দৈনন্দিন বাৰ্তা ডেস্ক : সংসদৰ নতুন ভৱন নিৰ্মাণ কৰিব টাটাই ৷ খৰচ হ’ব ৮৬১.৯০ কোটি টকা ৷ প্রতিদ্বন্দ্বী কোম্পানী লাৰ্চেন এণ্ড টুব্ৰোয়ে এই ভৱন নিৰ্মাণ কৰিবলৈ বিচাৰিছিল ৮৬৫ কোটি টকা ৷ সেই কোম্পানীটোক পাছ পেলাই প্ৰায় ৮৬১.৯০ কোটি টকাত নতুন সংসদ ভৱন নিৰ্মাণ কৰি দিব টাটাই ৷ উল্লেখ্য যে ক্ষমতালৈ অহাৰ পৰাই সংসদ ভৱন নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছিল মোডী চৰকাৰে ৷ কাৰণ পুৰণা এই ভৱনটো ব্ৰিটিছ আমোলাৰ ৷ ভৱনটো পুৰণা হৈছে ৷ সাংসদৰ সংখ্যা বাঢ়িলে বহাৰ সমস্যা হয় ৷ সেয়ে নতুন ভৱন নিৰ্মাণৰ চিন্তা কৰে চৰকাৰে ৷ উল্লেখ্য যে নতুন ভৱন নিৰ্মাণ কৰিবলৈ সময় লাগিব ২১ মাহ ৷ ভৱনটো নিৰ্মাণ কৰা হ’ব বৰ্তমান সংসদ ভৱনৰ কাষত ৷ ইয়াৰ বাবে কেন্দ্ৰীয় গড়কাপ্টানী বিভাগে খৰচ ধৰিছে ৯৪০ কোটি টকা ৷ জানিব পৰা মতে ভৱনটো দেখাত হ’ব ত্ৰিভুজাকৃতিৰ ৷ পুৰণা ভৱনটো মেৰামতি কৰি আন কামত ব্যৱহাৰ কৰা হ’ব ৷
মানালিৰ পৰা লেহলৈ ৪ ঘণ্টা সময় কমিল : ১০ হাজাৰ ফুট ওপৰেৰে বিশ্বৰ দীৰ্ঘতম সুৰংগ নিৰ্মাণ
দৈনন্দিন বাৰ্তা ডেস্ক : ১০ হাজাৰ ফুট ওপৰেৰে বিশ্বৰ দীৰ্ঘতম সুৰংগ নিৰ্মাণ কৰা হ’ল ৷ মানালিৰ পৰা লেহলৈ পাবলৈ ৰাস্তাৰ ওপৰেৰে নিৰ্মাণ কৰা হয় এই ৯.০২ কিলোমিটাৰ সুৰংগ ৷ উল্লেখ্য যে নিৰ্মাণ আৰম্ভৰ সময়ত কোৱা হৈছিল যে এই সুৰংগ নিৰ্মাণৰ শেষ হ’বলৈ ছবছৰ লাগিব ৷ কিন্তু কাম শেষ হ’ল ১০ বছৰত ৷ যিকোনো ঋতুতেই এই সুৰংগৰে যাত্ৰা কৰিব পৰা যাব ৷ উল্লেখ্য যে বহু বিশেষত্বৰে ভৰা এই সুৰংগ ৷ এই সুৰংগটো নিৰ্মাণৰ ফলত মানালিৰ পৰা লেহ যাবলৈ আগতকৈ চাৰি ঘণ্টা কম সময় লাগিব ৷ ৰাস্তাৰ মুঠ দৈৰ্ঘ্যৰ ৪৬ কিলোমিটাৰ কম হ’ল ৷ সুৰংগত জুই লাগিলে যাতে কোনো বিপদত নপৰে তাৰ বাবে ভিতৰত অগ্নিনির্বাপক যন্ত্ৰৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে এই ৰাস্তাটো ১০.৫ মিটাৰ বহল ৷ ৰাস্তাৰ দুয়োপাৰে আছে এক মিটাৰৰ খোজ কঢ়া অংশ ৷ আনহাতে প্ৰতি ৬০ মিটাৰৰ অন্তৰত চিচিটিভি লগোৱা হৈছে ৷ আপদকালীন পৰিস্থিতিত সুৰংগৰ পৰা বাহিৰ হ’বলৈ পথ আছে প্ৰতি ৫০০ মিটাৰৰ অন্তৰত ৷
চীনক সতৰ্ক কৰি দিলে নৰ্থান কমাণ্ডে : পূৱ লাডাখত যুদ্ধলৈ প্ৰস্তুত ভাৰতীয় সেনা
দৈনন্দিন বাৰ্তা ডেস্ক : ৰীতিমতে যুদ্ধৰ বাৰ্তা দি চীনক সতৰ্ক কৰি দিলে ভাৰতে ৷ শীতৰ লাডাখত পূৰ্ণোদ্যমে যুদ্ধৰ ৱাবে প্ৰস্তুত ভাৰতীয় সেনা ৷ বুধবাৰে সেনাৰ তৰফৰ পৰা এনেদৰে হুংকাৰ দিয়া হৈছে ৷ চীনে যদি যুদ্ধৰ পৰিস্থিতি সৃষ্টি কৰে, তেন্তে প্ৰশিক্ষিত, দক্ষ, মানসিকভাৱে দৃঢ় ভাৰতীয় সেনাৰ মুখামুখি হ’ব, লাডাখৰ সংঘাতকলৈ এই বাৰ্তা দিলে ভাৰতীয় সেনাই ৷ উল্লেখ্য যে সম্প্ৰতি চীন চৰকাৰৰ মুখপাত্ৰ গ্ল’বেল টাইমছৰ এক বাতৰিত উল্লেখ কৰা হয় যে ভাৰতৰ বাহিনী সেইভাৱে দক্ষ নহয়, শীতকালত যুদ্ধ হ’লে নোৱাৰে ৷ তাৰ বিপৰীতে প্ৰত্যুত্তৰ দিলে সেনাৰ নৰ্থান কমাণ্ডে ৷ নৰ্থান কমাণ্ডৰ মুখপত্ৰই কয়, এনে উপেক্ষা কৰাই ভাল ৷ ভাৰতীয় সেনা পূৰ্ণোদ্যমে যুদ্ধৰ বাবে সক্ষম ৷ তেওঁ লগতে কয়, ভাৰত শান্তি প্ৰিয় দেশ আৰু চুবুৰীয়া দেশৰ সৈতে সুসম্পর্ক ৰখাত আগ্রহী। কূটনৈতিক আলোচনাৰ মাধ্যমত সমস্যা সমাধান বিচাৰে ভাৰতে ৷ পূৱ লাডাখত চীনৰ সৈতে সীমান্ত বিবাদ মীমাংসাত যি আলাপ আলোচনা হৈছে এয়া দীৰ্ঘ অচলাৱস্থাৰ বাবে ৷ নৰ্থান কমাণ্ডৰ মুখপাত্ৰই কয়, সাধাৰণ তাপমাত্ৰা বিয়োগ ৩০-৪০ ডিগ্ৰী চেলচিয়াচ নামি যায় ৷ ঠাণ্ডা হৈ পৰা অধিক বিপজ্জনক হৈ পৰে সেনা বাহিনীৰ কাৰণে ৷ বৰফত পথ বন্ধ হৈ যায় ৷ কিন্তু এইবোৰৰ সত্ত্বেও ভাৰতীয় সেনাই শীতত যুদ্ধ কৰাৰ অভিজ্ঞতা আছে আৰু তাৰ বাবে মানসিকভাৱে প্ৰস্তুত ৷ তেওঁ কয়, চিয়াচীনৰ দৰে সকলোতকৈ দুর্গম এলেকাত কাম কৰাৰ দক্ষতা আছে সেনাৰ ৷
অপৰাধ তালিকাত নাম থকা ছহেজাৰ ব্যক্তি, কোম্পানীৰ তথ্য চীনা তথ্যপ্রযুক্তি কোম্পানীত
দৈনন্দিন বাৰ্তা ডেস্ক : অগাষ্টা ৱেলেণ্ড কেলেংকাৰী, অর্থনৈতিক অপৰাধ, সংঘঠিত অপৰাধ, সন্ত্রাসবাদীৰ আক্ৰমণৰ পৰা ভাৰতৰ সোণসহ নানান সামগ্ৰী চোৰাং ব্যৱসায়ী, ড্ৰাগছ চক্ৰ, নাবালক ম’বাইল চুৰি চক্ৰ ঝেনহুয়া তথ্যপ্রযুক্তি কোম্পানীৰ চকুৰ আগত আছে ৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমে এই তথ্য লাভ কৰিছে ৷ অপৰাধ তালিকাত নাম থকা প্ৰায় ছহেজাৰ ব্যক্তি, কোম্পানীৰ তথ্য ৰাখিছে এই চীনা কোম্পানীটোৰ তথ্যভাণ্ডাৰত ৷ উল্লেখ্য যে চীনা কোম্পানীটোৰ নজৰত আছে সত্যম গ্ৰুপৰ অধ্যক্ষ ৰামালিংগম ৰাজু বা তেওঁৰ আত্মীয়ৰ ১৯ টা কোম্পানী ৷ এওলোকৰ বিৰুদ্ধে আয়কৰ ফাঁকিৰ অভিযোগো ৰাখিছে ৷ তদুপৰি নজৰত আছে ঝাৰখণ্ডৰ কোষাগাৰ কেলেংকাৰী, পশু খাদ্য কেলেংকাৰী আৰু ভেমপ কেলেংকাৰীৰ দৰে ঘটনা ৷ আনহাতে ঝেনহুয়াৰ তথ্যভাণ্ডৰত ৰখা হৈছে ছোনীয়া গান্ধীৰ জোৱাই ৰবাৰ্ট বাদ্ৰাৰ কোম্পানী স্কাই লাইট হাস্পিটালিটি প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ইডিৰ তদন্ত, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোডাৰ বিৰুদ্ধে আৰ্থিক গোচৰ, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ বিৰুদ্ধে বেআইনীভাৱে আত্মীয়ক মাটি হস্তান্তৰ ৷ ইয়াৰ উপৰি ৫০০ টাৰো অধিক কোম্পানীক নজৰ বন্দী কৰিছে ৷ এই কোম্পানীবোৰ ঝেনহুৱাৰ নজৰত আছে ৷ তদুপৰি ১০০ ৰো বেছি সন্ত্ৰাসবাদী কাৰ্যকলাপ চীনৰ কোম্পানীটোৰ পৰ্যৱেক্ষণত ধৰা পৰিছে ৷ ইয়াৰ মাজত আছে ডাউদ ইব্ৰাহিম, টাইগাৰ মেনন, জামাত উল মাজাহিদিনৰ বাংলাদেশ সংগঠনৰ সদস্য আৰু কাম ৷ লগতে ২০১৪ চনৰ খাগড়গড় বিস্ফোৰণো আছে ৷ ইপিনে ভাৰতৰ পিপুলছ লিবাৰেচন ফ্ৰণ্টৰ বিৰুদ্ধে অপহৰণ, হত্যাৰ দৰে ২৮ টা গোচৰ, ২০১৫ চনৰ বড়োলেণ্ড আন্দোলনৰ নানান তথ্য আছে ঝেনহুৱাৰ ডাটাবেচত ৷ চীন চৰকাৰ আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ সৈ সংযুক্ত শ্বেনজেন ভিত্তিক তথ্যপ্রযুক্তি কোম্পানী ঝেনহুৱাই এই নজৰ কৰি আছে ৷ ‘হাইব্রিড ৱাৰফেয়াৰ’ আৰু ‘চীনা জাতিৰ মহান পুনৰ্জাগৰণৰ’ লক্ষ্যৰে এই কাম কৰা হৈছে বুলি প্ৰকাশ ৷ আনহাতে ৩৭৫ জন আমোলা, যিসকলা অধিকাংশ বৰ্তমান সেৱাত আৰু অৱসৰপ্ৰাপ্ত, এই ডাটাবেচত আছে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া, আইএএছ বিষয়া, আৰক্ষী বিষয়া চীনৰ কোম্পানীটোৰ নজৰত আছে বুলি প্ৰকাশ ৷
ভাৰতত ক’ৰোনা আক্ৰান্তত ৫০ লাখ অতিক্ৰম
দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনা সংক্ৰমণ ৷ আনহাতে এদিনৰ হিচাপত বিশ্বৰ ভিতৰত প্ৰথম হ’লগৈ ভাৰত ৷ এই মুহূৰ্তত ক’ৰোনাৰ প্ৰকোপত সবাতোকৈ জুৰুলা দেশ ভাৰত ৷ পৰিসংখ্যাৰ অন্তত এই কথা প্ৰকাশ পাইছিল ৷ উল্লেখ্য যে সংক্ৰমণত প্ৰথম স্থানত আছে মার্কিন যুক্তৰাষ্ট্ৰ ৷ এইখন দেশত আক্ৰান্ত ৬৬ লাখৰো অধিক ৷ দ্বিতীয় স্থানত ভাৰত আৰু তাৰ পাচত তৃতীয় স্থানত ব্ৰাজিল ৷ ব্ৰাজিলত মুঠ ৪৩ লাখ ৮২ হাজাৰ আক্ৰান্ত হৈছে ৷ মন কৰিব লগা যে কেইদিনমানৰ আগতে ৯০ হাজাৰ আক্ৰান্তৰ সংখ্যাই অভিলেখ গঢ়িছিল ৷ ইপিনে যোৱা ২৪ ঘণ্টাত দেশত ৯০ হাজাৰ ১২৩জন ক’ৰোনাত আক্ৰান্ত হয় ৷ তাৰ তুলনাত মার্কিন যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলত কিছু পৰিমাণে কম ৷ মার্কিন যুক্তৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ৫০ হাজাৰ ৯৫৬ আৰু ব্ৰাজিলত ৩৬ হাজাৰ ৬৫৩ জন আক্ৰান্ত হয় ৷ তদুপৰি ভাৰতত ৩৯,৪২,৩৬০ জন লোক আৰোগ্য হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য মতে ভাৰতত মুঠ ৫০,২০,৩৫৯ জন ক’ৰোনাত আক্ৰান্ত হয় ৷ ইয়াৰ উপৰি দেশত মুঠ ৮২,০৬৬ জন লোক ক’ৰোনাত মৃত্যু হয় ৷ যোৱা ২৪ ঘণ্টাত ১২৯০ জন লোক ক’ৰোনাত মৃত্যু হয় বুলি প্ৰকাশ ৷ ভাৰতত ক’ভিড-১৯ত মাত্ৰ ২১ দিনত ১০ লাখৰ পৰা ২০ লাখ পালেগৈ ৷ ইয়াৰ পাচত ১৬ দিনত ৩০ লাখ হয়গৈ ৷ তাৰ পাচত ১৩ দিনত ৪০ লাখ আৰু ১১ দিনৰ ভিতৰত ৫০ লাখ পালেগৈ ৷ দেশত ১১০ দিনত এই সংখ্যাই স্পৰ্শ কৰে ৷ ক’ভিড-১৯ত মৃত্যুৰ হাৰ ১.৬৩ শতাংশ বুলি প্ৰকাশ ৷ দেশত সক্ৰিয়ৰ সংখ্যা হ’ল ৯,৯৫,৯৩৩ জন ৷ ইয়াৰ হাৰ হ’ল ১৯.৮৪ শতাংশ ৷ আইচিএমআৰৰ তথ্য মতে দেশত ১৫ ছেপ্টেম্বৰলৈকে মুঠ ৫,৯৪,২৯,১১৫ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ মঙলবাৰে ১১,১৬,৮৪২টা নমুনা পৰীক্ষা কৰা হয় ৷
জাপানৰ প্ৰধানমন্ত্ৰীৰ পদত ইয়োশ্বিহিদে ছুগা
দৈনন্দিন বাৰ্তা ডেস্ক : জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ যোৱা বুধবাৰে মন্ত্ৰীসভাই ইস্তফা দিয়ে ৷ ইয়াৰ পাচত দেশখনৰ নতুন প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব লাভ কৰে ইয়োশ্বিহিদে ছুগাই ৷ স্থানীয় সংবাদ মাধ্যমে জানিবলৈ দিয়ে যে বুধবাৰেই লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ নেতা ছুগাই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লয় ৷ আঠ বছৰৰ পাচত জাপানে নতুন প্ৰধানমন্ত্ৰী লাভ কৰিলে ৷ এই নতুন প্ৰধানমন্ত্ৰীৰ আগত এটাই প্ৰত্যাহ্বান আছে ৷ সেয়া হ’ল কৰ’না নিয়ন্ত্ৰণৰ লগতে দেশখনৰ অৰ্থনীতি ঘুৰাই অনা ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ক্ষমতা আছে জাপানহ সংসদৰ নিন্মকক্ষত ৷ সেয়া হ’ল সকলোতকৈ শক্তিশালী ৷ তাত সংখ্যাগৰিষ্ঠতা থকা দলৰ নেতা ইয়োশ্বিহিদে ছুগাক প্ৰধানমন্ত্ৰীৰ পদত নিৰ্বাচন কৰাত চাপ নপৰিল শাসক লিবাৰেল ডেমক্ৰেটিক পাৰ্টি ৷ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পোৱাৰ পাচত তেওঁ মন্ত্ৰীসভা ঘোষণা কৰে ৷ ইয়াৰ আগেয়ে শাসক দল লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ মাজত নিৰ্বাচনত জয়ী হয় ছুগা ৷ নিৰ্বাচনত ছুগাই লাভ কৰে ৩৭৭ টা ভোট ৷ আনহাতে প্ৰাক্তন বিদেশ মন্ত্ৰী ফুমিৱ কিশ্বিদাই পায় ৮৯ টা ভোট ৷ তদুপৰি প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী শ্বিগেৰু ইশ্বিবাই ৬৮ টা ভোট লাভ কৰে ৷ ইয়াৰ পাচতে দলৰ নেতা নিৰ্বাচন হয় ৭১ বছৰীয়া ছুগা ৷ উল্লেখ্য যে প্রাক্তন প্রধানমন্ত্রী শ্বিনজোৰ সোঁহাত আছিল ছুগা ৷ তেওঁ ছুগাৰ চিফ কেবিনেট সচিব আছিল ৷ এই পদত এইবাৰ বহাৰ সম্ভাৱনা আছে কাতছুনোবু কাতো ৷ তেওঁ ইয়াৰ আগতে বিত্ত বিভাগৰ আমোলা আছিল ৷ ইপিনে আবেৰ সৰু ভাতৃ নোবুয়ো কিশ্বি প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পাইছে বুলি প্ৰকাশ ৷ জাপানৰ সংবাদ মাধ্যমে জনাই যে সুগাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী আবেৰ নীতিবোৰ আগুৱাই নিয়াত বদ্ধপৰিকৰ ৷
টিংখাঙত নতুন মুখৰ ব্যক্তিৰ নিৰ্বাচনী তৎপৰতা অব্যাহত : মুখ্যমন্ত্ৰীৰ গুডবুকতো সন্নিবিষ্ট নতুন মুখৰ প্ৰাৰ্থীৰ নাম
টিংখাং : সমাগত ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত টিংখাং সমষ্টিত কেবাগৰাকী নতুন মুখৰ ব্যক্তিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ উদেশ্যে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। সমষ্টিটোত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ব্যক্তিগত সচিব বিপুল গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হোৱাৰ বাবে কুচ-কাৱাজ চলাই আছে। চলিত বৰ্ষৰ অন্তিম মাহটোত চাকৰি জীৱন ত্যাগ কৰি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা আছে বুলি জানিব পৰা গৈছে। বিপুল গগৈয়ে সমষ্টিটোৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি বিভিন্নজনৰ সৈতে পৰিচয় হোৱাৰ লগতে মত বিনিময় কৰি ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা চলাই আহিছে। আনহাতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাবে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শুভাকৰণ কোহাঞিৰ নাম ইতিমধ্যে চৰ্চিত হৈছে। এগৰাকী যোগগুৰু হিচাপে জনপ্ৰিয় শোভাকৰণ কোহাঞে নৱগঠিত দলটোত অতিশীঘ্ৰে যোগদান কৰিব বুলি প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে। নৱ গঠিত দলটোৰ হৈ টিংখাঙত আন কেবাগৰাকী লোকে প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। এইসকলৰ ভিতৰত এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে অসম গণ পৰিষদৰ নেতাও আছে। আনহাতে অসম সংগ্ৰামী মঞ্চ নামৰ ৰাজনৈতিক দলটোৱেও টিংখাঙত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। মঞ্চই সমষ্টিটোত নতুন মুখৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰক্ষেপ কৰিব বুলি জানিব পৰা গৈছে। আনহাতে সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আহোম জনগোষ্ঠীয় লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে আহোম জনগোষ্ঠীয় লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে। দলটোৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে সমষ্টিটোৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিকল্প প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি গডবুক সন্নিবিষ্ট কৰিছে। সৰ্বাধিক আহোম ভোটাৰ থকা সমষ্টিটোত বিগত বিধান সভা নিৰ্বাচনত আহোম জনগোষ্ঠীয় লোকে দলীয় টিকটৰ পৰা বঞ্চিত হৈ আহিছে। সমষ্টিটোত বৰ্তমানৰ বিধায়ক বিমল বড়াই পুনৰ প্ৰাৰ্থিত্ব লাভৰ বাবে তৎপৰতা চলোৱাৰ বিপৰীতে ভাৰতীয় কংগ্ৰেছ দলৰ হৈ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী এতোৱা মুণ্ডাই পুনৰ প্ৰাৰ্থিত্ব বিচাৰিব। সমষ্টিটোত এইবাৰ নিৰ্বাচন অতি আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে। যিহেতু বিগত নিৰ্বাচনত অসম গণ পৰিষদ দলে মিত্ৰতাৰ সূত্ৰে সমষ্টিটোৰ আসনখন ভাৰতীয় জনতা পাৰ্টীক এৰি দিছিল।কিন্তু পৰৱৰ্তী সময়ছোৱাত মুষ্টিমেয় কেইগৰাকীমান অগপ নেতা কৰ্মীৰ বাদে বৃহৎ সংখ্যক দলীয় নেতা-কৰ্মী, সমৰ্থক শাসকীয় দলটোৰ পৰা অতি চৰমভাৱে উপেক্ষিত হ’ব লগা হয়।গতিকে আঞ্চলিক দলটোৰ উপেক্ষিতসকলে আগন্তুক বিধান সভা নিৰ্বাচনত পোতক তুলিবলৈ সাজু হৈ পৰিছে।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ কোনো ধৰণৰ সাংগঠনিক দৃঢ়ভেটি নথকা টিংখাঙত শক্তিশালী ভেটি থকা আঞ্চলিক দল অগপৰ বুকুচাত উঠি সফলভাৱে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ সক্ষম হৈছিল।
ওদালগুৰি জিলা ছাত্র সন্থাৰ অন্তৰ্গত পানেৰী আঞ্চলিক সমিতি গঠন
টংলা : মঙ্গলবাৰে ওদালগুৰি জিলাৰ পানেৰী জৱাহৰ মজলীয়া বিদ্যালয়ত টংলা আঞ্চলিক ছাত্র সন্থাৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভণি হোৱা এদিনীয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পন, বৃক্ষ ৰোপণ, প্ৰতিনিধি আৰু বিষয় বাচনি সভা, মুকলি সভাসভাৰ লগতে সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনেৰে সামৰণি পৰা সাধাৰণ সভাৰ বিষয় বাচনি আৰু প্ৰতিনিধি সভাত সদৌ অসম ছাত্র সন্থাৰ সহ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচার্যৰ লগতে ওদালগুৰি জিলা ছাত্র সন্থাৰ বিষয়ববীয়া আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সদস্যসকলৰ উপস্থিতিত গঠন হয় নতুন সমিতি। সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচার্য, টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰিংকু ডেকাক উপদেষ্টা, কৌশিক বৈশ্যক সভাপতি, অবিস্মিতা বৰ্মন, চম্পক কলিতা আৰু নিকু আহমেদ চৌধুৰীক উপঃসভাপতি, নাৰায়ণ দাসক সাধাৰণ সম্পাদক, দিবাকৰ বৰুৱা, পংকজ ভৰালী, যুৱৰাজ হাজৰিকা আৰু নয়ন জোতি নাথক সহকাৰী সাধাৰণ সম্পাদক, চয়নিকা চক্ৰবৰ্তীক শিক্ষা সম্পাদিকা, নয়ন জোতি বৰুৱাক প্ৰচাৰ সম্পাদক, মাহমুদুল হাছানক বিত্ত সম্পাদক, ত্ৰীনয়ন ডেকাক সাংস্কৃতিক সম্পাদক, বিষ্ণু কাশ্যপক তথ্য সম্পাদক, কিশোৰ কলিতাক সাহিত্য সম্পাদক, শুভম ঘোষক ক্ৰীড়া সম্পাদক, মানস জোতি ডেকাক কাৰ্য্যালয় সম্পাদক, শিমিয়ন তাতীক মুখ্য সাংগঠনিক সম্পাদক, পম্পি শৰ্মা, গীতাঞ্জলী মেধি, শ্বৰ্নলতা ডেকা,অৰ্জুন বাসি, অভিজিৎ কলিতা আৰু দিগন্ত ডেকাক সাংগঠনিক সম্পাদক, মঃ আজামুল আলি, জগদিশ সুত্ৰধৰ, মানস বৰ্মন, মনালিছা ৰাজবংশী, আলিফা পাৰবিন, মনিকা দৈমাৰী, হিমাংশু কলিতা আৰু হিৰক জোতি নাথক কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে লৈ পূৰ্ণাঙ্গ সমিতি গঠন কৰে। সাধাৰণ সভাৰ মুকলি সভাত সভাপতিত্ব কৰে টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই, সভা উন্মোচন কৰে সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক বিতোপন দাসে, মুকলি সভাৰ নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচার্য আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ওদালগুৰি জিলা ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতা আৰু অৱসৰী শিক্ষক তাৰানাথ কলিতা।
চীনৰ নজৰত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু, উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতৰ কমেও ১০ হাজাৰ বিশিষ্ট ব্যক্তিৰ ওপৰত দৃষ্টি ৰাখিছে চীনৰ তথ্য প্ৰযুক্তি কোম্পানী ঝেনহুৱাই ৷ এই তালিকাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি একাধিক কেন্দ্ৰীয় মন্ত্ৰী, আমোলা আছে৷ ডিজিটেল জগতত ঝেনহুৱাৰ দৃষ্টি পৰিছে উত্তৰ পূৱ ভাৰতৰ বিভিন্ন ৰাজ্য, মূলত অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ ১৮০ জন ৰাজনৈতিক ব্যক্তি ৷ উল্লেখ্য যে এই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আন্তৰ্জাতিক সীমান্ত আছে আৰু ভৌগোলিক দিশত অতি গুৰুত্বপূৰ্ণ ৷ ঝেনহুৱাৰ তথ্য ভাণ্ডাৰত কাশ্মীৰ উপত্যকা আৰু লাডাখৰ ৩০ উল্লেখযোগ্য ৰাজনৈতিক ব্যক্তি আৰু আমোলাা তথ্য আছে ৷ জানিব পৰা মতে ঝেনহুৱা ডাটা ইনফৰ্মেচন টেকন’লজি নামৰ এই প্ৰযুক্তিৰ কোম্পানীয়ে প্ৰতি সময়তে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ গতিবিধিৰ ওপৰত দৃষ্টি দি আছে ৷ তেওঁলোকে নতুন কি আপলোড কৰিছে সকলো নজৰ ৰাখিছে৷ প্ৰস্তুত কৰা হৈছে বিশাল তথ্য ভাণ্ডাৰ ৷ গুৰুত্বপূৰ্ণ যে এই কোম্পানীৰ ৱেবছাইটত জড়িত আছে চীন চৰকাৰ, সেনা আৰু শাসক দলৰ কাৰণে তথ্য সংগ্ৰহ কৰা থাকে ৷ উত্তৰ পূৱ ভাৰতৰ ওপৰত চীনৰ তথ্য প্ৰযুক্তি কোম্পানীয়ে নজৰ দিয়াত একাধিক কাৰণ আছে ৷ তাৰে অন্যতম তাৎপর্যপূর্ণ কাৰণটো হ’ল সেই দেশৰ সীমাত ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণ কৰাৰ চেষ্টা আৰু নদীখনৰ গতিপথ সলনি কৰাৰ পৰিকল্পনা ৷ ইয়াকে কেন্দ্ৰ কৰি দুই প্ৰতিৱেশী ভাৰত-চীনৰ সংঘাত অন্য মাত্ৰা পাইছেগৈ ৷ ঝেনহুৱাৰ ডিজিটাল তথ্য ভাণ্ডাৰত আছে পশ্চিম বংগসহ অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, ছিকিম, ত্রিপুৰাৰ বর্তমান আৰু প্রাক্তন প্রায় ১২ জন মুখ্যমন্ত্রী আৰু তেওঁলোকৰ আত্মীয়ৰ তথ্য ৷ এই সকলো ৰাজ্যৰ শক্তি, জলসম্পদ, জলসিঞ্চন, নদী উন্নয়ন আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ কৰ্মৰত আমোলাৰ গতিবিধিও ৷ কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহেবুবা মুফতি, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰড চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ আৰু তাৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টনো চীনৰ প্ৰযুক্তি কোম্পানীটোৰ নজৰত আছে ৷ কেৱল আন্তৰ্জাতিক সীমান্তৰ অৱস্থাৰ বাবেই নহয়, কেন্দ্ৰৰ ‘পূৱলৈ চোৱা নীতি’ বাস্তৱায়িতৰ ক্ষেত্ৰত এই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল অতি গুৰুত্বপূৰ্ণ ৷ দক্ষিণ-পূৱ এছিয়াৰ সৈতে ভাৰতৰ যোগসূত্ৰ স্থাপণ কৰা দেশৰ উত্তৰ পূৱ ভাৰতৰ এই আঠ ৰাজ্য৷ তদুপৰি ৰাজনৈতিকভাৱে ২০১৪ চনৰ পাচৰ পৰা ভাৰতৰ উত্তৰ-পূৱ ৰাজ্যবোৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে বিজেপিয়ে৷ বৰ্তমান অসম, ত্ৰিপুৰা, মণিপুৰত বিজেপিৰ শাসন ৷ ইয়াৰ উপৰি দেশৰ বহু ৰাজ্যত বিজেপিয়ে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিছে ৷ জম্মু-কাশ্মীৰৰ পিডিপি নেত্ৰী মেহেবুবা মুফতিৰ উপৰি দৃষ্টিৰ তালিকাত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গুলাম আহমেদ মীৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছইফুদ্দিন ছোজ, কৰণ সিং ৷ ঝেনহুৱাৰ বিদেশী ডিজিটেল তথ্য ভাণ্ডাৰত অসম আৰু মেঘালয়ৰ প্ৰাক্তন দুজন মুখ্যমন্ত্ৰী, অৰুণাচলৰ প্ৰাক্তন তিনিজন, মণিপুৰ, ছিকিম, মিজোৰামৰ এজনকৈ মুখ্যমন্ত্ৰীৰ সকলো তথ্য আছে ৷ ইয়াৰ উপৰি দৃষ্টিত আছে বৰ্তমানৰ লাডাখৰ উপৰাজ্যপালৰ পৰামৰ্শদাতা প্ৰাক্তন আমোলা নৰুলা আৰু বোমডিলাো প্ৰাক্তন বিধায়ক আৰু অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰামৰ্শদাতা জেপু দেৰুক ৷
সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিবৃতি : লাডাখত অবৈধভাৱে ৩৮,০০০ বর্গ কিলোমিটাৰ মাটি দখল চীনৰ
দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰকৃত নিয়ন্ত্রণ ৰেখাত বাৰম্বাৰ পূৱ লাডাখ সীমান্ত উলংঘনৰ চেষ্টা চলাইছে চীনে ৷ তাক শক্তিশালীভাৱে প্ৰতিৰোধ কৰিছে সেনাবাহিনীয়ে ৷ মঙলবাৰে লোকসভাত লাডাখক লৈ বিবৃতি দিবলৈ গৈ এনেদৰে ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বিবৃতিত মন্ত্ৰীজনে স্বীকাৰ কৰে যে চীনৰ সৈতে সীমান্ত সমস্যা অমীমাংসিত হৈ আছে আৰু এই পৰ্যন্ত কোনো পাৰস্পৰিক বুজাবুজি হোৱা নাই ৷ দ্বিপাক্ষিক চুক্তি আৰু সীমাৰেখা অমান্য কৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত বহু সংখ্যক সশস্ত্ৰ সেনা মোতায়েন কৰিছে চীনে ৷ যি সীমাৰেখা ভৌগোলিক নীতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল আৰু যিটো ভাৰতে মানে ৷ মন্ত্ৰীজনে লগতে কয়, দ্বিপাক্ষিক সুসম্পর্কৰ বাবে সীমান্তত শান্তি শৃংখলা বজায় ৰখা উচিত ভাৰত আৰু চীন দুয়োখন দেশে ৷ এই ক্ষেত্ৰত ভাৰতে চীনক কূটনৈতিক স্তৰত কৈছে যি এককভাৱে সীমান্তত স্থিতাৱস্থা ভঙা দ্বিপাক্ষিক চুক্তি উলংঘন ৷ অথচ চীনা সেনাবাহিনীৰ হিংসাত্মক আচৰণৰ ফলত সকলো পুৰণা চুক্তি উলংঘা কৰা হৈছে ৷ সেয়ে ভাৰতীয় সেনাই নিজৰ সীমান্ত সুৰক্ষিত ৰখাত বল প্ৰয়োগ কৰিছে ৷ এই কথা সংসদত জনায় প্ৰতিৰক্ষা মন্ত্ৰীজনে ৷ মন্ত্ৰীজনে বিবৃতিত কয়, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাই কেৱল নহয় তাৰ ভিতৰত সোমাবলৈ বহু সেনাবাহিনী আৰু অস্ত্রশস্ত্র মোতায়েন কৰিছে চীনে ৷ পূৱ লাডাখত গোগৰা, কোংগকা হ্ৰদ, পেংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰ আদি বহু গন্দগোলৰ ঠাই আছে ৷ ভাৰতীয় সেনাই এই সকলোতে বাহিনী মোতায়েন কৰিছে ৷ ইয়াতে সংসদত ৰাজনাথ সিঙে আশ্বাস দিয়ে যে ভাৰতীয় সেনা সকলো ধৰণৰ পৰিস্থিতিৰ লজত যুঁজ কৰিবলৈ প্ৰস্তুত ৷ বিবৃতি দিবলৈ গৈ ৰাজনাথ সিঙে কয়, চীনা প্ৰতিৰক্ষা মন্ত্ৰীৰ লগত মই পৰিষ্কাৰ কৰি দিছিলো যে সীমান্ত ৰক্ষাত আমাৰ বাহিনীয়ে সকলো সময়তে দায়িত্বশীল পদক্ষেপ লৈছে ৷ কিন্তু এই সময়ত ভাৰতৰ সার্বভৌমত্ব ৰক্ষা আমাৰ লক্ষ্য লৈ কাৰো সন্দেহ থকা অনুচিত ৷ যোৱা ১৫ জুনত গালৱান উপত্যকাত চীনা সেনা পিএলএৰ আক্ৰমণত ভাৰতীয় জোৱানৰ মৃত্যুৰ কথা লোকসভাত এই প্ৰথম স্বীকাৰ কৰে বুলি তেওঁ দাবী কৰি কয় চীনা জোৱানৰো মৃত্যু হৈছিল ৷ চীনৰ সৈতে আগতে সীমান্তত সংঘৰ্ষ লাগিছিল ৷ লাডাখত অবৈধভাৱে ৩৮,০০০ বর্গ কিলোমিটাৰ মাটি দখল কৰিছে চীনে ৷ ইয়াৰ উপৰি ১৯৬৩ত হোৱা তথাকথিত চীন–পাকিস্তান চুক্তি অনুযায়ী, পাকিস্তান অধিকৃত কাশ্মীৰৰ ৫১৮০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূমি অবৈধভাৱে চীনৰ হাতত তুলি দিছে পাকিস্তানে ৷ সীমান্তত কৰ্তব্যৰত জোৱানৰ পোচাক, খোৱা সামগ্ৰী, গৰম কাপোৰ, ঔষধ আদি যথাযথ আৰু পৰ্যাপ্ত আছে বুলি মঙলবাৰে সংসদত আশ্বস্ত কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৷











