উজনি মাজুলীৰ শিলিখাগুৰি গাঁৱৰ ৰূপকোঁৱৰ মিলন সংঘৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ১৭ জানুৱাৰী দিনা শিল্পী দিৱস উপলক্ষ্যে পৰিৱেশ নিকাকৰণৰ পাছতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোমেশ্বৰ কলিতাই বৃক্ষৰোপন আৰু সভাপতি বুদ্ধিন শইকীয়াই সংঘৰ পতাকা উত্তোলন কৰাৰ পাছতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেশ্বৰ বৰুৱাই স্মৃতিতৰ্পণ কৰে। পৰবৰ্তী সময়ত সংঘৰ হাতেলিখা আলোচনী ‘জ্যোতিপ্ৰপাত’ উন্মোচন কাৰ্যসূচী পালন কৰা হয় ৷ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰুৱাৰ তত্বাৱধানত সংঘটোৰ সাহিত্য সম্পাদক ৰঞ্জন শইকীয়াই সম্পাদনা কৰা দ্বিবাৰ্ষিক হাতেলিখা আলোচনীখন অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ হাজৰিকাই উন্মোচন কৰে। ‘জৈৱ-বৈচিত্ৰ্য’ সম্পৰ্কীয় মূল বিষয়বস্তুৰে সংঘৰ যুৱ-চেমনীয়া সদস্যসকলে হাতেৰে লিখি প্ৰস্তুত কৰি উলিওৱা আলোচনীখনৰ মূল বিষয়বস্তুক উন্মোচনী সভাত উপস্থিত সকলোৱে সময়োপযোগী হৈছে বুলি প্ৰকাশ কৰে। পৰবৰ্তী সময়ত সংঘৰ পৰম্পৰানুযায়ী ২০২০ বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা শিলিখাগুৰি গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰী লক্ষ্যজিত শইকীয়া, প্ৰিঞ্চিপ্ৰিয়া কলিতা, বিষ্ণুপ্ৰসাদ হাজৰিকা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা প্ৰণিতা ফুকন, বিতুমনি শইকীয়া আৰু অপূৰ্ব শইকীয়াক সম্বৰ্ধনা পত্ৰ, কলম আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয় ৷ সম্পাদক বিচিত্ৰ শইকীয়াই আঁতধৰা অনুষ্ঠানটিত কেইবাজনো গন্যমান্য ব্যক্তি আৰু সম্বৰ্ধনা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে বক্তব্য আগবঢ়ায়। একে উপলক্ষ্যত ১৮ আৰু ১৯ জানুৱাৰীত বিভিন্ন কাৰ্যসূচী আৰু ২০ জানুৱাৰী তাৰিখৰ নিশালৈ সংঘৰ প্ৰেক্ষাগৃহত গনেশ হাজৰিকাৰ পৰিচালনাৰে এখনি সামাজিক নাটক মঞ্চস্থ কৰাৰ পূৰ্ণায়োজন কৰা হৈছে।
বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ ২০২০ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা
নিজৰ সাধনা আৰু প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসমৰ এগৰাকী খ্যাতনামা অভিনেতা বৰেন্য শিল্পী বিষ্ণু খাৰঘৰীয়ালৈ ২০২০ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আগবঢ়োৱা হৈছে। নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে বিশিষ্ট অভিনেতা গৰাকীলৈ এই বঁটা আগবঢ়ায়।
উল্লেখ্য, যোৱা শতিকাৰ সত্তৰৰ দশকত অভিনয়ৰ ক্ষেত্ৰখনত পদাৰ্পণ কৰা বিষ্ণু খাৰঘৰীয়াই এই পৰ্যন্ত ত্ৰিশ খনতকৈ অধিক ছবিত অভিনয় কৰিছে ৷ তেওঁ ১৯৯৫ আৰু ২০১৩ চনত দুবাৰকৈ ৰাষ্ট্ৰীয় চলিচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰি ১৯৯৬ চনত ছিংগাপুৰ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল।
আজি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে অভিনেতা বিষ্ণু খাৰঘৰীয়াক ২০২০ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটাৰ বাবে মনোনীত কৰাৰ বিষয়ে জানিবলৈ দিয়ে ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত বিশিষ্ট অভিনেতা গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব ৷
উল্লেখ্য যে, ২০১৭ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি আহিছে ৷ ২০১৭ বৰ্ষত এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল বিশিষ্ট কৃষি বিজ্ঞানী ড৹ বিদ্যুৎ শৰ্মাক ৷ আনহাতে ২০১৮ আৰু ১৯ বৰ্ষত এই বঁটা ক্ৰমে ভাষাবিদ মাহেন্দ্ৰ পাদুং আৰু মানৱ অধিকাৰ কৰ্মী বীৰুবালা ৰাভাক প্ৰদান কৰা হৈছিল ৷ ২০২০ বৰ্ষৰ বাবে এই বঁটা বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰিবলৈ পাই মহাবিদ্যালয়খনৰ পৰিয়ালে গৌৰৱ অনুভৱ কৰা বুলি অধ্যক্ষ ড৹ সুৰজিৎ কুমাৰ ভাগৱতীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ।
বন্ধ কৰি দিয়া হ’ল আমিনুল ইছলামৰ ফেচবুক পেজ
বন্ধ হ’ল AIUDFৰ নেতা আমিনুল ইছলামৰ ফেচবুক পেজ ।
ফেচবুক কৰ্তৃপক্ষই বন্ধ কৰিলে নেতাগৰাকীৰ ৩টাকৈ ফেচবুক পেজ ।
ফেচবুক পেজ বন্ধ হোৱাত সৰৱ আমিনুল ইছলাম ।
বিষয়টোক লৈ উদ্বেগ প্ৰকাশ AIUDFৰ ।
BJPৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ নেতাগৰাকীৰ ।

ফেচবুক কৰ্তৃপক্ষক কাৰণ দৰ্শোৱাৰ জাননী আমিনুল ইছলামৰ ।
অন্যথা ন্যায়ালয়ৰ কাষ চাপিব আমিনুল ইছলাম ।
সাৱধান : এইবাৰ আইচক্ৰীমত ক’ভিড-১৯
সমগ্ৰ বিশ্বতেই ইতিমধ্যে আৰম্ভ হৈছে কৰ’ণা ভাইৰাছ ভেকচিনৰ টিকাকৰণ প্ৰক্ৰিয়া। টিকাকৰণৰ সময়তেই সকলোকে শংকিত কৰি পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা।
এইবাৰ আইচক্ৰীমৰ মাজত ওলাল কৰ’ণা ভাইৰাছ। চীনৰ টিয়ানজিন নগৰাঞ্চলত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। এই ঘটনাই চিন্তিত কৰি তুলিছে চীনৰ স্বাস্থ্যকৰ্মীৰ লগতে প্ৰশাসনক। প্ৰায় ৪,৮৩৬টা আইচক্ৰীমৰ বাকচত ধৰা পৰিছে ক’ভিড ১৯। আইচক্ৰীমখিনি টিয়ানজিন ডাকিয়া অ’ডাও ফুড কোম্পানীৰ বুলি জনাইছে প্ৰশাসনে। এই তথ্য পোহৰলৈ অহাৰ পাছৰে পৰা চিন্তিত হৈ পৰিছে চীনৰ সাধাৰণ জনতা।
উল্লেখ্য যে ইতিমধ্যে ২০৮৯টা আইচক্ৰীমৰ বাকচ জব্দ কৰিছে প্ৰশাসনে। কিন্তু ঘটনাৰ পূৰ্বেই ১৮১২টা বাকচ বিভিন্ন অঞ্চললৈ মুকলি কৰি দিয়াৰ লগতে ৯৩৫টা বাকচ স্থানীয় বজাৰলৈও প্ৰেৰণ কৰে কোম্পানীটোৱে। কিন্তু সৌভাগ্যক্ৰমে প্ৰায় ৬৫টা বাকচহে বৰ্তমানলৈকে বিক্ৰী হৈছে বুলি জনাইছে প্ৰশাসনে। আনহাতে ১,৬৬২ গৰাকী কৰ্মচাৰীক কোৱাৰেণ্টাইন তথা ক’ভিড টেষ্টৰ নিৰ্দেশ দিছে প্ৰশাসনে।
হয়তো আপুনি নিবিচাৰে ! কিন্ত গৰিষ্ঠসংখ্যক দেশবাসীয়ে পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত বিচাৰে মোদীক
আগন্তুক লোকসভা নিৰ্বাচনত গৰিষ্ঠসংখ্যক দেশবাসীয়ে পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত মোদীকেই পচন্দ কৰে। এই কথা আমি কোৱা নাই । শেহতীয়াকৈ এটা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।
দেশৰ বহুটো গুৰুত্বপূৰ্ণ সমস্যা সমাধানত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খন সফল হ’ব পৰা নাই যদিও মোদীৰ সলনি আন কোনো নেতাৰ ওপৰতে দেশৰ পৰৱৰ্তী চৰকাৰ খনৰ দায়িত্ব এৰি দিব বিচৰা নাই গৰিষ্ঠসংখ্যক ভাৰতীয়ই ।

‘আইএএনএছ-চি ভোটাৰ ষ্টেট অৱ দ্য নেছন’ৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি দেশৰ ৫৯.২২ শতাংশ লোকে মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে ।
মোদীৰ নেতৃত্বতে দেশে প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হ’ব বুলি এইসকল লোকে বিশ্বাস কৰে । মোদীয়ে দেশত আত্মনিৰ্ভৰশীলতাৰ পথলৈ আগুৱাই নিয়াত সহায় কৰিব পাৰিব বুলি এইসকল লোকে বিশ্বাস কৰে ।
সমীক্ষাটোৰ তথ্য অনুসৰি হিমাচল প্ৰদেশ আৰু ওড়িশাত মোদীৰ জনপ্ৰিয়তা যথেষ্ঠ বেছি । দেশৰ ১০ খন ৰাজ্যৰ ৬৫ শতাংশ লোকে মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত বিচাৰে ।
জম্মু-কাশ্মীৰতো মোদীৰ জনপ্ৰিয়তা আশাপদক । কাশ্মীৰত ৪৬.৭৪ শতাংশ লোকে মোদীক প্ৰধানমন্ত্ৰী হিচাপে পচন্দ কৰে ।
আনহাতে, সমীক্ষাত ম্লান পৰা দেখা গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী জনপ্ৰিয়তা । জনপ্ৰিয়তাৰ দিশত ৰাহুল আছে দ্বিতীয় স্থানত । ৰাহুল গান্ধীক দেশৰ ২৫.৬২ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে পচন্দ কৰে বুলি সমীক্ষাটোত প্ৰকাশ পাইছে ।
সমীক্ষাটোত কোৱা হৈছে যে, কেৰালা আৰু তামিলনাডুত ৰাহুলৰ কিছু জনপ্ৰিয়তা নথকা নহয় । দেশৰ আন ৰাজ্যত ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল তেনেই নিম্নগামী যদিএ কেৰালাত ৫৪.২৮ শতাংশ লোকে ৰাহুলক প্ৰধানমন্ত্ৰী হিচাপে পচন্দ কৰে। লগতে তামিলনাডুৰ ৪৮.২৬ শতাংশ লোকে ৰাহুলক প্ৰধান মন্ত্ৰী হিচাপে বিচাৰে।
যাত্ৰীবাহী বাছত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় গৰাকী : অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত
জীৱন্তে অগ্নিদগ্ধ হৈ ৬ গৰাকীকৈ বাছ যাত্ৰী মৃত্যু হোৱাৰ লগতে অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত হৈছে।
এই লোমহৰ্ষক দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাজস্থান জালৰে জিলাত।
আৰক্ষীয়ে প্ৰকাশ কৰা খবৰ অনুসৰি শনিবাৰে ৰাজস্থানৰ জালৰে জিলাৰ মাহেশপুৰা গাঁৱত বিদ্যুৎ পৰিৱাহী তাঁৰত চলন্ত বাছখন স্পৰ্শ ঘটাত সমগ্ৰ বাছখনত অগ্নিগাণ্ডৰ সূত্ৰপাত ঘটে।
“শনিবাৰে নিশা চালকে বাট হেৰুৱাই ভুলক্ৰমে মাহেশপুৰাৰ গাঁৱত প্ৰৱেশ কৰে আৰু ওলমি থকা বিদ্যুৎ পৰিৱাহী তাঁৰত স্পৰ্শ ঘটি বাছখন অগ্নিদগ্ধ হয়।” জিলাখনৰ উপ আৰক্ষী অধীক্ষক হিম্মৎ সিঙে সংবাদ মাধ্যমৰ আগত কয়।
বেৰ্মাৰৰ নক’ডাৰ পৰা আজমিৰ বেৱাৰলৈ গৈ থকা ব্যক্তিগত মালিকাধীন বাছখনত ৪০ গৰাকী যাত্ৰী আছিল।
বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ছয় গৰাকী যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে। আনহাতে অগ্নিদগ্ধ হৈ আহত হৈছে ৩০ জনকৈ যাত্ৰী। বাছখনৰ চালক আৰু কণ্ডাডাক্টৰো অগ্নিদগ্ধ হৈ মৃত্যু হৈছে।
“দুৰ্ঘটনাটোত মুঠ ছয় গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। অন্য ছয়গৰাকী যাত্ৰীক অতি সংকটজনক অৱস্থাত যোধপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকী আহত যাত্ৰীসকলক জালৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাৰে একাংশ চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে।” জিলা উপ আৰক্ষী অধীক্ষকে কয়।
মৃত পাঁচগৰাকী যাত্ৰীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। পৰিচয় উদ্ধাৰ হোৱা মৃত পাঁচগৰাকী যাত্ৰী হৈছে ক্ৰমে চুৰ্মী দেৱী, সোনাল জৈন, চাৰ দেৱী, ৰাজেন্দ্ৰ জৈন আৰু ধৰ্মচান্দ জৈন।
এই ভয়াৱহ অগ্নিকাণ্ডটোৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেইলটে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
অসমীয়া গহনাক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া বিশিষ্ট স্বৰ্ণ শিল্পী উৎপল বনিয়াৰ লগতে শতাধিকৰ অজাপত যোগদান

এইবাৰ অসমত একমাত্ৰ জাতীয়তাবাদী চৰকাৰ গঠন হ’ব। সাম্প্ৰদায়িকতা আৰু হিন্দু-মুছলমানৰ ৰাজনীতি শেষ কৰি সমাজখনক নতুন বাটৰে আগুৱাই নিবলৈ আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো।শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা সমন্বয়ৰ আদৰ্শ অসমৰ মানুহৰ বাবে শক্তি হওক,সাহস হওক।-এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ।আজি অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৰহা সমষ্টি সমিতিৰ সহযোগত কচুৱা তিনিআলিত অনুষ্ঠিত এখন যোগদান সভাত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে-কা’ ৰ বিৰুদ্ধে ভোট দিয়া নাছিল বদৰ উদ্দিন আজমলে। বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটাই সাম্প্ৰদায়িক দল।। দুই সাম্প্ৰদায়িক দলৰ ভিতৰুৱা মিলন আছে।স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে।’- বিজেপিয়ে সমাজখনক ভাগ ভাগ কৰাৰ বাবে উঠি পৰি লাগিছে বুলি মন্তব্য কৰি গগৈয়ে কয়-যেতিয়াই ৰাইজে বাট পথ চিকিৎসাৰ উন্নয়ন,নিৱনুৱা সমস্যা বা কৃষকৰ অধিকাৰৰ কথা কয় তেতিয়াই বিজেপিৰ নেতাসকলে মিঞা মিউজিয়াম,বদৰুদ্দিন আজমলৰ পিচপিনে আৰি থোৱা বেনাৰৰ কথা কয়।এতিয়া অসমত অসমীয়া বুলি পৰিচয় দিবলৈ ভয় হয়।পৰিচয় দিব লাগে হিন্দু-মুছলমান বুলি।কিন্তু আমি যদি অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগে,মুৰ দাঙি জীয়াই থাকিব লাগে তেন্তে অসমীয়া জাতীয়তাবাদহে অসমত চলিবলৈ দিব লাগিব।’ জাতীয়তাবাদী চৰকাৰ নহলে অসমৰ সম্প্ৰীতি থান বান হৈ যাব বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয়- বিজেপিয়ে আজমলৰ ভয় দেখুৱাই । অসমৰ মাটিৰ পৰা বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফকো উৎখাত কৰিব লাগিব। অসম জাতীয় পৰিষদৰ চৰকাৰ হ’লে আমি ‘কা’ বলবৎ হোৱাাত বাধা দিম। ‘কা’ এখন সাম্প্ৰদায়িক আইন। এই আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰি ভোট বেংক তৈয়াৰ কৰিব বিচাৰিছে বিজেপিয়ে। আমাৰ চৰকাৰ হ’লে নাগৰিকত্ব দিয়াৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰিম । ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা হিন্দু-মুছলমান কোনো বিদেশীৰ বুজা লবলৈ আমি প্ৰস্তুত নহয়। অসম গণ পৰিষদক সমালোচনা কৰি তেওঁ কয়-অসম গণ পৰিষদ নামটো সংগ্ৰালয়ত থাকিব।তেওঁলোকৰ নেতা তিনিজনৰ লক্ষ্য কেৱল মাত্ৰ ক্ষমতা,মন্ত্ৰিত্ব।তেওঁলোকৰ কথা আলোচনা কৰিব নালাগে। গগৈয়ে-দিল্লীৰ চকুত চকু থৈ কথা কোৱা অসমৰ স্বাভিমান,ৰাজনৈতিক-সামাজিক অধিকাৰ ৰক্ষা কৰা চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনায়।উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৰহাৰ পৰা পৰিষদৰ কৰ্মী সকলে মটৰ চাইকেলৰ সমদল কৰি আদৰি আনে।সভাখনতে অসমীয়া গহনাক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া বিশিষ্ট স্বৰ্ণ শিল্পী উৎপল বনিয়াৰ লগতে বিজেপি নেতা লক্ষণ কুমাৰ বৰদলৈ,অতুল দাসকে ধৰি অগপ,কংগ্ৰেছ,এ আই ইউ ডি এফ আৰু বিজেপিৰ শতাধিক কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে।অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া চমছেৰ সিঙে সভাপতিত্ব কৰা সভাখনত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা,প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, যুটীয়া সম্পাদিকা মৈত্ৰী প্ৰিয়দৰ্শিনী,অভিজিৎ কমলপ্ৰিয়া,প্ৰিন্স ফাইজুল হক,দেৱজিৎ চৌধুৰী,আবিদুৰ ৰহমান,উদিপ্ত নাৰায়ণ ৰাজা,কেন্দ্ৰীয় নেতা ৰাণা বৰদলৈ আদি উপস্থিত থাকে।
সমগ্ৰ দেশৰ ১.৬৫ লাখ লোকক কৰণাৰ টীকাকৰণ
দেশত কৰ’ণা ভাইৰাছ বিৰুদ্ধে আৰম্ভ হোৱা টীকাকৰণ অভিযানক লৈ স্বাস্থ্য মন্ত্ৰালয়ে অতিৰিক্ত সচিব মনোহৰ অগনানী আৰু জেমচ মণ্ডীপ ভণ্ডাৰী এক সংবাদ মাধ্যম সম্বোধন কৰে ।
সংবাদ মাধ্যমৰ যোগেদি কয় যে, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিদ ১৯ অভিযানৰ আৰম্ভণী কৰিছে।
এই অভিযানৰ প্ৰথম দিন সফল হয়। উল্লেখ্য যে, আজি ১৬৫৬১৮ জনক ক’ৰণা ভেকচিন দিয়া হয়। ৫.৩০ বজালৈ দেশৰ বিভিন্ স্থানত টীকাকৰণ কৰা হয়।
অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ তিনি সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি বুঢ়ীদিহিঙত
অসমত বসবাস কৰা এক অন্যতম নৃ-গোষ্ঠীয় মটক জনগোষ্ঠীৰ অন্যতম সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনখনি তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা কঠালগুৰিৰ ৫ নং ডিব্ৰুজানস্থিত ডিব্ৰুপৰীয়া উপ ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ অতিথ্যত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে । আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোৰ ১৯৩৯ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক সন্মিলন, ১৯৪০ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ত্ৰিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ আৰু ২০০৫ চনত জন্ম লাভ কৰা সদৌ অসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় ষষ্ট দ্বি- বাৰ্ষিক অধিৱেশনখনি ৫ নং ডিব্ৰুজানৰ উক্ত খেলপথাৰ “সৌমাৰ সমম্বয় ক্ষেত্ৰ”ত যৌথ ভাৱে অনুষ্ঠিত কৰাৰ উদেশ্যে বৈকুণ্ঠ সোনোৱালক সভাপতি কিৰণ দুৱৰাক কাৰ্যকৰী সভাপতি আৰু দেৱজিত বৰুৱাক মুখ্য সম্পাদক ৰূপে লৈ মূল অভ্যৰ্থনা সমিতি গঠন কৰাৰ উপৰিও বিভাগীয় ৩০ খন উপ সমিতি গঠনেৰে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৫, ২৬, ২৭ আৰু ২৮ তাৰিখে দিন ধাৰ্য কৰি বিস্তৃতভাৱে আয়োজনৰ সিদ্ধান্ত লোৱা মটক জনগোষ্ঠীৰ তিনি সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগীতা, সু-দিহা পৰামৰ্শ একান্তই কামনা কৰিছে অভ্যৰ্থনা সমিতি, তিনি সংগঠন কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি সম্পাদক ক্ৰমে দুৰ্জয় বৰুৱা আৰু কমলদ্বীপ বৰুৱাই ।
জ্যেষ্ঠ অধিবক্তা দেৱ কুমাৰ ভট্টাচাৰ্যৰ পৰলোকপ্ৰাপ্তি
জ্যেষ্ঠ অধিবক্তা দেৱ কুমাৰ ভট্টাচাৰ্যৰ পৰলোকপ্ৰাপ্তি । শনিবাৰে জ্যেষ্ঠ অধিবক্তা তথা অসম আইনী সংমণ্ডলৰ ডীন দেৱ কুমাৰ ভট্টাচাৰ্যৰ বাৰ্ধক্যজনিত সমস্যাৰ বাবে পৰলোক ।










