Home Blog Page 3440

চাহ বাগিচা কৰ্তৃপক্ষৰ হিটলাৰী নীতিৰ বিৰুদ্ধে সৰৱ আটছা স্বতন্ত্ৰ : দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীৰে জিলা উপায়ুক্তক স্মাৰকপত্ৰ

নাজিৰা

  লকডাউনৰ সময়ছোৱাত চৰকাৰে পত্ৰ নং এল ই ১৬/২০১৮/৪০৩৫-৯৮ তাৰিখ ২১ মাৰ্চ , ২০২০ যোগেদি অসমৰ সমগ্ৰ চাহ বাগিচা কৰ্তৃপক্ষক আদেশ জাৰি কৰে যে চাহ বাগিচাৰ স্থায়ী-অস্থায়ী, শ্ৰমিক, উপ-কৰ্মচাৰী আৰু কৰ্মচাৰীসকল শ্ৰম আইনৰ অধীনত লাভ কৰি অহা প্ৰাপ্যসমূহৰ লগতে সাহায্যৰ ধন আদায় দিব লাগে। কিন্তু বাগিচা কৰ্তৃপক্ষই চৰকাৰৰ এই নিৰ্দেশনাক আওকাণ কৰি হিটলাৰী নীতিৰে নিৰ্দয়ভাৱে দৰমহা, ৰেচন আৰু সাহায্য আদি কৰ্তন কৰি এনে এক মাৰাত্মক দূৰ্যোগৰ সময়ত প্ৰাপ্য সম্পূৰ্ণ আদায় দি শ্ৰমিক, কৰ্মচাৰীসকলক ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ মানসিকভাৱে শক্তিশালী কৰাৰ বিপৰীতে মানসিক ভাৱে দূৰ্বল কৰাহে দেখা পোৱা গৈছে। অসমত এই বৃহৎ চাহ শ্ৰমিক, কৰ্মচাৰীৰ প্ৰতি বাগিচা কৰ্তৃপক্ষ, বাগিচা মালিক গোষ্ঠী আৰু মালিকগোষ্ঠীৰ অভিভাৱক স্বৰূপ সংস্থাসমূহ ক্ৰমে এবিটা, টাই, নেটা, বি চি পি আৰু এ টি পিয়ে শ্ৰমিক, কৰ্মচাৰীসকলৰ প্ৰতি কিমান দায়বদ্ধ? উল্লেখযোগ্য যে ক’ৰোনা ভাইৰাছ বিশ্বৰ ইতিহাসত এটা ক’লি অধ্যায়, এই সময়ছোৱাত প্ৰাপ্য কৰ্তন কৰি এৰিয়া হিচাপে ভৱিষ্যতে দিয়াৰ যি প্ৰলোভন, ই অত্যন্ত দূৰ্ভাগ্যজনক আৰু সেই বিষয়া-মূৰব্বীসকলৰ বাবে লজ্জাজনক বুলি আটছা স্বতন্ত্ৰই সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তদুপৰি আটছাৰ শিৱসাগৰ জিলা ( স্বতন্ত্ৰ ) সমিতিয়ে সমগ্ৰ বিষয়টো দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ যোগেদি এনে বাগিচাৰ জ্যেষ্ঠ, মুখ্য আৰু প্ৰধান পৰিচালখসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শ্ৰমিক, উপ – কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ ন্যাৰ্য প্ৰাপ্য সমূহ বাগিচা কৰ্তৃপক্ষৰ পৰি মোকলাই দিয়াৰ দাবীত এখনি স্মাৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তক প্ৰদান কৰি বিষয়টোৰ প্ৰতিলিপি আকাৰে গৃহ সচিব, ভাৰত চৰকাৰ, যুটীয়া গৃহ সচিব, ভাৰত চৰকাৰৰ মুখ্য সচিব, অসম চৰকিৰকো অৱগত কৰিছে৷ এক বিবৃতি যোগে আটছা স্বতন্ত্ৰৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি সুৰেশ তাতী আৰু সম্পাদক ঔম প্ৰকাশ চিকে জানিবলৈ দিয়ে৷

এশ শতাংশ নিযুক্তিৰ দাবীত সৰৱ বীৰ লাচিত সেনা : মহকুমা প্ৰশাসনক স্মাৰকপত্ৰ

নাজিৰা

 ক’ৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ বাহিৰত অথবা বিভিন্ন উদ্যোগ আদিত নিযুক্ত হৈ থকা হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতী ইতিমধ্যে স্বগৃহলৈ প্ৰত্যাৰ্গমন কৰিছে। এই সকল নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ দাবীত সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাৰ নাজিৰা মহকুমা সমিতি। সংগঠনটোৰ মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া আৰু সম্পাদক অনুপম সন্দিকৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীক সাক্ষাৎ কৰি অসমৰ এই নিবনুৱা যুৱক-যুৱতীসকলকলৈ এশ শতাংশ নিযুক্তিৰ দাবী জনাই অসম চৰকাৰলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে৷ সংগঠনটোয়ে স্থানীয় উদ্যোগ, অন্যান্য চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান আদিত এশ শতাংশ নিবনুৱাক নিযুক্তিৰ দাবী জনোৱাৰ লগতে ব্যৱসায়-বাণিজ্য, ব্যৱসায়ৰ বাবে বেংকৰ ঋণ দিয়াত অগ্ৰাধিকাৰ দিয়াৰ উপৰি নাজিৰাত খালী থকা দোকানসমূহ আৰু ভাৰাতীয়া বিপনীসমূহ নিবনুৱাসকলক আৱণ্টন দিবৰ বাবে বীৰ লাচিত সেনাই মহকুমা প্ৰশাসনক স্মাৰকপত্ৰৰ জৰিয়তে আহ্বান জনায়। এই ক্ষেত্ৰত থলুৱাসকলে যাতে প্ৰথমাধিকাৰ পায় তাৰ বাবে মহকুমাধিপতিগৰাকীৰ সহানুভূতিৰ বাবে অনুৰোধ জনায় সংগঠনটোয়ে। ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে বীৰ লাচিত সেনাৰ প্ৰতিনিধি দলটোক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

দৰঙৰ গৌৰী শংকৰ কলিতাই ৬০ দিন খোজকাঢ়ি দিল্লীত উপস্থিত হৈ গৃহ ভূমিলৈ যাত্ৰা

দৰঙৰ গৌৰী শংকৰ কলিতাই ৬০ দিন খোজকাঢ়ি দিল্লীত উপস্থিত হৈ গৃহ ভূমিলৈ যাত্ৰা

দৰং

 দৰঙৰ এজন প্ৰকৃতিপ্ৰেমী যুৱক৷ নাম গৌৰী শংকৰ কলিতা৷ ছিপাঝাৰ সমষ্টিৰ ভেৰুৱাদল গাঁৱৰ গৌৰী শংকৰ কলিতাই জিলাখনত বহুদিনৰ পৰা ৰোপন কৰি আহিছিল বিভিন্ন প্ৰজাতিৰ গছপুলি৷ প্ৰকৃতিৰ স’তে সহবাস কৰা যুৱকজনে প্ৰকৃতি সুৰক্ষা, বিশ্ব ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে ১জানুৱাৰীত ৰঙিয়াৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ খোজকাঢ়ি যাত্ৰা কৰিছিল সাহসী যুৱকজনে৷ পদযাত্ৰাৰ সময়ত যুৱকজনে বিভিন্ন জিলাৰ আৰক্ষী থানাত ৰোপন কৰিছিল এটাকৈ গছপুলি৷ দুমাহ পদযাত্ৰা কৰি  অৱশেষত ১ মাৰ্চত উপস্থিত হৈছিল দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন ৷ কিন্তু বিশ্বব্যাপী ক’ভিড-১৯ৰ বাবে দিল্লীৰ শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত ৪৫ দিন আবদ্ধ হৈ থাকিল গৌৰী শংকৰ কলিতা৷ অৱশেষত চৰকাৰৰ অনুমোদন সাপেক্ষে ব্যক্তিগত খৰচত বাছেৰে স্ব-গৃহলৈ ৰাওনা হৈছে প্ৰকৃতিপ্ৰেমী যুৱকজন৷ যুৱকজনৰ লগত আছে অসমৰ ২২ জনীয়া এটি দল৷

শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, খাদী মাস্ক বিতৰণ ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ

শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, খাদী মাস্ক বিতৰণ ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ

শিৱসাগৰ

 ক’ভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এই মন্তব্য ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ। মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকসকলৰ মাজত মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ প্ৰদান কৰি উপাধ্যক্ষাগৰাকীয়ে আৰু কয়, সাংবাদিকসকলে এই দুৰ্যোগৰ সময়ত নিজৰ জীৱন আৰু পৰিয়ালৰ বিপৰ্যয়ৰ কথা নাভাবি প্ৰতি মুহূৰ্তৰ খবৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিছে। সেয়েহে তেওঁলোকৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁলোকক কিছু উৎসাহ দিবৰ বাবেই এই কাৰ্যসূচী হাতত লৈছ। মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত জিলাখনৰ অৰ্ধ শতাধিক সাংবাদিকৰ মাজত ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈয়ে আবকাৰী বিভাগৰ দ্বাৰা নিৰ্মিত হেণ্ড ছেনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰে। এই কাৰ্যসূচীত জিলা মিডিয়া কোষৰ বিষয়ববীয়া সমীৰণ বৰদলৈয়ে সহযোগিতা আগবঢ়ায়। কাৰ্যসূচীত সমাজসেৱীকা ইপ্সিতা বৰুৱাও উপস্থিত থাকে। শিৱসাগৰ প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকসকলৰ মাজত ছিনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰাৰ বাবে ক্লাবৰ সাধাৰণ সম্পাদক ইনামুল হাজৰিকা আৰু ই-মিডিয়া সন্থাৰ সভাপতি অতনু বৰাই ধন্যবাদ জ্ঞাপন কৰে।

জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়া কাৰ্যালয়ত লাইনমেন আৰু সহায়কৰ অভাৱ

জামুগুৰিহাট

জৰুৰী সেৱাসমূহৰ ভিতৰত বিদ্যুৎ সেৱাও অন্যতম৷ কিন্তু সেই সেৱাৰ লগত জড়িত লোকৰ সংখ্যা যেতিয়া বিভাগটোত তাকৰ হয়, তেতিয়াই দেখা দিয়ে যথেষ্ট সমস্যাৰ৷ তেনে এটি কাৰ্যালয়েই হৈছে জামুগুৰিহাটৰ জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়৷ এফালে জীয়াভৰলীৰপৰা নাগশংকৰ আনফালে পানপুৰ ঘাটৰপৰা অৰুণাচল চিজুছালৈকে প্ৰায় ১৮শ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত উপ সংমণ্ডলটোৰ কৰ্মচাৰীৰ অভাৱে গ্ৰাহক জনসাধাৰণক বাৰুকৈয়ে অসুবিধাত পেলোৱা পৰিলক্ষিত হৈছে৷ বিদ্যুৎ উপ সংমণ্ডলটোৰ অধীনত বিদ্যুৎ যোগান ধৰিবৰ বাবে প্ৰায় ৩শ টাৰো অধিক ট্ৰেন্সফৰ্মাৰ থকা কাৰ্যালয়টোত বৰ্তমান বিষয়া কৰ্মচাৰী আছে মাত্ৰ ২৬ গৰাকী৷ বিশেষকৈ প্ৰাকৃতিক দূৰ্য্যোগ যেনে: বতাহ, ধুমুহা, বৰষুণ আদি হ’লেই লাইন মেন আৰু সহায়কৰ অভাৱে বাৰুকৈয়ে বিপদত পেলাইছে বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়টিক৷ প্ৰাপ্ত তথ্য অনুসৰি জামুগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ অধীনত ১১ কেভি লাইনৰ ৫টাকৈ অভিযোগ কেন্দ্ৰ অৰ্থাৎ ফিডাৰ আছে৷ এইসমূহৰ ভিতৰত ৮৬ কিঃমিঃ জুৰি বিস্তৃত এশৰো অধিক ট্ৰেন্সফৰ্মাৰ থকা জামুগুৰি ফিডাৰটোত ১গৰাকী লাইনমেন আৰু ১ গৰাকী সহায়ক, ১১২ কিঃমিঃ জুৰি অতি ভিতৰুৱা অঞ্চললৈকে বিস্তৃত ৭৬ টাকৈ ট্ৰেন্সফৰ্মাৰ থকা ধলাইবিল ফিডাৰটোত ১ গৰাকী লাইনমেন আৰু ২ গৰাকী সহায়ক, ১২৮ কিঃমিঃ জুৰি বিস্তৃত ৮২ টাকৈ ট্ৰেন্সফৰ্মাৰ থকা ইটাখোলা ফিডাৰটোত লাইনমেন শূন্য হোৱাৰ বিপৰীতে সহায়ক ১ গৰাকী, ৭৮ কিঃমিঃ বিস্তৃত ৫৬ টা ট্ৰেন্সফৰ্মাৰ থকা পানপুৰ ফিডাৰটোত আৰু ৪৮ কিঃমিঃ জুৰি বিস্তৃত চতিয়া ফিডাৰটোত বিভাগীয় কৰ্মচাৰীৰ অভাৱৰ বাবেই অন্য অভিজ্ঞ লোকক অস্থায়ীভাৱে লৈ কাম চলাবলগীয়া হৈছে৷ জানিব পৰা মতে ৩০টা ট্ৰেন্সফৰ্মাৰৰ বিপৰীতে এগৰাকী লাইনমেন আৰু ২ গৰাকী সহায়কৰ প্ৰয়োজন যদিও জামুগুৰি বিদ্যুৎ উপ সংমণ্ডলটোৰ অধীনত থকা তিনি শতাধিকৰো অধিক ট্ৰেন্সফৰ্মাৰৰ বিপৰীতে বৰ্তমান বিভাগীয় লাইনমেন আছে মাত্ৰ ২ জন আৰু সহায়ক আছে মাত্ৰ ৭ জন৷ যাৰ বাবে কেবাগৰাকীও অস্থায়ী কৰ্মচাৰী লগত লৈ কাম কৰিবলগীয়া হয় কাৰ্যালয়টিৰ উপ সংমণ্ডল বিষয়াগৰাকীয়ে৷ কেৱল ফিডাৰসমূহত কাম কৰা লোকৰ সংখ্যাই যে তাকৰ তেনে নহয় কাৰ্যালয়টিত কাম পৰিচালনা কৰা লোকৰ সংখ্যাও নগন্য৷ নিয়ম অনুসৰি কাৰ্যালয়টিৰ কামকাজ পৰিচালনা কৰিবৰ বাবে ৪ গৰাকী সহায়ক আৰু ৪ গৰাকী ছশইটছ ব’ৰ্ড অপাৰেটৰ লাগে যদিও আছে মাত্ৰ ৬ জন৷ যাৰ বাবে কৰ্মচাৰীৰ অভাৱৰে জৰ্জৰিত এটি কাৰ্যালয়ে কিদৰে জনসাধাৰণৰ সমস্যা সমাধান কৰিব সেয়া সহজেই অনুমেয়৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে শীঘ্ৰে কৰ্মচাৰীৰ অভাৱ দুৰ কৰি কাৰ্যালয়টিৰ কামকাজ সুচাৰৰূপে সমাধান কৰাৰ দিশত ব্যৱস্থা ল’বলৈ দাবী জনাইছে সচেতন মহলে৷

ধলাইবিলত পথ দুৰ্ঘটনাত দুজন যুৱক আহত

জামুগুৰিহাট

 তলাবন্ধ অব্যাহত থকাৰ মাজতে নদুৱাৰৰ অন্তৰ্গত  ধলাইবিলত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিবেশৰ অন্তৰ্গত ধলাইবিলত সংঘটিত পথ দুৰ্ঘটনাটোত ধলাইবিলৰ বৰমতা গাঁৱৰ কিষাণ কাৰ্কী আৰু নৰবাহাদুৰ দামাই নামৰ চাইকেল আৰোহী যুৱক দুজন গুৰুতৰভাৱে আহত হৈ উত্তৰ জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে দুয়োজনকে তেজপুৰলৈ প্ৰেৰণ কৰে। ঘটনাৰ বিৱৰণী মতে মঙগলবাৰে উক্ত যুৱক দুজন বৰমতাৰ নিজ গৃহৰ পৰা এখন চাইকেলৰে ওলাই আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকাৰ সময়তে পিছফালে আহি থকা এ এছ ১২ এফ ৮২৮৩  নম্বৰৰ এখন মাৰুতি কাৰে যুৱক দুজনক খুন্দা মৰাৰ ফলতে গুৰুতৰভাৱে আহত হয় দুয়োজন যুৱক৷ জানিব পৰা মতে জিলাখনৰ ৰঙাপৰাৰ ফুলবাৰীৰ গোবিন সিং নামৰ লোকজনে নিজা গাড়ীৰে ইটাখোলাৰ এঘৰ আত্মীয়ৰ পৰা নিজ গৃহ ৰঙাপৰালৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়৷ এই দুৰ্ঘটনাত চাইকেলখনৰ লগতে মাৰুতি কাৰখনৰো ক্ষতি সাধন হয়৷

হোজাইত বহিঃৰাজ্যৰ পৰা অহা লোকক ২৮ দিন গৃহ কোৱাৰেণ্টাইন

লংকা

 সমগ্ৰ দেশতে মঙলবাৰৰ পৰা চলাচল আৰম্ভ হোৱা শ্ৰমিক ৰে’লসমূহ হোজাই জিলাত উপস্থিত হোৱাৰ পিছত ল’বলগীয়া পদক্ষেপৰ বিষয়ে হোজাই  উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলাখনৰ সমূহ ৰে’ল ষ্টেচনত  যাতায়াতৰ সকলো পথ চীল কৰি যাতায়াতৰ বাবে কেৱল এটা পথহে  খোলা ৰখাৰ ব্যবস্থা কৰা,  বহিঃৰাজ্যৰ পৰা অহা ব্যাক্তিসকলৰ সঠিকভাৱে স্ক্ৰীণ আৰু ষ্টাম্পিং কৰাৰ লগতে ২৮ দিনৰ বাবে গৃহ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ বাবে চিকিৎসা বিভাগ আৰু আৰক্ষী প্ৰশাসনক সষ্টম হৈ থাকিবলৈ উপায়ুক্তই আহবান জনায়। তদুপৰি সম্প্ৰতি জিলাখনত গৃহ কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিসকলৰ দৈনিক স্বাস্থ্যৰ বুজ বুজ আশাকৰ্মী, স্বাস্হ্য কৰ্মী, নাৰ্চ আৰু ভি ডি পিসকলে পৰ্যবেক্ষণ কৰাৰ লগতে ৰাইজৰ সচেতনতাৰ বাবে ধাৰাবাহিকভাৱে প্ৰচাৰৰ ব্যবস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে। তদুপৰি স্ক্ৰীণিঙৰ সময়ত যিসকল ব্যক্তিৰ শৰীৰত কভিড-১৯ বেমাৰৰ লক্ষণ দেখা যাবে তেওঁলোকক কভিড-১৯ সেৱা কেন্দ্রত ৰখাৰ ব্যবস্থা কৰা হ’ব। আনহাতে সভাখনত  জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্তসকল,  চক্র বিষয়া আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ উপস্থিতিত জিলাখনৰ আইন শৃঙ্খলা পৰিস্থিতি সম্পর্কত পৰ্যালোচনাও কৰে।

বিশ্ব ধাত্ৰী দিৱসত চেলেংহাট হেলথ ক্লাবৰ ব্যতিক্ৰমী প্ৰয়াস : মানৱ সেৱাত ব্ৰতি থকা নাৰ্চৰ জীৱনৰ লগত সংগতি ৰাখি মুক্তি দিলে “যোদ্ধা” নামৰ চুটি ছবি

বিশ্ব ধাত্ৰী দিৱসত চেলেংহাট হেলথ ক্লাবৰ ব্যতিক্ৰমী প্ৰয়াস : মানৱ সেৱাত ব্ৰতি থকা নাৰ্চৰ জীৱনৰ লগত সংগতি ৰাখি মুক্তি দিলে "যোদ্ধা" নামৰ চুটি ছবি

টীয়ক

নিজৰ জীৱনৰ অধিক সময় যি আনৰ বাবে কটায়েই সুখী হয়, যি নিজৰ জীৱনটো আনৰ বিপদত সেৱা কৰি  জীপাল হয় সেয়াই হ’ল ধাত্ৰী বা নাৰ্ছ ৷ নিজৰ ব্যৱস্ততাৰ প্ৰতিটো সময় আনৰ সেৱাত উৎসৰ্গিত এই বৃত্তিয়ে মানব ইতিহসত ৰাখি গৈছে এক সুকীয়া স্থান৷ হয়৷ মঙলবাৰে বিশ্ব ধাত্ৰী দিৱস আধুনিক নাৰ্চিং ব্যৱস্থাৰ বাটকটীয়া ফ্লৰেঞ্চ নাইটিংগেলৰ জন্ম দিনটোত ১৯৭৪ চনৰ পৰা বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ল’ৰেঞ্চ নাইটিংগেলে যুদ্ধ ক্ষেত্ৰত আহতসকলৰ পৰিচৰ্যাত নিজকে উচৰ্গা কৰিছিল। নাইটিংগেলৰ এই মানৱসেৱাৰ কৰ্মস্পৃহাক স্মৰণ কৰি বৰ্তমান সময়ত নাৰ্চসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্য পালন কৰি অহা হৈছে বিশ্ব ধাত্ৰী দিৱসৰ। দেশ তথা বিশ্বৰ এই জটিল সময়ত এই নাৰ্চসকলে সমগ্ৰ দেশতে ক’ৰোনা ভাইৰাছৰ আতংক আৰু লকডাউন মাজতো মঙলবাৰৰ দিনটোতো নাৰ্চসকলে নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰি আছে। ইয়াৰ মাজতে টীয়কত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। চেলেংহাটৰ সামাজিক বেচৰকাৰী সংস্থা চেলেংহাট হেলথ ক্লাবে টীয়ক এফআৰএই প্ৰাংগণত আন্তৰ্জাতিক নাৰ্চ দিৱস উপলক্ষে চিকিৎসালয়খনত কৰ্মৰত নাৰ্চসকলক জনালে সম্বৰ্ধনা, বিতৰণ কৰিলে মিঠাই। তদুপৰি নাৰ্চৰ সংঘাতময় জীৱন ভিত্তিত নিৰ্মাণ কৰা চুটি ছবি “যোদ্ধা” চিকিৎসালয়ৰ প্ৰাংগণতে উন্মোচন কৰি নাৰ্চসকলৰ নামত উচৰ্গা কৰে এই বিশেষ দিনটোত।ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ এই জটিল সময়ত চিকিৎসকসকলৰ সমান্তৰালভাৱে নাৰ্চসকলে নিজৰ জীৱনৰ লগতে পৰিয়ালকো তুচ্ছ জ্ঞান কৰি জনহিতৰ বাবে কৰা সেৱা মনোভাবক মূল কাহিনী হিচাপে লৈ নিৰ্মিত এই চুটি ছবিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে টীয়কৰ জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই। উক্ত কাৰ্যসূচীত অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈ, টীয়ক বাণিজ্য সন্হাৰ সম্পাদক অঞ্জন প্ৰকাশ বৰুৱা, চিকিৎসক উমা চুক্বাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শিল্পীৰ হাতৰ পৰশত নেলছন মেণ্ডেলা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু অখিল গগৈৰ প্ৰতিকৃতি

নগাঁও জিলাত নেলছন মেণ্ডেলা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু অখিল গগৈৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আয়োজন কৰিছিল ভাৰতীয় গণনাট্য সংঘই ।

কলিয়াবৰ 

লকডাউনত আমাৰ চিন্তা-চেতনা, সৃষ্টিশীলতাক ৰুদ্ধ হ’বলৈ নিদিয়াৰ লক্ষ্যৰে গৃহবন্দীৰ অস্থিৰতাৰ মাজতে নতুন প্ৰজন্মৰ মাজত যোৱা ১২ৰ পৰা ৩০ এপ্ৰিললৈ এলানি প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আয়োজন কৰিছিল ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাই। অকণিৰ সাহিত্য সভাৰ সহযোগত মুখপুথিৰ জৰিয়তে অনলাইনযোগে অনুষ্ঠিত এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন স্থানৰ ৯ৰ পৰা ৫০ বছৰ বয়সৰ মাজৰ ৩৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ এই প্ৰতিযোগিতাত খাটি খোৱা মানুহৰ কল্যাণৰ অৰ্থে আপোচহীন সংগ্ৰামী বিষ্ণুপ্ৰসাদ ৰাভা, ২৭ টা বছৰ ৭ টা মাহ কাৰাৰুদ্ধ হৈ থকাৰ পিছতো আফ্রিকাৰ বৰ্ণ-বৈষম্যৰ প্ৰাচীৰখন বজ্ৰ হাতুৰীৰে ভাঙি পেলাবলৈ সক্ষম হোৱা মহান পুৰুষ নেলচন মেণ্ডেলা আৰু ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱত সমগ্ৰ বিশ্ব ত্ৰস্ত, বিধ্বস্ত হোৱা এই জটিল সন্ধিক্ষণতো কাৰাৰুদ্ধ হৈ থকা অখিল গগৈসহ এই তিনিজন ব্যক্তিৰ প্ৰতিকৃতি অংকন কৰিবলৈ দিয়া হৈছিল৷ জীৱনাদৰ্শৰ সাদৃশ্য থকা এই তিনিগৰাকী স্বনামধন্য মহান ব্যক্তিৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দহ গৰাকী চিত্ৰকৰক অহা বিশ জুনত অনুষ্ঠিত হ’বলগীয়া ৰাভা দিৱসত ১০০০ টকা নগদ ধন, মানপত্ৰৰে সন্মানিত কৰা হ’ব৷ গণনাট্য সংঘৰ নগাঁও জিলা সমিতিৰ হৈ এই প্ৰতিযোগিতাখনি পৰিচালনা কৰে শিশুবন্ধু দুলাল বৰা, বিশিষ্ট লেখক ড° বিন্দু ভূষণ বৰা, চিত্ৰকৰ ৰাকেশধীৰ মেধি, কবি নীলাভ সৌৰভ আৰু অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই। ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি দিপ্তি কুমাৰ বৰুৱা, কাৰ্যকৰী সভাপতি মোলান লস্কৰ আৰু সম্পাদক নিজৰা শইকীয়াই আজি নগাঁৱত এক প্ৰেছ বাৰ্তাযোগে এই কথা জনায় আৰু ফলাফল ঘোষণা কৰে। বয়স অনুযায়ী নিৰ্বাচিত হোৱা শ্ৰেষ্ঠ দহগৰাকী চিত্ৰকৰ ক্ৰমে তেজপুৰৰ অভিশ্রী চৌধুৰী (পঞ্চম শ্ৰেণী), গুৱাহাটীৰ শ্ৰুতি সিংহ (ষষ্ঠ শ্ৰেণী), হোজাইৰ নাহৰ কান্তি বড়ো (সপ্তম শ্ৰেণী), নগাঁৱৰ হৃষিকেশ কাশ্যপ(সপ্তম শ্ৰেণী), নগাঁৱৰ সুনাভ হাজৰিকা (অষ্টম শ্ৰেণী), চিৰাঙৰ আমিৰ হুছেইন (নৱম শ্ৰেণী), গুৱাহাটীৰ দিব্যজ্যোতি দাস (নৱম শ্ৰেণী), নগাঁৱৰ দেৱব্ৰত দত্ত (২২ বছৰ) আৰু মাজুলীৰ বেণীমাধৱ বৰুৱা (২৫ বছৰ)। কাৰাবন্দী অখিল গগৈৰ প্ৰতিকৃতি অংকন কৰি শিশু প্ৰতিযোগীয়ে জনালে অখিল গগৈৰ মুক্তিৰ দাবী৷ এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰি শিল্পীমনত সৃষ্টিশীলতাৰ বিকাশৰ লগতে সমাজসচেতনতাৰ ভাব প্ৰোথিত কৰাৰ গণনাট্য সংঘৰ এই অভিনৱ প্ৰয়াসক অভিভাৱক তথা সচেতন মহলে শলাগ লৈছে।

শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ী লোকক খাদ্য সামগ্ৰী বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ী লোকক খাদ্য সামগ্ৰী বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও

ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশজুৰি অব্যাহত থকা লকডাউনৰ নীতি নিৰ্দেশনাৰ বাবে সমাজৰ একাংশ লোকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। বিশেষকৈ লকডাউন আৰম্ভ হোৱা সময়ৰ পৰা শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ জীৱন জীৱিকাৰ পথ প্ৰায় বন্ধ হৈ পৰিছে। লকডাউনৰ বাবেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা শব্দযন্ত্ৰীসকলৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে৷ লকডাউনৰ বাবে এইবাৰ ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাতো ৰঙালী বিহু উদযাপন কৰা নহ’ল। ৰঙালী বিহুৰ সময়ত সাধাৰণতে জিলাখনৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে গায়কসকলৰ লগতে শব্দযন্ত্ৰীসকলে উপাৰ্জনৰ পথ উলিয়ায়৷ এইবাৰ লকডাউনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। তৃতীয় পৰ্যায়ৰ লকডাউনত ৰাজ্য চৰকাৰে কিছু কিছু ক্ষেত্ৰত শিথিলতা আনি দিছে যদিও ছেলুন, বিউটি পাৰ্লাৰ বন্ধ হৈ আছে। ছেলুন, বিউটি পাৰ্লাৰ, স্পা আদি লকডাউনৰ বাবে বন্ধহৈ থকাত এওঁলোকৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত হাহাকাৰ সৃষ্টি হৈছে৷ বিভিন্ন জনে ব্যক্তিগতভাৱে এওঁলোকক সহায়ৰ হাত আগবঢ়াইছে যদিও এওলোকৰ বহুতে চৰকাৰী সাহায্য লাভ কৰা নাই। এইসকল শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। মঙলবাৰে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পৃথকে পৃথকে হোৱা অনুষ্ঠানত বিধায়কগৰাকীয়ে শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, লকডাউনৰ বাবে শব্দযান্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অতি কষ্ট হৈছে। জীৱন জীৱিকাৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে। এই সংকটৰ সময়ত আমি তেওঁলোকক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছো। এই লোকসকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহবান জনাইছে বিধায়ক ৰূপক শৰ্মাই। শতাধিক শব্দযন্ত্ৰী আৰু পাছ শতাধিক ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়কগৰাকীয়ে। বিধায়ক গৰাকীৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।