Home Blog Page 3423

নগাঁৱৰ হাতীজুযোৱাত বেংক চি এছ পিৰ অবাধ লুন্ঠন । হাতৰ ছাপ ব্যৱহাৰ কৰি ভূৱা একাউন্টৰ জৰিয়তে একাধিক আঁচনিৰ ধন লক্ষ লক্ষ টকা আত্মসাতৰ অভিযোগ ।

নগাঁও

 দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চি এছ পি কেন্দ্ৰ। সংশ্লীষ্ট স্থানীয় বেংক সমূহত পঞ্জীয়নভুক্ত গ্ৰাহক সেৱাৰ এই চি এছ পি কেন্দ্ৰ সমূহত সীমিত লেনদেনৰ বাবে গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু অশিক্ষিত ৰাইজে সহজে বেংক একাউন্ট খুলি ধন সঞ্চয় কৰাৰ লগতে চৰকাৰ জন ধন আচঁনি, প্ৰধানমন্ত্ৰীৰ বীমা যোজনা, ৰন্ধন গেছ, প্ৰধানমন্ত্ৰীৰ কৃষি সন্মান নিধি আচঁনি, সংখ্যালঘু ছাত্ৰ-ছাত্ৰী বৃত্তি, জব কাৰ্ড  আদিকে ধৰি বহু আচঁনিৰ অধীনত হিচাধিকাৰীয়ে একাউন্ট খুলিছিল । একাউন্ট খোলাৰ পিছত অধিকাংশ চি এছ পিয়ে ৰাইজৰ সৰলতাৰ সুযোগ লৈ কোটি কোটি টকা সম্পদ গঢ়ি তুলি চহৰে-নগৰে বিলাসী অট্টালিকা সাজি তোলাতহে ব্যস্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিৰ জৰিয়তে প্ৰতি ৪ মাহৰ মূৰে মূৰে কৃষক সকলৰ বেংক একাউন্টত দুহেজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই অভিলাসী আচঁনিত একাংশ বিজেপিৰ নেতা পালি নেতা আৰু একাংশ বিষয়া কৰ্মচাৰীয়ে বেংকৰ চি এছ পিৰ বাণিজ্যিক প্ৰতিনিধিৰে মিলি প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকৰ নামত একাউন্ট খুলি কোটি কোটি টকা লুন্ঠন কৰাৰ অভিযোগ সৰ্বত্ৰে উঠাৰ সময়তে নগাঁও জিলাৰ গ্ৰামীণ বিকাশ বেংক ৰাইদঙীয়া শাখাৰ অধীনত থকা হাতীযুজোৱা চি এচ পিৰ  বাণিজ্যিক প্ৰতিনিধিয়ে ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। প্ৰথম অৱস্থাত এই চি এচ পিৰ স্বত্বাধিকাৰী আনজাৰ হুছেইন আছিল যদিও বিভিন্ন অনিয়ম-দুৰ্নীতিৰ তথ্য ধৰা পৰাত বেংক কৰ্তৃপক্ষই তেওঁৰ চি এচ পিটো কিছুদিন পূৰ্বে বন্ধ কৰি দিয়ে। পৰৱৰ্তী সময়ত বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি পুণৰ তেওঁৰ পত্নী ৰেজিনা বেগমৰ নামত চি এচ পিটো মুকলি কৰিবলৈ সক্ষম হয়। এই চি পিটোৰ জৰিয়তে স্বামীৰ পদাংক অনুকৰণ কৰি একেই দুৰ্নীতি অনিয়মত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। উত্থাপিত অভিযোগ অনুসৰি পত্নীৰ নামত থকা চি এচ পিৰ জৰিয়তে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আচনিত শ শ ভূৱা কৃষকৰ নাম সন্নিবিষ্ট কৰি লক্ষ লক্ষ টকা আনজাৰে আত্মসাত কৰিছে বুলি সৰ্বত্ৰ চৰ্চা চলিছে। নগাঁও জিলাত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধি আচনিত সংঘটিত কৰা দুৰ্নীতিৰ মুল নায়ক আনজাৰ হুছেইন বুলি অঞ্চলজুৰি চৰ্চা লাভ কৰিছে। অকল ইমানেই নহয়, সংখ্যালঘু ছাত্ৰ বৃত্তি, জব কাৰ্ড আদিকে ধৰি অন্যান্য আচনিতো বহু ভূৱা হিতাধিকাৰীৰ নামত ভুৱা একাউন্টৰ জৰিয়তে তেওঁ কোটিপতি হ’বলৈ সক্ষম হৈছে। যাৰ বলত তেওঁ নামে বেনামে সম্পত্তি ক্ৰয় কৰাৰ ওপৰিও বিলাসী গাড়ী ক্ৰয় কৰি দপদপাই ফুৰি গুৰু গোহাঁই নমনা হৈছে। বিভাগীয় কৰ্তৃপক্ষই সঠিক তদন্ত কৰিলেই জুলুঙাৰ মেকুৰী উলাই পৰিব বুলি  আৰ টি আই কৰ্মী  আব্দুল জলিল আকন্দ‌ই  অভিযোগ কৰিছে। 

প্ৰায় ৫ ঘন্টীয়া উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হ’ল ছাত্ৰৰ মৃতদেহ । নলবাৰীৰ শুকেকুছিত শোকাকুল পৰিবেশ ।

প্ৰায় ৫ ঘন্টীয়া উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হ'ল বানে উটুৱাই নিয়া ছাত্ৰৰ মৃতদেহ।

নলবাৰী

 উৎকন্ঠাৰ অন্তত আজি বিয়লিৰ ভাগত উদ্ধাৰ হ’ল বানে উটুৱাই নিয়া ছাত্ৰৰ মৃতদেহ । লগে লগে কান্দোনৰ ৰোল উঠিল নলবাৰীৰ চামতা অঞ্চলত । জিলাখনৰ চামতাৰ কাউচাপাৰা গাওঁৰ পুতুল আলীৰ একমাত্ৰ পুত্ৰ সন্তান মইদুল হকক  বুঢ়াদিয়া নৈৰ মথাউৰি চিগি অহা বানে উটুৱাই নিছিল ।  স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে উদ্ধাৰ অভিযান চলাই  ছাত্ৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে । ইফালে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত এক হাহাকাৰ তথা শোকাকুল পৰিবেশৰ সৃষ্টি হয় । কান্দোনত ভাগি পৰিছে মৃত কিশোৰ গৰাকীৰ পৰিয়াল সহ আত্মীয় লোকসকলে । বানপানীয়ে অৱশেষত কিশোৰ গৰাকীৰ এনে অকাল মৃত্যুৰ কাৰণ হল বুলি স্থানীয় ৰাইজে মত ব্যক্ত কৰে ।

বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ ভৱিষ্যত কোন দিশে !

এ জে আকন্দ‌, নগাঁও 

অসমৰ এগৰাকী বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ। নামেই যাৰ পৰিচয়। হোজাই সমষ্টিৰ বিজেপি দলৰ এইগৰাকী বিধায়কে সততে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম প্ৰায়ে দখল কৰি আহিছে। বিশেষকৈ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্যৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। কেতবোৰ সাম্প্ৰদায়িক আৰু নিচ মন্তব্যৰ বাবে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত এইজন বিধায়কৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা শতাধিক ছুইছেগৈ। এনে এগৰাকী সাম্প্ৰদায়িক নেতাক গ্ৰেপ্তাৰৰ দাবী সৰ্বস্তৰৰ লোকে উত্থাপন কৰাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰাতো দূৰৰে কথা আৰক্ষীয়ে আজিলৈকে সোধা পোচা কৰিবলৈ সাহস গোটাব পৰা নাই। তদুপৰি, একমাত্ৰ শাসকীয় দলৰ বিধায়ক হোৱাৰ বাবেই তেওঁক আৰক্ষীয়ে থানালৈ মাতি পঠিয়াবলৈ সাহসো কৰা নাই। কিন্তু ইয়াৰ বিপৰীতে ধিঙৰ বিধায়ক আমিনুল ইছলামকে ধৰি অন্যান্য বহু বিতৰ্কিত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। বিতৰ্কিত মন্তব্য কৰি আত্ম সন্তুষ্টি লাভ কৰি ভাল পোৱা বিধায়ক শিলাদিত্য দেৱে শেহতীয়াকৈ নিজৰ দলৰ একাংশ নেতাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰাত ৰাজনৈতিক মহলত ব্যাপক আলোড়ন সৃষ্টি কৰি আহিছে। তেওঁ কৰা বিস্ফোৰক অভিযোগ অনুসৰি, বিজেপিৰ একাংশ নেতা-পালিনেতা কয়লাকে ধৰি বিভিন্ন চিণ্ডিগেটত জৰিত হৈ আছে। আনকি, দলটোৰ এটা প্ৰভাৱশালী চক্ৰ‌ই এই চিণ্ডিগেট চক্ৰটোক ৰক্ষণাবেক্ষণ দি অহাৰো গুৰুতৰ অভিযোগ তোলা এইগৰাকী বিধায়কে অলপতে হোজাইলৈ গ্ৰামোন্নয়নৰ কামৰ পৰ্যবেক্ষণ কৰিবলৈ অহা গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেকো ৰেহাই দিয়া নাই। মন্ত্ৰী গৰাকীকো সমালোচনা কৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি অহা এই জন বিধায়ক কাৰ আৰ্শীবাদত আবোল তাবোল মন্তব্য কৰিবলৈ সাহস পাইছে এই লৈ বিভিন্ন মহলত চৰ্চা লাভ কৰিছে। এইগৰাকী নেতাক নাকি লগাব পাৰিবনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এয়াই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। ইপিনে, সমষ্টিবাসীৰ সৰ্বাঙ্গীন উন্নয়নত মন নিদি সততে বিতৰ্কিত মন্তব্য কৰা এই গৰাকী বিধায়কৰ ভৱিষ্যত এতিয়া কোন দিশে এই লৈয়ো সমষ্টিখনৰ ভোটাৰ ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে। তেওঁৰ বিতৰ্কিত মন্তব্য‌ই সমষ্টিবাসী মন জয় কৰিব পাৰিবনে  ? এই লৈয়ো ৰাজনৈতিক মহলত গুনাগথা চলিছে। অনাগত দিনত নিজৰ দলীয় শীৰ্ষ নেতৃত্ব‌ই তেওঁক কেনেদৰে গ্ৰহণ কৰে, সেয়াও পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।

সনাতন ডেকাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিলে হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে ।

সনাতন ডেকাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিলে হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে ।

নলবাৰী

অসমত চৰকাৰ আৰু প্ৰশাসনক ভেঙুচালি কৰি নিৰিহ জনতাৰ ওপৰত অসুৰ ৰুপে থিয় দিছে একাংশ গুণ্ডাবাহিনীয়ে । ইয়াৰ সাক্ষী হিচাবে ৰৈ গল হাজোৰ সনাতন ডেকাক পৰিকল্পিতভাৱে কৰা হত্যাকাণ্ড । সনাতন ডেকাক ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰা দেখিছিল ৰাইজে আৰু এই  হত্যাকাণ্ডৰ ঘটনা প্ৰত্যেক্ষ কৰা ১১ পৰিয়ালক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে মাফিয়াৰাজ ফইজুল হকৰ গুণ্ডাবাহিনীয়ে । আৰু আজি সেই বিষয় সন্দৰ্ভত এনে অসুৰ তথা অমানৱীয় ঘটনা সংঘটিত কৰা লোক কেইজনক দৃষ্টান্তমূৰক শাস্তি প্ৰদানৰ দাবীত  নলবাৰীস্থ হৰিমন্দিৰ চকত হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে । হিন্দু ক্ৰান্তি দলৰ কৰ্মী সকলে জয় শ্ৰীৰাম ,হত্যাকাৰীক ফাচী দিয়ক,তুষ্টিকৰন ৰাজনীতি বন্ধ কৰক, সনাতন ডেকাক ন্যায় দিয়ক আদি বিভিন্ন শ্লোগানেৰে নলবাৰী চহৰখনৰ পৰিবেশ উত্তাল কৰি তোলে । উক্ত কাৰ্যসূচীত জিলাৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে হিন্দু ক্ৰান্তি দলৰ অভিযোগ চৰকাৰে সম্পুৰ্ণ ভাৱে তুষ্টিকৰনৰ ৰাজনীতি কৰিছে কিয়নো লাফিকুল ইছলামৰ মিত্যুত তেওলোকে ২০ লাখ টকা আৰু এটা চাকৰি প্ৰদান  কৰিছে,তেনে ক্ষেত্ৰত সনাতন ডেকাক কিয় ২ লাখতে সমাপ্তি হল । তাতোকৈ দুখৰ বিষয় যিটো পৰিয়ালৰ আশ্ৰয় বাবে হাহাকাৰ তেনেক্ষেত্ৰত কুলিৰ দৰে নেদেখা ভাও জোৰো হাজোৰ বিধায়িকা গৰাকীয়ে এই সময়তেহে পকী ঘৰ প্ৰদান কৰিলে আগতে কিয় নকৰিলে । সেয়েহে হিন্দু ক্ৰান্তি দলৰ স্পষ্ট কথা সনাতন ডেকাৰ পৰিয়ালক উচিত ন্যায় প্ৰদান কৰি ২০লাখ টকা আৰু এটা সামেন্য হলেও চৰকাৰী চাকৰি প্ৰদান কৰক অন্যথাই অনাগত দিনত তিব্ৰ আন্দোলন কৰিবলৈ বাধ্য হম । লগতে সংযোজক গৰাকীয়ে কয় য়ে সম্প্ৰীতিৰ পীঠ স্থলী  হাজোত কিয় নৃশংস হত্যাকাণ্ড হল,আৰত আছিল নেকি পুৰ্ববংগীয় ইছলামিক পন্থি, সকলো তথ্য পোহৰলৈ অনাৰ বাবে দাবী কৰিছে সংযোজক গৰাকীয়ে । আৰু নিৰপেক্ষতাৰ সুযোগ লৈ আইনী মেৰপেচত যাতে হত্যাকাৰী সাৰি যাব নোৱাৰে তাৰ বাবে দৃষ্টি আকৰ্ষন কৰিবলৈ অসমবাসীলৈ আহ্বান জনাইছে হিন্দু ক্ৰান্তি দলে।

নুমলীগড়তপুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধিঃ অঞ্চল জুৰি শোকৰ ছাঁ ।

নুমলীগড় আৰক্ষী চকীৰ অধীনস্থ দৈগ্ৰোং চাহ বাগিচাত আজি একেটা পৰিয়ালৰে তিনিটিকৈ দেৱশিশু পুখুৰীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ।

মুৰফুলনী

 গোলাঘাট জিলাৰ মৰঙি মৌজাৰ নুমলীগড় আৰক্ষী চকীৰ অধীনস্থ দৈগ্ৰোং চাহ বাগিচাত আজি একেটা পৰিয়ালৰে তিনিটিকৈ দেৱশিশু পুখুৰীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সমগ্ৰ মৰঙিবাসীকে শোকস্তব্ধ কৰি তুলিছে। ঘটনা বিবৰণী অনুসৰি দৈগ্ৰোং চাহ বাগিচাৰ ১১ নং লাইনৰ শেৱানুজ খেৰিয়াৰ দুই পুত্ৰ তিনি বছৰীয়া ইচ্ছা খেৰিয়া  আৰু ছবছৰীয়া সঞ্জয় খেৰিয়া  লগতে শেৱানুজ খেৰিয়াৰ ভাতৃ পাটৰাজ খেৰিয়াৰ পুত্ৰ তিনিবছৰীয়া দেৱাশীষ খেৰিয়া একেলগে খেলি আছিল। আন দিনাৰ দৰে আজিও মাক দেউতাক চাহ বাগিচালৈ কামৰ বাবে যোৱাত আইতাকৰ সৈতে ঘৰতে থৈ গৈছিল শিশুকেইটিক । আইতাকে ঘৰৰ কামত আত্মনিয়োগ কৰাৰ সময়লৈকে তিনিও শিশুৱে চোতালতে উমলি আছিল। কিন্তু কিছু সময়ৰ পাছত তেওঁ লক্ষ্য কৰে যে শিশু তিনিটি  চোতালত নাই।  লগে লগে স্থানীয় লাইনৰ চৌদিশে শিশু কেইটিক বিচাৰি চলাথ কৰে। শেষত ঘৰৰ পাছফালে সমীপতে থকা এটা পুখুৰীলৈ লক্ষ্য কৰাত এটি শিশু পানীত উপঙি থকা প্ৰত্যক্ষ কৰে। তৎক্ষণাত আইতাক গৰাকীয়ে পুখুৰীত নামি আন দুটি শিশুকো পানীত ডুব যোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে। ঘটনাক কেন্দ্ৰ কৰি বাগিচাখনত হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু তিনিটি শিশুকে তাৎক্ষণিকভাৱে লেটেকুজান চাহ বাগিচা চিকিৎসালয়লৈ নিয়া হয়, কিন্তু চিকিৎসকে শিশু কেইটিৰ ইতিমধ্যেই মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পিছত নুমলীগড় আৰক্ষীক বিষয়টো অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশু তিনিটিৰ মৃতদেহ  মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

সোণতলীত দলং মেৰামতি কাম আৰম্ভ কৰিলে ঠিকাদাৰে : দৈনন্দিন বাৰ্তাত প্ৰকাশ হৈছিল দলং নিৰ্মানৰ দুৰ্নীতিৰ অভিযোগ ৷

সোণতলীত দলং মেৰামতি কাম আৰম্ভ কৰিলে ঠিকাদাৰে

সোণতলী

  বৃহস্পতিবাৰৰ পৰা আৰম্ভ হল আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ দলংৰ মেৰামতিৰ কাম ৷ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে SOPD ৰ অধীনত ৬৮ লাখ টকাৰ এখন কাঠৰ দলংখন নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ তাৰে কিছুদিন পিছত মিৰ্জাস্থিত পৰেশ কলিতা নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত  দক্ষিণ কামৰূপৰ সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ  দলংখন নিৰ্মানৰ কাম আৰম্ভ কৰে যদিও প্ৰথমৰ পৰাই নিম্নমানৰ সামগ্ৰী দলংখনত ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে ৷ সেই বাতৰি যোৱা ২০ মে’ তাৰিখে দৈনন্দিন বাৰ্তাৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হৈছিল ৷ দৈনন্দিন বাৰ্তাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতেই ঠিকাদাৰক কালিৰে পৰা দলংখন মেৰামতিৰ কাম আৰম্ভ কৰে৷ উল্লেখযোগ্য যে, এবছৰ নহওঁতে দলংখনৰ মাজৰ অংশ তলপিনে  বহিগৈ হালি যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে শংকিত হৈ পৰিছিল ৷ যিকোনো মুহূৰ্তত ডাঙৰ দুৰ্ঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকোট  হৈ পৰিছিল দলংখনত ৷ কুৰিখনতকৈ অধিক গাঁৱৰ একমাত্ৰ যাতায়ত ব্যৱস্থা এই দলংখন বন্ধ হৈ পৰিলে স্তব্ধ হৈ পৰাৰ উপক্ৰম হৈছিল বৃহত্তৰ আৰিকাটি- পানীখাইতীকে ধৰি বহু কেইখন গাৱঁৰ ৰাইজৰ ৷ 

নাজিৰাৰ শিমলুগুৰি জংচনত দ্বিতীয় খন শ্ৰমিক এক্সপ্ৰেছত বহি: ৰাজ্যৰ পৰা আহিল ১৬ জন শ্ৰমিক । কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ ।

নাজিৰাৰ শিমলুগুৰি জংচনত দ্বিতীয় খন শ্ৰমিক এক্সপ্ৰেছত বহি:ৰাজ্যৰ পৰা আহিল ১৬ জন শ্ৰমিক

দিলীপ হাজৰিকা : নাজিৰা

প্ৰথম,দ্বিতীয়,তৃতীয়,চতুৰ্থ পৰ্য্যায়ৰ লকডাউনৰ পিছত  শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’ল জংচনত আহি পালেহি দ্বিতীয়খন শ্ৰমিক ৰেল৷ তামিলনাডু কম্বতুৰৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছ পুৱা ৯.১৫ বজাত শিমলুগুৰি জংচন আহি পোৱাৰ পিছতেই যাত্ৰী সকলক কৰোৱা হয় স্বাস্থ্য পৰীক্ষা । ইতিমধ্যে শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’লৱে জংচন আহি  পালেহি কম্বতুৰৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছ।৯ বাজি ১৫ মিনিটত মিনিটত শিমলুগুৰি ৰে’লৱে জংচন আহি পোৱা শ্ৰমিক এক্সপ্ৰেছ  প্ৰায় পাঁচ ঘন্টা পলমকৈ আহি পায়৷শ্ৰমিক ৰেলখনত উজনি অসমৰ শিমলুগুৰি ৰে’লৱে জংচন আহি পোৱাৰ লগে লগেই যাত্ৰী সকলক  শিমলুগুৰি ৰে’লৱে জংচনত  কৰোৱা হয় স্বাস্থ্য পৰীক্ষা।স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত  চৈধ্য দিনৰ কোৱাৰেণ্টাইনৰ বাবে নিয়া হয় এই সকল লোকক৷চৰাইদেউ জিলাৰ পাঁচজন আৰু শিৱসাগৰ জিলাৰ ১১ গৰাকীসহ মুঠ ১৬ জনব্যক্তি শিমলুগুৰি ৰে’লৱে জংচনলৈ এই শ্ৰমিক এক্সপেছৰ যোগেদি আহি নামিছে৷তিনিখন বাছেৰে লৈ যোৱা হৈছে ভিন্ন প্ৰান্তত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰলৈ৷ 

অসংগঠিত ক্ষেত্ৰত অতি ভয়ানক হৈ পৰিছে পৰিস্থিতি । ভাৰতত মে’ মাহতে কাম হেৰুৱালে ১২ কোটি ২০ লাখে ।

 প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ৰে’ল আৰম্ভ হোৱাৰ সময়তে পোহৰলৈ আহে নিবনুৱাৰ ছবি৷ প্ৰতিদিনে ৰে’লত নিজৰ ৰাজ্যলৈ ওভতিছে হাজাৰ হাজাৰ শ্ৰমিক৷ লকডাউন উঠিলে পৰিস্থিতি স্বাভাৱিক হ’লেও এই শ্ৰমিকসকল কৰ্ম স্থানলৈ ঘুৰি গ’লেও কাম পুনৰ পাবনে তাৰ কোনো নিশ্চয়তা নাই৷ ফলত অসংগঠিত ক্ষেত্ৰত পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে৷ এই সংক্ৰান্তত এটা বেচৰকাৰী সংগঠনে কৰা সমীক্ষা মতে যোৱা মাহত কাম হেৰুৱাইছিল ১২ কোটিৰো অধিক লোকে৷ সময়ৰ লগে লগে এই সংখ্যা যে বাঢ়িব তাক লৈ আলোচনা কৰিছে বিশেষজ্ঞ মহলে৷ ২০১৪ চনত ক্ষমতাত অহাৰ সময়ত দৰিদ্ৰ, নিন্ম শ্ৰেণীৰ কৰ্মসংস্থাপনত জোৰ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ ২০১৯ চনত দ্বিতীয়বাৰ বিপুল সংখ্যাগৰিষ্ঠতা লৈ ক্ষমতাত বহে এনডিএ৷ প্ৰতিশ্ৰুতি পুৰণত ব্যৰ্থ বুলি বিৰোধী বাৰম্বাৰ সৰৱ হৈ আছে৷ কিন্তু কেতবোৰ চেষ্টা কৰিছিল মোডী চৰকাৰে৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে তিনি মাহ লকডাউন দিয়াৰ সময়তে সেই চেষ্টাত চেঁচা পানী পৰে৷ এনেদৰে বিশেষজ্ঞ মহলে মত প্ৰকাশ কৰে৷ ফলত বৃহৎ সংকটৰ সন্মুখীন হয় কেন্দ্ৰ৷ যিমানে সময় পাৰ হৈ গৈছে সিমানে শোচনীয় হৈ পৰিছে প্ৰব্ৰজিত শ্ৰমিকৰ অৱস্থা৷ বেচৰকাৰী ক্ষেত্ৰত কর্মসংস্থান, অর্থনীতিৰ গতিপ্রকৃতি লৈ গৱেষণা আৰু সমীক্ষাকাৰী বেচৰকাৰী সংস্থা চেণ্টাৰ ফৰ মণিটাৰিং ইণ্ডিয়ান ইক’নমি (চিএমআইআই)ৰ তৰফৰ পৰা দাবী কৰা মতে কেৱল মাত্ৰ মে’ মাহতে কাম হেৰুৱাইছে ১২ কোটি ২০ লাখ মানুহে৷ প্ৰব্ৰজিত শ্ৰমিক ঘৰলৈ ঘুৰি যোৱাৰ চিত্ৰই ইয়াক নুবুজালেও কর্মস্থলত বন্দী হৈ থকাসকলক ধৰিলে তেওঁলোক বৰ্খাস্ত হোৱা নাই৷ কিন্তু প্ৰব্ৰজিত শ্ৰমিক ৰে’ল আৰম্ভ হোৱাত ভয়াৱহ চিত্ৰ ভাহি অহাৰ আৰম্ভ কৰে৷ চিএমআইআইৰ এই প্ৰতিবেদনত কোৱা হৈছে যে সকলোতকৈ বেছি ক্ষতি হৈছে দিন হাজিৰা কৰা শ্ৰমিক আৰু যিসকলে নিজে সৰু সৰু ব্যৱসায় কৰে সেইসকল লোকৰ৷ ইয়াৰ মাজত ফুটপাথৰ ব্যৱসায়ী, নিৰ্মাণ উদ্যোগৰ শ্ৰমিক, ৰিক্সা-অ’ট’ চালক আদি পেশাৰ লোকসকল৷ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বহুজাতিক পৰামৰ্শদাতা সংস্থা আইপিই গ্ল’বেলৰ মতে ভাইৰাছক এৰি বেছিভাগ মানুহ মৰিব অভাৱত৷ সংস্থাৰ পৰিচালন সঞ্চালক অশ্বজিৎ সিঙে কয়, বহু বছৰ ধৰি দৰিদ্ৰতা দূৰীকৰণত ভাৰত চৰকাৰে কৰা সকলো প্ৰচেষ্টা মাত্ৰ কেইটামান মাহতে বিফল কৰি দিছে৷

ডবকাৰ চাংমাজীত অঘটন ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে এজনক ৷

ডবকাৰ প্ৰতিবেদক

হোজাইত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে আজি ডবকাত সংঘটিত হল অঘটন ৷ ডবকাত বাঢ়নী পানীয়ে এজন যুৱকক উটুৱাই লৈ যায় ৷ যুৱকজন চাংমাজী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৰহিম উদ্দিনৰ ২৫ বছৰীয়া  পুত্ৰ ইকৰাম হুছেইন বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকৈ সন্ধান নাই যুৱকজনৰ ৷ এই ঘটনাই ডবকাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখালৈকৈ কোনো সন্ধান উলিয়াব পৰা নাই ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৰৱ প্ৰতিবাদঃ ভয় দেখুৱাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতি বিষম হ’ব : বলদেৱ তেলীক শীঘ্ৰে এৰাৰ দাবী ।

দিলীপ হাজৰিকা : নাজিৰা

– নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি জনতাৰ অধিকাৰ নস্যাৎ কৰা চৰকাৰৰ ধাৰবাহিক কাণ্ডৰ প্ৰতিবাদ কৰিছে । শীঘ্ৰে চৰকাৰে এনে কাৰ্য্যৰ পৰিণতি ভূগিবলৈ সাজু হ’ব লাগিব বুলিও আঙুলী টোঁৱাই কয় যে কেৱল “কা” বিৰোধী আন্দোলন কৰাৰ বাবেই আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি বলদেৱ তেলীক আবাস গৃহৰ পৰা উঠাই নি গ্ৰেপ্তাৰ কৰা কাৰ্য্য চূড়ান্ত ভাৱে নিন্দনীয় । কভিড১৯ ৰোগৰ বাবে চৰকাৰে জাৰি কৰি ৰখা লকডাউনৰ অনুশাসনত বৰ্ত্তি ৰোৱা অৱস্থাত পুলিচে গ্ৰেপ্তাৰ কৰি পেলোৱা কাৰ্য্য মুঠেও গ্ৰহণ যোগ্য হ’ব নোৱাৰে । যদি নাগৰিকে আইন ভংগ কৰে গ্ৰেপ্তাৰৰ বাবে সংবিধান প্ৰতিষ্ঠতি আইন আছে আৰু সেই আইনত গণতান্ত্ৰিক প্ৰমূল্যৰ নীতি আছে । লকডাউনৰ সময়ত গ্ৰেপ্তাৰ কৰি অনা কাৰ্য্য কেৱল অগণতান্ত্ৰিক নহয় মানৱতাৰ বিৰুদ্ধেও অন্যায় । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জীৱনৰ অতিক্ৰম কৰি অহা খিনিলৈ আঙুলিয়াই দি দেৱব্ৰত শইকীয়াই কয় “তেওঁ নিজে সংগ্ৰামী সত্বাৰ মাজেৰে চৰকাৰ বিৰোধী  আন্দোলনৰ নেতৃত্ব দি আজিৰ ৰাজনৈতিক পথাৰত ভৰি দি মুখ্যমন্ত্ৰী হৈছে, গতিকে   আমাৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নল’ব” । মুখ্যমন্ত্ৰীক এনে কাৰ্য্যৰ যোগেদি প্ৰশাসন ব্যৱস্থাক বিপৰ্য্যস্ত নকৰিবলৈ আহ্বান জনায় । অসমৰ স্বাৰ্থৰ পৰিপন্থী আৰু চৰকাৰৰ  জনবিৰোধী নীতিৰ প্ৰতিবাদ কৰা ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতিতে ৰাইজ সদল বলে মাৰ-বান্ধি ৰাজপথলৈ ওলাই আহিব আৰু প্ৰশাসন বিপদত পৰিব বুলি উল্লেখ কৰে দলপতিজনে । ধাৰাবাহিক ভাৱে গণতান্ত্ৰিক আন্দোলন কৰি চৰকাৰৰ নীতিৰ বিৰোধিতা কৰিলেই বিজেপি চৰকাৰখনে গ্ৰেপ্তাৰ কৰি পুলিচৰ ভয় দেখুৱায়.। আন্দোলনকাৰীক বাকৰূদ্ধ কৰাৰ কাণ্ডক প্ৰতিবাদ জনোৱা বিৰোধী দলপতিজনে দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰী দেৱাঙ্গনা কলিতা আৰু তেওঁৰ সহপাঠী গৰাকীৰ গ্ৰেপ্তাৰৰো  প্ৰতিবাদ কৰে.। এনে স্বৈৰাচাৰী চৰকাৰী পন্থাই কভিড১৯ বিপৰ্য্যয়ৰ মাজত ৰাজনৈতিক বাতাবৰণটোকে বিনাশ ঘটোৱা বুলি কয় ।