Home Blog Page 3151

মুল্য বৃদ্ধিৰ প্ৰতিবাদত মৰাণত আছুৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী হুংকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ৪ নৱেম্বৰঃ অত্যাৱশকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি মৰাণত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা  সমিতিৰ আহ্বানত মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ নগৰ মাজ-মজিয়াত অত্যাৱশকীয় খাদ্য সামগ্ৰী মুল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়।

আছুৰ প্ৰতিবাদীসকলে মৰাণ নগৰৰ মাজমজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ মিত্ৰজোট চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান দি মৰাণৰ আকাশ-বতাহ  কপাই তোলাৰ লগতে গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগান মন্ত্ৰী ফনীভুষন চৌধুৰী জুমুঠি দাহ কৰে।

পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসন বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰে সৰ্বসাধাৰণ লোকক কেৱল শোষণ কৰি অহাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি জিতু গগৈ আৰু সম্পাদক ভাস্কৰ বৰুৱাই চৰকাৰক কঠোৰ সমালোচনা কৰে।

শীঘ্ৰে যদিহে মুল্য বৃদ্ধি ৰোধ নকৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই অধিক জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ প্ৰদান কৰিছে।

মৰিগাঁও জিলা যোগ এচ’ছিয়েছন গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৪ নৱেম্বৰঃ অসম যোগ সন্থাৰ অন্তৰ্গত মৰিগাঁও জিলা যোগ সন্থাৰ সমিতি আজি গঠন কৰা হয়৷ মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ প্ৰেক্ষাগৃহ জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰে৷

যোগ প্ৰশিক্ষক তথা সাংবাদিক মানস নাথে আঁতধৰা সভাখনত উপস্থিত থাকি যোগ সন্থাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে ভাষণ প্ৰদান কৰে ক্ৰমে অসম যোগ সন্থাৰ সম্পাদক প্ৰভাত বৰা, মৰিগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ মনিকা বৰা, নগাঁৱৰ অধিবক্তা গৌতম ভট্টাচাৰ্যই৷

জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা কেবাগৰাকী যোগ প্ৰশিক্ষক উপস্থিত থকা উক্ত সভাতে চিকিৎসক ডাঃ মনিকা বৰা, নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰক সভাপতি আৰু ৰাজীৱ দাসক সম্পাদক হিছাপে হৈ এখন জিলা যোগ এচ’ছিয়েছনৰ সমিতি খন গঠন কৰা হয় ৷

সত্ৰীয়া নৃত্যত প্ৰথম স্থান মাজুলীৰ সমুদ্ৰ হাজৰিকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মাজুলী, ৪ নৱেম্বৰঃ মাজুলী জিলাৰ গড়মূৰৰ সমীপৱৰ্তী খোনাচুক গাঁৱৰ সমুদ্ৰ হাজৰিকাই সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড°ভূপেন হাজৰিকা পৰিৱেশ্য কলা বিভাগৰ স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষাৰ সত্ৰীয়া নৃত্য বিষয়ত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

নৃত্য-বাদ্যত পাকৈত সমুদ্ৰই খোলবাদ্য, সত্ৰীয়া নৃত্য, নাগাৰা বাদন আদি বিষয়ত মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইত ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ সমুদ্ৰ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সমীপৱৰ্তী খোনাচুকৰ শিল্পী বিপুল হাজৰিকা আৰু সাৱিত্ৰী হাজৰিকাৰ পুত্ৰ৷ ছাত্ৰ গৰাকীৰ সাফল্যত মাজুলীবাসী ৰাইজে সন্তোষ্টি প্ৰকাশ কৰি তেওঁৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছে৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চি তেল পৰিবাহী পাইপ, আতংকিত ৰাইজ

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ বাঘজানৰ পিছত এইবাৰ শিৱসাগৰত ঘটিল অনুৰূপ ঘটনা। শিৱসাগৰ জিলাৰ বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চিৰ তেল পৰিবাহী পাইপ।

বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অ’ এন জি চিৰ পাইপ ফুটি নিৰ্গত হয় অহৰহ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। ফ’ৰলেন পথৰ কাম কৰি থকা অৱস্থাত সংঘটিত হৈছে এই অঘটন। গেছ আৰু তেল নিৰ্গত হৈ থকাৰ ফলত অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে।

অ’ এন জি চিৰ বলিয়াঘাটস্থিত GGS-1 ত তেল গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত হয় তেল আৰু প্ৰাকৃতিক গেছ৷ লগে-লগে ৰাইজে অ’ এন জি চি কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে।

যদিও এক ঘন্টা পিছতহে নিগম কৰ্তৃপক্ষ উক্ত স্থানত উপস্থিত হোৱা বুলি স্থানীয়ে ৰাইজে জানিব দিয়ে৷ পৰৱৰ্তী সময়ত নিশালৈ পুনৰ পূৰ্বৰ পৰিস্থিতিৰ সূচনা হয় বুলি জানিব পৰা গৈছে।

গেলেকী আৰক্ষীয়ে জব্দ কৰিলে ৬০টিন লালীগুড়, পলাতক বাহনৰ চালক

দৈনন্নিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ নাজিৰা  মহকুমাৰ আৱকাৰী বিভাগৰ উপ-অধীক্ষক আব্দুল লেতিফ আৰু পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত আৱকাৰীৰ দলে সীমান্তবৰ্তী গেলেকীকে ধৰি বিভিন্ন অঞ্চলত অবৈধ মদৰ বিৰুদ্ধে তথাকথিত অভিযান চলাই বাঃ বাঃ লব বিচৰাৰ সময়তে গেলেকী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি প্ৰায় ৬০ টিন লালীগুড় জব্দ কৰে।

জানিব পৰা মতে গেলেকী থানাৰ আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সুত্ৰৰ পমখেদি সীমান্ত অঞ্চলটোৰ মৰাণ গাঁৱত এক অভিযান চলাই এখন নতুন মহিন্দ্ৰ পিকআপ ভানত প্ৰায় ৬০ টিন লালীগুড় জব্দ কৰে যদিও আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ লাভ কৰি অবৈধ লালীগুড় ব্যৱসায়ীয়ে গাঁওখনত গাড়ী এৰি পলায়ন কৰে।

আৰক্ষীৰ দলটোৱে চালক তথা মালিকৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্যনীয় যে, আৱকাৰী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক মাহেকীয়া কমিচন আদায় দি গেলেকীৰ আলিয়ে-গলিয়ে অবৈধ মদৰ ঘাটী গঢ়ি তোলাৰ লগতে একাংশ দুষ্ট চক্ৰই লালীগুড়ৰ ব্যাপক অবৈধ ব্যৱসায় অব্যাহত ৰাখিছে।

লাকুৱা ঐতিহাসিক আমলখি দেউশালত তৰুণ গগৈ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা

দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৪নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাৰ ঐতিহাসিক আমলখি দেউশালত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আশু আৰোগ্য কামনা কৰি এক বিশেষ পূজাৰ আয়োজন কৰা হয়। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

লাকুৱাৰ দিচাং নৈৰ কাষত থকা তথা আহোম যুগৰ পৱিত্ৰ উপাসনাস্থলী ঐতিহাসিক আমলখি দেউশালত পুৱা চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, সম্পাদক দাদুল বৰুৱা, তীৰ্থ বৰা, স্বপ্নজিৎ বৰগোঁহাই আদিৰ নেতৃত্বত কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ এই বিশেষ পূজাভাগৰ আয়োজন কৰে।

মলুং নিপেন মহনৰ দ্বাৰা টাই আহোম পৰম্পৰা অনুসৰি আমলখি দেউশালত আয়োজন কৰা বিশেষ পূজাভাগৰ যোগেদি আহোম সকলৰ উপাস্য দেৱতাসকলক আৰাধনা কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। অনুষ্ঠানত যথেষ্ট সংখ্যক কংগ্ৰেছ দলৰ কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

আমেৰিকা নিৰ্বাচনৰ ভোটগননা, কোন হব আমেৰিকাৰ পৰবৰ্তি ৰাষ্ট্ৰপতি

দৈনন্দিন বাৰ্তাৰ সেৱা, ৪ নৱেম্বৰঃ কোন হব আমেৰিকাৰ পৰবৰ্তি ৰাষ্ট্ৰপতি! আজি ভাগ্য নিৰ্ণয় হব ড’নাল্ড ট্ৰাম্প আৰু জ’ ৱাইডেনৰ। বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা জ’ ৱাইডেনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা দেখা গৈছে।

আনহাতে এইবাৰ আমেৰিকাৰ নিৰ্বাচনত ভোটদান কৰা দিনৰ পূৰ্বেই মেইল অথবা বেলটৰ জৰিয়তে অভিলেখ সংখ্যক ভোট প্ৰদান কৰে মাৰ্কিন ভোটাৰ সকলে। বেলেটৰ ৯ কোটি ৩০ লাখ আমেৰিকাবাসীয়ে আগতীয়া ভোট প্ৰদান কৰিছে।

২০১৮ চনৰ আত্মহত্যাৰ গোচৰত আটক ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্নৱ গোস্বামীক

দৈনন্দিন বাৰ্তাৰ সেৱা, মুম্বাই, ৪ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্নৱ গোস্বামীক আটক। ২০১৮ চনৰ আত্মহত্যাৰ গোচৰত মুম্বাই আৰক্ষীয়ে আটক কৰে ৰিপাব্লিক টিভিৰ সম্পাদক গৰাকীক।

২০১৮ চনৰ মে ৫৩ বছৰীয়া ইন্টেৰিয়ৰ ডিজাইনাৰ আনভাই নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ আত্মহত্যাৰ ফলত মৃত্যু হৈছিল। আনভাই নাইকে লিখা আত্মহত্যাৰ টোকা পোৱা গৈছিল।

নাইকে লিখিছিল যে, গোস্বামী আৰু আন দুজনে তেওঁক ৫.৪০ কোটি টকা পৰিশোধ কৰা নাই। যাৰ ফলত তেওঁৰ বিত্তীয় বাধাৰ সৃষ্টি হৈছিল। উপযুক্ত প্ৰমাণৰ অভাৱত ২০১৯ চনত গোচৰটো বন্ধ হৈছিল যদিও ২০২০ চনৰ মে মাহত এই আত্মহত্যা ঘটনাৰ চিআইডি তদন্তৰ ঘোষনা কৰিছিল মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে।

শিৱসাগৰৰ প্রগতি নার্চিংহোমত ম্যাদ উকলা ঔষধ বিক্ৰীক লৈ উত্তেজনা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৩ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত নগৰৰ সমীপৰ জেঙনিকটীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন ব্যক্তিগত নার্ছিং হোমত ম্যাদ ওকলা ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনক লৈ হেঁতালিখেলাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাইজৰ অভিযোগ ডিমৌ দিহাজানৰ নিবাসী মফিদা বেগম নামৰ মহিলাগৰাকী হঠাৎ অসুস্থ অনুভৱ কৰি ব্যক্তিগতখণ্ডৰ চিকিৎসালয় প্রগতি নার্ছিং হোমৰ চিকিৎসকৰ কাষ চাপে।

চিকিৎসকে বেগমৰ স্বাস্থ্য পৰীক্ষা কৰি ভালেকেইটা ঔষধ লিখি দিয়ে। চল্লিশ বছৰীয়া মফিদা বেগমৰ স্বামীয়ে প্রগতি নার্ছিং হোমৰ চৌহদত সংগ্নল হৈ থকা ঔষাধালয়ত পত্নীৰ বাবে ঔষাধ ক্ৰয় কৰে। সামান্তৰাল ভাৱে বেগমে টেবলেট সেৱন কৰিবলৈ লওঁতে দেখা পায় টেবলেটবোৰ গলি যোৱা তথা ম্যাদ ওকলা ঔষধখিনিৰ বিপৰীতে এক উত্তেজনাময় পৰিবেশৰ সূচনা হয়। ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ খবৰ পায় জিলা দণ্ডাধীশ পংকজ বৰা উপস্থিত হৈ ঔষধালয়খনৰ পৰা বহু সংখ্যক ম্যাদ ওকলা ঔষধ জব্দ কৰে। সম্প্ৰতি ঔষধ বিক্ৰী কৰিবৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ আৰু ঔষধালয়ত উপস্থিত ঔষধ বিক্ৰেতাৰ উপযুক্ত প্রশিক্ষণৰ অভাৱ সম্পন্ন ব্যক্তিক কর্মচাৰি হিচাপে নিয়োজিত কৰি ৰখাৰো অভিযোগ উত্থাপন হৈছে।

আনহাতে আপাতকালীন সময়ত চিকিৎসকৰ অনুপস্থিতিৰো অভিযোগ উত্থাপিত হৈ আহিছে প্রগতি নার্ছিং হোমৰ বিৰুদ্ধে। শিৱসাগৰ জিলা প্ৰশাসনে বাৰম্বাৰ চিকিৎসালয়খনৰ এনেবোৰ দোষ আওকান কৰা কার্যক এতিয়া সন্দেহৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈছে শিৱসাগৰবাসী ৰাইজে।

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৩ নৱেম্বৰঃ নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ পানিখাইতি অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি পানিখাইতি অঞ্চলৰ  ৰিংকু আহমেদ নামৰ লোক এজনে অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল।

মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।  এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিলটো উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়।

অবৈধ কাঠ ফলা মিল জব্দ আৰক্ষীৰ

অভিযান কালত  বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বন পালক প্ৰভাত বৰাৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে অভিযান কালত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।