Home Blog Page 3145

ভকত শিৰোমণি শ্ৰীশ্ৰী হৰেকৃষ্ণ মহন্তলৈ সমাজ প্ৰভাকৰ উত্তৰ পুৰুষ বঁ‌টা

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ৯ নৱেম্বৰঃ জীৱনৰ অপৰাহ্ণ পৰত মই আজি পোৱা এই বিশেষ সন্মানে মোক অভিভূত কৰি তুলিলে; নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে সত্ৰ প্ৰতিষ্ঠা কৰি সমাজ সংস্কাৰৰ নিমিত্তে জীৱনটো উছৰ্গা কৰি আজি মই বহু সন্মান পালোঁ‌;এই অভাজনক মৰম-চেনেহৰ ওপচাই দিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ আদৰ্শক আখৰে আখৰে পালন কৰি আমি প্ৰতিষ্ঠা কৰা সত্ৰই যেন এক স্বীকৃতি পালে।’–ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বাপ আতাই প্ৰয়াত অনিল বৰঠাকুৰ সমাজ প্ৰভাকৰ উত্তৰ পুৰুষ বঁ‌টা-২০২০ গ্ৰহণ কৰি এইদৰে কয়। উল্লেখ্য যে যোৱা ৮ নৱেম্বৰ তাৰিখ দেওবাৰে ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰত “উত্তৰ পুৰুষৰ মঞ্চ” অসমৰ উদ্যোগত এই বঁ‌টা প্ৰদান কৰা হয়।

৩৩ খনকৈ সত্ৰ স্থাপন কৰা ৯৭ বছৰীয়া শ্ৰদ্ধাৰ সত্ৰাধিকাৰ মহন্তদেৱক এই বঁ‌টাত ফুলাম গামোচা, এখন চেলেং চাদৰ, এটি বকুল গছৰ পুলি, নগদ দহ হেজাৰ টকা, এখন সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক, এটি মঞ্চৰ পৰা প্ৰকাশিত কিতাপৰ টোপোলা,স্মৃতিগ্ৰন্থ উত্তৰ পুৰুষ,এটি শৰাই,ফুলাম জাপি,মঞ্চৰ অংগ বস্ত্ৰ,পান তামোল  আদি আগবঢ়োৱা হয়। ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই গছপুলি  ৰোপণেৰে আৰম্ভ কৰা কাৰ্য্যসূচীত বিশিষ্ট সাহিত্যিক,প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ,সাংস্কৃতিক কৰ্মী লেখক গোপাল জালানেও গছপুলি ৰুই সেউজী ধৰণী ধুনীয়া কৰিবলৈ সংকল্পবদ্ধ  হয়। সংকল্প পাঠ কৰাই মঞ্চৰ কাৰ্য্যকৰী সভাপতি ৰীনা বুঢ়াগোঁ‌হাই বৰুৱাই।”আমাক হেজাৰখন হাত লাগে,যাৰ মন এটাই” শীৰ্ষক আপ্তবাক্যৰে জনমানসত অনেক দৃষ্টান্তমূলক কামৰ বৰঙনি আগবঢ়োৱা উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক তথা বিশিষ্ট নিবন্ধকাৰ কবি দিবাকৰ ৰেণুৱে মংগলাচৰণ ধ্বনি কৰা অনুষ্ঠানটোত প্ৰয়াত অনিল বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,পুষ্প মাল্যাৰ্পণ কৰে তেখেতৰ সহধৰ্মিনী দীপামণি বৰঠাকুৰে।

উত্তৰ পুৰুষৰ মঞ্চৰ যুটীয়া সাধাৰণ গৌতম হালৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা,আন এগৰাকী সাধাৰণ সম্পাদক স্পন্দন পলাশে গুৰু বন্দনা কৰা অনুষ্ঠানটোত ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া কয়-‘ সঁ‌চাকৈয়ে আজিৰ অনুষ্ঠানটোৰ মহত্ত্বই বেলেগ,এটা বৰ সুন্দৰ অনুষ্ঠানৰ ভাগ্যক্ৰমে আজি সাক্ষী হৈ ৰ’লোঁ‌; এনে  পূৰোধা ব্যক্তি সঁ‌চাকৈয়ে সন্মান পোৱাৰ যোগ্য।বাপ হৰেকৃষ্ণ মহন্ত আতাইয়ো  যথেষ্ট কষ্ট, ত্যাগ স্বীকাৰ কৰিলৈ সমাজ সংস্কাৰৰ কৰিলে। মঞ্চৰ অন্যতম সদস্য নব ডেকাই বৰগীত পৰিৱেশন কৰা অনুষ্ঠানটোত নিৰঞ্জন বড়ো, জ্যোতিপ্ৰসাদ বৰুৱা, উমেশ চন্দ্ৰ ৰাভা, অনিৰূদ্ধ ভৰালী, উদয় চন্দ্ৰ বৰুৱা,গুৰু প্ৰসাদ বায়ন,দ্বীপেন ডেকা, ধীৰেন মহলীয়া, দীপক ডেকা, গণেশ ডেকা, মুকেশ  ডেকাকে ধৰি আন বহু জনকো মঞ্চৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় সোণসেৰীয়া অনুষ্ঠানটোত। উত্তৰ পুৰুষৰ মঞ্চৰ শীৰ্ষক সংগীতেৰে সকলো সদস্যই পৰিৱেশন কৰা অনুষ্ঠানটোত এক মিনিট সময় অতিমাৰী ক’ৰোনাত এই ধৰা ধামৰ পৰা বিদায় লোৱা লোক সকলৰ স্মৃতিত বিদেহ আত্মাক সুঁ‌ৱৰি মৌনতা অৱলম্বন কৰা হয়। উত্তৰ পুৰুষৰ মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভানেত্ৰী ড°অনিমা বৰা, ববিতা বৈশ্য লহকৰ,ডা°বিজুজ জাহান চালেহা বেগম উপস্থিত থকা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই বিশিষ্টা লেখিকা তথা মঞ্চৰ কাৰ্য্যকৰী সভাপতি ৰীনা বুঢ়াগোঁ‌হাই বৰুৱাই।মঞ্চৰ জন্মদাতা তথা লাই খুটা স্বৰূপ দিবাকৰ ৰেণুৱে যুগুতাই অনা প্ৰয়াত অনা প্ৰয়াত অনিল বৰঠাকুৰদেৱৰ জীৱন পৰিক্ৰমা লিখিত ৰূপত পাঠ কৰে মঞ্চৰ সাহিত্য সম্পাদক হৰেকৃষ্ণ হালৈয়ে।

ক’ভিড প্ৰট’কলৰ মাজতো প্ৰায় অৰ্ধশতকতকৈ অধিক জনাকীৰ্ণ সভাখনত উত্তৰ পুৰুষৰ মঞ্চৰ প্ৰচাৰ সম্পাদক প্ৰনৱ কলিতা, মনু দেৱী, অনাতাৰ শিল্পী শিখামণি দত্ত, সদস্য দীপক ডে, দুই  কিশোৰ ক্ৰমে অহিৰণ অন্তৰীপ, দীপাংশু প্ৰিয়ম, শিৱন্যা, ডিম্পী নাথ, কবিতা ডি ৰেণু, আদি বহুতো উত্তৰ পুৰুষৰ বিষয়ববীয়া তথা সদস্য উপস্থিত থাকে। মঞ্চৰ অন্যতম সাহিত্য সম্পাদক তথা জোনাক মাহেকীয়া আলোচনীৰ  মুখ্য সম্পাদক কবি পুলকেশ ৰায় বৰুৱাই আঁ‌ত ধৰা এই মনোজ্ঞ অনুষ্ঠানটো অসম সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয়। বৰঙাজুলি অঞ্চলৰেই নহয়, অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এক অন্যতম পিতামহ ভকত শিৰোমণি শ্ৰীশ্ৰীহৰেকৃষ্ণ মহন্ত আতাক প্ৰয়াত অনিল বৰঠাকুৰ বঁ‌টাৰে সন্মান জনোৱা উত্তৰ পুৰুষৰ মঞ্চৰ দৃষ্টান্তমূলক কাৰ্য্যক সৰ্বস্তৰৰ ৰাইজে সাধুবাদ দিছে।

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত ১৫ লক্ষাধিক টকাৰ গাঞ্জা জব্দ

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ৯ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে আজি এজন কম্পাউণ্ডাৰক গ্ৰেপ্তাৰ কৰে৷ মটক চাহ বাগিচা চিকিৎসালয়ত চিকিৎসকৰ ভূমিকাত অৱতীৰ্ণ কম্পাউণ্ডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লাহোৱাল আৰক্ষী। গৌতম মিত্ৰ নামৰ কম্পাউণ্ডাৰ জনক গ্ৰেপ্তাৰ কৰে।

মটক চাহ বাগিচাৰ জংঘল তলিৰ পূৰৱ মূড়া নামৰ দুই মহীয়া এটি শিশুৰ মৃত্যু হৈছিল। পাপু মূড়া আৰু নীহা মূড়া নামৰ দম্পত্তী হালৰ কণমানি পুত্ৰক কম্পাউণ্ডাৰ জনে চিকিৎসকৰ ভূমিকাত অৱতীৰ্ণ হৈ ভুল চিকিৎসা কৰাৰ ফলতেই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। শিশুৰ মৃত্যুৰ পিছৰে পৰা বাগিচা খনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে। এজাহাৰৰ ভিত্তিত আজি গ্ৰেপ্তাৰ কৰে স্বয়ম্ভু চিকিৎসক গৌতম মিত্ৰক।

শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকাৰ শপত গ্ৰহণ

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ৯ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ অধীনষ্ঠ তথা নতুনকৈ গঠন কৰা শৰণীয়া কছাৰী উন্নয়ন পৰিষদে ৭ নবেম্বৰত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত বিভাগৰ অধ্যক্ষৰ উপস্থিতিত উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকা, উপাধ্যক্ষ কুমুদ দাস, সদস্য পৰীক্ষিত ৰঞ্জন শৰণীয়া, অৰুণ শৰণীয়া, হেমন্ত ডেকা, শমীন শৰণীয়া, ৰাজীৱ দাস, গৰিমা ডেকা, বীৰেন ডেকা, প্ৰদীপ ডেকা, ভূপেন দাস, সীমান্ত ডেকা, সঞ্জয় দাস, স্মিতা ডেকা, নীলমণি ডেকা, সুনিল শৰণীয়া, বিপুল শৰণীয়া, লাচিত চন্দ্ৰ দাস, বলোৰাম ডেকা, ভূপেন দাসকে ধৰি ২৩ গৰাকীয়ে শপত গ্ৰহণ কৰে।

নৱগঠিত পৰিষদলৈ আশাবাদী শৰণীয়া কছাৰী ৰাইজ। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ডেকা শৰণীয়া, সাধাৰণ সম্পাদক দীপজোতি শৰণীয়া ধন্যবাদ জনায় পৰিষদ খনক তেওঁলোকৰ দৃষ্টিৰে গঠন কৰাত সন্তোষ প্ৰকাশ জনগোষ্ঠীৰ সচেতন নাগৰিকৰ ইয়াৰ উপৰিও অধ্যক্ষ, উপাধ্যক্ষ, সদস্য সকলক বাচনিৰ বাবেও এক উল্লেখনীয় বুলি এক নতুন মাত্ৰা দিব পাৰিব বুলিও আশা কৰে।

ৰাইজৰ দলৰ ব্যাপক তৎপৰতা, দলগাও সমষ্টিৰ আহ্বায়ক সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, খাৰুপেটিয়া, ৯ নৱেম্বৰঃ ঐক্য, আপোচহীন, প্ৰগতিশীল, জাতীয়তাবাদী চিন্তাধাৰাৰে গঠন হোৱা  “ৰাইজৰ দল”ৰ দলগাও সমষ্টি আহ্বায়ক সমিতি গঠনাৰ্থে দেওবাৰে কল্যাণ গাও পঞ্চায়তৰ  সভা কক্ষত  অনুষ্ঠিত হয় এখনি সভা৷ উক্ত সভাত সভাপতিত্ব কৰে জিলা মূখ্য আহব্বায়ক তথা  দলগাঁৱৰ সমাজকৰ্মী,শিল্পী ক্ষীৰোধ শইকীয়াই৷ সভাত ভাষণ প্ৰদান কৰে দলৰ অৱসৰ প্ৰাপ্ত শিক্ষক  মুক্তাৰুল ইচলাম, দলৰ জিলা আহ্বায়ক বীৰেণ শৰ্মা, জিলা পৰ্যবেক্ষক আব্দুল হালিম, আৰৱ আলী, ৰাজ্যিক পৰ্যবেক্ষক ছাদ্দাম হুছেনে,ৰাজ্যিক আহ্বায়ক আজমল হুছেইন, আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মুকুট ডেকাই৷

ৰাইজৰ দলৰ দৰং জিলা সমিতিৰ মূখ্য আহ্বায়ক  ক্ৰমে  বীৰেন শৰ্মা,  ছাদ্দাম হুছেইন,  ক্ষিৰোদ শইকীয়া, আব্দুল হালিম  আৰু  আৰৱ আলীৰ আহ্বানত অনুষ্ঠিত সভাখনত দুই শতাধিক ৰাইজৰ লগতে  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক  মুকুট ডেকাৰ উপস্থিতিত আঞ্চলিক দলটোৰ দলগাও সমষ্টি আহ্বায়ক সমিতিখন গঠন কৰা হয়৷ ৰাইজৰ দলৰ ৰাজ্যিক পৰ্যবেক্ষক ছাদ্দাম হুছেইনে ভাষণ সন্দৰ্ভত কয় যে,অসমত শাসন চলোৱা  দলে কেৱল বিদেশী, বাংলাদেশীৰ কথা কৈ ৰাজনীতি কৰি আহিছে৷ সমাধানৰ বিপৰীতে  সমস্যাটো  জীয়াই ৰাখি নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যবহাৰ কৰে৷ৰাইজৰ সমস্যা, কৃষকৰ মাটি বাৰীৰ সমস্যা সমস্যা হৈয়ে থাকিল৷

সেয়ে ৰাইজে ৰাইজৰ দলৰ চৰকাৰ কৰি মূল সমস্যা সমুহ সমাধান কৰিব লাগিব৷ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কংগ্ৰেছ,বিজেপি এ আই ইউ ডি এফ ইত্যাদি ৰাজনৈতিক দলবোৰ থকাৰ পিছতো কিয় ৰাইজৰ দল নামৰ আন এটা ৰাজনৈতিক দল গঠন কৰিব লগা হল? কাৰণ স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম হল কিন্তু এই ৰাজনৈতিক দল বোৰে অসমৰ কোনো এটা সমস্যাই স্থায়ীভাৱে সমাধান কৰিব নোৱাৰিলে। বানপানীৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিদেশী সমস্যালৈকে সকলো ধৰণৰ সমস্যা জীয়াই ৰাখি অসমৰ ৰাইজৰ আৱেগক লৈ কেৱল ৰাজনীতিহে কৰি আহিছে। মানুহৰ অৰ্থনৈতিক অধিকাৰ হেৰুৱাব লগীয়া হৈছে। দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত দমননীতি চলাই আহিছে। কেন্দ্ৰই অসমৰ সম্পদ লুণ্ঠন কৰি আহিছে।

কিন্তু কেন্দ্ৰৰ এই দাদাগিৰীৰ বিৰুদ্ধে কোনো এটা ৰাজনৈতিক দল আৰু কোনো নেতাই মাত মাতিব পৰা নাই। কাৰণ ৰাষ্ট্ৰীয় দলৰ নেতৃত্বত হোৱা অসমৰ চৰকাৰ আৰু নেতা কেৱল নিজৰ গাদী ৰক্ষাৰ যুজঁত অৱতীৰ্ণ হৈ সাধাৰণ ৰাইজৰ দুখৰ কথা পাহৰি যায়। অসমৰ তেল,চাহপাত, কয়লা ইত্যাদি সম্পদবোৰ কেন্দ্ৰীয় চৰকাৰে কবজা কৰি তাৰ পৰা অসমে মাত্ৰ ১০ শতাংশ হে ৰয়েল্টী পায়। অসমে ইয়াৰ পৰা ৫০ শতাংশ ৰয়েল্টী পাব লাগিব।

কেন্দ্ৰৰ পৰা ৫০ শতাংশ ৰয়েল্টী আৰু অসমৰ বাবে বিশেষ ৰাজ্যৰ মৰ্য্যদাৰ দাবী কেন্দ্ৰৰ ওচৰত সৱল বাবে উৎত্থাপন কৰিব পৰা একমাত্ৰ নেতাজন অখিল গগৈ। অসমৰ প্ৰত‍্যেকজন কৃষকে চৰকাৰী আচনিৰ জৰিয়তে খেতি কৰাৰ অধিকাৰ পাব লাগিব। ভূমিহীন কৃষকক ভূমি প্ৰদান কৰিব লাগিব।অসমত দীৰ্ঘদিন ধৰি চলি থকা বানপানী আৰু নাগৰিকত্বৰ সমস্যাৰ স্থায়ী সমাধান কৰাই হব ৰাইজৰ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য।

ৰঙাচকুৱাৰ জেষ্ঠ সমাজকৰ্মী, শিক্ষক ৰাজীৱ শৰ্মাৰ শিক্ষাৰ্থীৰ মাজত বিনামুলীয়াকৈ মাক্স বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, ইটাখোলা, ৯ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত ৰঙাচকুৱা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীব শৰ্মাই চৰকাৰে নিৰ্ধাৰিত নিয়ম অনুসৰি ক’ভিড পটৰ্কল মানি চলি বিদ্যালয়সমুহ খোলাৰ সময়তে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ৰঙাচকুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় দুশৰো অধিক শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামুলীয়াকৈ মাক্স বিতৰণ কৰাৰ পদক্ষেপ সচাঁই প্ৰশংসনীয়।

ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অঞ্জন বৰা, নাৰায়ন পখ্ৰেল, ৰাজেন শৰ্মাৰ তত্বাৱধানত অঞ্চলটিৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীৱ শৰ্মাই মেডিকেল যুক্ত তিনিতৰপীয়া মাক্স সমুহ প্ৰদান কৰে। ৰাজীৱ শৰ্মাই জানিবলৈ দিয়া অনুসৰি দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকল মাক্স নোহোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই।

ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমানে নিয়মীত বিদ্যালয়ত উপস্থিত হৈ বৰ্ষটিত হোৱা শৈক্ষিক ক্ষতি পূৰণত সহায়ক হোৱাৰ বাবে তেখেতৰ এই পদক্ষেপ বুলি কয়। তেওঁৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে।

স্বেচ্ছাসেৱী সংগঠন ৰবিনহুড আৰ্মিৰ আৰ্তজনক সহায়

দৈনন্দিন বাৰ্তাৰ সেৱা, মোৰাঝাৰ, ৯ নৱেম্বৰঃ ৰবিনহুড আৰ্মি  এটি স্বেচ্ছাসেৱক সংগঠন, যিয়ে অভাৱগ্রস্ত দৰিদ্ৰ লোকক সেৱা আগবঢ়াবলৈ এমুঠি অন্ন যোগান ধৰাৰ কাম কৰে। এই সংস্থাই ৰেস্তোৰা আদি ভোজনালয়ৰ অবশিষ্ট খাদ্য সামগ্ৰীৰ অপব্যৱহাৰ হ’বলৈ দিয়াৰ বিপৰীতে দৰিদ্ৰ সকলৰ মুখত তুলি দিয়াৰ কাম কৰি আহিছে৷ সঁচা অর্থত সহজ, বিশ্যব্যাপী ক্ষুধাক পৰাজয় কৰা আৰু খাদ্য দানক এক মাধ্যম ৰুপে ব্যবহাৰ কৰি উত্তম মানবীয়তাক প্রকাশ কৰা। স্বেচ্ছাসেৱক সংগঠনৰ ধাৰণাটো হল গোটেই বিশ্ব জুৰি স্বাৱলম্বী অধ্যায় বোৰ স্থাপন কৰা আৰু নিজ নিজ স্থানীয় লোকৰ চোৱা চিতা কৰা লগতে আমাৰ চাৰিওফালে থকা লোকসকলক অভাৱগ্রস্ত লোকসকলৰ  সহায় কৰিবলৈ অনুপ্ৰাণিত কৰা। সংস্থাটো ক্ষুধার্ত দেশবাসীক সেৱা আগবঢ়াবলৈ স্থাপন কৰা হৈছিল। ইয়াৰ স্থাপন হৈছিল  ২০১৪ চনৰ ২৬ আগষ্টত। বৰ্তমানলৈকে এই সংস্থাই গোটেই বিশ্ব জুৰি ২০০ তকৈও বেছি দেশত ১৪,৫৩৫ জনৰো অধিক স্বেচ্ছাসেৱকৰ সৈতে কাম কৰি আছে আৰু  ৬৩,৬১৬,৯৬৯ জনৰো অধিক লোকক খাদ্য যোগান ধৰিছে। হোজাই জিলাত  ২০২০ চনৰ ২ আগষ্টত স্থাপিত হৈছে। ইয়াত আনৰ ওঠত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

বৰ্তমানলৈকে  সুভাষ নগৰ, বিহুতুলি, হোজাই ৰেল ষ্টেচন, ৰামপুৰ বস্তি, ফুটপাথ আদি ঠাইলৈ গৈ চাউল, ডাইল, শাক পাচলি, ৰুটি, বিস্কুট, কেক আদিৰে প্রায় ১,৪৮০ ৰো অধিক লোকক খাদ্য যোগান ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে স্বাস্থ্য সচেতনতা যাত্ৰা কৰি দৰিদ্র আৰু অশিক্ষিত লোকক সাম্প্ৰতিক মহামাৰী কোৰোনাৰ সম্পর্কে অৱগত কৰাই ইয়াৰ বিৰুদ্ধে লবলগা পদক্ষেপ বোৰ বুজোৱা, আৰু স্বাস্থ্য সম্বন্ধীয় কিছুমান সামগ্রী যেনে ঔষধ, পাট্টী, মাস্ক, ডেটল আদি বিতৰণ কৰা দেখা গৈছে। মানুহৰ লগতে জীৱ জন্তু, পৰিবেশ আদিৰ প্ৰতিও সচেতন ৰবিনহুড আৰ্মি। বৰ্তমানলৈকে  ফুড ড্রাইভ, স্যনিটাইজেশন ড্রাইভ, প্লন্টেশন ড্রাইভ আৰু এনিম্যাল ড্রাইভ পৰিচালনা কৰিছে য’ত ৰবিন্দ্রনাথ বিশ্ব বিদ্যালয়ৰ কেম্পাচত ৪৩ ডাল গছ ৰোপণ কৰিছে। আনৰ সেৱা কৰাৰ আনন্দ অন্য কোনো আনন্দৰ সমান হ’ব নোৱাৰে। আমাৰ দৰে এজন ৰবিন হওঁক আৰু আহক আমি সকলোৱে মিলি ক্ষুধাৰ বিৰুদ্ধে যুঁজো। এই আহব্বান সংগঠনৰ বিষয়ববীয়াৰ৷

টিংখাঙৰ পিঠাগুটি চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

দৈনন্দিন বাৰ্তাৰ সেৱা, টিংখাং, ৯ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পিঠাগুটি চাৰিআলিত দেওঁবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনা আটাছু বৰহাট আঞ্চলিক সমিতিৰ সদস্য তথা বৰহাটৰ নাৰেমপথা গাঁৱৰ যুৱক কৌশিক গগৈ মৃত্যু হয়। মৰাণত অনুষ্ঠিত হোৱা আটাছুৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি বাইকেৰে ঘৰলৈ উভতি অহাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়৷

পিঠাগুটি চাৰিআলিত টাৰ্ণিং লোৱাৰ সময়ত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাত বাগৰি পৰে কৌশিক গগৈ৷ মূৰত প্ৰচণ্ডভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত সতীৰ্থসকলে গাড়ীৰে যুৱজনক ৰাজগড় সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ আনে যদিও চিকিৎসকলে যুৱকজনক মৃত ঘোষণা কৰে৷ দেওঁবাৰে নিশা প্ৰায় ৯-৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়৷

নিশাই আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়়াগোহাঁইসহ বহু নেতাকৰ্মী ৰাজগড় সামূহিক স্বাস্থ্যকেন্দ্ৰত উপস্থিত হৈ ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ সোমবাৰে নেতাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজগড় সামূহিক স্বাস্থ্যকেন্দ্ৰৰপৰা ডিব্ৰুগড়ৰ এএমচিলৈ প্ৰেৰণ কৰে৷

নাজিৰা শেন আলিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ৰোমন্থন, গীত-নৃত্য, আলাপ-আলোচনাৰে সুধাকণ্ঠলৈ এদিন শীৰ্ষক অনুষ্ঠান সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৯ নৱেম্বৰঃ নাজিৰা আঞ্চলিক স্থায়ী ৰাস সমিতিৰ উদ্যোগত আৰু শেন আলি সাংস্কৃতিক উন্নয়ন সমিতিৰ সহযোগত ৮ নৱেম্বৰত বিশ্ববিশ্ৰুত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ৰোমন্থন, গীত-নৃত্য, আলাপ-আলোচনাৰে সুধাকণ্ঠলৈ এদিন শীৰ্ষক দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। ২১৫ নং চানবছা শেন আলি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা অনুষ্ঠানৰ আৰম্ভণিতে পুৱা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাপন আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতে ছাত্র-ছাত্ৰী সকলৰ মাজত ড০ ভূপেন হাজৰিকাৰ চিত্ৰ অংকন আৰু ৰচনা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

দুপৰীয়া প্ৰৱীণ শিক্ষাবিদ-সমাজকৰ্মী যোগেশ্বৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখনি মুকলি কৰে নাজিৰা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নিপুমণি বৰগোঁহায়ে। নাজিৰা আঞ্চলিক স্থায়ী ৰাস সমিতিৰ সম্পাদক হৃদয়ানন্দ ঘন কোৱৰে আত ধৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাস, ভৱানন্দ বড়া, প্ৰধান শিক্ষক নৰেন্দ্ৰ নাথ দাসে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰাৰ লগতে শিল্পী ভদ্ৰ ৰাজোৱাৰে ঝুমুৰী গীত পৰিবেশন আৰু ছাত্র-ছাত্ৰীৰ গীত-নৃত্য পৰিবেশনে গাম্ভীৰ্যতা বৰ্ধন কৰে।

অনুষ্ঠানত অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ পুৰুধা বিশিষ্ট অভিনেতা-নাট্যকাৰ বিমান কোৱৰ, শিল্পী ধীৰেণ কোৱৰ, ভদ্ৰ ৰাজোৱাৰক উদ্যোক্তা সকলৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনায়। সভাত সংবাদসেৱী দিলীপ হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেউকন চাংমাই, বসন্ত ৰাজোৱাৰ, খগেন চাংমাই, নীপা বৰুৱা, কল্পনা চাংমাই আদিকেধৰি ভালেকেইজনে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দৰ্শন, সমাজ, সাহিত্য, ৰাজনৈতিক আদি দিশৰ ওপৰত আলোকপাত কৰে। শিক্ষয়িত্ৰী মঞ্জু ঘৰফলীয়া বড়া, নাজিৰা পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড সদস্য শ্যাম দাস আদিকেধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

“কা” বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিবঃ ড০ সমুজ্জল ভট্টাচাৰ্য

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৯ নৱেম্বৰঃ অসমত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, অস্তিত্ব সুৰক্ষিত কৰা তথা অসমত খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব ৰক্ষাৰ স্বাৰ্থত জাতিধ্বংসী “কা” বাতিল নোহোৱা পৰ্যন্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব। উত্তৰ-পূব তথা ভাৰতৰ ভালেকেইখন ৰাজ্যত যদি “কা” প্ৰযোজ্য নোহোৱাকৈ কেন্দ্ৰই ৰাখিব পাৰে, তেন্তে অসমৰ ক্ষেত্ৰটো কোনোকালেই “কা” প্ৰযোজ্য কৰিব নোৱাৰিব।ইয়াৰ নিশ্চিতিৰ কাৰণে ইতিমধ্যে ভৱিষ্যত পৰিকল্পনাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে। ৮ নৱেম্বৰৰ নিশা ৮-৩০ বজাত নাজিৰাৰ শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয় তথা শ্বহীদ ভৱনত উপস্থিত হোৱা সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই “কা” বিৰোধী সংগ্ৰাম খনৰ স্থবিৰতাৰ ক্ষেত্ৰত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয়। কোনোৱে সমাজত বিলাই ফুৰা সাম্প্ৰদায়িক বিষবাষ্পৰ বিপৰীতে আছুৰ এটা সাংস্কৃতিক শক্তি থকা বুলি উল্লেখ কৰি ড০ সমুজ্জল ভট্টাচাৰ্যই কয় যে, সাম্প্ৰদায়িক শক্তিক উৎখাত কৰি চহকী আৰু পৰিকল্পিত সাংস্কৃতিক সংগ্ৰামৰ মাজেৰে ছাত্র সন্থাই অনাগত সময়ত সবল স্থিতি গ্ৰহণ কৰি যাব বুলি মত পোষণ কৰে।

অনাগত সময়ত দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি যাম বুলি কৈ আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে পুনৰ কয় যে, ছাত্র বন্ধুৰ অনুৰোধক সন্মান জনাই দীঘলীয়া দিনৰ পৰা আছুৰ সৈতে জড়িত হৈ আহিছোঁ।  ছাত্র সন্থাত কোনো হাই কমাণ্ড নাই, আছুৰ হাইকমাণ্ড হ’ল অসমৰ ৰাইজ। গতিকে অসমীয়া ৰাইজৰ অভিভাৱকত্বত ছাত্র সন্থাই কাম কৰি গ’লে নিশ্চয় কৈ সফল হ’ব।

আছু সমাজৰ ঊৰ্ধ্বত নহয়, নিৰহংকাৰী মন, একাগ্ৰতা আৰু সদিচ্ছাৰে আছুৰ কৰ্মীসকল আগবাঢ়িব লাগিব বুলি  আছুৰ ভৱিষ্যত কৰ্মীসকলৰ প্ৰতি আহ্বান জনাই মুখ্য উপদেষ্টা গৰাকীয়ে কয়, ছাত্র সমাজে অধ্যয়ন শীল হৈ সমান্তৰালভাৱে সমাজখনৰ বাবেও কাম কৰিব লাগিব। শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয় তথা শ্বহীদ ভৱন পৰিদৰ্শন কৰি ড০ সমুজ্জল ভট্টাচাৰ্যই কয়, এটা আটকধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰা হৈছে যেতিয়া, ভৱিষ্যত ছাত্র সমাজৰ উত্তৰণৰ বাবে এটা “বুক বেংক” আৰু এটা  শিশু পুথিভঁৰাল স্থাপন কৰি শৈক্ষিক দিশত আগবঢ়াই সমাজৰ দুখীয়া শ্ৰেণীৰ জনগণক উৎসাহিত কৰি তুলিব লাগিব।

ইয়াৰ বাবে আছুৰ একালৰ সহকৰ্মী,শিক্ষক সমাজ,অভিভাৱকৰ পৰামৰ্শৰে আগবাঢ়ি যোৱাৰ আহ্বান জনাই এই কাৰ্যৰ বাবে এশখন গ্ৰন্থ নিজাববীয়াকৈ আগবঢ়াব বুলি ব্যক্ত কৰে। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক তথা জিলাখনৰ জ্যেষ্ঠ আছু নেতা শৰৎ হাজৰিকা, অসীম দত্ত, সমীৰণ বৰুৱা, পৰাগ দত্ত আদিকেধৰি ভালেকেইজনে ড০ সমুজ্জল ভট্টাচাৰ্য্যক সংগ দিয়াৰ লগতে শিক্ষক-সাংবাদিক ধ্ৰুৱজ্যোতি সন্দিকৈ, প্ৰণৱজ্যোতি দত্ত, সুষমা কোৱৰ চাংমাই, কৃষ্ণা শইকীয়া, দিলীপ হাজৰিকা, চৰিফ আলী, নেকিবুল হক, অনন্ত কলিতা, জয়ন্ত বৰুৱা, প্ৰীতম বৰগোঁহাই, ৰূপম শইকীয়া, নবুল কোৱৰ, নিপুমণি বৰগোঁহাই, নৱজ্যোতি বুঢ়াগোহাঁই, সুৰজ কোৱৰকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে। মানৱ হাজৰিকাই আতঁধৰা অনুষ্ঠানটোত আছুৰ মুখ্য উপদেষ্টা গৰাকীক মহকুমাটোৰ শিমলুগুৰি, নাজিৰা, গেলেকী, নামতি, জোকতলি আঞ্চলিক ছাত্র সন্থাৰ তৰফৰ পৰা গামোচা, চেলেং, গড় প্ৰতিকেৰে অভিবাদন জনায়।

শিৱসাগৰ অ’ এন জি চিত নিযুক্তিৰ নামত প্ৰৱঞ্চনা, থানাত গোচৰ ৰুজু

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৯ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন মহলত প্ৰৱঞ্চনাৰে অব্যাহত নিযুক্তি কেলেংকাৰী । অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা এছ আই নিযুক্তি কেলেংকাৰী চিআইডিৰ তদন্ত মাৰ নেযাওঁতেই পুনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক কামনাৰ লক্ষ্য দুষ্ট চক্ৰৰ। থিক তেনে এক ঘটনা সংঘটিত হৈছে শিৱসাগৰত। ভূক্তভোগী যুৱতীৰ শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল। শিৱসাগৰত অ’ এন জি চি (অসম সম্পদ) ত নিযুক্তি দিয়াৰ নামত প্ৰৱঞ্চনা দ্বয় প্ৰেমিক-প্ৰমিকাৰ। ভুক্তভূগী যুৱতীৰ এজাহাৰ অনুসৰি নিগমত নিযুক্তি দিয়াৰ নামত প্ৰৱঞ্চকৰৰূপত প্ৰেমিক মোস্তাকুৰ ৰহমানৰ সৈতে মিলি প্ৰেমিকা ৰীমা বেগমে লুটিছে লাখ-লাখ টকা। কিয়নো প্ৰেমৰ সলনি দুয়ো প্ৰেমিক-প্ৰেমিকা নামিছে দালালীকৰাত।

দালালৰৰূপত এই প্ৰেমিকযুগলে অ’ এন জি চিত নিযুক্তি দিয়াৰ নামত প্ৰৱঞ্চনা কৰিছে বহুতক। সেয়ে এতিয়া থানাত এজাহাৰ দাখিল ভুক্তভূগী যুৱতীৰ এই হাল প্ৰেমিক-প্ৰেমিকাৰ বিৰুদ্ধে। পিছে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত প্ৰৱঞ্চক প্ৰেমিক-প্ৰেমিকা পলায়ন কৰা বুলি জানিব পৰা গৈছে। আনহাতে আৰক্ষীয়ে বৰ্তমানেও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ভূক্তভোগীৰ। যাৰ বাবে আৰক্ষী আৰু শাসকীয় চৰকাৰখনক একাংশ লোকে বদনাম কৰিব ধৰিছে। অনাগত সময়ত শিৱসাগৰ সদৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰা, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহায় অভিযুক্ত নতুবা অপৰাধী নিয়ন্ত্ৰণৰ বাবে কেনে ধৰণৰ পদক্ষেপ হাতত লয় সেয়াহে লক্ষণীয় হ’ব।