Home Blog Page 3198

বিমান অৱতৰণৰ বাবে সাজু ৰূপচী বিমান বন্দৰ

এছিয়াৰ সৰ্ববৃহৎ ৰাণৱে থকা এটা ৰূপচী বিমান বন্দৰটো বিমান অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। ৩৭ বছৰে বন্ধ হৈ থকা ৰূপচী বিমান বন্দৰ ৩৭ বছৰ পাচত আকৌ প্ৰাণ পাই উঠিছে । অতি সোনকালে বিমান বন্দৰটো কাৰ্যক্ষম হৈ উঠিব বুলি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগত অৱগত কৰে।

Rupsi Airport

উল্লেখ যোগ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৈনিকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল ৰূপচী বিমানবন্দৰটো ।১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ কলকাতালৈ চলিছিল বিমান সেৱা। ১৯৮২ চনত ৰূপচী বিমান বন্দৰ পৰা অন্তিম বাৰৰ বাবে উৰিছিল বায়ুদূতৰ নামৰ বিমানখন।৩৭ বছৰ ধৰি বিকল হৈ থকাৰ পিছত ২২ ফেব্ৰুৱাৰী ২০১৯ চন শুকুৰবাৰে ৰূপচী বিমানবন্দৰ পুণৰ কাৰ্যক্ষম কৰা তথা উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশীলা স্থাপন কৰিছিল।

সুখবৰ! গুৱাহাটীলৈ দৈনিক বিশেষ যাত্ৰীবাহী ৰে’লত

সাম্প্ৰতিক কৰ’নাকালীন পৰিস্থিতিৰ বাবে যোৱা কেইবামাহ ধৰি মানস ৰাইনো, বহাগী, চিফুং আদি লোকেল ৰে’লসমূহ  বন্ধ হৈ আছিল, কিন্ত  ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ চলিব বিশেষ যাত্ৰীবাহী ৰে’ল। এই বিশেষ ৰে’লখনেৰে অতি কম সময়ৰ ভিতৰতেই যাত্ৰীসকলে গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব।

ৰে’লখন নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা নিতৌ পুৱা ৪:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পুৱা ৯:১৫ বজাত গুৱাহাটী ষ্টেশ্যন পাবহি ৷ আনহাতে পুনৰ আবেলি ৫:৩০ বজাত ৰে’লখনে গুৱাহাটী ষ্টেশ্যনৰ পৰা যাত্ৰ আৰম্ভ কৰি নিশা ৯:৫৮ বজাত নিউ বঙাইগাঁও ষ্টেশ্যনলৈ পাব ৷

আজি সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰে বৈঠক প্ৰতিবাদী কৃষকৰ

কৃষক সমাজে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়সীমা শেষ হোৱাৰ পিছতে  প্ৰতিবাদী কৃষক সকলৰ সেতে আজি সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হব। এই কথা সদৰি কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে। কৃষকসকলে শীঘ্ৰে কৃষি আইন বাতিল কৰাৰ দাবীৰে ২৬ নৱেম্বৰৰ পৰাই তেওঁলোকে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। ইতিমধ্যে চৰকাৰৰ সৈতে আলোচনা কৰিছিল যদিও কোনো সমাধান নোলাল। তাৰ পিছতে মঙলবাৰে প্ৰতিবাদী কৃষকসকলে বন্ধৰ আহ্বান কৰিছিল।

২১ ডিচেম্বৰৰ পৰা মেঘালয়াত প্ৰৱেশৰ অনুমতি দিয়া হব পৰ্যটকক

২১ ডিচেম্বৰৰ পৰা মেঘালয়াত প্ৰৱেশৰ অনুমতি দিয়া হব পৰ্যটকক

মেঘালয়াৰ মুখ্যমন্ত্ৰী কংৰাড  চাংমাই ২১ ডিচেম্বৰৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীসকলৰ বাবে পৰ্যটন পুনৰ খোলাৰ ঘোষণা কৰে । মুখ্যমন্ত্ৰী টুইট কৰি কয় যে ‘অৱশ্যে, নিৰ্ধাৰিত স্বাস্থ্য প্ৰটোকলৰ সৈতে পঞ্জীয়ন আৰু পালন কৰাটো এক সম্পূৰ্ণ আৱেগ ।সকলোৰে সুৰক্ষা নিশ্চিত কৰিবলৈ, মেগটৰিজিম এপৰ যোগেৰে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে ।”

https://twitter.com/SangmaConrad/status/1336153623848370179
মুখ্যমন্ত্ৰীগৰাকীৰ টুইট

গুগল প্লে ষ্টোৰত উপলব্ধ ম’বাইল এপ্লিকেচনটো ডাউনলোড কৰিব লাগিব আৰু এজনে পঞ্জীয়ন কৰিব পাৰে বা পঞ্জীভুক্ত টুৰ অপাৰেটৰে ফ’টো আইডিৰ বাধ্যতামূলক আপল’ড সহ আনুষ্ঠানিকতা বোৰ সম্পূৰ্ণ কৰাত দৰ্শনাৰ্থীসকলক সহায় কৰিব পাৰে।

এছ.ও.পি.ৰ অনুসৰি, দৰ্শনাৰ্থীসকলে তেওঁলোকৰ প্ৰস্তাৱিত সাক্ষাতৰ এক সম্পূৰ্ণ ভ্ৰমণ প্ৰদান কৰিব লাগিব ।

পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে থকাসকলে তেওঁলোকৰ গৃহস্থৰ সম্পূৰ্ণ ঠিকনা আৰু যোগাযোগৰ বিৱৰণ দিব ।

“আমি পৰ্যটনৰ বাবে পুনৰ খুলি আছো আৰু প্ৰচলিত কোভিড-19 দৃশ্যপটৰ প্ৰতি মনত ৰাখি এছ.ও.পি. জাৰী কৰিছোঁ যাতে নিৰ্ধাৰিত নিৰ্দেশনাৰ ভিতৰত সকলোকে সুৰক্ষিত কৰাটো নিশ্চিত কৰা হয়,” পৰ্যটন পৰিচালক চিভিডি ডিয়েংডোহ কয়।

ৰাজ্যৰ পৰ্যটন বিভাগে আগ্ৰহী দৰ্শনাৰ্থীসকলৰ বাবে এক যোগাযোগ চেনেল ও খুলিছোঁ আৰু সকলোয়ে দিনৰ ১০ বজাৰ পৰা আবেলি ৮বজালৈ হোৱাটছএপৰ যোগেৰে তেওঁলোকৰ প্ৰশ্ন আৰু সন্দেহ সমাধান কৰিব পাৰিব ।

ডিৰাক ৰিজ’নেল কাপ-২০২০” ত কচুডুপ বজালতলি এফ চি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ডিৰাক সীমান্ত, ৮ ডিচেম্বৰ: অসম  অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰত ডিৰাক আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় মুকুটা দহোটীয়া সোঁৱৰণী “ডিৰাক ৰিজ’নেল কাপ-২০২০” ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আছে । আজি  “ডিৰাক ৰিজ’নেল কাপ-২০২০” ৰ খেল ডিৰাক পাৱৈ এফ:চি: আৰু কচুডুপ বজালতলি এফ:চি: মাজত অনুষ্ঠিত হয় । কচুডুপ বজালতলি এফ:চি: দলে ডিৰাক পাৱৈ এফ:চি: দলক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । কচুডুপ বজালতলি এফ:চি: দলৰ হৈ খেলৰ প্রথমাৰ্ধৰ ৩০ মিনিটত  পলাশ জ্যোতি মৰাণে আৰু দ্বিতীয়াৰ্ধৰ ৫ মিনিটত সুৰেল ঘাটোৱাৰে একোটাকৈ গ’ল দি দলক বিজয়ী সাব্যস্ত কৰে । খেল পৰিচালনা কৰে পাপু হাজৰিকাই, লাইনত সহায় কৰে টিক্ষেশ্বৰ চেতিয়া, বিপুল হাজৰিকা আৰু চতুৰ্থত সহায় কৰে প্ৰণৱ ফুকনে । বুধবাৰে খেল ডিৰাক আঞ্চলিক এফ:চি: আৰু পি:ৱাই:এফ:চি: মাজত অনুষ্ঠিত হ’ব ।

সোণতলীৰ সৰু আৰিকাটিত ভয়াৱহ অগ্নিকাণ্ড ; লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

সোণতলী, ৮ ডিচেম্বৰঃ দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰু আৰিকাটিত আজি সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভুত হয় ৷ প্ৰাপ্ত বাতৰি মতে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত সৰু আৰিকাটি গাঁও নিৱাসী সাইজুদ্দিনৰ পুত্ৰ স্বাহা আলীৰ ঘৰত আজি দিনৰ এক বজাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ পিছত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও স্বাহা আলীৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ বৈদ্যুতিক শ্বৰ্টচাৰ্কিট হৈ অকস্মাতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ এটা ঘৰ, ধান, চাউলৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তিৰ উপৰিও গুৰুত্বপূৰ্ণ নথি-পত্ৰ সমূহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷

দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন আৰু নতুন সমিটি গঠন

দেওমৰনৈ, ৮ ডিচেম্বৰ: দৰং জিলাৰ দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন দিনজোৰা কায্যসুচীৰে সম্পন্ন হয় ৷ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহন কৰে ৷ সাংবাদিক সন্থাৰ সভাপতি নৱজিত শৰ্মাৰ সভাপতিত্বত  মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাৰ পূৰ্বে  বিষয়বাছনি সভাত আগন্তুক কাৰ্য্যকালৰ বাবে আছাম টকছ ৰ ছিপাঝাৰৰ সাংবাদিক দুলাল হাজৰিকাক সভাপতি উপসভাপতি নিকুঞ্জ কাশ্যপ, প্ৰতিদিন কাকতৰ সাংবাদিক দিব্যজোতি শৰ্মাক সম্পাদক হিচাবে লৈ এখন সমিটি গঠন কৰে ৷ উপদেষ্টা হিচাবে ডাঃ কমলা কান্ত শৰ্মা, নবজিৎ শৰ্মা ৷ সদস্য ক্ৰমে পংকজ শৰ্মা, কৌশিক ভৰদ্বাজ, ৰত্নেশ্বৰ চহৰীয়া, সাৰংগপানি ইত্যাদি ৷ আনহাতে উক্ত সভাত ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কেে কিচু গুৰুত্বপূৰ্ন প্ৰস্তাব গ্ৰহন কৰা  বুলি নৱনিৰ্বাচিত সভাপতি দুলাল হাজৰিকাই জানিব দিয়ে ৷ উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াক দেওমৰনৈ সাংবাদিক সন্থাই মুকলি সভাত সম্বৰ্ধনাও জ্ঞাপন কৰে ৷

বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৮৮ সংখ্যক জন্মদিন পালন ঢকুৱাখনাত

ঢকুৱাখনা, ৮ ডিচেম্বৰ: ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা ‘নিয়মীয়া বাৰ্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি দেৱৰ ৮৮ সংখ্যক জন্ম দিৱস কালি ঢকুৱাখনাত তেখেতৰ অনুগামী সকলে অনুষ্ঠুপীয়াকৈ পালন কৰে। তেওঁৰ -৮৮ সংখ্যক উপজা দিনৰ কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে নগাঁও নৰ্মাল স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ষীৰোদ গগৈয়ে।গগৈয়ে তেওঁৰ বক্তব্যত-হোমেন বৰগোহাঞিৰ কিতাপবোৰ আৰু তেওঁৰ বিভিন্ন লেখাবোৰ অসমৰ সচেতন পঢ়ুৱৈ সমাজে কিয় গুৰুত্বসহকাৰে গ্ৰহণ কৰে তাৰ বিষয়ে কয় ।ঢকুৱাখনাৰ এগৰাকী কবি তথা শিল্পী ৰাজীৱ তামুলীয়ে আঁত ধৰা অনুষ্ঠানত হোমেন বৰগোহাঞিৰ সান্নিধ্যত সাংবাদিকতা কৰাৰ স্মৃতি সুঁৱৰি হেমন্ত কুমাৰ বৰুৱাই বক্তব্য ৰাখে।ইয়াৰ পিছতেই কাশ্যপী তনয়া গগৈয়ে এটি গীত পৰিৱেশন কৰে। ৰাজীৱ তামুলীয়ে হোমেন বৰগোহাঞিৰ কাব্য সংকলন-“হৈমন্তী”ৰ পৰা এটা কবিতা আবৃত্তি কৰে। ইফালে বৰগোহাঞিৰ ভাগিন তথা কবি মৌচুমী গগৈ হাতীবৰুৱাই সৰুৰে পৰা দেখি অহা হোমেন বৰগোহাঞিৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য ৰাখে। ইয়াৰ পিছতেই-সাংবাদিক ৰাজীৱ বৰুৱাই বৰগোহাঞিৰ কিতাপবোৰৰ শিৰোনাম লৈৰচনা কৰা এটা কবিতা পাঠ কৰে।অন্যহাতে এই অনুষ্ঠানত উপস্থিত থাকি ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক দিলীপ হাতীবৰুৱা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়া, সাংবাদিক অৰুণ চমুৱা, সু-লেখিকা নৱনীতা গগৈ আদিয়েও হোমেন বৰগোহাঞিৰ জীৱনৰ বিভিন্ন দিশ উন্মোচন কৰি বক্তব্য ৰাখে।

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম নলবাৰী জিলা সমিতিৰ

নলবাৰী, ৮ ডিচেম্বৰ : কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰ মুলক ভাৱে এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি চৰকাৰে দীৰ্ঘ দিন ধৰি জেলত ভৰাই ৰাখিছে ৷ কৃষক নেতা জনক মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ সমান্তৰালকৈ কৃষক নেতা গৰাকীক মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ সদস্য সকলেও চহৰখনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখত যোৱা কালিৰে পৰা ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰুপায়ন কৰিছে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তী, সভাপতি ৰৌফ আলী, সম্পাদক দ্বীপেন কলিতাৰ নেতৃত্বত ভালেসংখ্যক নেতা কৰ্মী আৰু স্থানীয় ৰাইজে এই অনশনত অংশ গ্ৰহণ কৰে । লগতে “কা”আন্দোলনৰ অন্যতম নেতা গৰাকীক যোৱা এবছৰ ধৰি চৰকাৰে জেলত আবদ্ধ কৰি ৰাখি শাৰিৰীক মানসিক নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি কৃষক মুক্তি সংগ্ৰাম সমিতি খনক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে । বিজেপি চৰকাৰে অখিল গগৈক জেলত ভৰাই ৰাখি অভিষ্ট সিদ্ধিৰ কথা ভাবিলে সেয়া বিষম হ’ব বুলি মন্তব্য কৰাৰ লগতে অখিল গগৈৰ ভয়ত এতিয়া বিজেপি চৰকাৰ খন ত্ৰষ্টমান হোৱা বুলি মন্তব্য কৰে কৃষক মুক্তিৰ নেতা সকলে । অতি শীঘ্ৰেই যদি অখিল গগৈক মুক্তি নিদিয়ে তেনেহ’লে অনাগত দিনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

আজি দৰং জিলাৰ শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ পুননিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান

 দিপীলা, ৭ ডিচেম্বৰঃ আজি অসম সত্ৰ মহা সভাৰ অন্তৰ্ভুক্ত দৰং জিলাৰ বঢ়ীনগৰ গাঁও পঞ্চায়তৰ বৰেৰী গাঁৱত ১৫৬৮ খ্ৰীষ্টাব্দতে স্থাপিত শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য লেচাকোণীয়া গোবিন্দ আতৈয়ে স্থাপন কৰা সত্ৰ খনৰ শুভাৰম্ভ অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ আবণ্টিত ধনেৰে ৰূপায়ণ কৰা হব। দিনযোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰিবলগীয়া অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ছয় বজাত সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক অৰূপ জ্যোতি মহন্তৰ দ্বাৰা প্ৰাতঃপ্ৰসংগ , চাৰে সাত বজাত ভাগৱত পাঠ কৰিব খগেন হাজৰিকাই। আঠ বজাৰ স্মৃতি তৰ্পনৰ মুখ্য তৰ্পক হিচাপে অংশ লব অৱসৰপ্ৰাপ্ত শিক্ষক শুভাৰাম হাজৰিকাই। এঘাৰ বজাত সত্ৰৰ নামঘৰ নিৰ্মাণৰ শুবাৰম্ভ কৰিব ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। মংগল সূচক ঘোষা পাঠ কৰিব অসম সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ বৰক্ষেত্ৰীয়াই। দৰং জিলা সত্ৰ মহাসভাৰ সভাপতি ৰাজেন মহন্তই সঞ্চালনা কৰা অনষ্ঠানত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, অসম চৰকাৰৰ গাঁও আৰু নগৰ পৰিকল্পনা বিভাগৰ বিষয়া কাঞ্চন মহন্ত ৰয়,জিলা সত্ৰ মহাসভাৰ সম্পাদক গংগাৰাম বৈশ্য প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ সভাপতি দেবেন্দ্ৰ কুমাৰ মহন্ত আৰু সম্পাদক অৰূপ জ্যোতি মহন্তই জনাইছে। অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে সত্ৰখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া লোৱা পদক্ষেপত বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে সত্ৰ পৰিচালনা সমিতি আৰু আঞ্চলিক ৰাইজে ৷