৭২ত্ম গণৰাজ্য দিৱস । প্ৰচণ্ড শীতৰ মাজতো পুৱাৰে পৰা দেশ তথা ৰাজ্যৰ লগতে নাজিৰা সদৰতো শান্তিপূৰ্ণ ভাৱে পতাকা উত্তোলনৰ বাবে সকলো যাৱতীয় কাম-কাজ সমাপন হয় । উল্লেখ্য যে নাজিৰাত জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি লখিমী দত্ত মহোদয়াই গান্ধী ময়দান সমীপৰ নগৰৰ খেলপথাৰত পুৱাই পতাকা উত্তোলন কৰি দেশবাসীক উদ্দ্যেশি গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে ৭২ত্ম গণৰাজ্য দিৱস উপলক্ষে সমষ্টিৰ প্ৰতিগৰাকী নাগৰিককে ধৰি বীৰ শ্বহীদ, সময়িক বাহিনীৰ লোক সকললৈ চৰকাৰী বিষয়াগৰাকীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপনেৰে এই বিশেষ দিনটোত আমি সকলোৱে মিলি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লওঁ আহক আৰু দেশক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰোঁ বুলি ভাষণ ৰাখে । পেৰেড্ গ্ৰাউণ্ডত সমাবেত ৰাইজৰ বিপৰীতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন চি চিকে আদি কৰি আৰক্ষী প্ৰশাসনে ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰা কুচকাৱাজৰ মহকুমাধিপতি গৰাকীয়ে অভিবাদন গ্ৰহণ কৰে ।
১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান ভাৰতত
দেশত বৰ্তমানলৈ ১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৩৩ হাজাৰতকৈয়ো অধিক লোকক এই প্ৰতিষেধক প্ৰদান কৰা হয়।
বটদ্ৰৱা থানত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ কাৰ্য্যসূচী উন্মোচন
শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰাজি, কলা, সাহিত্য, দৰ্শন বিশ্বব্যাপি প্ৰচাৰ প্ৰসাৰৰ লক্ষ্যৰে অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু থান খনিৰ চৌপাশে অৱস্থিত সত্ৰ সমূহত অনুষ্ঠিত হ’ব “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”নামৰ এক বিশাল সাংস্কৃতিক কাৰ্যক্ৰমণিকা। মাধৱ সংস্কৃতিক ন্যাসৰ উদ্যোগত, শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হবলগিয়া “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ সাংস্কৃতিক কাৰ্যসূচী খন আজি বটদ্ৰৱা থানৰ আই খেৰসূঁতী সাংস্কৃতিক মঞ্চত সংবাদমেলে জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাৰ্যসূচী অনুসৰি অহা ২৯ জানুৱাৰীত আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গৱেষক পণ্ডিতৰ উপস্থিতিত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হব। ৩০ আৰু ৩১ জানুৱাৰীত বটদ্ৰৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া সাত খন ঐতিহ্যমণ্ডিত সত্ৰত দেশ, ৰাজ্যৰ বহুকেইজন পণ্ডিত, শিল্পী অভিনেতা, অভিনেত্ৰীৰ ওপৰিও বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী সহ প্ৰায় লক্ষাধিক লোকৰ সমাৱেশেৰে আলোচনাচক্ৰ, ভাওনা, বৰগীত, দিহানাম, সত্রীয়া নৃত্য, কবি সন্মিলন, প্ৰদৰ্শনী, চিত্ৰকলা, দিহানাম আদি বিভিন্ন সাংস্কৃতিক উপাদানৰ সমাহাৰ ঘটিব। আজিৰ সংবাদমেলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সমন্বয়ক ব্ৰজেন কাকতি, সাধাৰণ সম্পাদক ৰাজীৱ দও, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাকে প্ৰমুখ্য কৰি উদযাপন সমিতি বিষয়ববীয়া সকলৰ লগতে বটদ্ৰৱা অঞ্চলৰ আইমাতৄ সকল উপস্থিত থাকে।
গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও স্থিত চি আৰ পি এফৰ ১২৯ নম্বৰ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক আজি বিনামূলীয়া বীজ বিতৰন কৰা হয় ৷ চি আৰ পি এফৰ জন হিতাৰ্থ আচনীৰ (চিভিক এক্সন প্ৰগ্ৰাম) ২০২০-২০২১ অধিনৰ গোসাইগাঁও মহকুমাৰ বিভিন্নজনৰ গাঁৱৰ কৃষক সকলক বিভিন্ন প্ৰজাতিৰ বীজ প্ৰদান কৰা হয় ৷ মহকুমাখনৰ হাকমা, সত্যপুৰ, পদ্মপুখুৰী আৰু সাহাজুৰি গাঁৱৰ মুঠ ৫০ গৰাকী কৃষকক ধান,ভেন্ডী, আদি ১০ প্ৰজাতিৰ বীজ প্ৰদান কৰা হয় ৷ চি আৰ পি এফৰ ১২৯ নং বাহিনীৰ কমান্ডাৰ গুলাব সিঙে কৃষকক বীজ সমুহ প্ৰদান কৰি কয় যে ভাৰতবৰ্ষ হল কৃষি প্ৰধান দেশ ৷ ভাৰতৰ ৭০-৮০ শতাংশ নাগৰিক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে ৷ কৃষক সকলে উৎপাদন কৰা খাদ্য সামগ্ৰি দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কমান্ডৰ জনে প্ৰকাশ কৰে ৷ কাৰ্যসুচীত উপ কমান্ডাৰ শিব কুমাৰ ঝা,ৰজনিশ কুমাৰ পাঠক,সহ কমান্ডাৰ সঞ্জীৱ যাদব,বিনয় পাল,ইন্সপেক্টৰ ৰাধা বল্লব দাস সহ কেবাগৰাকী বিষয়া তথা জোৱান সকল উপস্থিত থাকে ৷
দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম
মুকালমুৱাত আজি এ আই ইউ ডি এফৰ এখন কৰ্মী সভাত বিস্ফোৰক মন্তব্য কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। শিক্ষা ও বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ধিংৰ বিধায়ক আমিনুল ইছলামে কয় দিছ্পুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয়, নহয় তেওঁক শহৰেকৰ ঘৰৰ পৰা দিয়া যৌতুক যে আজমল বাহিনীক দিছপুৰৰ পৰা খেদিব ।
উল্লেখযোগ্য যে, যোৱা কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠিত হোৱা অমিত শ্বাহৰ বিজয় সংকল্প সভা খনত আজমল বাহিনীক বিধান সভা/দিছপুৰ পৰা ১০০ কিঃমিঃ দূৰত সোমাব দিয়া নহব বুলি মন্তব্য কৰাৰ পাছত সমগ্ৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আজি মুকালমুৱাত এখন দলীয় সভাত উপস্থিত হৈ সাংবাদিকৰ আগত এনে বিস্ফোৰক মন্তব্যৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি পুনৰ কয় যে, বিজেপিয়ে বহু হেজাৰ কোটি টকা ধাৰত পোত খুৱাই, ৰাজ্যত অপশাশন কৰি,চৰম দুৰ্নীতি কৰি, ৰাজ্য বাসীৰ আগত এতিয়া নিৰ্বাচনৰ পূৰ্বে মুখ দেখুৱাব নোৱাৰি সাম্প্ৰদায়িক মন্তব্য কৰা বুলি তেওঁ কয়।লগতে তেওঁ কয় যে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি এতিয়া কংগ্ৰেছ ই এ আই ইউ ডি এফৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰিছে।আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে সঠিক উত্তৰ দিব বিজেপিক।এনেদৰে বিজেপিক চোকা সমালোচনা কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে।কংগ্ৰেছ এ আই ইউ দি এফ মিত্ৰতা কৰি সত্তৰ খনৰো অধিক আসন তেওঁলোকে পাব বুলিও কয় এইবাৰ বিধান সভা নিৰ্বাচনত। আজিৰ এই সভাখনত উপস্থিত থাকে নাওবৈচাৰ বিধায়ক মামুদ ইমদাদুল হক,এ আই ইউ ডি এফৰ মুখপত্ৰ তথা সাধাৰণ সম্পাদক চম্পক শৰ্মাকে ধৰি কেইবাজনো দলৰ বিষয়ৱবীয়া।
নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি নগাঁৱতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে জিলা উপায়ুক্ত কাৰ্য্যালয় চৌহদত জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ সভাপতিত্ব অনুষ্ঠিত সভাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে অনুষ্ঠিত কৰা কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় । আনহাতে ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰা এটি সজাগতামূলক গীত মুকলি কৰে পেৰাচাইকেলিষ্ট ৰাকেশ বনিকে। ইয়াৰ উপৰি ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে এক চাইকেল ৰেলীৰো আয়োজন কৰে । উক্ত চাইকেল ৰেলীত পেৰাচাইকেলিষ্ট ৰাকেশ বনিকৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, নিৰ্বাচনী বিষয়া ৰাজ বৰুৱা প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত
উত্তৰ-পূব ভাৰতৰ বৃহত্তৰ সামাজিক-সাংস্কৃতিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য পদবীত পুনৰ অধিষ্ঠিত হৈছে কমলাকান্ত গগৈ। বৰ্তমানেও শংকৰ দেৱ সংঘৰ পদাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গগৈয়ে আজি নগাঁওস্থিত সংঘৰ মুখ্য কাৰ্যালয়ত হোৱা ভোট গণনাত ১ হাজাৰৰো অধিক ভোটত জয়ী হয় ।
উল্লেখযোগ্য যে এইবাৰ পদাধিকাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত গোলাঘাট জিলা শাখাৰ পবিত্ৰ প্ৰাণ বৰা আৰু মৰিগাঁও জিলা শাখাৰ ডাঃ পুনিৰাম পাটৰো অৱতীৰ্ণ গৈছিল যদিও বৃহত্তৰ সংগঠনটোৰ অধিকাংশ সদস্যই পুনৰ ডিব্ৰুগড় জিলা শাখাৰ কমলাকান্ত গগৈকে সভাপতি হিচাপে নিৰ্বাচন কৰে।
শংকৰী কলা-সংস্কৃতিৰ সাধক কমলাকান্ত গগৈয়ে বিগত বহুবছৰ ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে একনিষ্ঠভাৱে সেৱা আগবঢ়াই আহিছে। আজি নগাঁও চহৰত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত কমলাকান্ত গগৈক নতুন পদাধিকাৰ হিচাপে ঘোষণা কৰে সংগঠনটোৰ প্ৰধান সম্পাদক বাবুল বৰাই। আনহাতে, এই সংবাদমেলতে বাবুল বৰাই বিগত ১ বছৰে কোৰোণাৰ বাবে স্থবিৰ হৈ পৰা সংগঠনটোৰ কাম-কাজ পুনৰ গতিশীল কৰা হ’ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক
অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাওতাল জনগোষ্ঠী। এই জনগােষ্ঠীটোক শীঘ্ৰেইঅর্থাৎ নির্বাচনৰ পূর্বেই চৰকাৰে জনগােষ্ঠীয় মর্যাদা নিদিলে বিজেপিক বর্জন কৰা হ’ব বুলি কাজিৰঙাত সদৌ চাওতাল ছাত্র সন্থাৰ কেন্দ্রীয়সমিতিয়ে এক সংবাদমেল যােগে জানিবলৈ দিয়ে ৷ বিধানসভা নির্বাচনৰ পূর্বে চৰকাৰে চাওতালকজনজাতিকৰণ ঘােষণা নকৰিলে তীব্র প্রত্যাহ্বানৰ সম্মুখীন হ’ব। সদৌ চাওতাল ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি অনিল মুৰ্মু, সহকাৰী সাধাৰণ সম্পাদক বিমল চৰেণ, লক্ষ্মীনাথ হেমৰম, শিক্ষা সম্পাদক কেৱল হাচদা, প্রচাৰ সম্পাদক ৰাজেশ হাচদা আৰু উপদেষ্টা চাইমন কিস্কুৰ উপস্থিতিত সভাপতি মিন্টু হেমৰমে কাজিৰঙাৰ কঁহৰা বনুৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা সংবাদ মেলত জানিবলৈ দিয়া মতে শীঘ্ৰে চাওতালী ভাষা সংৰক্ষণ কৰাৰ লগতে শিক্ষক নিযুক্তি দি প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে চাওতালী ভাষা প্রচলন কৰিবলৈ চৰকাৰক দাবী জনায়। ৰাজ্যখনৰ কেৱল বড়ােলেণ্ড এলেকাত চাওতালী ভাষা প্রচলন কৰাৰ কথা প্ৰকাশ কৰিছে যদিও ৰাজ্য চৰকাৰে সমগ্ৰ অসমৰ বিদ্যালয়ত এক জৰীপ চলাই চাওতালী ছাত্র-ছাত্রী থকা বিদ্যালয়বােৰত চাওতালী ভাষা প্রচলনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। সভাপতি হেমৰমে আৰু জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বহু বছৰৰ পৰা বসবাস কৰি থকা আদিবাসী লােকসকলক উচ্ছেদৰ কার্যকোনাে কাৰণতে গ্রহণযােগ্য নহয়। এই সিদ্ধান্ত যদি অসম চৰকাৰে বাতিল নকৰে, তেন্তে সমগ্র অসম জুৰি তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তােলা হব বুলি চৰকাৰক সকীয়নি দিয়ে। ইফালে উক্তসংবাদমেলত অসমীয়াৰ অস্তিত্ব বিনষ্ট কৰা নাগৰিকত্ব সংশােধনী আইন আৰু ই আই এ বাতিলৰ দাবীও উত্থাপন কৰে। অন্যহাতে মিকিৰবামুণি গ্রান্টৰ প্রায় তিনিশ বিঘা মাটি বহিৰাগত বণিয়া গােষ্ঠীক চৰকাৰে দিয়াৰ যি প্রস্তুতি চলাই আছে তাক কোনােপধ্যে মানি লোৱা নহব বুলি কয়। উল্লেখ্য যে, সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা কাজিৰঙাৰ কৰা প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় আৰু তাত চৰকাৰে যদি শীঘ্ৰে চাওতাল লােকক জনগােষ্ঠীয় মর্যাদা নিদিয়ে, তেন্তে২৭ জানুৱাৰীৰ পৰা ১০ ফেব্রুৱাৰীলৈকে একআন্দোলনৰ কার্যসূচী হাতত লােৱাৰ সিদ্ধান্তৰ কথা সভাপতি মিন্টু হেমৰমে জানিবলৈ দিয়ে।
পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)
শতবৰ্ষ গৰকী যোৱা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰৰ মাঘী পূৰ্ণীমা তিথি (সভা) নলবাৰী জিলাৰ পূব নলবাৰীৰ জাজিয়াবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘি পূৰ্ণীমা তিথি (সভা) উৎসৱ ভাগি অহা ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি হাতত লোৱা হৈছে। ২৮ জানুৱাৰীৰ পুৱা ৬ বজাত প্ৰাতঃ প্ৰসঙ্গৰে কাৰ্যসূচী আৰম্ভ কৰা হ’ব। ইয়াৰ পিছত পৰ্ষ্যায়ক্ৰমে ধৰ্মধ্বজা উত্তোলন, ছহিদ তৰ্পন, গছপুলি ৰোপন, মুখ্যদ্বাৰ উন্মোচন, ভোজনালয়ৰ দ্বাৰ উন্মোচন, মুখ্য বন্তি প্ৰজ্বালন, আতচবাজি প্ৰজ্বালন, পূৰ্ব পুৰুষ আৰু ভূমিদাতাৰ স্মৃতিত বন্তি প্ৰজ্বালনৰ লগত সংগতি ৰাখি সন্ধিয়া ৬-৩০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু নিশা ৮ বজাত ৰৌমাৰী গোপাল সেৱক ঢুলীয়া দলৰ ঢুলীয়া প্ৰদৰ্শনেৰে দিনটোৰ কাৰ্যসূচী সমাপন কৰা হ’ব। ২৯ জানুৱাৰীত পুৱা ৮ বজাত চিত্ৰাংঙ্কন প্ৰতিযোগিতা, ১১ বজাত আয়তীৰ সমূহীয়া নাম-কীৰ্ত্তন, সন্ধিয়া ৬ বজাত জ্যেষ্ঠ সকলৰ সম্বৰ্ধনা অনুষ্ঠান, ৭ বজাত ৰামচৰণ ভড়ালী, কুমাৰীকাটা আৰু দীপাংকৰ দাস, আমৰাৰ নাগাৰা নাম পৰিবেশন। ৩০ জানুৱাৰীৰ ২ বজাত কিশোৰ বেজবৰুৱা জাগাৰাৰ ওজাপালি প্ৰদৰ্শন, সন্ধিয়া ৬ বজাত শকুন্তলা নাট্য গোষ্ঠী, বৰবৰীৰ নাট প্ৰদৰ্শন। সভাখন সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অজিত দাসক সভাপতি, ললিত দাসক উপ সভাপতি, বানেশ্বৰ দাসক সম্পাদক, সতীশ দাসক সহঃ সম্পাদক আৰু ক্ষিতীশ দাসক বিত্ত সম্পাদক হিচাপে এখন শক্তিশালী কমিটি গঠন কৰা হৈছে। সভাৰ হিচাপ-নিকাচ ২০ ফেব্ৰুৱাৰীত বিয়লী ৩ বজাত নামঘৰ প্ৰাঙ্গনত দাখিল কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিছে।
BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি
কোকৰাঝাৰত কালিৰে পৰা অনুষ্ঠিত হৈছে বিটিআৰ চুক্তিৰ এবছৰ সম্পূৰ্ণ হোৱাৰ বাবে বিজয় উৎসৱ। সেই উদ্দেশ্য কালিৰ দিনটোত কোকৰাঝাৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা অসমৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহন কৰিছল বিশাল জনসভাত ।
সেই সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১ ফেব্ৰুৱাৰীৰ পৰা বিটিআৰত মাটিৰ কিনা-বেচাৰ অনুমতি প্ৰদান কৰা হ’ব। নিজ জিলাতেই পাব মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি ।
লগতে এই সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা-বেচাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। BTRৰ ৰাস্তা-পথৰ বাবে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা। ওদালগুৰিত স্থাপন কৰা হ’ব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ। লগতে বাক্সা আৰু চিৰাং জিলাক হ’ব নতুন মডেল কলেজ।চৰকাৰে বিটিআৰৰ চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰিব বুলিও মন্তব্য কৰে ।










