Home Blog Page 3419

অসমীয়া লোককৃষ্টি আৰু আমাৰ সমাজ

  • ধৰ্মেন্দ্ৰ বৰা

সময় পৰিবৰ্তনশীল | পৰিবৰ্তনশীল সময়ৰ সৈতে যিসকলে নিজকে খাপ খুৱাব নোৱাৰে সেইসকল সময়ৰ সোঁতত হেৰাই যায় | উদাহৰণস্বৰূপে আমি ড’ড নামৰ চৰাইবিধৰ কথা সকলোৱে জানো | কিন্তু এনে কিছুমান বস্তু আছে যিবোৰ সময়ৰ সোঁতত বিচৰা ধৰণে সলনি কৰিব পৰা নাযায় বা কৰিলেও সেয়া সমাজে বিকৃত অথবা অপভ্ৰংশ বুলি ক’ব খোজে | অৱশ্যে সমাজৰ একাংশই আকৌ সেয়া বিচাৰে য’ত সময়ৰো দাবী থাকে | এইখিনিতে অসমৰ লোককৃষ্টি-সংস্কৃতিৰ কথাকে ক’ব বিচাৰিছোঁ | শ শ বা হাজাৰ বছৰৰ পৰা চলি অহা চহকী অসমীয়া জাতিৰ যিবোৰ লোককৃষ্টি আছে সেইবোৰ বিগত দিনত অসমীয়াক নিজস্ব গুণ গৰিমা থকা বুলি চিনাকি দি আহিছে | বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিয়ে আমাৰ পৰিচয়,আমাৰ সংস্কৃতি কিমান বৈচিত্ৰতাৰে ভৰা | কিন্তু সময়ৰ পৰিবৰ্তনশীলতাই যেন ক’ৰবাত এই লোককৃষ্টি সমূহলৈ কিছু জটিলতা নমায় আনিছে | আজিৰ প্ৰজন্মই কিমানে আমাৰ এই সমূহ সমল আগুৱাই নিছে অথবা চৰ্চা কৰিছে সি এটা ডাঙৰ প্ৰশ্ন | পশ্চিমীয়া সংস্কৃতি বা ভাৰতৰ আন ৰাজ্যৰ পৰম্পৰা সংস্কৃতিৰ প্ৰতি সততে আকৃষ্ট হোৱা আমাৰ আজিৰ প্ৰজন্মই লোককৃষ্টিৰ প্ৰতি কৰা অবহেলাৰ কাৰণ কি ? এয়া অপ্ৰিয় হ’লেও সত্য যে আজি বহু তথাকথিত আধুনিক অভিভাৱকে ভাবে সন্তানে এইবোৰ চৰ্চা কৰিলে জীৱনৰ গতিপথেই যেন স্তব্ধ হৈ যাব ! খুব বেছি হয়তো এখন স্থুল মঞ্চ লাভ কৰিবলৈ সক্ষম হ’ব য’ত বৰ্তমান সময়ৰ দৰে জনপ্ৰিয়তাৰ কোনো বিশেষ প্ৰভাৱ নপৰিব | আচলতে তেওঁলোকৰ চিন্তাকো এক কথাত ভুল বুলিও ক’ব নোৱাৰি | কাৰণ এয়াই এতিয়া বাস্তৱ সত্য | সময়ৰ সৈতে পাঠক,শ্ৰোতা,দৰ্শক সকলোৰে ৰুচি অনুযায়ী নিৰ্মাণৰ চিন্তাধাৰাৰ প্ৰয়োগ পৰিলক্ষিত হৈছে | সেয়া সমাজৰ আহ্বান | কিন্তু সকলোৱে কৰিলেও সলনি কৰিব নোৱাৰা এই লোককৃষ্টি সমূহ আমাৰ বাবে পৰম্পৰা,জাতিৰ চিনাকী,সমাজৰ দলিল | এইয়াই আমাৰ বাবে চহকী চানেকী,যিবোৰ সলনি কৰাৰ লগে লগে পুৰণি ঐতিহ্য বা বৈচিত্ৰৰ যি ভেঁটি সেয়া যেন ক’ৰবাত খহি পৰিব খোজে | কেৰোণটো হয়তো এইখিনিতে যাৰ বাবে আমাৰ মাজৰ পৰা ক্ৰমে জনপ্ৰিয়তা বা আজিৰ প্ৰজন্মৰ আগ্ৰহ হেৰাইছে লোককৃষ্টি-সংস্কৃতিৰ প্ৰতি | সমাজৰ এনে অৱহেলা আজি প্ৰায়বোৰ ক্ষেত্ৰতে দেখিবলৈ পায় আছো | বৰ্তমান সময়ত একাংশ পুৰণি শিল্পীয়ে হাজাৰ হাজাৰ বাধাৰ মাজতো এনেবোৰ পৰম্পৰাক জীয়াই ৰাখিছে | তেওঁলোকে ব্যক্তিগত সমস্যাকো আওকান কৰি অসমীয়া কলা-কৃষ্টিৰ অক্লান্ত সাধনা কৰি গৈছে | তাৰ অধিকাংশই আজি তীব্ৰ আৰ্থিক সংকটৰ মাজেৰে নিজৰ দায়িত্ব বুলি ভবা কামবোৰ কৰি গৈছে | এটা জাতি নিজস্ব স্বকীয়তাৰে জীয়াই থাকিবলৈ সাহিত্য,কলা-সংস্কৃতিৰে উজ্বলি থাকিব লাগিব ; যাক জাতিটোৰ বাবে প্ৰাণ আৰু মূল ভেঁটি বুলিব পাৰি | ঘৰ এটা নিৰ্মাণত যিমানে ধুনীয়া আৰু মজবুত নহওক লাগিলে তলৰ মূল ভেঁটিটো যদি দুৰ্বল হয় তেন্তে যিকোনো সময়তে ভাঙি পৰিব পৰাৰ দৰে নিজস্ব ভাষা,সাহিত্য,কলা-সংস্কৃতিক নিচিনিলে আমি যিমানেই আনৰবোৰ আয়ত্ব নকৰো কিয় সেয়া এদিন নিষ্ফল হৈ পৰিব | কাৰণ তেতিয়া আমি নিজৰটো আনৰ আগত দেখুৱাবলৈ একো নাথাকিব | এই ক্ষেত্ৰত আমাৰ সমাজৰো কৰণীয় বহুত আছে | জাতিৰ এই প্ৰাণস্পদ লোককৃষ্টিৰ শিল্পীসকলক আমি যেন এতিয়াও আওকান কৰি আছোস| হয়তো বহু ক্ষেত্ৰতে তেওঁলোকে পাব লগা মূল্য আৰু মৰ্যাদা পোৱা নাই | আজি সততে দেখি থাকো যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান সমূহত আধুনিক কৃষ্টি সংস্কৃতিৰ পয়োভৰ সৰ্বাধিক | বিভিন্ন নকৈ আদৰা সংস্কৃতিয়ে বিৰাজ কৰিছে | তথাকথিত সংস্কৃতিৰ একাংশ পালকসকলেই আমাৰ লোক-সংস্কৃতিৰ সাধকসকলক অৱহেলা কৰি আহিছে | আনকি অসমীয়াৰ জাতীয় উতসৱ বিহুটো পালন কৰাকে ধৰি আন আন তেনে অনুষ্ঠানসমূহতো লোক সংগীত বা লোককৃষ্টি সমূহ অৱহেলিত হৈ থাকে | সাংস্কৃতিক মঞ্চ এটা উদ্বোধন কৰোতে আমি বিভিন্ন ব্যক্তিৰ দ্বাৰা উদ্বোধন কৰোঁ | সেয়া কেতিয়াবা ৰাজনৈতিক নেতা হয়,কোনোবা ধনবান অথবা গ্লেমাৰ ব্যক্তি হ’ব পাৰে কিন্তু সেয়া কোনোবা লোক সংগীত শিল্পী এজন হ’ব নোৱাৰাৰ কাৰণ কি থাকিব পাৰে | কিন্তু আমি সেই দৃশ্য প্ৰায় নেদেখাৰ দৰেই | লাখ লাখ টকা দি গায়ক মাতি নিশা দুপৰলৈ নাচি থকা সেই একেখিনি মানুহে কোনোবা লোক সংগীতৰ শিল্পী এজনক আমন্ত্ৰণ কিয় কৰিব নোৱাৰে ? গুৰুজনাৰ এটি বৰগীতেৰে মঞ্চ এখন উদ্বোধন কিয় হ’ব নোৱাৰে ? এটি সত্ৰীয়া নৃত্য অথবা শিল্পী গৰাকীৰে কিয় হ’ব নোৱাৰে ? বিশ্বখ্যাত অসমৰ মুখা শিল্পৰ শিল্পীজনে কিয় স্থান পাব নোৱাৰে ? এইখিনি কৰাৰ ফলত তেওঁলোক কিমান ধৰণে উপকৃত হ’ব সেয়া প্ৰকৃতাৰ্থত আমি পূৰামাত্ৰাত হয়তো উপলব্ধিয়ে কৰিব নোৱাৰিম ! চিধা চিধি ভাৱে আমি সকলোৱে বহু ধৰণে লাভান্বিত হ’ম | প্ৰথমতেই সেইসকল শিল্পীয়ে তেওঁলোকৰ সংগ্ৰাম ভৰা জীৱনটোত আৰু অধিক সৃষ্টিৰ কাম কৰি যাবলৈ প্ৰেৰণা আৰু সাহস পাব | অধিকাংশ আৰ্থিকভাৱে জুৰুলা হৈ থকা শিল্পীয়ে বহু পৰিমাণে সকাহ পাব | প্ৰায় পাহৰিবলৈ ধৰা পৰম্পৰা আৰু জাতীয় চানেকীসমূহৰ উচিত ভাৱে চৰ্চা হ’ব লগতে আজিৰ প্ৰজন্মই তাক ভালদৰে চিনিব পাৰিব,বুজিব পাৰিব  আৰু শিকাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব | গতিকে বৰ্তমান পৰিস্থিতিত আমি কৰিবলগীয়া বহুখিনি আছে;যাৰ বাবে ক্ৰমে সুপ্ত হৈ পৰা লোক কলা-কৃষ্টিসমূহৰ পূৰ্ণমাত্ৰাত চৰ্চাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ হ’ব | তেতিয়াহে অসমীয়া জাতিটো কৃষ্টি চহকী,সংস্কৃতি চহকী হৈ সৰ্বাংগসুন্দৰ হৈ বিশ্বৰ আগত মেৰুদণ্ড পোনহৈ নিজস্ব গৌৰৱেৰে থিয় হৈ থাকিব পাৰিব | 

দূৰভাষঃ ০৯৭০৬১৮২৬৫৭

টিংখাঙত শোৱাপাটীৰ পৰা মাজ নিশা চাহ জনজাতি নেতাক আটক : তীব্ৰ প্ৰতিক্ৰিয়া, মুক্তিৰ দাবী

টিংখাং

মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে বলবৎ হৈ আছে লকডাউন। এই সময়ছোৱাতে চৰকাৰৰ ৰোষত পৰি নিৰাপত্তা বাহিনীৰ হাতত আটক হৈছে এগৰাকী চাহ জনজাতি তথা আদিবাসী যুৱ নেতা। সদৌ অসম আদিবাসী সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ সভাপতি তথা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোনৰ নেতা বলদেৱ তেলীক যোৱা নিশা ডিব্ৰুগড় জিলাৰ ৰাজগড়ত থকা এটা ভাড়াঘৰৰ পৰা সেনা-আৰক্ষীৰ দল এটাই আটক কৰি লৈ যায়। জানিব পৰা মতে নিশা প্ৰায় ৯ বজাত আদিবাসী নেতাগৰাকীক শুই থকা অৱস্থাৰ পৰা নিৰাপত্তা বাহিনীৰ দলটোৱে এখন গাড়ীত তুলি লৈ যায়। ভাড়াঘৰটোৰ মালিকৰ পৰা এখন কাগজত চহী কৰাই নিয়ে যদিও আটক কৰাৰ কাৰণ জনোৱাৰ পৰা নিৰাপত্তা বাহিনীৰ দলটোৱে বিৰত থাকে। এই পৰ্যন্ত বলদেৱ তেলীক নিৰাপত্তা বাহিনীয়ে ক’ত ৰাখিছে পৰিয়ালৰ লোকে জানিব পৰা নাই। টিংখাং আৰু ৰাজগড় আৰক্ষীয়ে বলদেৱ তেলীক আটক কৰা সন্দৰ্ভত পৰিয়ালৰ লোকক   অজ্ঞতা প্ৰকাশ কৰাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাগৰিকত্ব সংশােধনী আইন বিৰোধী ঐক্যমঞ্চ, টিংখাঙৰ এগৰাকী সম্পাদকৰো দায়িত্বত থকা বলদেৱ তেলীক অতি শীঘ্ৰে মুক্তি দিবলৈ প্ৰশাসনক বিভিন্ন দল-সংগঠনে দাবী জনাইছে। আজি স্থানীয় টিংখাং ৰাজহ চক্ৰ বিষয়াক নাগৰিকত্ব সংশোধনী আইন বিৰোধী ঐক্যমঞ্চ টিংখাং সাধাৰণ সম্পাদক বিপ্লৱ বৰুৱা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, টিংখাং চৰ্কোল বিনোদ মূড়া , অসম চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি দীপক মাঝী, কৃষক মহাসংঘ বলিন্দ্ৰ শইকীয়া, বিপ্লৱী যুৱ সন্থা কুন্তী তাঁতী আৰু আইছাৰ অনিতা হাচাই বলদেৱ তেলীক মুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই যৌথভাৱে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। আনহাতে বলদেৱ তেলীক নিৰাপত্তা বাহিনীয়ে অতৰ্কিতে আটক কৰাৰ কাৰণ অদ্যপি জানিব পৰা নাই। অৱশ্যে ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে আটক কৰা বুলি অভিযোগ উঠিছে। উল্লেখ্য যে ‘কা’ বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত অঞ্চলটোৰ কেবাজনো লোকক নিৰাপত্তা বাহিনীৰ দলে আটক কৰি সোধাপোছাৰ পিছত মুকলি কৰি দিছে৷

গৌৰীপুৰত এক মৰ্মান্তিক ঘটনা : লকডাউনত পানীত হাঁহ নচৰা অৱস্থা, প্ৰাণ গ’ল দম্পত্তিৰ

গৌৰীপুৰ

গৌৰীপুৰত ঈদৰ আনন্দৰ সময়তে এক মৰ্মান্তিক ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত৷ ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী গাঁও পঞ্চায়তৰ এলেকাধীন বেগুতলী গাঁৱত এক দম্পত্তিয়ে নিজ বাসভৱনত চিপ লৈ আত্মহত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। উল্লেখ্য যে চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তে বেগুতলী গাঁৱৰ স্থায়ী বাসিন্দা বাচ্চু সেখৰ পুত্র ছাইদুল ৰহমান (৩৫)ৰ আৰ্থিকভাৱে জৰুলা হৈ পৰাত ঈদৰ বজাৰ কৰিব নোৱাৰি বিমোৰত পৰে। ৰাতি বিছনাত শুই পৰে যদিও ৰাতিপুৱা প্ৰায় পাঁচ বজাত ছাইদুল ৰহমানৰ পত্নীক বিছনাত মৃত্যু অৱস্থাত পৰি থকাৰ লগতে ছাইদুল ৰহমান বাৰান্দাত চিপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তথাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে৷ মৃত্যুৰ কাৰণ বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই৷ স্মৰ্তব্য যে দীৰ্ঘদিন ধৰি লকডাউন চলি থকাত দিন হাজিৰা কৰা পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। লকডাউনৰ ফলত আৰ্থিকভাৱে জৰুলা হৈ এক দম্পত্তিয়ে কৰুণ মৃত্যুক সাৱটি ল’ব লগীয়া ঘটনাই মৰ্মাহত কৰি তুলিছে সমগ্ৰ গৌৰীপুৰবাসী ৰাইজক৷

সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ কৰ্তব্য।

  • দীপশিখা হাজৰিকা বৰুৱা

মানৱ সমাজৰ সৰ্বদিশ সামৰি থকা অৱধাৰণা এটা হৈছে সংস্কৃতি।সংস্কৃতিৰ সংজ্ঞা বিশাল।অতীতৰে পৰা চলি অহা লোক সংস্কৃতি বিলাকৰ পৰাই আহি আহি আজিৰ বিশাল সংস্কৃতিৰ সৃষ্টি হৈছে।ইয়াৰ উপাদানো অসংখ্য।এইবোৰৰ ভিতৰত ভাষা,ধৰ্ম,বিভিন্ন ৰীতি-নীতি,কথা-বাৰ্তা,কলা-বিজ্ঞান,নৃত্য-নাট অভিনয়,নৈতিকতা,মানৱীয় প্ৰমূল্যবোধ আদি উপাদান উল্লেখ কৰিব পাৰি।সংস্কৃতিত নিহিত হৈ থকা উপাদানবোৰ কেতিয়াও আত্মনিৰ্ভৰশীল নহয়।ইয়াৰ সংখ্যা কমি গ’লেই যেন আনটোৰ অসুবিধা।এই উপাদানবোৰৰ অতি নিম্নমানৰ উপাদানৰে আৰম্ভ কৰি কোমল ভাষাবোৰৰ মাজেৰে সমাজৰ গুণগত মানদন্দৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰা হৈছে। 

১।অবস্তবাদী সংস্কৃতি।

২।বস্তবাদী সংস্কৃতি।

অবস্তবাদী সংস্কৃতি সমাজৰ অদৃশ্যমান উপাদানবোৰেৰে গঠিত,য’ত মূল্যবোধ অতি নিবিড়ভাৱে জড়িত প্ৰকৃত মূলৈবোধৰ উপলদ্ধিৰেহে অবস্তবাদী সংস্কৃতিৰ মূল গাঁথনি সংৰক্ষণাত্মক কৰি ৰাখিব পাৰে।অন্যথা মানুহৰ মাজৰ পৰা নৈতিকতা,সহানুভূতি,সহনশীলতা ধৰ্মৰ প্ৰকৃত ৰূপ সমন্বিতে সংস্কৃতিৰ জ্ঞানো মানৱীয় প্ৰমূল্যবোধ বাচি নাথাকিব।আনহাতেদি দ্বিতীয়বিধ সংস্কৃতি সম্পূৰ্ণ বস্তুবাদী ভাবধাৰাৰে পৰিচালিত।ইয়াত মানুহৰ জীৱন সংগ্ৰামৰ বৈষয়িক উন্নতি কৰিবলৈ চেষ্টা কৰা দৃশ্যমান উপাদানবোৰে স্থান পায়। এই দুয়োটাৰে উদ্দেশ্য তথা গুণ দেখাত পৃথক যদিও প্ৰকৃততে দুয়োটা সংস্কৃতিকে এক সামাজিক জীৱন প্ৰতালীয়ে একেলগ কৰি ৰাখিছে।সেয়ে মানৱ সমাজ আজিলৈকে সুকলমে জীয়াই আছে।প্ৰতিটো বস্তুৰে মূল্য সকলোৰে সমানে উপলদ্ধি নকৰে।সংস্কৃতিৰো একো একোটা উপাদানৰ গুৰুত্ব তথা অন্তৰ্নিহিত মূল্যবোধ সমানে সকলোৱে উপলদ্ধি কৰিব নোৱাৰাৰ ফলত আমাৰ মাজত কিছুমান অপসংস্কৃতিয়ে খোপনি পুতিছে যেনেদৰে নীতিৰ বিৰুদ্ধে কাম কৰাটোক দুনীৰ্তি বুলিব পাৰি ঠিক তেনেকৈ সংস্কৃতিৰ অপ-প্ৰয়োগকেই অপসংস্কৃতি বুলিব পাৰি।আমি এই কথা স্বীকাৰ কৰিব লাগিব যে,আমি আহি শূন্য মধ্যবিন্দুত উপস্থিত হৈছোঁহি।প্ৰথমে আমি কোনবোৰ কাম কাজে সংস্কৃতি বুজাব কোনবোৰে অপসংস্কৃতিক বুজাব তাক ভালদৰে বুজি পাব লাগিব।যেনেদৰে সংস্কৃতিৰ উপাদানৰ সংখ্যা যথেষ্ট বেছি ঠিক তেনেদৰে কোনবোৰ উপাদানৰ প্ৰতি অপসংস্কৃতিয়ে পোখা মেলিছে তাৰ হিচাপ লোৱাও সহজ নহয়।বিজ্ঞান আৰু কলাৰ সমান্তৰাল বিকাশ হোৱা সত্বেও এটা কথা স্বীকাৰ কৰিব লাগিব যে কলা আৰু বিজ্ঞানৰ মাজৰ যাতায়ত এতিয়ালৈকে সম্পূৰ্ণৰূপে সুগম হৈ উঠা নাই অপসংস্কৃতিৰ কবলত পৰি কলা আৰু বিজ্ঞানৰ মাজত কৃত্ৰিম বিভাজন আহিব পৰা বাবেই ই সম্ভৱ হৈ  উঠা নাই।

কৃষিখণ্ডৰ উন্নতিতহে নিৰ্ভৰ কৰে সবল অৰ্থনীতিৰ বুনিয়াদ

  • ফুকন ৰাজবংশী

স্বাধীন ভাৰতৰ বিগত দশককেইটাত বিভিন্ন দলৰ চৰকাৰ গঠন হ’ল, ভংগও হ’ল৷ কিছুমান একঘেয়ামি পৰিকল্পনাকে নতুন নতুন ৰূপ দি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ মনোকামনা পূৰ কৰি গ’ল৷ তাৰ মাজতে নকৰিলে নহয় বাবে তেওঁলোকে বিভিন্ন উন্নয়নমূলক কামো কৰিবলৈ অৱশ্যে পাহৰা নাই৷ হ’লেও এই কথাত কাৰো দ্বিমত নাই যে ভাৰতবাসীয়ে প্ৰতীক্ষিত উন্নয়নৰ ধাৰা এতিয়াও দেখিবলৈ পোৱা নাই৷ দলবোৰৰ নামসমূহ বেলেগ বেলেগ কিন্তু ৰাজনৈতিক আদৰ্শৰ ফালে চাবলৈ গ’লে কি আঞ্চলিক কি সৰ্বভাৰতীয়, আটাইবোৰ দলৰে যেন বৰ এটা তফাৎ নাই৷ গাদী আৰু ক্ষমতা দখলেই সকলোৰে মূল লক্ষ্য আৰু তেওঁলোকৰ ভাষাত ৰাজনীতিৰ অৰ্থ৷ ৰাজনীতি তেওঁলোকৰ দেহত, ৰাজনীতি তেওঁলোকৰ তেজত, ৰাজনীতি তেওঁলোকৰ নিচা৷ ৰাজনীতিৰ পৰা আতৰত থাকি তেওঁলোকে জীৱনৰ এটা পলো যেন অতিবাহিত কৰিব নোৱাৰে৷ তাৰমাজতে ইটো দলৰ লগত আনটো দলৰ বোকা চটিওৱাৰ খেল৷ প্ৰতিটো দলৰে এটাই ভাষ্য, দেশখনত যিমানবোৰ ভাল বা সফল কাম হৈছে সেই আটাইবোৰ অকল তেওঁলোকৰ দলটোৰ চৰকাৰ চলি থকাৰ সময়তহে হৈছে৷ আনহাতে, আটাইবোৰ বেয়া বা বিফল কাম আন দলসমূহৰ চৰকাৰৰ দিনতহে হোৱা৷ আজি 2020 চনত যিখন “ভাৰত” দেশ আমাৰ সন্মুখত আছে, সেয়া নিসন্দেহে সেই ৰাজনৈতিক দলবোৰৰ পৰিকল্পনা আৰু কৰ্মৰে ফল৷ পকীপথ, দলং, স্কুল, কলেজ, মেডিকেল, ষ্টেডিয়াম, ৰেলসেৱা, বিমানসেৱাকে আদি কৰি আজি আমি ভোগ কৰি থকা প্ৰযুক্তিবিদ্যাৰ আটাইবোৰ ফচল বিগত সময়ত যিকোনো এটা দলৰ চৰকাৰৰ দিনতে হোৱা৷ কিন্তু এই উপকৰণসমূহ দেশবাসীৰ অধিকাৰ আৰু কাম্য৷ ইয়াৰ কৃতিত্বৰ সিংহভাগ অকল দেশবাসীৰ৷ ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হৈ ৰাজপাট দখল কৰিলেও, ৰাইজৰ হকে কাম কৰিবলৈ প্ৰতিনিধিসকল সকলো সময়তে দায়বদ্ধ৷ এইখিনিতে আমাৰ সৰহসংখ্যক নেতাৰে মনোভাৱ ওলোটা৷ তেওঁলোকে মানি চলা দৰ্শন হ’ল যিয়ে লংকালৈ যায়, সিয়ে ৰাৱণ৷ ৰাইজৰ দ্বাৰা তেওঁলোক নচলে, তেওঁলোকেহে ৰাইজক চলাব৷ তেওঁলোকৰ ৰাজনীতিৰ মূল আহিলা হ’ল দেশৰ জনতাৰ নিৰক্ষৰতা আৰু দৰিদ্ৰতা৷ সেইবাবেই দেশৰ অৰ্ধশিক্ষিত বা অশিক্ষিত মানুহখিনিক, দৰিদ্ৰ শ্ৰমিক আৰু কৃষকখিনিক তেওঁলোকে শিক্ষিত আৰু ধনী হোৱাতো নিবিচাৰে৷ কাৰণ এই শ্ৰেণীটোৱেই হৈছে এতিয়াৰ ৰাজনীতিৰ মূল কেন্দ্ৰবিন্দু৷ এই শ্ৰেণীটো শিক্ষিত আৰু ধনী হ’লে তেওঁলোকৰ সান্দহ খোৱা বালি তল নপৰিব জানো ? নহ’লেনো যোৱা সাতটা দশকত ভাৰতৰ চৰকাৰৰ ওপৰত কৃষকসকল কিয় ভৰষা কৰিব পৰা নহ’ল ? কৃষকসকলে কৰা কৃষিকৰ্মৰ ফচলেই হৈছে আমাৰ দেশৰ অৰ্থনীতিৰ বুনিয়াদ৷ খেতিয়কসকলে হাড়ভঙা পৰিশ্ৰম কৰি উৎপাদন কৰা শস্যসমূহেই আমাৰ জীৱন ৰক্ষক, শৌৰ্য্য- বীৰ্য্যৰ আধাৰ, সভ্যতাৰ গৌৰৱ৷ কিন্তু, বিগত সাতটা দশকত আমাৰ দেশৰ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰোতে কৰোতে এবাৰলৈও কৃষক সকলৰ দুখ- দুৰ্গতি দূৰ কৰাৰ পথ উলিয়াবলৈ আহৰি নাপালে৷ আধুনিক আৰু কৃত্ৰিম জলসিঞ্চনটো বাদেই পৰ্যাপ্ত পৰিমাণে নদ- নদীৰে ভৰা দেশখনত খেতিপথাৰ সমূহলৈ পৰম্পৰাগত পদ্ধতিৰ জলসিঞ্চনৰ ব্যৱস্থাও নিশ্চিত কৰিব নোৱাৰিলে৷ যাৰ ফলত খৰাঙৰ সময়ত পানীৰ অভাৱত আৰু পৰিকল্পিত নদী সংযোগ আৰু জলসিঞ্চনৰ অভাৱৰ বাবে বাৰিষা বানপানীৰ বাবে কৃষি নষ্ট হৈ থাকিল৷ কৃষিকাৰ্যত খটুওৱা মূলধনৰ বিপৰ্যয়ত তিস্থিব নোৱাৰি কিমান কৃষকে যে এইখন দেশত প্ৰাণত্যাগ কৰিলে তাৰ লেখ – জোখ হয়তো কাৰো হাততে নাই৷ তথাপি কিন্তু আমাৰ দেশৰ কৃষকসকলে খেতি কৰিবলৈ এলাহ প্ৰকাশ কৰা নাই৷ প্ৰতিটো ঋতুতে প্ৰকৃতিয়ে নৰূপ লোৱাদি প্ৰতিজন কৃষকে নউদ্যমেৰে কৰি গ’ল কৃষিকৰ্ম৷ কৃষকসকলে কেতিয়াও হাৰ মনা নাই৷ ইমানবোৰ দেখি শুনিও আমাৰ চৰকাৰবোৰে নীৰৱ দৰ্শকৰহে ভূমিকা পালন কৰি গ’ল৷ খেতিপথাৰত উৎপাদিত শস্যসমূহ বেচিবলৈ কৃষকে এতিয়াও পোৱা নাই একোখন উপযুক্ত বজাৰ৷ শস্য – পাচলিবোৰ দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব পৰাকৈ স্থাপন নহ’ল পৰ্যাপ্ত পৰিমাণৰ সংৰক্ষণ ব্যৱস্থা৷ কৃষকসকলক ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত শিক্ষা দিবলৈ আজি পৰ্যন্ত লোৱা নহ’ল কোনো দক্ষতা বিকাশৰ লেখতলবলগীয়া পদক্ষেপ৷ এইবোৰ কাৰণতো কৃষকে প্ৰতিবাৰেই উৎপাদন কৰা ফচলৰ বিনিময়ত উপযুক্ত বিনিময় পোৱা নাই আৰু লোকচানৰ ভাৰ বব নোৱাৰি বিভিন্ন নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য আৰু উদ্যত হ’ল৷ এনেকুৱা কাৰণত আমাৰ সমাজত সংঘটিত হৈ থকা নানান অনৈতিক কাৰ্যৰ আৰৰ সঁচা কাহিনীবোৰ কেতিয়াও উদ্ঘাটন কৰিবলৈ চেষ্টা কৰা নহ’ল৷ দোষীক শাস্তি দিয়া হ’ল, কিন্তু দোষৰ প্ৰাথমিক কাৰণটো কাৰণ হৈয়ে থাকিল৷ দেশৰ অন্য প্ৰান্তৰ কথা নকলোৱেই যেনিবা, আমাৰ অসমখনৰে খেতিয়কৰ অৱস্থা গত তলাবন্ধৰ সময়চোৱাত কি হ’ল আমি সকলোৱে দেখিবলৈ পালোঁ৷ সাম্প্ৰতিক কালৰ এবিধ অতি মূল্যবান ফল ষ্ট্ৰ’বেৰী বিঘা বিঘা হিচাপত ফচল নষ্ট হৈ গ’ল বা পানীৰ দৰত বেচিবলগীয়া হ’ল উপযুক্ত বজাৰ আৰু সংৰক্ষণ ব্যৱস্থাৰ অভাৱৰ বাবে৷ বন্ধাকবি, ফুলকবি, বিলাহী, জলকীয়া, বীন গছতে নষ্ট হৈ গ’ল৷ এক পৰিকল্পিত বজাৰ ব্যৱস্থা য’ত কৃষকৰ পৰা কিনি আনি উপভোক্তাৰ মাজলৈ যোগান ধৰাৰ পদ্ধতিগত গাঁথনি থাকে, তেনেকুৱা ব্যৱস্থা যদি আমাৰ ইয়াত থাকিলহেঁতেন, গেলামালৰ ক্ষেত্ৰত হোৱাৰ দৰে পাচলিৰ ক্ষেত্ৰতো নিশ্চিতভাৱে তলাবন্ধৰ নিয়মো ভংগ নহ’লহেঁতেন, সামাজিক দূৰত্ব বজাই ৰাখিবলৈয়ো প্ৰশাসনৰ সহজ হ’ল হেঁতেন৷ কৃষকসকলেও উপযুক্ত বিনিময় লাভ কৰি আৰ্থিক দিশত নিৰাপদে থাকিলহেঁতেন৷ ফাগুন- চ’ত মাহৰ শুকান বতৰকো নেওচি সময়তকৈ আগতেই জিকা, তিয়ঁহ, কেৰেলা, ভেণ্ডি, লেচেৰা, কোমোৰা আদি পাচলি উৎপাদন কৰাতো কিমান কষ্টকৰ, সেই কথা এজন খেতি কৰি নোপোৱা লোকে কেনেকৈ অনুধাৱন কৰিব পাৰিব ? ফলস্বৰূপে উপযুক্ত যোগান ব্যৱস্থাৰ অভাৱ আৰু মধ্যভোগীৰ হস্তক্ষেপত পাচলিবজাৰৰ বৃহত্তম উপভোক্তা নগৰবাসীয়ে পাচলিৰ নামত মাত্ৰাধিক ধন ভৰিবলগীয়া হৈছে, অথচ কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমৰ মূল্য পাইছে নগণ্য৷ এইবোৰ কাৰণতে নৱপ্ৰজন্মৰ গৰিষ্ঠসংখ্যক শিক্ষিতই কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে৷ ভাৰত চৰকাৰৰ দ্বাৰা সদ্যঘোষিত ব্যয়বহুল আচনি “স্বনিৰ্ভৰ ভাৰত অভিযান”ৰ খবৰে কিন্তু তেনেকুৱা একাংশ হতাশাগ্ৰস্ত যুৱকৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰিছে৷ আচনিখনৰ ৰূপায়ণ কিমান দূৰ ফলপ্ৰসূ হ’ব সেই কথাটো এতিয়াই ক’ব পৰা হোৱা নাই যদিও সকলোৱে কিন্তু বিচাৰিছে কৃষকসকলৰ বাবে চৰকাৰে এক পৰিকল্পিত দীৰ্ঘম্যাদী আচনি হাতত লওক আৰু দেশৰ কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিয়ক৷ এই কথা নিশ্চিত যে যদিহে চৰকাৰে এনেকুৱা এক আচনি হাতত লয়, তেতিয়া অৰ্থনীতিৰ মন্দাবস্থা, নিবনুৱা সমস্যাৰ সিংহভাগেই লাঘৱ হ’ব৷ কাৰণ আমাৰ দেশৰ ভৌগোলিক পৰিৱেশত অৰ্থনীতিৰ সবল ভেটি কৃষিখণ্ডতহে প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে৷ এই কথাক গুৰুত্ব নিদিলে স্বনিৰ্ভৰ অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰাৰ সপোন “স্বনিৰ্ভৰ ভাৰত অভিযানে” সাকাৰ ৰূপযে  নাপাব সেয়া ধুৰূপ ৷

  লেখকৰ ফোন নং- 9864939209

টীয়কত কাব্য গ্ৰন্থ উন্মোচন

টীয়কত কাব্য গ্ৰন্থ উন্মোচন

টীয়ক

বৰ্তমান মানুহ ছচিয়েল মিডিয়াত ব্যস্ত। কাব্য গ্ৰন্থ পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ দৈনন্দিন জীৱনৰ ব্যস্ততাত কমি গৈছে। সেয়ে এতিয়া সাধাৰণ মানুহক কবিতা তথা সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিবলৈ লগতে সাহিত্যৰ সৃষ্টিৰ মানদণ্ড অখুন্ন ৰাখিবলৈ ছচিয়েল মিডিয়াতে অসমৰ নবীন প্ৰবীন বহুতো কবি সাহিত্যিকৰ সমাহাৰত আজিৰ পৰা আঢ়ৈ বছৰৰ পূৰ্বে শব্দ শিল্প কাঁচিয়লি নামৰ এক ফেচবুক গোটৰ জন্ম দিয়া হৈছিল। ইতিমধ্যে বিগত সময়ত এই গোটটোৱে ৰাইজৰ মাজত সমাদৰ লাভ কৰাত বহুকেইটা উন্নত মানদণ্ডৰ কবিতাৰ সমাহাৰে এটা সংকলন প্ৰকাশ কৰাৰ দিহা কৰা হৈছিল। ‘কা’ আন্দোলন আৰু এতিয়া ক’ভিড-১৯ ভয়াবহতাত গ্ৰন্থখনি সম্পূৰ্ণ হোৱাৰ পাছতো উন্মোচন কৰিব পৰা নাছিল গোটটোৱে। সেয়ে আজি টীয়কৰ গোৱাল গাঁওস্থিত টীয়ক জুনিয়ৰ কলেজৰ প্ৰেক্ষাগৃহত শব্দ শিল্প কাঁচিয়লি নামৰ কবিতা সংকলনখন অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাৱে উন্মোচনৰ ব্যৱস্থা কৰা হয়। ক’ৰোনাৰ ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অৱলম্বন কৰি এই অনুষ্ঠানত গোটৰ সভাপতি দেৱজিত হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে আৰু তাৰ পাছতেই টীয়ক জুনিয়ৰ কলেজৰ অধ্যক্ষ ড° ধীৰেন কলিতাই কাব্য গ্ৰন্থখনি উন্মোচন কৰে। উক্ত কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ টীয়ক শাখাৰ সম্পাদক কবি বিমান শইকীয়া, উপসভাপতি অৰূপ হাজৰিকা, সহ সম্পাদক শিখা ভূঞা, মদন পাগবন্ধাকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। শব্দ শিল্প কাঁচিয়লি কাব্য গ্ৰন্থখনি সম্পাদনা কৰিছে দেবজিত হাজৰিকা আৰু ববী দত্তই।

মিৰ্জাৰ লোহাৰঘাটত লকডাউনৰ সময়ছোৱাত যুৱকৰ অভিনৱ সৃষ্টি

ৰূপজ্যোতি ৰাভাৰ হাতৰ পৰশত গছৰ পাতত প্ৰাণ পায় উঠিছে কেইজন মান বৰেণ্য শিল্পীৰ প্ৰতিছব্বি

নামখলা

অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাট মহমাৰাং গাঁৱৰ ধীৰেন ৰাভাৰ পুত্ৰ ৰূপজ্যোতি ৰাভাৰ হাতৰ পৰশত গছৰ পাতত প্ৰাণ পাই উঠিছে কেইজনমান বৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি। লকডাউনৰ সমযছোৱাত ঘৰতে আবদ্ধ থাকি ৰূপজ্যোতি ৰাভাই আঁহত গছৰ পাতত সৃষ্টি কৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণু প্ৰসাদ ৰাভা, মামণি ৰয়ছম গোস্বামী, শংকৰদেৱ, ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে মহান শিল্পীসকলৰ প্ৰতিচ্ছবি। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰা তথা হাইস্কুল টেট উৰ্ত্তীণ ৰূপজ্যোতি ৰাভাই আঁহত গছৰ পাতত প্ৰথমে কলমেৰে আকি পিছলৈ ব্লেডেৰে কাটি কাটি সৃষ্টি কৰিছে এনেদৰে বৰেণ্য শিল্পীসকলক। এনে প্ৰতিচ্ছবিবোৰ অংকন কৰিবলৈ হ’লে আঁহত গছৰ পাত বেছি সুবিধাজনক বুলি জানিবলৈ দিয়ে৷ আনহাতে ৰূপজ্যোতি ৰভাই সময় পালেই গছৰ তলত বহি নিৰিবিলি প্ৰাকৃতিক পৰিবেশত অংকন কৰে৷

ৰাজ্যত হুৰাহুৰে বাঢ়িছে ক’ৰোনা ৰোগী : বহিঃৰাজ্যৰ পৰা অহা গোলাঘাটৰ ১৮ গৰাকীৰ দেহত ক’ৰোনা

গোলাঘাট

হুৰাহুৰে বৃদ্ধি পাইছে ৰাজ্যত  ক’ৰোনা ৰোগীৰ সংখ্যা৷ ক’ৰোনাতংকৰ মাজতে সোমবাৰে পুৱা ভাগতে আহিল গোলাঘাটৰ বাবে দুখবৰ৷ জিলাখনত বহিঃৰাজ্যৰ পৰা অহা ১৮ গৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ পোৱা গৈছে৷ ইয়াৰে ৫ গৰাকী মহিলা৷ তথ্য অনুসৰি ক’ৰোনা ভাইৰাছ ধৰা পৰা লোকসকল হ’ল ক্ৰমে (পুৰুষ)ঃ দেৱজিৎ চুতীয়া (২০), মেৰাপানী, বিশাল বিশ্বকৰ্মা (২৫) শিশুপানী, লোকেশ্বৰ দাস (২২) নলনীপথাৰ, বিশ্বজিৎ কৰ্মকাৰ (২৩) মেৰাপানী, বিতু দলে (২২)মেৰাপানী, সঞ্জয় সোণাৰী (২৪) মেৰাপানী, বিতুপন সোণোৱাল (২৪) মেৰাপানী, হৰিপ্ৰসাদ বৰুৱা, (৩১) মেৰাপানী, দউকন চুতীয়া (২৪) কাছমাৰী, ফজল পেগু (২৩) গমাৰী, যদুমনি বৰুৱা(২৭) কাছমাৰী, দীপক গগৈ (৩৩) মেৰাপানী, বুদ্ধেশ্বৰ ৰবিদাস (৩১) মেৰাপানী আৰু  মহিলাসকল ক্ৰমেঃ বন্তি সোণোৱাল (৪২) মেৰাপানী, লক্ষী দাস, (৩৫) নলনীপথাৰ,  নিতুমনি দাস (১৯) নলনীপথাৰ, পৰী চুতীয়া (২৩) মেৰাপানী, মানসী বৰা(২১) মধুপুৰ৷ আক্ৰান্ত আটাইকেইগৰাকী গোলাঘাট জিলা প্ৰশাসনে সাজু কৰি ৰখা কুৱাৰেণ্টাইন কক্ষ মহেশ্বৰী ভৱনত ৰখা হৈছিল৷ বিয়লিলৈ এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

বহিঃৰাজ্য মুম্বাইৰ পৰা শ্ৰমিক ৰে’লত আহি থকা লোকৰ মাজত খাদ্যৰ বাবে হাহাকাৰ

লংকা

লকডাউনৰ পূৰ্বে বহিঃৰাজ্যত আবদ্ধ হৈ থকা বহু লোকক প্ৰতিদিনেই ৰে’লৰ জৰিয়তে আনি থকা হৈছে অসমলৈ৷ যোৱা নিশা মুম্বাইৰ পৰা ৰে’লৰ জৰিয়তে অসমলৈ অহা শ্ৰমিক ৰে’লখনত খাদ্যৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ ৰে’লখনত অহা কিছু যাত্ৰীবাহী লোক খাদ্যৰ অভাৱত শাৰীৰিক অসুস্থটো ভুগিব লগা হৈছে৷ যোৱা নিশা ৮ বজাৰ পৰা ৰে’লখনত অহা যাত্ৰীসকলে কোনো খাদ্য  খাবলৈ পোৱা নাই বুলি অভিযোগ উঠিছে। উক্ত ৰে’লখনত অসমৰ বিভিন্ন জিলাৰ লোক থকাৰ লগতে আছে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লোক৷ এফালে ৰমজান মাহৰ ৰোজা আৰু আনফালে ঈদত এনেদৰে ৰে’লত খাবলৈ নোপোৱাত  সাংবাদিকক এনেদৰে ভিজুৱেল পঠাই চৰকাৰৰ পৰা সুবিধা বিচাৰিছে উক্ত ৰে’লখনৰ যাত্ৰীসকলে। অনতিপলমে যাত্রীসকলৰ দুৰ্দশা অনুধাবন কৰি যাত্ৰীসকলক সুবিধা প্ৰদান কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে।

ধুবুৰীত কোৱাৰেণ্টাইন চেণ্টাৰত সোমাল বৰষুণৰ

ধুবুৰীত কোৱাৰেণ্টাইন চেণ্টাৰত সোমাল বৰষুণৰ

ধুবুৰী

আজি চাৰিদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ আৰু ইয়াৰ উপনৈ, বিলৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভাবুকিৰ সৃষ্টি হৈছে। ইতিমধ্যে গদাধৰ, গংগাধৰ, গৌৰাংগ নৈৰ বাঢ়নী পানীয়ে গোলকগঞ্জ, চাপৰ, বিলাসীপাৰাৰ ব্যাপক অঞ্চল প্লাবিত কৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ আনহাতে আজি ধাৰাষাৰ বৰষুণৰ পানী ধুবুৰী চহৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰে। চহৰৰ বিভিন্ন অঞ্চলে পানী প্রৱেশ কৰাত যাতায়াত ব্যাবস্থা বন্ধ হৈ পৰে। ইপিনে আজি ধুবুৰী চহৰত থকা চৰকাৰী বয়েজ হায়াৰ ছেকেনডাৰী স্কুলৰ কোৱাৰেণ্টাইন চেণ্টাৰত বৰষুণৰ পানী প্রৱেশ কৰাত লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়।