Home Blog Page 3306

কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা আৰু মহামাৰীৰ পিছৰ পৃথিৱীখন ।

গুনোজীৎ দাস

বিশ্বায়নৰ সময়ত সমগ্ৰ পৃথিৱী আজি বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে। ইমান দিনে জলপথ, স্থলপথ, আকাশ মাৰ্গত দপদপনিৰ জয় যাত্ৰাত এয়া কিহৰ স্থৱিৰতা! পৃথিৱীখন যেন আজি গোলকীয় অসহিষ্ণুতাত ভাগৰি পৰিছে ক’ৰবাত। বিজ্ঞানৰ যুগত এয়া যেন বিয়োগাত্মক প্ৰভাৱ মানৱ সমাজে প্ৰকৃতিৰ ওপৰত চলোৱা অবাধ খননকাৰ্যৰ । এই অস্থিৰতাৰ প্ৰতিকাৰ বিচাৰি এতিয়া মানৱ সমাজ দিনে-ৰাতি নামি পৰিছে ভয়াবহভাৱে বিয়পি পৰা এই ক’ৰ’না মহামাৰীৰ প্ৰতিৰোধত। কিন্তু বাস্তৱত ইয়াক প্ৰতিৰোধ কৰাটো মানৱ সভ্যতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰধান দায়িত্ব আৰু কৰ্তব্য যদিও প্ৰকৃতিৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ ওপৰত ভাৰসাম্যতা অনাটো বৰ্তমান সময়ত ৰাষ্ট্ৰ তথা নাগৰিকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত । বিজ্ঞানৰ কু-প্ৰভাৱ সমুহৰ ওপৰত সেয়ে এতিয়া গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয়তা অনুভৱ কৰি ৰাষ্ট্ৰ সমুহে সমাজকল্যাণ ধাৰণাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে । কিয়নো প্ৰকৃতিৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ কাৰণে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হোৱা দেখা যায় । ইয়াৰ ফলত প্ৰদূষণৰ পৰিমাণ বাঢ়ি সমগ্ৰ মানৱ জাতিক কঙাল কৰা দেখা গৈছে । এনেবোৰ কাৰণতে প্ৰকৃতিৰ পৰা ভিন্ন জীৱ-জন্তু বিলুপ্ত হোৱাৰ ফলত পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হৈ মানৱ সভ্যতালৈ বিপদ চপাই আনিছে । জল, স্থল, বায়ুমণ্ডলৰ মাজত বিৰাজমান দুষিত পদাৰ্থ সমুহে নতুন নতুন সমস্যাৰ সৃষ্টি কৰাৰ লগতে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰি মানৱ সভ্যতালৈ চপাই আনিছে বিপদ । এনে সময়ত সমগ্ৰ মানৱ জাতিৰ লক্ষ্য আৰু উদ্দেশ্য সমুহৰ মাজত পৰিস্থিতন্ত্ৰনৰ ভাৰসাম্য বজাই ৰখাটো বৰ্তমান সময়ত চৰ্চিত বিষয় হোৱা দেখা যায়। বিশেষকৈ দ্ৰুত হাৰতত হোৱা পৰিৱৰ্তনে মানৱ সমাজত হোৱা কু-প্ৰভাৱ সমুহ প্ৰতিৰোধ কৰাটো আজি ৰাষ্ট্ৰ সমুহৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচনা কৰা হয়। বিশেষকৈ উন্নত ৰাষ্ট্ৰ সমুহে পৰিৱেশৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ জড়িয়তে মানৱ সমাজলৈ যাতে সমস্যাৰ সৃষ্টি নকৰে তাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এই ক্ষেত্ৰত তেওঁলোকে সমাজ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। সমাজকল্যান ধাৰণা মতে ভবিষ্যত প্ৰজন্মৰ ক্ষতি নকৰাকৈ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰাটো ৰাষ্ট্ৰ সমুহৰ প্ৰধান কৰ্তব্য হোৱা উচিত। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশ সমুহে সমাজকল্যানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ জড়িয়তে তেওঁলোকে প্ৰদূষণমুক্ত শক্তি সমুহৰ ব্যৱহাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উদাহৰণস্বৰূপে সৌৰশক্তি, এলক’হল ইঞ্জিন আদি ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ ফলত অনৱীকৰণ সম্পদ সমুহৰ ভবিষ্যত প্ৰজন্মলৈ সুৰক্ষিত হোৱাৰ উপৰিও পৰিৱেশ প্ৰদূষণ কমি হোৱা দেখা যায়। ইয়াৰ উপৰিও ৰাষ্ট্ৰসমুহে বৃক্ষ ৰোপন, বন্যপ্ৰাণী সংৰক্ষণ আদি কেতবোৰ দিশত প্ৰয়োজনীয় আঁচনি গ্ৰহণ কৰা দেখা যায়। সেয়ে মহামাৰীৰ পিছৰ পৃথিৱীখনত মানৱ সমাজৰ কৰ্তব্য কি হোৱা উচিত সেই সম্পৰ্কে ৰাষ্ট্ৰসমুহে পৰ্যালোচনা কৰাটো প্ৰয়োজন । বিশেষকৈ ৰাষ্ট্ৰৰ নাগৰিক সকলে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। উদাহৰণস্বৰূপে বন্যপ্ৰাণী সংৰক্ষণ, বনাঞ্চল জীৱ-জন্তুৰ কাৰণে সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। কিয়নো পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হোৱাৰ কাৰণে বৈশ্বিক উষ্ণতা বৃদ্ধি, সেইজগৃহৰ প্ৰভাৱত দুৰাৰোগ্য ৰোগৰ সৃষ্টি আদিকে ধৰি কেতবোৰ গুৰুতৰ সমস্যা সৃষ্টি হোৱা দেখা যায়। আনহাতে বৰ্তমান হোৱা অবাধ প্ৰদূষণৰ প্ৰভাৱত কৃষিৰ উপযোগী জলবায়ুৰ পৰিৱৰ্তন হোৱা দেখা যায়। সেয়ে এনে এক জতিল সময়ত ৰাষ্ট্ৰসমূহে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ উপৰিও জৈৱিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন। বৈজ্ঞানিক আৰু জৈৱিক দৃষ্টিভংগীৰ সংমিশ্ৰণত ভৱিষ্যত প্ৰজন্মৰ ক্ষতি নকৰাকৈ সম্পদ সমুহৰ সৰ্বোত্তম ব্যৱহাৰৰ যোগেদি এক সুস্থ সবল বিশ্ব মানৱ জাতি গঢ় লৈ উঠিব বুলি সমাজকল্যাণ ধাৰণা মতে যুক্তি দাঙি ধৰিছে। সেয়ে বিশ্ব নাগৰিক সকলে মহামাৰী পিছৰ সময়চোৱাত পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ জড়িয়তে এক সুস্থ সৱল মানৱ জাতি গঢ় দিয়াটো প্ৰধান দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচিত হৈছে। 

‘আনলক’ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ।

দিলীপ হাজৰিকা :

যোৱা ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছিল আৰু মাত্ৰ ৩-৪ ঘণ্টা সময়সীমা দিয়া হৈছিল দেশৰ সমগ্ৰ জনগণক তেওঁলোকৰ নিত্যনৈমিত্তিক বয়-বস্তু ক্ৰয় কৰিবলৈ, লাগতীয়াল দৰৱ ল’বলৈ তথা যিসকল নাগৰিক, শ্ৰমিক, ৰোগী নিজৰ গৃহ ঠাইৰ পৰা অন্য ঠাইত আছিল তেওঁলোকক ঘূৰি আহিবলৈ। যিটো কেন্দ্ৰীয় চৰকাৰৰ এক সাংঘাটিক ভুল সিদ্ধান্ত আছিল বুলি খোদ উচ্চতম ন্যায়ালয়েও বিভিন্ন সময়ত এই কথাকে দোহাৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সংবাদসেৱীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আনলক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,  যেতিয়া লকডাউন আৰম্ভ হৈছিল,  তেতিয়া সমগ্ৰ দেশতে তথা অসমত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা তেনেই তাকৰ আছিল, কিন্তু তাৰ পিছৰ পৰ্যায়ত এই ৰোগীৰ সংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমটো দিনক দিনে বৃদ্ধি পালে। যিহেতু এই ৰোগৰ দৰৱ এতিয়াও উপলব্ধ হোৱা নাই, গতিকে আমাৰ ওচৰত প্ৰাথমিক দুটাই বিকল্প আছে, এটা হ’ল মাস্ক পৰিধান কৰা আৰু শাৰীৰিক দূৰত্ব বজাই ৰখা। এই সন্দৰ্ভত অসম চৰকাৰ আৰু প্ৰশাসন যিমান সতৰ্ক হ’ব লাগিছিল,  সেয়া এতিয়া একেবাৰে দেখিবলৈ পোৱা নাই। যিটো সময়ত দৈনন্দিন ভয়ানক ভাৱে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আমাৰ ৰাজ্যত বৃদ্ধি পাইছে, সেই সময়ত চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মাস্ক পৰিধান কৰা তথা শাৰীৰিক দুৰত্ব বজাই ৰখাৰ নিয়ম বলৱৎ কৰিবলৈ ল’বলগীয়া কঠোৰ অনুশাসনৰ অভাৱ পৰিলক্ষিত হৈছে। যেতিয়া,  ৰাজ্যত এজনো ক’ভিড-১৯ৰ ৰোগী নাছিল,  তেতিয়া চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ঔষধ কিনিবলৈ অহা ব্যক্তি, ঘৰৰ ৰেচন ল’ব অহা ব্যক্তিৰ ওপৰত বৰ্বৰতাৰে প্ৰহাৰ কৰাৰ ছবি এতিয়াও চাগে সকলোৰে মনত আছে। কিন্তু এতিয়া, ৰাজ্যত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ভয়ানক ভাৱে বৃদ্ধি পোৱাৰ পিছতো আৰক্ষী প্ৰশাসন তথা চৰকাৰে কিয় নিৰৱ দৰ্শকৰ নিচিনা ব্যৱহাৰ কৰিছে, ‌তাৰ ওপৰত গভীৰ আশ্বৰ্য প্ৰকাশ কৰি বিৰোধী দলপতি গৰাকীয়ে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক অনুৰোধ জনাই কয় যে, ৰাইজৰ বৃহত্তৰ স্বাৰ্থত লকডাউন শিথিল কৰি দিলেও অন্ততঃ মাস্ক পৰিধান কৰাটো আৰু শাৰীৰিক দূৰত্ব বজাই ৰখা নিয়ম দুটা যেন ৰাইজৰ মাজত কঠোৰ ভাৱে বলৱৎ কৰে।

নিশাৰ ভিতৰতে কোটিপতি হ’ল দুটাকৈ হাতী ।

নিশাৰ ভিতৰতে কোটিপতি হ’ল দুটাকৈ হাতী৷ বিহাৰৰ এজন বন্যপ্ৰেমীয়ে তেওঁৰ সম্পত্তিৰ আধা অংশ নিজৰ হাতী দুটাৰ নামত লিখি দিছে৷ এই কথা শুনি বহু লোকে আশ্চৰ্য প্ৰকাশ কৰিছে৷ পাটনাৰ বাসিন্দা আখতাৰ ইমাম নামৰ লোকজনে তেওঁৰ পোহনীয়া হাতী দুটাক অতি মৰম কৰে৷ সেই হাতী দুটাৰ এটাৰ নাম ৰাণী আৰু আনটোৰ নাম মতি৷ ইমামে তেওঁৰ সন্তান স্নেহ কৰে হাতী দুটাক৷ সেয়ে তেওঁৰ আধা সম্পত্তি হাতী দুটাৰ নামত লিখি দিয়ে৷ ফলত নিশাৰ ভিতৰতে কোটিপতি হয়গৈ দুয়োটা হাতী৷ এই হাতী দুটাৰ ভিতৰত মতিৰ বয়স ১৫ আৰু ৰাণীৰ বয়স ২০ বছৰ৷ হাতী দুটা মানুহতকৈ বেছি বিশ্বস্ত বুলি লোকজনে কয়৷ দুয়োটা হাতী তেওঁৰ সংগী৷ বৰ্তমান ইমাম হাতী ৰক্ষণাবেক্ষণৰ এনজিঅ’ এটাৰ গৰাকী৷ বিপদৰ সময়ত তেওঁক এই হাতী দুটাই বহুবাৰ ৰক্ষা কৰিছে বুলি তেওঁ জনায়৷

শত, সহস্ৰ প্ৰণাম হে’ চাফাই কৰ্মী সকল !

ৰাজীৱ কমল শইকীয়া

কৰ’না আৰু মানুহৰ সাম্প্ৰতিক যুঁজখনত, আমাৰ পক্ষৰ মূল ৰক্ষকৰ ভূমিকা লোৱা চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে সমূহ ফৰ্নটলাইন যুঁজাৰু যেনে- চৰকাৰ-প্ৰশাসন, পুলিচ, প্ৰেছ আদি বিভিন্ন জৰুৰীকালীন সেৱাত জড়িত লোকক আমি শ্ৰদ্ধা ভৰা ধন্যবাদ-কৃতজ্ঞতা জনাইছোঁ|  তাৰ মাজতো আমি এচাম লোকক প্ৰসংশা কৰিবলৈ, উৎসাহ যোগাবলৈ হয়তো ভুলতে পাহৰি থাকিলোঁ| তেখেতসকল হ’ল বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোৱাৰেণটাইন চেন্টাৰ, হাস্পতালক কৰ’নাৰ কদৰ্য গুচাই নিকা কৰা চাফাই কৰ্মী সকল আৰু কৰ’নাক্ৰান্ত হৈ  মৃত্যু হোৱা সকলৰ শৱ-দেহ সমূহৰ অগ্নি সংস্কাৰ কৰা বা কবৰ দিয়া ব্যক্তিসকল|পেছা হ’লেও এই বিভীষিকাৰ মাজত নিজৰ প্ৰাণৰ মমতাৰ কথা নাভাবি মানৱজাতিৰ সেৱাত অন্তঃকৰণেৰে উৎসৰ্গিত এই সকল পৰম শ্ৰদ্ধেয় বীৰ যোদ্ধাক আমি সম্ভ্ৰমপূৰ্ণ নমস্কাৰ জনাবই লাগিব, নহ’লে ইতিহাস পঢ়ি ভৱিষ্যত পৃথিৱীৰ নাগৰিক সকলে আজিৰ মানুহক বৰকৈ বেয়া পাই থাকিব| বাকী সকল ফৰ্নটলাইন যোদ্ধাক কৃতজ্ঞতা জনাই আমি, কভিডাক্ৰান্ত সমাজৰ এইসকল অন্যতম ধাৰকক অনিচ্ছাকৃত ভাৱেও যদি প্ৰসংশা কৰিবলৈ পাহৰি যাওঁ,  তেতিয়া হ’লে নিজৰ আত্মাৰ ওচৰত আমি লজ্জিত আৰু অকৃতজ্ঞ হৈ ৰ’ম|

অনিশ্চয়তাৰ সন্মুখীন ভ্ৰাম্যমান থিয়েটাৰ ।

অনিশ্চয়তাৰ সন্মুখীন ভ্ৰাম্যমান থিয়েটাৰ ।

মহামাৰী ব্যাধি ক’ৰোনাৰ সক্ৰমণ ৰোধৰ বাবে চৰকাৰে আহ্বান জনোৱা ল’ক ডাউনে দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগতে  সকলো ক্ষেত্ৰতে গুৰুতৰ প্ৰভাৱ পেলাইছে। ক’ৰোনা ভাইৰাছৰ বিৰূপ প্ৰভাৱৰ ফলত এইবাৰ ৰাজ্যত বাপতি সাহোন বহাগ বিহুৰ কোনো অনুষ্ঠান নোহোৱাত যিদৰে শিল্পী সকলৰ জীৱনলৈ ভয়ংকৰ সকংট নামি আহিছে, ঠিক তেনেকৈ ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত সহস্ৰাধিক লোকৰ জীৱনলৈ দুৰ্বিস নামি পৰিছে। এই বিশ্ব বিৰল ভ্ৰাম্যমান থিয়েটাৰৰ জৰিয়তে বহু সংখ্যক লোকৰে পৰিয়াল পোহপাল দিছে, নাট্যদল সমূহক আমন্ত্ৰণ কৰি কমিটীসমূহে নিৰ্মাণ কৰিছে বিদ্যালয়, মন্দিৰ, ক্লাৱ ইত্যাদি। উল্লেখযোগ্য যে ডিচেম্বৰ মাহটো নাট্যদলসমূহৰ বাবে ব্যৱসায়িকভাৱে অতি গুৰুত্বপূৰ্ণ মাহ কিন্তু ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ভ্ৰাম্যমান নাট্যদল সমূহে প্ৰায় ১০ দিন নাট প্ৰদৰ্শন কৰিব নোৱাৰিলে। আনহাতে এদিন নাট প্ৰদৰ্শন বন্ধ হ’লেই লক্ষাধিক টকাৰ ক্ষতি থিয়েটাৰ সমূহৰ। ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা  নাট্যদল সমূহে অকণমান গা কৰি উঠাৰ লগে লগেই মাৰ্চ মাহত ক’ৰোনাৰ প্ৰকোপে একপ্ৰকাৰ নাট্যদল সমূহৰ প্ৰদৰ্শনীয়ে বন্ধ কৰি পেলালে। আনহাতে জুন-জুলাই মাহৰ পৰা এটা নতুন নাট্যবৰ্ষৰ বাবে থিয়েটাৰৰ দলবোৰে শিল্পী, কলা-কুশলীসহ সকলোৰে চুক্তিবদ্ধ হয় আৰু অগ্ৰিম ধন দিয়ে। কিন্তু এই বৰ্ষত(২০-২১) নাট্যবৰ্ষত থিয়েটাৰ কৰিব পাৰিব নে নাই তাকে লৈ অনিশ্চিয়তাত প্ৰযোজক তথা শিল্পী সকল। থিয়েটাৰত কাম কৰি ঘৰ চলোৱা সেইসকল ব্যক্তিৰ অৱস্থা কিমান ভয়াৱহ হ’ব তাকে লৈ এতিয়া দু:চিন্তাত পাৰ কৰিছে তেওলোক। সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ভ্ৰাম্যমান থিয়েটাৰৰ সম্পাদক, অভিনেতা-অভিনেত্ৰী, নাট্যকাৰ, সংগীত পৰিচালকৰ মন্তব্য এই প্ৰতিবেদনৰ লগত সংযোগ কৰা হ’ল-

ৰাজদ্বীপ, নাট্যকাৰ-গীতিকাৰ :- কৰোনাৰ আতংকৰ বাবেই চৰকাৰৰ সিদ্ধান্ত অনুসৰি সম্পূৰ্ণ এমাহ পূৰ্বেই নাট্যযাত্ৰা বন্ধ কৰিবলগীয়া হ’ল নাট্যদল সমূহে। এনে পৰিস্থিতিত শিল্পী-কলা, কুশলী সকলে কেনে এক জটিল সন্ধিক্ষণৰ মাজেৰে সময় পাৰ কৰিছে, সেয়া ভাষাৰে বুজাব নোৱাৰি। কোনোৱে হয়তো ক’ব যে ভ্ৰাম্যমানৰ শিল্পীয়ে লাখ লাখ টকা উপাৰ্জন কৰে। কিন্তু আকাশলংঘী মাননি লাভ কৰা কেইগৰাকীমান সৌভাগ্যৱান শিল্পীৰ বাহিৰে আন আন শিল্পী সকলৰ আৰ্থিক অৱস্থা তেনেই তথৈবচ। উদ্যোগটিৰ সৈতে জড়িত হোৱাৰে পৰা এইসকল লোকক অধিক ওচৰৰ পৰা দেখিছো তেওলোকৰ জীৱন সংগ্ৰাম অধিক ওচৰৰ পৰা অনুভৱ কৰিছো।এনে অৱস্থাত আগন্তুক নাট্যবৰ্ষ বাতিল হোৱাৰ আতংকই খেদি ফুৰিছে তেওলোকক।

প্ৰসেনজিত বৰা, অভিনেতা:- বৰ্তমান যি এক পৰস্থিতিৰ উদ্ভৱ হৈছে ইয়াৰ পৰিত্ৰাণ কেতিয়া পাম সেয়া কোনেও ক’ব নোৱাৰে। তথাপি আমি বিশ্বাসী কিবা নহয়, কিবা এটা সমাধান ওলাব আৰু চৰকাৰে অন্তত এই উদ্যোগটিৰ প্ৰতি সহানুভূতি জনাব। চৰকাৰে যি নীতি-নিয়ম বান্ধি দিয়ে ঠিক তেনেকৈ নাটকীয় যাত্ৰা চলাই নিবলৈ আমি প্ৰস্তুত। লগতে মই আশাবাদী যে দৰ্শকে আমাক পুনৰায় আকোৱালি ল’ব কাৰণ ছবি এখন চিনেমা হ’লত মুক্তি নিদিলেও পিছত বিভিন্ন মাধ্যমত মুক্তি দিব পাৰে কিন্তু ভ্ৰাম্যমানশৈলী সম্পূৰ্ণ পৃথক, ইয়াক দৰ্শকে ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ আমোদ সুকীয়া।

অংকিতা শইকীয়া, অভিনেত্ৰী :- বৰ্তমান যি পৰস্থিতি হৈছে তাতকৈ প্ৰায় ৮ বছৰ পূৰ্বৰে পৰাই ভ্ৰাম্যমান ইতিমধ্যেই এটি বেয়া পৰ্য্যায়লৈ গৈ আছিলে কিন্তু এইবাৰ বেছি সংকটপূৰ্ণ অৱস্থালৈ গল কিয়নো কা ই ক্ষতি কৰিলে লগতে কৰোনাৰ বিৰূপ প্ৰভাৱে কোঙা কৰিলে থিয়েটাৰক। দেশৰ পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক নাট্যবৰ্ষটো কি হব অনিশ্চিয়তাত পাৰ কৰিবলগীয়া হৈছে। এইদৰে ভ্ৰাম্যমানৰ নিয়মীয়া নাটকীয় শিকলিডাল যদি চিঙি যায় তেন্তে বহু শিল্পী, কলা-কুশলী পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত বেলেগ কৰ্মত নিয়োজিত হ’ব তেতিয়া সেইসকল ব্যক্তি পুনৰায় ভ্ৰাম্যমানলৈ আহিব নে নাই, সেয়া সন্দেহজনক। যদি চৰকাৰে অকনমান নজৰ দিয়ে এই থলুৱা উদ্যোগটিৰ প্ৰতি লগতে পৰস্থিতিও সংকটমুক্ত হয় তেন্তে কম দিনীয়াকৈ হ’লেও ভ্ৰাম্যমান হোৱাটো প্ৰয়োজনীয় সেইসকল লোকৰ স্বাৰ্থত। মই এগৰাকী অভিনেত্ৰী হিচাপে সদায় আশাবাদী, যাতে ভ্ৰাম্যমান উদ্যোগটি জীয়াই থাকে।

হিমাংশু(মিন্টু)ডেকা, সম্পাদক(কহিনুৰ থিয়েটাৰ):– কৰোনাৰ প্ৰভাৱৰ ফলত অনিশ্চিয়তাত পাৰ কৰিবলগীয়া হৈছে ভ্ৰাম্যমানৰ কথা চিন্তা কৰি। চৰকাৰে এই থলুৱা অঘোষিত উদ্যোগটিৰ হিতাৰ্থে অকনমান হ’লেও কৃপা দৃষ্টি কৰক যাতে ইয়াৰ লগত জড়িত ব্যক্তি সকল জীয়াই থাকিব পাৰে।যদি চৰকাৰে অনুমতি দিয়ে তেন্তে আহ্বায়ক কমিটি সমূহেও কিছু এৰা-ধৰা কৰিব লাগিব মাননিৰ ক্ষেত্ৰত লগতে প্ৰযোজকেও সহযোগ কৰিব লাগিব। ইয়াৰ উপৰিও টিকটৰ বৰ্দ্ধিত মূল্য হ্ৰাস কৰিব লাগিব তেতিয়াহে দৰ্শক আহিব নাট উপভোগ কৰিবলৈ। চৰকাৰে শিল্পী সকল যি ৫০,০০০ টকাকৈ এককালীন সাহাৰ্য্য দিয়াৰ এক আঁচনি হাতত লৈছিলে সেয়া ফলপ্ৰসু হলে যথেষ্ট সকাহ হ’ব শিল্পী তথা কলা-কুশলী সকলৰ।

পৰাণ বৰকটকী(জ’জ), সংগীত পৰিচালক:– প্ৰকৃতিয়ে এই ল’ক ডাউনৰ সময়ত যিদৰে নিজকে নতুন ৰূপত পৰিস্কাৰ কৰিলে, ঠিক একেদৰে  ভ্ৰাম্যমান উদ্যোগটিয়েও নিজকে পৰিস্কাৰৰ কৰাৰ এয়া উচিত সময়। গিমিকবাজী বাদ দি পূৰ্বৰ সুতি লৈ ঘুৰি আহি এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ এয়া উপযুক্ত সময়। যদি ভ্ৰাম্যমান নহৈ তেন্তে খাটি খোৱা শিল্পী তথা কলা-কুশলীৰ অৱস্থা অতি ভয়াৱহ হ’ব সেইবাবে অনুগ্ৰহ চৰকাৰে এবাৰ চকু দিয়ক এই থলুৱা উদ্যোগটিৰ ওপৰত। সাংস্কৃতিক প্ৰতিনিধি

অসমীয়া ভাষা সাহিত‍্যৰ সংকট

হিৰুমণি শৰ্মা

অসমীয়া ভাষা অসমৰ উত্তৰ পূব প্ৰান্তৰ এটা অতি শক্তিশালী ভাষা। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি চৰকাৰীভাৱে স্বীকৃত অসমীয়া ভাষা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক সংযোগী ভাষা হিচাপেও প্ৰচলিত হৈ আছে। এক স্বকীয় ভাষা শৈলীৰে জোনাকী যুগৰ পৰা আজিৰ অৱস্থাত উপনীত হোৱা অসমীয়া ভাষাৰ ভৱিষ‍্যত বোৱতী নদীৰ দৰেই বহ্নিমান। তথাপি গোলকীকৰণৰ যুগত অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ‍্যত সম্পৰ্কে প্ৰশ্ন উথাপন নোহোৱাকৈ থকা নাই। উল্লেখযোগ‍্য কথা যে, ৰাষ্ট্ৰসংঘত ব‍্যৱহৃত চাৰিটা ভাষা (ইংৰাজী, স্পেনিছ, জাৰ্মান আৰু ফৰাচী) আৰু চীন দেশৰ ভাষা মাণ্ডাৰিণৰ বাহিৰে পৃথিৱীৰ বেছিভাগ ভাষাই পৰম সংকটৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰসংঘৰ ভাষা বিজ্ঞানীসকলৰ গৱেষণালব্ধ প্ৰতিবেদন অনুসৰি যোৱা ১৯৫০ চনৰ পৰা ২০১০ চনলৈকে ৬০টা বছৰৰ ভিতৰত ২৩০টা ভাষাৰ মৃত‍্যু ঘটিছে। ইয়াৰ প্ৰধান কাৰণ হ’ব পাৰে ভাষা কোৱা লোকৰ সংখ্যা কমি যোৱা। এক শ্ৰেণীৰ গৱেষকে মত প্ৰকাশ কৰিছে যে, ৫০ বছৰৰ পাছত ভাৰতত অকল হিন্দী আৰু তামিল ভাষা দুটাহে জীয়াই থাকিব। অসমীয়া ভাষা সম্প্ৰতি গভীৰ সংকটৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। সময়ৰ পৰিৱৰ্তন, বিশ্বায়ণৰ প্ৰত‍্যক্ষ প্ৰভাৱ, ঔদ‍্যোগিক বিকাশ আদিয়ে আমাৰ অজ্ঞাতেই ভাষাটোৰ ওপৰত পৰোক্ষভাৱে প্ৰভাৱ পেলাই। অসমীয়া ভাষাৰ ৰূপটোলৈ লক্ষ‍্য কৰিলে দেখা যায় যে উপৰোক্ত পৰিৱৰ্তনে অসমীয়া ভাষাৰ দুয়োটা ৰূপলৈ (কথিত আৰু লিখিত) ভাবুকি কঢ়িয়াই আনিছে। কেইবাটাও প্ৰধান কাৰণত অসমীয়া ভাষা-সাহিত‍্য সম্প্ৰতি গভীৰ সংকটৰ সন্মুখীন হৈছে।বৰ্তমান সময়ত অসমীয়া ভাষাৰ ব‍্যৱহাৰৰ দিশটোলৈ মন কৰিলে দেখা যায় যে, অসমীয়া ভাষা-ভাষীৰ সংখ‍্যা ডেৰ কোটি হোৱা সত্ত্বেও ব‍্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা ব‍্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা ক্ষেত্ৰতে অসমীয়া ভাষাৰ ব‍্যৱহাৰক লৈ কাৰো সদিচ্ছা নাই। সাধাৰণ এখন দৰ্খাস্ত দিবলগা হ’লেও অসমীয়াত লিখাটো লজ্জাজনক কথা হৈ পৰে। মুঠৰ ওপৰত অফিছ-কাছাৰী সকলোতে অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰা এটা অৱস্থাই গা কৰি উঠিছে। যাৰ ফলত অসমীয়া ভাষাই হেৰুৱাইছে নিজৰ আত্মমৰ্যাদা। অসমীয়া ভাষাৰ আন এক দুৰ্যোগৰ বাট কঢ়িয়াই আনিছে ইংৰাজী মাধ‍্যমৰ বিদ‍্যালয়সমূহে। শিক্ষা দানত ইংৰাজী ভাষাৰ আগ্ৰাসনে, অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা দেখা যায়। ছাত্ৰ-ছাত্ৰীৰ মাজত নিজৰ ভাষাটোৰ প্ৰতি থকা শ্ৰদ্ধাৰ অভাৱত আমি বছৰি বছৰি হাজাৰ অসমীয়া ভাষাৰ পঢ়ুৱৈ, অসমীয়া ভাষাৰ গঠনমূলক সমালোচক হিচাপে হেৰুৱাইছো। নিজৰ জাতি, সংস্কৃতি, সাহিত‍্যৰ কোনো আভাস নথকা পাঠ‍্যপুথিৰ ব‍্যৱস্থাইও ছাত্ৰ-ছাত্ৰীক মাতৃভাষানুৰাগী কৰি তুলিব পৰা নাই। অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানসমূহেও অসমীয়া ভাষাৰ শুদ্ধতা নিৰ্ণয়ৰ ক্ষেত্ৰত যিমান সচেতনতা আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নাযায়। অসমীয়া ভাষা সাহিত‍্যক বিপন্ন কৰি তোলা আন এটি মুখ‍্য কাৰণ হ’ল অসমীয়া বাক‍্যৰ মাজত ইংৰাজী আৰু হিন্দী শব্দৰ ব‍্যৱহাৰৰ বাহুল‍্যতা। ভাষা এটা বিনিময়ৰ ক্ষেত্ৰত বা বজাৰত যেনেদৰে চলি আছে সেইদৰেই শব্দসমূহক লিখিত সাহিত্যৰ মাজত ব‍্যৱহাৰ কৰাৰ ফলত অসমীয়া ভাষাৰ মাজত সংকটে দেখা দিছে। এইক্ষেত্ৰত সংবাদপত্ৰ আৰু অন‍্যান‍্য প্ৰচাৰ মাধ‍্যমকো দোষাৰোপ কৰিব পাৰি।উদাহৰণ স্বৰূপে, ‘আগতে সি ৰাতিপুৱা শুই উঠি নিউজ পেপাৰ পঢ়ে, ঈশিতাৰ লগত অলপদেৰি কথা পাতি ডিউটিলৈ যাবলৈ সাজু হয়, ডিউটিলৈ যাওতে কেণ্টিনত ব্ৰেকফাষ্ট কৰে, দুপৰীয়া ডিউটি শেষ হোৱাৰ পাছত লাঞ্চ কৰি ৰূমলৈ আহে (সাদিন ৮জানুৱাৰী, ২০১০)”। সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ মাধ‍্যমেৰেও অসমীয়া ভাষাটোলৈ সংকট নামি আহিছে। ভাষাৰ, শব্দৰ, অপপ্ৰয়োগে ভাষাটোলৈ চৰম বিপদ মাতি অনা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে অসমীয়া তাণ্ডৱ শব্দটো বাতৰিকাকত সমূহত ‘বন‍্যহস্তীৰ তাণ্ডৱ’, ‘বানপানীৰ তাণ্ডৱ’ , ‘মেলেৰিয়াৰ তাণ্ডৱ’ এনেদৰে প্ৰয়োগ কৰাৰ ফলত শব্দটোৰ প্ৰকৃত অৰ্থ লোপ পোৱা পৰিলক্ষিত হৈছে‌। নিউজ চেনেল বোৰৰ অসংলগ্ন অসমীয়া ভাষাৰ ব‍্যৱহাৰ, খাপ নোখোৱা শব্দ, ভূল উচ্চাৰণ আদিকো অসমীয়া ভাষাৰ সংকটৰ আন এক কাৰণ হিচাপে বিবেচিত কৰিব পাৰি।  যেনে অসমীয়া হলন্তৰ ব‍্যৱহাৰ। ব‍্যক্তিগত নিউজ চেনেল সমূহত সততে দেখিবলৈ পোৱা প্ৰধান সমস‍্যা হ’ল হলন্তৰ অনৰ্থক ব‍্যৱহাৰ যেনে ৰণ্ কৌশল (ৰণকৌশল), দল্ পতি(দলপতি)। এই চেনেল সমূহত ব‍্যৱহৃত ভাষাৰ বিষয়ত অনুৰাধা শৰ্মা পূজাৰীয়ে এক বিশেষ মন্তব‍্য আগবঢ়ায়ছে “অসমীয়া ভাষাৰ কথা শুনিবলৈ ভয় লগা হৈছে”।  অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠাৰ সময়ছোৱাত ৰাজনৈতিক প্ৰশাসন, অসমীয়া জনগণ আৰু বৃহত্তক অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি থকা অসম সাহিত‍্য সভাৰ কৰণীয় কি হ’ব সেয়া ভাবি চোৱাৰ সময় আহি পৰিছে। নহ’লে অসমতে অসমীয়া ভাষা এলাগী হৈ কেৱল অভিধান, ব‍্যাকৰণ আৰু কিতাপৰ মাজতেই আৱদ্ধ হৈ থাকিব।

উচ্চতম ন্যায়ালয়ৰ ৰায় : সংৰক্ষণ কোনো মৌলিক অধিকাৰ নহয় ।

দৈনন্দিন বাৰ্তা

সংৰক্ষণক লৈ তাৎপর্যপূর্ণ ৰায় দিলে দেশৰ উচ্চতম ন্যায়ালয়ে৷ এটা গোচৰৰ সন্দৰ্ভত আদালতে কয় যে সংৰক্ষণ কোনো মৌলিক অধিকাৰ নহয়৷ সেয়ে কোটাৰ সুযোগ নাপালে মৌলিক অধিকাৰ ভংগ বুলি গণ্য কৰা নহ’ব৷ তামিলনাডু চিকিৎসা মহাবিদ্যালয়ত কোটাত ভৰ্ত্তি সংক্ৰান্তীয় এটা গোচৰৰ সন্দৰ্ভত দেশৰ শীৰ্ষ আদালতে এই তাৎপর্যপূর্ণ ৰায় দিয়ে৷ তামিলনাডু চিকিৎসা মহাবিদ্যালয়বোৰত নামভৰ্ত্তিৰ বাবে আসন সংৰক্ষিত নকৰাত মৌলিক অধিকাৰ খর্ব কৰা হৈছে বুলি অভিযোগ দি উচ্চতম ন্যায়ালয়ত কেইজনমান অ’বিচি শিক্ষাৰ্থীয়ে গোচৰ তৰিছিল৷ শিক্ষাৰ্থীসকলৰ হৈ মাত মাতিছিল চিপিআই, ডিএমকে দলে৷ তেওঁলোকৰ দাবী আছিল ২০২০-২১ শিক্ষাবর্ষত তামিলনাডুৰ চিকিৎসা মহাবিদ্যালয়বোৰত অ’বিচিৰ বাবে ৫০ শতাংশ কোটা ৰখা হওক৷ গোচৰৰ পৰিপেক্ষিতত ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, কৃষ্ণ মুৰাৰি আৰু এছ ৰবীন্দ্র ভাটেৰ বিচাৰপীঠে কয়, সংৰক্ষণক মৌলিক অধিকাৰ বুলি দাবী কৰাৰ কাৰো অধিকাৰ নাই৷ সংৰক্ষণত কোনো মৌলিক অধিকাৰ নাই৷ সেয়ে এই আবেদন মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দিবলৈ অনুমতি দিয়ে আৰু উচ্চতম ন্যায়ালয়ে আবেদন প্ৰত্যাহাৰ কৰে৷

ক’ৰোনা ভাইৰাছ ৰোধত আশাৰ বতৰা জনছন এণ্ড জনছনৰ ।

পৃথিৱীৰ বহু দেশে ক’ৰোনা ভাইৰাছ ৰোধ কৰিবলৈ ঔষধৰ বাবে গৱেষণা কৰি আছে৷ এনে সময়তে মার্কিন সংস্থা জনছন এণ্ড জনছনে দিছে এক আশাৰ বতৰা৷ এই প্ৰতিষ্ঠানটোৰ পৰীক্ষাধীন ক’ভিড প্ৰতিষেধক এতিয়া মানুহৰ শৰীৰত প্ৰয়োগৰ সময় আহিছে বুলি জনাইছে৷ জুলাই মাহৰ মাজভাগত পৰীক্ষামূলকভাৱে মানৱ শৰীৰত প্রয়োগ কৰা হ’ব৷ এই ঘোষণাৰ পাছতে প্ৰতিষ্ঠানটোৰ শ্বেয়াৰৰ মূল্য তীব্ৰ গতিত বাঢ়িছে৷ ইয়াৰ মূল্য প্ৰায় ২০০ শতাংশ বৃদ্ধি পাইছে৷ মাৰ্চ মাহত মার্কিন চৰকাৰে প্ৰতিষ্ঠানটোৰ লগত এই সম্পৰ্কে এক চুক্তি কৰে৷ সেই চুক্তি মতে ২০২১ৰ মাজত ক’ভিডৰ প্রতিষেধকৰ ১০০ কোটি ডোজ তৈয়াৰ কৰা হ’ব৷ এতিয়া ১০৪৫ জনৰ ওপৰত পৰীক্ষামূলকভাৱে প্ৰতিষেধকটো প্ৰয়োগ কৰা হৈছে৷ এই সকলৰ বয়স ১৮ বছৰৰ পৰা ৫৫ বছৰ৷ তাৰ বেছি বয়সৰ মানুহৰ ওপৰতো প্ৰয়োগ কৰা হ’ব৷ ইবোলা, এইচআইভি আৰু জিকাৰ প্ৰতিষেধক যি দৰে তৈয়াৰ হৈছে সেই একে প্ৰযুক্তিৰে ক’ৰোনাৰ প্রতিষেধক তৈয়াৰ কৰা হৈছে৷

সোণতলীৰ বৰলুইতৰ খহনীয়াৰ কালৰূপ : চৰকাৰ নিদ্ৰাত ।

দৈনন্দিন বাৰ্তা

দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া ৰাজহ চক্ৰৰ অধিনস্থ সোণতলীত আজি কেবাবছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ানক দুৰ্যোগ কঢ়িয়াই আনিছে৷ আতংকৰ মাজত জীৱন-যাপন কৰিব লগা হৈছে সোণতলীৰ পানীখাইতী গৰৈমাৰী বিলৰজান গাঁৱৰ ৰাইজে৷ ইতিমধ্যে সোণতলীৰ লটুৰা দিয়া, ১ নং আৰু ২ নং জতিয়া দিয়া, বৰদিয়া নয়াপাৰা, লটুৰটাৰী আদি কৰি কুৰি খনৰো অধিক গাওঁ বৰলুইতৰ মাজত জাহ গৈছে৷ পানীখাইতী নৈ পৰীয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন স্থাপন হৈছিল যদিও চিকিৎসকে ভৰি দিয়াৰ আগতেই বৰলুইতে গ্ৰাস কৰিলে স্বাস্থ্য কেন্দ্ৰখন৷ এটাৰ পিছত এটাকৈ অনুষ্ঠান-প্ৰতিষ্ঠান জাহ যাব ধৰিছে বৰলুইতৰ মাজত৷ জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি, ঘৰ-দুৱাৰ ইত্যাদি৷ গৰাখহনীয়াত কৃষিভুমি জাহ যোৱাৰ পিছত খাদ্য সংকটত পৰি বহুতো পশুধনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে৷ কেবাবছৰ আগতে  অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ২ নং পানীখাইতী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত উপস্থিত হৈ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস দিছিল৷ তেওঁ কৈছিল যে আজিৰ পৰা দহ মিটাৰো নৈৰ পাৰৰ মাটি খহিব নিদিওঁ৷ কিন্তু মন্ত্ৰী মহোদয়ৰ কথা আজিওঁ ফেনৰ ফুটুকা হৈয়ে ৰ’ল৷ দহ মিটাৰৰ পৰিৱৰ্তে প্ৰায় ২ কিলোমিটাৰৰো অধিক ঠাই সম্পুৰ্ণ জাহ গৈছে লুইতৰ বুকুত৷  অঘৰী হিচাপে জীৱন-যাপন কৰিব লগা হৈছে গৰাখহনীয়াৰ ভুক্তভোগী সকলে৷  আনকি যিখন বিদ্যালয়ত মন্ত্ৰী মহোদয়ে গৰাখহনীয়া প্ৰতিৰোধৰ আশ্বাস দিছিল  সেইখন বিদ্যালয়ো জাহ গৈছে বৰলুইতৰ মাজত৷ উল্লেখ্য যে, পানীখাইতী পূৱ আৰু পশ্চিমফালে কিছু পৰিমাণে জিয় বেগৰ কাম কৰিছে যদিও মাজত দুই কিলোমিটাৰ ঠাই কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত আতংকৰ সৃষ্টি হৈ গৈছে৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে বৰ্তমান খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ যাৰ ফলত খহনীয়া প্ৰতিৰোধৰ বাবে পানীখাইতীৰ পূৱ আৰু পশ্চিমে চৰকাৰে কোটি কোটি টকা ব্যয় কৰা জিয় বেগৰ কোনো কামত নাহিব সেয়া নিশ্চিত বুলি ক’ব পৰা যায়৷ উল্লেখযোগ্য যে, পানীখাইতীৰ তীব্ৰ খহনীয়াৰ মাজতে বৃহস্পতিবাৰে জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী, মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, আঞ্চলিক সদস্য আমিন মইনুল হকৰ লগতে চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সভাপতি ইউনুছ আলী মোল্লাহৰ  অনুৰোধ মৰ্মে বৃহস্পতিবাৰে সহকাৰী কাৰ্যকৰী অভিযন্তা দিপাংকৰ ৰায় পানীখাইতীত উপস্থিত হয়৷ স্মৰ্তব্য যে, পানীখাইতী অঞ্চলত খহনীয়াৰ কবলত পৰা প্ৰায় দুই কিলোমিটাৰ ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎ অভিযন্তা গৰাকীয়ে কয় যে, বৰ্তমান হাতত পুজি নথকাৰ বাবে হে বাকি থকা কামখিনি কৰিব পৰা নাই৷ চৰকাৰে অনুমতি দিলে হে খহনীয়া প্ৰতিৰোধৰ কাম কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে৷ ইপিনে অতিশীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ নকৰিলে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব বৃহত্তৰ সোণতলী লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান৷ জাহ যাব সোণতলী পৰিদৰ্শন বাংলা, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সোণতলী আৰক্ষী চকীৰ লগতে বিদ্যালয়-মহাবিদ্যালয়৷ সেয়ে অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে৷

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : ব্ৰিটেইনক পিছ পেলাই চতুৰ্থ স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তা

দেশত আনলক-১ চলি থকাৰ সময়তে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই অভিলেখ গঢ়িছে৷ কালিলৈকে বিশ্বৰ পঞ্চম স্থানত থকা ভাৰতত আক্ৰান্তৰ সংখ্যাই ব্ৰিটেইনক পিছ পেলাই চতুৰ্থ স্থান দখল কৰিলে৷ বৃহস্পতিবাৰে ভাৰতে পিছ পেলালে ব্ৰিটেইনক৷ বৰ্তমানে ব্ৰিটেইনত আক্ৰান্তৰ সংখ্যা ২,৯১,৫৮৮জন৷ আনহাতে ভাৰতে দুই লাখ ৯৫ হাজাৰ অতিক্ৰম কৰিছে৷ আক্ৰান্তৰ দিশৰ প্ৰতি লক্ষ্য কৰিলে শুকুৰবাৰে তিনি লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে৷ কেৱল মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত অভিলেখ সংখ্যক লোক আক্ৰান্ত হৈছে৷ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ৩৬০৭জন লোক আক্ৰান্ত হয়৷ ফলত এইখন ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৯৭,৬৪৮ জন হ’লগৈ৷ উল্লেখযোগ্য যে বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ২,৯৭,২০৫জন। আনহাতে, কালিৰ দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ৯,৫০০জন৷ তদুপৰি মৃতকৰ সংখ্যাই প্ৰথমবাৰৰ বাবে ৩০০ অতিক্ৰম কৰে। বৰ্তমান ভাৰতৰ স্থান আমেৰিকা (২০,৭৬,৪৯৫), ব্ৰাজিল (৭,৮৭,৪৮৯) আৰু ৰাছিয়া (৫,০২,৪৩৬)ৰ পিছতে৷ শুকুৰবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰি কয় যে ভাৰতত বৃহস্পতিবাৰৰ দিনটোত এটা দিনত বৰ্তমানলৈ ৰেকৰ্ড সংখ্যক মৃত্যু ৩৫৭ আৰু সংক্ৰমণ ৯,৯৯৬ হৈছে। ইয়াৰ জৰিয়তে মুঠ মৃত্যুৰ সংখ্যা ৮,১০২ আৰু আক্ৰান্তৰ সংখ্যা ২,৮৬,৫৭৯লৈ বৃদ্ধি পাইছে।