Home Blog Page 3375

বৰুৱাঝাৰ সমবায় সমিতিৰ তেল চুৰি কাণ্ডৰ ন ন তথ্য উন্মোচণ : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

খাৰুপেটীয়া

সমগ্ৰ ৰাজ্যজুৰি লকডাউন, সান্ধ্য আইন চলি থকাৰ সময়তেই দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনত দুলিয়াপাৰা  গাঁৱত যোৱা ৩ মে নিশা প্ৰায় ১০.৩০ বজাত এএছ ১৩ এল ৪৩৮৭ নম্বৰৰ মটৰ চাইকেলেৰ দুজন লোকে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত স্থানীয় গাঁওৰক্ষী বাহিনীৰ টহলদাৰী দল এটাই আগভেটি দি মটৰ চাইকেল খন ৰখায় যদিও মটৰ চাইকেলখনত অবৈধভাৱে ৪০ লিটাৰ কেৰাচিনসহ কুঁৱৰী পুখুৰী গাঁৱৰ ৰফিকুল ইছলামৰ লগতে মোল্লা পাৰা গাঁৱৰ ফৰিদুল হক নামৰ  যুৱক দুজনক কৰায়ত্ত কৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি ছাবান আলীৰ ঘৰত বহিবলৈ  দিয়ে৷ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আলিমুদ্দিনে বিষয়টো স্থানীয় সাংবাদিক শ্বেখ আব্দুল্লাহক অৱগত কৰাত সাংবাদিকগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ হাতত চমজাই দিবলৈ গাঁওৰক্ষী বাহিনীৰ কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে।পিছত গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অকন শৰ্মাক খবৰ দিয়ে৷ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ খবৰৰ ভিত্তিত দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই আৰক্ষী দল এটাৰ সহযোগত ছাবান আলীৰ ঘৰৰ পৰা মটৰ চাইকেলসহ চোৰাং ব্যৱসায়ী ক্ৰমে ৰফিকুল ফৰিদুল হকক আৰক্ষীয়ে থানালৈ লৈ যায়। পিছদিনা তদন্তকাৰী আৰক্ষী বিষয়াই সোধপোছ কৰাত অবৈধ ৪০ লিটাৰ কেৰাচিন তেল  দুলিয়া পাৰা গাঁৱৰ সুলভ মুল্যৰ দোকানী হানিফ আলীৰ পৰা ক্ৰয় কৰিছে স্বয়ং চোৰাং ব্যৱসায়ী দুজনে আৰক্ষী বিষয়াৰ আগত স্বীকাৰোক্তি দিয়াৰ পিছত আৰক্ষীয়ে সুলভ মুল্যৰ দোকানী হানিফ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চোৰাং ব্যৱসায়ী দুয়োজনসহ ৩ জনকো জে’ললৈ প্ৰেৰণ কৰে যদিও উক্ত দিনাখনতেই আদালতৰ পৰা জামিন লাভ চোৰাং ব্যৱসায়ী কেইজনে৷ পিছদিনা সুলভ মুল্যৰ দোকানী হানিফ আলীয়ে পৰিকল্পিতভাৱে চোৰাং ব্যৱসায়ীৰ সৈতে লগ লাগি আৰক্ষী-সংবাদ মাধ্যমৰ কৰ্মী আগত দিয়া ভাষ্যটোৰ মতে বাতৰি কৰিলে কিন্তু জে’লৰ পৰা জামিন লাভ কৰিয়েই সেই একেই কেইজন সংবাদ কৰ্মীৰ আগত   সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰি গাঁওৰক্ষী বাহিনীৰ দলটোক যি সকল সচেতন ৰাইজে সহায় সহযোগিতা আগবঢ়াই চোৰাং ব্যৱসায়ীক আৰক্ষীৰ হাতত চমজাই দিলে সেই সকল লোক ক্ৰমে প্ৰাক্তন ৱাৰ্ড মেম্বাৰ ছফৰ আলী, সমাজৰ সচেতন হবিবৰ ৰহমান, মনো আলী, আমিৰ উদ্দিন, গাঁওৰক্ষী বাহিনীৰ সভাপতি ছাবান আলী, ছাইফুল ইছলাম আদি ব্যক্তিৰ বিৰুদ্ধে চোৰাং ব্যৱসায়ীদ্বয়ে ভাষ্য সলনি কৰি কয় যে হানিফ আলীৰ পৰা এইসকল লোকে টকা ঘটাৰ কৌশল কৰি চোৰাং ব্যৱসায়ীক হেঁচা প্ৰয়োগ কৰা বুলি ভিত্তিহীন মন্তব্য দি হানিফ আলীক বচাবলৈ আপ্ৰান চেষ্টা চলাইছে বৃহৎ তেল চোৰৰ চক্ৰটোৱে চোৰাংব্যৱসায়ী দুজনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি গাঁওৰক্ষী বাহিনীক সহায় সহযোগ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। ভাষ্য সলনি কৰি চোৰাং ব্যৱসায়ীসকলে মফিদুল ইছলামৰ যুৱক এজনৰ পৰা ক্ৰয় কৰা বুলি পুনৰ  বিস্ফোৰক মন্তব্য দিয়াত এটা ৱেব পৰ্টেল চেনেলত বাতৰি পৰিৱেশন কৰি  অঞ্চলটোত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জামিন লাভ কৰিয়েই চোৰাং ব্যৱসায়ীৰ ভাষ্য সলনি সংবাদ মাধ্যমৰ বাৰ বাৰ ভাষ্য সলনি কৰাত পুনৰ মফিদুল ইছলামৰ নাম সাঙুৰিছে৷ এতিয়া প্ৰশ্ন হয় এই তেল চুৰিকাণ্ডৰ লগত মফিদুলৰ নাম কিয় চৰ্চা হৈছে৷ চোৰাং ব্যৱসায়ী দুজন ক্ৰমে ফৰিদুল আৰু ৰফিকুলে যেতিয়া গাঁওৰক্ষী বাহিনী, আৰক্ষী, সংবাদ কৰ্মীৰ আগত স্বীকাৰুক্তি দিয়াত সুলভ মূল্যৰ দোকানী হানিফ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল তেতিয়াই হানিফ আলীৰ অনুজ্ঞাপত্ৰ  বচাবলৈ উঠিপৰি লাগিছে সুলভ মূল্যৰ দোকানীৰ লগতে সমবায়ৰ একাংশ ৰথী-মহাৰথীৰ৷ মফিদুলৰ পৰা যদি চোৰাং ব্যৱসায়ীয়ে ক্ৰয় কৰিছে তেন্তে মফিদুলৰ কেৰাচিন বিক্ৰী কৰাৰ বৈধ নথি পত্ৰ আছে নে বুলি প্ৰশ্ন তুলিছে সচেতন মহলে৷ সমগ্ৰ বিষয়টিৰ ওপৰত আৰক্ষী প্ৰশাসনৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে তেল চুৰি কাণ্ডৰ বহু ৰথী-মহাৰথী ওলাব বুলি ৰাইজে দাবী উত্থাপন কৰিছে৷

ৰাজ্যৰ পশুপালন বিভাগৰ ফোপুলাস্বৰূপ : বিষয়া কৰ্মচাৰী অভাৱে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ পশুপালকলৈ

টীয়ক

 সমগ্ৰ বিশ্ব, দেশ জাতি আজি ক’ৰোনাতংকৰ  ত্ৰাস্তমান হৈ থকাৰ সময়তে ৰাজ্যৰ পশুকুলৰ মাজত সন্তপৰ্ণে আহি প্ৰবেশ কৰিলেহি  “ছোৱাইন ফিভাৰৰ” দৰে মাৰাত্মক ৰোগ৷ উজনি অসমত গাহৰিৰ অস্বাভাৱিক মৃত্যু সেই মৃত্যুক লৈ, এই মাৰাত্মক ৰোগবিধক লৈ আতংকিত গাহৰিৰ পালকসকলক৷ কিন্তু প্ৰশ্ন হ’ল এই  ৰোগৰ লগত যুঁজ দিবলৈ কিমান সস্তম ৰাজ্যৰ পশুপালন বিভাগ এই লৈ উত্থাপিত হৈছে এক জটিল প্ৰশ্ন। পশুকুলৰ এনে অস্বাভাবিক ৰোগৰ লগত যেন পশুপালন বিভাগে যুঁজিব পৰা নাই সক্ৰিয়তাৰে৷ এই ক্ষেত্ৰত পোহৰলৈ আহিছে এক ভয়াবহ তথ্য, পৰ্যাপ্ত বিষয়া-কৰ্মচাৰীৰ অভাৱেই যেন বহু ক্ষেত্ৰত হেঙাৰ হৈছে পশুকুলৰ এই মাৰত্মক ৰোগৰ বিৰুদ্ধে সংগ্ৰাম৷ উল্লেখযোগ্য যে যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা,ৰজাবাৰী আৰু বলমাত তিনিখন ৰাজ্যিক পশু চিকিৎসালয় আৰু তিনিটা উপ কেন্দ্ৰ আছে যদিও এই সমূহত নাই প্ৰয়োজনীয় বিষয়া, ক্ষেত্ৰ সহায়ক। সমষ্টিটোত এগৰাকী খণ্ড পশু চিকিৎসা বিষয়া, তিনিগৰাকী পশু চিকিৎসক থকাৰ বিপৰীতে প্ৰায় দুই শতাধিক গাঁও থকা টীয়কত বিভাটোত কৰ্মৰত ক্ষেত্ৰ সহায়ক মাত্ৰ পাঁচ জন আছে। বিভাগটোত কৰ্মৰত কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত আজি পৰ্যন্ত কোনো নিযুক্তি প্ৰদান নকৰাত বিভাগটোত এনেদৰে কৰ্মচাৰীৰ অভাৱৰ বাবে পশুপালক সকল বহু সময়ত বিপদৰ সন্মুখীন হৈছে৷

মদাহীৰ কান্ধত দেশৰ ৰাজভঁৰাল টনকিয়ালৰ দায়িত্ব ! দিল্লী-অন্ধ্ৰৰ পিছত অসমত বাঢ়িল ২৫% আবকাৰী শুল্ক

গুৱাহাটী

 আজব দেশৰ কথা অমৃত সমান। মদাহীয়ে টনকিয়াল কৰিব ভাৰতৰ ৰাজভঁৰাল। সেয়েহ’লগৈ সুৰাই একমাত্ৰ ভৰসা। সুৰাৰ ধনেৰে চলিছে দেশ উদ্ধাৰৰ পৰিকল্পনা। বাটে পথে গেলা মদাহী বুলি তিৰস্কাৰৰ বলি হোৱা সকলে এতিয়া দেশ উদ্ধাৰৰ গধুৰ বোজা কান্ধ পাতি ল’ব লগা হৈছে নিজৰ অজ্ঞাতে। যি সময়ত বাঘা বাঘা নেতা, অৰ্থনীতিবিদ, জ্ঞানী, পণ্ডিত, বিশেষজ্ঞ আদি ব্যৰ্থ হৈছে দেশৰ বিত্তীয় সুস্থিৰতা অটুত ৰাখিবলৈ, সেইসময়ত গেলা মদাহীয়ে গঞ্জনা মূৰ পাতিও দেশৰ ৰাজকোষ টনকিয়াল কৰিছে। ফলত চৰকাৰে অভিলেখ পৰিমানে শুল্ক বৃদ্ধি কৰিছে সুৰাৰ ওপৰত। লগে লগে ৰাজকোষলৈ বৈছে ৰাজহৰ সোঁত। অসমতো দৈনিক ২৫ -৩০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। ফলত মাহে অতিৰিক্ত এহাজাৰ কোটি সংগ্ৰহৰ বাবে ২৫ শতাংশ আবকাৰী শুল্ক বৃদ্ধি কৰিছে এম আৰ পিৰ ওপৰত।একে নিৰিখ বাঢ়িছে মেঘালয় আৰু অৰুণাচলত।ছত্তিশগড়ত মদাহীক ‘হোম ডেলিভাৰী’ কৰিছে মদ।অন্ধ্ৰ প্ৰদেশত ৭৫ শতাংশ, কৰ্ণাটক আৰু তামিলনাডুত ১৭ শতাংশ, দিল্লীত ৭০ শতাংশ, পশ্চিমবংগত ৩০ শতাংশ, ৰাজস্থানত ৪০ শতাংশ, উত্তৰ প্ৰদেশত বটলেপ্ৰতি ৰেগুলাৰ ব্ৰেণ্ডত দহ টকা আৰু প্ৰিমিয়াম ব্ৰেণ্ডত ৫০ টকা, হাৰিয়ানাত বটলেপ্ৰতি ৫০ টকা দাম বৃদ্ধি কৰিছে। ব্যতিক্ৰম কেৱল উৰিষ্যা আৰু পাঞ্জাব। এই দুখন ৰাজ্যত আগৰ দামতে বিক্ৰী কৰিছে মদ। সকলো ৰাজ্যতে জিএছটিৰ পিছত দ্বিতীয় বা তৃতীয় বৃহৎ ৰাজহ সংগ্ৰহৰ উৎস হ’ল আৱকাৰী শুল্ক। প্ৰতি মাহে গড়ে ১৫,০০০-২০,০০০ কোটি টকা অহৰণ হয় মদাহীৰ পেটত সোমোৱা দেশী-বিদেশী মদৰ শুল্ক হিচাপে।সেয়ে সুৰা বিনে গতি নাই বিয়াগোম চৰকাৰৰ।

কাৰ্বি আংলঙৰ চৌকিহোলাত ছোৱাইন ফিভাৰ সম্পৰ্কীয় সজাগতা সভা পশু ধন আৰু পশুপালন বিভাগৰ

দেওপানী

বিশ্বজুৰি ক’ভিড-১৯ৰ সংক্ৰমণৰ তীব্ৰ হৈ থকাৰ সময়তে উজনি অসমৰ কেইবাখনো জিলাত হোৱা ছোৱাইন ফিভাৰে চিন্তিত কৰিছে গাহৰি পালকক৷ ছোৱাইন ফিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে  কাৰ্বি আংলং জিলাৰ নিলিপ সমষ্টিৰ চৌকিহোলাত ছোৱাইন ফিভাৰ প্ৰতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়৷ কাৰ্বি আংলং জিলা পশু ধন আৰু পশুপালন বিভাগৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পশুধন আৰু পশুপালন দপ্তৰৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম উপস্থিত থাকি ছোৱাইন ফিভাৰ প্ৰতিৰোধ সম্পৰ্কে উপস্থিত ৰাইজক পৰামৰ্শ আগবঢ়ায়৷ সভাত নিলিপ সমষ্টিৰ জনপ্ৰতিনিধি পবিত্ৰ ৰংপিও উপস্থিত থাকে। সজাগতা সভাত পশুধন আৰু পশুপালন বিভাগৰ জিলা বিষয়াৰ প্ৰমুখ্যে কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷ শনিবাৰে চৌকিহোলাৰ লগতে কেইবা ঠাইতো ছোৱাইন ফিভাৰ প্ৰতিৰোধ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে। অন্যহাতে কাৰ্বি আংলং জিলাত এনে ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰিছে গাহৰি পালকসকলে।

ধনেশ, তেলিয়া সাৰেঙৰ মুক্ত বিচৰণ জনাৰণ‍্যৰ আশে পাশে

পশু-পক্ষীৰ মুক্ত বিচৰণে প্ৰকৃতিপ্ৰেমীক কৰি তুলিছে আনন্দিত।

কলিয়াবৰ

 তলাবন্ধই যেন সোণতে সুৱগা চৰাইছে প্ৰকৃতিৰ। সংৰক্ষিত বনাঞ্চল অথবা অভয়াৰণ্যত বিচৰণ কৰা দূৰ্লভ ধনেশ পক্ষী, তেলিয়া সাৰেং এতিয়া নিৰাপদে আপোন পাহৰা হৈ কলিয়াবৰৰ আকাশত বিচৰণ কৰিছে। লকডাউনৰ দীঘলীয়া সময়ছোৱাত প্ৰকৃতি ন-ৰূপেৰে জিলিকি উঠিছে। পশু-পক্ষীৰ মুক্ত বিচৰণে প্ৰকৃতিপ্ৰেমীক কৰি তুলিছে আনন্দিত।

দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ ক্ৰীড়াবিদ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ : পৰিয়ালৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক

নাজিৰা

 দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ বিশিষ্ট ক্ৰীড়াবিদ শিৱসাগৰ জিলাৰ পাটসাঁকো অঞ্চলৰ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ হৈ উঠিছে। তদুপৰি তেওঁৰ সংস্পৰ্শলৈ অহা সহধৰ্মিনী, কন্যা আৰু ভতিজাককে ধৰি পৰিয়ালৰ কোনো এগৰাকী লোকৰ দেহতেই ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটা নাই। ক্ৰীড়াবিদগৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক বুলি সদৰী কৰা হৈছে৷ আনহাতে যোৱা এঘাৰটাকৈ  দিন ধৰি পুষ্প বৰুৱাক কোৱাৰেণ্টিনত ৰখা হৈছে যদিও তেওঁৰ স্থাস্থ্য ক্ৰমাৎ উন্নতি ঘটিছে আৰু তিনিটা দিনৰ পাছত তেওঁৰ তেজৰ নমুনা পুনৰ পৰীক্ষা কৰা হ’ব। উল্লেখযোগ্য যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে পত্নী আৰু কন্যাৰ লগত তেওঁ যোৱা ৩১ জানুৱাৰীতে দিল্লীলৈ গৈছিল। পাটসাঁকোৰ আখৈয়া গাঁৱৰ ব্যক্তিগৰাকীয়ে পত্নী আৰু কন্যাৰ লগত দক্ষিণ দিল্লীৰ গোবিন্দপুৰ অঞ্চলৰ এটা ভাৰা ঘৰত থাকি ইন্দ্ৰপ্ৰস্থ এপ’ল’ চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা কৰাইছিল। যোৱা ৪ ফেব্ৰুৱাৰীত অস্ত্ৰোপচাৰ কৰোৱাৰ পাছত তেওঁ পুনৰ উক্ত ভাৰাঘৰটোলৈ যায়। তাৰ পাছত এটা এটাকৈ তেওঁ এপল’ চিকিৎসালয়ত চাৰিটা কেম’ থেৰাপি লয়৷ ২৭ এপ্ৰিলৰ দিনা তেওঁ পঞ্চমটো কেম’ থেৰাপি লোৱাৰ বাবে পুনৰ চিকিৎসালয়খনত উপস্থিত হয়৷ কিন্তু চিকিৎসকে সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ক’ভিড-১৯ ৰ পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। তাৰ পাছতে তেওঁক দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ ১০৩ নং কোঠাত কোৱাৰেণ্টিন কৰা হয়। ইফালে তেওঁৰ পত্নী, কন্যা আৰু ভতিজাকৰ তেজ পৰীক্ষা কৰা হয় যদিও তেওঁলোকৰ দেহত ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটা নাই বুলি চিকিৎসকে স্পষ্ট কৰি দিছে। ক্ৰীড়াবিদ পুষ্প বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ বৰ্তমানলৈকে সুস্থ বুলি ব্যক্ত কৰিছে। অৱশ্যে ক’ৰোনা আক্ৰান্ত হোৱাৰ বাবে তেওঁ কেম’ থেৰাপি লোৱাৰ পৰা বঞ্চিত হৈ আছে। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ বুজ লৈ আছে যদিও কোনো ধৰণৰ সু চিকিৎসা আগবঢ়োৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে৷

অসমলৈ দলে-বলে আহিছে বহিৰাজ্যৰ পৰা

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

অসমলৈ ঘূৰিছে বাহিৰত আবদ্ধ লোকসকল।চৰকাৰৰ মধ্যস্থতাত ৰাজস্থানৰ কোটাৰ পৰা সোতৰখন বাছেৰে আহিছিল অভিভাবকসহ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী।ইয়াৰ পিছতে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰৰ অনুমতি লৈ উত্তৰপূবৰ ৰাজ্যৰ পৰা কেবাহাজাৰ লোক আহিল নিজ ঘৰলৈ।ইয়াৰ পিছতে আজমেৰ দৰগাহৰ পৰা এখন বাছত প্ৰশাসনৰ চকুত ধূলি দি অহা কৰনাক্ৰান্ত এজনৰ পৰা প্ৰায় দহজনলৈ বিয়পিল প্ৰাণঘাটি ভাইৰাছ।এইবাছখনৰ আগমনে ৰাজ্যবাসীক সচকিত কৰি তুলিছে।ইয়াৰ লগতে দক্ষিণৰ মুম্বাই,গুজৰাট,হাইদৰাবাদ আদিৰ পৰাও বাছেৰে অসমলৈ মানুহ অহাৰ যাত্ৰা আৰম্ভ কৰা বুলি জিনিব পৰা গৈছে।উল্লেখ্য যে সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ পৰিয়ালসহ গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।মুম্বাইৰ পৰা অহা সকলৰ মাজত মুম্বাইত চিকিৎসাধীন ৰোগী আৰু আত্মীয় আদিও আছে।কিছুদিনৰ পূৰ্বে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ বাহিৰত প্ৰায় বিছলাখ অসমৰ বাসিন্দা থকা বূলি সদৰী কৰিছিল।এইলোকসকলৰ জৰুৰী কাম নাথাকিলে এইসময়ত অসমলৈ নাহিবলৈ তেওঁ কৈছিল।চৰকাৰে তিনিমাহলৈ আৰ্থিক অনুদান দিব বুলিও কৈছিল।তথাপি একাংশই অসম অভিমুখে যাত্ৰা কৰাৰ খবৰে বিভিন্নজনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।।।

কৰ’না হটস্পট হ’ল কেনেকৈ জিএমচিএইছ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমগ্ৰ চৌহদ হৈ পৰিছে প্ৰাণঘাটক কৰ’না ভাইৰাছৰ নতুন হটস্পট।কালি চিকিৎসক ডাঃ লিথীকেশ ডি এছ কৰ’নাক্ৰান্ত হোৱাৰ পিছত একেটা চৌহদৰে আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ পিজি শিক্ষাৰ্থী ডাঃ দীপা ডেকাৰ দেহত ওলাইছে কোভিড-১৯ ভাইৰাছ।কিন্তু কেনেকৈ আৰু কাৰ জৰিয়তে জিএমচিএইছত কৰ’না সংক্ৰমণ হ’ল তাকলৈ আতংকৰ সূচনা হৈছে।ইতিমধ্যে জিএমচিএইছৰ প্ৰায় চাৰিশ চিকিৎসক,নাৰ্ছ,চিকিৎসাকৰ্মীক কোৱাৰেন্টাইন কৰা হৈছে।২৫০০ জনৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।অধীক্ষক ডাঃৰমেন তালুকদাৰ আৰু অন্য ১৮০ জনৰ নমুনাৰ ফলাফল নিগেটিভ আহিছে।আনসকলৰ ফলাফলৰ অপেক্ষা কৰা হৈছে। কন্টেইনমেন্ট কৰা হৈছে এক আৰু পাঁচ নং হোষ্টেল,দন্ত চিকিৎসা কলেজৰ ছাত্ৰীনিবাস আৰু কেন্টিনখন।ইফালে কৰনাক্ৰান্ত চিকিৎসক ডাঃ লিথিকেশ প্ৰায়ে আহিছিল দন্ত কলেজৰ কেন্টিনলৈ।ডাঃ দীপা ডেকাই জিএমচিএইছৰ কৰ’না স্ক্ৰীনিঙৰ দায়িত্বত আছিল।লগত আছিল কেবাজনো চিকিৎসক,নাৰ্ছ আদি।এনেকৈ দুই ডাক্তৰৰ দেহত কৰ’না সংক্ৰমণ হোৱাৰ ফলত বাহিৰৰ ৰোগীৰ বাবে বন্ধ কৰা হৈছে চিকিৎসালয়।এইসময়ছোৱাত ডাঃ লিথিকেশ আৰু ডাঃদীপা কিমান ৰোগী,সহকৰ্মী,নাৰ্ছ,চিকিৎসাকৰ্মী আদিৰ লগতে আন লোকৰ সংস্পৰ্শলৈ আহিছিল সেয়া এতিয়াও হিচাবৰ বাহিৰত।যাৰবাবে জিএমচিএইছত এতিয়া আতংক বিয়পি পৰিছে।।।

লংকাৰ হাৱাইপুৰত পথাৰত এৰাল দিয়া গৰুৰ ডিঙি কাটি পেলাই থৈ গ’ল মূৰ

লংকা

 লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱত শনিবাৰে এক অমানবীয় ঘটনা সংঘটিত হয়।  জানিব পৰা মতে,লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱৰ নিবাসী যুগেশ্বৰ নাথে নিজ ঘৰৰ দমৰা গৰুটো প্ৰত্যেক দিনৰ দৰে পথাৰত এৰাল দিছিল৷ সন্ধিয়া হোৱাত যুগেশ্বৰ নাথে গৰুটো ঘৰলৈ আনিবলৈ পথাৰলৈ যোৱাত এৰাল দিয়া ঠাইত গৰুটো নেদেখি পথাৰৰ কাষতে থকা লামডিং বনাঞ্চলত গৰুটো বিচাৰে৷ পিছত বনাঞ্চলৰ মাজেৰে কিছু দূৰ যোৱাত নিজৰ গৰুটোৰ কটা মূৰটো পাই হতভম্ব হৈ পৰে৷ গৰুটোক কোনো দুৰ্বৃত্তই এৰাৰ পৰা খুলি লামডিং বনাঞ্চলৰ ভিতৰলৈ নি মুখত চিয়ৰিব নোৱাৰাকৈ এৰালেৰে বান্ধি ডিঙি কাটি মূৰটো বনাঞ্চলতেই পেলাই ,গাৰ পিছৰ অংশটো লৈ উধাও হয়৷ পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত স্হানীয় আৰক্ষীৰ লোক ঘটনাস্হলীত উপস্হিত হৈ অব্যাহত ৰাখিছে তদন্ত৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কাকো আটক কৰিব পৰা নাই৷ আনহাতে উক্ত অমানবীয় ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য‌ই বিৰাজ কৰিছে৷

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালীক ঘৰতে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ

ধনশিৰি

গোলাঘাট জিলাৰ প্ৰবীন সাংবাদিক তথা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালীক যোৱা শুকুৰবাৰৰ নিশা এটা দুৰ্বৃত্তই ঘৰতে হত্যাৰ ভাবুকি প্ৰদান কৰা বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত বজাত সাংবাদিকগৰাকীৰ বৰপথাৰ থানাৰ অন্তৰ্গত হেজাৰী গাঁৱৰ মণ্ডল তিনি আলিস্থিত তেওঁৰ বাসগৃহত সন্মুখৰে প্ৰয়াত যোগল বৰুবা পুত্ৰ বুবুল বৰুৱা ওৰফে ভাইকন ওৰফে বিৰাপান্নাই হাতত এখন দা লৈ সাংবাদিকগৰাকীৰ ঘৰত প্ৰৱেশ কৰি অশ্লীল গালিগালাজ পৰাৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰে৷ উল্লেখযোগ্য যে উক্ত সময়ত সাংবাদিকগৰাকী ঘৰৰে আন এটা কোঠাত থকাৰ বাবে ৰক্ষা পৰে যদিও হাতত উদ্যত দালৈ বুবুলে সাংবাদিকগৰাকীৰ পত্নীৰ আগতে লম্ফজম্ফ কৰি হত্যাৰ ভাবুকি দি আঁতৰি যায়৷ পাছত সাংবাদিকজৰাকীৰ অভিযোগ ভিত্তিত বৰপথাৰ আৰক্ষীয়ে নিশাই যুৱকজনক আটক কৰি থানালৈ আনে৷ অন্যহাতে শনিবাৰে সাংবাদিকগৰাকীৰ পত্নী দীপালি ভৰালীয়ে দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোছৰ ৰুজু কৰে৷ উল্লেখযোগ্য যে উক্ত বুবুল ওৰফে বিৰাপান্না পূৰ্বে বহুতো গোচৰত অভিযুক্ত৷ তেওঁৰ বিৰুদ্ধে গাঁওখনৰ মানুক বিভিন্ন সময়ত ভাবুকি দিয়া, চুৰি কৰা, ডকাইতি কৰা আদি বহু অভিযোগ আছে৷ পূৰ্বতে তেওঁক অবৈধভাৱে মাৰণাস্ত্ৰ ৰখাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল৷ ধনশিৰি মহকুমা সাংবাদিক সংস্থা, বৰপথাৰ প্ৰেছ ক্লাব, বৰপথাৰ ব্যৱসায়ী সন্থা আদিয়ে প্ৰবীন সাংবাদিকগৰাকীক হত্যাৰ ভাবুকি দিয়া কাৰ্যক গৰিহণা দিয়াৰ লগতে অভিযুক্তৰ ওপৰত শাস্তিমূলক বিহত ব্যৱস্থা গ্ৰহণৰ দাবী তোলাৰ লগতে সাংবাদিকগৰাকীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীক দাবী জনায়৷