Home Blog Page 3265

কৃষি বিধেয়কক বিৰোধিতা : বিজেপি নেতৃত্বাধীন এনডিএ ত্যাগ শিৰোমণি আকালি দলৰ

অনলাইন বাৰ্তা : বিহাৰ বিধানসভা নিৰ্বাচনৰ আগতে এনডিএত ভাঙোন হ’ল ৷ বিজেপি নেতৃত্বাধীন জোঁট এৰিলে শিৰোমণি আকালি দলে ৷ কৃষি বিধেয়কক লৈ মোডী চৰকাৰৰ মনোভাৱৰ বাবে এই সিদ্ধান্ত ল’লে দলটোৱে ৷ কৃষি বিধেয়কক লৈ আকালি আৰু বিজেপিৰ মাজত দূৰত্ব বাঢ়িছিল ৷ অলপতে কেন্দ্ৰীয় মন্ত্রিত্বৰ পৰা ইস্তফা দিছিল হৰচিমৰৎ ৰৌৰ বাদলে ৷ বিধেয়কখন লোকসভাৰ পাচত ৰাজ্যসভাতো গৃহীত হয় ৷ বিধেয়কখনৰ বিৰোধিতাত পাঞ্জাৱত আন্দোলন আৰম্ভ কৰে কৃষকে ৷ তেওঁলোকৰ কাষত থিয় হৈছে কংগ্ৰেছ ৷ কৃষকক সমস্যাত পেলোৱা বিধেয়কখনৰ বাবে চাপ পৰে আকালি দলত ৷ অৱশেষত এনডিএ ত্যাগৰ সিদ্ধান্ত লয় ৷ শনিবাৰে দলৰ নীতি নিৰ্দ্ধাৰণৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকৰ পাচত আকালি দলে জনালে, বিজেপি নেতৃত্বাধীন এনডিএ এৰাৰ সিদ্ধান্ত লয় ৷ কৃষকক ফচলৰ ন্যূনতম সহায়ক মূল্যৰ নিশ্চয়তা দিছিল ৷ উল্লেখ্য যে কৃষি সংক্রান্ত বিধেয়কৰ প্ৰতি প্ৰথমে সমর্থন কৰিছিল অকালি দলে। কিন্তু পাঞ্জাৱ আৰু হাৰিয়ানাত কৃষকে বিক্ষোভ আৰম্ভ কৰে ৷ ফলত আকালি দলে সিদ্ধান্ত কৰে বিধেয়কৰ সমৰ্থন কৰা নহ’ব ৷ এনডিএ ত্যাগৰ সিদ্ধান্তৰ পাচত দলৰ সভাপতি সুখবীৰ সিং বাদলে টুইট কৰি জনালে, সর্বসম্মতভাৱে দলৰ কোৰ কমিটীয়ে এনডিএ ত্যাগৰ সিদ্ধান্ত লৈছে ৷ বজাৰত ফচল বিক্ৰীত ন্যূনতম সহায়ক মূল্যৰ নিশ্চয়তা দিয়াত ক্ষোভিত কেন্দ্ৰীয় চৰকাৰ ৷ বিধেয়কক লৈ বিতৰ্কত সুখবীৰ সিং বাদলে সংসদত কয়, যোৱা ৫০ বছৰ ধৰি কৃষি ক্ষেত্ৰ উন্নয়ন কৰিছে পাঞ্জাৱ চৰকাৰে ৷ প্ৰস্তাৱিত এই বিধেয়কে সেই প্ৰয়াসক ধ্বংস কৰিব ৷

পঞ্চমটো বানে পুৱতি নিশা উটুৱাই নিলে চকুৱা ঘাটৰ বাঁহৰ দলং ; যাতায়ত বিচিন্ন শালমৰা-বনগাঁও সংযোগী পথ

উজনি-মাজুলীঃ মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ শালমৰাৰ চকুৱা ঘাটত গাঁৱৰে যুৱক কেইজনমানে প্ৰতি বছৰে একোখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়তৰ সুচল ব্যৱস্থা কৰি ৰাইজৰ সেৱা কৰি আহিছে। গাঁঠিৰ ধন ভাঙি এনেধৰনেই এই সকল যুৱকে প্ৰতি বছৰে দলং নিৰ্মাণ কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ খা-খৰচ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বহন কৰা নাই এইসকল যুৱকক । আজি পৰা দুবছৰ আগতে যি খন পকী দলং নিৰ্মান কৰিছিল বৰ্তমানেও কাৰ্যক্ষম হৈ নুঠিল দলংখন | যাৰ কাৰণে জীয়াটো ভুগিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। বিশেষকৈ স্কুল ,কলেজৰ ছাত্ৰ-ছাত্ৰী সকল | সাধাৰণ ৰাইজকে আদি কৰি অঞ্চলটোলৈ আহ্-যাহ কৰা সকলো লোকৰেই বিপদ হৈছে যাতায়তৰ ক্ষেত্ৰত । শালমৰা- বনগাঁও একমাত্ৰ সংযোগী এই পাৰ ঘাটটোৱে ৰাইজক অধিক বিপদত পেলাইছে এই বৰ্ষত হোৱা ৪ টাকৈ বানে | বানে ইতিমধ্যে গাঁওখনৰো বহু ক্ষতি সাধন কৰিছে। শেহতীয়াকৈ শণিবাৰে পুনৰ ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিপদ সীমা অতিক্ৰম কৰি বছৰৰ পঞ্চমটো বানে আজি পুৱতি নিশা চকুৱা ঘাটৰ বনগাঁও – শালমৰা সংযোগী এই বাঁহৰ দলংখন ভাঙি নিয়ে আৰু যাতায়ৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। ইয়াৰ ফলত সাধাৰণ জনতা, ছাত্ৰ-ছাত্ৰী, অঞ্চলৰ ৰাইজৰ মাজত সমস্যাৰ সৃষ্টি হৈছে ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ মৃত্যু

অনলাইন বাৰ্তা : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ দেওবাৰে পুৱা ৬.৫৫ বজাত ৮২ বছৰ বয়সত দিল্লীৰ সেনা চিকিৎসালয়ত মৃত্যু হয় ৷ চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে যোৱা ২৫ জুনৰ পৰা তেওঁৰ চিকিৎসা চলিছিল ৷ চেপচিছ আৰু মাল্টিঅৰ্গেন ডিছফাংচন চিণ্ড্ৰোমত তেওঁ আক্ৰান্ত হৈছিল ৷ দেওবাৰে পুৱাই তেওঁৰ কাৰ্ডিয়াক এৰেষ্ট হয় ৷ তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি শোক প্ৰকাশ কৰে ৷ টুইটত প্ৰধানমন্ত্ৰীয়ে লিখে, “প্ৰথমে এজন সেনা আৰু তাৰ পাচত অভিজ্ঞ ৰাজনীতিবিদ হিচাপে তেওঁ দেশ সেৱা কৰিছিল ৷ অটল বিহাৰী বাজপেয়ী চৰকাৰত তেওঁ বিত্ত মন্ত্ৰী, বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ৷ তেওঁৰ মৃত্যুত মই শোকাহত ৷” আনহাতে দলৰ সাংগঠনিক দিশত তেওঁ অৱদান স্মৰণ কৰে মোডীয়ে ৷ তেওঁৰ পৰিয়ালৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা জনায় ৷ ৰাজস্থানৰ বাড়মেৰ জিলাৰ জচোল গাঁৱত যশৱন্ত সিঙৰ ১৯৩৮ চনৰ ৩ জানুৱাৰীত জন্ম হৈছিল ৷ মেয়ো কলেজ আৰু নেচনেল ডিফেন্স একাডেমি আৰু ইণ্ডিয়ান মিলিটেৰী একাডেমিৰ পৰা শিক্ষা গ্ৰহণ কৰা যশৱন্ত সিঙে পঞ্চাশ দশকৰ শেষত ভাৰতীয় সেনা বাহিনীত যোগ দিয়ে ৷ তেওঁ ‘মেজৰ’ পদত কৰ্মৰত আছিল ৷ ষাঠি দশকৰ শেষৰ ফালে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাতাসকলৰ মাজত তেওঁ অন্যতম আছিল ৷ ৰাজ্যসভাত প্ৰথম প্ৰৱেশ কৰে আশি দহকত ৷ ১৯৯৬ চনৰ ১৬ মে’ৰ পৰা সেই বছৰৰ ১ জুনতৈকে বাজপায়ীৰ সংক্ষিপ্ত মন্ত্ৰীসভাত তেওঁ আছিল বিত্ত মন্ত্ৰীৰ দায়িত্বত ৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী হিচাপে তেওঁক পুনৰ ২০০২ চনত পুনৰ দেখিবলৈ পোৱা যায় ৷ বাজপায়ী মন্ত্ৰীসভাত তেওঁ ২০০২ চনৰ ১ জুলাইৰ পৰা ২০০৪ চনৰ ২১ মে’লৈকে বিত্ত মন্ত্ৰী আছিল ৷ ১৯৯৮ চনৰ পৰা ২০০২ চনলৈকে চাৰি বছৰ বিদেশ মন্ত্ৰীৰ দায়িত্ব আছিল ৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যভাৰ পালন কৰিছিল ২০০০ চনৰ জানুৱাৰীৰ পৰা ২০০১ চনৰ অক্টোবৰ পৰ্যন্ত ৷ ১৯৯৮-’৯৯ বাজপেয়ীৰ ১৩ মাহৰ চৰকাৰত যশৱন্ত সিং আছিল যোজনা কমিচনৰ উপ অধ্যক্ষ৷ সকলো মিলি তেওঁ মুঠ পাঁচবাৰ ৰাজ্যসভা আৰু চাৰিবাৰ লোকসভাৰ সাংসদ আছিল ৷ ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজস্থানৰ যোধপুৰ আৰু ১৯৯৬ আৰু ১৯৯১ চনত তেওঁ ৰাজ্যখনৰ চিতৌৰগড় সমষ্টিৰ পৰা সাংসদ হৈছিল ৷ ২০০৯ চনত লোকসভা নিৰ্বাচনত তেওঁ দাৰ্জিলিং সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল ৷ উল্লেখ্য যে ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰ লাইনছৰ বিমান ঘটনাৰ সময়ত তৎকালীন বিদেশ মন্ত্ৰী যশৱন্ত সিঙে আফগানিস্থানৰ কন্দহৰলৈ গৈ অপহৰণকাৰীৰ লগত আলোচনাত বহিছিল ৷ তেওঁৰ এই ‘সক্রিয়তা’ৰ বাবে সেই সময়ত তুমুল ৰাজনৈতিক বিতৰ্ক হৈছিল ৷ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত বাজপায়ী চৰকাৰৰ পতনৰ পাচত যশৱন্ত সিং ৰাজ্যসভাৰ বিৰোধী দলনেতা আছিল ৷ কিন্তু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত দাৰ্জিলিং সমষ্টিৰ পৰা জয়ী হোৱাৰ কেইমাহমানৰ ভিতৰত পাকিস্তানৰ প্রতিষ্ঠাতা মহম্মদ আলি জিন্নাক স্তুতি কৰাৰ অভিযোগত বিজেপিৰ পৰা বহিষ্কৃত হৈছিল ৷ যশৱন্ত সিঙে তেওঁৰ গ্ৰন্থত লিখিছিল, ভাৰতৰ ভাগ্যৰ বাবে জিন্না দায়ী নহয় ৷ বহিষ্কাৰৰ ১০ মাহৰ পাচত তেওঁক দললৈ ঘুৰাই আনে ৷ কিন্তু দলৰ ভিতৰ মহলত তেওঁ হৃত মৰ্যাদা পুনৰুদ্ধাৰ কৰিব পৰা নাছিল ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বাড়মেৰ সমষ্টিৰ পৰা বিজেপিৰ টিকট নাপায় তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হয় ৷ তেতিয়া তেওঁক পুনৰ বহিষ্কাৰ কৰে ৷ আনহাতে যশৱন্ত সিঙৰ পুত্ৰ তথা বাড়মেৰৰ প্ৰাক্তন বিজেপি সাংসদ মানবেন্দ্ৰ কংগ্ৰেছত যোগ দিয়ে ৷ সেই সমষ্টিৰ পৰা যোৱা লোকসভা নিৰ্বাচনত মানবেন্দ্র কংগ্ৰেছৰ প্ৰাৰ্থী হয় ৷ অৱশ্যে যশৱন্ত সিং সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি অহা নাছিল ৷ যশৱন্ত সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ উল্লেখ্য যে দীৰ্ঘ দিন সাংসদৰ দায়িত্ব পালন কৰা ৰাজনীতিবিদজনে ২০১৪ চনৰ আগষ্ট মাহত নিজৰ ঘৰত পৰি মুৰত গুৰুতৰভাৱে আঘাত পাইছিল ৷ দিল্লীৰ সেনা চিকিৎসালয়ত তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল ৷

মানৱীয়তাৰ নিদৰ্শন : হিন্দু যুৱকক মুখাগ্নি কৰিলে এগৰাকী মুছলমান বোৱাৰীয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : মানৱীয়তাৰ এক উত্‍কৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছমান বোৱাৰীয়ে । সম্পূৰ্ণ হিন্দু-ৰীতি নীতিৰ মাজেৰে ধ্ৰুৱজ্যোতি মজুমদাৰ নামৰ এজন হিন্দু যুৱকৰ মুখাগ্নি কৰিলে শিৱসাগৰৰ মুছকান বেগম নামৰ এগৰাকী মহিলাই । বিবাহ সূত্ৰে তিনিচুকীয়াৰ বোৱাৰী মুছকান বেগম । বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বৰে পৰা ধ্ৰুৱজ্যোতি মজুমদাৰৰ সৈতে ভাতৃ-ভগ্নিৰ সম্পৰ্ক আছিল মুছকানৰ । কিছুদিন পূৰ্বে ঘৰুৱা অসুবিধাৰ বাবে পিতৃ-মাতৃহাৰা ধ্ৰুৱজ্যোতি তিনিচুকীয়াৰ পৰা আহি শিৱসাগৰত থকা মুছকানৰ ঘৰতে থাকিবলৈ লৈছিল । কিন্তু ২২ছেপ্তেম্বৰৰ দিনা মুছকানৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ স্ব-ইচ্ছাই জীৱন ত্যাগ কৰে ধ্ৰুৱজ্যোতি মজুমদাৰে । পিছত ধ্ৰুৱজ্যোতিৰ পত্নী চিমি মণ্ডলে মৃতদেহ চমজি লয় । তথাপিও শিৱসাগৰৰ থানামুখ শ্মশানত ধ্ৰুৱজ্যোতিৰ মুখাগ্নি কৰে; মুছকান বেগমে ।

সাংসদ দিলীপ শইকীয়াক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক : বিহাৰ নিৰ্বাচনৰ আগ মূহূৰ্তত বিজেপিত নতুন মুখক দায়িত্ব

দৈনন্দিন বাৰ্তা ডেস্ক : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই প্ৰায় আঠ মাহৰ পাচত শনিবাৰে দলীয় কাৰ্যালয়ৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা কৰে ৷ নাড্ডাই মুঠ ২৩ জন নতুন বিষয়ববীয়াক নিযুক্তি দিয়ে ৷ বিজেপিৰ প্ৰধানজনে নতুনকৈ গঠন কৰা কমিটীত ৰাম মাধৱ, পি মুৰুলীধৰ ৰাও, অনিল জৈন, সৰুজ পাণ্ডেৰ ঠাইত নতুন মুখৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়ে ৷ নাড্ডাই বেংগালুৰুৰ যুৱ সাংসদ তেজস্বী সূৰ্যক দলৰ যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিয়ে ৷ তেওঁক পুনম মহাজনৰ ঠাইত নিযুক্তি দিয়া হৈছে ৷ দলৰ নতুন ৰাষ্ট্ৰীয় উপসভাপতিৰ দায়িত্ব দিয়া হৈছে ৰমেন সিং, মুকুল ৰয়, বৈজন্ত জয় পাণ্ডাক ৷ উল্লেখ্য যে অসমৰ সাংসদ দিলীপ শইকীয়াক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে ৷ আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ আগতে এই সিদ্ধান্ত লোৱা হয় ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত সৱল প্ৰদৰ্শনৰ পাচত ২০১৫ চনত আশা কৰাতকৈ সুন্দৰ ফল প্ৰদৰ্শন কৰিছিল ৷ সেই সময়ত জেডি (ইউ) আৰজেডি আৰু কংগ্ৰেছৰ সৈতে মহাজোঁটৰ এটা অংশ আছিল ৷ দলত নতুন সকলৰ ভিতৰত মহিলা আৰু যুৱকক কাম কৰাৰ সুযোগ দিয়া হৈছে ৷ উল্লেখ্য যে দলৰ সভাপতি হিচাপে নাড্ডাই চলিত বছৰৰ জানুৱাৰীত দায়িত্ব লাভ কৰিছিল ৷

ভিক্ষাবৃত্তিত লিপ্ত হোৱা চাৰি শিশুক উদ্ধাৰ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ ৷ পলাতক শিশুক ভিক্ষাবৃত্তিত লিপ্ত কৰা দুই কুখ্যাত ব্যক্তি

ডবকা, ২৬ চেপ্টেম্বৰ : হোজাইৰ ডবকাত ভিক্ষাবৃত্তিত লিপ্ত চাৰিগৰাকী শিশুক আজি উদ্ধাৰ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷ এই চাৰি শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল এটা অসাধু চক্ৰই ৷ ডবকা চহৰৰ এটা ভাড়াঘৰত ৰাখি এওঁলোকক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল নগাঁও ধিঙৰ মাইনুল আৰু ৰুহুল আমিনে ৷ নগাঁও ধিঙৰ পৰা দুয়ো নিয়ন্ত্ৰণ কৰিছিল ভিক্ষাবৃত্তিৰ এই ব্যৱসায় ৷ সাংবাদিক, হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনে উদ্ধাৰ কৰে ভিক্ষা বৃত্তিত লিপ্ত চাৰিগৰাকী শিশু ৷ আজি ডবকা চহৰত ভিক্ষাবৃত্তিত লিপ্ত হোৱা চাৰিগৰাকী শিশুক প্ৰথমে প্ৰত্যক্ষ কৰে ডবকাৰ সাংবাদিক আব্দুল হান্নান তালুকদাৰে ৷ অনাহাৰে থাকি মাদ্ৰাছাৰ নামত ভিক্ষা কৰি থকা অৱস্থাতে ডবকাৰ সাংবাদিকজনে শিশুকেইটিক উদ্ধাৰ কৰি খৱৰ দিয়ে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণক ৷ সেইমৰ্মে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, চাইল্ড লাইন আৰু ডবকা আৰক্ষীয়ে শিশুকেইটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে ৷ ইফালে শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰা দুয়ো প্ৰৱঞ্চকৰ বিৰুদ্ধে চাইল্ড লাইনে ডবকা থানাত এটি গোচৰ তৰিছে ৷ ডবকা আৰক্ষীয়ে মাইনুল আৰু ৰুহুল আমিনক বিচাৰি চলাইছে অভিযান ৷ শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰাৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

দৰঙৰ শলগুৰি সত্ৰত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭২ সংখ্যক জন্ম জয়ন্তী উৎসৱ অনুষ্টুপীয়াকৈ পালন

শ্ৰীমন্ত শংকৰ, হৰি ভকতৰ,

যানা যেন কল্পতৰু,

তাহান্ত বিনাই, নাই নাই নাই,

আমাৰ পৰম গুৰু ৷৷

নামখলা : সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো ক’ৰােনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টিৰ কৰাৰ পৰিপ্ৰেক্ষিতত এইবেলি মহাপুৰুষ জনাৰ জন্ম জয়ন্তী মহােৎসৱ ভাগ অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ অসমীয়া সংস্কৃতিৰ ধ্বজাবাহক অসমীয়া জাতি সত্বাৰজনক অসমীয়া সাহিত্য সংস্কৃতিৰ যুগনায়ক মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ জন্মজয়ন্তীৰ সহস্ৰাধিক ভকতৰ তুলনাত এইবাৰ অতি সীমিত সংখ্যক ভকতৰ উপস্থিতিৰে পালন কৰে ৷ এই অনুষ্ঠানত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীৰ লগতে নাম প্ৰসংগ হৰি নাম ধ্বনিৰে মুখৰিত কৰি তোলে শলগুৰি সত্ৰ ৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰে জন্মজয়ন্তী অনুষ্ঠান সামৰনি পৰিব বুলি সত্ৰৰ একনিষ্ঠ সেৱক বৰুন কলিতাই জানিব দিয়ে ৷

নাজিৰাত চাহ শ্ৰমিকে পূজাত পাব ২০ শতাংশ বনাচ : স্বাস্থ্য মন্ত্ৰীৰ ঘোষণাক জাতীয় গণ সংগ্ৰাম পৰিষদ, অসমৰ আদৰণি

গেলেকী : চাহ শ্ৰমিকৰ দীৰ্ঘদিনিয়া দাবী এইবাৰ মানি লৈছে অসম চৰকাৰে। চাহ শ্ৰমিকৰ বাবে এটা ভাল খবৰ। নাজিৰাকে ধৰি ৰাজ্যত এইবাৰ পূজাত চাহ শ্ৰমিকক প্ৰদান কৰা হ’ব ২০ শতাংশ বানচ।ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। যাক জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ফাৰহান লস্কৰ, উপ সভাপতি সপোন ৰায় আৰু সহঃ সাংগঠনিক সম্পাদক মিছকাটুৰ ৰহমানে আজি এক প্ৰেছ বিবৃতিৰ জড়িয়তে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ পদক্ষেপক আদৰণি জনাইছে। চাহ শ্ৰমিকসকলক বানচ সূচাৰূৰুপে প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাহ বাগিছা সমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা সিদ্ধান্ত লৈছে চৰকাৰে। বাণিজ্যিক ঋণ লোৱা বাগান সমূহলৈ আৰ্থিক প্ৰদান কৰা হ’ব সাহায্য।

উজনিত, অসম জাতীয় পৰিষদৰ প্ৰথমখন জিলা আহ্বায়ক সমিতি গঠন

গেলেকী, ২৫ছেপ্তেম্বৰঃ উজনি অসমত অসম জাতীয় পৰিষদৰ প্ৰথমখন জিলা আহ্বায়ক সমিতি গঠন । অসমৰ প্ৰথমখন আহ্বায়ক সমিতি গঠন চৰাইদেউত । চৰাইদেউ জিলাৰ জাতীয়তাবাদী শিবিৰৰ অগ্ৰণী ব্যক্তি অৱণী বৰুৱা আৰু সুশীল কুজুৰক মুখ্য আহ্বায়ক হিচাপে লৈ আজি ৫৩ জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয় । সংবাদ মেলযোগে এই কথা সদৰী কৰিলে AJPৰ আহ্বায়ক ৰাজু ফুকনে । অসমীয়া জাতিৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে বিভিন্নজনে অসম জাতীয় পৰিষদৰ লগত জড়িত হ’বলৈ যোগাযোগ অব্যাহত ৰাখিছে বুলি মন্তব্য । সোণাৰিৰ গ্ৰীণভিউ হোটেলত অনুষ্ঠিত সংবাদ মেলখনত প্ৰাক্তন আছু নেতা তথা আহ্বায়ক ৰাজু ফুকনৰ লগতে প্ৰাক্তন যুৱ ছাত্ৰ পৰিষদৰ নেতা বিশ্বজিৎ টিপমীয়া, প্ৰাক্তন অগপ নেতা তথা ২০০০ চনৰ সোণাৰি সমষ্টিৰ পাৰ্থী সুশীল কুজুৰ, সমাজসেৱক উমেশ গগৈ উপস্থিত থাকে ।

পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আন্দোলন ঘোষণা, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

তিনিচুকীয়া : বিগত ২০০৯ চনৰ পৰাই গাঁও পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত নোহোৱাত বাৰুকৈয়ে ক্ষোভিত হৈ পৰিছে। অতি কম পৰিমাণৰ পাৰিতোষিকত জীৱন-জীৱিকালৈ ও সংকট আহিব ধৰা এইসকল গ্ৰামোন্নয়নৰ লগত জড়িত কৰ্মচাৰীয়ে দিনে-ৰাতিয়ে একাকাৰ কৰি কাম কৰি আহিছে। চৰকাৰৰ প্ৰতিটো উন্নয়নমূক কাম কৰি অহাৰ উপৰিও শেহতীয়াকৈ কভিড-১৯, বানপানী, অৰুনোদয় আঁচনি ইত্যাদি কাম কৰি আহিছে। চৰকাৰক অনুনয় বিনুনয় তথা বাৰম্বাৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইফালে বিভাগটোৰ মুৰব্বী মুখ্য সচিব জে বি এক্কাৰ সঞ্চালনাত ২০১৯ বৰ্ষৰ ১৪ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কায্যালয়ত দীৰ্ঘদিনীয়া দাবীৰ সন্দৰ্ভত এক আলোচনাও দ্বি-পাক্ষিকভাৱে হৈ গৈছিল। উক্ত আলোচনা মৰ্মে ২০১৯ বৰ্ষৰ ১৬ নবেম্বৰৰ ভিতৰত চাকৰি সুৰক্ষিত কৰা, স্বাস্থ্য বীমা সংযোজন কৰা, প্ৰতিবছৰে ১০ শতাংশকৈ দৰমহা বৃদ্ধি কৰা, প্ৰতিগৰাকী কৰ্মচাৰীক পিএফ/ইপিএফ/চিপিএফ প্ৰযোজ্য কৰা আৰু যোগ্যতা-অভিজ্ঞতাৰ ভিত্তিত গ্ৰামোন্নয়ন বিভাগত খালী হৈ থকা চাকৰিত নিযুক্তি দিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু ইয়াৰ এটা দফাও আজিও কায্যকৰী হোৱা নাই। আনহাতেদি বিভাগটোৱে ১০০৪ টাকৈ পদ বিজ্ঞাপন প্ৰকাশ কৰিছে যদিও বিগত ৫ বছৰৰ পৰা ১১ বছৰ পৰ্যন্ত কামৰ অভিজ্ঞতা থকা কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত নহ’ল লগতে ইতিমধ্যেই বহুতৰ বয়স ওকলি যোৱাত আবেদনো কৰিব নোৱাৰে। প্ৰবল বঞ্চনা আৰু মিছা প্ৰতিশ্ৰুতি দি অহা লগতে কথা দি কথা নৰখা বাবে কৰ্মচাৰীসকলৰ দ্বাৰা গঠিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ২৮ ছেপ্টেম্বৰ পৰা এলানি আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি তেওঁলোকে একত্ৰিত হৈ ২৮, ২৯ তাৰিখে কলা বেজ পৰিধান কৰি কাম কৰিব, ৩০ আৰু ১ অক্টোবৰত দুয়োটা দিনত প্ৰতিটো উন্নয়ন খণ্ড কায্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰিব, ২ অক্টোবৰত গান্ধী জয়ন্তী দিনাও জিলাখনৰ ৩০৪ জন কৰ্মচাৰীয়ে একে লগ হৈ তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পঞ্চায়তত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি অহা গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, গাণনিক সহায়ক, গাঁও পঞ্চায়ত সমন্বয়ক আৰু স্বীকৃতিপ্ৰাপ্ত অভিযন্তা এই পাচঁটা পদৰ কৰ্মচাৰীসকলে কাম নকৰিলে অচল হৈ পৰিব গ্ৰামোন্নয়ন বিভাগ। ইতিমধ্যেই জিলাখনৰ প্ৰতিগৰাকী বিধায়ক, উপায়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া, উন্নয়ন খণ্ড বিষয়া, গাঁও পঞ্চায়তৰ সভাপতি/সচিবৰ লগতে জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলকো দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। মনকৰিবলগীয়া যে অন্যান্য বিভাগে ৰূপায়ণ কৰা প্ৰস্তাৱৰ প্ৰতিলিপি গাঁঠি দি উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী, গ্ৰামোন্নয়ন মন্তী, মুখ্য সচিব আৰু আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে ইয়াৰ পিছতো যদি এইসকল কৰ্মচাৰীয়ে কোনো জীয়াই থকাৰ বাট বিচাৰি নাপাই তেন্তে অনিদিষ্টকালীনভাৱে কৰ্মবিৰতি পালন কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগেদি জানিব দিছে সংগঠনটোৰ মুখপত্ৰ বিনন্দ মৰাণে। এই সমস্ত কাৰ্যসূচী তিনিচুকীয়াৰ লগতে অন্যান্য জিলাসমূহতো ক্ৰমানুসৰি ৰূপায়ন হ’ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক উপদেষ্টা কুমুদ গগৈ আৰু কেন্দ্ৰীয় কায্যনিৰ্বাহক নিৰ্মল বুঢ়াগোঁহাইয়ে।