Home Blog Page 3273

সত্যকাম হাজৰিকাক প্ৰত্যাহ্বান আমছাৰ : ৰাইজক বিভ্ৰান্ত নকৰিবলৈ মঙ্গলদৈত সংবাদমেল যোগে আহবান ।

মঙ্গলদৈ : কৰোণা মহামাৰী সম্পৰ্কত ডাঃ সত্যকাম হাজৰিকাই কৰা মন্তব্যক প্ৰত্যাহ্বান জনাইছে অসম চিকিৎসা সেৱা সন্থাই। কালি মঙ্গলদৈ ইউথ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত চিকিৎসা সেৱা সন্থা চমুকৈ আমছাৰ সভাপতি ডাঃ ননী গোপাল চহৰীয়াই অভিযোগ কৰি কয় যে এই ভয়াবহ মহামাৰীৰ সময়ত সত্যাকাম হাজৰিকাই ৰাইজক বিপথে পৰিচালিত কৰিছে। যিটো সময়ত বিশ্ব স্বাস্থ্য সন্থা চমুকৈ Who আৰু ভাৰতীয় চিকিৎসা সন্থাই এই ভয়াবহ মহামাৰীৰ বিষয়ে ঘোষণা কৰাৰ সময়ত সত্যাকাম ফুকনৰ মন্তব্য কোনো যুক্তি সংগত নহয় বুলি দাবী কৰে। বিশ্বজুৰি সৃষ্টি হোৱা সৃষ্টি হোৱা ভয়াবহ কৰোণা মহামাৰী প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰ তথা অসম চৰকাৰে লোৱা পদক্ষেপক যুক্তিসংগত বুলি দাবী কৰি ভয়াবহ মহামাৰীৰ সময়ত এনে মন্তব্য আইন বিৰুদ্ধ বুলিও কয়। সত্যকাম ফুকনে কোৱাৰ দৰে যিকোনো ৰোগীৰ অস্ৰোপ্ৰচাৰৰ সময়ত তেওঁ মাস্ক পৰিধান নকৰে বুলি কোৱা যুক্তি সংগত নহয় বুলি কয়। কৰোণা মহামাৰীৰ ভয়াবহতাৰ সময়ত অকল অসমতে ২৭২৯ জন চিকিৎসকে সেৱা আগবঢ়াই আছে। এই সকল চিকিৎসক আৰু স্বাস্থ্য কৰ্মী উৎসাহ দিয়াহে প্ৰয়োজন বুলি তেওঁ কয়। আনহাতে চৰকাৰে এনে ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য কৰা লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰি তাক আমছাই পৰ্যবেক্ষণ কৰা বুলিও জানিব দিয়ে। সংবাদ মেলত আমছাৰ বিষয়ববীয়া ডাঃ মুনীন্দ্ৰ ভূঞা আৰু ডাঃ অনিল শৰ্মা উপস্থিত থকা সংবাদ মেলখনত এনে ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিয়ন নাজাবলৈ ৰাইজক আহবান জনায়। ইয়াৰ উপৰি অসমবাসী ৰাইজক সদা সচেতন আৰু সজাগ হবলৈ আহবান জনায় সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰিবলৈ আহবান জনাইছে।

এইবাৰ আন এক ভাইৰাছ জি-৪ : উৎস চীন

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ভিড-১৯ সংক্ৰমণত সমগ্ৰ বিশ্বত এক কোটিৰো অধিক লোক আক্ৰান্ত হৈছে৷ এতিয়াও এই ভাইৰাছৰ বিৰুদ্ধে কোনো প্ৰতিষেধক ওলোৱা৷ নাই৷ ইয়াৰ মাজতে আন এক ভাইৰাছে নিদ্ৰা নোহোৱা কৰিছে বিভিন্নজনক, যিটোৰ সংক্ৰমণত ভৱিষ্যতে মহামাৰীৰ ৰূপ ল’ব বুলি বিজ্ঞানী আৰু গৱেষকসকলে লক্ষ্য কৰিছে৷ ক’ৰোনা ভাইৰাছৰ দৰে এই ভাইৰাছৰ উৎস চীন৷ নাম জি-৪ ভাইৰাছ। এইচ১এন১ ছোৱাইন ফ্লুৰ সৈতে জিনগত মিল আছে এই ভাইৰাছৰ৷ ‘প্ৰচিডিংছ অব দ্য নেচনেল অকাডেমী অব ছাইন্স’ নামৰ এখন আলোচনীত সম্প্ৰতি জি-৪ক লৈ এক প্ৰতিবেদন প্ৰকাশ পাইছে৷ তাৰ পাছতে আতংকই বিৰাজ কৰিছে৷ চীনসহ বিভিন্ন দেশৰ বিজ্ঞানীয়ে কৈছে, ছোৱাইন ফ্লুৰ দৰে গাহৰিৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হয়৷ তাৰ পাছত মানুহৰ পৰা মানুহৰ মাজলৈ এই ভাইৰাছ সংক্ৰমণ হোৱা প্ৰমাণ পোৱা নাই৷ ফলত মহামাৰীৰ ৰূপ ল’লেও৷ ক’ভিড-১৯তকৈ ইয়াৰ সুবিধা কম হ’ব বুলি আশা কৰা হৈছে৷ ২০০৯ চনত ছোৱাইন ফ্লুত কেইবালাখো মানুহৰ মৃত্যু হৈছিল৷ বিজ্ঞানীসকলে জনাইছে, জি-৪ কোনো নতুন ভাইৰাছ নহয়৷ কেইটামান বছৰ ধৰি চীনৰ বিভিন্ন গাহৰিৰ ফাৰ্মত ইয়াৰ উপস্থিতি পোৱা গৈছে৷ চীনৰ ছানডং কৃষি বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় ইনফ্লুয়েঞ্জা চেণ্টাৰৰ গৱেষকসকলে ২০১১ চনৰ পৰা ২০১৮ চনৰ মাজভাগলৈকে মুঠ ১০খন ৰাজ্যৰ পশু ফাৰ্ম আৰু চিকিৎসালয়ত মুঠ ৩০ হাজাৰ গাহৰিৰ লেলাউটি পৰীক্ষা কৰে৷ তেতিয়া ১৭৯ ধৰণৰ ভাইৰাছৰ অস্তিত্ব পায়৷ ইয়াৰে সকলোবোৰ মাৰাত্মক নহয়৷ ব্যতিক্ৰম কেৱল জি-৪৷ সম্প্ৰতি চীনৰ দুখন ৰাজ্যত গাহৰিৰ পৰা মানৱ দেহলৈ এই ভাইৰাছ সংক্ৰমণ হোৱাত বিজ্ঞানীসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷

মাজুলী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বান প্ৰভাৱিত এলেকাত দমকল আৰু অস্থায়ী টয়লেট স্থাপন ।

মাজুলী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বান প্ৰভাৱিত এলেকাত দমকল আৰু অস্থায়ী টয়লেট স্থাপন ।

উজনি-মাজুলী : জনস্বাস্থ্য কাৰিকৰী বিভাগে সোমবাৰে ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ জাবৰচুক, গেজেৰাৰ লগতে দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ বানপ্ৰভাৱিত এলেকাত খোৱাপানীৰ দমকল বঢ়োৱা, বিকল দমকল পুনৰ মেৰামতি কৰাৰ লগতে বান-দুৰ্গত পৰিয়ালসমূহৰ মাজত খোৱাপানী বিশুদ্ধিকৰণৰ ৰাসায়নিক পদাৰ্থৰ টোপোলা তথা ব্যৱহাৰ বিধিৰ প্ৰচাৰপত্ৰ বিতৰণ কৰে। কালি বিভাগটোৱে ভোগপুৰ সত্ৰ এলেকাতো একাধিক বিকল দমকল মেৰামতি কৰে। চলিত বানত বিভাগটোৱে আজিলৈকে জিলাখনৰ বিভিন্ন বানপ্ৰভাৱিত অঞ্চলত ৰাইজে খোৱাপানী লাভ কৰিব পৰাকৈ মুঠ ১২টা দমকল বহুৱাইছে। তদুপৰি, বিভাগটোৱে বান-সাহাৰ্য শিবিৰৰ লগতে বানাক্ৰান্ত এলেকাত ৩২টা অস্থায়ী ‘টয়লেট’ সাজি দিয়ে বন্যাত লোকৰ বাবে।

ৰাইজৰ গাঠিৰ ধন ভাঙি মেৰামতি কৰিলে বাকচুৰ বিধ্বস্ত মথাউৰি।

নাজিৰা : অসম চৰকাৰৰ জনসম্পদ বিভাগৰ অকমন্যতা আৰু গুৰুত্ব হীনতাৰ বাবেই শিৱসাগৰ জিলাৰ বৃহত্তৰ বাকচুবাসী জনগণে বছৰ বছৰ ধৰি বিধ্বস্ত দিচাং নদীৰ মথাউৰিয়ে দি যাতায়ত কৰাত যমৰ-যাতনা ভুগিবলগা হৈছে। ৰাইজে চৰকাৰী কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰিও কোনো সহাৰি নোপোৱাত অৱশেষত স্থানীয় সচেতন ৰাইজে নিজৰ গাঠিৰ ধন আৰু পৰিশ্ৰমেৰে দিচাঙৰ বাকচু মথাউৰি মেৰামতিৰ বাবে নামি পৰে। শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ চেঙেলীবাৰীৰ পৰা চেপন-চূণপোৰা সংযোগী দিচাঙৰ বাকচু মথাউৰিটোৱেই হৈছে অঞ্চলটোৰ প্ৰায় ১২ খন ৰাজহ গাঁৱৰ যাতায়তৰ একমাত্ৰ প্ৰধান পথ। প্ৰায় ৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটো বছৰ বছৰ ধৰি বাৰিষাৰ সময়ত ৰাইজক দুৰ্ভোগ ভোগাই আহিছে । কিন্তু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ অথবা স্থানীয় জনপ্ৰতিনিধিয়ে হওঁক কোনোৱে গুৰুত্ব নিদিয়াত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। উল্লেখযোগ্য যে, বৃহত্তৰ বাকচু অঞ্চলৰ এই বাৰখন গাঁৱৰ উপৰি তিনিখনকৈ সত্ৰ, ভালেকেইখন শিক্ষানুষ্ঠানৰ লগতে স্থানীয় ৰাইজৰ যাতায়তৰ মূল পথ হিচাপে এই বাকচু মথাউৰিটোকে ব্যৱহাৰ কৰাৰ বাদে অন্য গত্যন্তৰ নথকাত ৰাইজৰ শ্ৰমদানেৰে ইতিপূৰ্বে কেইবাবাৰো এই বিধ্বস্ত মথাউৰিটো যাতায়তৰ উপযোগী কৰি তুলিছিল যদিও এতিয়া ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ মথাউৰিটো যাতায়তৰ অনুপযোগী হৈ পৰাত স্থানীয় যুৱকৰ প্ৰচেষ্টত ৰাইজৰ দান-বৰঙণি আৰু শ্ৰমৰ দ্বাৰা সদ্যহতে মথাউৰিটো যাতায়তৰ উপযোগী কৰি তোলে। ইফালে যাতায়তৰ ক্ষেত্ৰত বিকল্প পথ নথকাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় মন্ত্ৰী আৰু যোৰহাট সংসদীয় সমষ্টিৰ সাংসদকো মথাউৰিটো মেৰামতিৰ বাবে আবেদন জনাইছিল যদিও আজিকোপতি কোনো সুফল নাপালে। যাৰ বাবে স্থানীয় যুৱ সমাজকৰ্মী ৰঞ্জন মহন্ত, সৰ্বানন্দ গায়ন, দেৱাশীষ বৰা, মহেন্দ্ৰ বৰা, দিলীপ বৰা, জগত মহন্ত, মোহন বৰা আদিৰ নেৰ্তৃত্বত অৰ্ধশতাধিক স্থানীয় পুৰুষ, মহিলাই শ্ৰমদানেৰে মথাউৰিটোত যাতায়তৰ কিছু উপযোগী কৰি তোলে।

ভাৰতৰে বিৰোধ : বিতর্কিত মানচিত্র অনুমোদন কৰাৰ পাছত সমস্যাত নেপালৰ প্রধানমন্ত্রী ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

বিতর্কিত মানচিত্র অনুমোদন কৰাৰ পাছত সমস্যাত পৰিছে নেপালৰ প্রধানমন্ত্রী কেপি শর্মা অ’লি। দিন যিমানে গৈছে তেওঁৰ পদত্যাগৰ দাবীত চাপ বাঢ়িছে দলৰ অভ্যন্তৰত ৷ পুষ্পকুমাৰ দহল বা প্রচণ্ডসহ শাসক দল নেপাল কমিউনিষ্ট পার্টিৰ শীৰ্ষ চাৰিজন নেতাই তেওঁক পদত্যাগ কৰিবলৈ কৈছে ৷ আন নেতাসকলেও ভাৰতৰ সৈতে অতদিনে মধুৰ সম্পৰ্ক বেয়া কৰাৰ কাৰণে তেওঁৰ ফালেই অভিযোগ কৰি আঙুলি টোৱাঁইছে৷ মঙলবাৰে দুপৰীয়া দলৰ ষ্টেণ্ডিং কমিটীৰ সভাত চলি থকা উত্তেজনাৰ সন্দৰ্ভত আলোচনা হয়৷ বিভিন্ন বিষয়ত ব্যৰ্থতাৰ বাবে অলিক পদত্যাগ কৰিবলৈ কয় দলৰ যুটীয়া সভাপতি প্ৰচণ্ড, বৰ্ষীয়ান নেতা মাধৱ নেপান, ঝলানাথ খানাল আৰু বামদেৱ গৌতমে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক বিশ্লেষকসকলে কয়, কিছুদিন ধৰি নেপালৰ নাগৰিকসকলৰ মনত জাতীয়তাবাদী মনোভ জগাই তুলি নিজৰ গাডী সুৰক্ষিত কৰাৰ চেষ্টা কৰিছিল প্ৰধানমন্ত্ৰী অ’লিয়ে৷ ইয়াৰ বাবেই নতুন মানচিত্ৰ প্ৰস্তুত কৰি ভাৰতৰ সৈতে বিবাদৰ পথ সৃষ্টি কৰে ৷ মূলতঃ গোৰ্খা ভাবাবেগক হাথিয়াৰ কৰি অ’লিয়ে নিজৰ স্বার্থ সিদ্ধিৰ চেষ্টা কৰিছে ৷ মানচিত্ৰক লৈ অ’লিয়ে লোৱা পদক্ষেপৰ সন্দৰ্ভত আগতেই উপদেশ দিছিল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পকমল দহল ওৰফে প্রচণ্ডই৷ কিন্তু তাক গুৰুত্ব নিদিলে অ’লিয়ে ৷ দলৰ যুটীয়া সভাপতি বা দেশৰ প্ৰধানমন্ত্ৰী যিকোনো এটা পদ তেওঁক বাচি ল’বলৈ পৰামৰ্শ দিয়া হৈছে৷ দুটা পদত একেলগে উপবিষ্ট হৈ থকা নহ’ব বুলিও সতৰ্ক কৰা হৈছিল ৷ কিন্তু তাত গুৰুত্ব দিয়া নাই নেপালৰ প্রধানমন্ত্রীয়ে৷ তাৰ ফলশ্রুতিতেই অ’লিক পদত্যাগ কৰিবলৈ দাবী জনোৱা হৈছে ৷

ভাৰত স্বাধীনতাৰ ৭০ টা বছৰেও উন্নয়নৰ আঁচনিৰে ঢুকি নোপোৱা এটি জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে লাটুম গাওঁবাসীক : মেৰামতিত নামিল আৱাল বৃদ্ধ-বনিতা ।

শিৱসাগৰ জিলাৰ হাঁ‌হচৰা পঞ্চায়তৰ লাটুম গাঁৱৰ এটি জৰাজীৰ্ণ পথ মেৰামতিত ব্যস্ত হৈ পৰিল আৱাল বৃদ্ধ-বনিতা।

নাজিৰা : দেশৰ স্বাধীনতাৰ ৭০ টা বছৰেও চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা অতিকে জৰাজীৰ্ণ বোকাৰে পৰিপূৰ্ণ পথ মেৰামতিত ব্যস্ত হৈ পৰিল আৱাল বৃদ্ধ-বনিতা। যোৱাকালি এই জৰাজীৰ্ণ পথটোত গছৰ ডাল ৰুই প্ৰতিবাদ সাব্যস্তও কৰিলে অঞ্চলটোৰ ৰাইজ তথা  মহিলাই। তামোলৰ সাকোৱে পাৰ হৈ আহে গাওঁ বাসী। শিৱসাগৰ জিলাৰ হাঁ‌হচৰা পঞ্চায়তৰ  লাটুম গাঁৱৰ এটি জৰাজীৰ্ণ পথ। স্বাধীনতাৰ ৭০ বছৰ গৰকা হাঁ‌হচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুক, লাটুম চুকৰ পথৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। চৰকাৰলৈ আশা নকৰি ৰাজপথলৈ হাতত কোৰ, দা লৈ জৰাজীৰ্ণ পথ নিৰ্মাণ নামি পৰিল হাঁ‌হচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুকৰ মহিলা। এজাক নেৰানেপেৰা বৰষুণ দিলে সৰুঘৰীয়া চুক, লাটুম চুকবাসীয়ে ভুগি আহিছে দুৰ্ভোগ। বোকাৰে ভৰপূৰ হৈ পৰে সৰুঘৰীয়াচুক, লাটুম চুকৰ বাটপথ। স্বাধীনতাৰ ৭০ টা বছৰ এই গাওঁখনলৈ চৰকাৰ জনপ্ৰতিনিধি আহে একমাত্ৰ ভোটৰ লালখাত। আজিৰ যুগতো এই বোকাময় জৰাজীৰ্ণ পথ তামোল সাকোৰে বগাই আহে সৰুঘৰীয়া চুক, লাটুম চুকৰ বিষয়ববীয়া। কিন্তু এতিয়াও যেন কাণসাৰ নাই হাঁ‌হচৰা পঞ্চায়তৰ। প্ৰায় শ শ বছৰ ধৰি হাঁ‌হচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুক, লাটুম চুকবাসী ৰাইজে বোকাময় পথৰে অহাযোৱা কৰাত দুৰ্ভোগ ভুগি আহিছে। ৰোগী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসা-বিভাগৰ লোক, ৰোগী কঢ়িওৱা যান-বাহন, সাধাৰণ ব্যক্তিও এই পথেৰে অহা যোৱা কৰাত বাধাৰ সন্মুখীন হৈছে। অৱশেষত সৰুঘৰীয়া চুকৰ মহিলা সকল অতিস্থ হৈ চৰকাৰ হাঁ‌হচৰা পঞ্চায়তলৈ আশা নকৰি হাতে হাতে কোৰ দা’ লৈ ব্যস্ত হৈ পৰিল জৰাজীৰ্ণ পথ নিৰ্মাণত। কেৱল পথ নিৰ্মাণেই নহয় বোকাময় পথত গছৰ ডাল ৰুই প্ৰতিবাদ সাব্যস্ত কৰে হাঁ‌হচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুকৰ মহিলাই ।

চাহ শ্ৰমিকক মৰ্য‍্যাদা সহকাৰে জীৱন-যাপনৰ বাবে অসম চৰকাৰৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ । অসম চাহ নিগম লিমিটেডৰ সৌজন‍্যত ১৫ খন চাহ বাগিচাত বাস গৃহ নিৰ্মাণৰ আধাৰ শিলা স্থাপন মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

চাহ শ্ৰমিকক মৰ্য‍্যাদা সহকাৰে জীৱন-যাপনৰ বাবে অসম চৰকাৰৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ ।

কলিয়াবৰ :
অসমৰ চাহক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা চাহ শ্ৰমিকে মৰ্য‍্যাদা সহকাৰে জীৱন যাপনৰ কৰাৰ অধিকাৰ দিয়াৰ উদ্দেশ‍্যে অসম চৰকাৰে যৎপৰোনাষ্টি চেষ্টা অব‍্যাহত ৰাখিছে। এই মন্তব‍্য অসমৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।অসম চৰকাৰৰ চাহ জনজাতি কল‍্যাণ বিভাগৰ অনুদানেৰে উদ‍্যোগ আৰু বাণিজ‍্য বিভাগৰ অধিনস্থ অসম চাহ নিগমৰ সৌজন‍্যত ১৫ খন চাহ বাগিচাত ১৯০৩টা বাসগৃহ নিৰ্মাণৰ আধাৰশিলাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি কলিয়াবৰ মহকুমাৰ আমনিৰ সমীপৰ আমলখি চাহ বাগিচাত এই আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাজ‍্যসভাৰ সাংসদ কামাখ‍্যা প্ৰসাদ তাচা, লোকসভাৰ সাংসদ পল্লৱলোচন দাস, নগাঁঁৱৰ বিধায়ক ৰূপক শৰ্মা, উদ‍্যোগ আৰু বাণিজ‍্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, শ্ৰমিক মন্ত্ৰী সঞ্জয় কিষাণ। আজি মুখ‍্যমন্ত্ৰীয়ে সেই স্থানতে বন মহোৎসৱ উপলক্ষ‍্যে আগতীয়াকৈ গছ পুলি ৰোপন কৰে।

অসম চাহ নিগম লিমিটেডৰ সৌজন‍্যত ১৫ খন চাহ বাগিচাত বাস গৃহ নিৰ্মাণৰ আধাৰ শিলা স্থাপন মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

সোণতলীত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী যুৱতী ৰেহনা চুলতানা ।

সোণতলী নামনি অসমৰ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী চৰ অঞ্চলৰ জীয়ৰী ৰেহনা চুলতানাই অসমৰ চৰ-চাপৰিৰ জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি লাভ কৰিলে ডক্টৰেট ডিগ্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা আৰু সাহিত্য উভয় বিষয়তে দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লোৱা ৰেহনা চুলতানাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° প্ৰণীতা দেৱীৰ তত্ত্বাৱধানত অবিভক্ত কামৰূপ জিলাৰ চৰ-চাপৰিবাসী মুছলমান সম্প্ৰদায়ৰ লোকভাষা‘ শীৰ্ষক বিষয়ত গৱেষণা কৰি এই সন্মান তথা বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী লাভ কৰিছে ৷ উল্লেখযোগ্য যে ড° ৰেহনা চুলতানা হল বৃহত্তৰ সোণতলী অঞ্চলৰ পৰা পিএইচ. ডি ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী যুৱতী ৷ তেওঁ সোণতলী অঞ্চলৰ শেলেসুঁতি গাঁৱৰ শিক্ষক নুৰজামান হক আৰু চুফিয়া বেগমৰ সুযোগ্যা কন্যা তথা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। গৱেষণা কৰ্মৰ লগতে তেওঁ দীৰ্ঘদিনৰ পৰাই বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িত হৈ আছে। ভাষাৰ ছাত্ৰী হিচাপে ভৱিষ্যতে তেওঁ অসমীয়া ভাষা আৰু চৰ-চাপৰিৰ ভাষাটোৰ ওপৰত কাম কৰি যাব বুলি মত প্ৰকাশ কৰিছে। সোণতলী চৰ অঞ্চলৰ পৰা ৰেহনা চুলতানাই ডক্টৰেট ডিগ্ৰী লাভ কৰাত সমগ্ৰ অঞ্চলবাসীয়ে আনন্দিত হোৱাৰ লগতে তেওঁ পাঠ গ্ৰহণ কৰা বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক সমাজেও যথেষ্ট আনন্দিত হৈছে ৷ উল্লেখযোগ্য যেঅতিকৈ পিছপৰা প্ৰায় এশ শতাংশই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা ৰেহেনা চুলতানাৰ এই সাফাল্যত চৰাঞ্চলৰ অন্যান্য যুৱক-যুৱতীৰ বাবে প্ৰেৰণা হব বুলি ভিন্নজনে মত প্ৰকাশ কৰিছে।

বানৰ কৱলত বিশ্ব ঐতিহ‍্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান : কাজিৰঙাৰ বানত মৃত্যু ১ টা গঁড়, ১৪ টা সুগৰি পহুৰ ।

কলিয়াবৰ : 
ৰাজ‍্যৰ দ্বিতীয়টো বানৰ কৱলত বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ প্ৰকল্প এলেকাত আজিৰ  দিনটোতো প্ৰায় অপৰিৱৰ্তিত হৈ আছে  বান পৰিস্থিতি। কাজিৰঙাৰ প্ৰায় নব্বৈ শতাংশ এলেকা চলিত বানত প্লাৱিত হৈছে – আজি এই কথা জনালে উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰে।সঞ্চালকজনে জানিবলৈ দিয়ামতে, আজিৰ দিনটোলৈকে উদ্যানখনত  আজি বিয়লি জখলাবন্ধাৰ ৰাজপথত মৃত্যু হোৱা পহুটোক লৈ মুঠ ১৫ বন্যপ্ৰাণী মৃত্যুমুখত পৰিছে।মৃত্যু হোৱা ১৫ টাৰ  ভিতৰত ১৪ টা সুগৰি পহু আৰু এটা গড়ঁ ।বানাক্ৰান্ত কাজিৰঙাৰ বহু পহু ,হাতী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথ পাৰ হৈ কাৰ্বি পাহাৰৰ দিশলৈ গতি কৰিছে যদিও এটাও গড়ঁ বৰ্তমানলৈকে ৩৭ নম্বৰ ঘাই পথ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই।

জখলাবন্ধাৰ ৰাজপথত বানত দিশহাৰা সুগৰী পহুৰ দুৰ্ঘটনাত মৃত‍্যু ।

কলিয়াবৰৰ জখলাবন্ধাৰ ৰাজপথত গাড়ীৰ খুন্দাত মৃত্যু এটা সুগৰী পহুৰ। কাজিৰঙাৰ পৰা বানত দিশহাৰা হৈ ওলাই আহিছিল পহুটো। জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বিয়লি প্ৰায় ৪:৩০ বজাত যোৰহাট অভিমুখী এ এচ ১১ পি ৪২৩৬ নম্বৰৰ বলেৰ’ গাড়ীৰ খূন্দাত নিহত হয় পহুটো। স্থানীয় ব‍্যৱসায়ীসকলে ঘটনাস্থলীত আঘাটপ্ৰাপ্ত পহুটোৰ সুশ্ৰুষা কৰে যদিও দুৰ্ভগীয়া পহুটো মৃত‍্যুমুখত পৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত হোৱা বানৰ পৰা ওখ ঠাইলৈ আশ্ৰয়ৰ বাবে অহা পহুটোৰ মৃত‍্যুৰ পিছত বানত মৃত‍্যু হোৱা জীৱ-জন্তুৰ সংখ‍্য ১৫লৈ বৃদ্ধি পালে। উল্লেখযোগ‍্য যে, ৰাষ্ট্ৰীয় উদ‍্যানখনত এতিয়ালৈকে বানৰ বাবে এটা গঁড়ৰ লগতে ১৪টা সুগৰী পহুৰ মৃত‍্যু হৈছে। মৃত পহুটো বন বিভাগে স্থানীয় আৰক্ষী প্ৰশাসনৰ সহায়ত ৰাজপথৰ পৰা উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে।

এইবাৰ ভূটানৰ বন্যপ্ৰাণী অভয়াৰণ্যত চকু চীনৰ : চীনা পদক্ষেপক সাৱধানে পৰ্যৱেক্ষণ ভাৰতৰ ৷

দৈনন্দিন বাৰ্তাৰ ডেস্ক :
ভাৰতৰ সৈতে চলিত সীমা সমস্যাক লৈ বিৰোধ হৈ থকা চীনে ভূটানৰ ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখন ‘বিবদমান’ বুলি দাবী কৰিছে ৷ গ্ল’বেল এনভাৰ’ণমেণ্ট ফেচিলিটি কাউন্সিলৰ সভাত এই মন্তব্য কৰিছে চীনে ৷ ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বাবে এটা প্ৰকল্পত ধন ব্যয়ৰ বিৰোধিতা কৰাৰ চেষ্টা কৰিছিল চীনে৷ লগতে এক ‘বিবদমান’ অঞ্চল হিচাপে অভিহিত কৰে ৷ চীনে দাবী কৰে যে ভূটান আৰু চীনৰ মাজত বিতৰ্কিত অঞ্চলত ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখন আছে৷ ইয়াকে লৈ ভূটানে তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি কয় চীনৰ প্ৰতিনিধিলৈ এক শক্তিশালী জাননী পঠাইছে ৷ তাত কোৱা হৈছে, “ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখন ভূটানৰ এক অবিচ্ছেদ্য আৰু সার্বভৌম অঞ্চল।” উল্লেখ্য যে এই অভয়াৰণ্যখনলৈ বিশ্বজুৰি কাৰো পৰা ধন যোগান ধৰা নাছিল ৷ এতিয়া প্ৰথমবাৰৰ বাবে আন্তর্জাতিক প্লেটফৰ্মত প্ৰকল্প হিচাপে আহিছে, য’ত চীনে ইয়াৰ ভূমিৰ দাবী কৰাৰ সুযোগ হিচাপে দখল কৰিছে ৷ আনহাতে অঞ্চলটো অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰৰ মূল চহৰ তাৱাঙৰ নিকটৱৰ্তী হোৱাত চীনা পদক্ষেপবোৰ ভাৰতে সাৱধানে পৰ্যৱেক্ষণ কৰিছে ৷ যিহেতু চীনে সম্পূৰ্ণ অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত হিচাপে বৰ্ণনা কৰে আৰু নিজৰ বুলি দাবী কৰে৷ ৭৪০.৬০ বৰ্গ কিলোমিটাৰৰ ছেকটাং বন্যপ্ৰাণী অভয়াৰণ্য পূৱ ভূটানত অৱস্থিত ৷