ৰিকো উপেক্ষা কৰি যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ সন্মুখেদিয়েই হুজ গাঁও দিশৰ পৰা নগাঁও চহৰ অভিমুখে আহি আছিল।ট্ৰাক খন আহি নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰ পাওঁতেই একে সময়তে হুজ গাঁৱৰ পৰা নগাঁও চহৰলৈ বুলি গৈ থকা এ এছ ০২ জেদ ৫৯৪৬ নম্বৰৰ  এখন স্কুটীক খুন্দা মাৰে। ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতে  স্কুটী আৰোহী জনৰ মৃত্যু হয়।স্কুটী খনত দুই-তিনি বছৰীয়া এজনী কণমানি ছোৱালীও আছিল যদিও দৈব্যক্ৰমে তেওঁ ৰক্ষা পৰে ।

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনৰ নাম ৰাজীৱ বৰা (২৮)। তেওঁৰ ঘৰ চহৰ খনৰ পাৰ্শ্বৱৰ্তী হুজগাঁৱত। এগৰাকী ট্ৰেফিক কণিষ্টবলৰ স্বামী বৰাই বিয়া কৰোৱা মাত্ৰ দুমাহহে হৈছিল।আহত শিশুটি তেওঁৰ আত্মীয়।ইপিনে,দুৰ্ঘটণাটো সংঘটিত কৰিয়েই ট্ৰাক খন পলায়নৰ চেষ্টা কৰে যদিও পাছত স্থানীয় লোকে জব্দ কৰে।

স্মৰ্তব্য যে,দুৰ্ঘটণাটোত নিহত বৰাৰ ৰক্তাক্ত মৃতদেহটো উৰণীয়া সেতুৰ ওপৰত স্কুটী খনৰ কাষতে পৰি থকাৰ সময়ত কণমানি ছোৱালী জনীয়ে মৃতদেহটো লিৰিকি বিদাৰি ফেকুৰি-ফেকুৰি কান্দি আছিল যদিও বহু পৰলৈকে কোনো পথচাৰীয়ে সহায়ৰ বাবে আগবাঢ়ি যোৱা নাছিল। আনকি একাংশ হৃদয়হীন লোকে বাহন চলাই কাষদিয়েই পাৰ হৈ হে যায়। অৱশ্যে পাছত আন একাংশ হৃদয়বান শিশু টিৰ ওচৰলৈ আগবাঢ়ি যায়।

উৎপল গোঁহাইৰ আকস্মিক মৃত্যুত মৰ্মাহত মটক ৰাজবংশ : অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল

চাবুৱাৰ জেৰাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত মটক ৰাজবংশৰ অষ্টম বাৰ্ষিক অধিৱেশন আৰু বৰসবাহ অনুষ্ঠানৰ কালিৰ কাৰ্যসূচীৰ মাজতে এক অঘটন সংঘটিত হোৱাত  অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হয় । অধিৱেশনৰ এক সম্বৰ্দ্ধনা অনুষ্ঠানত সম্বৰ্ধনা লৈ মঞ্চৰ পৰা নমাৰ পিচতেই জেৰাই গাঁৱৰে সফল ব্যৱসায়ী উৎপল গোহাঁই (৫২)য়ে উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰাত তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । গোহাঁইৰ মৃত্যুত  মটক ৰাজবংশই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সভাথলীত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে আৰু অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা বুলি ঘোষণা কৰে । উল্লেখ্য যে উক্ত সম্বৰ্দ্ধনা কাৰ্যসূচীত মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা উৎপল গোহাঁইৰ লগতে চিকিৎসক ৰূপা গোহাঁই, অভিজিৎ গোহাঁই, কুমাৰিকা গোহাঁই আৰু ধৰিত্ৰী গোহাঁই, শিশু বিজ্ঞানী  বৰ্ণালী গোহাঁই আৰু অদ্ৰিজা গোহাঁই, যুৱ ব্যৱসায়ী হেমন্ত সিং, ভৰত গোহাঁই, গুলজ্যোতি গোহাঁই আৰু গুঞ্জন গোহাঁই, আন্ত:ৰাষ্ট্ৰীয় জুডো খেলুৱৈ পল্লৱজ্যোতি গোহাঁই আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ স্বত্ত্বাধিকাৰী শংকৰ গোহাঁইক ৰাজবংশৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় ।

শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সাংস্কৃতিক সমন্বয় বিশ্ব জাতীয়তাৰ প্ৰতিভূ : ড০ হেমচন্দ্ৰ গোস্বামী

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালনাত মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত আজি মাজুলীৰ নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত ৪৫ দিনীয়া অঙ্কীয়া নাট কৰ্মশালাৰ দীক্ষান্ত সমাৰোহ  আৰু ৰাম বিজয় নাট মঞ্চস্থ কৰা হয় ।

বিশিষ্ট সাংস্কৃতিক কৰ্মী, কবি-সংগঠক তথা সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই মূল নাট্যাভিনয়ৰ প্ৰাকমুহূৰ্তত আয়োজন কৰা নাট্যাভিনয়ত আঁতধৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে শ্ৰীশ্ৰীআধাৰ সত্ৰৰ সত্ৰাধিকাৰ  মহেশ গোস্বামীয়ে | তেখেতে এই অনুষ্ঠানত ভাষণ প্ৰসংগত কয় যে – সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ এই নাট্যাভিনয়ৰ দ্বাৰা জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় সাধন হ’ব আৰু জাতীয়তাবাদৰ বিকাশ ঘটিব |

ভাৰত চৰকাৰৰ সংগীত-নাটক অকাডেমি বঁটা প্ৰাপক বিশিষ্ট মুখাশিল্পী, ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট সন্মানেৰে বিভূষিত, নতুন চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰি কয় যে আজিৰ পৰা পাঁচশ সত্তৰ বছৰৰ আগতেই সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই এই অভিনয় শিল্প আমাক প্ৰদান কৰি অসমীয়া জাতিক বিশিষ্টতা প্ৰদান কৰি গ’ল | যত বৰ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় সাধন হৈছে | এইজনা মহাপ্ৰাণ মহাপুৰুষৰ সাংস্কৃতিক সমন্বয় বিশ্ব জাতীয়তাৰ প্ৰতিভূ | তেখেতে আৰু কয় যে আমাৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয়ৰ অন্যতম মাধ্যম হ’ল সাংস্কৃতিক আদান-প্ৰদান | এই ব্যৱস্থাই আমাৰ সংস্কৃতিৰ নজহা-নপমা ঐতিহ্য বহন কৰিব | এইজনা মহান শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে অসমৰ সকলো অঞ্চলৰে জাতি-জনগোষ্ঠীৰ মাজত মুখাশিল্পৰ প্ৰচাৰ-প্ৰসাৰ আৰু স্বাৱলম্বীতাৰ সুযোগ প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু প্ৰয়োজন সাপেক্ষে অঞ্চলসমূহলৈ গৈ কৰ্মশালা-প্ৰশিক্ষণ প্ৰদানৰো ইচ্ছা ব্যক্ত কৰে | দক্ষিণপাট গৃহাশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ তথা মঞ্চৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিৰ ভাষণ প্ৰসংগত কয় যে ৰাজ্যখনৰ সকলো অঞ্চলৰ বাবে সাংস্কৃতিক বিকাশৰ উমৈহতীয়া মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰা সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা এই বৰ্ণিল সংস্কৃতিত অনুষ্ঠান  আৰু গুৰুজনাৰ মহত্বম সৃষ্টিৰ প্ৰসাৰ-প্ৰচাৰ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে | এই অঞ্চলৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাৰে আজি এই অভিনয় শিল্পই সাকাৰ-সৌন্দৰ্য লাভ কৰিছে |  মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট প্ৰশিক্ষক গোলাপ বৰুৱা বৰবায়নে অঙ্কীয়া নাটৰ অভিনয় কলা আৰু আনুসাংগিক দিশসমূহৰ লগতে ইয়াৰ গূঢ়াৰ্থ বুজিব পৰা সাধাৰণ কৌশলসমূহৰ বিষয়ে আলোকপাত আগবঢ়ায় | নাট্যাভিনয় আৰম্ভ হোৱাৰ আগে আগে আয়োজন কৰা সাংস্কৃতিক সভাৰ এই কাৰ্য্যসূচীত বিশিষ্ট সমাজ-কৰ্মী, ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন শইকীয়াই অংশগ্ৰহণ কৰে আৰু কনকন শিশু সকলৰ দ্বাৰা আয়োজন কৰা ৰাম বিজয়’নাট মঞ্চায়নৰ ভূয়সী প্ৰশংসা কৰে | সভাখনত বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন কলিতা, বিশিষ্টা সাংস্কৃতিক-নাট্য কৰ্মী কৃষ্ণা মেধী,  শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা , ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ সভাপতি জগত ৰাজখোৱা প্ৰমুখ্যে ডেৰ শতাধিক লোক উপস্থিত থাকে |

সভাখনিৰ পিছতে গোলাপ বৰুৱা বৰ বায়নৰ পৰিচালনাত গায়ন-বায়ন পৰিবেশন কৰা হয় | ইয়াৰ পিছতে বিশিষ্ট সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়াৰ নেতৃত্ব আৰু পৰিচালনাত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাম বিজয়’নাটৰ শুভাৰম্ভ কৰা হয় | মালভোগ শইকীয়া আৰু গোলাপ বৰুৱা বৰবায়নে মূলসূত্ৰ ধৰা এই কাৰ্যসূচীত বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন কলিতা, যদু শইকীয়াই সহযোগীৰ ভূমিকা আৰু দিলীপ বৰাই বাঁহী সংগত কৰে | নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু , বোধিন পেগু, কৃষ্ণ পেগু, মনোজ পেগু, খগেন পেগু প্ৰমুখ্যে সচেতন সংস্কৃতি-প্ৰেমী লোকসকলৰ নেৰানেপেৰা প্ৰচেষ্টা আছিল অতি লক্ষণীয় | চেৰেপাই গাঁৱৰ কনকন শিশু সকলৰ লগতে স্থানীয় গাঁৱৰ কনকন শিশু সকলৰ দ্বাৰা ৰাম বিজয় অভিনয়ে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে | নিচেই কম বয়সতে অনায়াসে গুৰুজনাৰ অঙ্কীয়া নাটৰ অভিনয় কলা আয়ত্ব কৰি সফল মঞ্চায়ন কৰা ৰাম বিজয়’নাট উপভোগ কৰি সকলোৱে এই শিশুশিল্পীসকলক আশীৰ্বাদ প্ৰদান কৰে আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালনাত মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমক ভূয়সী প্ৰশংসা কৰে |

সংগীত শিল্পী মঞ্চ নগাঁৱৰ স্থায়ী গৃহৰ শুভ উদ্বোধন

নগঞা শিল্পী সকলৰ অন্যতম অগ্ৰণী অনুষ্ঠান সংগীত শিল্পী মঞ্চ,নগাঁৱৰ স্থায়ী গৃহৰ আজি শুভ উদ্বোধন হয়।নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা সংগীত শিল্পী মঞ্চৰ প্ৰাক্তন সম্পাদক ৰূপক শৰ্মাই স্থায়ী গৃহৰ শুভ উদ্বোধন কৰাৰ পিচতেই নগঞা শিল্পী তথা সংগীত অনুৰাগী সকলৰ এখন সভা অনুষ্ঠিত হয়।সংগীত শিল্পী মঞ্চৰ শিল্পী সকলে পৰিবেশন কৰা সমবেত সংগীতৰে আৰম্ভ হোৱা সভাখনৰ সামগ্ৰীক ভাবে আঁঁত ধৰে আলিবাট প্ৰকাশনৰ স্বতাধিকাৰ প্ৰাঞ্জল কুমাৰ মহন্তই।সভাখনত সভাপতিত্ব কৰে সংগীত শিল্পী মঞ্চৰ সভাপতি পংকজ বেজবৰুৱাই।সভাৰ উদ্দেশ্য বাখ্যা কৰে সংগীত শিল্পী মঞ্চৰ সম্পাদক ৰঞ্জিত বৰাই।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰে কয় যে- স্থায়ী গৃহৰে জাতিস্কাৰহৈ পৰা সংগীত শিল্পী মঞ্চ,নগাঁৱৰ দৰে অনুষ্ঠান বিৰল।সম্ভবতঃ এনে প্ৰকল্প অসমত এইয়ে প্ৰথম।সংগীত শিল্পী মঞ্চই ডাঙৰ আদৰ্শ দাঙি ধৰিছে।আজি অনুভৱ হৈছে ইয়াত আমাৰো যেন এখন ঘৰ হ’ল।সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে-‘শিল্পী সকল পেচাগত ভাৱে ধনী নহয়।সংগীত শিল্পী মঞ্চ,নগাঁৱৰ শিল্পী সকলে প্ৰথমে এটকা-দুটকাকৈ গোটাই,কাঠ-বাঁহ আনি এটা সৰু ঘৰ নিৰ্মাণ কৰিছিল।২০০০ চনতে স্থাপন হোৱা এই অনুষ্ঠানটোৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত সপোন বাস্তৱায়িত হ’ল।বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ সকলো শিল্পীক একেখন মঞ্চত থাকিবলৈ অনুৰোধ জনাই কয় যে-‘নগাঁৱৰ সমূহ শিল্পীৰ এইখন আচুতীয়া মঞ্চ হব লাগিব।আমি পুৰণা,জ্যেষ্ঠ শিল্পী সন্মান দিব লাগিব আৰু নতুন শিল্পী সকল আদৰিব লাগিব।সংগীত শিল্পী মঞ্চত আমি শিল্পী সকলৰ গৌৰৱ,আবেগ আৰু আনন্দ সংপৃক্ত হৈ আছে।’ তিনিকুৰি শিল্পীয়ে অংশগ্ৰহণ কৰা সংগীত শিল্পী মঞ্চৰ অনুষ্ঠানটোত বিশিষ্ট শিল্পী শান্তা উজীৰ,কুইন দাস,সন্ধ্যা মেননৰ লগতে জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতী,বিশিষ্ট সমাজসেৱী ৰঞ্জিত তামুলী ফুকন,দেৱেন্দ্ৰ সিং চেহমী,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ উপস্থিত থাকে।সংগীত শিল্পী মঞ্চৰ তৰফৰ পৰা এই বিশিষ্ট ব্যক্তি সকলক গামোচা চেলেং জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ লগতে নগাঁৱৰ বহু কেইজন শিল্পী,সাংবাদিক,ক্ৰীড়াবিদকো সংগীত শিল্পী মঞ্চৰ উদ্যোক্তা সকলে সম্বৰ্ধনা জনাই ।সেই সকলৰ ভিতৰত সংগীত শিল্পী দীগেন মহন্ত, সূৰ্য ৰাজা,তাৰিনী শৰ্মা,মোহিনী দাস,চিত্ৰদেৱ মহন্ত,জীয়েন্স বৰদলৈ,স্বৰাজ নাথ,আৰিফুল হক,অঞ্জলী কটকী,বিশিষ্ট সমাজসেৱীকা নিৰু দেৱী,ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ শৰ্মিলা বৰা,নগাঁও প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদক ক্ৰমে কনক হাজৰিকা আৰু চন্দনজ্যোতি বৰা।অনুষ্ঠানতে অঞ্জলী কটকীয়ে ভাই ভাই বোলছবিত কণ্ঠদান কৰা এটা গীত পুনৰ নতুন ৰূপত সজাই  উন্মোচন কৰা হয়।বিশিষ্ট শিল্পী কৃষ্ণ মণি নাথে অনুষ্ঠানতে শিল্পী সকলৰ উদ্দেশ্য কৰি লিখা ‘মই শিল্পই কৈছো’ শীৰ্ষক এটি কবিতা বন্ধাই উন্মোচন কৰা হয় ।

পুৱাই গুৱাহাটীৰ চেন্ট্ৰেল মলত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডত লাখ লাখ মূল্যৰ সম্পত্তি ভস্মীভূত হৈছে। এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।জুই অট্টালিকাটোৰ প্ৰথম মহলাৰ পৰা আৰম্ভ হোৱা বুলি সন্দেহ কৰা হৈছে। মহানগৰীৰ গুৱাহাটী-শ্বিলং ৰোড GS ৰোড স্থিত চেন্ট্ৰেল মলত সংঘটিত হয় এই অগ্নিকাণ্ড। পুৱাৰ সময়ত দোকানৰ কৰ্মীয়ে দোকান খোলাৰ বাবে যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে ধোৱা।লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনীয়েও ততপৰতাৰে জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলাই যাতে মলখনৰ অন্য দোকান সমূহলৈ জুই বিয়পি নপৰে।বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন আমছুৰ হোজাই জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশন

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) ৰ হোজাই জিলা সমিতিৰ উদ্যোগত নৱম দ্বিবাৰ্ষিক অধিবেশন ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখে হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত  বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ  জৰিয়তে অনুষ্ঠিত কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল | জানিব পৰা মতে হোজাই জিলা উপায়ুক্ত সাদনেক সিং ৰ অনুমতি লৈ হোজাই জিলা আমছু সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশন ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখ ধাৰ্য কৰিছিল যদিওঁ আকস্মিক বাবে জিলা উপায়ুক্তই ৫ ফেব্ৰুৱাৰী তাৰিখে ৰাতি প্ৰায় ১১/১২ মান বজাত মেচেজ যোগে অধিবেশনখন নাকচ কৰা হৈছে বুলি জানিবলৈ দিয়ে | হোজাই জিলা আমছুৰ নৱম দ্বিবাৰ্ষিক অধিবেশন নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰিব নোৱাৰাত নীলবাগান সপ্তাহিক বজাৰৰ কাষত ব্যক্তিগত খণ্ডৰ ভূমিত অতি সুন্দৰ বাবে নৱম দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাৰ আয়োজন কৰি শক্তিশালী এখন হোজাই জিলা আমছু সমিতি গঠন কৰে | জানিব পৰা মতে, নৱ গঠিত হোজাই জিলা আমছু সমিতিৰ মুখ্য উপদেষ্টা ফাহিম ইকবাল মজুমদাৰ, সভাপতি কবিৰ আহমেদ লস্কৰ,  কাৰ্য্যকৰী সভাপতি মামুন ৰশিদ, সাধাৰণ সম্পাদকদ্বয় লুতফুৰ ৰহমানক আৰু ৰাজীৱ লস্কৰ লৈ ৭১ জনীয়া এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয় | এই সভাত প্ৰায় দুই শতাধিক আমছু কৰ্মকৰ্তায় অংশগ্ৰহণ কৰিছিল। ইয়াত কেন্দ্ৰীয় সমিতিৰ হৈ উপস্থিত আছিল মনৱাৰ হুছেইন আৰু গিয়াছ উদ্দিন তাফাদাৰ।

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা

আজি দিনযোৰা কাৰ্যসূচীৰে লংকা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লংকা হাইস্কুলৰ প্ৰেক্ষাগৃহতে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিবেশন আৰু মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহাম্মদ বৰভূঞা ডাঙৰীয়াই আৰু অনুষ্ঠানৰ আঁত ধৰে জিলা সাধাৰণ সম্পাদক শ্ৰী প্ৰণৱ চৌধুৰী দেৱে।মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ  সভাপতি  শ্ৰীযুত প্ৰদীপ দত্ত দেৱ, সম্পাদক প্ৰধান শ্ৰীযুত  মৃণাল দাস দেৱ, উপ-সভাপতি জামাল আহমেদ ডাঙৰীয়া আৰু বহু কেইগৰাকী অতিথিবৃন্দ।সভাত কৰ্মচাৰী সকলৰ সমস্যা সম্পৰ্কে বিতংকৈ আলোকপাত কৰা হয় আৰু বহু কেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক সম্পাদক প্ৰধানে বিশেষকৈ কৰ্মচাৰী সকলৰ বিনামূলীয়া চিকিৎসা সেৱা,এন.পি.এচ. ৰ সলনি পুৰণি পেঞ্চন আচঁনি,টে’ট শিক্ষকৰ সমস্যা,মৰগীয়া বানচ আৰু বহু কেইটা মৌলিক সমস্যাৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়।সন্ধিয়া ৬ বজাত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ মাননীয় সভাপতি ফাইজ মহাম্মদ বৰভূঞা ডাঙৰীয়াৰ বহুমূলীয়া ভাষণ আৰু শলাগৰ শৰাইৰে সভাৰ সফল পৰিসমাপ্তি ঘটে।

কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনখনি এইবেলি ২০ আৰু ২১ ফেব্ৰুৱাৰী দুদিনীয়া বৰ্নাধ্য কাৰ্যক্ৰমণিকাৰে ওদালগুৰি জিলাৰ টংলাত অনুষ্টিত হব। যাৰ বাবে এটিয়া  প্ৰস্তুতি তুংগত উঠিছে। উক্ত অনুস্থানত  ৩৩ খন জিলাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনী। দেওবাৰে কোচ ৰাজবংসী সন্মিলনীৰ ৩০ তম্ অধিবেশনৰ প্ৰতিনিধি সভাৰ লাইখুটা স্থাপন কৰে ৩৩নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ীকা কমলী ৰানী বসুমতাৰীয়ে। উক্ত অনুস্থানত ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনীৰ মূখ্য উপদেষ্টা নিলধৰ ডেকা, সভাপতি শিৱৰাম ডেকা, সম্পাদক হেমেশ্বৰ ডেকা ,উপদেষ্টা ললিত চন্দ্ৰ ডেকা, সদৌ কোচ ৰাজবংশী চাত্ৰ সন্থাৰ ওদালগুৰি জিলা পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচ সম্পাদক মকুণ্ড ডেকাকে প্ৰমুখ্য কৰি বিষয় ববিয়া সকল উপস্থিত থাকে।পানেৰী, কলাইগাওঁ, ওদালগুৰিত আৰু মাজবাটত বিধান সভা নিৰ্বাচন বি জে পি দলীয় প্ৰাৰ্থীত্ব স্থানীয় প্ৰাৰ্থী অগ্ৰাধিকাৰ দিয়াৰ দাবী। 

মুকালমুৱাত হজ ভৱনৰ আধাৰশিলা স্থাপন : একেখন সভাত ৮০ টা পৰিয়ালক ভূমি পত্তা বিতৰণ

বৰক্ষেত্ৰীৰ হজযাত্ৰী সকলৰ বাবে এটা সুখবৰ।আজি মুকালমুৱাৰ নিকটৱৰ্তী নাৰায়ণপুৰ গাৱত হজযাত্ৰীৰ বাবে সকলো সা-সুবিধা থকা এটা অত্যাধুনিক হজ ভৱনৰ আধাৰশিলা স্হাপন কৰা হয়।বৰক্ষেত্ৰী অঞ্চলৰ প্ৰায় তিনি শতাধিক হাজী আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত হজ ভৱনৰ আধাৰশিলা স্হাপন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। বিশিষ্ট শিক্ষাবিদ, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ মোবাৰক হুছেইনৰ সভাপতিত্বত এই উদ্দেশ্যে আয়োজন কৰা সভাত বিধায়ক ডেকাই ভাষণত কয় যে ৰাজ্যৰ ৰাজহ বিভাগে আবন্টন দিয়া আঢ়ৈ কঠা মাটিত হজ ভৱন নিৰ্মাণৰ বাবে ইতিমধ্যে ২০ লাখ টকাৰ অনুমোদন দিয়া হৈছে।সভাত বিধায়ক ডেকাই ধৰ্ম অথবা জাতপাতৰ বাবে নহয় কেৱল মাত্ৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতহে ৰাজনীতি কৰিছে বুলি উল্লেখ কৰে।অহা দুবছৰৰ পিছত পাছত বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বাহিৰে কোনো এটা কেঁচা ৰাস্তাই নাথাকিব।সকলো পথেই পকীকৰণ কৰা হব।একেখন সভাতেই বিধায়ক ডেকাই  বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ দহ গৰাকী গাওবুঢ়াক নলবাৰী জিলা প্ৰশাসনে বিগত গণৰাজ্য দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ মানপত্ৰ প্ৰদান কৰাৰ লগতে নাৰায়ণপুৰ আৰু লাউঠাৰী গাঁৱৰ ৮০ টা দৰিদ্ৰ,ভূমিহীন পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে।মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ট্ৰিবেণী গগৈয়ো উপস্থিত থাকে।