টিংখাং
ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ তিনিজন লোক কৰু’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে টিংখাঙৰ বাঘমৰা গাঁৱৰ দুলেন কোঁচ(২৬)আৰু কেন্দুগুৰি নাহৰপাৰা বৰবিল গাঁৱৰ ক্ষিৰোদ বকলিয়াল(২০)।কৰু’ণা পজিটিভ বুলি চিনাক্ত হোৱা দুয়োজন যুৱক তামিলনাডুত কৰ্মৰত আছিল।দুয়োজন যুৱক ২২ মে’ত ৰেল যোগে ডিব্ৰুগড়লৈ অহাৰ পাছত চহৰখনৰ দুখন হোটেলত পৃথকে পৃথকে কোৱাৰেণ্টাইন কৰা হৈছিল।ইতিমধ্যে দুয়োজনকে ডিব্ৰুগড়ত থকা আইচলেচন ৱাৰ্ডলৈ প্ৰেৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে দুয়োজন কৰু’ণা আক্ৰান্ত ৰোগীৰে স্বাস্থ্য সুস্থিৰ।এই যুৱকদ্বয়ৰ লগতে জিলাখনৰে নামৰূপৰ ধৰ্মেন্দ্ৰ শইকীয়া (২৫)নামৰ এজন যুৱকৰ দেহতো কৰু’ণা পজিটিভ পোৱা বুলি জানিব পৰা গৈছে।ইপিনে টিংখাঙৰ দুজনকৈ যুৱকৰ দেহত কৰু’ণা পজিটিভ বুলি চিনাক্ত হোৱাৰ খৱৰে বৃহত্তৰ অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। টিংখাঙৰ শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন শিৱিৰত বহিঃৰাজ্য ফেৰৎ ১৩ জনলোকক কোৱাৰেণ্টাইন কৰা হৈছে।ইয়াৰে তিনিজন যুৱক দিল্লীৰ নিজামুদ্দিন ফেৰৎ বুলি জানিব পৰা গৈছে।কোৱাৰেণ্টাইনত থকা লোকসকলৰ নিয়মীয়াভাৱে স্বাস্থ্য পৰীক্ষা কৰা হৈছে।তদুপৰি অঞ্চলটোৰ অৰ্ধশতাধিক লোকক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে।এই সকলৰ ভিতৰত গৰিষ্ঠ সংখ্যকেই বহিঃৰাজ্য ফেৰৎ বুলি জানিব পৰা গৈছে।









