Home Blog Page 3444

দৰঙলৈ ১৭৫ জন লোকৰ ৰে’লযোগে বহিঃৰাজ্যৰ পৰা আগমন : আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ

বহিৰাজ্যৰ পৰা দৈনিক দৰংলৈ আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে

মঙলদৈ

 বহিৰাজ্যৰ পৰা দৈনিক দৰংলৈ আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি সোমবাৰে পুৱতি নিশা পৰ্যন্ত জিলাখনলৈ আগমন ঘটে মুঠ ১৭৫ জন লোকৰ। প্ৰতিজন লোককে ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। উল্লেখযোগ্য যে দেওবাৰে দিনৰ ভাগত ১১১ জন লোকৰ বহিঃৰাজ্যৰ পৰা জিলাখনলৈ আগমন ঘটাৰ পিছত পুৱতি নিশা উপস্থিত হয় ৩১ জন লোক। এই ৩১ জন লোকৰ ভিতৰত ২৬ জনক খাৰুপেটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলত ৰখাৰ বিপৰীতে ৫জনক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত ৰখাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে দিনৰ ভাগতেই উপস্থিত হোৱা ১১১ জন লোকৰ ভিতৰত ৬৫ জনক ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাসত, ৪৫ জনক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত আৰু ১জনক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়াকৈ ৰখা হৈছে। ইতিপূৰ্বে বহিঃৰাজ্যৰ পৰা জিলাখনলৈ অহা ৩৩ জন লোকক জিলাখনৰ বিভিন্ন চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। ইফালে দেওবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৭১৩ টা শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৬০৪ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই। উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন লোকৰে শ্লেষৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে।

হাঁ‌হচৰা প্ৰেছ ক্লাবলৈ মিষ্টাৰ ইণ্ডিয়াৰ বিজিত গগৈ মহানুভৱতা

শিৱসাগৰ জিলাৰ হাঁ‌হচৰা প্ৰেছ ক্লাবলৈ মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাবৰ মহানুভৱতা।

শিৱসাগৰ

শিৱসাগৰ জিলাৰ হাঁ‌হচৰা প্ৰেছ ক্লাবলৈ মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাবৰ মহানুভৱতা। ভয়াবহ ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশত ঘোষিত হ’ল লকডাউন। দেশত মহামাৰী ক’ৰোনা ভাইৰাছে ভয়াবহ ৰূপ লোৱাৰ মাজতেব নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ জন্মভূমি, কৰ্মভূমি আৰু পূৰ্ণভূমিক শ্ৰদ্ধা কৰি সাংবাদিকসকলে ইমুৰৰ পৰা সিমূৰলৈ বাতৰি সংগ্ৰহ কৰিছে। উল্লেখ‍্য যে হাঁহচৰা প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলে কেৱল সংবাদ সংগ্ৰহতে ব্যস্ত নাথাকি জনহিতাৰ্থৰ হকে চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে জনসজাগতা আয়োজন কৰি আৰ্তজনক সাহায্য প্ৰদান কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। ঠিক সেই সময়তে হাঁ‌হচৰা প্ৰেছ ক্লাবত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাবে  সাংবাদিকসকলক উৎসাহিত কৰিবৰ বাবে হাঁ‌হচৰা প্ৰেছ ক্লাবৰ সাংবাদিকসকলক  আগবঢ়ালে ছেনিটাইজাৰ লগতে কিছু প্ৰয়োজনীয়তা সামগ্ৰীৰ। উক্ত বিতৰণ কাৰ্যসূচীত বিজেপি শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি মাধুৰ্য বৰগোহাঁই , দীনদয়াল ভৱনৰ কাৰ্যকৰ্তা মানস বৰপাত্ৰগোহাঁই উপস্হিত থাকে। লকডাউন সময়ত হাঁহচৰা গ্ৰাম্য অঞ্চলৰ সাংবাদিকসকলক মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাব আৰু দীনদয়াল ভৱনৰ কাৰ্যকতা সকলে সহানুভূতি জনোৱাৰ বাবে হাঁহচৰা প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন জনাইছে।

নলবাৰীত দুমাহ বিৰতিৰ পিছত চলিল যাত্ৰীবাহী বাছ

দুমাহ বিৰতিৰ পিছত নলবাৰীৰ পৰা চলিল যাত্ৰীবাহী বাছ।

নলবাৰী

প্ৰায়  দুমাহ বিৰতিৰ পিছত নলবাৰীৰ পৰা চলিল যাত্ৰীবাহী বাছ। অসম পৰিবহণ বিভাগৰ অধীনত সোমবাৰৰ পৰা আৰম্ভ হ’ল বাছ সেৱা। সোমবাৰৰ পৰা নলবাৰী-গুৱাহাটীৰ মাজত চলিল বাছ। ক’ৰোনা আতঙ্কৰ  মাজতে এইদৰে নলবাৰীৰ পৰা  পৰিবহণ বিভাগৰ বাছেৰে গুৱাহাটী লৈ যাব পাৰিব নলবৰীয়া  ৰাইজ৷ নলবাৰীৰ পৰিবহণ বিভাগৰ  বাছ আস্থানত পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল বাছ সেৱা৷ এই বাছ সেৱা মুকলি কৰে পৰিবহণ বিভাগৰ ভি চি চন্দন বড়োয়ে। লকডাউনৰ সকলো নীতি নিয়ম মানি লৈ চলিব এই বাছ সেৱা। পঞ্চাশ শতাংশ যাত্ৰীহে  নিয়া হ’ব বাছত৷ বাছত উঠাৰ আগতে স্বাস্থ্য পৰীক্ষাৰ সম্মুখীন হ’ব লাগিব যাত্ৰী। আনহাতে ৰাস্তাত উঠাব নোৱাৰিব কোনো যাত্ৰী। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি এইদৰে নিৰ্দিষ্ট নীতি নিয়ম বান্ধি দিয়া হৈছে। একেদৰে ভাড়াও পূৰ্বৰ দৰেই একে থাকিব বুলিও ভি চি চন্দন বড়োয়ে  জানিবলৈ দিয়ে৷ এইদৰে বাছ সেৱা  মুকলি হোৱাত কিছু হ’লেও সকাহ পাইছে নলবাৰীৰ জনসাধাৰণে।

শিলঘাটত সাপ উদ্ধাৰ

কলিয়াবৰ

চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে কলিয়াবৰত উদ্ধাৰ হ’ল এটা ইণ্ডিয়ান ৰেট স্নেক। কলিয়াবৰৰ শিলঘাটৰ দিলীপ শইকীয়াৰ বাৰীত উদ্ধাৰ হয় সাপটো। সাপটো স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি এৰি দিয়া হয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত।

কলিয়াবৰত স্থানীয়ভাৱে নিৰ্মাণ অত‍্যাধুনিক হেণ্ড ছিনিটাইজাৰ সঁজুলি

কলিয়াবৰ

 কলিয়াবৰৰ নলতলি আৰিমৰা উদ‍্যোগিক আন্তঃগাঠনি বিকাশ কেন্দ্ৰস্থিত পাৱাৰলাইন ইণ্ডাষ্ট্ৰিজে স্থানীয় চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি হাত ব‍্যৱহাৰ নকৰাকৈয়ে ব‍্যৱহাৰযোগ‍্য হেণ্ড ছেনিটাইজাৰ সঁজুলি নিৰ্মাণ কৰি উলিয়াইছে। মূলত কিৰলোস্কাৰ জেনেৰেটৰ নিৰ্মাণ কাৰখানাই তুলনামূলকভাৱে কম খৰচত এই সঁজুলিটো নিৰ্মাণ কৰিছে। সোমবাৰে কলিয়াবৰ মহকুমাপতি কাৰ্য‍ালয়ৰ প্ৰেক্ষাগৃহত এক অনুষ্টুপীয়া অনুষ্ঠানত এই সঁজুলি ব‍্যৱহাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মহকুমাধিপতি বিতুপন নেওগে। অনুষ্ঠানত পাৱাৰলাইন ইণ্ডাষ্ট্ৰিজৰ বিষয়ববীয়াই হেণ্ড ছেনিটাইজাৰ সঁজুলিৰ প্ৰথমটো নিৰ্মাণ মহকুমাধিপতি কাৰ্য‍ালয়ক ব‍্যৱহাৰৰ বাবে প্ৰদান কৰে। উল্লেখযোগ‍্য যে সঁজুলিটোৰ জি এছ টিসহ ৪,৫০০.০০ টকাত বজাৰত উপলব্ধ হ’ব।

কলিয়াবৰত সাতটা কোৱেৰাণ্টাইন কেন্দ্ৰ স্থাপন : ৩৪৮ খন বিচনাৰে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন, চিকিৎসা, আৰক্ষী বিভাগ

কলিয়াবৰ

 বহিঃৰাজ‍্যৰ পৰা ৰে’লেৰে সোঁত বৈছে অজস্ৰ লোক। ক’ৰোনা সংক্ৰমণৰ বিৰুদ্ধে সাজু হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন। বহিঃৰাজ্যৰৰ পৰা আহি কলিয়াবৰৰ বিভিন্ন স্থানলৈ আহিব লগা লোকসকলৰ আছুতীয়াকৈ ৰখাৰ বাবে কলিয়াবৰত সাজু হৈছে সাতটা স্থান। মিছাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, শালনা বাপুজী হাইস্কুলৰ হোষ্টেল, আমলখি হাইস্কুল, লাইলুৰি হাইস্কুলৰ গাৰ্লছ হোষ্টেল, আমনি বহুমুখী কেন্দ্ৰ, কাৱৈমাৰী আদৰ্শ বিদ্যালয়, আমনিৰ ৰাজ‍্যিক পঞ্চায়ত আৰু গ্ৰাম বিকাশ কেন্দ্ৰত কোৱাৰেণ্টাইন চেন্টাৰ স্থাপন কৰি তিনিশ আঠছল্লশখন বিছনা সাজু কৰি ৰাখিছে।সাজু কৰি ৰাখিছে চিকিৎস্যক, স্বাস্থ্য কৰ্মী, আৰক্ষী। ইতিমধ্যে আমনিৰ বহুমুখী গৃহত তিনিজন, কাৱৈমাৰী আদৰ্শ বিদ্যালয়ত ছয়জন আৰু লাইলুৰি হাইস্কুলৰ গাৰ্লছ হোষ্টেলত সাতজনক কোৱাৰেন্টাইন কৰা হৈছে।

চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী বাছনিত বিয়াগোম কেলেংকাৰী : গৰৈমাৰী খণ্ড উন্নয়ণ বিষয়াসহ গ্ৰেপ্তাৰ ৪

সোণতলী

লকডাউনৰ সময়চোৱাত চৰকাৰে দুখীয়া ৰাইজৰ বাবে আগবঢ়োৱা হ্ৰস্ব ম্যাদি আঁচনিসমূহ এতিয়া একাংশ বিষয়া-কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ৷ দুখীয়া লোকক এহেজাৰ কৈ প্ৰদান কৰাৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰীৰ নামত লক্ষ লক্ষ টকা অ‍ত্মসাৎ কৰি শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিল গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলীসহ চাৰিজন৷ প্ৰাপ্ত তথ্য মতে, দেওব‍াৰে নিশা ছয়গাঁও সমষ্টিৰ গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলীক বাইহাটা চাৰি আলীস্থিত নিজ বাসগৃহৰ পৰা কামৰূপ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷ লগতে একে অভিযোগত জোৰশিমলী গাঁও পঞ্চায়তৰ সচিব শিকান্দাৰ আলী, জোৰশিমলী গাঁও পঞ্চায়তৰ সদস্যা চাহেৰা খাতুন আৰু সমবায় সমিতিৰ এজেণ্ট ৰমজান আলীক একে নিশাই বিভিন্ন স্থানৰ পৰা আটক কৰি ছয়গাঁও থানালৈ লৈ আহে৷ উক্ত চাৰিওজনে মিলি চৰকাৰে দুখীয়া লোকৰ বাবে প্ৰদান কৰা ১০০০ টকীয়া আঁচনিৰ বিয়াগোম দুৰ্নীতি সংঘটিত কৰি লক্ষ লক্ষ টকা আত্মসাৎ কৰিছিল। আনহাতে, গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলীৰ বিৰুদ্ধে আঁচনি ৰূপায়নৰ নামত দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণে দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উঠি আহিছে৷ ছয়গাঁও থানাত চাৰিওকে জেৰা অব্যাহত ৰখাৰ লগতে ৪০১/ ২০০০ নম্বৰত গোচৰ ৰুজু কৰিছে। এতিয়া এইগৰাকী দুৰ্নীতি পৰায়ন খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ বিভিন্ন অভিযোগৰ তদন্তবোৰ চলাবলৈ আৰক্ষীক অনুৰোধ জনাইছে সচেতন মহলে৷

গোলাঘাটত পুনৰ দুজন ক’ভিড পজিটিভ

গোলাঘাট

দেওবাৰে ৰে’ল যোগে গোলাঘাটলৈ আহিল বহিঃৰাজ্যৰ বহু যুৱক-যুৱতী। অসমত ক’ৰোনা সংক্ৰমণৰ প্ৰথম পৰ্যায়তে সৰ্বাধিক ৯ জনকৈ ক’ৰোনা পজিটিভ ৰোগীৰে গোলাঘাট জিলা অসমৰ শীৰ্ষস্থানত থকাৰ পিছতে সকলো সুস্থ হৈ ঘৰলৈ উভটি যোৱাৰ পিছত জিলাখন এক স্বাভাৱিক অৱস্থালৈ আহিছিল  যদিও পুনৰ আজি ২ জনকৈ ক’ৰোনা পজিটিভ ৰোগীৰ উপস্থিতি ধৰা পৰিছে জিলাখনত। জানিব পৰা মতে যোৱা ১৬ মে’ত চেন্নাইৰ পৰা গোলাঘাটত আহি উপস্থিত হোৱা চাৰিজনকৈ যুৱকক কঁহৰাৰ অৰণ্য শীৰ্ষক কোৱাৰেণ্টাইন কেন্দ্ৰত নিৰক্ষণত থকা সময়তে আহে এই দুঃখবৰটো। থৰ্ট চোৱাপ পৰীক্ষাৰ অন্তত ইয়াৰে উৎপল বৰা আৰু ৰূপম বৰা নামৰ যুৱক দুজনৰ শৰীৰত ক’ৰোনা পজিটিভ পোৱা গৈছে। সূত্ৰ মতে দুয়োজনৰ ঘৰ গমাৰী অঞ্চলৰ কাছমাৰি আৰু চৰাইমাৰী গাঁৱত। অৱশ্যে লগত অহা বাকী দুজনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে আৰু দুয়োজন এতিয়া অৰণ্য কোৱাৰেণ্টাইন কেন্দ্ৰতে নিৰীক্ষণত আছে। ইফালে উৎপল বৰা আৰু ৰূপম বৰাক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। এই দুজন ৰোগীৰ সৈতে জিলাখনত এই পৰ্যন্ত মুঠ ১১ জন কোৱাৰেণ্টাইন পজিটিভ চিনাক্ত হয়।

তৈলক্ষেত্ৰ পুঁজিপতি বণিক গোষ্ঠীক গতাই দিয়াৰ সিদ্ধান্তত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ বিৰোধিতা : সিদ্ধান্ত বাতিল নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ

নাজিৰা

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ক’ভিড-১৯ৰ প্ৰতিৰোমূলক ব্যৱস্থা হিচাপে লকডাউন অব্যাহত থকাৰ সময়তে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ে অতি গোপনে নৱৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ অসম সম্পদৰ প্ৰচুৰ সম্ভাৱনা পূৰ্ণ আৰু উৎপাদন ক্ষম সাতখনকৈ তৈলক্ষেত্ৰ পুঁজিপতি বণিক গোষ্ঠীক গতাই দিব লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দাদুল নেওগ আৰু সাধাৰণ সম্পাদক গৌতম গগৈয়ে ভাৰত চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃতি যোগে প্ৰকাশ কৰে যে ভাৰতৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন প্ৰতিষ্ঠান অ’ এন জি চি অসম সম্পদৰ অধীনস্থ ডিমুৱাল, সোণাৰি, নাহৰহাবী, চফ্ৰাই, চাংমাই গাঁও, পানীদিহিং, দিচাংমুখ আৰু লক্ষ্মীজান তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াৰ আৰত বৃহৎ ষড়যন্ত্ৰ নিহিত হৈ আছে। কিয়নো ইয়াৰ পূৰ্বেও নিগমৰ অধীনস্থ আঠখনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াৰ চেষ্টা কৰিছিল যদিও অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰৱল প্ৰতিবাদত সামৰিকভাৱে উক্ত সিদ্ধান্ত স্থগিত ৰাখিছিল যদিও অতি শেহতীয়াকৈ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ৰ গাত ভেজা দি অতি কৌশলেৰে অসমৰ সাতখনকৈ লাভজনক তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ ষড়যন্ত্ৰত নিপ্ত হৈছে। বিবৃতিটোত লগতে উল্লেখ কৰে যে অ’ এন জি চিৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আৰু উৎপাদনক্ষম লাভজনক তৈলক্ষেত্ৰ সমূহ গতাই দিয়াৰ ষড়যন্ত্ৰৰ আৰত অ’ এন জি চিৰ একাংশ উচ্চ পদস্থ আৰু অসম বিৰোধী চক্ৰৰ হাত আছে। কিয়নো যি কেইখন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে যো-জা চলাই আছে উক্ত তৈলক্ষেত্ৰ সমূহৰ পৰা কিন্তু বৰ্তমানেও নিগমে প্ৰচুৰ পৰিমাণে তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন কৰি আছে। এই তৈলক্ষেত্ৰসমূহৰ পৰা নিগমৰ লোকচানৰ দোহাই দি নিগমৰ অসম সম্পদত সক্ৰিয় হৈ থকা অসম বিৰোধী চক্ৰটোৱে ননিজৰ মুনাফা লাভৰ বাবে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ লগত বুজাবুজি কৰি অ’ এনন জি চিৰ উদ্ধতম কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ক প্ৰতিবেদন দিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া। বিবৃতিটোত পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা অসম বিৰোধী চক্ৰটোক স্পষ্টভাৱে সকীয়াদি এনে কাৰ্যৰ পৰা বিৰত থকাৰ লগতে অ’ এন জি চিৰ উৰ্দ্ধতম কৰ্তৃপক্ষ আৰু ভাৰত চকাৰক কয় যে তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াৰ পৰিৱৰ্তে উন্নত মানৰ প্ৰযূক্তি ব্যৱহাৰ কৰি তৈলক্ষেত্ৰৰ উৎপাদন বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে৷ বিবৃতিটোত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তৰ হস্তক্ষেপ কৰাৰ লগতে অ’ এন জি চিৰ অসম সম্পদৰ উপৰি শিৱসাগৰ জিলা আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ আৱেগ জড়িত হৈ আছে। জনসাধাৰণৰ আশা আকাংক্ষাক ভেঙুচালী কৰি যি সিদ্ধান্ত এই সিদ্ধান্তক ততালিকে বাতিলৰ দাবী জনায়৷ অ’ এন জি চিৰ অসম সম্পদৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু নিবনুৱা জড়িত হৈ জীৱন নিৰ্বাহ কৰি আহিছে। এনেদৰে এদেউ দুদেউকৈ তৈলক্ষেত্ৰ সমূহ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াত এসময়ত নিগমৰ সমগ্ৰ তৈল প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰি অসমৰ পৰা অ’ এন জি চিক লৈ যোৱাৰ ষড়যন্ত্ৰ কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে। বিবৃতিটোত লগতে অ’ এন জি চি অসম সম্পদৰ নৈগমিক সামাজিক দায়বদ্ধতা ( চি এছ আৰ ) উন্নয়ন আঁচনিৰ পৰা ৰাজ্য চৰকাৰক বঞ্চিত কৰি কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পুঁঁজিলৈ নিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ বৃহৎ উদ্যোগীক প্ৰতিষ্ঠান অ’ এন জি চিৰ নৈসৰ্গিক সামাজিক দায়বদ্ধতা আঁচনিখন চিৰদিনৰ বাবে বন্ধ কৰি সেই আঁচনিৰ পি এম কৈয়াৰচ ফাণ্ড অৰ্থাৎ প্ৰধানমন্ত্ৰী সাহাৰ্য পুজিলৈ সংগৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ ক’ৰ্পৰেট মন্ত্ৰ্যালয়ৰ পৰা প্ৰকাশিত ফাইল নং চি এছ আৰ ১- ৪- ২০২০ চি এছ আৰ এম চি এ আৰু জাননী নং ১৫ -০২ -২০২০ ৰ মতে প্ৰকাশ পোৱা সিদ্ধান্ত অনুসৰি ক’ৰ্পৰেট সমূহে ক’ৰোনা প্ৰতিৰোধী যুঁজৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বা ৰাজ্যিক সাহায্য পুজিলৈ আগবঢ়াই অহা আৰ্থিক বৰঙণি ক’ৰ্পৰেট সমূহক সামাজিক দায়বদ্ধতা শিতানৰ পুঁজি হিচাপে গণ্য কৰা নহ’ব । ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ মুকলি কৰা পি এম কেয়াৰ্চ ফাণ্ডতহে জমা হ’ব আৰু এই পুঁজিকহে কেন্দ্ৰীয় চৰকাৰে চি এছ আৰ হিচাপে গণ্য কৰিব৷ এই জাননীৰ পৰা স্পষ্ট হৈ পৰিছে যে ক’ৰোনাৰ গইনা লৈ কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘম্যাদী কালৰ বাবে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ পৰা সামাজিক দায়বদ্ধতা উন্নয়ন আঁচনিৰ সমূদায় পুঁজি পি এম কেয়াৰ্চ ফাণ্ডলৈ সংগৃহীত কৰিব আৰু ৰাজ্য চৰকাৰে সেই আঁচনিৰ পৰা বঞ্চিত হ’ব। কেন্দ্ৰীয় চৰকাৰে এই দুয়োটা হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসম আৰু অসমীয়াৰ আৰ্থ-সামাজিক দিশ সুৰক্ষিত কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিটোৰ যোগে সকীয়াই দিয়ে৷

লংকাত চাইল্ড লাইন আৰু আইন সেৱা প্ৰাধিকৰণৰ যুটীয়া অভিযান

লংকা

লংকাৰ পাঞ্জাৱী বস্তিৰ অৱতাৰ সিঙৰ বাসগৃহৰ পৰা সোমবাৰে এগৰাকী ১০ বছৰীয়া বনকৰা কিশোৰী উদ্ধাৰ হোৱা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ১০ বছৰীয়া কিশোৰীগৰাকীক অৱতাৰ সিঙে নিজৰ ঘৰত বহু বছৰৰ পৰাই ঘৰুৱা কামত নিয়োজিত কৰাৰ লগতে শেহতীয়াকৈ নিজৰ নৱ নিৰ্মিত বাসগৃহত ৰাজ মিস্ত্ৰী লগত সহযোগী হিচাপে কাম কৰিবলৈও বাধ্য কৰাইছিল। কিশোৰীগৰাকীয়ে মূৰত চিমেণ্ট, ইটা লৈ যোগালী কাম কৰি থকা অৱস্থাত বিশেষ সূত্ৰৰ খবৰ লাভ কৰি সোমবাৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাং, লংকা চাইল্ড লাইনৰ মিন্টু শৰ্মা আৰু লংকা আৰক্ষীৰ সহযোগত অৱতাৰ সিঙৰ বাসগৃহৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। সম্প্ৰতি  কিশোৰীগৰাকীক হোজাই জিলা শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰা হৈছে।