দৈনন্দিন বাৰ্তা ডেস্ক : ই-শিক্ষাৰ বাবে মাত্ৰ ২৪ শতাংশ ভাৰতীয় পৰিয়ালৰ ইণ্টাৰনেট সংযোগ আছে আৰু গাঁও-নগৰ আৰু লিংগ বিভাজন হৈছে যি উচ্চ, মধ্য আৰু নিন্ম আয়ৰ পৰিয়ালবোৰত শিক্ষাৰ ব্যৱধান বঢ়াই তুলিছে বুলি ইউনিছেফৰ তৰফৰ পৰা জনাইছে ৷ বৃহস্পতিবাৰে ইউনিছেফে প্ৰকাশ কৰা ৰিম’ট লাৰ্নিং ৰিচেবিলিটি ৰিপৰ্টত অৰ্থনৈতিকভাৱে সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ শিশুক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৷ উপলভ্য তথ্যবোৰে ইংগিত দিয়ে যে ভাৰতত প্ৰায় চতুৰ্থাংশ পৰিয়াল (২৪ শতাংশ)ৰ ইণ্টাৰনেটৰ এক্সেছ আছে আৰু তাত এটা বৃহৎ গ্ৰাম্য-নগৰ আৰু লিংগ বিভাজন হৈছে ৷ উচ্চ, মধ্য আৰু নিম্ন আয়ৰ পৰিয়ালবোৰৰ শিক্ষা ব্যৱধান অধিক প্ৰশস্ত হোৱাৰ সম্ভাৱনা আছে৷ কাৰণ অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত পৰিয়ালৰ পৰা অহা শিশুয়ে শিক্ষাত ভৰি দিব পৰা নাই ৷ প্ৰতিবেদনত কোৱা হৈছে যে বেছিভাগ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ, বিশেষকৈ ছোৱালীৰ স্মাৰ্টফোন সহজেই এক্সেছ পোৱা নাযায় আৰু সেয়া কৰিলেও ইণ্টাৰনেট সংযোগ খুউব কম ৷ লগতে প্ৰায়ে স্থানীয় ভাষাত মান সম্পন্ন শিক্ষাৰ সামগ্ৰী পোৱা নাযায়৷ প্ৰাক প্ৰাথমিকৰ পৰা মাধ্যমিক স্তৰৰ ২৮৬ মিলিয়ন (২৮.৬ কোটি) শিশু মহামাৰীত আক্ৰান্ত হোৱাৰ কাৰণে ভাৰতত ১.৫ মিলিয়ন (১৫ লাখ)ৰো বেছি বিদ্যালয় বন্ধ হৈছে ৷ ইয়াৰ লগত যোগ হৈছে ৬ মিলিয়ন (৬০ লাখ) ল’ৰা আৰু ছোৱালী যি ক’ভিড-১৯ৰ আগতে বিদ্যালয়ৰ বাহিৰত আছিল৷ ইউনিছেফ ইণ্ডিয়াৰ প্ৰতিনিধি য়াছমিন আলী হকে পিতৃ-মাতৃ আৰু স্বেচ্ছাসেৱীক জড়িত কৰি মিশ্ৰিত পদ্ধতিৰ বাবে শিশুৰ ওচৰলৈ যাব লাগে আৰু এই সময়ত তেওঁলোকৰ শিক্ষাৰ বাবে সহায় কৰিবলৈ আহ্বান জনায় ৷
আইএছএছ ক্ৰুত যোগদান প্ৰথম কৃষ্ণাংগ মহিলা মহাকাশচাৰী
দৈনন্দিন বাৰ্তা ডেস্ক : আন্তৰ্জাতিক মহাকাশ ষ্টেচন (আইএছএছ)ৰ ক্ৰুত সদস্য হিচাপে দায়িত্ব পালন কৰা প্ৰথম কৃষ্ণাংগ মহিলা হৈ ইতিহাস ৰচিছে মহাকাশচাৰী জিনেট এপ্পছে ৷ বয়িঙৰ চিএছটি-১০০ ষ্টাৰলাইনাৰ মহাকাশযানৰ ওপৰত ২০২১ মিছনৰ বাবে এপ্পছক নাছাই নিৰ্বাচন কৰিছে ৷ নাছাৰ মতে এপ্পছ আইএছএছত ছমাহৰ অভিযানৰ বাবে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু য’ছ কাছাদাৰ লগত যোগ দিব ৷ উল্লেখ্য যে নাছাৰ মহাকাশচাৰী জেনিয়েট এপ্পছে আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ক্ৰু হিচাপে ২০১৮ চনত দায়িত্ব লয় ৷ তেওঁ ব’য়িং ষ্টাৰলিনাৰ-১ মিছনত দায়িত্ব লৈছে ৷ এপ্পছক য’ছ আৰু সুনিতাই স্বাগতম জনাইছে৷ এপ্পছে ১৯৯২ চনত লীম’য়নী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লৈছিল ৷ তেওঁ নিউয়ৰ্কৰ ছাইৰাচুছেৰ বাসিন্দা ৷
সুৰক্ষাৰ বাবে আৰক্ষীৰ পৰা সহায় ভিক্ষা ৰিয়া চক্ৰৱৰ্তীৰ
দৈনন্দিন বাৰ্তা ডেস্ক : অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ঘৰত তেওঁৰ পিতৃক সাংবাদিকে বেৰি আছে৷ কোনেও সামাজিক দূৰত্ব মানি চলা নাই ৷ তেওঁৰ পিতৃৰ গাত জপিয়াই পৰা দি পৰিছে মিডিয়াৰ লোক৷ আনকি আহত হৈছে নিৰাপত্তাৰক্ষী ৷ এই ঘটনাত ভিতিগ্ৰস্ত হৈ অভিনেত্ৰীগৰাকীয়ে মুম্বাই আৰক্ষীক তেওঁ আৰু তেওঁৰ পৰিয়ালক সুৰক্ষা দিবলৈ জনায়৷ যাতে তেওঁ সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ তদন্তৰ বাবে চিবিআই আৰু এনচিবিৰ সৈতে নিৰ্ভয়ে সহযোগিতা কৰিব পাৰে৷ ৰিয়া চক্ৰৱৰ্তীয়ে ইনষ্ট্ৰাগ্ৰামত এটা ভিডিঅ’ প’ষ্ট কৰি লিখে, মই ঘৰৰ পৰা ইডি আৰু চিবিআইক দেখা কৰিবলৈ যাব বিচাৰিছিলো ৷ কিন্তু তললৈ নমাৰ পাচতে মোৰ পিতৃক বেৰি ধৰে মিডিয়াৰ লোকে৷ গাড়ীটো তেওঁক ধৰিছে৷ ভিডিঅ’টোত দেখা গৈছে, তেওঁ মোৰ পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তী ৷ তেওঁ অৱসৰপ্ৰাপ্ত সেনা বিষয়া৷ মই আৰু পৰিয়ালটোৱে প্ৰাণৰ ভয় খাইছিলো ৷ আমি স্থানীয় থানাত অভিযোগ দিয়াৰ পাচতো কোনো সহায় পোৱা নাছিলো ৷ ইয়াৰ পাচত আমাৰ সুৰক্ষাৰ বাবে তদন্তকাৰী সংস্থাৰ ওচৰত আবেদন জনাইছো৷ নহ’লে কিদৰে বাচিব পৰিয়ালটো৷ যি তদন্তকাৰী সংস্থাই মোক মাতিছিল তেওঁলোকৰ লগত সহযোগিতা কৰিব বিচাৰিছো ৷ কিন্তু তাৰ বাবে কেৱল সহায় বিচাৰিছো৷ আনহাতে এই ক’ভিডৰ সময়ত মুম্বাই আৰক্ষীৰ ওচৰত আবেদন কৰিছো, আমাক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰা হওঁক ৷ তেওঁৰ পিতৃয়ে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পাচত তেওঁ আন এটা ভিডিঅ’ শ্বেয়াৰ কৰে ৷ তাতো দেখা যায় তেওঁলোকৰ ঘৰৰ নিৰাপত্তাৰক্ষীয়ে কয়, মিডিয়াৰ লোক আহিছিল ৷ মোক হেঁচা-থেলা কৰে আৰু আমাৰ গাত হাত তোলে ৷ মই আহত হৈছো ৷ ভিডিঅ’টোৰ তলত ৰিয়াই লিখিছে, ৰাম আমাৰ গৃহত ১০ বছৰ ধৰি নিৰাপত্তাৰক্ষী হিচাপে নিযুক্ত ৷ তেওঁৰ এই অৱস্থাৰ বাবে দায়ী কোন? এয়া কি অপৰাধ নহয়? এই ক্ষেত্ৰত কোনো আইন নাই? এনেদৰেই এখন সমাজত আমি বাস কৰি আছো নেকি? এই আবেদনৰ পাচত অভিনেত্ৰীগৰাকীৰ ঘৰত কেইজনমান আৰক্ষী দেখা যায়৷ তেওঁলোকে ৰিয়াৰ পিতৃক ঘৰৰ পৰা নি গাড়ীৰে ইডিৰ কাষলৈ লৈ যায় ৷ তাৰ পাচত এক্সিছ বেংকলৈ নিয়ে ৷
নগাঁৱত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কত জিলা মেলেৰিয়া বিভাগৰ সংবাদমেল
নগাঁও : বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰ নগাঁও জিলাত জাপানীজ এনকে ফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট হ্ৰাস পাইছে। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবেই জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত আমি সফল হৈছো। আজি নগাঁও আবৰ্ত ভৱনত নগাঁও জিলা মেলেৰিয়া বিভাগে আয়োজন কৰা সংবাদ মেলত এই কথা সদৰি কৰি নগাঁও জিলা মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: অৰূপজ্যোতি মহন্তই কয় বিগত বছৰত অবিভক্ত নগাঁও জিলাত (নগাঁও আৰু হোজাই) বিগত বৰ্ষত নগাওঁ জিলাত ৪৫ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈছিল। ইয়াৰে ৯ জনৰ মৃত্যু হয়। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপৰ বাবে চলিত বৰ্ষত এই ৰোগ দ্ৰুত গতিত হ্ৰাস পাইছে। এইবাৰ জিলাখনত মাত্ৰ ২৩ জন লোক এই ৰোগত আক্রান্ত হোৱাৰ বিপৰীতে দুজনৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোক দুজন হল নগাঁও চহৰৰ লাওখোৱা পথৰ গোপাল চন্দ্ৰ আৰ্য (৭৫) আৰু চামগুৰি কনুৱামাৰীৰ সুকুমাৰ দাস (৫৩)। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বিভাগে জ্বৰ হোৱা আৰু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা এলেকাত তেজৰ নমুনা পৰীক্ষা কৰা, সজাগতা সভা অনুষ্ঠিত কৰা, ফ’গিং কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি এই ৰোগ নিয়ন্ত্ৰৰ বাবে মেলেৰিয়া বিভাগে স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ বিভাগ আৰু মীন বিভাগৰ পৰা সাহৰি লাভ কৰে। সংবাদমেলত ডাঃ মহন্তই কয়, “এইবাৰ জিলাখনত আৰু ডেংগু ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা প্ৰায় নাই বুলি কব পাৰি। এইটো জিলাখনৰ বাবে সু-খবৰ।’ সংবাদ মেলত অংশ গ্ৰহণ কৰি নগাঁও জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: দিলীপ শৰ্মাই জাপানীজ এনকেফেলাইটিছ ৰোগ কিদৰে বিয়পিব পাৰে সেই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। জিলা মেলেৰিয়া বিষয়া শান্তনা শৰ্মাই জানিবলৈ দিয়ে যে, জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ৭৩০৪৪ জন লোকৰ জ্বৰৰ পৰীক্ষা কৰাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। তদুপৰি আশা কৰ্মীক প্ৰশিক্ষণ দিয়া লগতে প্রতিতো খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে বেনাৰ আৰু প্ৰচাৰ পত্ৰ বিতৰন কৰা, ৩০৭ খন সজাগতা সভা অনুষ্ঠিত কৰা, ৭৩ স্থানত ফগিং কৰাৰ ব্যৱস্থা কৰা, ২৪৫৯০ খন বিচনাৰ আঠুৱা ঔষধিকৰন কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সংবাদ মেলত আন এগৰাকী মেলেৰিয়া বিষয়া শ্বাহনাজ হুছেইন উপস্থিত থাকে।
ৰাইদঙ্গীয়াত বিধায়িকা আঙুৰলতা ডেকাৰ দুটাকৈ গড়কাপ্তানি পথৰ লগতে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন
নগাঁও : নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ ৰাইদঙ্গীয়া গাওঁ পঞ্চায়তৰ অধীনত কেইবাটাও স্থানত আজি দুটাকৈ পথৰ লগতে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ পুৱা দহ বজাত ৰাইদঙ্গীয়া শ্যামকলীয়া নামঘৰ প্ৰাংগণত প্ৰায় তিনি লাখ টকা ব্যয়সাপেক্ষ নিৰ্মাণ হোৱা এটি পুথিভঁৰাল আৰু যুৱক সংঘ মুকলি কৰাৰ পাছতে গড়কাপ্তানি (পথ) বিভাগৰ তত্ত্বাৱধানত ৰাজ্যৰ স্বশিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ ২০১৯-২০ বৰ্ষৰ অধীনত মেৰামতি কৰিবলগীয়া শ্যামকলীয়া পৰা নতুন ভোগবাৰি পথৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ ওপৰি এই আঁচনিৰ অধীনতে ৰাইদঙ্গীয়া পৰা গেন্দুৱা পথাৰ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা গৰাকীয়ে৷ আনহাতে, দলংঘাট উন্নয়ন খণ্ডৰ অধীনস্থ ৰাইদঙ্গীয়া গাঁও পঞ্চায়তত বিধায়িকা গৰাকীয়ে কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন এই অনুষ্ঠানত বিধায়িকা গৰাকীয়ে বিজেপি নেতৃত্বাধীন মিত্ৰ জোটৰ চৰকাৰ খনে অসমৰ ৰাইজৰ বাবে কৰি অহা বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহৰ দ্বাৰা গ্ৰামাঞ্চলৰ ৰাইজ কেনেদৰে উপকৃত হৈছে সেইবিষয়ে নিজৰ চমু ভাষনত ব্যক্ত কৰে উপস্থিত ৰাইজৰ সন্মুখত ৷ আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানি (পথ) বিভাগৰ সহকাৰী অভিযন্তা হিমাংশু দাস, কনিষ্ঠ অভিযন্তা অসীম কুমাৰ নাথ, দলংঘাট উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা হৰমোহন হালৈ, হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভড়ালী বৰা, কলিয়াবৰ জিলা বিজেপিৰ বিষয়ববীয়া সকল, ৰাইদঙ্গীয়া মণ্ডল বিজেপিৰ বিষয়ববীয়াসকলৰ ওপৰি স্থানীয় ৰাইজ উপস্থিত থাকে ৷

নাজিৰাৰ এতিহাসিক বৰপুখুৰী কেন্দ্ৰিক বিবাদ সন্দৰ্ভত মহকুমা প্ৰশাসনৰ সভা
নাজিৰা : নাজিৰা নগৰৰ ৮নং ৱাৰ্ডত থকা ঐতিহ্যমণ্ডিত বৰপুখুৰীত কিছু লোকে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে মহকুমা প্ৰশাসনৰ ওচৰত যোৱা ১২ আৰু ১৪ আগষ্টত একাধিক ৰাজহুৱা অভিযোগ দাখিল কৰাৰ পিছত এই সমগ্ৰ বিষয়টো আলোচনাৰ অৰ্থে নাজিৰা মহকুমা প্ৰশাসনে ২৮ আগষ্টত উভয় পক্ষৰ উপস্থিতিত নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখন প্ৰতিনিধিত্বমূলক সভাৰ আয়োজন কৰিছে ৷ উল্লেখ্য যে এসময়ত ৰাইজে পানীখোৱা পুখুৰী ৰূপে ব্যৱহাৰ কৰা এই ঐতিহাসিক পুখুৰীটো বিগত বহু বছৰ ধৰি নাজিৰা পৌৰসভাই ব্যক্তি বিশেষক মীন পালনৰ বাবে লীজত দি ৰাজহ সংগ্ৰহ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে পুখুৰীটোৰ উন্নয়নৰ বাবে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো পৌৰ প্ৰশাসনে এই পুখুৰীটো উন্নয়নৰ কোনো প্ৰচেষ্টাই হাতত নোলোৱাৰ কাৰণে ই জৰাজীৰ্ণ হৈ পৰে ৷ এতিয়াও দৰিদ্ৰ ৰাইজে বিভিন্ন কামত এই পুখুৰীৰ পানী ব্যৱহাৰ কৰাৰ লগতে বৰ্তমান ই ডাউক, শৰালি হাঁহ, বগলীকে ধৰি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ মুক্ত বিচৰণস্থল আৰু এই পুখুৰীটো সংৰক্ষণৰ বাবে স্থানীয় ৰাইজে যোৱা ২৬ আগষ্টত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ লগতে উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰতো ৰাজহুৱা আবেদন দাখিল কৰিছে ৷
নামখলাৰ মহলীয়াপাৰাত “অসম আদৰ্শ গ্ৰাম যোজনাৰ” ৫০ লাখ টকা আঁচনিৰ শুভ উদ্বোধন বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ
নামখলা : ছিপাঝাৰ বিধানসভা সমষ্টি উন্নয়নৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা ৷ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে ৷ অসম গ্ৰাম যোজনাৰ অধীনত ৫০ লাখ টকাৰ আঁচনিৰ শুভ উদ্বোধন ৷ উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া ৷ ছিপাঝাৰ সমষ্টিত “অসম আদৰ্শ গ্ৰাম যোজনা”ৰ অধীনত ৫০ লাখ টকাৰ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ ছিপাঝাৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰি অতি সক্ৰিয়তাৰে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা বিনন্দ কুমাৰ শইকীয়াই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে সমষ্টিৰ প্ৰতিটো পঞ্চায়তত ৷ অসম চৰকাৰে প্ৰতিটো সমষ্টিত দুখনকৈ আদৰ্শ গাঁও হিচাৱে নিৰ্মাণ কৰাৰ যি পৰিকল্পনা গ্ৰহন কৰিছে তাৰ অংশ হিচাবে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ছিপাঝাৰ ৰাজহ চক্ৰৰ দোসতনী আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ সেনাপতি পাৰা গাঁও নিৰ্বাচন কৰিছে ৷ অসম আদৰ্শ গ্ৰাম যোজনা ২০১৮-১৯ বৰ্ষৰ অধীনত বুঢ়ীনগৰ পঞ্চায়ত এলেকাৰ অধিনত সেনাপতিপাৰা গাঁও আদৰ্শ গাঁও হিচাৱে প্ৰতিস্থা কৰিবলৈ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মংগলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত ৫০ লাখ টকাৰ আঁচনি শুভ উদ্বোধন কৰে৷ ৰাষ্টা-পদুলি, সভাগৃহ, পানী যোগানকে আদি কৰি ৮ টাকৈ আঁচনি এই যোজনাৰ দ্বাৰা ৰূপায়ণ কৰাৰ লগতে সেনাপতিপাৰা গাঁওখনৰ দুয়োটা সীমান্তত নিৰ্মাণ কৰা হ’ব আটকধুনীয়া তোৰণ ৷ আঁচনিখন ৰূপায়ণৰ ফলত অঞ্চলবাসী ৰাইজৰ বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হ’ব বুলি আশা কৰে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ অসম আদৰ্শ গ্ৰাম যোজনা আঁচনি শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হোৱা সভাত সাংসদ দিলীপ শইকীয়াৰ উপৰিও উপস্থিত থাকে ছিপাঝাৰ উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মনিকা বৰগোহাঁই, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ নাথ ডেকাকে আদি কৰি জিলাখনৰ শীৰ্ষ দলীয় কৰ্মকৰ্তা ৷
জনজাতিকৰণক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক বিলম্ব নকৰিবলৈ হুংকাৰ । চাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
তিনিচুকীয়া : উজনি অসমৰ অন্যতম ভুমিপুত্ৰ মটক জনগোষ্ঠীৰ জনজাতিকৰণক ধৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বিকাশৰ বাবে কোনো এখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি সাম্প্ৰতিক সময়ত সংকটাপুৰ্ণ মটক জনগোষ্ঠীৰ অস্তিত্ব বৰ্তাই ৰখা আৰু সাংবিধানিক, ৰাজনৈতিক, ভু-সম্পদৰ অধিকাৰ সাব্যস্তকৰণ কৰিবৰ বাবে বজ্ৰকঠোৰ সিদ্ধান্ত গ্ৰ্হণ, সমাজ জীৱনৰ সময়পযোগীকৈ গঢ দিয়াকে ধৰি সৰ্বদিশৰ উপায় উদ্ভাৱন হেতু প্ৰতিষ্ঠা দিৱসখনি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে বুলি সভাৰ উদ্দেশ্য ব্যাখ্যাত তীব্ৰক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই। সেয়েহে সাম্প্ৰতিক সময়ত দেশজুৰি চলি থকা কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰ্তি লক্ষ্য ৰাখি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত পুৱা পতাকা উত্তোলন কৰে সংগঠৰ সভাপতি তুষাৰঞ্জন চেতিয়াই আৰু সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই স্মৃতি তৰ্পণ কৰাৰ পিছতেই বৃক্ষ ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে সংগঠন উপ সভাপতি নিযুত বৰাই। ৩ শতাধিক মটক জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তুষাৰ ৰঞ্জন চেতিয়াই কয় যে মটক জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ল’ৰা-ধেমালি কৰিলে ২০২১ ইয়াৰ পৰিণাম ভয়াবহ হ’ব। মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই আঁত ধৰা মুকলি সভাৰ উদ্ধুধক হিচাপে বক্তব্য ৰাখে মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা কল্যাণ বৰাই। মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক, বুদ্ধিজিৱী শৰৎ চন্দ্ৰ নেওগ। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি সৰুজ গোহাঁই, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, মটক ছাত্ৰ সন্থাৰ সভাপতি নীৰেন শইকীয়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক প্ৰতাপ মৰাণ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল, সদৌ কোচ যুৱ-ছাত্ৰ পৰিষদৰ উপ সভাপতি ৰাণা দত্ত, সাংগঠনিক সম্পাদক দিব্য পৱন বৰা, তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱা, উক্ত প্ৰতিষ্ঠা দিৱসতেই পৰিষদৰ বাৰ্ষিক মুখপত্ৰ ‘বেংমৰা’ উন্মোচন কৰে তিনিচুকীয়া প্ৰেছ ক্লাৱৰ সভাপতি সৰুজ গোঁহাই। বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় জেষ্ঠ সাংবাদিক, সাহিত্যিক শৰৎ চন্দ্ৰ নেওগ, প্ৰকৃতি প্ৰেমি, বিচিত্ৰ ধৰিত্ৰী অসমৰ সভাপতি কিৰণ গগৈ, অসম চৰকাৰৰ বঁটা প্ৰাপ্ত কৃষক ৰন্টু চেতিয়া, শিল্পী পেঞ্চনাৰ হেমন কোঁৱৰ, সাংস্কৃতিক, ক্ৰীড়া সংগঠক মৃদুপৱন চেতিয়াক সম্বৰ্দ্ধনা জনোৱা হয়। ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ জগতৰ ১৪ জন সাংবাদিকক ক্ৰমে তিনিচুকীয়া অসমীয়া প্ৰতিদিন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হেমন্ত কুমাৰ শইকীয়া, দৈনিক জনমভুমি তিনিচুকীয়াৰ ষ্টাফ ৰিপৰ্টাৰ মনোৰঞ্জণ মৰান, চাবুৱাৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক সৌৰভ জ্যোতি চেতিয়া, দৈনিক জনম ভুমিৰ অৰুন বৰপাত্ৰ, আমাৰ অসমৰ অনুপম বুঢাগোঁহাই, অসমীয়া খবৰৰ পুষ্টক ফুকণ, Assam Talks ৰ দিব্য জ্যোতি লাহন, হিন্দী পুৰ্বোদয়ৰ বাপন পাল, পুৰ্বাঞ্চল প্ৰহৰীৰ ৰাজীৱ সিং, V& S ৰ ৰাহুল চক্ৰৱতী, দৈনিক জনম ভুমিৰ ডিকমৰ সাংবাদিক ধৰণী গগৈ, প্ৰতিদিন টাইম চাবুৱাৰ বিশ্বজিত ফুকণক সম্বৰ্ধনা জনোৱা হয়। আনহাতে আজি প্ৰতিষ্ঠা দিৱসতে মটক যুৱ-ছাত্ৰ পৰিষদে প্ৰদান কৰা বেংমৰা ৰাজ্যৰ বীৰ সেনাপতি বীৰ পুৰুষ “মতাটুকুৰা বৰুৱা” বঁটা ২০২০ মটক জনগোষ্ঠীৰ তথা অসমীয়া জাতিৰ সংগ্ৰামী নেতা অনুপ চেতিয়াক প্ৰদান কৰিবলৈ প্ৰস্তাৱ লোৱা হয় লগতে সভাই প্ৰস্তাৱ লয় যে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰুপে মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মহনক আনুষ্ঠানিকতাৰে দায়িত্ব অৰ্পণ কৰে।
ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিডিঅ’ কৰোনাত আক্ৰান্ত
ডবকা : হোজাই জিলাত দিনক দিনে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আজি ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৬জন কৈ শিক্ষকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। খণ্ড উন্নয়ন বিষয়া গৰাকীৰ নাম মইনুদ্দিন আহমেদ। কিছু দিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল বিষয়া গৰাকী। শিক্ষক ছয়গৰাকীক ১০৮ সেৱা যোগে ডবকাৰ পৰা নীলবাগানত থকা কভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে খণ্ড উন্নয়ন বিষয়াক হোম আইচোলেচনত ৰাখি চিকিৎসা চলাই আছে বুলি জানিব পৰা গৈছে।
নলবাৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনক লৈ মতভেদ
নলবাৰী : দলৈ নিৰ্বাচনক কেন্দ্ৰ কৰি মতভেদ সৃষ্টি হোৱা সন্দৰ্ভত আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভু শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনৰ চলিত মাহৰ ১৬ তাৰিখে তাৎক্ষণিকভাৱে অনুষ্ঠিত হোৱা নিৰ্বাচনক লৈ একাংশ সমিতিৰ সদস্যৰ মাজত তীব্ৰ আপত্তিৰ সৃষ্টি হৈছে। ইতিমধ্যে দলৈ পদত প্ৰতিদ্বন্দ্বিতা কৰা হৰকুমাৰ ভট্টই যোৱা ১৭ আগষ্টত বিল্বেশ্বৰ দেৱালয়ৰ সাধাৰণ সভাত বৰদেউৰীয়ে ভোটদানৰ পৰা বঞ্চিত হোৱা আৰু অনা বৰদেউৰীয়ে ভোট দিয়া সন্দৰ্ভত নলবাৰী জিলা উপাযুক্ত তথা বিল্বেশ্বৰ দেৱালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ ওচৰত আপত্তি দাখিল কৰিছে। সংবাদ মেলৰ জৰিয়তে ১৬ আগষ্টত দেৱালয়ৰ বৰদেউৰী সদস্যৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। তাতেই তাৎক্ষণিকভাৱে দলৈ নিৰ্বাচন কৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয় কিন্তু আশ্চৰ্য্যজনকভাৱে কভিড-১৯ প্ৰটকল ভংগ কৰি তেওঁলোকে জিলা প্ৰশাসনৰ পৰা কোনো লিখিত প্ৰতিশ্ৰুতি আদি নোলোৱাকৈ এই কাৰ্য সম্পাদন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। তদুপৰি নিৰ্বাচন যদি অনুষ্ঠিত কৰিবই লাগে তেনেহ’লে সময় লৈ ৪৫৬ গৰাকী বৰদেউৰীক জনোৱাৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু ইয়াৰ বিপৰীতে একাংশ লোকৰ ন্যাষ্ট স্বাৰ্থৰ বাবে তাৎক্ষণিকভাৱে মাত্ৰ ১৯৮ গৰাকী ভোটাৰৰ উপস্থিতিতে দলৈ বাচনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। দেৱালয়ৰ বৰদেউৰী সন্মিলনৰ সম্পাদক নৱজ্যোতি মিশ্ৰই দেৱালয়ত নিজৰ আধিপত্য বাখাল ৰখাৰ স্বাৰ্থতে দ্বীপজ্যোতি বৰপূজাৰী মুখ্যনিৰ্বাচনী বিষয়া হিচাপে লৈ নিৰ্বাচনী সমিতি খন গঠন কৰি লয়। তদুপৰি সংবাদ মেল দিয়া সমিতিৰ সদস্যসকলে ব্যক্ত কৰে যে এই নৱজ্যোতি মিশ্ৰ আৰু দ্বীপজ্যোতি বৰপূজাৰীয়ে ষড়যন্ত্ৰমূলক নিৰ্বাচন অনুষ্ঠিত কৰি ঘনিষ্ঠ লোকক দলৈ পাতি লয়। তাৎপৰ্যপূৰ্ণ বিষয় যে এই নিৰ্বাচনত অমিয় শৰ্মা আৰু অৱণী কুমাৰ শৰ্মাক নৱজ্যোতি মিশ্ৰই ভোটদানৰ অধিকাৰ প্ৰদান কৰে। যিটো বিষয় সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। তেওঁলোক বৰদেউৰী নোহোৱাৰ পিছত ও কেনেকৈ ভোটদান কৰি সেয়া ৰহস্যজনক কথা।












