Home Blog Page 3264

নগাঁৱত মূল্য বৃদ্ধিৰ প্ৰতিবাদ ছাত্র সন্থাৰ: ধৰ্মেন্দ্ৰ প্ৰধান- ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ।

নগাওঁ : পেট্ৰলজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত সদৌ নগাওঁ জিলা ছাত্র সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। ছাত্র সন্থাৰ সদস্য সকলে  আধা ঘন্টা সময় জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ নগাওঁ ষ্টেট বেংক আৰু জিলা পৰিবহন বিভাগৰ সংযোগী পথ অৱৰোধ কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। ছাত্র সন্থাৰ সদস্য সকলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে। ধৰ্মেন্দ্ৰ প্ৰধান হায় হায়, ফণীভূষণ চৌধুৰী হায় হায়, আছু জিন্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে নগাঁও আছুৱে ৰাজপথ উত্তাল কৰি তোলে। আনহাতে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক সমালোচনা কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে কয় যে কেন্দ্ৰ আৰু ৰাজ্য দুইখন চৰকাৰ এতিয়া বৃহৎ পুঁজিপতিৰ হাতোৰাত বন্দী হৈছে। পুঁজিপতিৰ স্বাৰ্থক সুৰক্ষিত কৰিবলৈ গৈ দুয়োখন চৰকাৰে সৰ্বসাধাৰণ ৰাইজক ৰাম টাঙোন শোধাই পেট্ৰলজাত সামগ্ৰীকে ধৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ঘটাইছে। চৰকাৰৰ এনে জনস্বার্থ বিৰোধী কাৰ্য্য আমি কেতিয়াও মানি নলওঁ। মূল্যবৃদ্ধি ৰোধ হবই লাগিব। ছাত্ৰ সন্থাৰ এই কাৰ্যসূচীত জিলা ছাত্র সন্থাৰ বিষয়ববীয়াৰ লগতে নগাওঁ সদৰ আঞ্চলিক ছাত্র সন্থা, নগাওঁ মহকুমা ছাত্র সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

লাডাখত প্ৰধানমন্ত্ৰীৰ আকস্মিক ভ্ৰমণ ।

দৈনন্দিন বাৰ্তা ডেস্ক :

সংঘৰ্ষক লৈ তাৎপর্যপূর্ণ তৎপৰতাৰ মাজতে লাডাখত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ লেহ সামৰিক ঘাটিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী পুৱা ১০ বজাত অৱতৰণ কৰে৷ উল্লেখ্য যে এই দিনটোতে প্ৰধানমন্ত্ৰী লাডাখ যাব বুলি আগতীয়াকৈ কোনো খবৰ দিয়া নাছিল৷ সেনাৰ তিনিটা বাহিনীৰ প্ৰধান চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু স্থল বাহিনীৰ প্ৰধান মনোজ মুকুন্দ নৰবনক লগত লৈ গৈছিল প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীৰ এই আকস্মিক ভ্ৰমণ অতি তাৎপর্যপূর্ণ বুলি উল্লেখ কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞই৷ লেহৰ পৰা প্ৰধানমন্ত্ৰী এলএচি দিশে যায় বুলি প্ৰাথমিক খবৰ পোৱা গৈছে৷ এলএচিত ভাৰতীয় সেনা বাহিনীৰ যিমানবোৰ সীমান্ত চকী আছে তাৰে কেইটামানলৈ প্ৰধানমন্ত্ৰী যায় আৰু সীমান্তত মোতায়েন জোৱানৰ লগত কথা পাতে বুলি জানিব পৰা গৈছে৷ যোৱা ১৫ জুনৰ নিশা গালৱানত হোৱা সংঘৰ্ষত জোৱান হতাহত হৈছিল৷ তেওঁলোকক প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে লেহত দেখা কৰিছে বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰী আগতে লেহ গৈছিল, আনকি সীমান্তত অৱস্থিত ফৰৱাৰ্ড লেণ্ডিং গ্ৰাউণ্ড নিমুত তেওঁৰ বিমান অৱতৰণ কৰিছে৷ তাক লৈ এতিয়াও ধোঁৱাৰ মাজত আছে৷ প্ৰধানমন্ত্ৰী দপ্তৰ বা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা প্ৰধানমন্ত্ৰী যে লাডাখ যাব সেই কথা আগতে জনোৱা নাছিল৷ যোৱা বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং লাডাখ ভ্ৰমণ কৰাৰ কথা আছিল৷ কিন্তু সেই ভ্ৰমণ মুহূৰ্ততে বাতিল হয়৷ কিয় বাতিল কৰিলে দিল্লীয়ে স্পষ্টকৈ জনোৱা নাই৷ কিন্তু প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে চীনৰ সৈতে আলোচনা প্রক্রিয়া আগুৱাই যোৱাৰ বাবে ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত কৰা হ’ল৷ ভাৰতে এতিয়া সংঘাত বিচৰা নাই৷ বৰং পৰিস্থিতি প্ৰশমিত হ’লে সামৰিক তৎপৰতা কমাই অনাৰ লক্ষ্য ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত কৰাটোৱে সেই বাৰ্তা দিয়ে বুলি কোনো কোনো মহলে ব্যাখ্যা দিয়ে৷ কিন্তু শুকুৰবাৰে পুৱা স্পষ্ট হয় যে অধিক ডাঙৰ বাৰ্তা চীনক দিবৰ বাবেই বৃহস্পতিবাৰে ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত হৈছিল৷ এলএচিত পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছত স্থল সেনা প্ৰধান মনোজ মুকুন্দ নৰবান আৰু বায়ু প্ৰধান আৰ কে এছ ভদৌৰিয়া আগেয়ে লাডাখ ঘুৰি আহিছিল৷ তেওঁলোকে সামৰিক প্ৰস্তুতি চাই আহিছিল ৷ যিকোনো আগ্রাসনৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু বুলিও জনোৱা হৈছিল৷ তাৰ পাছত চীনৰ সৈতে আলোচনা হৈছিল৷ তাৰ মাজতে আকস্মিকভাৱে প্ৰধানমন্ত্ৰী মোডী লাডাখত উপস্থিত হয় ৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে সেনা বাহিনীৰ মনোবল বৃদ্ধি পাই বুলি জানিব পৰা গৈছে ৷

সোঁৱৰণিৰ সেওতাত আকাশবাণী গুৱাহাটী ।

✍ কৰবী মহন্ত কলিতা

এয়া আকাশবাণী গুৱাহাটী, ৰেডিঅ’ৰ পৰা ভাঁহি অহা চিনাকি এটি মাত। লাহে লাহে ঘোষক-ঘোষিকাসকল সকলোৰে বাবে চিনাকি হৈ পৰিছিল। মাত শুনিয়েই ঘোষক-ঘোষিকাসকলৰ নাম মনলৈ আহিছিল। ৰাতিপুৱা ভক্তিমূলক গীতেৰে দিনটোৰ কাৰ্য্যক্ৰম আৰম্ভ হয়। পঢ়িবলৈ সাজু হওঁ লগত থাকে ৰেডিঅ’টো। ৰেডিঅ’ শুনি পঢ়া টেবুলত বহা অভ্যাসতে পৰিণত হৈছিল। ৮.৩০ বজাত আৰম্ভ হয় গীতিমালিকা। প্ৰয়াত খগেন মহন্ত, অৰ্চনা মহন্ত, প্ৰয়াত দীপালি বৰঠাকুৰ, নমিতা ভট্টাচাৰ্য আদিৰ কিছুমান কালজয়ী গীত সেই সময়ত আকাশবাণী গুৱাহাটীৰ শ্রোতাসকলৰ মাজত জনপ্ৰিয় আছিল। স্কুল যাবলৈ সাজু হওঁ আৰম্ভ হয় আঞ্চলিক বাতৰি। হঠাৎ শ্ৰেণী বর্জনৰ খবৰ সেই সময়ত আঞ্চলিক বাতৰিৰ পৰাই পাইছিলো। সন্ধিয়া পঢ়া টেবুলত যাওঁ ৰৈ থাকো ৰেডিঅ’ নাটলৈ। ৰেডিঅ’ নাট আৰম্ভ হোৱাৰ লগে লগে পঢ়া সামৰো। ঘৰৰ সকলোৱে চোতালত ঢাৰি পাৰি বহি ৰেডিঅ’ নাটসমূহ উপভোগ কৰো। দেওবাৰৰ দিনটোলৈ ৰৈ থাকো অকণিৰ মেল অনুষ্ঠানৰ বাবে। নিজেও এবাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ধন্য হৈছিলো। প্ৰতিমাহৰ প্ৰথম আৰু তৃতীয়টো দেওবাৰে শ্রোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু শুনিবলৈ ৰৈ আছিলো। সেই সময়ত আমাৰ গ্রাম্যাঞ্চলক ঢুকি পোৱাকৈ গ্ৰাম্যফোন ব্যৱস্থাও নাছিল আৰু আধুনিক মোবাইলৰ ব্যৱস্থাও নাছিল। কিন্তু মনত হেঁপাহ আছিল ফোন কৰি ঘোষক-ঘোষিকাসকলৰ লগত কথা পাতিবলৈ। এয়াই আছিল আকাশবাণী গুৱাহাটীৰ লগত জড়িত সোণসেৰুৱা স্মৃতি।

আকাশবাণী গুৱাহাটী প্ৰতিজন অসমীয়াৰ বাবে চিনাকি এটি নাম। ১৯৪৮ চনৰ ১ জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুকলি কৰা হৈছিল। ৭২ টা বসন্ত গছকা সুদূৰপ্ৰসাৰী এটি যাত্ৰা। আইদেউৰ বুলনিৰ নামাকৰণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। অকণিৰ মেলৰ দায়িত্বত আছিল বিৰিঞ্চি কুমাৰ বৰুৱা। গীত মাত, সংগীতালেখ্যৰ দায়িত্বত আছিল ডঃ ভূপেন হাজৰিকা। সুৰৰ সাতসৰী, ঘৰে পথাৰে, কল্পতৰু, আইদেউৰ বুলনি, উপন্যাস পাঠ, ৰেডিঅ’ নাটসমূহে যিদৰে সাহিত্যিক, সাংস্কৃতিক প্ৰেক্ষাপট গঢ়ি তুলিছিল, সৃষ্টি কৰিছিল আত্মীয়তাৰো। কাৰণ ঘৰৰ সকলোৱে একেলগে বহি ৰেডিঅ’ নাটসমূহ উপভোগ কৰিছিল। ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, দীপালি বৰঠাকুৰ, ৰুদ্ৰ বৰুৱা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, লক্ষ্যহীৰা দাস আদিৰ কালজয়ী গীতসমূহে আকাশবাণী গুৱাহাটীৰ জৰিয়তে শ্রোতাসকলৰ মাজত জনপ্ৰিয় হৈছিল। বহুতো কালজয়ী গীত পোনপ্ৰথমে আকাশবাণী গুৱাহাটীতে বাণীবদ্ধ হৈছিল। ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা, ফণী শৰ্মা আদি স্বনামধন্য নাট্যকাৰৰ নাটসমূহেও জনপ্ৰিয়তা অৰ্জন কৰিছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিয়ে।

আকাশবাণী গুৱাহাটী অসমীয়া জাতীয় জীৱনৰ লগত জড়িত। অসমীয়া ভাষাটোক শুদ্ধ ৰূপত তুলি ধৰাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভূমিকা কোনোগুণে কম নহয়। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত পাহাৰ-ভৈয়ামৰ একতাৰ ঢল বোৱা, ভাষা, সাহিত্য, সংস্কৃতিৰ সৌধ গঢ়া আকাশবাণী গুৱাহাটীৰ যি যুগমীয়া যাত্ৰা, এই যাত্ৰা অব্যাহত থাকক।

পূৱ মাজুলীত কৃষিভূমি কাঢ়ি লোৱা, খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত প্ৰতিলিপি দাহ আছুৰ।

উজনি-মাজুলী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বনগাঁও চাৰিআলিত উদ্যোগ স্থাপনৰ অজুহাতত কৃষিভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে৷ কভিড-১৯ ৰ সামাজিক দূৰত্ব মানি পালন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই উপস্থিত সকলোৱে কোনো কাৰণতে এনে জাতিদ্রোহী সিদ্ধান্ত মানি নলওঁ আৰু প্ৰয়োজন অনুসৰি ইয়াত কৈ ভয়াবহ ৰূপে আমাৰ আন্দোলন চলি যাব বুলি মন্তব্য কৰে। অসমৰ জনসাধাৰণক কভিড-১৯ ৰ এই বিপদৰ সময়ত সকলোকে গৃহ বন্ধী কৰি এনে সিদ্ধান্ত লোৱা অসম চৰকাৰৰ কেবিনেটক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে। এই কাৰ্যসূচীত আঞ্চলিক ছাত্ৰ ছাত্ৰ সন্থাৰ ২০ জন সতীৰ্থ, স্থানীয় ৰাইজ উপস্থিত থাকে। কাৰ্যসূচী সফল ৰূপায়ন কৰাৰ বাবে আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কাকুমনি কলিতাই সকলোকে ধন্যবাদ জনায়।

হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ সংবাদ মেল।

নলবাৰী : সমগ্ৰ অসম তথা পুৰ্ণভূমি ভাৰতবৰ্ষত বসবাস কৰা লোকসকল ধৰ্মীয় অগ্ৰাসনৰ বলি হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অভিশপ্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দোহাই দি খিলঞ্জীয়া অসমীয়াক বিদেশী সজাই ডিটেনশ্ব’ন কেম্পত এতিয়াও বন্দী কৰি ৰখা কাৰ্য্যক হিন্দু ক্ৰান্তি দল অসমে ধ্বিক্কাৰ ও নিন্দা প্ৰকাশ কৰে আৰু লগতে বন্দী সকলক মুক্তিৰ দাবীত নলবাৰী চহৰত এখন সংবাদ মেলৰ অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰীৰ জিলা সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে, ভাৰতবৰ্ষত বসবাস কৰা কোনো হিন্দুৱেই বিদেশী হ’ব নোৱাৰে। কিয়নো বৰ্তমান পৃথিৱীত খ্ৰীষ্টিয়ান আৰু মুছলিমৰ দেশ বুলি ক’লে শতাধিক দেশ আছে কিন্তু হিন্দু ধৰ্মৰ দেশ বুলি কলে চৰকাৰীভাৱে এখনো দেশ নাই। হিন্দু ধৰ্মৰ দেশ বা হিন্দু ৰাষ্ট্ৰ বুলি ক’লে আমি আমাৰ এই হিন্দুস্থান আৰু নেপালৰ দৰে সৰু ৰাষ্ট্ৰখনৰ কথা ভাবোঁ‌। কিন্তু বৰ্তমান সময়ত হিন্দু ৰাষ্ট্ৰ হিচাপে পৰিচয় দিব নোৱাৰোঁ‌ বিভিন্ন কাৰিকৰী ও সাংবিধানিক কাৰণত। আকৌ আমি বসবাস কৰা আমাৰ মাতৃভূমিৰ নাম অতীত কালত হিন্দুস্থান কিয় হৈছিল আমি সকলোৱে অনুমান কৰিব পাৰো। কিন্তু বৰ্তমান সময়ত এই হিন্দুস্থান আৰু হিন্দুস্থান হৈ থকা নাই। বৰ্তমান সময়ত আমাৰ ভাৰত ভূমি তথা এই হিন্দুস্থানত হিন্দু ধৰ্মৰ অস্তিত্ব আৰু দেশৰ ভৱিষ্যৎ বিপদাপন্ন। অথচ এই মাতৃভূমিক আমি ঋষি মনিষীৰ দেশ বুলি হে জানো। এনেকৈ হিন্দু ধৰ্মৰ অস্তিত্ব হানি হৈ থাকিলে এটা সময় এনেকুৱা আহিব যে হিন্দু ধৰ্মৰ অস্তিত্ব নাইকীয়া হৈ যাব। আমি আমাৰ পৰিচয় নিজৰ মাতৃভূমি হেৰুৱাব লগা হব। সেয়েহে আজিৰ দিনত নিজৰ জাতি আৰু দেশমাতৃক ৰক্ষা কৰিব হলে সনাতন ধৰ্মীয় লোকৰ বৃহৎ বলিদানৰ প্ৰয়োজনীয়তা আছে। লগতে সংযোজক গৰাকীয়ে কয় যে হিন্দুৰ প্ৰতি বৈষম্য বন্ধ কৰক। ডিটেনশ্ব’ন কেম্পত থকা সকলো হিন্দুক তৎকালে মুক্তি দিয়াৰ কথা আছিল, কিন্তু আজি পৰ্যন্ত মুক্তি দিয়া নাই। এয়া অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰকৃত নথি পত্ৰ থকাৰ পিছতো বহুতো হিন্দু বাদ পৰিছে এন আৰ চি (NRC) ৰ পৰা। এইখন আসোৱাঁ‌হ থকা এন আৰ চি (NRC) চৰকাৰে অগ্ৰাহ্য কৰক। চৰকাৰীভাবে বাতিল কৰিলেহে বাতিল হ’ব। চৰকাৰীভাবে এইখন NRC প্ৰত্যাখ্যান কৰক। সেয়েহে হিন্দু ক্ৰান্তি দল অসমে শাসিত চৰকাৰ লৈ নিবেদন কৰিছে হিন্দুৰ ওপৰত ৰাজনীতি নকৰি, ভাৰতীয় সংস্কৃতিক মূল আধাৰ হিচাবে লৈ উচিত মৰ্যদা প্ৰদান কৰি ডিটেনশ্ব’ন কেম্পত আবদ্ধ হৈ থকা হিন্দু সকলক অতি শীঘ্ৰেই মুকলি কৰে যেন। উক্ত সংবাদ মেলত উপস্থিত হিন্দু ক্ৰান্তি দল নলবাৰীৰ সম্পাদক জিতু মেধীয়ে বৰ্তমান পৰিস্থিতত হিন্দুক বেদেশী সজোৱাতো অতি দুৰ্ভগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে। সংবাদ মেলত সংগঠনটোৰে পুৱ নলবাৰী আঞ্চলিকৰ সভাপতি সীমান্ত দাস আৰু অসীম দাস উপস্থিত থাকি বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰে।

ভূমিনীতি প্ৰত্যাহাৰৰ দাবীত তিনিচুকীয়াত ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ।

তিনিচুকীয়া : মোদীৰ নতুন আক্ৰমণ প্ৰতিহত কৰিবলৈ শ্ৰমিক শ্ৰেণী আকৌ গৰজি উঠিছে, এই মন্তব্য কৰিছে ট্ৰেড ইউনিয়ন যৌথ মঞ্চই। আজি ৩ জুলাইত ভাৰতৰ দহটা ট্ৰেড ইউনিয়নে, আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ আভুৱা ভৰা শ্ল’গানৰ আঁৰত ব্যক্তিগতকৰণৰ নীতিৰে অৰ্থনৈতিক সাৰ্বভৌমত্ব বিসৰ্জন দিয়াৰ লক্ষ্যত সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰাৰ বাবে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন(UAPA) প্ৰণয়ন কৰি আৰু সমূহ (৪১টা) শ্ৰম আইন বিলুপ্ত কৰি সমাজৰ আটাইতকৈ সংগঠিত আৰু সংগ্ৰামী শ্ৰমিক শ্ৰেণীৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰিছে। কিছুদিন পূৰ্বে প্ৰধামন্ত্ৰীয়ে লকডাউন প্ৰত্যাহাৰ কৰি তলা খোলাৰ ঘোষণাৰ আঁৰৰ আচল উদ্দেশ্য যে পৰ্যায়ক্ৰমে এটা এটাকৈ ৰাজহুৱা খণ্ড- কয়লা খণ্ডৰ ৪১টা খনি, ৰেল, তেল (Bharat Heavy Electrical Ltd.), ছেইল(Steel Authority of India Ltd), বিএচএনএল, পাৱাৰ, প্ৰতিৰক্ষা, বেংক বীমা আদিৰ ব্যক্তিগতকৰণৰ চূড়ান্ত ৰূপ দিয়াহে এই আচল ৰহস্যটো আজি পোনপটীয়াকৈ ফাদিল হৈছে। কেৱল সেয়াই নহয়, অতি স্পৰ্শকাতৰ আৰু ৰণনৈতিক দিশত গুৰুত্বপূৰ্ণ মহাকাশ গৱেষণা আৰু আনকি শক্তি প্ৰকল্পও বিক্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে জাতীয়/ৰাষ্ট্ৰীয়কৰণ (Nationalisation)ক লকডাউন আৰু ব্যক্তিগতকৰণক তলাখোলা (Unlocking) বুলি অভিহিত কৰিছে। কয়লা খণ্ডৰ নিলামত বিক্ৰীৰ কথা প্ৰকাশ হোৱাৰ লগে লগে শক্তি প্ৰয়োগৰে ভূমি অধিগ্ৰহণ, স্থায়ী অধিবাসীৰ স্থানচ্যুতি, প্ৰকৃতিৰ ধ্বংস সাধন, জৈৱ বৈচিত্ৰ্যৰ বিৰাট ক্ষতিসাধন আদি আসন্ন বিপদৰ বিৰুদ্ধে কয়লা শ্ৰমিকৰ ২, ৩ আৰু ৪ জুলাইৰ সৰ্বভাৰতীয় ধৰ্মঘটৰ আহ্বান দিছে। ঝাৰখণ্ড চৰকাৰেও কয়লাখনিৰ ব্যৱসায়ীকৰণ/ব্যক্তিগতকৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আনহাতেদি প্ৰতিৰক্ষা উৎপাদন ক্ষেত্ৰত গ্ৰহণ কৰা পূৰ্বৰ ৪৯%ৰ ঠাইত এতিয়া ৭৪% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বিৰুদ্ধে প্ৰতিৰক্ষা শ্ৰমিকেও অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ প্ৰস্তুতি চলাইছে। মোদী চৰকাৰৰ আক্ৰমণৰ সন্মুখত প্ৰতিআক্ৰমণ সংগঠিত কৰিবলৈ শ্ৰমিক শ্ৰেণীয়ে দেশজোৰা প্ৰস্তুতি শক্তিশালী কৰাৰ লক্ষ্যতে আজিৰ দেশজোৰা প্ৰতিবাদ দিৱসৰ কাৰ্যসূচী অংশ হিচাপে ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ হৈ তিনিচুকীয়াৰ থানা চাৰিআলিত আজি বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ব্যক্তিগতৰকৰণৰ নীতি প্ৰত্যাহাৰ, অসমৰ ৰাইজ-বিৰোধী নতুন ভূমিনীতি তথা উদ্যোগনীতি প্ৰত্যাহাৰ, চাহ শ্ৰমিকক লকডাউন কালৰ সম্পূৰ্ণ ৰেচন আৰু মজুৰি আদায় দিয়া, অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা আৰু পেট্ৰ’ল ডিজেলসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ৰোধ কৰিবলৈও দাবী জনোৱা হয়।

নাজিৰাত ভ্ৰাম্যমাণ শিল্পীলৈ সাহায্য বিতৰণ

নাজিৰা : সম্প্ৰতি কৰ’না ভাইৰাছৰ ভয়াবহ পৰিস্থিতিত অসমৰ ভ্ৰাম্যমাণ শিল্পীসকলৰ দুৰবস্থাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এনে শিল্পীসকলক সাহায্য প্ৰদান কৰি আহিছে ৷ আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ শিমলুগুৰি শাখাৰ সৌজন্যত বিষয়া স্বপ্নাৰানী শইকীয়াৰ সহযোগত নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত মহকুমাটোৰ তিনিগৰাকী ভ্ৰাম্যমাণ শিল্পীক সাহায্য প্ৰদান কৰা হয় ৷ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ উপস্থিতিত স্বপ্না শইকীয়া, দণ্ডাধীশ অদিতি বৰ্মন, সাহিত্যিক অসমী গগৈ, সমাজকৰ্মী প্ৰশান্ত বৰঠাকুৰ, গোপাল বৰুৱা আৰু কেইবাজনো সংবাদকৰ্মী উপস্থিত থকা অনুষ্ঠানত শিল্পী জীবন হাতীকাকতী, ৰিংকু গগৈ আৰু মনোজ দেক এই সাহায্য প্ৰদান কৰে ৷

ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা আছে ৷ এই টীকাৰ নাম হৈছে ‘কোভেক্সিন’৷ ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড (বিবিআইএল)ৰ সহযোগত এই টীকা বজাৰলৈ আনিছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)-এ ৷ বজাৰলৈ অনাৰ আগেয়ে মানৱ দেহত প্ৰয়োগ কৰি চাবৰ বাবে দেশৰ অন্তত ১২টা প্রতিষ্ঠানক দায়িত্ব দিয়া হৈছে বুলি আইচিএমআৰৰ সূত্ৰত প্ৰকাশ ৷ সমগ্ৰ বিশ্বত ইতিমধ্যে ক’ৰোনাত আক্ৰান্ত হৈছে এক কোটিৰো অধিক মানুহ ৷ ভাৰতত আক্ৰান্তৰ সংখ্যা ৬ লাখ অতিক্ৰম কৰিছে ৷ এই পৰ্যন্ত বিশ্বৰ কোনো ঠাইতে ক’ৰোনাৰ টীকা বজাৰলৈ অহা নাই ৷ কেইবাটাও টীকাৰ ক্লিনিকেল ট্রায়েল চলিছে ৷ দেশৰ বিভিন্ন প্ৰান্তত প্ৰথম দেশীয় টীকাৰ ক্লিনিকেল ট্রায়েল চলাবৰ বাবে বিশাখাপট্টনম, ৰোহটক, দিল্লী, পাটনা, কৰ্ণাটকৰ বেলগাঁও, নাগপুৰ, গোৰখপুৰ, হাদৰাবাদ, গোৱা, আৰ্য নগৰ, কানপুৰ আৰু তামিলনাডুৰ কাট্টানকুলাথুৰৰ প্ৰতিষ্ঠানবোৰক দায়িত্ব দিয়া হৈছে বুলি আইচিএমআৰৰ সূত্ৰত প্ৰকাশ ৷ ভালকৈ ক্লিনিকেল ট্রায়েল আৰম্ভ কৰিবৰ বাবে দেশৰ এই প্রতিষ্ঠানবোৰলৈ চিঠি দিছে আইচিএমআৰৰ তৰফৰ পৰা ৷ তাত লিখা হৈছে, টীকা প্ৰস্তুত কৰিবৰ বাবে চাৰ্চ-কভ-২ ভাইৰাছৰ ষ্ট্ৰেন সংগ্ৰহ কৰা হৈছিল আইচিএমআৰৰ অধীনত থকা পুণেৰ নেচনেলইনষ্টিটিউট অব ভাইৰ’লজীৰ পৰা৷ টীকাৰ ক্লিনিকেল ট্রায়েল চলাবৰ বাবে যিবোৰ কৰণীয়, বিবিআইএলৰ সহযোগিতাত সেই সকলোবোৰ কাম কৰিছে আৰু কৰি আছে আইচিএমআৰে ৷ আইচিএমআৰৰ তৰফৰ পৰা জনোৱা হৈছে যে অতি বেছি পলম হ’লেও যাতে ১৫ আগষ্টৰ ভিতৰত এই টীকা সকলোৰে ব্যৱহাৰৰ বাবে বজাৰলৈ আহে তাৰ কাৰণে সকলো ধৰণৰ ক্লিনিকেল ট্রায়েল দ্ৰুততাৰে শেষ কৰিবলৈ কোৱা হৈছে দেশৰ ১২টা প্রতিষ্ঠানক ৷ সেই ক্লিনিকেল ট্রায়েল চলাবৰ বাবে চৰকাৰী অনুমোদন লাগে ৷ পলম নকৰি সংশ্লিষ্ট প্রতিষ্ঠানবোৰক সেয়া ব্যৱস্থা কৰিবলৈ কোৱা হৈছে ৷

পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া আছুৰ বিক্ষোভ কাৰ্যসূচী ।

পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া আছুৰ বিক্ষোভ কাৰ্যসূচী ।

তিনিচুকীয়া : পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদকল্পে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়াৰ বৰগুৰিৰ কৰ্ট তিনিআলিত ছাত্ৰ সংগঠনটোৰ নেতা কৰ্মীয়ে হাতে হাতে প্ৰতিবাদী বেনাৰ পোষ্টাৰ লৈ “বিজেপি চৰকাৰ গ’বেক”, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ”, যোগান মন্ত্ৰী মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে। লকডাউনে আৰ্থিকভাৱে জুৰুলা কৰা সৰ্বসাধাৰণ জনতাৰ ওপৰত পুনৰ মূল্যবৃদ্ধি কৰি চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী কাৰ্য কোনো কাৰণতে মানি লোৱা নহয় বুলি সংগঠনটোৰ নেতৃত্বই জনায়। লগতে এনে সামগ্ৰীৰ মূল্য শীৰ্ঘেই হ্ৰাস কৰাৰ দাবী জনায়। অন্যথা চৰকাৰৰ এনে জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে আগন্তুক সময়ত প্ৰৱল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনয় ডুবে, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজা বলিমাৰ আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই।

কোৰোণাৰ আক্ৰান্তৰ সাক্ষ্যগ্ৰহণ কৰিছিল নগাঁৱৰ ন্যায়িক দণ্ডাধীশে । নগাঁৱৰ ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী দণ্ডাধীশসহ ৫ জনৰ দেহত কোৰোণাৰ অৱস্থিতি ।

নগাঁও : নগাঁও জিলাৰ ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়া আৰু তিনিগৰাকী কৰ্মচাৰীসহ মুঠ ৫ জনকৈ লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি। বৃহস্পতিবাৰৰ দিনটোত ক’ভি়ড-১৯ পজিটিভ পোৱা ব্যক্তিকেইগৰাকী ক্ৰমে- ইকবাল আলম ফানাৰ্জী, ছালেহ আহাম্মদ, নিলাভ নয়ন ডেকা, দিলদাৰ হুছেইন খান আৰু মৃন্ময় জ্যোতি নাথ। ইয়াৰে ইকবাল আলম ফানাৰ্জী প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ ও মুন্সিফ-১ আৰু ছালেহ আহাম্মদ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ হিচাপে নগাঁৱৰ আদালতত কৰ্মৰত থকাৰ বিপৰীতে আন তিনিগৰাকী মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। আনহাতে নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ ৫ জনকৈ বিষয়া-কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে একেটা চৌহদতে থকা নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়তো সম্প্ৰতি ব্যাপক আতংকৰ সৃষ্টি হয়। কাৰণ একেটা চৌহদতে জিলাখনৰ দুয়োটাকৈ গুৰুত্বপূৰ্ণ কাৰ্যালয় থকাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল প্ৰায়ে ইজন সিজনৰ সংস্পৰ্শলৈ আহে। উল্লেখযোগ্য যে, কোৰোণাত আক্ৰান্ত ৫ জন ব্যক্তিৰেই বৰ্তমান সময়লৈকে নাই কোনো ভ্ৰমণ বৃত্তান্ত। কিন্তু যোৱা ১৬ জুনত কোৰোণাত আক্ৰান্ত এগৰাকী নাবালিকাক হাজিৰ কৰিছিল জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত আৰু সেই কিশোৰীগৰাকীৰ সংস্পৰ্শলৈ অহা ১২ গৰাকী আৰক্ষীকো জিলা স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টেইন কৰিছিল। সেইগৰাকী কিশোৰীৰ সাক্ষ্য গ্ৰহণৰ বাবেই অতিৰিক্ত মুখ্য ন্যায়িক  দণ্ডাধীশ ছালেহ আহাম্মদসহ ৫ জন কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগৰ এক সূত্ৰই।