Home Blog Page 3424

নাজিৰাত অনুপ,দাদু,ধুনুৰ ছত্ৰছায়াত দিনে নিশাই অবৈধ মাটি খনন : কোৰাণেৰে ধন চপাইছে আৰক্ষী,ৰাজহ চক্ৰ কাৰ্যালয় কৰ্মচাৰীয়ে : বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন ।

দিলীপ হাজৰিকা : নাজিৰা 

— শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগৰ একাংশ বিষয়া আৰু নাজিৰা মহকুমাৰ একাংশ আৰক্ষী বিষয়াৰ ছত্ৰছায়াত নাজিৰা মহকুমাৰ অন্তৰ্গত শেনআলি,চানবেচা,বাউলীমৈদাম,কপহুৱা,মাদুৰি,মঠিয়াছিগা,মেজেঙ্গা,নামতি,গেলেকীত  দিনে নিশাই চৰকাৰক ৰাজহ ফাঁকি দি ভু-মাফিয়া সকলে অবৈধ মাটি খনন অব্যাহত ৰাখি সন্ত্ৰাস চলাই আহিছে | গুৰু গোঁসাই নামানি নাজিৰা নগৰত পুৱাৰ পৰা গধূলিলৈকে অবৈধ মাটি গাড়ীৰ বাবে জনজীৱন স্তব্দ হৈ পৰিছে | আজিৰ পৰা তিনিমাহ ধৰি নাজিৰাৰ একাংশ আৰক্ষী,বনবিষয়াক সাপ্তাহিক ধনৰ টোপোলা আগবঢ়াই ভূ-মাফিয়াসকলে লাখ লাখ টকা ৰাজহ ফাঁকিৰে বনবিভাগৰ বিনা অনুজ্ঞাপত্ৰে অবৈধ মাটি খনন অব্যাহত ৰাখিছে | নাজিৰা মহকুমা প্ৰশাসনৰ চকুৰ সন্মুখতে ভূ-মাফিয়া সকলে ৰাজহ ফাঁকিৰে মাটি খনন কৰি থকাৰ পিছতো কিন্ত সেইসকলক নাকী লগাবলৈ সক্ষম হোৱা নাই | নাজিৰা মহকুমালৈ নৱনিয়ুক্তি হৈ অহা মহকুমাধিপতি সম্প্ৰতি গোস্বামীকো নাজিৰা জ্যেষ্ঠ নাগৰিক,জাতি-জনগোষ্ঠীয় সংগঠন লগতে সৰ্বসাধাৰণ ৰাইজে অবৈধ মাটি,বালি খননৰ বিষয়ে অৱগত কৰি আহিছে যদিও মহকুমাধিপতি গৰাকী চকু মুদা কুলি ভাৱত নিমগ্ন হৈ আছে বুলি ৰাইজে অভিযোগ তুলিছে | উল্লেখ্য যে নাজিৰা ৰেৱতী কপহুৱা অঞ্চলত থকা অএনজিচিৰ এটা তৈলখাদৰ চৌহদৰ মাটি অনুপ,দাদু নামৰ ভু-মাফিয়া দুজনে আৰক্ষীক ধনৰ টোপোলা আগবঢ়াই মাটি খনন কৰি নি:শেষ কৰিলে | স্থানীয় ৰাইজে এই সন্দৰ্ভত প্ৰশাসনক বাৰম্বাৰ অৱগত কৰিছিল যদিও ৰাইজৰ কথালৈ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰিলে | বৰ্তমান অনুপ,দাদু এই ভূ-মাফিয়া দুজনে আৰক্ষীক ধনেৰে মেনেজ কৰি নাজিৰা বিভিন্ন প্ৰান্তত বনবিভাগৰ নথিপত্ৰ অবিহনে অবৈধ মাটি খনন কৰি সংবাদ মাধ্যমকো বৃথাংগুষ্ঠ দেখুৱাই সন্ত্ৰাস চলাই আহিছে | গ্ৰামাঞ্চলৰ বাট পথৰ পৰা নাজিৰা নগৰৰ মাজেৰে যোৱা ঐতিহাসিক  ধোদৰ আলিটো সম্পূৰ্ণ বিধস্ত কৰি তুলিছে অবৈধ মাটি গাড়ীসমূহে | পুৱাৰে পৰা নগৰত চলাচল কৰি থকা মাটি গাড়ী সমূহৰ বাবে বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলো ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও প্ৰশাসনে আজিকোপতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই | নগৰত তীব্ৰ বেগেৰে অবৈধ মাটি,বালি গাড়ীসমূহ চলাচল কৰি সন্ত্ৰাস চলাই অহাৰ ফলত পদপথেৰে অহাযোৱা কৰা পথচাৰী সকলৰো জীৱনৰ প্ৰতি ভয়ংকৰ ভাবুকি আহি পৰিছে | উল্লেখ্য যে বৰ্তমানৰ শাসনাধিস্ত চৰকাৰখনৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ এজন ব্যক্তি নাজিৰাত থকাৰ হেতুকে সেইজন ব্যক্তিৰ নাম লৈ একাংশ প্ৰশাসনিক বিষয়াই এফালৰ পৰা মাটি,বালি,শিল,কয়লাৰ পৰা কোৰাণেৰে খমখমীয়া অবৈধ ধন সংগ্ৰহ কৰাৰো এক অভিযোগ উত্থাপিত হৈ আহিছে | সংবাদ মাধ্যমত এই সমগ্ৰ দুৰ্নীতিৰ কথা সবিস্তাৰে প্ৰায়ে প্ৰকাশ হৈ থকাৰ ফলত সংবাদসেৱী সকলৰ ওপৰতো ক্ষোভিত হৈ পৰিছে একাংশ আৰক্ষী | জিলা বনবিভাগৰ এচাম বিষয়াই অবৈধ মাটি,বালি মাফিয়া সকলৰ বিৰুদ্ধে নাজিৰাত অভিযান চলাবলৈ আহি ৰাইজক এখন নাটক দেখুৱাই পিছমূহুৰ্ত্তত বিলাসী হোটেলত চাহ,ভাত খোৱাৰ চলেৰে মোটা কমিচনৰ ধন সংগ্ৰহ কৰি অহা ঘটনাও সৰ্বজনবিদিত | এনেদৰেই পাহাৰসম দুৰ্নীতিৰে পৰিপূৰ্ণ হৈ পৰিছে নাজিৰা প্ৰশাসন যন্ত্ৰটো | ৰাজ্যৰ মূখ্যমন্ত্ৰীয়ে দূৰ্নীতিৰ ক্ষেত্ৰত যিমানেই শূণ্যসহনশীলতা গ্ৰহণ কৰি আহিছে নাজিৰাত একাংশ প্ৰশাসনিক বিষয়াই সিমানেই দুৰ্নীতিৰে পাহাৰ সদৃশ সম্পত্তি গঢ়ি তুলিছে | নাজিৰাত ৰাজনৈতিক একাংশ নেতা-পালিনেতাৰ লগতে একাংশ জাতি-জনগোষ্ঠীয় কেইজনমান নেতাৰ নাম লৈ  ভূ-মাফিয়াৰ পৰা আৰম্ভ কৰি বালি,শিল,কয়লা,অএনজিচিৰ তেল,লোহা চোৰ পৰ্যন্ত এক বৃহৎ ছিণ্ডিকেট চক্ৰ গড় লৈ উঠিছে | নাজিৰাত জাতি জনগোষ্ঠীয় সংগঠনৰ একাংশ নেতাই নেতাগিৰি দেখুৱাই নাজিৰাৰ দুই এজন সংবাদসেৱীৰ কান্দত ভৰ দি একাংশ সংবাদসেৱীকো ধনৰ টোপোলা আগবঢ়াই এখন বৃহৎ ক’লা সাম্ৰাজ্য গঢ়ি তুলিছে | ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি চৰকাৰী বিষয়ালৈকে বিভিন্ন অজুহাত দেখুৱাই ব্লেক মেইলিং কৰি এই চক্ৰটোৱে নাজিৰাৰ সংবাদ মাধ্যমকো ভয় ভাবুকি প্ৰদান কৰি অহাৰো নজিৰ আছে |

বৰঘূলী আক্ৰমণৰ লগত জড়িত দুজন গ্ৰেপ্তাৰ । ২৬ মে’ত সংঘটিত হৈছিল জল সম্পদ বিভাগৰ ঠিকাদাৰ-কৰ্মচাৰী আক্ৰমণৰ ঘটনা ।

কলিয়াবৰ

কলিয়াবৰ মহকুমাৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ মাজতে সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। যোৱা ২৬ তাৰিখে কলিয়াবৰ বৰঘূলীত গৰাখহনীয়া প্ৰতিৰোধত নিয়োজিত একাংশ ঠিকাদাৰ,জলসম্পদৰ কৰ্মচৰীক আক্ৰমণত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ।  ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত  ১০৯/১২০বি/১৪৭/১৪৮/১৪৯/৩৩৮/৩৩২/২৯৪/৩০৭ নম্বৰ ধাৰাত চৈধ্যজন অভিযুক্তৰ বিৰুদ্ধে ৩৩/২০২০ নম্বৰ গোচৰ উলুৱনী আৰক্ষী নিৱেশত পঞ্জীয়ন হৈছিল। চৈধ্যজন অভিযুক্তৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে‌। ধৃত অভিযুক্ত দুজনক জিয়াবুৰ ৰহমান আৰু চাইফূল ইচলাম বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ‍্য যে, ঈদৰ পিচদিনাই ব্ৰহ্মপুত্ৰই খহাই নিছিল অঞ্চলটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এটা আৰ. চি. চি. মছজিদ। সেই ক্ষোভৰ মাজতে ব্ৰহ্মপুত্ৰত পাৰ্কুপাইনৰ কাম কৰি থকা ঠিকাদাৰৰ কৰ্মচাৰী আৰু কৰ্মী ৰাইজৰ ৰোষৰ বলি হ’ব লগা হয়। ক্ষোভিত ৰাইজে শিলগুটি আৰু ইটাৰে কৰা আক্ৰমণত মেচিন নাওখনত থকা কেইবাজনো কৰ্মচাৰী আৰু কৰ্মী আঘাটপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। এখন মেচিন নাৱেৰে বৰঘূলিৰ মছজিদৰ খহনীয়াৰ বুজ ল’বলৈ অহা জলসম্পদ বিভাগৰ ঠিকাদাৰ-অভিযন্তাক পহু খেদা দিয়ে।

কুসুমটোলাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ ।

কুসুমটোলাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ ।

জামুগুৰিহাট

জামুগুৰিহাটৰ কুসুমটোলাত আজি কেইগৰাকী মান যুৱকে এটি দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়ে। কুসুমটোলাৰ ঐতিহাসিক শুকান পুখুৰীৰ সমীপৰ বাকৰিত প্ৰায় ১৫ কেজি ওজনৰ কাছটো দিনৰ ২ মান বজাত বিচৰণ কৰি থকা স্থানীয় দুজন মান যুৱকে প্ৰত্যক্ষ কৰে আৰু ইয়াৰ পিছতে কাছটো কৰায়ত্ব কৰি স্থানীয় যুৱক মিন্টু নাথে কুসুমটোলাস্হ বনবিভাগৰ লগত যোগাযোগ কৰে।পিছত ঘটনাস্হলীত বনবিভাগৰ লোক উপস্থিত হৈ কাছটো লৈ আহে ।জানিব পৰা মতে দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ষষ্ঠ সংযোজনৰ বিলত অহা কাইলৈ বনবিভাগে এৰি দিব।কাছটো উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়াৰ বাবে সচেতন ৰাইজে স্থানীয় যুৱক কেইজনক প্ৰশংসা কৰিছে ।

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খাইছে একাংশ কৰ্মী-বিষয়া-মুখ্য সেৱিকাই । ১২০ টকাৰ বিপৰীতে অংগনবাদী কৰ্মীয়ে বিলাইছে নিম্ন মানৰ ডেৰ-দুই কেজি পৰিমাণৰ শিশু খাদ্য ।

 এ জে আকন্দ‌, নগাঁও

শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰূপহীত সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে। আন সময়ৰ কথাতো বাদেই কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি বলবৎ কৰা দীঘলীয়া তলাবন্ধৰ সময় ছোৱাতো দৰিদ্ৰ পৰিয়ালৰ শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুৰ আহাৰৰ নামত আবন্টিত ধনৰ ওপৰতো সামুহিক লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত সমাজ কল্যাণ বিভাগৰ অধীণস্থ অংগণবাড়ী কেন্দ্ৰ সমূহ বন্ধ হৈ থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা অনুসৰি প্ৰতিটো অংগণবাড়ী কেন্দ্ৰৰ শিশু সকলক পুষ্টিকৰ খাদ্যৰ বাবদ প্ৰতিদিনে আঠ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবে প্ৰতিদিনে ১২ টকাকৈ দিয়াৰ ব্যৱস্থা কৰে। সেই মৰ্মে ইতিপূৰ্বে অংগনবাড়ী কেন্দ্ৰসমুহৰ বেংক একাউন্টত চৰকাৰে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা দিয়ে। সেই মৰ্মে ১৫ দিনত প্ৰতিটো শিশুৰ বাবদ ১২০ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবদ ১৮০ টকাকৈ চৰকাৰে আবন্টন দিয়ে। সেই ধনৰে অংগণবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে হিতাধিকাৰীৰ ঘৰলৈ গৈ পুষ্টিকৰ শিশু খাদ্য সামগ্ৰী যোগান ধৰিব লাগে। উত্থাপিত অভিযোগ অনুসৰি, ৰূপহীহাটৰ একাংশ অংগনবাড়ী কেন্দ্ৰ‌ই পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত ১৫ দিনৰ বাবদ ঠাই বিশেষ মাত্ৰ এক-ডেৰ কেজি চাউল, আধা কেজি দাইল, অলপ চয়াবিন যোগান ধৰি ব্যাপক পৰিমাণৰ লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে। যি একাংশ শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুক খাদ্য সামগ্ৰী যোগান ধৰিছে তাৰ মূল্য মাত্ৰ ৮০ টকা মানহে হ’ব বুলি সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। এইদৰে প্ৰতিটো শিশুৰ বিপৰীতে আবন্টিত ধনৰ এটা অংশ আত্মসাৎ কৰা হৈছে বুলিও ৰাইজে অভিযোগ কৰিছে। এই ধন ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পাৰুল তামুলী, একাংশ মুখ্য সেৱিকা, অংগণবাড়ী কেন্দ্ৰৰ কৰ্মী, কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতিৰ মাজত ভাগ বটোৱাৰা হয় বুলিও অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২৯৪টা অংগনবাড়ী কেন্দ্ৰ আছে। ইয়াৰে দুই কুৰিৰো অধিক কেন্দ্ৰ কেৱল কাগজে কলমেহে চলি আছে। অথচ বিগত দিন সমূহত সেই অংগণবাড়ী কেন্দ্ৰ সমূহৰ নামতো প্ৰতিমাহে শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতিক পুষ্টিকৰ খাদ্য খুওৱাৰ নামত হেজাৰ হেজাৰ টকা আত্মসাৎ কৰি আহিছে। সমাজ কল্যাণ বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, তলাবন্ধৰ বাবে অংগণবাড়ী কেন্দ্ৰ সমূহ বন্ধ থাকিলেও সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অংগণবাড়ী কেন্দ্ৰ সমূহলৈ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ বাবে নিয়মীয়াকৈ চাউল-মটৰৰ যোগান অব্যাহত আছে। সেই অনুসৰি, ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পটোৰ অধীণস্থ প্ৰায় অধিকাংশ অংগণবাড়ী কেন্দ্ৰ সমূহলৈ প্ৰতি হিতাধিকাৰীৰ বিপৰীতে ৮২ দিনৰ বাবে খাদ্য সামগ্ৰী আবন্টন দিয়া হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰতি গৰাকী গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ বাবে প্ৰতি দিনে ১০০ গ্ৰামকৈ চাউল, ৬০ গ্ৰামকৈ মটৰ, প্ৰতিটো শিশুক প্ৰতি দিনে  ৮০ গ্ৰামকৈ চাউল আৰু ৩০ গ্ৰামকৈ মটৰ যোগান ধৰিব লাগে। সেই হিচাপত প্ৰতি গৰাকী গৰ্ভৱতী মহিলা আৰু প্ৰসূতিক ৮২ দিনৰ বিপৰীতে ৮ কেজি দুশ গ্ৰামকৈ চাউল, ৪ কেজি ৯২০ গ্ৰামকৈ মটৰ, প্ৰতি গৰাকী শিশুক ৮২দিনৰ বিপৰীতে ৬ কেজি ৫৬০ গ্ৰামকৈ চাউল আৰু ২ কেজি ৪৬০ গ্ৰামকৈ মটৰ যোগান ধৰিব লাগে। কিন্তু ৰূপহীৰ প্ৰায় অধিকাংশ কেন্দ্ৰৰ হিতাধীকাৰীকেই মাত্ৰ ৪-৫ কেজিকৈ চাউল আৰু ২৫০ গ্ৰামৰ পৰা ১ কেজি পৰ্যন্ত মটৰ যোগান ধৰাৰ অভিযোগ উঠিছে। উক্ত সংহত শিশু প্ৰকল্পৰ অধীনস্থ বহু অংগনবাড়ী কৰ্মীয়ে শ শ ভুৱা হিতাধিকাৰীৰ নামত পুষ্টিকৰ খাদ্য যোগান ধৰাৰ ভুৱা তথ্যৰেই হাজাৰ হাজাৰ টকাৰ ওপৰত অবাধ লুন্ঠন চলোৱাৰ অভিযোগো উঠিছে। আনকি অংগণবাড়ী কেন্দ্ৰৰ হিতাধিকাৰীৰ তালিকাত বহু ধনী আৰু সম্ভ্ৰান্ত ঘৰৰ মহিলা-শিশুৰ নাম অন্তৰ্ভুক্ত থকাত সেই সকলে যিহেতু চাউল-মটৰ কাহানিও নিনিয়ে সেয়েহে তেওঁ লোকৰ বিপৰীতে আবন্টিত খাদ্য বজাৰত বিক্ৰী কৰা হয় বুলিও অভিযোগ উঠিছে। উল্লেখ্য যে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পাৰুল তামুলী যোগদানৰ পিছৰে পৰা ৰূপহীত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হৈছে বুলি চৰ্চা হৈছে। পৰৱৰ্তী প্ৰতিবেদনত তথ্য সহকাৰী ফাদিল কৰা হ’ব।

বহিঃৰাজ্য ফেৰৎ টিংখাঙৰ তিনি আক্ৰান্ত।

টিংখাং

ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ তিনিজন লোক কৰু’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে টিংখাঙৰ বাঘমৰা গাঁৱৰ দুলেন কোঁচ(২৬)আৰু কেন্দুগুৰি নাহৰপাৰা বৰবিল গাঁৱৰ ক্ষিৰোদ বকলিয়াল(২০)।কৰু’ণা পজিটিভ বুলি চিনাক্ত হোৱা দুয়োজন যুৱক তামিলনাডুত কৰ্মৰত আছিল।দুয়োজন যুৱক ২২ মে’ত ৰেল যোগে ডিব্ৰুগড়লৈ অহাৰ পাছত চহৰখনৰ দুখন হোটেলত পৃথকে পৃথকে কোৱাৰেণ্টাইন কৰা হৈছিল।ইতিমধ্যে দুয়োজনকে ডিব্ৰুগড়ত থকা আইচলেচন ৱাৰ্ডলৈ প্ৰেৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে দুয়োজন কৰু’ণা আক্ৰান্ত ৰোগীৰে স্বাস্থ্য সুস্থিৰ।এই যুৱকদ্বয়ৰ লগতে জিলাখনৰে নামৰূপৰ ধৰ্মেন্দ্ৰ শইকীয়া (২৫)নামৰ এজন যুৱকৰ দেহতো কৰু’ণা পজিটিভ পোৱা বুলি জানিব পৰা গৈছে।ইপিনে টিংখাঙৰ দুজনকৈ যুৱকৰ দেহত কৰু’ণা পজিটিভ বুলি চিনাক্ত হোৱাৰ খৱৰে বৃহত্তৰ অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। টিংখাঙৰ শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন শিৱিৰত বহিঃৰাজ্য ফেৰৎ ১৩ জনলোকক কোৱাৰেণ্টাইন কৰা হৈছে।ইয়াৰে তিনিজন যুৱক দিল্লীৰ নিজামুদ্দিন ফেৰৎ বুলি জানিব পৰা গৈছে।কোৱাৰেণ্টাইনত থকা লোকসকলৰ নিয়মীয়াভাৱে স্বাস্থ্য পৰীক্ষা কৰা হৈছে।তদুপৰি অঞ্চলটোৰ অৰ্ধশতাধিক লোকক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে।এই সকলৰ ভিতৰত গৰিষ্ঠ সংখ্যকেই বহিঃৰাজ্য ফেৰৎ বুলি জানিব পৰা গৈছে। 

কৰ’না যুঁজত টাকুৰি ঘূৰাদি ঘূৰিছে হিমন্তবিশ্ব । স্বাস্থ্যত লাগি থাকোঁতে ক্ষতিগ্ৰস্ত হৈছে নেকি শিক্ষা,বিত্ত,গড়কাপ্তানী, পৰ্যটন,পেঞ্চন আদি বিভাগবোৰ ?

যোৱা আঢ়ৈমাহ বিৰতিবিহীন কৰ'না যোদ্ধাৰ নাম হ'ল অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা।

চন্দ্ৰ কুমাৰ বৰুৱা


যোৱা আঢ়ৈমাহ বিৰতিবিহীন কৰ’না যোদ্ধাৰ নাম হ’ল অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা। পুৱাৰ পৰা শেহনিশালৈ প্ৰতিদিনাই সমানে ব্যস্ত আৰু সক্ৰিয় । সাত শতৰুৱেও স্বীকাৰ কৰিব এই তৎপৰতাৰ কথা।অসম বা ভাৰতেই নহয়,সমগ্ৰ বিশ্ববাসী অপৰিচিত আছিল কৰ’না ভাইৰাছৰ বিষয়ত।এইভাইৰাছৰ চিকিৎসা কিদৰে কৰা হ’ব, কেনেদৰে সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি, ৰাইজক কিদৰে বুজাব লাগিব, ইত্যাদি এশ এবুৰি বিষয়ত নিতৌ পৰিকল্পনা,সিদ্ধান্ত গ্ৰহনৰ আৱশ্যকতা আছে।সমান্তৰাল ভাবে ৰাইজৰ স্বাভাবিক জীৱন যাত্ৰা অব্যাহত ৰখাৰ দায়িত্বও চৰকাৰৰে।অসমৰ স্বাস্থ্য বিভাগৰ লগতে শিক্ষা,বিত্ত,গড়কাপ্তানী,পৰিকল্পনা আৰু উন্নয়ন,পৰ্যটন,পেঞ্চন আৰু ৰজহুৱা অভিযোগ আদি পাল্লা গধুৰ আটাইকেইটা বিভাগ আছে হিমন্তবিশ্বৰ হাততে।প্ৰায় ডেৰবছৰ শিক্ষা বিভাগটো এৰি দিচিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক।তেওঁ ডেৰটা বছৰ কেৱল শিক্ষক-কৰ্মচাৰীৰে কাজিয়া কৰি কটালে।গড়কাপ্তানী বিভাগটো আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাতত। তেওৱো নোৱাৰিলে চলাব। বিত্ত বিভাগটো বিজেপিৰ কোন মন্ত্ৰীয়ে চলাব পাৰিব? পৰ্যটন একা? পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ আহুকলীয়া জেঙা মাৰিব পাৰিব পাৰিবনে বেলেগে, পেঞ্চনৰ ক্ষেত্ৰটো একেই কথা।সেয়ে যোৱা চাৰিবছৰে অখণ্ড প্ৰতাপেৰে দিছপুৰখন নিজৰ হাতৰ মুঠিতে ৰাখিছে মন্ত্ৰীজনে।তেওঁ যিমান সোনকালে আৰু তৎপৰতাৰে কথাবোৰ বুজি উঠে, বিশেষকৈ বিষয়াসকলক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত,আনৰ বাবে সেয়া ডাঙিব নোৱৰা শিলৰ দৰে গধুৰ।অৱশ্যে নকলেও হয় যে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলতে মন্ত্ৰীহিমন্তই নিজকে এনেদৰে কষটি শিলত ধাৰাল কৰিবলৈ সুযোগ পাইছিল।কিন্তু সেইজন হিমন্তবিশ্বৰ প্ৰতি এতিয়া সকলোৱে প্ৰশ্ন কৰিছে এইবুলিযে স্বাস্থ্য বিভাগত বেছি সময় দিয়াৰ বাবে বাকীবোৰ বিভাগ আধ্যা পৰিছে।অৰ্থাৎ আন বিভাগবোৰৰ কাম কাজ পিছপৰি আছে।চকু চৰহা বুলিলেও উপায় নাই,বিৰোধী দলবোৰৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই ৰাজহুৱাকৈ কৈয়েই দিলে কথাষাৰ।অতএব, মন্ত্ৰী হিমন্তৰ পৰা স্বাস্থ্যৰ বাহিৰে বাকী বিভাগবোৰ কৰ্তন কৰিবলৈ কংগ্ৰেছে দাবী কৰিলে। চৰকাৰ বিজেপিৰ হ’লেও বিভিন্ন বিভাগবোৰৰ উন্নতি নিবিচৰাকৈনো কেনেকৈ থাকে কংগ্ৰেছ দলটো? সেয়েহে অধিক স্বাস্থ্যনিৰ্ভৰ হৈ পৰাত শিক্ষা,পৰ্যটন,গড়কাপ্তানী,বিত্ত, পৰিকল্পনা,পেঞ্চন আদি বিভাগবোৰে স্বাস্থ্য হেৰুৱাইছে নেকি হিমন্তৰ আমোলত-বিষয়টো আলোচনাৰ প্ৰয়োজন নিশ্চয় আছে।।

মঙলদৈ অসামৰিক চিকিৎসালয়ত মুঠ ২ জন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ অসামৰিক চিকিৎসালয়ত মুঠ ২ জন ক'ভিড আক্ৰান্ত ৰোগী

মঙলদৈ,

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে। নতুনকৈ ভৰ্তি হোৱা ক’ভিড আক্ৰান্ত ব্যক্তিজন হ’ল লালপুলৰ নদীকাষৰ নিজামুদ্দিন আলী (২০)। বুধবাৰে আবেলি প্ৰথমজন ক’ভিড আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত নিশা আনজন আক্ৰান্তক ভৰ্তি কৰোৱা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগে দুয়োজন আক্ৰান্তকে চিকিৎসালয়ত ভৰ্তি কৰিছে। উল্লেখযোগ্য যে নিজামুদ্দিন আলী সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি হৈ আছিল ২০ মে’ ৰ পৰা। ইফালে নিজামুদ্দিনৰ লগত প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ অহা ৪ জন লোকক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰখা হৈছে। 

          আনহাতে,  চিকিৎসালয়ত ভৰ্তি হৈ থকা প্ৰথমজন আক্ৰান্ত আমিৰুল ইছলামৰ পৰিয়ালৰ ৪ জন সদস্যক বুধবাৰে আবেলি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ “চাচপেকটেড ৱাৰ্ড”ত ভৰ্তি কৰোৱাৰ পিছত নিশাৰ ভাগত আন ৪ জন প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ অহা ব্যক্তিকো এই ৱাৰ্ডত ভৰ্তি কৰোৱা হয়। তদুপৰি আমিৰুলৰ লগত পৰোক্ষভাৱে সংস্পৰ্শলৈ অহা ১৫ জন লোকক খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু কুঁৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত ৰখা হৈছে।

              ইফালে দৈনিক বহি:ৰাজ্যৰ পৰা বহুলোকৰ আগমণ জিলাখনলৈ ঘটিয়েই আছে । এই লোকসকলক কোৱাৰান্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে । বৃহস্পতিবাৰৰ দিনটোত সৰ্বমুঠ ৪১২ জন লোক কোৱাৰান্টাইন চেন্টাৰত আছে । ইয়াৰে ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৭ জন, দুনী আদৰ্শ চিকিৎসালয়ত ১ জন, জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ৬ জন, খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত ৪ জন, কুৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত শিশুসহ ১১ জন, ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলত  ৫০ জন, খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী নিবাসত ৭ জন, খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫২ জন, ছিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্রী নিবাসত ৯ জন, জৱাহৰ নবোদয় বিদ্যালয় ছাত্ৰ নিবাসত ৫৪ জন, মঙলদৈ মহাবিদ্যালয় ছাত্রী নিবাসত ১৯ জন, কেন্দ্ৰীয় বিদ্যালয় মঙলদৈত ৫৩ জন, ছিপাঝাৰ বি, এড কলেজত ২৫ জন, খাৰুপেটীয়া মহাবিদ্যালয়ত ৮০ জন আৰু উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ৩৪ জন লোক আছে ।

বহিঃ ৰাজ্যত অসমৰ গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা : মুগাৰ মাস্ক বহি:ৰাজ্যলৈ প্ৰেৰণৰ বাবে সাঁজু কৰি তুলিছে নগাঁৱৰ এগৰাকী মহিলাই ।

বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা।

নগাঁও

বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা।নগাঁও জিলাৰ চামগুৰিৰ জ্যোতি জিমলী মহন্ত নামৰ মহিলাগৰাকীয়ে শেহতীয়া ভাৱে গুজৰাট, নতুন দিল্লীকে ধৰি বহি:ৰাজ্যৰ বিভিন্ন স্থানলৈ প্ৰেৰন কৰা গামোচাৰে নিৰ্মিত মাস্কে গ্ৰাহকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় । শেহতীয়া ভাৱে জ্যোতি জিমলী মহন্তই অসম চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগ আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰস্তুত কৰিছে কেবা হাজাৰ “অসমী” ব্ৰেণ্ডৰ মাস্ক। তাঁতশালৰ উদ্যোগৰে স্বাৱলম্বী হোৱা জিমলীয়ে ধেমাজিৰ ৬ টা পৰিয়ালক লৈ আৰম্ভ কৰা তাঁতশাল উদ্যোগে বিগত সময়ছোৱাত যথেষ্ট লাভাম্বিত হৈছিল যদিও লক ডাউনৰ ফলত জিমলীৰ তাঁতশালৰ উদ্যোগ কেইদিনমানৰ কাৰণে বন্ধ হৈ পৰিছিল। সেই সময়তে উদ্যোগী মহিলা গৰাকীয়ে নতুন চিন্তাৰে  আৰম্ভ কৰিছিল গামোচাৰে প্ৰস্তুত কৰা মাস্ক বনোৱাৰ কাম।  জ্যোতি জিমলী মহন্তই তৈয়াৰ কৰা  দুহেজাৰ গামোচাৰ মাস্ক শেহতীয়াকৈ ক্ৰয় কৰিছে বিশ্ব বেংকে। গুজৰাট আৰু নতুন দিল্লীৰ কেইবাটাও প্ৰতিষ্ঠানে জিমলীৰ পৰা গামোচাৰ মাস্ক ক্ৰয় কৰি গ্ৰাহকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰাৰ পিছত এতিয়া মুগাৰ মাস্ক প্ৰস্তুতৰ বাবে জিমলী মহন্তক অনুৰোধ জনায়। ইতিমধ্যে বহি:ৰাজ্যৰ প্ৰতিষ্ঠানৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই জিমলীয়ে মুগা কাপোৰেৰে নিৰ্মিত মাস্ক  প্ৰস্তুত কৰি উলিয়াইছে  । উল্লেখযোগ্য যে মাস্ক প্ৰস্তুতকৰণৰে অসমীয়া শিপিনীক স্বাৱলম্বিতাৰ পথ দেখুওৱা জিমলী মহন্ত নামৰ মহিলা গৰাকীৰ এই সাফল্যই উৎসাহিত কৰিছে বহু অসমীয়া শিপিনীক। দুৰ্যোগৰ সময়তো দেশীয় বজাৰত অসমীয়া গামোচাৰ মাস্কৰ সমান্তৰাল ভাৱে কাপোৰৰ মাস্ক আৰু মুগাৰ মাস্কৰ চাহিদা বৃদ্ধি পোৱা ঘটনাই অসমীয়া বস্ত্ৰ উদ্যোগৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে ।

ৰাইজৰ মতামত…

“দৈনন্দিন বাৰ্তা’ কাকতৰ ৱেব পট্ৰেলত প্ৰকাশ পোৱা *নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ*”- শীৰ্ষক বাতৰিটো মোৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোত প্ৰকাশ হোৱা ধৰণে মই এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুজিৰ নামত কোনো বজাৰ মুকলি কৰা নাই। আনকি, বিভিন্ন আচনিৰ নামত ঠিকাদাৰ, বিভিন্ন নিৰ্মাণ সমিতিৰ লোকৰ পৰা প্ৰতিটো কামৰ বিপৰীতে কমিচন আদায় কৰাটো মিছা আৰু ভিত্তিহীন। জিলা পৰিকল্পনা বিষয়াৰ কাৰ্যালয়ত বিভিন্ন পুজি মোকলাই দিয়াৰ বাবে ফাইল পোট‌আপৰ নামত মানুহক হাৰাশাস্তি কৰা নাই। এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ সৰলতাৰ সুযোগ লোৱাৰ কথাটো তেনেই মিছা। মই কোনো মন্ত্ৰী-বিধায়ক বা নেতাৰ ঘনিষ্ঠ বুলি দম্ভালি মৰাটো কথাটো মনেসজা আৰু ভিত্তিহীন। সাংবাদিক আৰু আৰ টি আই কৰ্মী এ জে আকন্দ‌ক কোনো দুষ্ট চক্ৰ‌ই ভূল আৰু মিছা তথ্যৰ যোগান ধৰি মোৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাই জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। সেয়ে এনে বাতৰি পৰিৱেশন ভৱিষ্যতে নকৰিবলৈ মই বিনম্ৰ ভাবে অনুৰোধ জনাইছোঁ।

  বিজয় কুমাৰ বিশ্বাস

সহকাৰী পৰিকল্পনা বিষয়া, নগাঁও

জেঠ মহীয়া বানৰ কবলত সোণতলীৰ বহু অঞ্চলৰ কৃষি ভুমিঃ কৃষকৰ মাজত হাহাকাৰ ৷

জেঠ মহীয়া বানৰ কবলত সোণতলীৰ বহু অঞ্চলৰ কৃষি ভুমিঃ কৃষকৰ মাজত হাহাকাৰ ৷

সোণতলী

বিগত কেইবাদিন ধৰি হৈ থকা  মুষলাধাৰ বৰষুণৰ ফলত কলহী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ খেতি পথাৰ৷ জানিব পৰামতে ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ কামৰূপত সৃষ্টি হৈছে ভয়াৱহ বানৰ৷ ভয়াৱহ বানে প্লাৱিত কৰিছে বহুসংখ্যক  ৰাজহ গাও।বিশেষকৈ দক্ষিণ কামৰূপ তথা মেঘালয় পাহাৰৰ পানী নামি অহাত কলহী, জলজলী নৈৰ পানী ওফন্দি উঠিছে৷ ইপিনে কলহী নৈৰ বাঢ়নী পানীয়ে ছয়গাঁও সমষ্টিৰ লাৰুৱাজান, চাম্পুপাৰা গাঁও, চাম্পুপাৰা পথাৰ, হাতীশলাপাম, হাতীশলা গাঁও, কৰাইবিল, চৌধুৰীপাম, টপাৰ পথাৰ, অগ্ৰদূত পাম, আদি অঞ্চলৰ ইৰিধান খেতি প্লাৱিত কৰিছে৷ কলহী নৈৰ বাঢ়নী পানীয়ে অঞ্চলসমূহৰ বাট-পথবোৰ বুৰাই পেলাইছে৷ ফলত অঞ্চলবোৰ যোগাযোগ বিচ্ছিন্ন হৈছে৷ বাঢ়নী পানীয়ে শ শ বিঘা ইৰিধান খেতি বুৰাই পেলোৱাত বহুসংখ্যক পৰিয়াল আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হৈছে৷ আনহাতে বকো সমষ্টিৰ জলজলী নৈৰ বাঢ়নী পানীয়ে সোণতলী এলেকাধীন ১নং, ২নং আৰু ৩নং মালিবাৰী, ডেকাচাং, জাওকাটা, বগুৰিগুৰীৰ লগতে বহু পাৰ্শ্বৱৰ্তী অঞ্চলবোৰ প্লাৱিত কৰিছে৷ ফলত ইৰিধান খেতি সমূহ ভয়াৱহ বানে বুৰাই পেলাইছে৷ অঞ্চলবোৰৰ বাট-পথতো বানত বুৰ (ডুব) গৈছে৷ ভয়াৱহ বানৰ ফলত ছয়গাঁও, বকোৰ বানপীড়িত অঞ্চলৰ বিদ্যুৎ যোগানো ব্যাহত হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে ভয়াৱহ বান ক্ৰমান্বয়ে বৃদ্ধি পোৱাত পৰিস্থিতি জটিল ৰূপ লৈছে৷ ইফালে  ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত সোণতলীৰ আৰিকাটি, কাছাৰীপাম, পানীখাইতী, বৰ আৰিকাটি, বেজৰসুতি, কমলাপুৰ, পল্লিমংগল, গৰৈমাৰীবিলৰজান, ৰঙাপানী, টাঙনমাৰী, চাউৰদিয়া, বৰদিয়া নয়াপাৰা আদিকে ধৰি বহু অঞ্চলৰ কৃষি সামগ্ৰী সম্পুৰ্ণভাবে বানৰ কবলত পৰিছে যাৰ বাবে কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইপিনে মুখলধাৰে হৈ থকা বৰষুণৰ ফলত কে,ডি, এম হাই স্কুলৰ খেলপথাৰখনত কৃতিম বানৰ সৃষ্টি হোৱা পৰলক্ষিত হৈছে ৷