Home Blog Page 3151

ফিল’বাৰীৰ ৰংপুৰ গাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্দ্ধনা

 তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰংপুৰ গাৱঁৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ গ্ৰহণ কৰা প্রধান শিক্ষক শশীন্দ্ৰ কুমাৰ চুতীয়াক শিল্পী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক কাৰ্যসূচীত বিদায় সম্বৰ্দ্ধনা জনোৱা হয় । ৰংপুৰ গাওঁবাসীৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছ পুলি ৰোপন কৰা হয় ।  অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্র গায়ন, অৱসৰ প্ৰাপ্ত শিক্ষক কমলা কান্ত চুতীয়া, ভৈৰৱ বৰা, মীৰা চেতিয়া দুৱৰী, মহেন্দ্র দাসৰ লগতে ৰংপুৰ গাৱঁৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিভিন্ন গীত মাতেৰে মুখৰিত হোৱা শিল্পী দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠানৰ  কাৰ্য্যসূচীত ৰংপুৰ গাৱঁৰে ৰাজীৱ লোচন বৰা, তৰুণ চন্দ্র গায়ন, প্ৰিয়ংকা শইকীয়া,  আকাশ কোঁৱৰ আদি মুঠ ৮ গৰাকী লোকে  গছ পুলি ৰোপন কৰে। 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত ৰণশিঙা বজালে অসম জাতীয় পৰিষদে : একাৱন্ন জনীয়া জিলা সমিতি গঠন

 আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বিশাল বাইক ৰেলিৰে ৰাজপথ কঁপালে অসম জাতীয় পৰিষদে। কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্ৰ বসুমতাৰীক লগত লৈ উজনি মাজুলীৰ মাজৰ দেউৰীৰ পৰা মাজুলীৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী পদ্মেশ্বৰ দলে,শীশুধৰ দলেৰ নেতৃত্বত উলিওৱা হয় এক বিশাল বাইক ৰেলি। মাজুলীৰ সোণাৰীআটি নৱজ্যোতি কৃষ্টি সংঘত দলটোৰ  জিলা অভিৱৰ্তন অনুষ্ঠিত হয়। অভিৱৰ্তনত মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। উক্ত অভিৱৰ্তনতেে শিশুধৰ দলেৰ সভাপতি,  হেমন্ত বৰাক সম্পাদক,  ব্ৰজেন ভৰালী, হৰেণ বৰা, সোনাধৰ দলে,  প্ৰদীপ বৰাক উপসভাপতি হিচাপে লৈ যুটীয়া সম্পাদক পাঁচজন সহ মুঠ একাৱন্ন জন সদস্যৰে  শক্তিশালী ৰূপত জিলা সমিতিখন গঠন হয়। চিত্ৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ ওচৰত কয় অসমৰ লগতে মাজুলীবাসী ৰাইজে অসম জাতীয় পৰিষদ দলক আঁকোৱালি লৈছে। কাৰণ চৰম সংকটত ভুগিছে মাজুলীবাসী ৰাইজ বিজেপি চৰকাৰৰ বাবে। মুখ্যমন্ত্ৰী সমষ্টিতে হৈছে চৰম দুৰ্নীতি। মুখ্যমন্ত্ৰী সোঁৱে বাৱে থকা কিছুমান মানুহে কৰিছে এই দূৰ্নীতি।
সাংবাদিকে অখিল গগৈ সন্দৰ্ভত সোধা প্ৰশ্ন উত্তৰত চিত্ৰ বসুমতাৰীয়ে কয় – অখিল গগৈক বলপূৰ্বক ভাবে কাৰাগাৰত বন্দী কৰি ৰাখিছে। অখিল গগৈত কৈও দাগী মানুহ আছে বিজেপিত । অখিল গগৈয়ে কাৰাগাৰত কটোৱা প্ৰতিটো দিন প্ৰতিটো নিশাৰ মূল্য দিব লাগিব বিজেপি চৰকাৰে।  নিজকে অসমৰ দুই নম্বৰ মন্ত্ৰী বুলি কৈ থকা হিমন্ত বিশ্ব শৰ্মা বহু কেলেংকাৰী লগত জড়িত। লগতে তেখেতে কয় যে, অসম জাতীয় দল শাসনলৈ আহিলে কেলেংকাৰী নেতাবোৰে জেলত থাকিব লাগিব ৷ অসম জাতীয় পৰিসদৰ এই অভিৱৰ্তনত বিজেপি,  অগপ,  গনশক্তি,  কংগ্ৰেছ,  প্ৰাক্তন আছু আৰু যুৱছাত্ৰ পৰিষদৰ প্ৰায় ৬৫০ জনে সদস্যই যোগদান কৰে ৷

২৬ জানুৱাৰীত দ্ৰুত দবা প্ৰতিযোগিতাৰ আয়োজন

 বিগত বছৰৰ দৰে শিৱসাগৰ চেছ একাডেমীৰ মাডাৰ্চ ফৰামৰ  উদ্যোগত আৰু শিৱসাগৰ চেছ একাডেমীৰ সহযোগত অহা ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস উপলক্ষে শিৱসাগৰ ছোৱালী কলেজত দিনজোৰাকৈ শিৱসাগৰ জিলাভিত্তিক মুকলি দ্ৰুত দবা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাৰ নামভৰ্তিৰ মাচুল ২০০ টকা । প্ৰতিযোগীসকলে অহা ২৫ জানুৱাৰীৰ সন্ধিয়া ৭ বজাৰ ভিতৰত শিৱসাগৰ চেছ একাডেমীত নামভৰ্তি নিশ্চিত কৰিব লাগিব । অৰ্থাৎ ২৬ জানুৱাৰীৰ দিনা কোনোধৰণৰ নামভৰ্তি নহ’ব । বয়সৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক । প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে জিলা দবা সন্থাৰ পৰা অনুমতি লোৱা হৈছে। প্ৰতিযোগীসকলে চুইছ লীগ পদ্ধতিৰে দবা ঘড়ীৰ সহায়ত ১০ মিনিট ৩ ছেকেণ্ড ইনক্ৰিমেন্ট সময়ত  ৭ ৰাউণ্ড খেলিব লাগিব। প্ৰতিযোগিতাখন অনুৰ্দ্ধ  ৯, ১৩,আৰু ১৭  বছৰৰ ল’ৰা – ছোৱালীৰ শাখাত খেলুৱা হ’ব । প্ৰতিটো শাখাৰ প্ৰথম চাৰিটা স্থান লাভ কৰা সকলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰাৰ  উপৰিও অংশ গ্ৰহণ কৰা সকলোকে মানপত্ৰ প্ৰদান কৰা হ’ব। 

লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ এটি সঁজাতী দলে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক চৰকাৰী কৰ্মচাৰী সকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে এই পেঞ্চন নীতি অনুসৰি কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষিত নকৰে বুলি অভিযোগ কৰি পুৰণি পেঞ্চন নীতিৰ সা সুবিধা প্রদান কৰিবলৈ দাবী কৰিছে। চৰকাৰী সেৱা আগবঢ়াই অৱসৰকালীন সময়খিনিত নিশ্চয়তা নথকাত কৰ্মচাৰী সকল নিজৰ লগতে পৰিয়ালৰ কথা ভাৱি আতংকিত হোৱাটো বিশেষ লক্ষণীয়। বৃদ্ধাৱস্থাত কোনো শাৰীৰিক সক্ষমতা নথকাৰ পৰিপ্ৰেক্ষিতত নিজৰ অত্যাবশ্যকীয় বস্তু কেইপদো যোগাৰ কৰি লোৱাত অসমৰ্থ হৈ পৰাৰ সম্ভাবনা অধিক। লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি সম্পাদক পূণ্য গোঁহাই দত্ত আৰু দিগন্ত গোঁহাইৰ স্বাক্ষৰিত স্মাৰক পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পেঞ্চন নীতি সংশোধন কৰি হ’লেও কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সম্পাদক মনোজ মহন, লাহোৱাল আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক পূণ্য গোঁহাই দত্ত, দিগন্ত গোঁহাইৰ লগতে সহ সম্পাদক মৃদুল কলিতা, ৰমানন্দ খনিকৰ, শান্ত কোঁৱৰ, দীপ সিং, জিতুল গগৈৰ লগতে জিলা সাংগঠনিক সম্পাদক সুকুমাৰ ঘোষ স্মাৰক পত্ৰ প্ৰদানত উপস্থিত আছিল।

গঁড়ৰ আক্ৰমণত আহত দুটাকৈ গৰু

জামুগুৰিহাটৰ চৰাঞ্চলত আজি এটা গড়েঁ সন্ত্ৰাসৰ সৃষ্টি কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জামুগুৰিহাটৰ দীঘলী চাপৰিত আশ্ৰয় লোৱা গড়ঁটোৰ আক্ৰমণত দুটাকৈ গৰু গুৰুত্বৰ ভাৱে আহত হয়।দিনৰ ১২মান বজাত দীঘলী চাপৰিত গড়ঁটো ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতে হুলস্থূলৰ সৃষ্টি কৰাত ভয়ত দিকবিদিক হেৰুৱাই খঙাল ৰূপ ধাৰণ কৰা গড়ঁটোৱে এফালৰ পৰা আক্ৰমণ কৰিবলৈ উদ্যত হয়।গড়ঁৰ আক্ৰমণত দুটাকৈ গৰু গুৰুত্বৰভাৱে আহত হয়।ৰাইজে বনবিভাগক আৱগত কৰাত ঘটনাস্হলীত বনবিভাগৰ লোক উপস্থিত হৈ গড়ঁটো বনাঞ্চললৈ ওভতাই পঠাবলৈ চেষ্টা চলাই যদিও সন্ধিয়া পৰ্যন্ত বনবিভাগৰ লোক সফল হোৱা নাই। ইফালে আন্ধাৰ হৈ অহাৰ পাছত গড়ঁৰ ভয়ত অঞ্চটোৰ ৰাইজ আতংকিত হৈ পৰিছে। 

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ

নাগৰিকত্ব সংশোধনি আইন ২০১৯ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল হোৱা গোচৰ সমূহৰ ক্ষিপ্ৰতাৰে মীমাংসা কৰাৰ আহ্বানৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম সাংবাদিক সন্হা চমুকৈ আজুৱে ৷ দেওবাৰে বিয়লি সাংবাদিক সংস্হাটোৰ তেজপুৰস্হিত মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ সভাপতি পংকজ নাথে৷সাংবাদিক সংস্হাটোৰ বিত্তীয় সম্পাদক মিন্টু হেমৰম,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দিব্যজ্যোতি নাথ আৰু অপূৰ্ব বৰাৰ অংশগ্ৰহণৰে অনুষ্ঠিত সংবাদ মেলখনত নাথে কয় যে নাগৰিকত্ব সংশোধনি আইন ২০১৯ বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত বহু সংখ্যক গোচৰ দাখিল হৈছে আৰু পঞ্জীয়নভুক্ত অসমৰ এই গোচৰ সমূহ উচ্চতম ন্যায়ালয়ে আছুতীয়াকৈ ৰাখিছে৷কিন্তু আছুতীয়াকৈ থকা এইসমূহ গোছৰৰ শুনানি গ্ৰহণত পলম হোৱা বুলি মন্তব্য কৰি নাথে কয় যে এই বাবেই শুনানি শীঘ্ৰেই গ্ৰহণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনাই শণিবাৰে পত্ৰ প্ৰেৰণ কৰিছে আজুৱে৷নাথে এই আইনখন ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ বাবে অতি বিপদজনক বুলি অভিহিত কৰি এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক ৰাজ্যৰ খিলঞ্জীয়া লোকৰ সকলোধৰণৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায়৷তেওঁ লগতে কয় যে পত্ৰ প্ৰেৰণৰ এই সিদ্ধান্ত আজুৰ আজাৰাত অনুষ্ঠিত মধ্যকালীন অধিবেশনত লোৱা হৈছিল৷

নগাঁৱৰ হালোৱাগাঁৱত সাহিত্য সভাৰ উদ্যোগত শিল্পী দিৱস উদযাপন শতাধিক গণ্য-মান্য ব্যক্তিক সম্বৰ্ধনা : গ্ৰন্থ উন্মোচন

নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত ও  চলচলি শাখা সাহিত্য সভাৰ সৌজন্যত আৰু অসম নাট্য সন্মিলনৰ চলচলি শাখাৰ সহযোগত আজি বঢ়মপুৰৰ সমীপৰ হালোৱাগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় । এই উপলক্ষে বিয়লি নগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত উপ-সভাপতি, বিশিষ্ট লেখক থগিত চন্দ্ৰ মহন্তৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয় । স্থানীয় কলা-কুশলীৰ দ্বাৰা “চিৰ চেনেহী মোৰ ভাষা জননী ” গীত পৰিবেশনেৰে আৰম্ভ হোৱা মুকলি সভাখনৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিকৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই । চলচলি শাখা সাহিত্য সভাৰ সম্পাদক প্ৰান্তিক গোস্বামীয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্যে বাখ্যা কৰে জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই । সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰে অংশগ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি কয় যে , জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমৰ জাতিসত্বা গঢ়াৰ এগৰাকী অগ্ৰণী পুৰুষ । গীতৰ কথাৰে , নাটকৰ ভাষাৰে , চলচ্চিত্ৰৰ চিত্ৰনেৰে ৰূপকোঁৱৰে জাতীয় চেতনা জাগ্ৰত আৰু নতুন অভিধা সৃষ্টি কৰিছিল । বৰ্তমান অসমীয়া জাতি উটি-ভাঁহি গৈছে । জ্যোতিপ্ৰসাদ আগৰৱালাই সংস্কৃতি কৰিছিল আৰু আমি অসমীয়া মানুহে বহুজনেই দু-সংস্কৃতি কৰি আছো । এই সভাতে লেখিকা অমিয়া গোস্বামীৰ দ্বাৰা ৰচিত “বিয়ানাম ” নামৰ গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱেশ মেধিয়ে । ইয়াৰ উপৰি সভাতে চলচলিকে ধৰি অঞ্চলটোৰ কলা-সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত জ্যেষ্ঠ ব্যক্তি ক্ৰমে গোলাপ বৰা , লচিকান্ত শইকীয়া , মনেশ্বৰ বৰা , পদ্মৰাম বৰা , তৰুণ শইকীয়া, গোলাপ সূতকে ধৰি শতাধিক গণ্য-মান্য ব্যক্তিক উদ্যোক্তাসকলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।  সভাত বিশিষ্ট অভিনেত্ৰী আশা বৰদলৈ , শিশু সাহিত্যিক দুলাল বৰা , কলংপাৰ শাখা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ গোস্বামী , প্ৰণৱ কুমাৰ বৰা আদিকে প্ৰমুখ্যে কৰি বহু গণ্য-মান্য ব্যক্তি ও কেইবাশতাধিক লোক উপস্থিত থাকে । সভাৰ পূৰ্বে জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত ক্ৰমে সুকন্যা শইকীয়া , খ্যাতি বৰা , স্তুতিৰঞ্জনা বৰা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ক্ৰমে কস্তুৰী দেৱী , পংখি বৰা আৰু চানডুবি বৰাক পুৰস্কাৰ প্ৰদান কৰা হয় । ইফালে নিশালৈ লেছেৰী সাংস্কৃতিক আৰু ক্ৰীড়া বিকাশ গোষ্ঠীৰ ব্যৱস্থাপনাত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াৰ পূৰ্বে পুৱা ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী শুভাৰম্ভ হোৱা পিছত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চলচলি শাখা সাহিত্য সভাৰ সভাপতি আব্দুৰ ৰহিম হাজৰিকাই । ইয়াৰ পিছত আদৰণি সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ দাসৰ দ্বাৰা স্মৃতি তৰ্পনৰ অন্তত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃত্তি আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

তেজপুৰ সাহিত্য সভাৰ শিল্পী দিৱস

তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আজি শিল্পী দিৱস উদযাপন কৰা হয়  । তেজপুৰৰ বিশিষ্ট ব্যক্তি  সকলে আজি পুৱাই আহি তেজপুৰ সাহিত্য সভাত উপস্থিত হৈ মহান শিল্পী ৰূপকোঁ‌ৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । পোনতে বন্তি প্ৰজ্বলন কৰে জিলা সভাপতি বাসুদেৱ শৰ্মা তেজপুৰ সাহিত্য সভাৰ উপসভাপতি ৰুমা দেৱী উপদেষ্টা মৃণালী চেতিয়াই । বিশিষ্ট ব্যক্তি সকল শৈলজা পদ্মাপতি, মাধৱ দাস, নলিনী বৰুৱা, বেণুধৰ কাকতি , ৰবীন শৰ্মা, ঐশ্বয্য কাকতি,  ড° অৱনী কুমাৰ শৰ্মা, চালাতুল আলম, অৰুণ নাথ, কৃষ্ণা দাস নাথ, মনোমতী কুৰ্মী, ড°চাৰু চহৰীয়া নাথ, জগন্নাথ বৰা, সচ্চিদানন্দ বৰা, অজিত দাস, ভবানন্দ দাস, বংকিম শৰ্মা,  বৃন্দাবন গোস্বামী, ভুবন গগৈ, দিলীপ বৰা, শান্তনু মহন্ত, ভূপেন শৰ্মা, কামাল ৰচিদ আহমেদ, জয়ন্ত কাকতি, তাজ হুচেইন, সঞ্জয় কৃষ্ণ গোঁ‌হাই বৰুৱা, মৃগেন বৰা, পুলিন ভট্টাচাৰ্য, ৰমেশ কলিতা, তৰুণ লহকৰ, বাৰ্লিন শইকীয়া,  ভূপেন কটকী, বিশ্ব বড়ো,  ময়ুৰ কাঞ্চন বৰা আদিকে ধৰি তেজপুৰৰ সমাজ সাহিত্য সাংস্কৃতিক আৰু সংবাদ ক্ষেত্ৰ খনৰ অগ্ৰণী ব্যক্তি সকলে মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন  কৰে । শিল্পীসচ্চিদানন্দ বৰা, অন্বেষা কাঞ্চন বৰা, বিতোপন বৰা, অশ্লেষা কৌশিক, সীমান্ত কাকতি, অজিত দাস, কামাল ৰচিদ আহমেদ, ইধা ভৰদ্বাজ, হৰ্ষিতা কাশ্যপ আদি শিল্পী সকলে জ্যোতি সংগীত পৰিবেশন কৰে । ইয়াৰ লগতে তেজপুৰ সাহিত্য সভাৰ মহিলা সদস্য সকলে সমবেত সংগীত পৰিবেশন কৰে । আঁ‌ত ধৰে সম্পাদক দেৱব্ৰত শৰ্মাই । উপসভানেত্ৰী ৰুমা দেৱীয়ে শিল্পী দিৱসৰ তাৎপৰ্যৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

মঙলদৈ মহাবিদ্যালয়ৰ বাকৰিত ন-পুৰনি NCCৰ সতিৰ্থ সন্মিলন

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, যাক শিক্ষাৰ কমাৰ শাল বুলি কলেও ভুল নহয় ৷ এই এন চি চিৰ পৰাই ছাত্ৰছাত্ৰীয়ে আহৰন কৰিব পাৰে জীৱন সলনি কৰিব পৰা এক শিক্ষা ৷ য’ত সৃষ্টি কৰিব পাৰে আত্মবিশ্বাস, সময়নুবৰ্তীতা, ব্যক্তিত্ব, অনুশাসন,কৰ্তব্য, দায়িত্ব, সমাজ সেৱাৰ মনোভাৱ তথা সবল নেতৃত্ব দিব পৰা এজন সুদক্ষ নাগৰিক ৷

মঙলদৈ মহাবিদ্যালয়ত এন চি চি সন্মিলনৰ বিভিন্ন কাৰ্যসূচীৰ পিচত অনুষ্ঠিত কৰে এন চি চি ন পুৰনি সতিৰ্থ সন্মিলন ৷ এই সন্মিলনত অংশগ্ৰহণ কৰি প্ৰাক্তন শিক্ষাৰ্থী তথা বিশিষ্ট সাংবাদিক গনেশ দত্তই মহাবিদ্যালয়ৰ পুৰনি স্মৃতি ৰোমন্থন কৰি প্ৰতিবছৰে এই সন্মিলনখন অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াই ৷ মঙলদৈ মহাবিদ্যালয়ৰ ছোৱালী গোটৰ তত্ত্বাৱধায়ক মেজৰ ড° ৰেনু হাজৰিকাই কবিতা আবৃত্তি আৰু শিবিৰত ঘটা কিছুমান অভিজ্ঞতা বিষয়ে আলোকপাত কৰে ৷ আনহাতে মহাবিদ্যালয় ল’ৰা গোটৰ তত্ত্বাৱধায়ক তথা ৰক্ত দাতা মেজৰ হৰিমন ডেকাই নিজৰ কাৰ্যকালত হোৱা বিভিন্ন শিবিৰৰ অভিজ্ঞতা আৰু স্মৃতি ৰোমন্থন কৰি আৱেগিক আৰু নষ্টালজিক হৈ পৰাৰ লগতে ছাত্ৰছাত্ৰী সকলক পৃথিৱীৰ আটাইতকৈ সুখি ব্যক্তি বুলি মত প্ৰকাশ কৰে ৷ এই সন্মিলন খনি পৰিচালনা কৰে শিক্ষাৰ্থী বাহিনীৰ অন্যতম সদস্য কুশল ডেকাই ৷

মঙলদৈ মহাবিদ্যালয়ৰ পৰা নামখলাৰ সাংবাদিক দ্বীপেন ডেকাৰ ৰিপৰ্ট ৷ ডি বি নিউজ ৷ ১৬ জানুৱাৰী ৷

হোজাইৰ ডিমাছা সম্প্ৰদায়ৰ লোকে উদযাপন কৰিছে বিহু

হোজাই জিলাৰ ডিমাছা সকলে উদযাপন কৰিছে পৰম্পৰাগত বিহু। ভোগালী বিহুৰ বতৰত হোজাই জিলাত বসবাস কৰা ডিমাছা গাওঁসমূহতো অতি উলহ মালহেৰে উদযাপন কৰিছে বিহু। মূলত হোজাই জিলাত বসবাস কৰা ডিমাছা সম্প্ৰদায়ৰ বিভিন্ন গাওঁৰ লোকসকলে মাঘ বিহুৰ দিনাখনৰে পৰা পৰম্পৰাগত বিহু উদযাপন পৰ্ব আৰম্ভ হয়। বিশেষকৈ শিঙজুৰি, নাঙলভাঙা, বৰ্মন পথাৰ, ৰাইকটা, কোমোৰাকটা, চন্দনপূৰ, নভঙা, কেন্দুগুৰীকে আদিকৰি ডিমাছা সম্প্ৰদায়ে বসবাস কৰা গাওঁ বিশেষে বেলেগ বেলেগ দিনত বিহু উদযাপন কৰা পৰিলক্ষিত হয়।সেই মৰ্মে শনিবাৰে কোমোৰাকটা গাঁওতো ডিমাছা সকলে অতি উলহ মালহেৰে উৎযাপন কৰিছে পৰম্পৰাগত বিহু। বিহু উদযাপনৰ বাবে উদ্যোক্তা সকলে অতি সুন্দৰকৈ বাইখ (নৃত্য পৰিবেশন কৰা ঘৰ) সজাই তুলে আৰু উক্ত বাইখ ঘৰত ডিমাছা সাজ পৰিধান কৰি পুৰুষ-মহিলা, সৰু-বৰ সকলোৱে অতি আনন্দৰে ডিমাছা সকলৰ পৰম্পৰাগত বাইডিমা (পৰম্পৰাগত ডিমাছা নৃত্য) পৰিবেশন কৰে। উক্ত স্থানত হোৱা বিহুত গাওঁ তথা অনান্য অঞ্চলৰ প্ৰায় পাচঁ শতাধীক লোকে ওৰে নিশা পৰম্পৰাগত নৃত্যত অংশ গ্ৰহণ কৰে। মহামাৰি ক’ৰোনাৰ পিছত গাওঁত উদযাপন কৰা বিহুত সহস্ৰাধীক দৰ্শক লোকে অংশগ্ৰহণ কৰাত উৎফুল্লিত উদ্যোক্তা সমিটিৰ অনিতা ফুৰা আৰু চুইটি ডাউলাগুফুে ৰাইজৰ সহযোগে অনাগত দিনত আৰু দুগুনে বিহু উদযাপ কৰিবলৈ শক্তি যোগাব বুলি উল্লেখ কৰে। অনুষ্ঠানৰ শেষত ৪ টা কেটেগুৰিত শ্রেষ্ট বিজয়ী জুতিক পুৰস্কাৰ প্ৰদান কৰা হয়।