প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক আজি নগাঁৱত অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰা হয়।অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ আছামৰ সহযোগত কিশলয় ভৱন প্ৰাঙ্গনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰখ্যাত আলোক চিত্ৰ শিল্পীজনক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা,চেলেং,ফুলৰ থোপা,প্ৰশস্তি পত্ৰ ,স্মাৰক,নগদ বিশ হাজাৰ টকা। বঁটা প্ৰদান উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই কয়-‘আজিৰ দিনটো অসমৰ ফটোগ্ৰাফী ইতিহাসৰ নাবে উল্লেখযোগ্য দিন। অমূল্য মান্নাৰ মৃত্যু দিৱস। অমূল্য মান্না অথবা নলিনীকান্ত বৰুৱা আদিয়ে ফটো তোলাৰ সেই যুগ এতিয়া নাই।এতিয়া ডিজিটেল যুগ। আলোকচিত্ৰ এক কলা।এই কলাৰ বাবে সাধনা লাগিব।সৃজনাত্মক দৃষ্টিভংগী থাকিব লাগিব।যদি নাথাকে তেনে আলোকচিত্ৰই অধিক দূৰ যাত্ৰা কৰিব নোৱাৰে।অমূল্য মান্না,নলিনীকান্ত বৰুৱা আদিয়ে আলোকচিত্ৰক কলালৈ ৰূপান্তৰিত কৰিছিল।’তেওঁ ভাষণ প্ৰসংগত জীৱিত কালতেই বিশিষ্ট ব্যক্তি সকলক সন্মান প্ৰদানৰ আহ্বান জনায়।বঁটা প্ৰদান অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰহৈ বিশিষ্ট আলোকচিত্ৰ শিল্পী অমূল্য মান্নাৰ জীৱন চৰ্যা সম্পৰ্কে বৰ্ণনা কৰে স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক মুকুল প্ৰসাদ বৰঠাকুৰে।ভাষন প্ৰদানত তেওঁ অমূল্য মান্নাই ‘দৈনিক অসম’ কাকতত ফটো সাংবাদিকতা আৰম্ভ কৰাৰ বিষয়ে বৰ্ণনা কৰে।জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই আঁঁত ধৰা অনুষ্ঠানত বটা গ্ৰহণ কৰি বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাই কয় যে-‘মই ৯০ বছৰত ভৰি দিলো।কিন্তু এতিয়াও এখন ভাল ফটো তোলাৰ অপেক্ষাত আছো।মই অমূল্য মান্নাক কেতিয়াও পাহৰিব নোৱাৰো।আজি তেওঁৰ ল’ৰাই মাতি অনাত ভাল পাইছো।অমূল্য মান্নাৰ পুত্ৰই আইদেউ সন্দিকৈৰ জীৱন সম্পৰ্কীয় চলচ্চিত্ৰ নিৰ্মান কৰিছে।কিন্তু ৰজাঘৰৰ পৰা পাবলগীয়া উপযুক্ত সন্মান তেওঁ লাভ কৰা নাই।এই খন ৰজাঘৰৰ খেল ।ইয়াত তৈল মৰ্দন কৰিলেহে সন্মান লাভ কৰিব পাৰি।আমি কামহে কৰি গৈছো।’ সভাত ভাষন প্ৰসংগত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে অমূল্য মান্না আৰু নলিনীকান্ত বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিতহৈ আগবাঢ়ি যাবলৈ নৱ প্ৰজন্মৰ আলোকচিত্ৰ শিল্পী সকলক আহ্বান জনায়।সভাত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ড° আবু হানিফাইও ভাষন প্ৰদান কৰে।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই অমূল্য মান্নাৰ সু পুত্ৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নাই।সভাখনত বিশিষ্ট সমাজসেৱী মুকুট চন্দ্ৰ ভূঞা,বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,ক্ৰীড়া সংগঠক উজ্জ্বল বৰুৱাৰ লগতে পাপুল বৰা,সমীৰ মহন্ত,সপোনটি বৰদলৈ,ৰতিমোহন নাথ উপস্থিত থাকে।
তেজপুৰত জ্যোতি দিৱসৰ লগত সংগতি ৰাখি পাঁচমাইলত গ্ৰন্থ উন্মোচন
সুৰৰে, গীতৰে, নাটকৰে আৰু বিপ্লৱৰ অগ্নিৰে দেশ জাতি গঠনৰ মালা গঁঠা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭০ সংখ্যক স্মৃতিদিৱসৰ সংগতি ৰাখি তেজপুৰৰ পাঁচমাইল শাখা সাহিত্য সভাৰ উদ্যোগতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জ্যোতি দিবস আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।
পাঁচমাইল শাখা সাহিত্য সভাৰ সভাপতি শ্বেখ চাহাব উদ্দিনে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিছত জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী আৰাধনা কটকীয়ে । অসম সাহিত্য সভাৰ আৰম্ভণি গীতেৰে আৰম্ভ হোৱা মূল সভাত সভাপতিত্ব কৰে শ্বেখ চাহাব উদ্দিনে । “সম্পদতকৈ সম্বন্ধ ডাঙৰ আৰু বন্ধুত্বসুলভ সমাজ সংস্কৃতিয়ে দেশৰ সৌন্দৰ্য্য সৌষ্ঠব বৃদ্ধি কৰে । জ্যোতিপ্ৰসাদৰ দৰ্শন এনেকুৱা বিষয় বস্তুৰেই সমৃদ্ধ বুলি সাবলীল বক্তব্য দাঙি ধৰি মন বাহাদুৰ চুব্বাই ৰচনা কৰা আৰু পাঁচমাইল শাখা সাহিত্য সভাই প্ৰকাশ কৰা বিচিত্রিতা গ্ৰন্থ খন উন্মোচন কৰে মুখ্য অতিথি তথা উন্মোচক অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মৈৰাবাৰীৰ আব্দুল কুদ্দুচে । মূল সভাত অতিথি হিচাপে শোভাবর্ধন কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° আব্দুল মজিদ আৰু ভোজখোৱা আজাদ মেমৰিয়েল হাই মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত অধীক্ষক আব্দুল কাদিৰে । অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰী বন্ধন উপসমিতিৰ উপসভাপতি চিৰাজ খান উপস্থিত থকা মূল সভাত জ্যোতি সংগীত পৰিবেশন কৰে স্হানীয় চেমনীয়া শিল্পী জেচমিন নাহাৰ আৰু চাহিনা খাতুনে । শোণিতপুৰ কণিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত সভাত ভালে সংখ্যক ছাত্ৰ ছাত্ৰী আৰু ৰাইজ উপস্থিত থকা জ্যোতি দিবসৰ মূল সভাৰ আঁত ধৰে শাখা ।শাখা সাহিত্য সভাৰ সম্পাদক আইনুল ইচলামে ৷
ইপিনে, তেজপুৰৰ অন্যতম নৃত্য শিক্ষণ অনুষ্ঠান সৃজনী সংগীত মহাবিদ্যালয় আৰু সাংস্কৃতিক চৰ্চাৰ অন্যতম প্ৰাণকেন্দ্ৰ মাজগাঁৱৰ শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুুুষ্ঠানৰ সহযোগত উদযাপন কৰা হয় শিল্পী দিৱস ৷ সংগীত মহাবিদ্যালয় খনৰ অধক্ষ্যা তথা বিশিষ্ট নৃত্য শিল্পী মিতালী বৰঠাকুৰৰ নেতৃত্বত শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুষ্ঠানৰ প্ৰাংগনত নৃত্য আৰু গীতৰে ৰূপকোঁৱৰক স্মৰণ কৰা হয় ৷
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হয় চতিয়া ৰত্ন
চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাক চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হোৱা বিশাল জনসমাবেশৰ মাজত প্ৰদান কৰা হয় চতিয়া ৰত্ন সন্মান । সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে সামাজিক জীৱনৰ পাতনি মেলা পদ্ম হাজৰিকাই অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । আন্দোলনৰ সময়ত চৰকাৰী পক্ষৰ পৰা নানান নিৰ্যাতনৰ সন্মুখিন হোৱা পদ্ম হাজৰিকাই ১৯৯৫ চনত অসম গনপৰিষদ দলত যোগদান কৰি ৯৬ চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু বৰ্তমানলৈকে তেওঁ চতিয়া সমষ্টিৰ পৰা ২০ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আছে । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলত যোগদান কৰে পদ্ম হাজৰিকাই । প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচৰে পৰা চতিয়া সমষ্টিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে পদ্ম হাজৰিকাই । পদ্ম হাজৰিকাই কণ্যকাৰ জৰিয়তে আৰম্ভ কৰিলে নতুন অভিযান। কণ্যকাৰ জৰিয়তে চতিয়া সমষ্টিত নিৱনুৱা যুৱক যুৱতী সকলৰ মূখলৈ হাঁহিৰ ৰেঙনি কঢ়িয়াই আনিছে । এইজন জনপ্ৰিয় বিধায়ক ৰাজনৈতিক নেতাক আজি দৱা, কাহ,উৰুলী, শংখ, হৰ্ষধ্বনিৰ মাজৰে প্ৰদান কৰিলে চতিয়া ৰত্ন। আজিৰ এই অনুষ্ঠানৰ সভাপতিত্ব কৰে চতিয়া নাগৰিক সভাৰ সভাপতি ভৱ শইকীয়াই।পদ্ম হাজৰিকাৰ বাল্য বন্ধু ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধক্ষ্য ড:অঞ্জন ওজাই পদ্ম হাজৰিকাৰ বাল্যকালৰ স্মিতী ৰোমন্থন কৰি কয় হাজৰিকাই সৰুৰে পৰাই নেতৃত্ব দিয়াৰ গুণৰ অধিকাৰী আছিল। আজিৰ অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰীকা পদ্ম হাজৰিকাৰ বাল্য বন্ধু অসম অসামৰিক সেৱাৰ বিষয়া চৰাইদেউ জিলাৰ প্ৰাক্তন উপাযুক্ত দিপক সন্দিকৈ উপস্থিত থাকে।
গোৰ্খা ছাত্ৰ সন্থাৰ মহমাৰা আৰু বৰগাঁও শাখা সমিতি গঠন
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ,ফিল’বাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত মহমাৰা শাখা সমিতি আজি গঠন কৰে। ফিল’বাৰী মহমৰা শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত গোৰ্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম ছেত্ৰীৰ সঞ্চালনাত অনুষ্ঠিত মহমৰা শাখা সমিতি গঠন সভাৰ আত ধৰে আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত ৰেগমীয়ে। আজিৰ সভাৰ সৰ্বসন্মতি মৰ্মে পাপু ছেত্ৰীক সভাপতি আৰু লস্মন ছেত্ৰীক সম্পাদক হিচাপে লৈ এক শক্তিশালী সমিতি গঠন কৰে। মহমাৰা শাখা সমিতি গঠন কাৰ্যসূচীত বক্তব্য আগবঢ়াই গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন উপ -সভাপতি জগত শৰ্মা, আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক জ্ঞানন্দ্ৰ শৰ্মা, প্ৰাক্তন সাংস্কৃতিক সম্পাদক উমেশ খুলালে বক্তব্য আগবঢ়াই। ইফালে বৰগাঁও সাংস্কৃতিক সংঘৰ কাৰ্যালয়ত আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত ৰেগমীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত চাধীন ছেত্ৰীক সভাপতি আৰু কপিল উপাধ্যায়ক সম্পাদক হিচাপে লৈ বৰগাঁও শাখা সমিতি গঠন কৰা হয়।
দিন দুপৰতে চলন্ত মটৰ চাইকেলৰে মহিলাৰ পৰা কঢ়ি লৈ গল লক্ষধিক টকা
দিন দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইটিৰ লগতে চিলনী চোৰৰ সন্ত্ৰাস। সময়ে সময়ে আৰক্ষীয়ে অভিযান চলাই চুৰি, ডকাইতি আদি কাৰ্যত জড়িত লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও চোৰৰ উপদ্ৰপ কমি যোৱা নাই, বৰং বৃদ্ধি হৈয়ে আছে। বিশেষকৈ ৰাজ্যৰ বিভিন্ন ঠাইত চিলনী চোৰৰ সন্ত্ৰাসে ভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। এইবাৰ দিন দুপৰতে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত উপৰহালীত চিলনী চোৰে সন্ত্ৰাস চলাই লুতি গৈ গল লক্ষধিক টকা। এই ঘটনাৰ চি চি টিভিৰ ফুটুজ ভাইৰেল হোৱাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰামতে, আজি দিনৰ ভাগত মিৰ্জাস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা লোহাৰঘাটৰ বিচিত্ৰা ৰাভা নামৰ মহিলা গৰাকীয়ে এক লাখ টকা উলিয়াই পুতেকৰ সৈতে মটৰ চাইকেলেৰে বিজয়নগৰলৈ আহি আছিল। তেনে সময়তে বিজয়নগৰৰ উপৰহালীত তেওঁলোকক অনুসৰণ কৰি পিছফালৰ পৰা অহা দুই মটৰ চাইকেল আৰোহী ৰূপী চিলনী চোৰে মহিলাগৰাকীৰ পৰা টকা ভৰ্ত্তি বেগ কাঢ়ি লৈ আৰক্ষী তথা জনসাধাৰণৰ সমুখেৰেই সহজতেই পলাই যাবলৈ সক্ষম হয়। ইয়াৰ পিছতেই মহিলাগৰাকীয়ে অসহায় হৈ বিজয়নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনা সমগ্ৰ দক্ষিণ কামৰূপতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঢকুৱাখনা সমষ্টিত দুই কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনিত দুৰ্নীতি-লুণ্ঠনৰ অভিযোগ
“আগন্তক ২০২১ চনৰ বিধান সভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ অৱস্থাত এতিয়া ঢকুৱাখনা সমষ্টিত অতি ক্ষীপ্ৰ গতিত চলিছে বিভিন্ন উন্নয়ন মুলক আঁচনিৰ কাম-কাজ।আৰু ইয়াৰ সমান্তৰালভাৱে এতিয়া ঢকুৱাখনাত বিভিন্ন উন্নয়মুলক আঁচনিৰ কাম-কাজ অলপ কৰাৰ পিছতেই আবন্টিত পূঁজিৰ সিংহভাগ বিধায়কৰ ঘনিষ্ঠ একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী, ঠিকাদাৰ আৰুভেণ্ডৰৰ জড়িয়তে সৰকাই নিৰ্বাচনী পূঁজি সংগ্ৰহত গুৰুত্ব দিছে একাংশ শাসকীয় দলৰ নেতা-পালিনেতাই।”-এই অভিযোগ কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ।দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনাত আয়োজিত এক সংবাদমেলযোগে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি-ধৰ্মকান্ত গগৈয়ে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টি ঢকুৱাখনাৰ ঘিলামৰা উন্নয়ন খণ্ডত শেহতীয়াকৈ দুখন কোটি টকীয়া গৰাখহনীয়া প্ৰতিৰোধ আঁচনিত সংঘটিত হোৱা বৃহৎ দুৰ্নীতি আৰু লুণ্ঠনৰ তথ্য সদৰী কৰে সংবাদ মাধ্যমৰ আগত।সংবাদ মেলত সংগঠনটোৱে সদৰী কৰা অনুসৰি-“ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ সোনাৰি চাপৰি গাঁও পঞ্চয়তৰ অন্তৰ্গত ৰাওনা বাৰীৰ পৰা বৰবাৰীলৈ চাৰিকড়িয়া নদীৰ গড়াখহনীয়া প্ৰতিৰোধৰ নামত তিনি (৩)কোটি টকা অৱন্তন হৈছিল। কিন্তু বৰ্তমান ১০ শতাংশতকৈও বেছি কাম সম্পূৰ্ন নহওঁতেই মন্ত্ৰীৰ ঘনিষ্ঠ ৰূপে বিবেচিত দুই ভেণ্ডৰ বিবেকানন্দ দলে আৰু দয়ানন্দ পেগুৰ নামত এক কোটি (১), নব্বৈ লাখ(৯০), একৈশ হাজাৰ(২১) চাৰিশ (৪০০) টকা ইতিমধ্যে মুকলাই দিলে ঘিলামৰাৰ খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকাই। উল্লেখনীয় কথাটো হল যে ৰাজ্যৰ অন্যান্য ঠাইৰ পঞ্চায়ত বোৰত আৰু উন্নয়ন খণ্ড সমূহত ঠিকাদাৰ,ভেণ্ডৰক কৰা কামৰ পৰিমাণ অনুসৰি কেৱল ৫% বা ১০% আবন্টিত পুঁজিছে মোকলাই দিছে।সেই সময়ত বিভাগীয় মন্ত্ৰী সমষ্টিত একে দিনাই উল্লেখিত দুই ভেণ্ডৰ ঠিকাদাৰৰ একাউণ্টত-৬৯ লাখ ,৪৪ হাজাৰ টকা সুমিয়াই দিছে খণ্ড উন্নয়ন বিষয়াই। অন্যহাতে যিটো আঁচনিৰ কাম ৩ কোটি টকাৰে কৰিবলৈ দিছিল তাত ২০ লাখ টকাৰো কাম হোৱা নাই ।ইফালে অতি নিম্নমানৰ হৈছে কাম।জি’অ বেগ সমূহ বহোওৱাৰ এবছৰ নহওঁতেই ফাটি -চিটি এৰি গৈছে বিভিন্ন ঠাইত।” তদুপৰি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতিগৰাকীয়ে একেটা উন্নয়ন খণ্ডৰে বৰদৈবাম গাঁও পঞ্চায়ততো চুতীয়াকাৰী পকী দলঙৰ পৰা চকলাগুৰি ঘটলৈকে লখিমপুৰ জিলা পৰিষদৰ অধীনত গৰাখহনীয়া প্ৰতিৰোধৰ নামত আবন্টিত হোৱা ২(দুই )কোটি টকীয়া আঁচনি খনতো দুৰ্নীতি আৰু লুণ্ঠন চলাৰ কথা সদৰী কৰে।এই আঁচনিখনৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবেই নিৰ্মাণৰ এবছৰ নহওঁতেই বৰষুণৰ পানীয়ে খহাই লৈ গ’ল বহু অংশ।ইফালে কামৰ গতিও হ’ল জোৰা-টাপলি মৰা।কিছুমান বাঁহৰ গোঁজ পুতি আৰু নিম্ন মানদণ্ডৰ কিছুমান জি’অ বেগ স্থাপন কৰিয়েই মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰে ইতিমধ্যে প্ৰায় ১(এক) কোটি টকা মুকলাই নিলে।এইটো কামতো ১০ লাখ টকাতকৈও বেছি কাম সম্পূণ হোৱা নাই।”সেইয়ে এই সাংবাদমেলৰ জৰিয়তে লখিমপুৰ জিলাৰ উপায়ুক্তক দুইখন খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণতে সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ সন্দৰ্ভত শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ চৰজমীণ তদন্ত কৰিবলৈ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আহ্বান জনাইছে।
বৰক্ষেত্ৰীত বিজেপিৰ ৰাজহুৱা সভা
বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ গোৰক্ষাট্টাৰীত আজি ভাৰতীয় জনতা পাৰ্টীয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।৫৭ নং দৌলাশাল লাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত গোৰক্ষাট্টাৰী লক্ষ্মী মন্দিৰ প্ৰাংগনত বৰক্ষেত্ৰী মণ্ডল বিজেপিয়ে অনুষ্ঠিত কৰা উক্ত সভাত সভাপতিত্বৰ আসন গ্ৰহণ কৰে বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সভাপতি মোহন চন্দ্ৰ কলিতাই।আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠা দলটোৰ শক্তিশালী ভুমিকাৰ বিষয়ে ৰাইজক অৱগত কৰাব গৈ বিধায়ক নাৰায়ণ ডেকাই দ্বিতীয় বাৰৰ বাবে সমষ্টিটোৰ বিধায়ক হব বুলি সভাত মন্তব্য প্ৰকাশ কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰভাৰী ত্ৰিনয়ন বৰ্মনে।উল্লেখ্য যে-আজিৰ এই সভাতেই শতাধিক লোকে বিজেপিত যোগদান কৰে।দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধি,মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক শৈলেন কলিতা, বৰক্ষেত্ৰী সমষ্টিৰ বিস্তাৰক নিৰ্মল চন্দ্ৰ নাথ প্ৰমুখ্যে বিজেপিৰ ভিন্ন পৰ্যায়ৰ কাৰ্যকতা সকলৰ লগতে সহস্ৰাধিক লোক আজিৰ সভাত উপস্থিত থাকে।
গোগামুখত মন্ত্ৰী ড° শৰ্মাৰ দ্বাৰা কুমটীয়া দলঙৰ আধাৰশিলা স্থাপন : ধেমাজিত নিৰ্মাণ হ’ব চিকিৎসা মহাবিদ্যালয়
আমাৰ বিজেপি দলৰ চৰকাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে ৷ আমাৰ চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে অসমৰ অন্য জিলাৰ দৰে ধেমাজি জিলাও দ্ৰুতগতিত উন্নতিৰ জখলালৈ গতি কৰিছে ৷ আজি ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ বৰদলনিত ১৫ নং ৰাষ্টীয় ঘাইপথৰ কুমটীয়া নদীৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য আগবঢ়ায় ৷ আধাৰশিলা স্থাপনৰ কাষতে নিৰ্মাণ কৰা সভাগৃহত বিশাল জনসভাক উদ্দেশ্যি তেওঁ কয়- ধেমাজি এতিয়া আগৰ ধেমাজি হৈ থকা নাই ৷ ধেমাজিলৈ পৰিবৰ্তন আহিছে ৷ বাট-পথৰ পৰা আৰম্ভ কৰি শৈক্ষিক, স্বাস্থ্য আদি সকলো দিশতে আমূল প্ৰগতি হৈছে ৷ এই প্ৰগতিৰ অংশ হিচাপে আজি আমি আকৌ কুমটীয়া নদীখনৰ ওপৰত নতুন পকী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিলো ৷ এই দলংখনৰ নিৰ্মাণে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব ৷ দলংখন নিৰ্মাণত মুঠ ৪৩ কোটি ৫৪ লাখ টকা ব্যয় কৰা হ’ব বুলি তেওঁ দোহাৰে আৰু আগন্তুক দুবছৰৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ৰাইজক অৱগত কৰে ৷ ভাষণ প্ৰসংগত তেওঁ কয়- ধেমাজিত দুদিন ধৰি তেওঁ বিভিন্ন উন্নয়ন মূূলক আঁচনিৰ আধাৰশিলাস্থাপন কৰিছে ৷ ধেমাজিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কামো হাতত লৈছে আৰু মহাবিদ্যালয়খনৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাম চলি আছে ৷ সকলো ঠিকেই থাকিলে অতি শীঘ্ৰেই মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি তেওঁ উপস্থিত হাজাৰ হাজাৰ ৰাইজক অৱগত কৰে ৷ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডাঃ ৰণোজ পেগু, এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ সভাত উপস্থিত থাকে ট্ৰাইবেল সংঘৰ সম্পাদক মিলন সোনোৱাল, বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেমা দত্ত, অগপৰ ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱা আৰু ধেমাজি জিলাৰ চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে ৷ উল্লেখনীয় যে আজি পুৱা বিজেপি, অগপ আৰু গণশক্তিৰ হাজাৰ কৰ্মী-সদস্যই মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত ধেমাজিৰ ৰং ছটিওৱা পথাৰৰ পৰা কুমটীয়া নদীলৈ বাইচাইকেল সমদল বাহিৰ কৰে ৷ উক্ত বাইচাইকেল সমদলত বিধায়ক ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে ৷
ডিমৌত প্ৰসূতি আৰু নৱজাতকৰ কৰুণ মৃত্যুত শোক, তদন্তৰ দাবী অঞ্চলবাসীৰ
ডিমৌৰ সমীপৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰি চাহ বাগিচাৰ সাত নম্বৰ লাইনৰ বাসিন্দা মিনতি চুন্দী(২৪) নামৰ এগৰাকী প্ৰসূতিৰ লগতে সদ্যজাত শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ বন্যা বৈছে। ১৭ জানুৱাৰীৰ বিয়লি প্ৰসূতি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিবৰ বাবে পৰিয়ালৰ লোকে বহুবাৰ ১০৮ মৃত্যুঞ্জয় সেৱালৈ ফোন কৰিছিল যদিও মৃত্যুঞ্জয় সেৱাৰ পৰা কোনোধৰণৰ সঁহাৰি নাপাই দৰিদ্ৰ পৰিয়ালটোৱে বাগিচাৰ বাহনেৰে মিনতিক ডিমৌৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰসূতি গৰাকীয়ে ডিমৌ চিকিৎসালয়ত এটি মৃত সন্তান জন্ম দিয়ে। ইয়াৰ পাছতে প্ৰসূতি গৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত ডিমৌৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণ কৰে যদিও মাজ বাটতে প্ৰসূতি গৰাকীয়ে কৰুণ ভাবে মৃত্যুক আঁকোৱালি লয়। ৰাইজে প্ৰসূতি আৰু নৱ জাতকৰ মৃত্যু ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।
“ধেমাজি এতিয়া আগৰ ধেমাজি হৈ থকা নাই ৷ ধেমাজিলৈ পৰিবৰ্তন আহিছে” : হিমন্ত বিশ্ব শৰ্মা
“আমাৰ বিজেপি দলৰ চৰকাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে ৷ আমাৰ চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে অসমৰ অন্য জিলাৰ দৰে ধেমাজি জিলাও দ্ৰুতগতিত উন্নতিৰ জখলালৈ গতি কৰিছে ৷” : আজি ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ বৰদলনিত ১৫ নং ৰাষ্টীয় ঘাইপথৰ কুমটীয়া নদীৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য আগবঢ়ায় ৷
আধাৰশিলা স্থাপনৰ কাষতে নিৰ্মাণ কৰা সভাগৃহত বিশাল জনসভাক উদ্দেশ্যি তেওঁ কয়- ধেমাজি এতিয়া আগৰ ধেমাজি হৈ থকা নাই ৷ ধেমাজিলৈ পৰিবৰ্তন আহিছে ৷ বাট-পথৰ পৰা আৰম্ভ কৰি শৈক্ষিক, স্বাস্থ্য আদি সকলো দিশতে আমূল প্ৰগতি হৈছে ৷ এই প্ৰগতিৰ অংশ হিচাপে আজি আমি আকৌ কুমটীয়া নদীখনৰ ওপৰত নতুন পকী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিলো ৷ এই দলংখনৰ নিৰ্মাণে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব ৷ দলংখন নিৰ্মাণত মুঠ ৪৩ কোটি ৫৪ লাখ টকা ব্যয় কৰা হ’ব বুলি তেওঁ দোহাৰে আৰু আগন্তুক দুবছৰৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ৰাইজক অৱগত কৰে ৷ ভাষণ প্ৰসংগত তেওঁ কয়- ধেমাজিত দুদিন ধৰি তেওঁ বিভিন্ন উন্নয়ন মূূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে ৷ ধেমাজিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কামো হাতত লৈছে আৰু মহাবিদ্যালয়খনৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাম চলি আছে ৷ সকলো ঠিকেই থাকিলে অতি শীঘ্ৰেই মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি তেওঁ উপস্থিত হাজাৰ হাজাৰ ৰাইজক অৱগত কৰে ৷ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডাঃ ৰণোজ পেগু, এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ সভাত উপস্থিত থাকে ট্ৰাইবেল সংঘৰ সম্পাদক মিলন সোনোৱাল, বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেমা দত্ত, অগপৰ ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱা আৰু ধেমাজি জিলাৰ চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে ৷ উল্লেখনীয় যে আজি পুৱা বিজেপি, অগপ আৰু গণশক্তিৰ হাজাৰ কৰ্মী-সদস্যই মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত ধেমাজিৰ ৰং ছটিওৱা পথাৰৰ পৰা কুমটীয়া নদীলৈ বাইচাইকেল সমদল বাহিৰ কৰে ৷ উক্ত বাইচাইকেল সমদলত বিধায়ক ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে ৷









