নগাঁও,১৯ নৱেম্বৰ : বি টি চি ৰ নিৰ্বাচনক লৈ তুংগত উঠিছে ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ। বিশেষকৈ সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ সময়তেই বি টি চিৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি অধিক গৰম হৈ পৰা পৰিলক্ষিত হৈছে । শাসকীয় দল বিজেপিৰ প্রভাবশালী আৰু বাকপটু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বি টি চিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বি পি এফ দলৰ প্ৰধান হাগ্ৰাম মহিলাৰীৰ লগতে বি পি এফ দলক আক্ৰমণৰ লক্ষ্য কৰি লয়। মন্ত্ৰী ডঃ শৰ্মাই বি টি চি প্ৰধান হাগ্ৰাম মহিলাৰীৰ ভেটি কঁপাই আগন্তুক নিৰ্বাচনত বি টি চিত বিজেপিয়ে অকলেই চৰকাৰ গঠন কৰিব বুলিও হুংকাৰ দিয়ে। ইপিনে হাগ্রামা মহিলাৰীয়েও নিৰ্বাচনী সভাসমূহত তীক্ষ্ণ বাক্য বানেৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি নিৰ্বাচনী প্ৰচাৰ আকৰ্ষনীয় কৰি তুলিছে । বিজেপি আৰু বি পি এফৰ নেতাৰ এনে বাকযুদ্ধৰ মাজতে আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘জল জীৱন মিছন’ নামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে । চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে বি টি চি নিৰ্বাচনক লৈ সাংবাদিকৰ আগত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে। বি টি চি নিৰ্বাচনক লৈ সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দৈমাৰীয়ে মাথো কয় : বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই চৰকাৰ গঠন হব আৰু তাত কোনো সন্দেহ নাই ।
বুঢ়াশেনচোৱাৰ পৰা আমগুৰি ৰংদৈ নতুন কঢ়ালগাওঁ, কাঠনিআটী, ডেকাশেনচোৱা সংযোগী পকী পথত কালভাৰ্ট নিৰ্মাণত বেমেজালি
উজনি-মাজুলী, ১৯ নৱেম্বৰঃ মাজুলীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদিচ্ছাৰ বাবে মাজুলীৰ এটা পিছ পৰা অঞ্চলৰ ৰাইজে পকী পথ লাভ কৰি সন্তোষ লাভ কৰিছিল ৷ অসম চৰকাৰে দিয়া এই উপহাৰৰ বাবে চৰকাৰক জনসাধাৰণে অভিনন্দন ও ধন্যবাদ জনাইছিল । স্বাধীনতাৰ সত্তৰ বছৰৰ পিছত অৱশেষত বুঢ়াশেনচোৱাৰ পৰা আমগুৰি ৰংদৈ গাঁৱৰ মাজেদি নতুন কঢ়ালগাওঁ, কাঠনিআটী, ডেকাশেনচোৱা সংযোগী পথটো পকীকৰনৰ কাম সুকলমে চলি থকাৰ মাজতে টুনি নদীৰ পাৰত নিৰ্মাণ হব লগা এটা কালভাৰ্ট নিৰ্মাণত স্থানীয় শিক্ষক এজনে নিজৰ স্বাৰ্থৰ বাবে কালৰ্ভাট নিৰ্মাণত বাধা প্ৰদান কৰি অহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ এই বিষয় সম্পৰ্কে জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আন একাংশ স্থানীয় সচেতন লোকৰ । যিহেতু এই কালভাৰ্টটো নিৰ্মাণ নহলে বাৰিষাৰ সময়ত কোনো ফালৰপৰা পানীৰ হেঁচা বৃদ্ধি হলে পথটো ছিঙি যোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি এই প্ৰতিবেদকক বিভিন্নজনে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, এই পথেৰে পূৱ মাজুলী মহাবিদ্যালয়, মেৰাগড় না: দে: উ:মা: বিদ্যালয়, চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উ:মা: বিদ্যালয়, কেশৱৰাম বৰা হাইস্কুল, শেনছোৱা হাইস্কুল, মাজুলী মহাবিদ্যালয়কে ধৰি বহুসংখ্যক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু পূৱ মাজুলী অঞ্চলৰ পৰা সদৰমুখী বহু চৰকাৰী কৰ্মচাৰীৰ লগতে যথেষ্ট সংখ্যক বেচৰকাৰী লোকৰ যাতায়তৰ সুবিধাজনক পথ । সেয়েহে এই গাঁও সমূহৰ ৰাইজৰ অনতিপলমে কালভাৰ্টটো নিৰ্মাণ কৰিবৰ বাবে জিলা উপায়ুক্তৰ হস্তক্ষেপেৰে বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে ৷ এজন লোকৰ স্বাৰ্থপৰতা মানসিকতাক স্থানীয় লোকে তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে স্থানীয় গাঁওবাসী , অঞ্চলৰ ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৷
উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জনজাতি ছাত্ৰ সন্মিলন সম্পন্ন
উজনি মাজুলী, ১৯ নৱেম্বৰঃ বিশ্বৰ অন্যতম অৰাজনৈতিক ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ,মাজুলী জিলা সমিতিৰ উদ্যোগত বুধবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখনি জিলা জনজাতি ছাত্ৰ সন্মিলন অনুষ্ঠিত হয় । বৰ্তমান সময়ত অসমৰ জনজাতীয় ছাত্ৰ-ছাত্ৰী সকল সকলো দিশৰ পৰাই পিছ পৰি ৰোৱা পৰিলক্ষিত হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰঃ হিতৰ বাবে কাম কৰি অহা বৃহৎ ছাত্ৰ সংগঠনটোৱে এলানি দীঘলীয়া কাৰ্যসূচীৰে মাজুলীৰ গণ্যমান্য ব্যক্তি সকলৰ উপস্থিতিৰে সন্মিলনখনি অনুষ্ঠিত কৰে। মাজুলী জিলাৰ ৬ টা শাখাৰ সকলো কাৰ্য্যকৰ্তাৰ লগতে পৰিষদৰ শুভাকাংক্ষী সকলে ব্যৱস্থাপনাৰ দায়িত্ব লোৱা কার্যসূচীটিৰ আদৰণি ভাষণেৰে আঁত ধৰে বিদ্যাৰ্থী পৰিষদৰ একালৰ সক্ৰিয় কাৰ্য্যকৰ্তা অনন্যা বৰুৱাই। পুৱা ৬ বজাত নতুন বজাৰৰ বিশিষ্ট সমাজ সেৱক কপিল কুমাৰ বৰাই আঁত ধৰা স্বচ্ছতা অভিযানৰ দ্বাৰা আৰম্ভ হোৱা সভাখনিত উপস্থিত থাকে বিদ্যাৰ্থী পৰিষদৰ উত্তৰ পূৱৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক নীৰৱ ঘিলানী ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মাজুলী জিলাৰ সভাপতি তথা মাজুলীৰ অন্যতম শিক্ষানুষ্ঠান ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গাম ,অ’.এন.জি. চি. অসম সম্পদৰ অধ্যক্ষ ও কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ ৰাষ্ট্ৰীয় সভাপতি পোনাৰাম মিলি , টি.এম.পি.কে. মাজুলী জিলাৰ সভাপতি ৰাজু চিন্তে ,উজনি মাজুলী খেৰকটিয়া মহাবিদ্যালয়ৰ অধ্যক্ষা কুসুম দত্ত , মাজুলী বিদ্যাৰ্থী পৰিষদৰ ফুলনি শাখাৰ উপ:সভানেত্রী পাৰুল বৰা মিলি , অধিবক্তা তথা ৰঙাচাহী শাখাৰ সভাপতি মনোজ্যোতি মিলি। ভাষণ সম্পৰ্কত সাংগঠনিক সম্পাদক গৰাকীয়ে বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকলাপৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ জৰিয়তে কেনেদৰে দেশ মাতৃৰ হিতৰ বাবে সেৱা আগবঢ়াব পাৰি লগতে জনজাতি ছাত্ৰ-ছাত্ৰী সকলৰ উত্তৰণৰ দিশত ভাষণ প্ৰদান কৰে। উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়। তাৰ পিছতে কৃষ্টি-সংস্কৃতিৰ ভঁৰাল মাজুলীৰ উদীয়মান কলা-কুশলী সকলে মিছিং,দেউৰী,সোনোৱাল কছাৰী,নেপালী বিভিন্ন জনজাতীয় নৃত্য পৰিবেশন কৰে। দিনজোৰা কাৰ্য্যসূচীৰ অন্তত মাজুলীৰ সকলো কাৰ্য্যকৰ্তাই পৰিষদৰ বিভিন্ন শ্লো-গানেৰে সভাগৃহ উলাহ-উদ্দীপনাময় পৰিবেশৰ সৃষ্টি কৰে। বৰ্ণাঢ্য কাৰ্য্যসূচীটিৰ শেষত মাজুলী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্পৰ্ক প্ৰমুখ ভাৰ্গব প্ৰতীম বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত “বন্দে মাতৰম”গীত পৰিবেশন কৰি সভাৰ সফল সমাপ্তি কৰে।
১, ২ আৰু ৩ জানুৱাৰীত সদৌ অসম অ’বিচি সন্মিলনৰ উনবিংশতিতম ত্ৰিবাৰ্ষিক অধিবেশন
উত্তৰ গুৱাহাটী, ২০ নবেম্বৰ : সদৌ অসম অন্যান্য পিছপৰা শ্ৰেনী সন্মিলনৰ উনবিংশতিতম ত্ৰি-বাৰ্ষিক অধিবেশন খনি অহা ১, ২ আৰু ৩ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে । যোৰহাটৰ তিতাবৰ উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ চৌহদত অনুষ্ঠিত হবলগীয়া অধিবেশনত ১ জানুৱাৰীত বিয়লী ২ বজাত প্ৰতিনিধি শিবিৰ মুকলি আৰু প্ৰতিনিধিৰ পঞ্জীয়ন সন্ধিয়া ৬ বজাত প্ৰতিনিধিৰ লগত অন্তৰঙ্গ অনুষ্ঠান, ২ জানুৱাৰী পুৱা ৮ বজাত পতাকা উত্তোলন, ৮.৩০ বজাত বৰেণ্য ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি, ৯.৩০ বজাত ৰাজ্যিক পৰিষদৰ প্ৰথম অধিবেশন বিয়লি ২ বজাত ৰাজ্যিক পৰিষদৰ দ্বিতীয় অধিবেশন আৰু বিষয় বাছনি সভা আৰু ৩ জানুৱাৰী ১০ বজাত সন্মিলনৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে ত্ৰি- বাৰ্ষিক অধিবেশন সাফল্যমণ্ডিত কৰিবলৈ হেমেন শইকীয়াক সভাপতি আৰু অৰূপ কুমাৰ সন্দিকৈ প্ৰধান সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । সদৌ অসম অন্যান্য পিছপৰা শ্ৰেনী সন্মিলনৰ উনবিংশতিতম ত্ৰি-বাৰ্ষিক অধিবেশন ৰাজ্যৰ প্ৰতিতো প্ৰান্তৰ অন্যান্য পিছপৰা শ্ৰেনীৰ লোক সকলৰ উপস্থিতি তথা সহায় সহযোগিতা সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সভাপতি অমৰ গগৈ সম্পাদক বসন্ত কুমাৰ আৰু ৰাজ্যিক সন্মিলনৰ আহ্বায়ক কৌশিক দাসে এক প্ৰেছ বিজ্ঞতিযোগে জনাইছে ।
মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সফলতা
উজনি মাজুলী ,২০ নৱেম্বৰঃ ২০১৯ বৰ্ষৰ “মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা” ত মাজুলী জিলাৰ মাজুলী শিক্ষাখণ্ডৰ অন্তৰ্গত বালিচাপৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সাত গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিদ্যালয়ৰ গৌৰৱ অক্ষুন্ন ৰাখিছে। যুৱলেখক তথা শিক্ষক জিতুল বৰা প্ৰধান শিক্ষক হিচাপে কৰ্মৰত অৱস্থাত থাকোতে বৃত্তি পৰীক্ষাত প্ৰস্তুতি চলাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকল হৈছে- নয়নজ্যোতি কলিতা, বিক্ৰম শইকীয়া , অঞ্জন শইকীয়া, মৃনাল হাজৰিকা, পুতলি শইকীয়া, তন্ময় কল্যাণ বৰুৱা আৰু দৰ্শনা মুদৈ। বিদ্যালয় খনৰ ছাত্র-ছাত্রী সকলৰ এনে সফলতাত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। বিদ্যালয়খনৰ এই সফলতাত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ হাজৰিকাই অভিনন্দন জনাইছে । উল্লেখযোগ্য যে, বিদ্যালয়খনৰ তদানীন্তন প্ৰধান শিক্ষক জিতুল বৰা আৰু সহঃশিক্ষক – যুগবিকাশ পেগু, জোণমনী দেৱী ভাগৱতী, ৰনোজ নৰহৰ অশেষ কষ্টৰ ফলত এই সাফল্য লাভ কৰিছে । বিদ্যালয়খনৰ এই সফলতাত ২০১৯ আৰু ২০২০ বৰ্ষৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিদ্বয় ক্ৰমে বুধিন শইকীয়া আৰু ৰানু দাস , উপ সভাপতি বাবুল ভৰালী, বিদ্যালয়ৰ ৰান্ধনী কৰ্মীদ্বয় ক্ৰমে মৃনালী হাজৰিকা আৰু নিজু শইকীয়াই অভিনন্দন জনাইছে। ভৱিষ্যতেও বিদ্যালয় খনে সফলতাৰ এই ধাৰা অব্যাহত ৰাখিব বুলি স্থানীয় ৰাইজে আশা কৰিছে। নামনি মাজুলীৰ আগশাৰীৰ প্ৰাথমিক বিদ্যালয় হিচাপে পৰিণত হোৱা ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয় খনে পূৰ্বতে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱ কাৰ্যসূচীত দুবাৰকৈ ‘ এ’ প্লাছ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল। বিদ্যালয়খন এই শৈক্ষিক ধাৰা ভবিষ্যতেও অক্ষুন্ন থাকিব বুলি অঞ্চলবাসীয়ে আশাঁ ৰাখিছে ।
পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰতিবছৰেই বিশ্বই দিয়ক ৭ দিন লকডাউন : যাদৱ পায়েং
জামুগুৰিহাট,২০ নৱেম্বৰ : পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে সমগ্ৰ বিশ্বক বছৰত ৭ দিন লকডাউন দিবলৈ অনুৰোধ জনাই অৰণ্য মানৱ যাদৱ পায়েঙে ৷ আজি জামুগুৰিহাটৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠণ কোঁছগাঁৱৰ জাগৰণ য়ুথ ক্লাৱৰ সৌজন্যত গান্ধীপথাৰত অনুষ্ঠিত এক বৃক্ষৰোপন কাৰ্যসুচীত অংশগ্ৰহণ কৰি এইদৰেই পদ্মশ্ৰী যাদৱ পায়েঙে অনুৰোধ জনাই সমগ্ৰ বিশ্বক ৷ অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে কয় যে চৰকাৰে বৃক্ষৰোপনৰ নামত যেতিয়াই তেতিয়াই বন মহোৎসৱ পাতি চৰকাৰী ধন অপচয় কৰাৰ বিপৰীতে বিদ্যালয়সমুহতহে ছাত্ৰ ছাত্ৰীক গছ জীয়াই ৰাখিবৰ কাৰণে শিক্ষা দিব লাগে ৷ প্ৰসংগক্ৰমে যাদৱ পায়েঙে উল্লেখ কৰে যে বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীক পাঠদানৰ লগতে একো একোজোপা গছপুলি ৰোপন কৰিবলৈ দিব লাগে আৰু গছপুলিসমুহ জীয়াই ৰখাৰ বাবেও ছাত্ৰ ছাত্ৰীক জ্ঞান দিব লাগে কাৰণ সেই গছপুলিসমুহেই ভৱিষ্যতৰ দিনত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত গুৰুত্ব প্ৰদান কৰিব আৰু নতুন প্ৰজন্মৰ বাবে সেই সমুহ গছ আশীৰ্বাদ স্বৰূপ হৈ উঠিব ৷ ইয়াৰোপৰি পূৰ্ৱৰ চৰকাৰৰ তুলনাত বৰ্তমান চৰকাৰখনৰ কাৰ্যকালত কাজিৰঙাত গড় হত্যাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পোৱা সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত যাদৱ পায়েঙে কয় যে এই চৰকাৰৰ দিনত গড় হত্যা বহুত কমি গ’ল ৷ ইয়াৰ মূলতেই হ’ল চৰকাৰে কাজিৰঙাৰ আশেপাশে থকা মেধাৱী শিক্ষিত যুৱক যুৱতীক বনবিভাগত নিযুক্তি প্ৰদান কৰিছে ৷ শোণিতপুৰ জিলাখনৰো শিক্ষিত যুৱক যুৱতীক চৰকাৰে বনবিভাগত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিলে শোণিতপুৰৰ গাঁতে লাগি থকা কাজিৰঙাৰ ষষ্ঠ সংযোজনটোৰ ভিতৰৰ গড়, হাতী, চৰাই চিৰিকতি আদিবোৰ বহুখিনি সুৰক্ষিত হৈ পৰিব বুলিও উল্লেখ কৰে যাদৱ পায়েঙে ৷ জামুগুৰিহাটত জাগৰণ য়ুথ ক্লাৱে বিগত সময়খিনিত বৃক্ষৰোপন কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ দিশত লোৱা পদক্ষেপ সমুহৰো শলাগ লয় যাদৱ পায়েঙে ৷ সমাজকৰ্মী শৈলেন বৰকটকীয়ে আঁত ধৰা সভাখনত যাদৱ পায়েঙৰ উপস্থিতিয়ে জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক অনাগত দিনত কাম কৰি যোৱাৰ দিশটোত যথেষ্ট প্ৰেৰণা দিয়াৰ লগতে যথেষ্ট উৎসাহিত কৰি তুলিছে বুলিও উল্লেখ কৰে ক্লাৱৰ সদস্য অভিজিত বৰকটকীয়ে৷উল্লেখ্য যে জাগৰণ য়ুথ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত বৃক্ষৰোপন কাৰ্যসুচীত গান্ধীপথাৰৰ চাৰিসীমাৰ কাষত বৃক্ষৰোপনো কৰে যাদৱ পায়েঙে ৷
আকাশবাণী নগাঁও কেন্দ্ৰত জ্ঞানমালিনী উন্মোচন
নগাঁও,২০নবেম্বৰ : অনন্তবন শিশু সাহিত্য বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মনোৰমা ভূঞাৰ আঠাইশতম গ্ৰন্থ জ্ঞানমালিনী আজি আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰাংগণত উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই । আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰব্বী পল্লৱী কলিতা, জ্যেষ্ঠ ঘোষক চিদানন্দ দেৱ গোস্বামী, প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথ, ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপ্তি দেৱী শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়া গগৈ, সাহিত্যিক দূৰ্গেশ্বৰ বৰকটকী, নগাঁও জিলা কবি সন্মালনৰ উপদেষ্টা পুতুলী মুদৈ, নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, পদ্ম পাতৰ, প্ৰসেণজিত ৰয়, শংকৰ দাস, প্ৰদীপ বৰা, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, নাচিৰ উদ্দিন আহমেদ, নাট্যকাৰ দীপক নাথ, হাচিনা মমতাজ, কৃষ্ণ দৈমাৰী, যুৱ সাহিত্যিক ৰূপম নাথ প্ৰমূখ্যে ব্যক্তিসকলৰ উপস্থিতিত অনুস্থিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে মদাৰজ্যোতিয়ে । উল্লেখ্য , জ্ঞানমালিনীৰ উন্মোচনী কাৰ্যসূচী অহা পঁচিশ নৱেম্বৰৰ পুৱা ৯.১৫ বজাত আকাশবাণী নগাঁও কেন্দ্ৰযোগে সম্প্ৰচাৰ হ’ব ।
বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা আছেনে ? কি কলে হিমন্ত বিশ্ব শৰ্মাই
২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা কৰি অসমৰ শাসন ভাৰ দখল কৰিবলৈ সক্ষম হোৱা বিজেপি দলে এইবাৰ সংগ এৰিছে মিত্ৰ দলটোৰ।
১৯ নৱেম্বৰ, বৃহস্পতিবাৰে মহানগৰীৰ হোটেল ‘ৰেডিচন ব্লু’ট এখন সংবাদমেলৰ জড়িতে বিপিএফৰ সৈতে ২০২১ চনত মিত্ৰতা নহয় বুলি ঘোষণা কৰে । এই সংবাদমেলতেই বিটিচি নিৰ্বাচনতো হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফৰ বিৰুদ্ধে তীব্ৰভাৱে যুঁজ দিয়াৰ কথা সদৰি কৰে ।
মন্ত্ৰীগৰাকীয়ে কয় যে,
”ভাৰতীয় জনতা পাৰ্টিৰ সৈতে বিপিএফ দলৰ ৫ বছৰৰ বাবে মিত্ৰতা আছিল। ৫ বছৰ শেষ হোৱাৰ পিছত এই মিত্ৰতা ৰিনিউ নহয়। অৰ্থাৎ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিটিচিত নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ মাজতে ই মিত্ৰতা ভংগ বুজাইছে নে কি বুজাইছে দেৱালৰ লিখনি বিপিএফে পঢ়িব লাগিব। দিল্লীত এই বিষয়ে আলোচনা নহয়। বিটিচি নিৰ্বাচনত কেৱল বিপিএফৰ সৈতেহে যুঁজ হ’ব। বিজেপিয়ে ৰাজনৈতিক ক্ষেত্ৰত ইউপিপিএলক ৰাজনৈতিক দল বুলি ধৰাই নাই। বিটিচিত চৰকাৰ কৰাৰ বাবে বিজেপিয়ে য’ত য’ত প্ৰতিদ্বন্দ্বিতা কৰিছে আমাৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা বিপিএফৰ লগত। আমাৰ কোনো আসনতে ইউপিপিএলৰ সৈতে প্ৰতিদ্বন্দ্বিতা নাই।”
গৃহ কন্দলত জৰ্জৰিত কংগ্ৰেছ, বিপাঙত দলীয় কৰ্মী
বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে নিৰ্বাচনী তৎপৰতা।
কিন্তু এনে সময়তে কংগ্ৰেছ দল ব্যস্ত হৈ আছে গৃহ কন্দলত । এইবাৰ ঢকুৱাখনাৰ ঘিলামৰাত কংগ্ৰেছৰ মাজতে সৃষ্টি হৈছে সংঘাতৰ ।
ঢকুৱাখনাৰ বিধায়ক ভৰত নৰহৰ দম্পতীয়ে এতিয়া আৰক্ষীৰ হতুৱাই নিজৰ দলৰ একাংশ সদস্যক অপদস্থ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে । ঘিলামৰাত হোৱা ৰাণী নৰহৰ এখন সভাত গুণ্ডা-বাহিনী লগাই নেতা কৰ্মী সকলক খেদাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে । দলটোৰ নেতাসকলৰ কৰ্ম কাণ্ডই বৰ্তমান বিপাঙত পেলাইছে দলীয় কৰ্মীসকলক । দলীয় কৰ্মীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
মুখ্যমন্ত্ৰী টুইটাৰ চলাব এগৰাকী বিশেষ যুৱতীয়ে
আজি ২০ নৱেম্বৰ শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট চলাব এগৰাকী ১৮ বছৰীয়া বিশেষ যুৱতীয়ে। পুৱা ৯ বজাৰ পৰা দিনৰ ১১ বজালৈ মুখ্যমন্ত্ৰী টুইটাৰ চলাব এই বিশেষ যুৱতীগৰাকীয়ে । এই সময়চোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ এখন ৰাজ্যিক নিৰ্বাচনী বৈঠকত ব্যস্ত থাকিব ।
এটা বেলাৰ বাবে মুখ্যমন্ত্ৰীৰ টুইটাৰৰ দ্বায়িত্ব পোৱা যুৱতী গৰাকী ডিব্ৰুগড় জিলাৰ নামৰূপ চাহ বাগিছাৰ বন্দনা ওৰাঙ। আজি বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি যুৱতী গৰাকীক মুখ্যমন্ত্ৰীৰ টুইটাৰ হেণ্ডেল কৰাৰ দ্বায়িত্ব দিয়া হৈছে ।

বন্দনাই বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ উৎকৰ্ষ সাধন আৰু দক্ষতা বিকাশৰ বাবে কাম কৰিব। ইয়াৰ লগতে #Reimagining Education in Assamত কৰ’ণা মহামাৰীৰ পিছৰ অভিজ্ঞতা সন্দৰ্ভতো নিজৰ মন্তব্য আগবঢ়াব।










