গেলেকী : নাজিৰাস্থিত অ’এনজিচি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত নিশা বাঘৰ আতংক। ভিতৰত বাঘ, বাহিৰত কৰ্মচাৰী। নাজিৰা অ’এনজিচি কাৰ্যালয়ত নাহৰফুটুকীৰ বিচৰণ। নিগমৰ গাতে লাগি আছে সৰু-বৰ জংঘল তথা দিখৌ নদী। সম্প্ৰতি ২৩ ছেপ্তেম্বৰৰ নিশা বনাঞ্চল এৰি খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আহি জনসমাগমত প্ৰৱেশ কৰেহি। প্ৰাপ্ত তথ্য আৰু নিগমৰ অভিযোগ অনুসৰি নাজিৰাস্থিত অ’এনজিচি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত উক্ত দিনা নিশা এটা বাঘে মুকলি ভাৱে বিচৰণ কৰি ঘূৰি ফুৰা সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত আৱদ্ধ হৈ ৰয়। চিচি টিভি কেমেৰাত বন্দী হয় কাৰ্যালয়ৰ আৰ অ’ বি-১ৰ ভিতৰত বাঘ ঘূৰি ফুৰাৰ দৃশ্য ৷ ইয়াকে লৈ শংকিত হৈ পৰিছে; নিগমৰ আবাসী ও কৰ্মচাৰীসকল। উল্লেখ্য যে নিগমে নিশা কৰ্মচাৰী অথবা বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল অঞ্চলটোত৷ নিগমৰ কাৰ্যালয়ৰ ভিতৰত বাঘ সোমোৱাৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হোৱাৰ পিছতে কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়ে কৰ্তৃপক্ষই ৷ সমান্তৰালভাৱে উক্ত দিনা নিশাই বিহুবৰ খণ্ড বন বিষয়া সন্তোষ ফুকনদেৱৰ নেতৃত্বৰ এটা বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ চিচি টিভিৰ ফুটেজৰ ভিত্তিত বাঘটোৰ সন্ধান বিচৰাৰ লগতে নাহৰফুটুকীটো আৱদ্ধ কৰাৰ বাবে বন বিভাগে দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে। বিভাগৰ প্ৰাথমিক তদন্ত ভিত্তিত বাঘটো কাৰ্যালয়ৰ ভিতৰত থকা এখন খিৰিকীয়ে বাহিৰ হৈ যোৱা তথ্য সংগ্ৰহ কৰিছে বিহুবৰ খণ্ড বন বিভাগে। আনহাতে বন বিভাগৰ লোক নিগমৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি নাহৰফুটুকীটো পিঞ্জৰাবদ্ধৰ বাবে চেষ্টা চলোৱাৰ বিপৰীতে বিভাগে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত তিনিচুকীয়াৰ পৰা এটা Rescue team আনি ২৪ ছেপ্তেম্বৰৰ দিনা নিগমৰ কাৰ্যালয় ভিতৰ আৰু বাহিৰ চৌহদটোত বাঘৰ সন্ধান বিচাৰি চৰজমিন তদন্ত চলায়। পৰৱৰ্তী সময়ত নাহৰফুটুকীটো নিগমৰ কাৰ্যালয়ৰ পৰা ওলাই যোৱা বুলি বন বিভাগে সদৰী কৰে। বিহুবৰ খণ্ড বন বিষয়া গৰাকীৰ মতে উক্ত বাঘটো যদি পুনৰ নিগমৰ আবাসিক এলেকাত প্ৰৱেশ কৰে। তেতিয়া ট্ৰেংকুইলাইজ কৰিহে বাঘটো ধৰিবলৈ সক্ষম হ’ব বুলি তেখেতে আজি সংবাদ-মাধ্যমক জানিবলৈ দিছে।
কেন্দ্ৰৰ ওচৰত ৰিপৰ্ট জমা ইণ্টেলিজেণ্ট ব্যুৰৰ : যুৱকক কট্টৰপন্থী জেহাদী হোৱাৰ আহ্বান জাকিৰ নায়কৰ
অনলাইন বাৰ্তা : পিএছ টিভি ম’বাইল এপ, পিএছ টিভি নামৰ ইউটিউব চেনেল ফেচবুক পেজ ব্যৱহাৰ কৰি জাকিৰ নায়কে যুৱ সমাজৰ উদ্দেশ্যে জেহাদী ভাষণ দিছে ৷ কেন্দ্ৰৰ ওচৰত এই ৰিপৰ্ট জমা দিছে ইণ্টেলিজেণ্ট ব্যুৰই ৷ জাকিৰ নায়কৰ সকলো মিডিয়া নিষিদ্ধ কৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ আগতে পিএছ টিভি নিষিদ্ধ কৰিছিল চৰকাৰে ৷ এই চেনেলৰ জৰিয়তে পলাতক জাকিৰ নায়কে যুৱ সমাজক কট্টৰপন্থী জেহাদি হোৱাৰ আহ্বান জনাইছিল বুলি অভিযোগ উঠিছিল ৷ পিএছ টিভি বন্ধ পোৱাৰ পাচত ছ’চিয়েল মিডিয়াক হাথিয়াৰ কৰিছে জাকিৰ নায়কে ৷ ছ’চিয়েল মিডিয়াত এটাৰ পাচত এটাকৈ প্ৰৰোচনামূলক ভিডিঅ’ আপলোড কৰিছে এই ইছলামিক ধৰ্মগুৰুৱে ৷ তাৰ পৰা হিংসা বিয়পাইছে বুলি জনাইছে আইবিয়ে ৷ জানিব পৰা মতে গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনাত বহিছিল আইবি, এনআইএসহ দেশৰ একাধিক চোৰাংচোৱা সংস্থা ৷ তাতেই আইবিয়ে ৰিপৰ্ট জমা দিয়ে ৷ কোৱা হৈছে দেশৰ সৌহাৰ্দ্য পৰিৱেশ নষ্ট কৰাৰ চেষ্টা কৰিছে জাকিৰ নায়কে৷ দেশৰ বাহিৰত থাকি একাধিক মিডিয়া প্লেটফৰ্মত নিয়মিত প্ৰৰোচনামূলক ভিডিঅ’ আপলোড কৰিছে জাকিৰ নায়কে ৷ ফলত হিংসাৰ বাতাবৰণ সৃষ্টি হৈছে ৷
ম’ৰাবজাৰত স্বাধীনতা ৭৪ বছৰৰ পাছতো বাট-পথৰ বিধ্বস্তৰূপ : ভুঁই ৰুই প্ৰতিবাদ ৰাইজৰ
গেলেকী : নাজিৰা সমষ্টিৰ গাতে লাগি থকা আমগুৰি সমষ্টিৰ বাট-পথৰ উন্নয়ণৰ ফোপোলাস্বৰূপ উদঙালে; স্থানীয় গাওঁবাসী ৰাইজে। পথলৈ ওলাই আহিল শ-শ গাওঁবাসী ৰাইজ। বিধায়ক তথা চৰকাৰৰ ওপৰত ক্ষোভ গঁঞা ৰাইজৰ। এজাক বৰষুণতে পথৰ দূৰৱস্থাত ভুগিবলগীয়া হোৱাত বোকাময় পথত ২৪ ছেপ্তেম্বৰৰ দিনা ভূঁই ৰুই প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহিল আমগুৰিৰ ম’ৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢেকীয়াল গাওঁবাসী। সম্প্ৰতি স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো চেউনী আলি বৰুৱা কুৰি সংযোগী প্ৰায় দুই কি’লমিটাৰ পথটোৰ দূৰৱস্থাই জলাক’লা খুৱাইছে ৰাইজক। পথটোত নচলে ১০৮ জৰুৰী কালিন সেৱা অথবা অন্য কোনো বাহন। পঞ্চায়তে কোনো দিনেই মেৰামতিৰ বাবে গুৰুত্ব নিদিয়া পথটিৰ দূৰৱস্থাৰ বাবেই চিকিৎসালয়লৈ যাব নোৱাৰা ৰোগীৰ মৃত্যু পৰ্য্যন্ত হৈছে বুলি আভিযোগ আনিছে অঞ্চলবাসীয়ে।চাৰিখন গাঁৱৰ ৰাইজৰ একমাত্ৰ পথৰ লগতে আমগুৰি সমষ্টিৰ অন্যতম গুৰুত্বপূ্ৰ্ণ পথটিৰ দূৰৱস্থাই অঞ্চলটোৰ ৰাইজক জীয়াতু ভোগাইছে ৷
নাজিৰা, আমগুৰি দুয়োটা সমষ্টিত আছুৰ উদ্যোগত প্ৰধান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ
গেলেকী : নাজিৰা আৰু আমগুৰি দুয়োটা সমষ্টিত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। ২৪ ছেপ্তেম্বৰৰ আবেলি পৰত তথা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত কৃষক বিৰোধী কৃষি আইন-২০২০ বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে জংগী প্ৰতিবাদ সাব্যস্ত। চাউল, দাইল, আলু, পিয়াঁজ আৰু তেল অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰা সিদ্ধান্তৰ প্ৰতিবাদত নাজিৰা, লাকুৱা, মথুৰাপুৰ, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই দুয়োখন নগৰৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰি জংগী প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীত আছুৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতি প্ৰসাদ কলিতা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুমন কলিতা মহকুমাৰ ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহক সদস্য নন্দন মালাকাৰ উপস্থিত থাকে ৷
চিবিএছইৰ পাচতে এইবাৰ অসমৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত কৰ্তন : ৰাজনীতি বিজ্ঞানত বাদ পৰিল জৱাহৰলাল নেহৰু, মণ্ডল আয়োগ, অযোধ্যা
দৈনন্দিন বাৰ্তা ডেস্ক : কেইমাহমানৰ আগতে চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছিল ৷ এইবাৰ অসমৰ দ্বাদশ শ্ৰেণীৰ ৰাজনৈতিক বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিল জৱাহৰলাল নেহৰু ৷ তদুপৰি পাঠ্যক্ৰমৰ পৰা বাদ পৰিছে ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষ, অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি সমস্যা আৰু ২০০২ চনৰ গুজৰাটৰ সংঘৰ্ষ ৷ অৱশ্যে ইয়াৰ পাচত কোনো ৰাজনৈতিক কাৰণ নাই বুলি দাবী কৰিছে অসম চৰকাৰে ৷ কৰ’নাৰ বাবে শিক্ষাৰ্থী ওপৰত চাপ কমাবৰ বাবেই এই পদক্ষেপ লোৱা হৈছে ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে জনায় যে ক’ভিডৰ বাবে শিক্ষাৰ্থীৰ ওপৰৰ পৰা অযথা চাপ কমাবলৈ পাঠ্যক্রমৰ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ উল্লেখ্য যে কৰ’নাৰ বাবে যোৱা ছমাহ বন্ধ আছিল শিক্ষানুষ্ঠান ৷ ইপিনে পৰীক্ষাৰ সময় ওচৰ পাইছেহি ৷ সেয়ে শিক্ষাৰ্থীৰ ওপৰত চাপ কমাবলৈ পাঠ্যক্ৰম কৰ্তনৰ পথ ল’লে অসম চৰকাৰে ৷ পাঠ্যক্ৰমত ‘স্বাধীনতাৰ পৰৱৰ্তী ভাৰতীয় ৰাজনীতি’ৰ পৰা বাদ পৰিছে প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন, ৰাষ্ট্ৰ গঠন লৈ নেহৰুৰ চিন্তাধাৰা, তেওঁৰ বিদেশ নীতি আৰু তাৰ পৰৱৰ্তী সময়ৰ ৰাজনৈতিক উত্তৰাধিকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ‘গৰিবী হাটাও’ নীতি ৷ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে মণ্ডল কমিচন ৰিপৰ্টৰ প্ৰয়োগ, ১৯৮৪ চনৰ পাঞ্জাৱ সমস্যা আৰু শিখ-বিৰোধী সংঘৰ্ষ, ইউনাইটেড ফ্রন্ট আৰু এনডিএ চৰকাৰ, ২০০৪ চনৰ লোকসভা নিৰ্বাচন আৰু ইউপিএ চৰকাৰ আৰু অযোধ্যাৰ ভূমি বিবাদ আৰু গুজৰাটৰ সংঘৰ্ষ ৷ আনকি বুৰঞ্জী আৰু ভূগোলৰ পৰা অসমৰ বদু গুৰুত্বপূৰ্ণ অধ্যায় বাদ দিয়া হৈছে ৷ উল্লেখ্য যে ২০২০-২১ শিক্ষাবর্ষৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা কোন কোন অংশ বাদ পৰিব সেয়া নিৰ্দ্ধাৰণ কৰিছে ৰাজ্যৰ আগশাৰীৰ বিদ্যালয়ৰ বিভিন্ন বিষয়ৰ শিক্ষকক লৈ প্ৰস্তুত কৰা সমিতিয়ে ৷
বিৰোধী শূন্য সংসদত ১৫ বিধেয়ক গৃহীত নৰেন্দ্ৰ মোডী চৰকাৰৰ
দৈনন্দিন বাৰ্তা ডেস্ক : সংসদৰ বৰ্ষাকালীন অধিৱেশনত এইবাৰ বিৰোধীৰ অনুপস্থিতিৰ ‘সুযোগ’ কামত লগালে শেষৰ দুদিনত৷ কোনো বিতৰ্ক নোহোৱাকৈ ৰাজ্যসভাত নৰেন্দ্ৰ মোডী চৰকাৰে গৃহীত কৰে ১৫খন বিধেয়ক ৷ কৃষি ক্ষেত্ৰত সংস্কাৰ সংক্ৰান্তীয় দুখন বিধেয়ক ৰাজ্যসভাত ধ্বনি ভোটত গৃহীট কৰাত বিৰোধিতা কৰি সোমবাৰে নিলম্বন হয় কংগ্ৰেছ, তৃণমূল, চিপিএম আৰু আপৰ ৮জন সাংসদ ৷ ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৰ এই সিদ্ধান্তৰ প্ৰতিবাদত একাধিক বিৰোধী দলে অধিৱেশন বৰ্জন কৰে ৷ বিৰোধীৰ এই পদক্ষেপত সক্ৰিয় হৈ পৰে কেন্দ্ৰ ৷ বিৰোধী শূন্য ৰাজ্যসভাত মঙলবাৰে সাতখন আৰু বুধবাৰে আঠখন বিধেয়ক গৃহীত কৰে ৷ ইয়াৰ পাচতে অনির্দিষ্টকালৰ বাবে সমাপ্তি ঘটে বৰ্ষাকালীন অধিৱেশন ৷ উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত ক’ভিড বিধি মানি ১৮ দিনৰ বাবে সংসদৰ দুয়োকক্ষৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছিল ৷ আৰম্ভণিৰ দিনাই ২৫ জন সাংসদৰ কৰ’না ৰিপৰ্ট পজিটিভ আহে৷ তাৰ পাচতো কৰ’না বিধি মানি অধিৱেশন চলিছিল ৷ কিন্তু ইয়াৰ পাচত আন দুজন কৰ’নাত আক্ৰান্ত হয়৷ ইপিনে দেওবাৰে কৃষি বিধেয়কলৈ উত্তাল হয় ৰাজ্যসভা। অসংসদীয় আচৰণৰ অভিযোগত আঠজন সাংসদক নিলম্বন কৰে ৷ আনহাতে ১৭ টা বিৰোধী দলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ চিঠিৰে কৃষি সংস্কাৰ সংক্ৰান্তীয় তিনিখন বিতৰ্কিত বিধেয়কত চহী নকৰিবৰ বাবে আবেদন জনায় ৷
মাস্ক পৰিধান নকৰাকৈ ইন্দোৰৰ অনুষ্ঠানত মন্ত্ৰী : সমালোচনাৰ সন্মুখীন হৈ ভুল স্বীকাৰ মধ্যপ্ৰদেশৰ গৃহমন্ত্রীৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ইন্দোৰৰ এক অনুষ্ঠানলৈ বুধবাৰে যোৱাৰ সময়ত মুখত মাস্ক পৰিধান কৰা নাছিল মধ্যপ্ৰদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্রই ৷ তাৰ পাচতে মন্ত্ৰীজন কৈছিল, মই কোন অনুষ্ঠানতে মাস্ক পিন্ধা নাই ৷ কি হ’ব? ইয়াৰ পাচতে সমালোচনাৰ সন্মুখীন হয় মন্ত্ৰীজন ৷ আজি নিজৰ দোষ স্বীকাৰ কৰি কয়, এতিয়াৰ পৰা মাস্ক পিন্ধিব ৷ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ মধ্যপ্রদেশত কৰ’না সংক্ৰমণৰ নিৰিখত ইন্দোৰ একেবাৰে ওপৰত ৷ ২০,৮৩৪ জন সংক্রামিত হৈছে৷ মৃত্যু হৈছে ৫১৬ জন। সেই ইন্দোৰতে বুধবাৰে এক অনুষ্ঠানলৈ মাস্ক নিপিন্ধাকৈ গৈছিল নৰোত্তম মিশ্র। তাৰ পাচতে বিৰোধী কংগ্ৰেছৰ আক্ৰমণ, কৰ’না বিধি কেৱল সাধাৰণ মানুহৰ বাবে প্ৰযোজ্য ! টুইটাৰত মধ্যপ্রদেশৰ কংগ্রেছ মুখপাত্র নৰেন্দ্র ছালুজাই লিখে, কাৰোবাৰ মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস আছেনে ? নিয়ম কি কেৱল সাধাৰণ মানুহৰ বাবে ? নিজৰ ভুল স্বীকাৰ কৰি মিশ্ৰই জনালে, মাস্ক পিন্ধাৰ ক্ষেত্ৰত মই আইন বিৰুদ্ধ কাম কৰিছো ৷ প্ৰধানমন্ত্ৰীৰ অনুভূতিৰ লগতো মিলা নাই ৷ মই ভুল স্বীকাৰ কৰিছো আৰু দুঃখ প্রকাশ কৰিছো ৷ মই মাস্ক পিন্ধিম৷ সকলোকে অনুৰোধ কৰিছো, তেওঁলোকে যিন মাস্ক পিন্ধে আৰু সামাজিক দূৰত্ব বিধি মানে ৷ বুধবাৰে অৱশ্যে সমালোচনাৰ মুখত পৰি মিশ্ৰই কয়, শাৰীৰিক সমস্যা আছে৷ তেওঁ মাস্ক পিন্ধিলে শ্বাসৰ কষ্ট হয় ৷
গৌৰীপুৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰে দীৰ্ঘদিন ধৰি চলাই আহিছে বৃহৎ উৎকোচৰ ৰমৰমীয়া বেহা। যাৰ ফলত গোচৰীয়া আৰু অপৰাধীয়ে দুয়ো পক্ষই দিব লাগিছিল লাখ লাখ টকাৰ উৎকোচ। এশ গৰু মাৰিলে বাঘৰো মৰণ। ঠিক তেনেদৰে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰৰ বাবে নামি আহিল এক প্ৰলয়ংকাৰী বিপদ। হয়। এটা গোচৰ মীমাংসাৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰে দাবী কৰিছিল এক লাখ টকা। উক্ত উৎকোচৰ ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰণ শাখাৰ হাতত হাতে লোটে ধৰা পৰে অ’চি সত্যজিৎ বৰঠাকুৰ। উল্লেখ্য যে, অ’চি সত্যজিৎ বৰঠাকুৰে নিজ গা ঢাকিবলৈ বলিৰ পঠা সজালে উপ পৰিদৰ্শক আবুল কালাম আজাদক। বৰঠাকুৰে উৎকোচ লৈ দুৰ্নীতি নিবাৰণ শাখাৰ উমান পাই লগে লগে গৌৰীপুৰ টাউন উপ-পৰিদৰ্শক আবুল কালাম আজাদৰ ওচৰত উৎকোচ লোৱা ধন জমা দিয়াৰ লগে লগেই দুৰ্নীতি নিবাৰণ শাখাৰ লোকৰ লগতে ধুবুৰী জিলাৰ এছপি আনন্দ মিশ্ৰৰ সজাতি দলে অতৰ্কিতে গ্ৰেপ্তাৰ কৰে। উক্ত দুৰ্নীতি পৰায়ণ আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰক গ্ৰেপ্তাৰ কৰাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গৌৰীপুৰবাসী ৰাইজে।
ফিট ইণ্ডিয়া ম’ভমেণ্টৰ প্ৰথম বর্ষপূর্তিত প্ৰতিদিনে আধা ঘণ্টা শৰীৰ চৰ্চা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ
দৈনন্দিন বাৰ্তা ডেস্ক : ফিট ইণ্ডিয়া ম’ভমেণ্টৰ প্ৰথম বর্ষপূর্তি উপলক্ষে ‘ফিট ইণ্ডিয়া ডায়লগ’ শীর্ষক ভাৰ্চুৱেল অনুষ্ঠান আয়োজন কৰে কেন্দ্ৰই ৷ বৃহস্পতিবাৰে আয়োজিত সেই অনুষ্ঠানত দেশৰ খ্যাতনামা ক্রীড়াবিদ আৰু ফিটনেছ বিশেষজ্ঞৰ সৈতে বাৰ্তালাপ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৷ ‘ফিট ইণ্ডিয়া এজ এপ্ৰোপ্ৰিয়েট ফিটনেছ প্ৰট’কলছ’-এ অনুষ্ঠানটো আয়োজন কৰে ৷ কাশ্মীৰৰ উদীয়মান মহিলা গ’লকীপাৰ আফছানৰ পৰা বলীউডৰ অভিনেতা মিলিন্দ সুমন্দ, যোগগুৰু শিৱানন্দ সৰস্বতীৰ পৰা ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলি, সাতজন খ্যাতনামা ক্রীড়াবিদ আৰু ফিটনেছ বিশেষজ্ঞৰ সৈতে বাৰ্তালাপ কৰি কিদৰে শৰীৰক সক্ষম কৰি ৰাখিব পাৰি এই বিষয়ে আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে ৷ ফিট ইণ্ডিয়া কৰ্মসূচী আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্রশংসা কৰে মিলিন্দ সুমন্দ আৰু বিৰাট কোহলিক ৷ ইয়াৰ ফলত তেওঁলোকে প্রাচীন সংস্কৃতি আৰু ঐতিহ্যক সমগ্ৰ বিশ্বত তুলি ধৰিছে বুলি উল্লেখ কৰে ৷ অনুষ্ঠানৰ শেষত এই প্ৰসংগত মন্তব্য কৰে স্বাস্থ্য ঠিক থাকিলে সকলো ঠিক থাকিব বুলি উল্লেখ কৰে মোডীয়ে ৷ কৰ’নাৰ মাজতে দেশজুৰি শাৰীৰিক সক্ষমতা বঢ়োৱাৰ বাবে ভাৰতবাসীৰ যি চেষ্টা চলিছে তাৰ ভূয়সী প্রশংসা কৰে৷ বয়স্ক লোকক সুস্থ ৰখাৰ বাবে যুৱ সম্প্রদায়ে যিদৰে তেওঁলোকৰ শাৰীৰিক সক্ষমতা বঢ়োৱাত উৎসাহিত কৰিছে তাকো উল্লেখ কৰে ৷ শাৰীৰিক শক্তি বৃদ্ধি পালে মানসিক জোৰ বাঢ়ে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে৷ বিবেকানন্দৰ বাণী উদ্ধৃতি দি মোডীয়ে কয়, ‘স্বামী বিবেকানন্দই কৈছিল শক্তি মানে জীৱন আৰু দুৰ্বলতাৰ অৰ্থ মৃত্যু। শাৰীৰিক সক্ষমতা বঢ়োৱাৰ বাবে প্ৰতিজন মানুহে সময় দিয়া উচিত ৷ ভাৰতৰ নাগৰিকসকলে এই পথ অনুসৰণ কৰি সমগ্ৰ বিশ্বৰ আগত নজিৰ সৃষ্টি কৰিছে ৷ কৰ’না মহামাৰীৰ সৈতে যুঁজত ভাৰতীয়ৰ আগত থাকি নেতৃত্ব দিছে৷ মই সকলোকে কও ফিটনেছ ড’জ আধা ঘণ্টা এই মন্ত্ৰটো মনত ৰখা ৷ প্ৰতিদিনে যদি ৩০ মিনিট শাৰীৰিক সক্ষমতা বঢ়োৱাৰ বাবে সময় ব্যয় কৰা হয়৷ তেতিয়া সকলো শক্তিশালী হৈ উঠিব ৷
ক’ভিড-১৯ সজাগতাৰ বৃদ্ধিৰ বাবে জিলা স্বাস্থ্যবিভাগৰ সমদল
উজনি-মাজুলী : ৰাজ্যৰ আন জিলাৰ লগতে মাজুলী জিলাতো বুধবাৰে ক’ভিড-১৯ অতিমাৰী প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে জিলা স্বাস্থ্য বিভাগে ক’ভিড-১৯ সজাগতা সমদল উলিয়ায়। কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা কমলাবাৰী চহৰৰ মাজেৰে উলিওৱা এই ক’ভিড-১৯ সজাগতা সমদল অংশগ্ৰহণে উদ্বোধন কৰে মাজুলীৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) অৰিন্দম বৰুৱাই। মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নীলকান্ত দলেই নেতৃত্ব দিয়া এই সজাগতা সমদলত স্বাস্থ্য বিভাগৰ বিষয়া-চিকিৎসক, নাৰ্চ-স্বাস্থ্যকৰ্মী, আশাকৰ্মীসকলে ভাগ লয়।











