Home Blog Page 3266

ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয়ত অনুমোদন।

দৈনন্দিন বাৰ্তা ডেস্ক :

প্ৰতিৰক্ষা অধিগ্রহণ কাউন্সিল (ডিএচি)য়ে বৃহস্পতিবাৰে ৰাছিয়াৰ পৰা ২১ খন মিগ-২৯ৰ লগতে ৫৯ খন মিগ-২৯ যুদ্ধ বিমান আৰু ১২খন ছুখই-৩০ এমকেআই ক্ৰয়ৰ বাবে প্ৰস্তাৱত অনুমোদন দিছে ৷ ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয় আৰু উন্নিতকৰণত ৭৪১৮ কোটি টকা আৰু ছুখই-৩০ এমকেআইৰ খৰচ ১০৭৩০ কোটি টকা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিবৃতিত প্ৰকাশ ৷ বৰ্তমান অৱস্থাত বায়ুসেনাৰ শক্তি বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ ৷ এই প্ৰস্তাৱৰ প্ৰতি প্ৰায় ৩৮৯০০ কোটি টকা অনুমোদন কৰা হৈছে ৷

পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৷ নদুৱাৰ ব্লক কংগ্ৰেছৰ প্ৰতিবাদ ৷

জামুগুৰিহাট : পেট্ৰল,ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মুল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নদুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত জামুগুৰিহাটৰ চৈবাৰীৰ কেন্দ্ৰস্থলত অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰে৷সম্প্ৰতি চলি থকা কৰনাৰ আতংকৰ বাবে নদুৱাৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়াই সামাজিক দুৰত্ব পালন কৰি ৰূপায়ন কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত বিজেপি চৰকাৰৰ বৰ্তমান কাৰ্যকালত চলি থকা পেট্ৰ’ল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ‘হাতে হাতে প্লে কাৰ্ড লৈ” বিজেপি গ’ বেক’, ‘বিজেপি চৰকাৰৰ হায় হায়’ ধ্বনিৰে প্ৰতিবাদস্থলি মুখৰিত কৰি তোলে ৷ আজিৰ এই কাৰ্যসূচীত কংগ্ৰেছ দলৰ জিলা পৰ্য্যায়ৰ বহু কেইবাগৰাকী বিষয়ববীয়াৰ উপৰি মহিলা কংগ্ৰেছ,যুৱ কংগ্ৰেছ এন এছ ইউ আইৰ বিষয়ববীয়া উপস্থিত আছিল ৷ প্ৰতিবাদৰ অন্তত চতিয়া ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

৭১ তম্ বন মহোৎসৱত উপলক্ষে “ৰুডছেটি” নগাঁৱৰ সৌজন্যত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন ৷

ননৈ : ৭১ তম বন মহোৎসৱ  উপলক্ষে “ৰুডছেটি” নগাঁৱৰ সৌজন্যত আৰু নগাঁও বন সংমণ্ডলৰ সহযোগত শেনছোৱাত অৱস্থিত ৰুডছেটি নগাঁৱৰ নামত আৱণ্টিত স্থানত বৃক্ষৰোপণ কাৰ্যসূচীটি আজি  চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী সফলতাৰে পালন কৰা হয় । বিশ্বজুৰি নভেল কৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ আয়োজিত এই অনুষ্ঠানত সম্পূৰ্ণ সামাজিক দূৰত্ব মানি এটিকৈ গছপুলি ৰূপন অনুষ্ঠানৰ শুভাৰম্ভ কৰে নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত কুমাৰ গোস্বামীয়ে । উক্ত অনুষ্ঠানত “ৰুডছেটি” নগাঁৱৰ সঞ্চালক প্ৰণৱ কুমাৰ শৰ্মা প্ৰশিক্ষক দেৱজিৎ শৰ্মাকে প্ৰমুখ্যে কৰি অন্যান্য বিষয়া সকল উপস্থিত থাকে ।

বিশিষ্ট লেখক যতীন্দ্ৰনাথ গোস্বামীৰ স্বাস্থ্যৰ বুজ ললে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ।

বিগত কেইবামাহ ধৰি অসম মুক্তি যুঁজাৰু সন্মিলনীৰ ভুতপৰ্ব সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট লেখক যতীন্দ্ৰনাথ গোস্বামী’ বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ শৰ্যাগত অৱস্থাত আছে ৷ বিশিষ্ট সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে তেওঁৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হয় ৷ বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত ৯৬ বছৰীয়া সাহিত্যিক গৰাকীয়ে  বিগত কেইবামাহ ধৰি শয্যাগত অৱস্থাত আছে ৷ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপাদেষ্টা গৰাকীয়ে সাহিত্যিক গৰাকীৰ স্বাস্থ্য সম্পৰ্কে পৰিয়ালৰ লগত আলোচনা কৰে৷ লগতে তেওঁ  যতীন্দ্ৰনাথ গোস্বামীৰ  স্বাস্থ্যৰ আশু আৰোগ্যৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ উল্লেখ্য যে ইয়াৰ পুৰ্বে ফ্ৰেব্ৰুৱাৰীৰ মাহত হৃষীকেশ গোস্বামীয়ে বিশিষ্ট সাহিত্যিক তথা অসম মুক্তিযুজাৰু  সন্মিলনীৰ ভুতপৰ্ব সভাপতি যতীন্দ্ৰনাথ গোস্বামীৰ স্বাস্থ্যৰ বুজ লৈছিল ৷

টীয়কত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰিলে আছুৱে ।

টীয়ক : অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। আছুৰ আহ্বানত আজি টীয়কৰ মিধাখাট তিনিআলিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই চুতীয়া জাতি ছাত্ৰ সন্থা টীয়ক আঞ্চলিকৰ সহযোগত লক ডাউনৰ নীতি-নিয়মৰ মাজেৰে সামাজিক দূৰত্ব ৰাখি অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী ভূমি নীতিৰ বিৰোধিতাৰে এই ভূমিনীতিৰ প্ৰতিলিপি দাহ কৰে। লগতে কেবিনেটে অনুমোদন জনোৱা এই ভূমিনীতিক বাতিল কৰি খিলঞ্জীয়াৰ পক্ষত থিয় দিবলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক দাবী জনাই সদৌ ছাত্ৰ সন্থাই নহ’লে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

মাজুলীবাসীলৈ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ গোহাৰি।

উজনি-মাজুলী : মাজুলীত ক’ভিড-১৯ সংক্ৰমিতৰ আৰোগ্যৰ ১০০ শতাংশ হাৰৰ সফলতা লাভৰ পাছত নদীদ্বীপ জিলাখনক এতিয়া এই অতিমাৰীৰ সামাজিক সংক্ৰমণৰ আশংকাৰ পৰাও সম্পূৰ্ণ সুৰক্ষিত কৰি ৰখাৰ বাবে মাজুলীবাসী প্ৰতিগৰাকী লোকৰে পূৰ্ণ সহযোগিতা কামনা কৰিছে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে। জিলাখনক ক’ভিড-১৯ৰ সামাজিক সংক্ৰমণৰ দৰে পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত মাজুলীবাসীক কোনো কাৰণতে মুখত মাস্ক নিপিন্ধাকৈ ঘৰৰ বাহিৰ নোলাবলৈ অনুৰোধ জনোৱাৰ লগতে ৰাজহুৱা স্থানত ন্যূনতম সামাজিক দূৰত্ব ৰক্ষা কৰা আৰু চাবোনেৰে ভালদৰে হাত ধোৱাৰ নিয়ম সম্পূৰ্ণভাৱে মানি চলিবলৈ উপায়ুক্ত গৰাকীয়ে গোহাৰি জনাইছে। উপায়ুক্ত গৰাকীয়ে জিলাবাসীক অত্যন্ত জৰুৰী প্ৰয়োজনীয়তা নাথাকিলে ঘৰৰ পৰা ৰাজহুৱা স্থানলৈ ওলাই নাহিবলৈও আহ্বান জনাইছে। ইফালে, জিলাখনত এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত আটাইকেইগৰাকী লোকেই সম্পূৰ্ণ আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে উপায়ুক্ত কৈৰীয়ে আজি জিলাখনৰ প্ৰতিগৰাকী লোককে অভিনন্দন জনাইছে। নদীদ্বীপ জিলাখনত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা ক’ভিড-১৯ৰ অধিক সংক্ৰমণৰ আশংকা এইপৰ্যন্ত সফলতাৰে প্ৰতিহত কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰতিগৰাকী লোকৰ লগতে মাজুলীবাসী জনসাধাৰণেও জিলা প্ৰশাসনৰ প্ৰতি আগবঢ়োৱা সহযোগিতাক প্ৰশংসা কৰি উপায়ুক্ত গৰাকীয়ে এতিয়া নদীদ্বীপ জিলাখনক ক’ভিড-১৯ৰ সামাজিক সংক্ৰমণৰ পৰা সম্পূৰ্ণ সুৰক্ষিত ৰখাৰ ক্ষেত্ৰতো সকলোৰে সহযোগিতা কামনা কৰিছে।

বিদ্যা ভাৰতী অসমৰ দ্বাৰা স্বদেশী স্বাক্ষৰ অভিযানৰ শুভাৰম্ভ ।

দৈনন্দিন বাৰ্তা ডেস্ক :

স্বদেশী আচৰণ আৰু স্বাৱলম্বনৰ আধাৰত সমৃদ্ধ আৰু শক্তিশালী ভাৰত গঢ়াৰ স্বাৰ্থত স্বদেশী সংকল্পৰে ডিজিটেল স্বাক্ষৰ অভিযানৰ শুভাৰম্ভ শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় কাৰ্যালয়ৰ পৰা কৰা হয়। উক্ত অভিযানত অংশগ্ৰহণ কৰে বিদ্যা ভাৰতী অখিল ভাৰতীয় মন্ত্ৰী তথা পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাও, পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰী, উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী হেমন্ত ধিং মজুমদাৰ তথা অন্যান্য কাৰ্যকৰ্তাবৃন্দ। উল্লেখযোগ্য যে, স্বদেশী জাগৰণ মঞ্চই যোৱা কেইবা দশক ধৰি সম্পূৰ্ণ দেশতে স্বদেশী সা-সমগ্ৰীৰ লগতে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলো বিষয়তে স্বদেশী আচৰণৰ প্ৰতি সমাজক আকৃষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সাম্প্ৰতিক কৰ’ণা মহামাৰীকে আদি কৰি চীনৰ আগ্ৰাসনলৈকে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে স্বদেশী জাগৰণ মঞ্চই অন্যান্য সংগঠনৰো সহযোগিতাৰে এই অভিযানক অধিক জনমুখী তথা প্ৰভাৱী কৰিবলৈ যোৱা ১-৫ জুলাইলৈকে এক ৰাষ্ট্ৰব্যাপী আন্দোলনৰ ৰূপ দিছে। এই কাৰ্যৰ বাবে প্ৰত্যেকে নিজৰ হাতত থকা এণ্ড্ৰইড বা অন্য স্মাৰ্টফোনৰ সহায়ত https://joinswadeshi.com/form2/ এই লিংকত গৈ নিজৰ নাম ইমেইল আই ডি, ফোন নং, দেশ, ৰাজ্য আৰু জিলা এই কেইটা তথ্য পূৰাই SUBMIT বুটামটো টিপি দিলেই ফৰ্মখন জমা হৈ যায়। অন্যান্য সংগঠনৰ দৰেই বিদ্যা ভাৰতীয়েও সকলোকে এই অভিযানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। উক্ত কাৰ্যসূচীৰে আজি শুভাৰম্ভ বিদ্যা ভাৰতীৰ প্ৰান্তীয় কাৰ্যালয়ত বিষয়ববীয়াসকলে নিজৰ নিজৰ মোবাইলৰ জৰিয়তে ডিজিটেল স্বাক্ষৰৰ মাধ্যমেৰে সম্পাদন কৰে। লগতে সকলো অসমবাসীকে এই অভিযানত অংশগ্ৰহণ কৰাৰো আহ্বান জনায়। উল্লেখযোগ্য যে অকল স্বাক্ষৰ কৰিয়েই আমাৰ দায়িত্ব সামৰিলে নহব, আমাৰ দৈনন্দিন জীৱনত ইয়াক স্বভাৱত পৰিণত কৰিব লাগিব তেতিয়াহে এই অভিযান সফল হ’ব বুলি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰীয়ে মতামত আগবঢ়ায়।

তাঁত শিল্পৰ জৰিয়তে অৰ্থনেতিক উন্নয়নৰ লক্ষ‍্য : হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ তৰফৰ পৰা তাঁত শাল বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ ।

কলিয়াবৰ : তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। অসমৰ প্ৰায় সকলো জাতি-জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়। মানুহে কথাতেই কয়, – মতাই বাব হাল, মাইকীয়ে বব শাল। অসমীয়া মহিলাই ৰাতিটোৰ ভিতৰতে সূতা কাটি কাপোৰ বৈ উলিওৱাৰ পৰম্পৰা আছিল। ঘৰৰ পুৰুষক একে ৰাতিৰ ভিতৰতে সূতা কাটি কাপোৰ যুদ্ধলৈ পঠাই গৌৰৱবোধ কৰা বুলিও জনা যায়। অসমীয়া জীয়ৰী-বোৱাৰীহতঁৰ হাতে বোৱা কাপোৰৰ মান দেখি মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছিল। আজিকালি আধুনিক যন্ত্ৰ-পাতিৰে জাকজমকীয়া বিভিন্ন প্ৰকাৰৰ কাপোৰ বৈ কম দামত বজাৰত দিব পৰা হোৱাত হাতে বোৱা কাপোৰ বিপৰ্য্যয়ৰ মুখত পৰিবলগীয়া হৈছে। ফলত শিপিনীসকল আৰ্থিক দিশত অসুবিধাৰ সন্মুখীন হৈ আহিছে। তাঁতশালৰ কাপোৰে বহু পৰিয়ালক আৰ্থিক সকাহ দিব পৰাকৈ ৰাজ্যিক হস্ত-তাঁত আৰু বস্ত্ৰ শিল্প বিভাগে শিপিনীসকলৰ আৰ্থিক সাহাৰ্য্যৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। তাঁত শিল্পৰ জৰিয়তে উপাৰ্জনমুখী কৰি তুলিবলৈ অসম চৰকাৰে দক্ষ‍্য শিপিনীসকলৰ মাজত তাঁতশাল বিতৰণৰ আঁচনি গ্ৰহণ কৰিছে।বৃহস্পতিবাৰে এক অনুষ্ঠানত তাঁতশাল বিতৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত অসমৰ তাঁত শিল্পৰ ঐতিহাসিক মহত্ব ধৰি ৰাখিবলৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ব‍্যখ‍্যা কৰি তাঁতৰ জৰিয়তে অৰ্থনেতিক উন্নয়নত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই। কলিয়াবৰৰ হাটবৰ স্থিত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধীক্ষক কাৰ্য‍্যালয় প্ৰঙ্গনত ৩৪ গৰাকী শিপিনীক তঁতশাল বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই। অসমৰ শিপিনীসকলৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি তথা তেওঁলোকক অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে। আঁচনিকেইখনৰ সফল ৰূপায়ণৰ ফলত শিপিনীসকল যথেষ্ট লাভৱান্বিত হৈছে।

উপাৰ্জনৰ আহিলা ৰূপে তাঁতশাল আঁচনিৰ তালিকাত কলিয়াবৰত ৩৪ গৰাকী শিপিনী

লখিমপুৰৰ অসহায় বৃদ্ধ লোকক সহায়ৰ হাত মাজুলী জিলা প্ৰশাসনৰ ।

উজনি-মাজুলী : চুবুৰীয়া জিলা লখিমপুৰৰ পৰা আহি মাজুলীত উপস্থিত হোৱা এগৰাকী অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকক বুধবাৰে লখিমপুৰ জিলা প্ৰশাসন তথা লখিমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ এক নিৰাপদ আশ্ৰয় উপলব্ধ কৰালে মাজুলী জিলা প্ৰশাসনে। লখিমপুৰ জিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত দীঘলী চৌখাম গাঁৱৰ প্ৰায় ৭২ বছৰ বয়সৰ লক্ষেশ্বৰ বৰা নামৰ বয়োবৃদ্ধ লোকজনক মাজুলীৰ সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাৰ বিশেষ উদ্যোগত লখিমপুৰৰ বঙালমৰাস্থিত এটা ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰা হয়। নিজৰ পুত্ৰ-কন্যা নথকাৰ লগতে আশ্ৰয়হীন হৈ পৰা বুলি প্ৰকাশ কৰা বয়োজ্যেষ্ঠ লোকজনে এই বয়সত আশ্ৰয়ৰ সন্ধানত ৩০ জুনত কেনেবাকৈ মাজুলীত উপস্থিত হৈছিলহি। এটা নিশা এখন সত্ৰত সত্ৰৰ ভকত-বৈষ্ণৱৰ সহযোগত অতিবাহিত কৰা বৰাই বুধবাৰে আগবেলা কোনো বৃদ্ধাৱাসত থকাৰ সুবিধা প্ৰদানৰ আৰ্জিৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়। অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকজনৰ অৱস্থাৰ কথা জানিব পাৰি সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই সমগ্ৰ বিষয়টো মানৱীয় দৃষ্টিকোণেৰে গ্ৰহণ কৰি লগে লগে মাজুলীৰ উপায়ুক্তৰ দিহা লৈ লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰে। সহকাৰী আয়ুক্ত গৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰৰ জিলা সমাজ কল্যাণ বিষয়াৰ সৈতে যোগাযোগ কৰি বয়োবৃদ্ধ লোকজনক আজিৰে পৰাই লখিমপুৰ জিলাৰ বঙালমৰাস্থিত ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰে। ইয়াৰ পাছতে বিয়লি লক্ষেশ্বৰ বৰাক মাজুলী জিলা প্ৰশাসনৰ ফালৰ পৰা এখন গাড়ীৰে সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত পৰিচালিত বঙালমৰাৰ জ্যেষ্ঠ নাগৰিক আৱাস গৃহটিত থৈ অহাৰো সম্পূৰ্ণ ব্যৱস্থা কৰে সহকাৰী আয়ুক্ত গৰাকীয়ে।

টাংনী নদীয়ে সৃষ্টি কৰা বানপানীত সৰ্বহাৰা।

দলগাও : কভিড ১৯ৰ পৰা ৰক্ষা পাবলৈ ৰাজ্যজুৰি চলি থকা দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত ৰাইজৰ মাজত যি হাহাকাৰ সৃষ্টি হোৱাৰ সমান্তৰাল ভাৱে এতিয়া বানপানীৰ কবল পৰি চকুলো টুকিছে ৰাইজে। ৰাজ্যৰ শেহতীয়াকৈ হোৱা ভয়াবহ বানপানীৰ কবলত পৰা লোকসকলক সঠিক সময়ত উপযুক্ত সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে। বানাক্ৰান্ত লোকসকলক অনতিপলমে উপযুক্ত সাহায্য প্ৰদানৰ দাবী জনায় নেতা জনে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকে দিয়া এক প্ৰেছ বিবৃত্তিযোগে জনায় যে কৰুণা মহামাৰীৰ সময়ত ৰাজ্যখনত ভয়াবহ বানপানী সৃষ্টি হৈছে।লাখ লাখ বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে বহুতো ঠাইত ৰাস্তা ঘাট, মাথাউৰি আদি ভাঙি মানুহৰ ঘৰ-দুৱাৰ, খেতি-বাতি আদি নষ্ট হোৱাত মানুহবোৰ হতভাগ হৈ পৰিছে। কিন্তু চৰকাৰে এতিয়ালৈ ৰাইজক কোনো সাহায্য প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। সাংগঠনিক সম্পাদক ছফিকুল ইসলামে উল্লেখ কৰে যে টাংনী নদীৰ গৰাখহনীয়াৰ কবলত পৰি মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত পশ্চিম ওজাগাও, টাংনীঝাৰ, আটাকাটা, ধনশিৰী গাও, বাইগৰমাৰী, কেওৱাটচুৱা আদি গাওঁ সমুহৰ হাজাৰ হাজাৰ কৃষকৰ কৃষি ভুমি বানপানীয়ে ক্ষতি কৰাৰ লগতে কেইবাটাও মাথাউৰি, ৰাস্তা আৰু বহুতো ব্যক্তিগত পুখুৰী ভাঙি যায়। অচিৰেই এই মাথাউৰি, ৰাস্তা আদি নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে।