Home Blog Page 3339

কʼভিড-১৯ আৰু শিশুৰ গৃহবন্দীত্ব ।

জ্ঞানশ্ৰী শ‌ইকীয়া

সমগ্ৰ বিশ্বতে অনিদিষ্টকাললৈ কোভিড-১৯ মহামাৰীৰ আতংক চলি আছে। বিগত মাৰ্চ মাহৰ মাজভাগৰ পৰা বৰ্তমানলৈকে মহামাৰীৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত জনজীৱনৰ যি অপূৰণীয় ক্ষতি হৈছে তাক দুনাই বহলাই কোৱাৰ প্ৰয়োজন নাই। এই ক্ষতিগ্ৰস্ততাৰ মাজত শিশুসকল শাৰীৰিক মানসিক আৰু বৌদ্ধিক দিশৰ পৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। বিদ্যালয়ৰ প্ৰত্যক্ষ পাঠদানৰ পৰা বঞ্চিত শিশুসকল কেৱল শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশৰ ফালৰ পৰাই বাধাপ্ৰাপ্ত হৈছে তেনে নহয়; তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ উপভোগৰ পৰাও বঞ্চিত হৈছে। মহানগৰীকে ধৰি সৰু বৰ চহৰত বসবাস কৰা শিশুসকলে বন্ধ কোঠাৰ ভিতৰতে সোমাই থাকি স্বাভাৱিক বাতাবৰণৰ সোৱাদ হেৰুৱাইছে। মুকলি আকাশৰ তলত খেলা-ধুলাই তেওঁলোকলৈ অনা সজীৱতাক মহামাৰীৰ বিভীষিকাই ম্লান কৰি তুলিলে। শিশুৰ কোমল মনত সদায় সজীৱ হৈ থাকে এখনি কল্পনাৰ দুনীয়া। এই কল্পনাৰ দুনীয়াখন সজাই তুলিবলৈ তেওঁলোকক লাগে প্ৰাকৃতিক ৰঙ। প্ৰকৃতিৰ পৰা আঁতৰি বন্ধ কোঠালিৰ চাৰিবেৰৰ ভিতৰত শিশুৱে উশাহ হেৰুৱায়, হেৰুৱাই জীৱনৰ মাধুৰ্যতা। ফলস্বৰূপে সেই শিশুটিৰ আচৰণত কোমলতা হেৰায়। ফুল পখিলাৰ মাজত দৌৰাদৌৰি কৰি ভাল পোৱা শিশুসকলক আজি জীৱনৰ সংকটকালত আৱদ্ধ কৰি ৰাখিছোঁ। এয়া যে সময়ৰ আহ্বান। আমি এওঁলোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। আনফালে বিদ্যালয়সমূহৰ তৰফৰ পৰাও যি অনলাইন শিক্ষাদান কাৰ্যসূচী চলি আছে, সেয়া কিমান দূৰ ফলপ্ৰসূ হʼব লক্ষণীয়। কিয়নো লকডাউনৰ সময়চোৱাত শিশুসকলৰ মোবাইলৰ প্ৰতি আসক্তি বহু পৰিমাণে বাঢ়ি যোৱা দেখা গৈছে। অনলাইন শিক্ষাদানৰ জৰিয়তে এটি শিশুৱে বহুসময় ধৰি মোবাইলৰ স্ক্ৰীণত চকু ৰাখি লিখা পঢ়া কৰা কাৰ্য‌ই শিশুৰ মনোজগতত যথেষ্ট প্ৰভাৱ পেলোৱাৰ ওপৰিও কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমাইছে। ৰঙচঙীয়া কাৰ্টুন, হৰেকৰকমৰ মোবাইল গেইমৰ সুবিধা থকা মোবাইল ফোনবোৰে যেন কাঢ়ি লৈছে তেওঁলোকৰ শৈশৱ। অৱশ্যে লকডাউনৰ সময়চোৱাত বহু শিশুৱে নিজৰ প্ৰতিভা বিকশিত কৰি তিক্ত সময়খিনিক নিজা মনোৰঞ্জনেৰে সজাই নিজেও তৃপ্ত হোৱা দেখা পাইছোঁ। গাওঁ অঞ্চলৰ শিশুসকলে অৱশ্যে বিদ্যালয়ৰ প্ৰত্যক্ষ পাঠদান ব্যৱস্থাৰ অভাৱৰ বিপৰীতে স্বাভাৱিক জীৱন অব্যাহত ৰাখিছে। এইখিনিতে ম‌ই জনা এগৰাকী শিশুৰ বিষয়ে ক‌ম। তেওঁ পঞ্চম মানৰ ছাত্ৰী। নাম সমীক্ষাৰাণী। গাঁৱৰ প্ৰাকৃতিক পৰিবেশৰ মাজত ডাঙৰ হোৱা এটি চঞ্চল পখিলা। লকডাউন যেন আৰ্শীবাদ হৈছে তাইলৈ। তাই পথাৰৰ বোকা মাটিৰ লেও লৈ সেউজীয়াৰ মাজত জীৱনৰ জীয়াৰ মন্ত্ৰ শিকিছে। লকডাউনৰ সময়চোৱাত নিজৰ অভিনয় প্ৰতিভাৰে এখনি ছুটি ছবি নিৰ্মাণৰ কামতো তাই ব্যস্ত। সমীক্ষাৰাণীৰ দৰে আন সকল শিশুৱেও যেন দমবন্ধ সময়চোৱাত নিজৰ প্ৰতিভা বিকশাই তোলক। এনেদৰে বহু শিশু আছে সমীক্ষাৰাণীৰ দৰে। যিসকলে হোমৱৰ্ক, আৰ্টস্কুল, ড্যান্সস্কুল, চুইমিং ক্লাছ আদিৰ পৰা মুক্ত হৈ নিজৰ সৃষ্টিশীল প্ৰতিভাক মুক্তভাৱে প্ৰকাশ কৰি আছে তেওঁ লোকে এই লকডাউনৰ সময়চোৱাক অভিশাপ হিচাপে নলৈ আৰ্শীবাদ বুলি যেন গ্ৰহণ কৰে।

জিলা উপায়ুক্তক স্মাৰক পত্ৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদানৰ দাবী ।

বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদানৰ দাবীত জিলা উপায়ুক্তক স্মাৰক পত্ৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।

দলগাওঁ : বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত ব্যাপক ক্ষতিসাধন হৈছে কৃষি প্ৰধান অঞ্চল দৰঙত। বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদানৰ দাবী জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (আব্দুল আজিজ)গোটৰ দৰঙ জিলা সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰিলে দৰঙ জিলা উপায়ুক্তক। স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে দৰং জিলাৰ বিভিন্ন ঠাইত প্ৰবল বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে কৃষকৰ৷ কৃষি প্ৰধান অঞ্চলৰ খেতিয়কসকলে বানত বিধ্বস্ত হৈ মানুহৰ লগতে পশুধনৰ জীৱনধাৰণত ব্যাঘাত জন্মিছে৷ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰঙ জিলা সমিতিৰ সজাতী দল এটাই বানগ্ৰস্ত এলেকা পৰিভ্ৰমণ কৰি কয় যে জিলাখনৰ বিভিন্ন ঠাইত জলমগ্ন হৈ মানুহৰ ঘৰে ঘৰে পানী সোমাই জীৱন যাপন আৰু খোৱা-বোৱাৰ যথেষ্ট অসুবিধাৰ সন্মুখিন হৈ পৰিছে৷ ইফালে বানৰ ফলত পশুধন বিলাক খাদ্যৰ অভাৱত মৃত্যুৰ লগত যুজি আছে৷ বানৰ তাণ্ডৱত কৃষিজাত শস্য আৰু মীন পালকৰ পুখুৰী পানীৰ তলত পৰি বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে৷ বানপানীৰ বাবে বিশেষকৈ গাওঁ অঞ্চলৰ মাথাউৰি, ৰাস্তাঘাট খহি যোৱাৰ ফলত মানুহৰ যাতায়তৰ অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে বানপানীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া হোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে সংগঠনৰ নেতা কৰ্মীয়ে। সেয়েহে সংখ্যালঘু সংগ্ৰাম পৰিষদ(আব্দুল আজিজৰ গোট)ৰ দৰঙৰ সভাপতি অধিবক্তা আইজুদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক মহিদুল ইছলামৰ নেতৃত্বত যোৱা দল এটাই বানাক্ৰান্ত এলেকাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, বানাক্ৰান্ত এলেকাত পশুধনৰ খাদ্যৰ লগতে পশুধন নিৰাপদে ৰখাৰ ব্যৱস্থা কৰা, বানাক্ৰান্ত এলেকাৰ পৰিৱেশ পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ বাবে ব্লিচিং পাউদাৰ, ফিনাইল আৰু ডেটলৰ লগতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা, বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষক আৰু মীন পালকৰ ক্ষতিপুৰণ দিয়াৰ ব্যৱস্থা কৰা, গৰাখহনীয়াৰ ফলত গৃহহীন হোৱা পৰিয়ালক ক্ষতিপুৰণসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আদি কেইবাটাও দাবী উত্থাপন কৰি দলগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জড়িয়তে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

ক’ৰোনাই হাথিয়াৰ : চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাসৰ নামত বাদ পৰিল ধর্মনিৰপেক্ষতা, খাদ্য সুৰক্ষা অধ্যায় ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ হৈ পৰিল৷ বাতিল হ’ল বহু পৰীক্ষা ৷ এই পৰিস্থিতিত শিক্ষাৰ্থীৰ ওপৰত চাপ কমাবৰ বাবে পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা জনালে চিবিএছইয়ে৷ ইয়াকে হাথিয়াৰ কৰি পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হ’ল ধর্মনিৰপেক্ষতা (Secularism), দেশৰ যুক্তৰাষ্ট্রীয় কাঠামো (Federalism), ভাৰতৰ খাদ্য নিৰাপত্তা (Food Security), নাগৰিকত্ব (Citizenship)ৰ দৰে গুৰুত্বপূর্ণ অধ্যায়। ইয়াকে লৈ এতিয়া পানী ঘোলা কৰিছে বিভিন্ন মহলে৷ পাঠ্যক্ৰম হ্ৰাস কৰাৰ পাছত ৰাজনৈতিক উদ্দেশ্যে নিহিত আছে বুলি চৰ্চা হৈছে৷ কিন্তু এই সকলো অভিযোগ খণ্ডন কৰিছে চিবিএছইয়ে৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে দেশৰ শিক্ষানুষ্ঠানবোৰ মাৰ্চ মাহৰ পৰা তলা লাগি আছে৷ ছাত্ৰ-ছাত্ৰীৰ কথাৰ প্ৰতি গুৰুত্ব দি চিবিএছইয়ে জনাইছিল যে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰম কিছু হ্ৰাস কৰা হ’ব৷ বুধবাৰে সেই মতেই ২০২০-২০২১ শিক্ষাবর্যৰ বাবে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ নতুন পাঠ্যক্ৰম প্ৰকাশ কৰে৷ একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পৰা সম্পূৰ্ণ বাদ দিয়া হ’ল যুক্তৰাষ্ট্রীয় কাঠামো (Federalism), নাগৰিকত্ব (Citizenship), জাতীয়তাবাদ (Nationalism) আৰু ধর্মনিৰপেক্ষতা (Secularism)। ইয়াৰ লগতে স্থানীয় প্ৰশাসন সংক্ৰান্তীয় অধ্যায়ৰ দুটা অংশ বাদ দিয়া হৈছে৷ সেয়া হ’ল ‘কেনেকুৱা স্থানীয় প্রশাসনৰ প্ৰয়োজন?’ আৰু ‘ভাৰতৰ স্থানীয় প্রশাসনৰ অগ্রগতি’৷ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পৰা বাদ দিয়া হৈছে ‘সমসাময়িক বিশ্বৰ নিৰাপত্তা’, ‘পৰিৱেশ আৰু প্রাকৃতিক সম্পদ’ আৰু ‘ভাৰতৰ সামাজিক আৰু নতুন সামাজিক আন্দোলন।’ নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে গণতান্ত্রিক অধিকাৰ (Democratic Rights) অধ্যায়টো। অর্থনীতিৰ পৰা বাদ পৰিছে একাধিক গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াৰ ভিতৰত আছে পৰিকল্পনা উন্নয়ন’ (Planned Development), ‘ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ ধাৰা সলনি’, ‘প্লেনিং কমিচন আৰু পঞ্চবার্ষিকী পৰিকল্পনা’ (Planning Commission and Five years plan), বাংলাদেশ, পাকিস্তান, শ্রীলংকা, নেপাল, ম্যানমাৰৰ দৰে প্রতিৱেশী দেশবোৰৰ সৈতে ভাৰতৰ বৈদেশিক সম্পর্কও। আনকি ‘গণতন্ত্র আৰু বৈচিত্র্য’, ‘জাতি-ধর্ম-লিংগ’ শীর্ষক অধ্যায়টোও পাঠ্যক্ৰমৰ পৰা বাদ দিছে। লগতে বাদ পৰিছে খাদ্য সুৰক্ষা (Food Security) অধ্যায়টোও। চিবিএছইৰ এই সিদ্ধান্তক লৈ দেশত বিতৰ্ক আৰম্ভ হৈছে৷ সমালোচকসকলৰ দাবী, ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাৱে পাঠ্যক্ৰম তৈয়াৰ কৰা হৈছে৷ বিজেপি তথা সংঘ পৰিয়ালৰ মতাদৰ্শ বিৰোধী অধ্যায়বোৰত কেঁচি চলোৱা হৈছে৷ এনে পৰিস্থিতিত চিবিএছইয়ে কয়, ইয়াৰ পাছত ৰাজনৈতিক উদ্দেশ্য নাই৷ ক’ৰোনা পৰিস্থিতিৰ বাবেই কেৱল ২০২০-২১ শিক্ষাবর্ষত কাৰ্যকৰী কৰা হ’ব ৷

গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্দেশৰ তাৎক্ষণিক প্ৰভাৱ ৷ অনিল নগৰৰ বোকাময় পৰিবেশ পৰিস্কাৰ কৰিলে গুৱাহাটী পৌৰনিগমে ৷

গুৱাহাটী : গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক নিৰ্দেশ মৰ্মে আজি গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিক, পৌৰনিগমৰ মুখ্য অভিযন্তা দেৱজিত দাস সহ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত অনিল নগৰৰ বোকাময় পথছোৱা পৰিস্কাৰ কৰা দেখিবলৈ পোৱা যায় ৷ যোৱা ৬ জুনত সন্ধিয়া অহা এজাক মুষলধাৰ বৰষুণে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল পানীৰে বুৰাই পেলায় ৷ প্ৰায় এঘন্টা সময় বৰষুণ দিয়াৰ ফলত অনিল নগৰ অঞ্চলত এবুকু প্ৰৰ্যান্ত পানীৰে উপচি পৰে পথচোৱা ৷ কৃত্ৰিম বানৰ ফলত কেইঘণ্টামানৰ বাবেই অঞ্চল বাসী ৰাইজে যঠেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ এই ক্ষেত্ৰত গুৱাহাটী পৌৰনিগমৰ পানীৰ পাম্পৰে কম সময়ত ভিতৰত পানী নিস্কাষণ কৰিবলৈ সক্ষম হয়৷ পথচোৱাৰ পৰা পানী নাইকিয়া হোৱাৰ পিছত বোকময় পৰিবেশৰে ভৰপুৰ হৈ থকা দেখা গৈছে৷ স্হানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আজি পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পৌৰনিগমক পথছোৱা পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ সেই মৰ্মেই  পৌৰনিগমৰ আয়ুক্ত সহ মুখ্য অভিযন্তাৰ তদাৰকত পথচোৱা পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজাৰ কৰা হয় ৷ এই ক্ষেত্ৰত স্হানীয় বাসিন্দা প্ৰশান্ত বৰ্মনে মন্ত্ৰী গৰাকীৰ তাৎক্ষণিক পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত অভিযন্তা গৰাকীৰ পদক্ষেপক আদৰণীয় বুলি অভিষিত কৰে ৷

জামুগুৰিহাটত মাইক্ৰ’ফাইনেঞ্চৰ দৌৰাত্ম্য : ঋণগ্ৰস্তক মাহিলী কিস্তি পৰিশোধ কৰিবলৈ ব্যাপক তাগিদা ৷

জামুগুৰিহাট : কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে ৰাইজক শংকিত কৰি ৰখাৰ সময়তে ৰাজ্যখনৰ চুকে কোণে একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীয়ে পুনৰাই দৌৰাত্ম্য অব্যাহত ৰখাৰ খবৰ পোৱা গৈছে৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীও৷ জানিব পৰা মতে একাংশ মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিনিধিয়ে আৰ্থিকভাৱে জুৰুলা একাংশ ঋণগ্ৰস্তক ঋণৰ মাহিলি কিস্তি পৰিশোধ কৰিবলৈ ব্যাপক তাগিদা দিয়া বুলি অভিযোগ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিধি বিধান মানি যি সময়ত জনগণ গৃহবন্দী হ’বলগীয়া হৈছে, ব্যৱসায় বাণিজ্য বন্ধ হোৱাৰ ফলত অধিকাংশ লোকে আজিও আৰ্থিক স্বচ্ছলতা ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকেও মাৰ্চ মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত ৬ মাহৰ বাবে ঋণৰ মাহিলী কিস্তি পৰিশোধ কৰাৰ পৰা ঋণ লোৱা সকলক ৰেহাই দি সাময়িক সকাহ প্ৰদান কৰিছে। তেনে সময়তে জামুগুৰিহাটৰ কেবাটাও বিত্তীয় প্ৰতিষ্ঠানে ঋণ গ্ৰহণ কৰা ব্যক্তিক ঋণ আদায়ৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উল্থাপন কৰিছে একাংশ লোকে৷ আনকি ঋণগ্ৰস্তক কটু কথা শুনাই মানসিকভাৱে কষ্ট দিয়াৰ অভিযোগো উত্থাপন হৈছে৷ মন কৰিবলগীয়া যে ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ’না কেন্দ্ৰীক লকডাউনৰ সময়চোৱাত সমস্যাজৰ্জৰ জনগণক বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ মাহিলী কিস্তি সমুহ ৬ মাহৰ বাবে পিছুৱাই দিয়াৰ ঘোষণা কৰিছিল আৰু জনগণেও কিছু সকাহ লাভ কৰিছিল যদিও জামুগুৰিহাটৰ একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বাবেই ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা সম্প্ৰতি ধোৱাচাঙত উঠা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই ঋনীৰ গৃহৰ আচবাব লৈ অহা, ঋণীক আইন আদালতৰ ভয় দেখুওৱা আদি অনেক মানসিক নিৰ্যাতনৰ বলি কৰাৰ বাবেই বিগত সময়ত ঋণীয়েও ঘৰ এৰি পলায়ন কৰা, আত্মহননৰ পথ বাচি লোৱাকে ধৰি সংঘটিত বহু ঘটনাৰাজীৰ বাবেই মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল আৰু পৰিণতিত আৰবিআইয়ে এলানি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু ইমানৰ পিছতো গা নলৰা একাংশ মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিনিধিয়ে সম্পূৰ্ণ মইমতালিৰে ঋনীক ঋণ পৰিশোধ কৰিবৰ বাবে ব্যাপক তাগিদা দিয়া খবৰে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে জামুগুৰিহাটত৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমুহৰ একাংশ প্ৰতিনিধিয়ে সঘনাই মেল মিটিং অনুষ্ঠিত কৰি সামাজিক দূৰত্বৰ চৰকাৰী নিয়মকো অংগুষ্ঠ প্ৰদৰ্শন কৰা বুলিও গুৰুতৰ অভিযোগ উল্থাপন কৰে ৰাইজে৷ শীঘ্ৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমুহৰ এনে মইমতালি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে জনসাধাৰণে ৷

আগন্তুক শিক্ষাবৰ্ষত ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস চিবিএছইৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

অহা ২০২০–২১ বৰ্ষৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ৩০ শতাংশ কমাইছে চিবিএছইয়ে ৷ মঙলবাৰে এই কথা ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হয় ৷ মহামাৰীৰ ফলত এই বছৰ পাঠ্যক্ৰমত হেঙাৰ সৃষ্টি হৈছে ৷ সেয়া পুৰণৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকই কয় যে দেশ আৰু বিশ্বৰ অস্বাভাৱিক পৰিস্থিতিৰ বাবে চিবিএছইক পাঠ্যক্ৰম পুনৰ বিবেচনা কৰিবলৈ কোৱা হৈছিল ৷ যাতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজা কমে ৷ ইপিনে চিবিএছইয়ে জনায় যে পঢ়াশুনাৰ মাত্ৰাৰ গুৰুত্ব বুজি পাঠ্যক্ৰম কমোৱা হৈছে ৷ এই পাঠ্যক্ৰমত বিকল্প শিক্ষা কেলেণ্ডাৰ আৰু এনচিইআৰটিৰ কিছু বিষয় থাকিব পাৰে ৷ মন্ত্ৰীজনে লগতে জনায় যে দেশৰ ১৫০০ জন শিক্ষাবিদৰ পৰামৰ্শ আৰু আবেদন পোৱা গৈছিল ৷ যাতে এই বছৰৰ পৰিস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ অৰ্থে আগন্তুক শিক্ষা বৰ্ষৰ পাঠ্যক্ৰম কমোৱা হয় ৷ আনকি দিল্লীৰ উপ মুখ্যমন্ত্রী মণীছ শিছোদিয়াই যোৱা এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰীক ৩০ শতাংশ পাঠ্যক্ৰম কমাবলৈ আবেদন কৰিছিল ৷ সকলো বিবেচনা কৰি চিবিএছইক এই পৰামৰ্শ দিয়ে৷ যাৰ ফলত এই সিদ্ধান্ত লয় চিবিএছই ব’ৰ্ডে ৷

ভাৰত-চীন সীমান্তত ৩ খন দলং নিৰ্মাণ সীমান্ত পথ সংগঠনৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিৰ্মাণ কৰি থকা প্ৰকল্পবোৰৰ বিষয়ে সীমান্ত পথ সংগঠনৰ মুখ্য লেফটেনেণ্ট জেনেৰেল হৰপাল সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰে ৷ তদুপলক্ষে দক্ষিণ ব্লকত মঙলবাৰে এখন সভা অনুষ্ঠিত হয় বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে ৷ লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙে মন্ত্ৰী ৰাজনাথ সিঙক নিৰ্মাণ হৈ থকা পথবোৰৰ বিষয়ে চমুকৈ অৱগত কৰে ৷ এই প্ৰকল্পবোৰ চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণ ৰেখাত চলি আছে ৷ সীমান্ত পথ সংগঠনৰ মুখ্য লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙে আশ্বস্ত দিয়ে যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু নিয়ন্ত্ৰণ ৰেখাত চলি থকা প্ৰকল্পবোৰ যথা সদয়ত সম্পন্ন কৰিব ৷ তেওঁ লগতে কয় যে প্ৰতিৰক্ষা, গৃহ আৰু পৰিবহণ বিভাগসহ সকলো বিভাগে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে বুলি তেওঁ জনায় ৷ উল্লেখ্য যে সীমান্ত পথ সংগঠনে তিনিখন নতুন দলং নিমুৰ ওচৰত নিৰ্মাণ কৰি আছে ৷ ইয়াত ভাৰতীয় সেনাই টেংক আৰু বন্দুকসহ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পূৱ লাডাখত ভ্ৰমণ কৰি সহায় কৰিছে ৷ এই বেইলি দলংবোৰ আগতে ২৪ টনৰ যানবাহন গৈছিল ৷ এতিয়া নতুনকৈ ৭০ টনৰ কৰা হৈছে ৷ তিনি মাহৰ ভিতৰত এই কাম সম্পন্ন হয় ৷ দ্বিতীয়খন দলং নিমুৰ ওচৰৰ বাছগ’ত পুনৰ নিৰ্মাণ কৰা হৈছে ৷ গধুৰ যানবাহনৰ চলাচল কৰিব পৰা এই দলংখন সোনকালে পুনৰ নিৰ্মাণ কৰা হ’ব ৷ তৃতীয়খন দলং উলে ট’প’ত নিৰ্মাণ কৰা হৈছে ৷

হোজাই জিলা পৰিষদৰ সন্মুখত ধৰ্ণা দিব শিলাদিত্য দেৱে।

লংকা : এইবাৰ পুনৰ সৰৱ হৈছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । গুৱাহাটী সেই বিশেষ ৰাজ‌্যিক নেতা গৰাকীৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিলে বিধায়ক শিলাদিত্যা দেৱে । এইবাৰ যদি নেতা গৰাকীয়ে ওলটা পোল্টা কৰি তেন্তে ৰাজপথলৈ ওলাই আহি ধৰ্নাত বহাৰ কথা ঘোষণা কৰে শিলাদিত্য দেৱে। মংগলবাৰে লংকাৰ জোৰাপুখুৰীৰ নিজা বাসগৃহত সংবাদ মেল অনুষ্ঠিত কৰি এইদৰে সোচ্ছাৰ হৈ পৰিল হোজাই সমষ্টিৰ বিধায়ক জন । পূৰ্বে এক সংবাদ মেলত গুৱাহাটীৰ কান্ধত বেগ লৈ ফুৰা বিজেপিৰ এগৰাকী নেতাৰ বিৰুদ্ধে মুখা খুলি দিয়াৰ হুংকাৰ দিয়াৰ পাছত আজি পুনৰ সংবাদমেলত হোজাই জিলা পৰিষদৰ দূৰ্নীতিবিৰোধী বিৰুদ্ধে মাত মাতিবলৈ গৈ নাম প্ৰকাশ নকৰিও সেই বিশেষ নেতা গৰাকীয়ে বিৰুদ্ধে গৰজি উঠিল প্ৰায়ে,বিতৰ্কিত মন্তব্যৰে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে। হোজাই জিলা পৰিষদখনৰ সভাপতি পদত বিজেপি আৰু উপ সভাপতি পদত কংগ্ৰেছ দলৰ সদস্যই অধিস্ঠিত থকাকলৈ অসন্তোষ্ট হৈ আছিল শিলাদিত্য দেৱ । পূৰ্বে হোজাই জিলা বিজেপিৰ পূৰ্বৰ সভাপতিজনে গুৱাহাটীৰ সেই বিশেষ নেতা জনৰ জৰিয়তে শিলাদিত্য দেৱক একো নজনোৱাকৈ হোজাই জিলা পৰিষদ খন গঠন কৰিছিল । কিন্তু শেহতীয়াকৈ জিলা বিজেপি পদৰ পৰা অৰ্জুন মজুমদাৰ আতৰি যোৱাত শিলাদিত্য দেৱে নিজৰ মানুহক উপ সভাপতি পদত বহোৱাবলৈ উঠি পৰি লাগি অনাস্হা আনিবলৈ বাধ্য কৰোৱাই নিজৰ দলৰে সভানেত্ৰী ৰমাবালা দেৱীয়ে চলাই থকা হোজাই জিলা পৰিষদৰ বিৰুদ্ধে অভিযোগ আনিলে ৰেণ্ডম দূৰ্নীতিবিৰোধী সংঘটিত হোৱাৰ ।এইবাৰ সভানেত্ৰীৰ লগতে বৰ্তমান কংগ্ৰেছৰ সদস্য থকা উপ সভাপতি পদ বিজেপিৰ দখললৈ অনাৰ লক্ষ্য লোৱা শিলাদিত্য দেৱৰ অংকত সফল হ’বলৈ হলে কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ সদস্যৰে সৰ্মথন ল’ব লাগিব ।জিলা পৰিষদ খনত উপ-সভাপতি পদত কংগ্ৰেছৰ দলৰ নূৰ আহমেদ থকাত আপত্তি থকা শিলাদিত্যৰ । কিন্তু কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ সমৰ্থনত উপ-সভাপতি পদত বিজেপিৰ সদস্যক অধিষ্ঠিত কৰোৱাত আপত্তি নাই ।কিয়নো ১২খন আসনবিশিষ্ট হোজাই জিলা পৰিষদত বিজেপিৰ ৬গৰাকী ,কংগ্ৰেছৰ ৫ গৰাকী আৰু এই আই ইউ ডিএফ দলৰ ১ জন সদস্য আছে । সেয়েহে অহা ১৪ জুলাইত অনাস্থা সভা অনুষ্ঠিত হবে আৰু তাতেই সিন্ধান্ত হব কংগ্ৰেছী উপ সভাপতি পৰিষদত থাকিব নে নাই? আগন্তক দিনত যদি বিজেপিয়ে পৰিষদ গঠন কৰিব পাৰে তেনেহলে গঠন কৰিব আৰু যদি নোৱাৰে কংগ্ৰেছকে পৰিষদ গঠন কৰিবলৈ এৰি দিয়া হব বুলি মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে। প্ৰথম জিলা পৰিষদ গঠন কৰা সময়তো শিলাদিত্য আৰু লামডিংৰ বিধায়ক শিবু মিশ্ৰৰ লগত আলোচনা কৰা নাছিল বুলি মন্তব্য প্ৰকাশ কৰে।

জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে গঞা ৰাইজক : ফুচকৰামুখত পকী দলং নিৰ্মাণৰ দাবী মন্ত্ৰী নৱ দলেক । অন্যথা অহা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ।

ঢকুৱাখনা : দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছততো ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ বাটচ’ৰা শিৱ মন্দিৰ তিনিআলিৰ পৰা মৰনৈ পমুৱা তিনিআলি সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ ফুচকৰামুখত ন’হল চামপৰা নদী আৰু বলাহী জানৰ ওপৰত এখনো দলং।খৰালি পানী শুকাই যোৱাত নদীৰ বুকুৰ বালিচৰেদি মৰনৈ,সোৱণশিৰি আৰু বিলমুখ তিনিখনৰ পঞ্চায়তক সংযোগ কৰা পথটোৰে অগনন লোক যাতায়ত কৰে যদিও বাৰিষা যাতায়ত বন্ধ হৈ পৰে।ফলত টুলুঙা নাৱেৰে বিপদসংকুলভাবে ৰাইজে যাতায়াত কৰিব লগীয়া হয়।কোনোবছৰ ৰাইজে,কোনো বছৰ পঞ্চায়তে,আৰু কোনো বছৰ স্থানীয় বিধায়কে অস্থায়ী বাঁহৰ দলং দিয়াৰ ব্যৱস্থা কৰে যদিও বাৰিষাতে আকৌ মেৰামতি কৰিব লগা হয় বাঁহৰ দলং।কিয়নো এই পথটোত যাতায়তৰ বাবে ভিৰ বেছি হয় ৩ খন পঞ্চায়তক সংযোগ ঘটোৱা চমু পথ হোৱা হেতুকে।কেতিয়াবা এই বাঁহৰ দলং ভাগি বাইচাইকেল,মটৰ চাইকেলসহ বহু পথচাৰী পানীত পৰাৰো উদাহৰণ আছে।উল্লেখ্য যে ফুচকৰামুখ-কৰঙা সংযোগী চামপৰা নৈৰ ওপৰত আৰু নাগপুৰ আৰু কৰঙা সংযোগী পথৰ বলাহী জানৰ ওপৰত থকা দুইখন বাঁহৰ জৰাজীৰ্ণ দলঙেই যাতায়তৰ বাবে অতি গুৰুত্বপূৰ্ণ।কিন্তু পূৰ্বৰ ঢকুৱাখনাৰ বিধায়ক ভৰত নৰহৰ কাৰ্যাকলত এই দুখন দলং নিৰ্মাণৰ নামত নিম্ন মানৰ কামেৰে পূঁজিৰ লুণ্ঠন চলাত।দুখনকৈ পকী দলং চামপৰাৰ বাননতে খহি পৰিল। তাৰ পিছৰ পৰা আৰু আজিকোপতি নিৰ্মাণ নহ’ল পুনৰ দলং দুখন।ফলত বছৰ বছৰ ধৰি এতিয়াও দুৰ্ভোগ ভোগিব লগীয়া হৈছে ফুচকৰামুখতে থকা দুখনকৈ বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ লগতে ওচৰৰ কেইবাখনো গাঁৱৰ বিভিন্ন ৰোগী আৰু সাধাৰণ ৰাইজে। শাসনাধিষ্ঠ বিজেপি চৰকাৰেও যোৱা ৪ টা বছৰে গ্ৰহণ নকৰিলে দুয়োখন দলং নিৰ্মাণৰ আঁচনি।স্থানীয় ৰাইজে সাংসদ তথা বিধায়কক দলং দুখন নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও আজিলৈকে কোনো কামত অহা নাই।সেয়েহে অহা ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনৰ আগতেই দলংদুখন নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেক পুনৰবাৰ দাবী জনাইছে স্থানীয় ৰাইজে। অন্যথা নাগপুৰ,ফচকৰামুখৰ ৰাইজে নিৰ্বাচনত ভোট বৰ্জনোৰো হুংকাৰ দিছে।

ৰেঙনি চেনেলৰ বেগমজান চিৰিয়েলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। গনেশৰ মূৰ্ত্তি আৰু ব্ৰাহ্মিণ ছোৱালীৰ মুছলমানৰ সৈতে বিবাহক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।

মঙ্গলদৈ : অসমৰ মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত যোৱা কালিৰে পৰা প্ৰচাৰিত বেগমজান নামৰ নামৰ চিৰিয়েল খনক লৈ লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ হিন্দু ধৰ্মৰ উপাশ্য দেৱতা গনেশক অপমান কৰা বুলি চিৰিয়েল খন বন্ধ কৰাৰ দাবী জনাইছে। তাৰোপৰি এগৰাকী ব্ৰাহ্মিণ ছোৱালীক মুছলমানলৈ বিয়া দিয়াৰ দৃশ্যই সমগ্র ব্ৰাহ্মিণ সমাজক অপমান কৰা বুলি সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে অভিযোগ কৰিছে। এই সম্পৰ্কে যুৱ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিপজ্যোতি শৰ্মা আৰু সম্পাদক বিতোপন শৰ্মা আৰু সহকাৰী সম্পাদক ধিমান জোতি কৌশিকে সনাতন হিন্দু ধৰ্মৰ আৱেগ অনুভূতিত আঘাট হানিছে বুলি মন্তব্য কৰিছে। চিৰিয়েল খনৰ বিভিন্ন দৃশ্যৰ আলম লৈ ধাৰাবাহিক খনে সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে বুলি অভিযোগ কৰিছে। শেহতীয়া ভাৱে ৰাজ্যখনত দেখা দিয়া লাভ জেহাদৰ পৰিনতিত বহু প্ৰতিভাধৰ যুৱতী, মহিলাৰ জীৱন ধবংস হোৱাৰ সময়তে এই চিৰিয়েল খনে লাভ জেহাদক উদগনি যোগোৱা বুলি অভিযোগ কৰিছে। অসম ব্ৰাহ্মণ যুৱ পৰিষদে বেগমজান নামৰ চিৰিয়েল খন শীঘ্ৰে বন্ধ কৰি প্ৰযোজক পৰিচালকক ক্ষমা খুজিবলৈ দাবী জনাইছে। আনহাতে দৰং জিলা বজৰং দলে বেগমজান নামৰ চিৰিয়েল খনৰ বিৰুদ্ধে আৰু প্ৰযোজক পৰিচালকৰ বিৰুদ্ধে ছিপাঝাৰ থানাত আজি গোচৰ ৰুজু কৰিছে।