দলগাও : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে ঋতুপৰ্ণ পেগুক হত্যাকৰা ঘটনাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পৰিয়ালৰ সদস্যক আৰ্থিক অনুদান দিয়াৰ দাবী জনাইছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলি খলিফা আৰু সাংগঠনিক সম্পাদক ছফিকুল ইছলামৰ স্বাক্ষৰিত দিয়া এক প্ৰেছ বিবৃতিৰ জড়িয়তে জনাই যে ঋতুপৰ্ণ পেণ্ডক দিন দুপৰতে গুৱাহাটী নুনমাটিত সাধাৰণ কথাৰ কাজিয়াত বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰে। মহানগৰীৰ মাজমজিয়াত দিন দুপৰত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাটোৱে মহানগৰীৰ নিৰাপত্তাৰ দিশত ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলি অভিযোগ উত্থাপিত কৰে সংগঠনৰ নেতৃদ্বয়ে। আনহাতে উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত যুৱকসকলক নুনমাটি আৰক্ষীয়ে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ বাবে শলাগ লোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখালৈ উক্ত হত্যাকাণ্ডৰ তদন্তৰ অৰ্পণ কৰা বাবে ধন্যবাদ জনায়। আৰ্থিকভাৱে জুৰুলা নিহত ঋতুপৰ্ণ পেণ্ডৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে ১৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায়। সংগ্ৰাম পৰিষদৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে কয় যে একাংশ বিজেপি কৰ্মীয়ে এই হত্যাকাণ্ডক হিন্দু মুছলিমৰ ৰূপ দিবলৈ এক ভাতৃঘাটি সংঘাত লগাই নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰি আছে। দুস্কৃতিকাৰীৰ কোনো জাতি নাই কোনো ধৰ্ম নাই। এটা জনগোষ্ঠীক টাৰ্গেট কৰি কথা নকবলৈ সকীয়াই দিয়ে সংগঠনটোৰ নেতা জনে। হোজাই বিধায়ক শিলাদিত্য আৰু সত্যৰঞ্জন বৰাক উভতি ধৰি কয় যে চিলাপথাৰৰ এগৰাকী চৈধ্য বছৰীয়া মৃত ছোৱালীক গাঁতৰ পৰা উলিয়াই আনি অকণ শইকীয়া নামৰ লম্পটটোৱে যে ধৰ্ষণ কৰিছিল সেই সময়ত নিমাত আছিল কিয় বুলি প্ৰশ্ন উত্থাপন কৰে। অসমীয়া জাতিৰ ৰক্ষক বুলি সদায় চিঞঁৰি ফুৰা নেতা দুজনে অভিজিৎ আৰু নিলোৎপল হত্যাকাণ্ডৰ সময়ত ক’ত লুকাই আছিল বুলি সমালোচনা কৰে নেতাদ্বয়ে। নিৰ্দিষ্ট এটা জাতিক টাৰ্গেট কৰি সমালোচনা কৰাতকৈ নিৱনুৱা যুৱক-যুৱতীৰ সপক্ষে থিয় দি দেশ তথা সমাজক আগুৱাই লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাদ্বয়ে।
পেট্ৰল, ডিজেলৰ দাম বৃদ্ধি ।
দৈনন্দিন বাৰ্তা :
এফালে ক’ৰোণা সংক্রমণ আৰু আনফালে দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ চিন্তা৷ এনে সময়ত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক চিন্তিত কৰি তুলিছে৷ ফলত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ইতিমধ্যে ১১ দিনৰ দিনা হ’ল পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ৷ বুধবাৰে পেট্ৰলৰ দাম ৫৫ পইচা আৰু ডিজেলৰ দাম ৬৯ পইচা বৃদ্ধি পায়৷ সকলো মিলি ১১ দিনত পেট্ৰলৰ ৬.০২ টকা আৰু ডিজেলৰ ৬.১১ টকা বৃদ্ধি পায়৷
প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতা ।
✍ জিতু দাস
পৰিবেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ নেতৃত্বত সমগ্ৰ বিশ্বতে যোৱা বছৰ আৰম্ভ হৈছিল জলবায়ু ধৰ্মঘট।কিয়নো, উক্ত বৰ্ষতে পুজিপতিৰ আগ্ৰাসনত বনাঞ্চল ধ্বংসৰ পৰিণতিত ভয়ানক বনজুয়ে ছানি ধৰিছিল আমাজন বৰ্ষাৰণ্য। মুঠ সাতখন দেশ আবুৰি বিশ্ববাসীলৈ 20% বিশুদ্ধ অক্সিজেন যোগান ধৰা আমাজন সম্প্ৰতি মৰুভুমিৰ পৰিবেশে বিৰাজ কৰিছে। ব্ৰাজিল চৰকাৰৰ অকৰ্মণত্যা আৰু অদূৰদৰ্শীতাৰ বাবে, সেউজ ভূমিলৈ নমাই আনিছিল এনে বিভীষিকা। পুজিপতিয়ে মুনাফাৰ স্বাৰ্থত হত্যা কৰিবলৈ লোৱা হৈছিল এই বৃহৎ বৰ্ষাৰণ্য। আমাজন বৰ্ষাৰণ্যৰ বনজুইত পলকতে নিঃশেষ হৈছিল লাখ লাখ বিৰল প্ৰজাতিৰ জীব জন্তূ, উদ্ভিদ আৰু বনৌষধ। এতিয়া অসমতো তেনেই এক প্ৰকৃতি ধ্বংসৰ লীলা চলি আছে। একমাত্ৰ নিজৰ চাহিদাৰ স্বাৰ্থত পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়া চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰকৃতি প্ৰেমিক সকল ছ’চিয়েল মিডিয়াত হৈ চৈ কৰি সীমাবদ্ধ হৈ থাকিলে অৰণ্য মানৱ যাদৱ পায়েঙৰ দৰে নিস্বাৰ্থ প্ৰকৃতি প্ৰেমিক কেতিয়া ও সন্মান জনাব নোৱাৰিম। কৰোণা মহামাৰী যদিও বিশ্বৰ মানৱবাসীৰ বাবে ঘোৰ শত্ৰু, বসুন্ধৰা আইৰ বাবে কৰোনা যেন উশাহৰ বোৱতী নদী। প্ৰকৃতিখনে যেন নিজৰ সাজযোৰ ধুনীয়াকৈ পিন্ধি নতুন কইনাৰ হোৱাৰ ৰং পাইছে। যা নহওঁক আমি প্ৰত্যেকেই প্ৰকৃতিৰ লগত সহবাস কৰি থকালৈকে আমি নিজকে সেউজীয়া কৰি তুলিব লাগিব। আমি সকলোৱে জনা উচিত প্ৰকৃতি কাৰো ওচৰত হাত নেমেলো, প্ৰকৃতি নিজেই নিজৰ উদ্ভাৱক নিজেই সৃষ্টিৰ বাহক। মানুহৰ সঘনাই চৰিত্ৰৰ সাল-সলনি হ’লেও ৠতুগতভাৱে প্ৰকৃতিয়ে নিজৰ দায়িত্বত অটল। সেইবাবে ভিন্ন বতৰ অনুযায়ী বিভিন্ন অৱদান আমি প্ৰকৃতিৰ পৰা পাওঁ। গতিকে, আমি প্ৰকৃতিক ধ্বংস কৰাৰ অধিকাৰ নাই। আমাক বিশুদ্ধ বতাহ পানী যোগান ধৰা প্ৰকৃতিক নিৰ্মমভাৱে ধ্বংস কৰাৰ তিলমাত্ৰ অধিকাৰো প্ৰকৃতিয়ে কাকো প্ৰদান কৰা নাই। তেন্তে প্ৰকৃতিৰ ওপৰত পুঁজিপতি শ্ৰেণীৰ শোষণ, খনিজ সম্পদ আহৰণ কৰি দিহিঙ পাটকাই দৰে আমাজনক মৰুভূমিৰ পৰিৱেশ কৰিবলৈ চৰকাৰে ক’ত অধিকাৰ পালে? এফালে গোলকীয় উষ্ণতাৰ প্ৰভাৱত সমগ্ৰ বিশ্বতে অক্সিজেন মাত্ৰা হ্ৰাস পাইছে। যদিও কভিড -19ৰ বাবে অলপ গোলকীয় উষ্ণতাৰ শাম কাটিছে, কিন্ত প্ৰকৃতিৰ ভাৰসাম্যহীনতাই চৰম বিপৰ্যয় নমাই আনিছে। এতিয়া যেন গাৱেঁ ভূঞে কাঠফুলাৰ গঢ়ি উঠিছে বৃহৎ উদ্যোগ। আমাৰে এচাম দালালৰ হতুৱাই বহুজাতিক কোম্পানী সমূহে টকাৰ লালসা আৰু নানা প্ৰলোভনেৰে ভূমি ক্ৰয় কৰিছে খাটি খোৱা খেতিয়কৰ পৰা। মনোমহা সেউজীয়া পৰিবেশত উদ্যোগ স্থাপন কৰাতো প্ৰকৃতিৰ বাবে কোনো পধ্য গ্ৰহণযোগ্য নহয়। প্ৰদূষণৰ মাত্ৰা বৃদ্ধিত ইন্ধন যোগাইছে উদোগ গোষ্ঠীবাদে। সৰ্বসাধাৰণ জনতাৰ জীৱন একপ্ৰকাৰ মৃত্যু মূখলৈ ঠেলি দিছে। জন্মতে এটি শিশুৰ কৰ্কট ৰোগৰ উমান পোৱা গৈছে আৰু এতিয়া চৌদিশ কৰ্কট ৰোগৰ ভয়ানক প্ৰাদুৰ্ভাব সংঘটিত হৈছে। জলবায়ুৰ পৰিবৰ্তন সঘনাই সংঘটিত হৈছে, কিন্তু ৰাষ্ট্ৰ সংঘ নীৰৱ ভূমিকাত সমগ্ৰ জৈব বৈচিত্ৰত নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। বায়ু প্ৰদূষণৰ ভয়াবহতাত বৃদ্ধি পাইছে চাল ৰোগৰ। সঘনাই কাঠফুলাৰ দৰে গঢ়ি উঠা কোম্পানী সমূহে মুনাফাৰ স্বাৰ্থত ধ্বংস কৰিছে সহস্ৰধিক বনাঞ্চল। যোৱা বছৰ আমাজনৰ বৰ্ষাৰণ্যত যি বনজুইৰ প্ৰাদুৰ্ভাব সংঘটিত হৈছে, এয়া কিন্তু বসুন্ধৰা আইৰ মৃত্যুৰ আগজাননী। পুজিপতি ধনকুবেৰসকলে কৃত্ৰিম অক্সিজেন লৈ বিলাসিতা জীৱন কটালে ও আম জনতাৰ দৰে সিহতৰো মৃত্যু ঘণ্টা বজাতো নিশ্বিত। সেয়েহে, ভয়াবহ প্ৰদুষণৰ পৰা বসুন্ধৰা আইক ৰক্ষা কৰাৰ বাবে চুইডেনৰ এগৰাকী ১৮ বছৰীয়া কিশোৰী গ্ৰেটা থানবাৰ্গে অব্যাহত ৰাখিছে অবিৰত সংগ্ৰাম। পৰিতাপৰ বিষয়, আমাৰ একাংশ যুবক যুবতী যিদৰে টিকটক এপচটোৰ লগত অন্ধভাৱে অথলে সময়বোৰ অতিবাহিত কৰিছে, ব্যন্তু হৈ পৰিছে মাথোঁ ফেচবুকত সাম্প্ৰদায়িক ৰাজনীতিৰ যুদ্ধত। সৰব হৈ পৰিছে লাভ জেহাদত। বিশ্ব পৰিবেশ দিৱস তেওঁ লোকৰ বাবে এটি উপভোগৰ দিনহে মাথোঁ। এডাল গছৰ পুলিৰ স’তে দহজন ব্যক্তি ফটো উঠি ছ’চিয়েল মিডিয়াত আপলোড দি নিজকে প্ৰকৃতি প্ৰেমিক হৈ পৰাতো জন্মগত স্বভাব হৈ পৰিছে। কিন্ত, ইয়াৰে বিপৰীতে গ্ৰেটা থানবাৰ্গে অকলে চুইডেনৰ সংদৰ বাহিৰত ধৰ্মঘট কৰি বিশ্ব ডাঙৰ নেতা সকলক সকিয়নি দিছিল। থুনবাৰ্গৰ প্ৰকৃতিৰ প্ৰতি নিভাঁজ প্ৰেম আমাৰ বাবে আদৰ্শৰ প্ৰতীক। আমাৰ প্ৰজন্ম সকলো ও সঁচা অৰ্থত থুনবাৰ্গৰ দৰে সাহসী হৈ প্ৰকৃতি বিৰোধী জনমতৰ বিৰুদ্ধে বদ্ধ পৰিকৰ হওঁক। সঁচা অৰ্থত প্ৰকৃতিক ভালপোৱাৰ সংকল্প লওঁক। দুখৰ বিষয় নান্দনিক ৰূপৰে মনোমোহা গাঁৱৰ ভূমি সমূহত ক’লা ধোৱা আৰু দুৰ্গন্ধময় পৰিবেশ সাধাৰণ লোকৰ মাজলৈ বিভীষিকা নমাই আনিছে। পুবা সুগন্ধি ফুলৰ সুবাসৰ বিপৰীতে এতিয়া আই তি, ব্ৰিটেনিয়া বিস্কুটৰ গোন্ধ পোৱা আমাৰ যুবক-যুৱতী সকলে মেধা পাটেকাৰ, সুন্দৰ লাল বহুগুণা, যাদৱ পায়েঙৰ দৰে স্বনামধন্য ব্যক্তিসকলৰ সংগ্ৰাম কাৰ বাবে উমান পাবনে?
ভাৰতীয় অৰ্থনীতিত চীনৰ প্ৰয়োজনীয়তা ।
✍ যুগল কিশোৰ
বৰ্তমান ভাৰতবৰ্ষত বহুলভাৱে চৰ্চিত বিষয় হৈছে ভাৰতে সম্পূৰ্ণভাৱে চীনা সামগ্ৰী আৰু চীনা ‘এপ’ বৰ্জন কৰি চীনৰ অৰ্থনীতিত কুঠাৰঘাত কৰিব লাগে। এই সংক্ৰান্তত বিভিন্ন সংবাদ মাধ্যমত আলোচনা-সমালোচনাৰ লগতে বাতৰি কাকতসমূহতো বহু লেখা দেখা পোৱা গৈছে। বহুসংখ্যক ভাৰতীয়ই চীনৰ প্ৰতিটো সামগ্ৰী বৰ্জন কৰাৰ পোষকতা কৰিছে যদিওঁ ভাৰতৰ বাবে এইয়া জানো সম্ভৱ? বৰ্তমান ভাৰতত ব্যৱহৃত সামগ্ৰীৰ শতকৰা প্ৰায় ৯০ শতাংশতকৈওঁ অধিক সামগ্ৰী চীনত নিৰ্মিত। অৰ্থাৎ ভাৰতে বৰ্তমান চীনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগা সময়ত চীনৰ সামগ্ৰী ভাৰতত বৰ্জন কৰিব লাগে বুলি কোৱাটো একেবাৰে হাস্যকৰ কথা। আমি জনা উচিৎ, চীনৰ পৰা সা-সৰঞ্জাম ক্ৰয় নকৰিলে ভাৰতৰ বৃহৎ বৃহৎ উদ্যোগবোৰ অচল হৈ পৰিব। চীনৰ পৰা কি নাহে ভাৰতলৈ? সকলো আহে। তৈলক্ষেত্ৰৰ মেৰামতিৰ সৰমঞ্জাম, উন্নত সেৱা আগবঢ়োৱা ৰেলৰ ডবা, সৌৰ উদ্যোগৰ কেচামাল, বৈদ্যুতিক সামগ্ৰী তথা কেচামাল, ইলেক্টনিকচ্’ৰ সকলো সামগ্ৰী তথা কেচামাল, তীখা উদ্যোগৰ প্ৰযুক্তি, পাৱাৰ প্লেন্টৰ সকলো সামগ্ৰী লগতে ফাৰ্মা কোম্পানীৰ চাৰি তৃতীয়াংশ কেচা সামগ্ৰী চীনৰ পৰাই ভাৰতলৈ আহে। এই সকলোবোৰ সামগ্ৰী চীনে ভাৰতক সুলভ মূল্যত যোগান ধৰি আহিছে। চীনৰ পৰা অহা ফাৰ্মা কেচামাল সমূহক বিভিন্ন ঔষধ বনাই ভাৰতে বছৰি প্ৰায় ১,৫০,০০০ কৌটি টকা বৈদেশিক মুদ্ৰা আহৰণ কৰে। তদুপৰি চীনৰ প্ৰযুক্তিৰে ভাৰতত নিৰ্মাণ কৰা তীখা, ম’বাইল, ঔষধ আদি ৰপ্তানি কৰি ভাৰতে বহু কৌটি টকা উপাৰ্জন কৰি আহিছে। চীনত নিৰ্মিত বা চীনৰ প্ৰযুক্তিৰে নিৰ্মিত সকলো সামগ্ৰী বিশ্বৰ ভিতৰত সুলভ মূল্যত ক্ৰয় কৰিব পাৰি। কেৱল চীনৰ পৰাহে ভাৰতে সামগ্ৰী ক্ৰয় কৰে এনে নহয়। চীনেও ভাৰতৰ পৰা কপাঁহকে আদি কৰি প্ৰায় ১৮ বিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে। দেখা যায় দুয়োখন দেশেই পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ভাৰতে বছৰি সৰ্বমুঠ প্ৰায় ৬৮ বিলিয়ন ডলাৰৰ সামগ্ৰী চীনৰ পৰা ক্ৰয় কৰে। চীনৰ বৰ্তমান জমা বৈদেশিক মুদ্ৰাৰাশি প্ৰায় ৩ ত্ৰিলিয়ন ডলাৰ (৩০০০ বিলিয়ন) ডলাৰ। এই বৃহৎ সংখ্যক ধনৰাশি ভাৰতে ক্ষতি কৰিবলে হ’লে প্ৰায় ৬০ বছৰ চীনৰ পৰা কোনো সামগ্ৰী ক্ৰয় কৰিব নালাগিব। এয়া ভাৰতহে নালাগে সমগ্ৰ বিশ্বৰ বাবে অসম্ভৱ কথা। কাৰণ বিশ্ব বাণিজ্য সংস্থাৰ লগত জড়িত কোনো দেশেই চৰকাৰীভাৱে কোনো দেশৰ সামগ্ৰীৰ ওপৰত একেবাৰে নিষিদ্ধ ঘোষণা কৰিব নোৱাৰে। ইয়াৰ বাবে বিশ্ব বাণিজ্য সংস্থাৰ চুক্তিত দেশ সমূহৰ স্বাক্ষৰ কৰা আছে। উদাহৰণ স্বৰূপে জাপানৰ কথা উল্লেখ কৰিব পাৰি। চীন আৰু জাপান দুয়োখন দেশ অহিনকুল। তথাপিওঁ জাপানে চীনৰ পৰা প্ৰায় ১৩৭ বিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে। ইয়াৰ পৰা অনুমান কৰিব পাৰি চীন দেশত নিৰ্মিত সামগ্ৰী নহ’লে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব। চীনৰ বাহিৰে অন্যদেশ সমূহে সৰ্বসাধাৰণক সুলভ মূল্যত সামগ্ৰী যোগান ধৰিব নোৱাৰে, কাৰণ চীনা সকলে পৰিবেশৰ প্ৰতি আওকাণ কৰি সৰু-বৰ সকলো প্ৰদূষণযুক্ত উদ্যোগ স্থাপন কৰি কেৱল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’বলৈ সকলো সামগ্ৰী উৎপাদন কৰি আহিছে। আনহাতে অন্যদেশ সমুহে বৰ্তমান লাভৰ কথা চিন্তা নকৰি ভৱিষ্যত প্ৰজন্মলৈ চিন্তা কৰি প্ৰদূষণ মুক্ত দেশ গঢ়াত ব্ৰতী হৈছে। জাপান, আমেৰিকা, ৰাছিয়া আদি দেশবোৰে নিজ দেশক শব্দ প্ৰদুষণ, বায়ু প্ৰদুষণ, জল প্ৰদুষণ আদিৰ পৰা আংশিক সুৰক্ষা দিবলৈ বহুতো উদ্যোগ নিজ দেশত স্থাপন কৰিব নিবিচাৰে। তাৰোপৰি সুলভ মূল্যত ক্ৰয় কৰিব পৰা সামগ্ৰী সমুহ নিজে তৈয়াৰ কৰি সময়ৰ অপচয় কৰিব নিবিচাৰে। সেয়ে বিশ্বৰ প্ৰায় সকলো দেশে চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰি চীনক এটা উদ্যোগলৈ ৰূপান্তৰ কৰিছে। যাৰ বাবে চীন অৰ্থনৈতিক ভাৱে আগুৱাই গৈছে যদিওঁ প্ৰাকৃতিকভাৱে প্ৰতিদিন ধংশৰ মুখলৈ আগবাঢ়িছে। অৱশ্যে এটা কথা ঠিক যে পৃথিৱীৰ সকলো দেশেই ইখন দেশৰ লগত সিখন দেশৰ বিনিময় নাথাকিলে কোনো দেশেই উন্নতি কৰিব নোৱাৰে। আমি যদি আমেৰিকাৰ ছচিয়েল এ’প ব্যৱহাৰ কৰি চীনা এ’প বৰ্জন কৰাৰ চিন্তা কৰো তেনেহ’লে ভাৰতৰ বাবে অহংকাৰ কৰাৰ অৰ্থ নাথাকিব। ভাৰতে যদি নিজৰ এ’প ব্যৱহাৰ কৰে তেনেহ’লেহে গৌৰৱ কৰাৰ অধিকাৰ থাকিব। ফেচবুক, টুইটাৰ বা অনান্য মাধ্যমত চীনা সামগ্ৰী, চীনা এ’প বৰ্জনৰ যিবোৰ চৰ্চা চলিছে, ইয়াৰ সলনি চৰকাৰ তথা দেশৰ জনগণে শিক্ষিত হাৰ কেনেকৈ বঢ়াব পাৰি তাৰ পৰিকল্পনা কৰক, শিক্ষাহীন লোকৰ দ্বাৰা দেশৰ আৰ্থিক দিশ কেতিয়াওঁ টনকিয়াল নহয়। চীনক বৰ্জন কৰাৰ আগতে চীনদেশৰ মানুহৰ প্ৰকৃত দেশপ্ৰেম, শ্ৰম আৰু অধ্যৱসায়ী গুণৰ অনুকৰণ কৰিবলৈ শিকক। এইবোৰ গুণ আয়ত্ব কৰিলে নিশ্চয় আমি চীনক বৰ্জন কৰিব পাৰিম। তেতিয়াহে বিশ্বৰ আগত সগৌৰৱে উচ্চস্বৰে ক’ব পাৰিম, ভাৰত মাতা কি জয়।
আনলক ওৱানে কঢ়িয়াব নেকি দুৰ্গতি ? নাজিৰাত ৰাজপথত জনতাৰ মিছিল ।
নাজিৰা : লকডাউনৰ ধাৰা জনসাধৰণৰ কাষ চপাই নিয়াত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ পূৰ্ণ অভিযানে ২৪ মাৰ্চৰ পৰা যিদৰে ক্ৰিয়া কৰিছিল সেই বাধ্যবাধকতা ক্ৰমাৎ মানুহৰ মনৰ পৰা আঁতৰি গৈছে। বিশেষকৈ পঞ্চম পৰ্য্যায়ৰ পৰা লকডাউন ঘোষণাক “আনলক ওৱান” অভিহিত কৰা আৰু ইয়াৰ পাছত ক্ৰমাৎ আহি পৰা শিথিলতাই এটাৰ পাছত আনটো ব্যৱসায়ৰ বিপণী খুলিবলৈ ধৰা অৱস্থাত মানুহে নিজা স্থানলৈ ঢপলিয়াই অহা যোৱা কৰা এতিয়া সহজ দৃশ্য হৈ পৰিল। এনেকি নিশাৰ সান্ধ্য আইনৰ বেলিকাও মাজনিশা পৰ্য্যন্ত ৰেচিং বাইকৰ খোলা চাইলেন্সাৰৰ শব্দই চৌপাশ উন্মূক্ত বুলি উমান দিয়া আনলক ওৱানৰ এক বৈশিষ্ট্য হৈ পৰিছে। নাজিৰা মহকুমাৰ কোনো স্থানতে আৰক্ষী আৰু প্ৰশাসনৰ কোনো তৎপৰতা পৰিলক্ষিত নোহোৱা হোৱাৰ লগে লগেই সৰ্বসাধাৰণেও কৰোণাৰ পৰা মুক্ত হৈ পৰা বুলি আত্ম প্ৰত্যয় লাভ কৰা পৰিলক্ষিত হৈছে। গড়গাঁৱত থকা কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ১৪ জুনৰ সন্ধিয়াৰ ভাগত চন্টকৰ ঠাকুৰ উপাধিৰ এক দম্পতিক কভিড পজিটিভ প্ৰমাণ হোৱাত নিশালৈ শিৱশাগৰ কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এতিয়ালৈকে নাজিৰাতো সৰ্বমুঠ আঠজনৰ গাত ক’ভিড পজিটিভ পোৱা গৈছে। বহুলোকেই হোম কোৱাৰেন্টাইন আৰু হোটেল কোৱাৰেন্টাইন হৈ নিজকে ক’ৰোনাৰ পৰা দূৰত ৰোৱাৰ বাবে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ মানি চলিছে। এইবিলাক ব্যৱস্থাৰ মাজেদিয়েই ৰাইজে আত্ম অনুশাসনৰ পালনেৰে জন সমাগমৰ থলীলৈ পৰাপক্ষত নোযোৱাকৈ থকা, যান-বাহনত ভিৰ নকৰা, বজাৰ থলীত সামাজিক দূৰত্ব বজাই ৰখা, নাক আৰু মুখত নিৰাপদ মুখ ঢাকনি ব্যৱহাৰ কৰা, হাত ধুই চাফা কৰি ৰখা আদিবোৰ নিয়ম পালন কৰিব বুলি কেৱল আশাহে কৰা হ’ল। কাৰ্য্যতঃ ক’তো চকুত নপৰা হ’ল। কিছু লোকে মাস্ক কেৱল নগৰৰ আৰক্ষীৰ সমুখ স্থানতহে ব্যৱহাৰ কৰি কভিড বেমাৰৰ সজাগতাৰ পৰিচয় জাহিৰ কৰাৰ মানসিকতাহে পোষণ কৰিছে। ক্ৰমাৎ হোটেল, কুঁহিয়াৰ ৰসৰ ব্যৱসায়, ফুস্কাৱালাৰ খালী হাতেৰে যোগোৱা খাদ্যৰ চৌকত এতিয়া মানুহৰ শাৰী পতাৰ দৃশ্য সুলভ । তড়িৎ গতিৰে বাঢ়ি যোৱা অসমৰ ক’ভিড আক্ৰান্তৰ হিচাপ সময় অধিক বাঢ়ে মানে আক্ৰান্তৰ হাৰ গুণিতক হাৰত বঢ়াৰ প্ৰতিচ্ছবিয়ে আনলক ওৱানৰ অধীনৰ ৰাইজে মনোযোগ দিবলৈ পাহৰি গৈছে। চৰকাৰী শিথিলতা আৰু নাজিৰাৰ অভিশপ্ত ৰাজপথৰ ধূলিৰ মাজত কৰ’ণা সজাগতাৰ সকলো চৰকাৰী অনুশাসন নোহোৱা হোৱাত এতিয়া চৰকাৰী জনসংযোগ বিভাগে কেৱল মাইক বজাই ঘোষণা দিছে যদিও সেই কথাত গুৰুত্ব দিয়া নাই ৰাইজে।
দক্ষিণ পকোৱা গাঁও পঞ্চায়তত ৰেচন কাৰ্ড নথকা হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণ ।
নলবাৰী : লকডাউনৰ সময়চোৱাত বিভিন্ন স্তৰৰ মানুহ এতিয়া বিভিন্ন সমস্যা, অভাৱ তথা খাদ্য সংকটতত ভুগিছে। তেনে সময়তে চৰকাৰে ৰেচন কাৰ্ড থকা হিতাধিকাৰী সকলৰ লগতে ৰেচন কাৰ্ড নথকা ৰাইজকো চাউল যোগান ধৰাত পৰিলক্ষিত হৈছে। সেইমৰ্মে আজি ৩০(২) দক্ষিণ পকোৱা গাঁও পঞ্চায়ত জাগাৰাত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নথকা হিতাধিকাৰী সকলৰ পৰিয়ালত থকা এজন লোকৰ অনুসৰি ৫ কেজিকৈ বিনামূলীয়া চাউল বিতৰণ কৰা হয়। যদিও কিছু কিছু ঠাইত এই আঁচনিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে তেনে সময়তে ৩০(২) দক্ষিণ পকোৱা গাঁও পঞ্চায়তত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নোহোৱাকৈ বিনামূলীয়াকৈ চৰকাৰে সাহাৰ্য্যৰ বাবে বিতৰণ কৰা চাউল লাভ কৰা বুলি ৰাইজে মন্তব্য কৰে। উল্লেখ্য যে ইয়াৰ আগতে ও পঞ্চায়তখনত ভিতৰত ৰেচন কাৰ্ড নথকা হিতাধিকাৰী সকলক সামৰি লৈ এই আঁচনিৰ বিনামূলীয়া চাউল বিগত লক ডাউনৰ সময়চোৱাত এবাৰ বিতৰণ কৰা হৈছে।
ত্রিহৃদয় গোষ্ঠীৰ প্ৰয়াস মাজুলীত আনন্দৰাম ঢেকিয়াল ফুকনক সোঁৱৰণ ।
মাজুলী : মাজুলীৰ অন্যতম কলা-সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীৰ উদ্যোগত কালি নিশা ৯ বজাৰ পৰা এক ফোন-ইন কনফাৰেঞ্চৰ মাধ্যমেৰে অসমীয়া জাতিক শ্ৰেষ্ঠ জাতি কৰাৰ স্বপ্নদ্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনক মৃত্যু দিৱসটিত স্মৰণ কৰা হয়। উক্ত কাৰ্য্যসূচীৰ উদ্বোধন কৰি বটদ্ৰৱাৰ কবি-সাংবাদিক কন্দৰ্প কুমাৰ কলিতাই কয় যে ‘অসমীয়া ল’ৰাৰ মিত্র’ শীৰ্ষক জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা ‘এ নেটিভ’ ছদ্ম নামেৰে খ্যাত আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকন কেৱল এটা সত্বাই নহয়, তেওঁ অসমীয়াৰ জাতীয় স্বাভিমানৰ মূলস্তম্ভ। বৰ্ণিল অনুষ্ঠানটিত ত্রিহৃদয় গোষ্ঠীৰ সহকাৰী সম্পাদকদ্বয় শংকুসিদ্ধ নাথ আৰু শ্যামন্ত পায়েং, সমাদৃত কবি লক্ষীপ্ৰসাদ ৰেগনকে আদি কৰি বহুকেইজন কবি-লেখকে অসমীয়া ভাষাৰ পুন: প্ৰতিষ্ঠাতাজনক সোঁৱৰণ কৰি বক্তব্য প্ৰদান কৰাৰ লগতে একোটাকৈ কবিতা পাঠ কৰে। সাংবাদিক যদু কলিতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰা ব্যতিক্ৰমী অনুষ্ঠানটিৰ আঁত ধৰে ত্রিহৃদয় গোষ্ঠীৰ মুখ্য সম্পাদক পাপু বৰাই।
ফিল’বাৰীত কানিসহ যুৱক আটক, দুজন পলাতক ।
দৈনন্দিন বাৰ্তাৰ সেৱা :
তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিক্ৰমজিৎ পেগুৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোপন সুত্ৰৰ পম খেদি আজি দুপৰীয়া ফিল’বাৰী অঞ্চলৰ আমগুৰি গাঁৱত কানি সহ এজন যুৱকক আটক কৰে । আটকাধীন যুৱকজন মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ আৰক্ষী চকীৰ অন্তৰ্গত চাৰি মাইলৰ বিমল চেত্ৰী (২৬) বুলি জানিব পৰা গৈছে । যুৱকজনে ব্যৱহাৰ কৰা এ এছ ০১ এল চি ৩১৯৩ নম্বৰৰ এলট’ গাড়ীখনৰ লগতে গাড়ীখনত অনা প্ৰায় এক কিলোগ্ৰাম পৰিমাণৰ কানি(আফিং) জব্দ কৰে । উল্লেখযোগ্য যে ধৃত যুৱকজনে ব্যবহাৰ কৰা গাড়ীখন গুৱাহাটীৰ জনৈক চৌধুৰীৰ নামত কামৰূপ মেট্ৰো জিলাত পঞ্জীয়ন আছে । আৰক্ষীয়ে আটক কৰা যুৱক বিমল ছেত্রীৰ ভাষ্য অনুসৰি, ছেত্রীৰ মোমায়েকৰ পুতেক দীপক ছেত্রী সহ দুয়ো বাহনখনেৰে আহি স্থানীয় এজন যুৱকৰ সৈতে আলাপ হোৱাৰ পিছত ক্লেদময় পথেৰে যাত্ৰা কৰোঁতে বাহনখন বোকাত আবদ্ধ হৈ পৰে আৰু সেই সময়তে স্থানীয় যুৱক আৰু দীপকে আৰক্ষী অহাৰ সম্ভেদ পাই দুয়ো পলায়ন কৰে । আৰক্ষীয়ে ইতিমধ্যে পলায়ন কৰা দুই যুৱকৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিছে ।
আন্তর্জাতিক বাণিজ্য কেন্দ্রত আমদানি আৰু ৰপ্তানি বন্ধ হোৱাৰ দিশত,কৰিমগঞ্জ ।
ৰাহুল পাল, কৰিমগঞ্জ:–
লক ডাউনৰ বাবে দেশজুৰি আৰ্থিক সংকটৰ সম্ভৱনা যি সময়ত প্ৰবল হৈ উঠিছে তেনে সময়ত সুতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আমদানি ৰপ্তানি ব্যৱস্থা বন্ধ হোৱাৰ দিশে। যাৰফলতে চৰকাৰৰ আৰ্থিক ক্ষতি হোৱাৰ লগে লগে বহু লোক নিবনোৱা হোৱাৰ প্ৰবল সম্ভাৱনা প্ৰকট হৈ উঠিছে।কৰিমগঞ্জ জিলা প্ৰশাসন ফালৰ পৰা বাৰংবাৰ নিৰ্দেশিকা সলনি কৰি নতুন নতুন নিৰ্দেশনা জাৰি কৰাৰ ফলতে অতিষ্ঠ হৈ পৰিছে ল্যান্ড পোৰ্ট অফ অথৰিটি কৰিমগঞ্জ শাখাৰ মেনেজাৰ আৰু আমদানি ৰপ্তানি কৰা ব্যাবসায়ী সকল। সুতাৰকান্দিত ল্যান্ড পোৰ্ট অথৰিটিৰ দায়িত্ব থকা মেনেজাৰ জনে জোনৰ কোৱা মতে, জিলা প্ৰশাসনে আমদানি ৰপ্তানি সংক্ৰান্ত কোন ধৰনৰ নিৰ্দেশনা জাৰি কৰাৰ আগতে তেওঁ লোকৰ সৈতে কোন ধৰনৰ মত বিনিময় নকৰে যাৰফলতে সৃষ্টি হৈছে এক উদ্ভট পৰিস্থিতিৰ। জিলা প্ৰশাসনৰ মতে ট্ৰেড চেন্টাৰত কোভিডৰ সকলো নিয়মনীতি মানি চলা নাই। কিন্তু মেনেজাৰৰ কোৱামতে তেওঁ লোকে কোভিডৰ বাবে সকলো ধৰনৰ চৰকাৰী গাইড লাইন মানি চলি আমদানি ৰপ্তানি কৰি আহিছে। আৰু এইটোৰ উপৰতে জিলা প্ৰশাসনে যোৱা কৈদিন পূৰ্বে আৰু এখন নিৰ্দেশনা জাৰি কৰিলে যে, এতিয়াৰ পৰা ভাৰতৰ পৰা বাংলাদেশ যাব লগা মাল কঢ়িয়াই অনা ট্ৰাক এটা এটা কৈ ভাৰত বাংলা জিৰো পয়েন্টত থাকিব আৰু ইয়াৰ পৰা বাংলাদেশৰ ট্ৰাকত মাল উঠাই দিয়া হব। ঠিক একেদৰে বাংলাদেশৰ পৰা মাল কঢ়িয়াই অনা ট্ৰাক সকলে ও জিৰো পয়েন্টত আনি সমগ্ৰীবোৰ ভাৰতক গতাই দিব লাগিব। যাৰ ফলতে প্ৰতিদিনে আমদানি ৰপ্তানি ব্যৱসায়ত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে বুলি ল্যাণ্ড পোৰ্ট অথৰিটির মেনেজাৰৰ লগতে স্থানীয় বিধায়ক আৰু আমদানি ৰপ্তানি সংস্থাৰ সভাপতি গৰাকীয়ে কয়, এনে নিয়ম বান্ধি দিয়াৰ ফলতে এতিয়া প্ৰতিদিনে ভাৰত চৰকাৰৰ লাখ লাখ টকাৰ ৰাজহ লোকচান হবলৈ ধৰিছে। কৰিমগঞ্জ জিলা প্ৰশাসনৰ একপক্ষীয় সিদ্ধান্তত বাংলাদেশতো আমদানি ৰপ্তানি ব্যাবসায়ী সকলোৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰবাৱে সিলেট জিলা আমদানি ৰপ্তানি ব্যাবসায়ী সংস্থায় কাইলৈৰ পৰা সুতাৰকান্দি শুল্ক বন্দৰে দি বানিজ্যিলৈ চিন্তিত হৈ পৰিছে। ইতিমধ্যে তেওঁ লোকে সিলেট ত থকা ভাৰতীয় হাইকমিশনাৰক লিখিত অভিযোগ জনাইছ। কৰিমগঞ্জৰ আমদানি ৰপ্তানি ব্যাবসায়ী সংস্থাৰ সভাপতি গৰাকীয়ে আৰু কয়, জিলা প্ৰশাসনৰ অসহযোগিতা আৰু ১৮ বিঘা মাঠি ল্যান্ড পোৰ্ট অথৰিটিক আজি লৈকে গতাই দিব নোৱাৰাৰ বাৱে, ল্যান্ড পোৰ্ট অথৰিটিয়ে কৰিমগঞ্জৰ সুতাৰকান্দিত ২০০ কোটি টকীয়া প্ৰজেক্ট কৰাত ব্যৰ্থ হৈছে। আৰু অহা ২০ দিনৰ ভিতৰত যদি জিলা প্ৰশাসনেৰ এই মাটিখিনি সমঝাই নিদিয়ে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ দুশো কোটি টকীয়া অভিলাষী আঁচনি সুতাৰকান্দিৰ পৰা উভতি যাব। ইপিনে এই ব্যৱসায়ৰ লগতে জড়িত দুয়ো দেশৰ শ্ৰমিকে জিৰো পয়েন্টত আহি গাড়ীৰ মাল উটা নমোৱাতে অমান্তি হৈছে। যাৰবাৱে ব্যাবসায়ী সকলোৰ মূৰত ৰামটাঙুন পৰে। ফলতে ব্যাবসায়ী সকলে আমদানি ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ দিশত। আনহাতে জিলা প্ৰশাসনৰ একপক্ষীয় সিদ্ধান্তৰ বাবে শ্ৰমিক সকলৰ উপাৰ্জন বন্ধ হৈ পৰিছে আৰু তেওঁ লোকৰ মাজত এক হাহাকাৰ পৰিস্হিতিৰ সৃষ্টি হৈছে। আৰু এই কঠিন পৰিস্থিতিত এতিয়া লাখটকিয়া প্ৰশ্ন হৈছে, কোনে এই শ্ৰমিক সকলৰ পৰিয়ালৰ খাদ্য যোগান ধৰিব ? শ্ৰমিক সকলৰ এনে দুৰ্ভোগৰ খবৰ পাই স্থানীয় বিধায়ক কমলাক্ষ দে পুৰকায়স্হ সুতাৰকান্দি আন্তৰ্জাতিক বানিজ্যি কেন্দ্ৰত যাই সমস্যা সমাধানৰ বুজ লয়।
জনসম্পৰ্ক অভিযান আৰম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই ।
দৈনন্দিন বাৰ্তা সেৱা, ডুবিয়া :
আজি ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষ আৰু অসম চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ চতুৰ্থ বৰ্ষৰ সম্পূৰ্ণ হৈছে।সেই উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশতে জনসম্পৰ্ক নামৰ এক অভিযান আৰম্ভ কৰে, যাৰ জৰিয়তে সমূহ জনগণৰ লগত ওচৰৰ পৰা সম্পৰ্ক স্থাপনৰ লক্ষ্য ৰখা হয়। ইয়াৰ পৰিলক্ষিতত দেশৰ কেন্দ্রিয় চৰকাৰ আৰু অসম চৰকাৰেও জনসম্পৰ্ক অভিযানৰ আৰম্ভণি কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নেডাৰ আহবায়ক হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত আজিৰেপৰা অসমৰ ১২৬ টা সমষ্টিত জন সম্পৰ্ক অভিযান আৰম্ভ কৰা হয়। গহপুৰতো বিধায়ক উৎপল বৰাই আজি গোপালপুৰ পঞ্চায়ৰ ১০ টা পৰিয়ালৰ গৃহত উপস্থিত হৈয় নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত ভাৰতবৰ্ষত উন্নয়ন-প্ৰগতি আৰু আত্মনিভশীল হোৱাত বিজেপি চৰকাৰে কি কি ব্যৱস্থা তথা আঁচনি কৰিছে সেই সম্পৰ্কে জনাৱৰ বাবে বাবে দুখন পত্ৰ আৰু এখন ফুলাম গামোচা প্ৰদান কৰে ।















