Home Blog Page 3426

প্ৰজননক্ষম মাছবোৰ ধ্বংস নকৰিব

  •  নিবেদিতা ৰাজখোৱা

 অসমৰ নদী,বিল,জলাশয় আদিত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। অসমৰ কাৱৈ, তোৰা, গৰৈ, পুঠি, চন্দা, মাগুৰ, শিঙি, বামি ইত্যাদি থলুৱা মাছবোৰৰ চাহিদা বজাৰত যথেষ্ট বেছি।অসমৰ থলুৱা মাছ বিভিন্ন ঠাইলৈ ৰপ্তানি হোৱা দেখা যায়।বাৰিষা আৰম্ভ হোৱাৰ লগে লগে চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহৰ ভিতৰত মাছবোৰ প্ৰজননক্ষমতা হৈ উঠে।মাছৰ কণীবোৰৰ আকৃতি যথেষ্ট সৰু হোৱাৰ কাৰণে এজনী মাইকী মাছে পাঁ‌চশৰ পৰা পোন্ধৰ হাজাৰতকৈ অধিক কণী দিব পাৰে।আহাৰ মাহৰ পাছত নদী,জলাশয় বোৰত মাছেৰে ওপচি পৰে।বৰ্তমান অসমত থলুৱা মাছৰ সংখ্যা কমি আহিছে।অসমৰ পানীৰ প্ৰাকৃতিক উৎস নদী,জলাশয় সমূহত নাৰ,পাভ,বাট,লাল ইত্যাদি মাছ বিলুপ্ত হোৱা দেখা গৈছে।থলুৱা মাছ সংৰক্ষণৰ প্ৰতি ভাৰতীয় মীন আইনে প্ৰৱতন কৰা থলুৱা মাছৰ আইনখনক গুৰুত্ব নিদি  মানুহে সময়ে সময়ে কণীযুক্ত প্ৰজননক্ষম মাছ নিধন কৰি আহিছে।চৰকাৰে কণী পাৰিবৰ সময়ত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিলেও চোৰাং বেপাৰীৰ লগতে গ্ৰাম্য অঞ্চলৰ এচাম মানুহ একেবাৰে সজাগ নহয়।সজাগ হোৱাৰ বিপৰীতে কণীযুক্ত মাছবোৰ ধৰি বেপাৰ কৰে।বৰষুণ পালে উজান পৰা প্ৰজননক্ষম মাছবোৰ বিভিন্ন সজুলিৰ সহায়ত ধৰি মানুহে শেষ কৰি দিয়ে।এজনী মাইকী গাভিনী মাছ ধৰাৰ ফলত কেইবা হাজাৰো মাছৰ পোৱালি ধ্বংস হয়।এনেদৰে ধ্বংস কৰি থাকিলে ৰাজ্যখন সম্পদ স্বৰূপ থলুৱা মাছবোৰ হয়তো এদিন অসমৰ নদী,বিল সমূহৰ পৰা হেৰাই যাব।

       অসমৰ থলুৱা প্ৰজাতিৰ মাছবোৰে যাতে বংশবৃদ্ধি কৰিব পাৰে তাৰ প্ৰতি মানুহ জাতিটোৱে সুবিধা আৰু গুৰুত্ব দিয়া উচিত।তেতিয়াহে অসমৰ থলুৱা তথা আলংকৰিক মাছবোৰ জীয়াই থাকিব।বিভিন্ন প্ৰজাতিৰ মাছবোৰ জীয়াই ৰখাৰ দায়িত্ব আমাৰ,ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই।প্ৰজননক্ষম থলুৱা মাছবোৰ যদি আমি ধ্বংস কৰি থাকো মাছৰ চাহিদা পূৰ্ণ কৰিবলৈ অন্ধপ্ৰদেশ,পশ্চিমবংগ আদি ৰাজ্যৰ ওপৰত অসমখন অধিক নিৰ্ভৰশীল হৈ পৰিব।সচেতনতা গঢ়ি তুলি থলুৱা প্ৰজননক্ষম আৰু আলংকৰিক মাছবোৰ ৰক্ষা কৰো আহক।

ফোন নং-৯১০১৮৩৬৯৪৪

কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত কামপুৰ

কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত কামপুৰ

নগাঁও

ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াবহতা মাজতেেই বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটোকাৰে উফন্দি উঠিছে কপলী নৈৰ পানী। আজি কপিলী নৈৰ মথাউৰিৰ ওপৰৰে পানী  বাগৰা ফলত কামপুুুৰৰ বকলুগুৰি আৰু চিমলাইকে ধৰি বিস্তৃৰ্ণ অঞ্চল প্লাবিত হৈ পৰে। বকুলগুৰি গড়কাপ্তানী পথৰ ওপৰত কপলী নৈৰ পানী বাগৰি একঁকাল পৰ্যন্ত পানী হোৱাৰ লগতে কপিলী নৈৰ পানী পথৰ ওপৰৰে তীব্ৰ বেগত বাগৰাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।পথৰ ওপৰেদি পানী বাগৰাৰ ফলতেই   বকুলগুৰি, পদুমনি আৰু চিমলাইকে ধৰি  কেইবাখনো গাঁওত পানী সোমাই এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ বকুলগুৰি আৰু চিমলাই অঞ্চলৰ প্ৰায় সহস্ৰাধিক বাসগৃহৰ ভিতৰে বাহিৰে এতিয়া পানী ৷ বহু লোক পানীৰ মাজতেই  বাসগৃহতে আবদ্ধ হয় থাকিবলগীয়া হৈছে৷ এবকু পানীৰ মাজত অঞ্চলকেইটাৰ বাসিন্দাসকলৰ লগতে পশুধনসমূহৰ বিলাই-বিপত্তি নোহোৱা হৈছে। আজি দুপৰীয়া ভাগলৈকে জিলা প্ৰশাসনৰ কোনো লোক অঞ্চলকেইটাত উপস্থিত হোৱা নাই। স্হানীয় ৰাইজে তেওঁলোকক উক্ত স্হানৰ পৰা কোনো নিৰাপদ ওখ স্হানলৈ স্হানান্তৰিত  কৰিবৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছে।

কেঁচা চাহ পাতৰ মূল্য হ্ৰাস, খেতিয়কৰ ক্ষোভ : মুখ্যমন্ত্ৰী সাহায্য প্ৰদানৰ দাবী

টিংখাং

মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো লকডাউন বলবৎ কৰা হয়। এই সময়ছোৱাত বিভিন্ন কৃষি উদ্যোগ আদি বাণিজ্যত বিস্তৰ ক্ষতি সাধন হয়। বিশেষকৈ ৰাজ্যখনৰ অৰ্থনীতিত গুৰুপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বৃহৎ চাহ উদ্যোগৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হয়। অৱশ্যে ৰাজ্যৰ চাহ উদ্যোগত ক্ষেত্ৰত চৰকাৰে লকডাউনৰ কিছু শিথিলতা অৱলম্বন কৰি উৎপাদনৰ কাম কাজত চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছৰে পৰা ৰাজ্যৰ বৃহৎ চাহ উদ্যোগৰ লগতে ক্ষুদ্ৰ চাহ বাগিচাসমূহত কাম কাজ আৰম্ভ হয়। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহ পাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱাত পুনৰ বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে।ৰাজ্যখনৰ কেবা লাখো লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত ক্ষুদ্ৰ চাহ খেতিয়কসকলে লকডাউনৰ সময়ছোৱাত ক্ষতি হোৱাৰ বাবে চৰকাৰক সাহায্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছে। চৰকাৰে এই সন্দৰ্ভত অচিৰেই এক সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ অন্যতম ক্ষুদ্ৰ চাহ বাগিচাৰে পৰিৱেষ্টিত টিংখাঙৰ খেতিয়কসকলৰ সৈতে সমষ্টিটোৰ বিধায়ক বিমল বড়াৰ সহযোগত টেলিফোন যোগে এক আলোচনাত মিলিত হৈ খেতিয়কসকলে সন্মুখীন হোৱা সমস্যাৰ বুজ লৈছিল। শেহতীয়াভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহ পাতৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছে। চলিত মাহত মাজভাগত কেঁচা চাহ পাতৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পাইছিল যদিও যোৱা দুদিনত যথেষ্ট হ্ৰাস পাইছে। জানিব পৰা মতে প্ৰতি কিল’গ্ৰাম কেঁচা চাহ পাতৰ মূল্য চাৰি পাঁচ টকাকৈ হ্ৰাস পাইছে।ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে। কেঁচা চাহ পাতৰ মূল্য হঠাতে হ্ৰাস পোৱাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।টিংখাং আঞ্চলিক সমিতিৰ উপদেষ্টা যোগেশ বিকাশ চেতিয়া সভাপতি সুবোধ কুমাৰ গগৈ আৰু সম্পাদক তপন চেলেঙে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰিবলৈ দাবী কৰিছে। জানিব পৰা মতে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহ পাত ক্ৰয় কৰা বাগিচা আৰু বটলিফ ফেক্টৰীৰ মালিকবিলাকে উন্নত মানযুক্ত পাত ক্ৰয়ৰ নামত মূল্য হ্ৰাস কৰি খেতিয়কক মাধমাৰ শোধাবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত সময়ছোৱাতো চাহ বণিক গোষ্ঠীয়ে মধ্যভোগী জৰিয়ত অতি কৌশলেৰে কেঁচা চাহ পাতৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস কৰি খেতিয়কক ৰাম টাঙোন শোধাই আহিছে।

সামাজিক দূৰত্ব আমাৰ সংকল্প হওক

  • ভুপেশ খাটনিয়াৰ

সমগ্ৰ বিশ্ববাসীক আতংকিত কৰা এটা অতি ক্ষুদ্ৰতম ভাইৰাছৰ COVI-19 বিৰুদ্ধে সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত উন্নত বহুত শক্তিশালী দেশ কেইখমানেও আজি কিছু ক্ষেত্ৰত হাৰ মানিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে যদিও কিন্তু এই যুঁজত দিনে নিশাই দৃঢ় মনোবল অটুট ৰাখি শক্তিশালী ভাবে যুঁজ দি আছে আৰু এদিন নহয় এদিন যে এই COVID-19 পৰাভূত কৰিব পাৰিব সেইটো নিশ্চিত ।আমি যদি  সমগ্ৰ পৃথিৱীৰ প্ৰেক্ষাপতৰ অন্যতম কিছুমান ঘটনা প্ৰবাহ বা কিছুমান হৈ যোৱা শক্তিশালী মহামাৰী বেমাৰৰ প্ৰতি লক্ষ্য  কৰো তেন্তে দেখিম যে সকলোবোৰৰ ক্ষেত্ৰত কিন্তু মানৱতাৰে জয় হৈছে ৷ ঠিক তেনেদৰে ক’ৰণা সংক্ৰমণৰ ক্ষেত্ৰত কিন্তু অলপ পলমকৈ হলেও মানৱতাৰ জয় হবই সেইটো নিশ্চিত।আমাৰ দেশৰ লগতে  সমগ্ৰ পৃথিৱীৰ বৈজ্ঞানিক পণ্ডিত আৰু ঔষধ নিৰ্মাণ কৰা বিজ্ঞানাগাৰ বিলাকত নিজৰ জীৱনকো তুচ্য জ্ঞান কৰি সমগ্ৰ মানৱ জাতিৰ বাবে  বৈজ্ঞানিক পণ্ডিত সকলে দিনে নিশাই যি অহোপুৰুষাৰ্থ  আৰু সাহসী প্ৰচেষ্টা অব্যাহত ৰাখি আছে তাত যে ক’ৰণা সংক্ৰমণ ক্ষেত্ৰত মানৱ জাতি এদিন জয় হব সেইটো সঁচা কথা । অসমত যদিও সংক্ৰমনৰ সংখ্যা এতিয়ালৈকে বেছি ভয়াবহ হোৱা নাই তথাপিও কিন্তু ৭৭৪ জন মানুহৰ গাত এই বেমাৰৰ লক্ষণ পোৱা গৈছে আৰু চৰকাৰৰ সহযোগ লগতে চিকিৎসা কৰ্মী সকলৰ ঐক্যবদ্ধ সাহসী সুন্দৰ প্ৰচেষ্ঠাত ইতিমধ্যে ৬২ জন ৰোগী আৰোগ্য হৈও উঠিছে ৷ মাত্ৰ আমি সকলোৱে আতংকিত নহৈ চৰকাৰে বান্ধি দিয়া নিয়ম সমূহ যদি ভালদৰে মানি চলো তেতিয়া হলে অধিক সংক্ৰমণৰ পৰা নিজক নিজে ৰক্ষা কৰাৰ লগতে সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰি উদ্ধাৰ কৰাটো সহজ হৈ পৰিব। আমাৰ দেশৰ বীৰ সৈনিক সকলে যেনেকে দেশ ৰক্ষা কৰা আৰু আমাক সুৰক্ষিত কৰাৰ স্বাৰ্থত শত্ৰু পক্ষৰ পৰা নিজকে নিজে ৰক্ষা কৰি সমগ্ৰ দেশ বাসীক উদ্ধাৰৰ বাবে নিজৰ জীৱনকো তুৎচ্য জ্ঞান কৰি সাৱধানে সুৰক্ষিত আৰু দৃঢ় মনোবল অটুট ৰাখি নিয়োজিত হৈ কাম কৰি আছে ঠিক তেনেদৰে আমি সকলোৱে সুস্থ আৰু শীতল মস্তিষ্কৰে ক’ৰণা COVID-19 ৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাবে যুঁজিবলৈ নিজকে নিজে প্ৰস্তুত কৰি তুলিব লাগিব। বহুদিন যদি লক ডাউন হৈ থাকিব হলে ক’ৰণাতকৈও অধিক ভায়াবহ ভাবে মানুহ কৰ্ম বিমুখ হৈ অনাহাৰে থাকি মৃত্যু মাতি আনিব লগা পৰিস্থিতি উদ্ভৱ হব ৷ সেয়ে আমি  ভেকচিন উদ্ভৱ নোহোৱালৈকে সকলোৱে সংকল্প বদ্ধ হব লাগিব যে আমি সামাজিক দুৰত্ব মানি মুখত মাস্ক পৰিধান কৰি পৰিস্কাৰ হৈ সাৱধানে কামো কৰিব লাগিব আৰু COVID-19 বিৰুদ্ধে যুঁজ ও অব্যাহত ৰাখিব লাগিব। শেষত সকলোকে অনুৰোধ জনাইছোঁ  বিশেষ জৰুৰী কাম নাথাকিলে আনাহকত ঘৰৰ পৰা বাহিৰলৈ নাহক ঘৰত থাকক সুৰক্ষিত হৈ থাকক আৰু চৰকাৰলৈ অনুৰোধ ৰাখিছো সকলো পক্ষকে যেনেকে পাৰে সহায় কৰক আৰু আমি অসমৰ জাতীয় জীৱনৰ সকলো শ্ৰেণীৰ মানুহৰ এজন সৈনীক হিচাপে আমি মানবতাৰ পৰিচয় দিব লাগিব | আমাৰ মানবতাৰ জয়গান দীৰ্ঘম্যাদি আচনি হব লাগে | সমাজৰ সকলো শ্ৰেণীৰ মানুহে হাতে হাত ধৰি আমাৰ এই মহামাৰী জীবন যুদ্ধ খনত জয় হব লাগিব | আমি কেতিয়াও পাহৰিব নালাগিব সামাজিক দুৰত্ব বজাই ৰখাৰ কথা, হাত দুখন পৰিস্কাৰ পৰিছন্নতাৰে ৰাখিব লাগিব, মাস্ক আমাৰ আমাৰ নিত্যব্যবহাৰিত হোৱাৰ পোচাক হওক | তেতিয়াহে আমি জীবন যুদ্ধত জিকিব পাৰিম |

লেখকৰ ফোন নং- ৯৭০৬১৪৫০৯৯

বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ শ্ৰমিকৰ প্ৰত্যাৱৰ্তন অব্যাহত : নগাঁৱত ২১জন ক’ভিড-১৯ত আক্ৰান্ত

নগাঁও

ক’ভিড-১৯ৰ সংক্ৰমণৰ আশংকাই নগাঁও জিলাবাসীক ত্ৰস্তমান কৰি ৰাখিছে। ইপিনে, তলাবন্ধৰ সময়তে বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ থকা ১৪ জনকৈ লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ইয়াকে লৈ জিলাবাসী উদ্বিগ্ন হৈ থকাৰ সময়তে জিলাখনলৈ বহিঃৰাজ্যৰ পৰা জাকে জাকে শ্ৰমিকৰ প্ৰত্যাৱৰ্তন ঘটিছে। যোৱা ১৫ মে’ৰ পৰা আৰম্ভ হোৱা শ্ৰমিকসকলৰ ওভতনি যাত্ৰা ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে। আজিও জিলাখনলৈ বহিঃৰাজ্যৰ পৰা দুখন বিশেষ ৰে’লযোগে দুশ গৰাকীৰো অধিক শ্ৰমিক নগাঁৱলৈ ওভতি আহিছে। আজি স্পেচিয়েল ৰে’ল যোগে আহি চাপৰমুখ ৰেল জংছনত নমাৰ পাছতেই শ্ৰমিকসকলক নগাঁৱলৈ আনি নেহৰুবালিত স্কীণিং সম্পন্ন কৰাৰ পাছত বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আজি জিলাখনৰ ২৩জন লোকৰ শ্বাৱৰ নমুনা সংগ্ৰহ কৰি ক’ভিড-১৯ পৰীক্ষাৰ বাবে বিজ্ঞানগাৰলৈ পঠিওৱা হৈছে। ইপিনে, আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত পুনৰ তিনি জন ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকক ভৰ্তি কৰোৱা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে। এতিয়াও জিলা খনত ৫০৩গৰাকী লোক হোম কোৱাৰেণ্টাইন আৰু ৮৮৬গৰাকী লোক বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছে। আজি পৰ্যন্ত জিলাখনৰ মুঠ ২০৪৮গৰাকী লোকৰ শ্বাৱৰ নমুণা সংগ্ৰহ কৰা হৈছে। ইয়াৰে ১০৫৩টা নমুনাৰ ক’ভিড-১৯ নিগেটিভ অহাৰ বিপৰীতে ক’ভিড-১৯ পজিটিভ ওলাইছে ১৭জন লোকৰ। অৱশ্যে এওঁলোক বহিঃৰাজ্য ফেৰৎ আৰু প্ৰত্যেকেই বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আজিৰ তাৰিখতো নগাঁৱৰ ক’ভিড হাস্পতালত ২১গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে। এওঁলোকৰ ভিতৰৰ ১৭জন নগাঁৱৰ, দুজন হোজাই আৰু দুজন কাৰ্বি আংলং জিলাৰ বহিঃৰাজ্য ফেৰৎ লোক। আনহাতে, কালি জিলাখনৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কালি ১১ জনৰ ক’ভিড-১৯ পজিটিভ ওলোৱাৰ পিছত আজি পুনৰ তিনিজন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত এই লোককেইজন কোৱাৰেণ্টাইন হৈ আছিল। এই লোককেইজন হল ধিং সোনশেৰী গাঁৱৰ আলহাজ উদ্দিন (২৮), ৰুফুল আমিন (২২) আৰু ধিঙৰ মৌখুটি গাঁৱৰ ইজাজুল হক (১৯)। উল্লেখ্য যে আজিৰে পৰা নগাঁও জিলা স্বাস্থ্য বিভাগে জিলাখনৰ কলিয়াবৰৰ মিছা হাইস্কুলত স্থাপন কৰা দ্বিতীয়টো স্ক্ৰীনিং কেন্দ্ৰত বহিঃ ৰাজ্যেৰ পৰা লোকৰ স্ক্ৰীনিং আৰু স্বাৱৰ নমুনা সংগ্ৰহ কৰাৰ কাম আৰম্ভ হৈছে। আনহাতে, অত্যাধিক কামৰ বোজাৰ বাবেই স্বাস্থ্য বিভাগৰ উৎপল দাস নামৰ এজন কৰ্মচাৰী চিকিৎসাধীন হ’ব লগা হৈছে।

সকলোতে সাম্প্ৰদায়িক দৃষ্টিভংগী কিয় ?

  • জিতু দাস

কথাবোৰ ভাবিয়ে আজিকালি সময় কটাও । বাক স্বাধীনতাক মূখত তলা লগাই থৈছোঁ ।নহ’লে কথাবোৰ ওলাই আহে সমাজৰ চকুত দেশদ্ৰোহী-বাম বাদী আখ্যা পাওঁ । সেয়ে কিছুমান অৰ্থৰ মূল বুজি নোপোৱা উগ্ৰবাদী সকলৰ পৰা এৰাই চলিছো ।কিয়নো তেওঁ লোকৰ পণ্ডিতগিৰি বোৰ সহ্য নহয় ।ইমান জ্ঞানী গুণী হল চকুৰ আগতে, ভাবিয়ে নাপাওঁ । হয়তো কিছুমান অনুষ্ঠানত তেওঁ লোকক পণ্ডিত হোৱাৰ প্ৰশিক্ষণ দিছে ।ক’বলৈ গলে বৰ্তমানৰ সমাজ ব্যবস্থাপনা আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত অধিক জ্ঞান হোৱা যেন লাগিল । জ্ঞান মানে আকৌ আচৰিত ধৰণৰ জ্ঞান যিবোৰ কথা শুনিলে আপোনাৰ মোৰ চকু কপালত উঠিব।এইবাৰ আহিছোঁ সমাজৰ প্ৰতি কোনো অৰিহণা নথকা কিছুমান ব্যক্তিৰ কথালৈ ।ফেচবুকত লাইভ আহি বুদ্ধিজীৱীৰ পৰিচয় দিয়া একাংশ উগ্ৰবাদীৰ কথালৈ ।তেওঁ লোকৰ মতে সাম্প্ৰদায়িক  সংঘৰ্ষ হব লাগে ।যিকোনো বিষয় অনবৰতে সাম্প্ৰদায়িকতা ৰূপ দি ভাল পাই তেওঁ লোকে ।নেদেখে একে বৰ্ণৰ মানুহক একে বৰ্ণই কৰা লুন্ঠন,শোষণ আৰু ধৰ্ষণ ।সিহঁতৰ চকু কেৱল  আন ধৰ্মাৱলম্বী লোকৰ ওপৰতে ।যদি  মোৰ মাতৃক কোনোবাই ডাইনী সন্দেহত হত্যা কৰে তেতিয়া সেইসকল নিমাতী কন্যা । ফেচবুকত লাইভ আহি পৰ্যালোচনা নকৰে লাইভ নাহে আৰু বিষয় বোৰ শ্বেয়াৰ নকৰে । কিয়নো তেওঁ লোক একে বৰ্ণৰ একেই ধৰ্মৰ ।তেতিয়া ধৰ্মৰ সুৰক্ষাৰ কথা ও নাহে ।কিন্তু আন ধৰ্মাৱলম্বী লোকেই কৰিলে ফেচবুকত সাম্প্ৰদায়িকতা ভৰি পৰে আৰু সমগ্ৰ যুৱ সমাজক উচটনি দি উগ্ৰ কৰি তুলি তোলপাৰ লগাই ।চোচিয়েল মেডিয়াৰ মজিয়া । ধিক তোমালোকৰ অন্ধ মানসিকতা ।এইবাৰ আহিছোঁ সনাতন ডেকাৰ হত্যা কাণ্ড লৈ ।সাধাৰণ শাক পাচলি বেপাৰীজনক উগ্ৰবাদী কেইজন মান যুবকে সাধাৰণ কথাত হত্যা কৰিলে । আমি বিচাৰোঁ এই হত্যাকাৰী কেইজন উচিত শাস্তি পাওক আৰু ঘৰখনে ন্যায় পাঁওক ।আগৰ পৰাই এইখন দেশত সাধাৰণ মানুহৰ তেনেই নিৰপত্তাক  লৈ সন্দেহ হয় ।সাধাৰণ লোকক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি অহা বনিক সকলে নুবুজে মৌলিক প্ৰয়োজন, আশা আকাংক্ষা আৰু হতাশাগ্ৰস্ত মনোভাৱৰ তিক্ত বেদনা ।কেৱল মডাৰৰ ফুলৰ দৰে প্ৰকৃতিখনত থাকিব লাগে তেনেকৈয়ে আছে জীয়াই দুমুঠিৰ বাবে  সংগ্ৰাম কৰি ।আজি ঘটনাটোৰ বাবে এটা প্ৰশ্ন হে উথ্থাপিত হব লাগিছিল যে সাধাৰণ লোকৰ ওপৰত আৰু কিমান দিন চলিব এনে নিৰ্বিকাৰ অত্যাচাৰ অন্যায় আৰু প্ৰশাসনৰ নীৰৱতা ।তাকেই নকৰি এচাম দলীয়  সংগঠনে ইয়াক সাম্প্ৰদায়িকতা হে ৰং সানিব ধৰিলে ।ধৰ্মৰ প্ৰতি ইমান শ্ৰদ্ধা থকা হে ধৰ্ম ৰক্ষক সকল, যেতিয়া কোনোবা দৰিদ্ৰ ভণীক মহাজনৰ ল’ৰাই ধৰ্ষণ কৰি অন্তা  সত্বা কৰি হত্যা কৰে তেতিয়া তোমাৰ ধৰ্ম কত হেৰাই ; কোম্পানীত ১২ ঘণ্টা শ্ৰম কৰি উচিত মজুৰি নাপাই আত্মহত্যা কৰে তেতিয়া আপোনাৰ ধৰ্ম কত হেৰাই ; আপোনালোকেই আমাৰ এই সুন্দৰ সমাজখনক দ্বিখণ্ডিত কৰাত প্ৰধান ভূমিকা গ্ৰহণ  কৰা নাইনে ; অনাগত প্ৰজন্মক মানুহ হ’বলৈ শিকোৱাৰ পৰিবৰ্ত্তে সাম্প্ৰদায়িকতাৰ পাঠ পঢ়াই হিংস্ৰ কৰিব খুজিছে নেকি ; ৬০বছৰীয়া বৃদ্ধা আইতাক ডাইনী সজাই যেতিয়া প্ৰহাৰ কৰে তেতিয়া আপোনালোক ফেচবুকত লাইভ আহিবলৈ সময় কিয় নহয় ; ধিক !সনাতন ডেকাৰ দৰে আমাৰ বহুত সাধাৰণ লোকক হত্যা কৰা হল তেতিয়া আপোনাৰ ধৰ্ম বাহিনী বোৰ   কত হেৰাই থাকিল ; পিতৃ মাতৃক অকলশৰে এৰি পলায়ণ কৰা সেই কাপুৰুষ সকলক এক শিকা দিবলৈ আপোনাৰ আহৰি কিয় নহয় ; কিয় কটাব লগা হয় ভগবান স্বৰূপ পিতৃ মাতৃ বৃদ্ধাশ্ৰমৰ এন্ধাৰ কোঠাত ; সনাতন ডেকাৰ ঘটনাৰ দৰে একেই ঘটনা সংঘটিত হোৱা পৰাগজ্যোতি নেওগৰ ক্ষেত্ৰত নিমাত কিয় l তেওঁক একেই বৰ্ণৰ লোকেই হত্যা বাবেই নিমাত নেকি ; আমি বিচাৰোঁ ঘটনাবোৰৰ উচিত তদন্ত হৈ দোষীয়ে উচিত শাস্তি পাওঁক ।
সকলোবোৰ বিষয় সাম্প্ৰদায়িকতা ম্লান হওঁক । কোনো কাৰণতে যাতে দোষীয়ে সাৰি যাব নোৱাৰে তাৰবাবে সঠিক প্ৰতিবাদ আৰু  জনমত হওঁক । সাধাৰণ লোকৰ জীৱন নিৰাপত্তা সুনিশ্চিত হওঁক । আইনী প্ৰক্ৰিয়াৰ মেৰফেকত ধুলি দি যে যাতে এই সকল আঢ্যৱন্ত লোক সাৰি যাব নোৱাৰে তাৰবাবে প্ৰশাসনক বাধ্য কৰাওক ।।কিন্তু এইবোৰৰ ওলোটা কৰিলে আমাৰ দৰে প্ৰজন্মই কেতিয়া ও মানুহ হৈ মানুহৰ বাবে কাম কৰিব নোৱাৰিম ।

লেখকৰ ফোন নং- 8723098756 

কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত এলেকাত ১৪৪ ধাৰা জাৰি

কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত এলেকাত ১৪৪ ধাৰা জাৰি

কলিয়াবৰ

সমাগত বাৰিষাৰ বান। বানৰ ভয়াবহতাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সকলো প্ৰকাৰে তৎপৰ হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন, জাৰি কৰিছে ১৪৪ ধাৰা। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এলেকাত উদ‍্যানৰ পৰা পানী বঢ়াৰ লগে-লগে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিব উদ‍্যানৰ জীৱকূল। ৰাষ্ট্ৰীয় পথত বাহনৰ গতি নিয়ন্ত্ৰণৰ লগতে ৰাইজৰ সমাগমৰ ওপৰতো প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰি নিৰ্দেশনা জাৰি কৰিছে মহকুমা প্ৰশাসনে। আনহাতে, ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই সমাগত বানৰ প্ৰতি লক্ষ‍্য ৰাখি টঙালি বান্ধিছে জীৱকূলক ৰক্ষা কৰিবলৈ।

শিমলুগুৰিত শ্ৰমিক এক্সপ্ৰেছত চাৰি জিলাৰ ৪১ যাত্ৰীৰ আগমন

শিমলুগুৰিত শ্ৰমিক এক্সপ্ৰেছত চাৰি জিলাৰ ৪১ যাত্ৰীৰ আগমন

নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰিৰ ৰে’লৱে জংচনত আজি বিয়লি প্ৰথমবাৰৰ বাবে বহিঃৰাজ্যৰ পৰা শ্ৰমিক এক্সপ্ৰেছ যোগেদি অহা ৪১ গৰাকী যাত্ৰীক নমোৱাৰ পাছত কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰা হয় ৷ যোৱা দুই-তিনি দিন ধৰি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ব্যাপক প্ৰস্ততি চলোৱাৰ অন্তত বিয়লি ৩ বজাত চেন্নাইৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছৰ যোগেদি শিমলুগুৰিত শিৱসাগৰ জিলাৰ ৭ গৰাকী, চৰাইদেউ জিলাৰ ৩১ গৰাকী, ডিব্ৰুগড় জিলাৰ ২ গৰাকী আৰু তিনিচুকীয়াৰ ১ গৰাকী যাত্ৰী নামে৷ শিমলুগুৰিত স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰাৰম্ভিক পৰীক্ষাৰ অন্তত শিৱসাগৰ জিলাৰ নাজিৰাৰ দুজনক গড়গাঁও মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ, শিৱসাগৰৰ ৫ গৰাকীক শিৱসাগৰৰ আৰু চৰাইদেউৰ ৩১ গৰাকীক নিজ নিজ জিলাৰ প্ৰতিনিধিৰ যোগেদি কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ যোৱাৰ লগতে বাকী ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কেইজনক উক্ত জিলালৈ প্ৰেৰণ কৰাৰ ব্যবস্থা কৰা হয়৷ আজি শিমলুগুৰিৰ ৰে’লৱে জংচনত মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে সম্পূৰ্ণ তদাৰক কৰাৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক উপস্থিত থাকে৷ আনহাতে নাজিৰা মহকুমা কোৱাৰেণ্টাইন তদাৰকী কমিটিৰ সভাপতি বিধায়ক দেবব্ৰত শইকীয়া, উপাধ্যক্ষ ময়ুৰ বৰগোহাঁই, উপদেষ্টা প্ৰহ্লাদ গোৱালা প্ৰমুখ্যে মহকুমা আৰক্ষী বিষয়া দ্বীপজ্যোতি তালুকদাৰ  উপস্থিত থাকে৷ আনহাতে নাজিৰাৰ গড়গাঁও মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত কালি সন্ধিয়া পৰ্যন্ত ৪৪ গৰাকী ব্যক্তি কোৱাৰেণ্টাইনত আছিল আৰু ১২ গৰাকীক ঘৰলৈ পঠোৱাৰ ব্যবস্থা কৰা হয় বুলি জানিব পৰা গৈছে।

খাৰুপেটীয়াত ক’ৰোনাত আক্ৰান্ত যুৱক

খাৰুপেটীয়া

 খাৰুপেটীয়াত এজন যুৱকৰ শৰীৰত ক’ৰোনা পজিটিভ হোৱাৰ সন্দেহৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে দৰং জিলাৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং আৰিমাৰী গাঁৱৰ আমিনুল ইছলামে শিক্ষাগ্ৰহণৰ উদ্দেশ্যে মুম্বাইলৈ গৈছিল। মুম্বাইৰ পৰা চাৰিজন যুৱক ক্ৰমে বুঢ়ীগাঁৱৰ তৰিকুল ইছলাম আৰু তফিকুল ইছলাম, চিকনমাটিৰ জুমৰ আলী, বাইগৰমাৰীৰ আক্ৰামুল হক ঘৰলৈ যাত্ৰা কৰিছিল যদিও লকডাউনৰ বাবে পশ্চিম বঙ্গৰ হাওৰাত থাকিবলৈ লয়। দুমাহ হাওৰা এজন আলহীৰ ঘৰত থাকি চলিত মাহৰ ১৪ তাৰিখে তাৰ পৰা পঠিয়াই দিয়ে৷ যুৱককেইজনে এএছ ২৫ ডিচি ৯৮২৪ নম্বৰৰ চাৰিচকীয়া বাহনেৰে খাৰুপেটীয়ালৈ যাত্ৰা আৰম্ভ কৰে। চলিত মাহৰ ২১ তাৰিখে যুৱক কেইজনে স্ব-ইচ্ছাই গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰায়। পিছ দিনা অৰ্থাৎ চলিত মাহৰ ২২ তাৰিখে ঘৰত আহি উপস্থিত হৈ সচৰাচৰ সকলোৰে লগত উঠা বহা কৰি আহিছে যুৱক কেইজন। অাকস্মাৎ বৃহস্পতিবাৰে ৰাতি আৰিমাৰী গাঁৱৰ আমিনুল ইছলাম নামৰ যুৱকজনৰ শৰীৰত ক’ৰোনা পজিটিভ থকা বুলি ফোন যোগেৰে জনোৱা হয়। পিছ দিনাৰ পৰাই গাঁওখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। বুধবাৰে আমিনুল ইছলামসহ পৰিয়ালৰ চাৰিজন ব্যক্তিক জিলা প্ৰশাসনে মঙলদৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখে পৰিয়ালটোক। আনহাতে বাইগৰমাৰী গাঁৱৰ আক্ৰামুল হক নামৰ যুৱকজনকো কোৱাৰেণ্টাইন চেণ্টাৰলৈ যোৱা হয়। তেওঁৰ লগত অহা এই ব্যক্তিসকলকো চিনাক্ত কৰি আছুতীয়া কক্ষত ৰখাৰ লগতে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। ইয়াৰ উপৰি গাঁৱত থকা সময়ছোৱাত আমিৰুল যিসকললোকৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোককো বিচাৰি উলিয়াবলৈ প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে।

মাজুলীত এন এম অ’-এবিভিপিৰ ৰক্তদান শিবিৰৰ আয়োজন

বনগাঁও

নেচনেল মেডিক’জ অৰ্গেনাইজেছন, অসমৰ উদ্যোগত অহা ৩১ মে’ তাৰিখে বিশ্ব ধঁপাত নিষেধ দিৱসৰ সৈতে সঙ্গতি ৰাখি আৰু অসমৰ চিকিৎসালয় সমূহৰ খালি থকা ব্লাড বেংকত পৰ্যাপ্ত ৰক্ত জমা কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। অন্যান্য জিলাৰ দৰে মাজুলীতো নেচনেল মেডিক’জ অৰ্গেনাইজেছন চমুকৈ এন এম অ’ৰ উদ্যোগত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মাজুলী জিলাৰ সহযোগত অহা ৩১ মে’ৰ পুৱা ১০ বজাত গড়মূৰস্থিত পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। এক বিবৃতিত ৰক্তদান শিবিৰৰ আয়োজক তথা এবিভিপিৰ নেতা বিশ্বজিৎ খাউণ্ড আৰু সেৱা ভাৰতীৰ সংগঠক বাবুল নেওগে মাজুলীবাসী ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনায়৷ কোনো ব্যক্তিয়ে ৰক্ত দিবলৈ ইচ্ছা কৰিলে ৬০০০৭০৩৯৪৬ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকদ্বয়ে আহ্বান জনায়।