Home Blog Page 3503

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত নতুন ফেছন বুলি ভাবি ল’ব লাগে সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰ

অনলাইন বাৰ্তা, ১ মে’ঃ সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰক নতুন ফেছন বুলি ভাবি ল’ব লাগে৷ এই কথা কৈছে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে৷ বিষয়াজনৰ বক্তব্য, অৰ্থনৈতিক কামকাজ আৰমডা° কৰাৰ প্ৰয়োজন৷ ক’ৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ দেশত লকডাউন৷ স্থবিৰ হৈ পৰিছে অৰ্থনৈতিক কামকাজ৷ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ পূৰ্বে পুনৰ ১৪ দিনৰ বাবে লকডাউন বঢ়োৱাৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনীতিৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰাৰ আৰম্ভ কৰিছে বিশেষজ্ঞ মহলে৷ আগন্তুক দিনত সাধাৰণ জীৱন-জীবিকা কি দৰে আগুৱাই নিয়া হ’ব এই বিষয়ে সাম্ভাৱ্য পথৰ সন্ধান দিছে বিষয়াজনে৷ টুইটত অমিতাভ কান্তই লিখিছে ৰেড জ’নবোৰত কঠোৰভাৱে লকডাউন মানিব লাজিব৷ সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰ নতুন ফেছন বুলি ভাবি লোৱা হ’ব৷ ক’ৰ’ণা ভাইৰাছ ভৱিষ্যতে ঘূৰি আহিব পাৰে৷ একে ভুল কৰি চলিব নালাগিব৷ বয়স্ক লোকৰ প্ৰতি বিশেষভাৱে দৃষ্টি দিব লাজিব৷ ক’ৰ’ণা ভাইৰাছৰ ভেকছিন আবিষ্কাৰ অতি সোনকালে হ’ব৷অৰ্থাৎ সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব৷ ইয়াৰ লগতে লিখিছে, জীবিকাৰ তাগিদাত অৰ্থনৈতিক কাম আৰম্ভ কৰাৰ প্ৰয়োজন৷ ক’ৰ’ণা মোকাবিলাত কেতবোৰ বিশেষ দল গঠন কৰিছে কেন্দ্ৰই৷

গৌৰীপুৰত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়ম

ছামচুল হক সেখ, গৌৰীপুৰ

গৌৰীপুৰৰ উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে লকডাউনত গৃহবন্দী হৈ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰেচন কাৰ্ড নথকা পৰিয়ালৰ মাজত চৰকাৰে গাইপতি পাঁচ কিলোগ্ৰাম কৈ চাউল যোগান ধৰিছে যদিও দেৱীতোলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে ৰাইজক। পঞ্চায়ত সভানেত্ৰী আৰু সচিবে ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰাৰ বিষয়ে পাকে প্ৰকাৰে স্বীকাৰ কৰে। ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰাত ক্ষুব্ধ হৈ পৰে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিয়ে। উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তৰ অনিয়ম চৰজমিন তদন্ত কৰিব লৈ চৰকাৰক ৰাইজে দাবী কৰিছে৷

দৰঙৰ খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান পুখুৰীৰ জীৱকুলৰ বাবে খাদ্য যোগান

দ্বীপেন ডেকা, নামখলাদৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান দেৱালয়ৰ পদ্মাপুখুৰীত থকা বহু সৰু বৰ কাছ আৰু মাছকে ধৰি শহা, ম’ৰা, হাঁহ, পাৰ চৰাই লকডাউনৰ সময়ত খাদ্য সংকটত পৰিছে৷ প্ৰতিদিনে সত্ৰ আৰু দেৱালয়লৈ অহা প্ৰকৃতিপ্ৰেমী আৰু দৰ্শনাৰ্থীয়ে এই জীৱকুলক বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আগবঢ়ায়ইছিল৷ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছৰ বাবে লকডাউনৰ ফলত দেৱালয় তথা সত্ৰত দৰ্শনাৰ্থী অহা বন্ধ হোৱাত জীৱকুলৰ ওপৰত প্ৰভাৱ পৰে৷ বৈদ্যুতিক মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে খবৰ পায় মাছ, কাছ আৰু জীৱকুলৰ বাবে খাদ্য সামগ্ৰী লৈ পৰিচালনা সমিতিৰ ওচৰত ঠিয় দিয়ে দৰঙৰ এটি বৃহৎ স্বেচ্ছাসেৱী অনুষ্ঠান “ইউনিটী উই ডা ব্লাড ডোনাৰ”৷ এই স্বেচ্ছাসেৱী অনুষ্ঠানটি শেখৰ মজুমদাৰৰ নেতৃত্বত উপস্থিত হোৱাত দেৱালয় আৰু সত্ৰৰ পৰিচালনা সমিতি কিছু সকাহ পায় বুলি জানিবলৈ দিয়ে৷

লাহৰীঘাটত কোৱাৰেণ্টাইনৰ পৰা স্বগৃহলৈ বিদায় ১৫ ব্যক্তি

খাইৰুল ইছলাম, ভূৰাগাঁও মৰিগাঁৱৰ লাহৰীঘাটত এমাহ এদিনৰ অন্তত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কোৱাৰেণ্টাইন গৃহৰ পৰা স্বগৃহলৈ বিদায় দিলে ১৫ গৰাকীকৈ ব্যক্তিক। উল্লেখ্য যে জিলাখনৰ জাগীৰোডৰ ১২ গৰাকী, লাহৰীঘাটৰ ২ গৰাকী আৰু মৈৰাবাৰীৰ বহলামুখৰ ১ গৰাকী আছিল। নিজামউদ্দিনৰে সম্পৰ্কিত ২০ গৰাকী ব্যক্তি লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন গৃহত ৩১ মাৰ্চ আৰু ১ এপ্ৰিলৰ পৰা আছিল। ইয়াৰে ৫ গৰাকী ক’ভিড ১৯ পজিটিভ চিনাক্ত হোৱাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায়।ইফালে চিকিৎসালয়খনৰ কোৱাৰেণ্টাইনত থকা আন ১৫ গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষাৰ অন্তত নিগেটিভ ওলোৱাত শনিবাৰে আটাইকেইগৰাকী লোককে জিলা স্বাস্থ্য বিভাগে একোখন গামোচাৰে আদৰণি জনাই একোটাকৈ ফল-মূলৰ টোপোলা দি ১০৮ মৃত্যুঞ্জয় সেৱাৰে নিজ নিজ গৃহলৈ লৈ যায়।

পদুমনিত আত্মসহায়ক গোটৰ মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি

ধনশিৰিক’ভিড ১৯ৰ মহামাৰীৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱা বাবে প্ৰতিটো অঞ্চলত  মাস্কৰ চাহিদা পুৰণ কৰিবলৈ মহিলাসকলৰ উপৰি আত্মসহায়ক  গোটসমূহে বিশেষভাৱে উদ্যোগ লোৱা পৰিলক্ষিত হৈছে৷ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত উন্নয়ন খণ্ডটোৰ কাৰ্যালয়ৰ সমীপত আত্মসহায়ক গোটৰ মহিলাসকলে মাস্কৰ এখন বিপনী আৰম্ভ কৰিছে৷ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দ্বীজেন বৰাই উদ্বোধন কৰা মাস্ক বিক্ৰী কেন্দ্ৰটোত অতি সুলভ মূল্যত মাস্ক বিক্ৰী কৰা হৈছে বুলি জীবিকা সখি অনিমা বৰাই জানিবলৈ দিয়ে৷ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অধীনৰ গোটসমূহে ইতিমধ্যে কেইবা হাজাৰ মাস্ক বিনামূলীয়াকৈ ৰাইজক বিতৰণ কৰি আহিছে৷ মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানটোত দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দ্বীজেন বৰাৰ লগতে খণ্ড প্ৰকল্প প্ৰৱন্ধক মুনীন্দ্ৰ গগৈ, অভিযন্তা দীপাঙ্কৰ কোঁৱৰ, ক্ষীৰোদ শইকীয়া মেধি, জীবিকা সখি জ্যোতি মৰান, অনিমা বৰাৰ উপৰি বহুকেইটা আত্মসহায়ক গোটৰ সদস্যা উপস্হিত থাকে৷ উল্লেখযোগ্য যে উন্নয়ন খণ্ডটোৰ অধীনত বৰপথাৰ, উৰিয়ামঘাটতো একোখনকৈ মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়৷

পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনেৰে দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সামৰণি

সমগ্ৰ বিশ্বৰ লগতে দেশত সৃষ্টি হোৱা অদৃশ্য শত্ৰু ক’ৰ’ণাৰ আতংকৰ বাবে এইবাৰ অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহু উদ্‌যাপন কৰিব নোৱাৰিলে ৰাইজে। বিহু উদ্‌যাপন কৰিব নোৱাৰিলেও নুমলীগড়ৰ দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠান সামৰিলে পতাকা উত্তোলনৰ মাজেৰে। ক’ৰ’ণা মহামাৰীৰ বাবে চৰকাৰৰ ঘোষণাৰ প্ৰতি সন্মান জনাই এনেদৰেই সামৰিলে এইবাৰৰ ৪৮ তম দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠান।ৰাজ্যৰ সৰ্বত্ৰ এতিয়া ক’ৰ’ণা মহামাৰীৰ ত্ৰাস। সমগ্ৰ দেশত অব্যাহত আছে পর্যায়ক্ৰমে তলাবন্ধ। বন্ধৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন। বন্ধ হৈ পৰিছে সকলো ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান। চৰকাৰৰ আহ্বান আৰু ঘোষণাৰ প্ৰতি সন্মান জনাই দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সমিতিয়ে শনিবাৰে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানেৰে অন্ত পেলাই ৪৮ তম কেন্দ্ৰীয় বিহু সন্মিলনৰ। মাত্ৰ কেইজনমান বিষয়ববীয়াই পৰম্পৰাগতভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি এফাঁকি বিহু নাম গাই সামৰণি মাৰে। ইফালে এইবাৰৰ সাংস্কৃতিক অনুষ্ঠানৰ অতিথি আছিল জনপ্ৰিয় গায়ক দীক্ষু। এতিয়া এনেদৰেই ক’ৰ’ণা মহামাৰীৰ বাবেই বন্ধ হৈ পৰিছে সকলো অনুষ্ঠান৷

গোলাঘাটত যুৱ সমাজ সেৱক অনুৰাগ চলিহাৰ মহানুভৱতা : চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীক সম্বৰ্ধনা

গোলাঘাটঅখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ সমাজসেৱক অনুৰাগ চলিহাৰ নেতৃত্বত শনিবাৰে ইতিমধ্যে সেউজ মণ্ডলত প্ৰৱেশ কৰা গোলাঘাটত ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্য বিভাগৰ প্ৰতিজন চিকিৎসা কৰ্মীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোক অসমীয়া জলপানেৰে আপ্যায়ন কৰে। বৰ্তমান ক’ৰ’ণা মুক্ত ঘোষণা হোৱা জিলাখনত তেওঁলোকে বিগত ২৮ দিনত কৰা সংগ্ৰাম তথা ত্যাগৰ মহানুভৱতাক  কৃতজ্ঞতা জনায়। এই অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট নগৰ শাখাৰ সম্পাদক ৰণ্টু দত্ত, সাংগঠনিক সম্পাদক লাচিত মেধি, ছ’চিয়েল মিডিয়াৰ প্ৰমুখ সমীহ বৰা, সক্রিয় কাৰ্যকৰ্তা দেৱপ্ৰতীম গগৈ, মিত্ৰভজিত শইকীয়া, অভিনাশ দত্ত, অনিকেশ দত্ত, অনুৰাগ দত্ত, ভাৰতীয় জনতা যুৱ মৰ্চাৰ গোলাঘাট নগৰ সমিতিৰ সভাপতি অৰ্চন শৰ্মা, সাধাৰণ সম্পাদক আদিত্য মুখাৰ্জী, সক্ৰিয় কাৰ্যকৰ্তা বিকি শৰ্মা, সম্পৰ্ক নায়ককে প্ৰমুখ্য কৰি কেইবাজানো কাৰ্যকৰ্তা।

গাঁৱে গাঁৱে জ্ঞান আলোড়ন শীৰ্ষক পাঠদান কাৰ্যসূচী কাকডোঙা আছুৰ

কাকডোঙাসমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যদিও অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছে, ইয়াৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পৰা নাই। কাৰণ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এনড্ৰইড ফোন ক্ৰয় কৰাটো সম্ভৱ নহয়। এনে জটিল সময়ত শিক্ষাৰ পৰা বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীৰ  প্ৰতি লক্ষ্য ৰাখি কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাই ২৮ এপ্ৰিলৰ পৰা জ্ঞান আলোড়ন নামাৰে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীক সাঙুৰী সৰু সৰু গোটৰ সমষ্টি কৰি কাকডোঙাৰ প্ৰতিখন গাঁৱতে এই কাৰ্যসূচী আৰম্ভ কৰিছে। কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাৰ লক্ষ্য এই লকডাউনৰ সময়ছোৱাত যাতে ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশটোৰ অভ্যাসটো যাতে হেৰাই নাযায় আৰু কাকডোঙা অঞ্চলৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীসকলে প্ৰজ্ঞাৰ সাধনাৰে অসমৰ বিভিন্ন স্থানৰ পৰা বুটলি অনা জ্ঞানৰ মৌ মুকুটাসমূহ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক বিলাবলৈ সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই জ্ঞান আলোড়ন কাৰ্যসূচী আৰম্ভ কৰা হয়৷ কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাৰ্গৱ শইকীয়াই এই কথা জানিবলৈ দিয়াৰ লগতে এই ক্ষেত্ৰত সহায় কৰা শিক্ষাগুৰু আৰু শিক্ষিত যুৱ সমাজক ধন্যবাদ জনাইছে।

নুমলীগড়ত বাঘৰ আক্ৰমণত আহত ১

ভাৰত দাস, নুমলীগড়
নুমলীগড়ত অব্যাহত আছে বনৰজাৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত পুনৰ আহত হয় এজন ব্যক্তি৷ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ঢলাগুৰি চাহ বাগিচাত শনিবাৰে বাঘৰ আক্ৰমণত লোকজন আহত হয়। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজন অনুক কুৰুৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আহত লোকজনক সমীপৱৰ্তী ধলাগুৰি চাহ বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মন কৰিব লগীয়া যে নুমলীগড়ত যোৱা ডেৰ মাহৰ ভিতৰত সংঘটিত বাঘৰ আক্ৰমণৰ এইটো চতুৰ্থটো ঘটনা।

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ : ৩ মে’ত পাথৰিঘাটত সম্বৰ্ধনা আয়োজন

অজয় ডেকা, মঙলদৈ

 মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক,স্বাস্থ্যকৰ্মী আৰু আৰক্ষীক ৩ মে’ৰ দিনৰ ১০.৩০ বজাত পাথৰিঘাট আৰক্ষী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা আয়োজন কৰা হৈছে৷ ক’ৰ’ণাই বিশ্বত যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে সৰ্বজনবিদিত৷ এই যুদ্ধত নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি ৰাইজক  সজাগ, সচেতনৰ বাবে স্বাস্থ্য কৰ্মী, সাংবাদিক আৰু আৰক্ষীয়ে লোৱা অগ্ৰণী ভূমিকা আদৰণীয়৷ সেয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত যুদ্ধাৰ ভূমিকা গ্ৰহণ কৰা দৰঙৰ দেওঁমৰনৈ সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক তথা স্বাস্থ্য বিষয়া ডাঃ কমলা কান্ত শৰ্মা, দুনী আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ আৰু স্বাস্থ্য বিষয়া ডাঃ নিপন দাস পাথৰিঘাট খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰবন্ধক ৰিপুঞ্জয় শইকীয়া,পাথৰিঘাটৰ সাংবাদিক জয়ন্ত কাকতি, দৰঙৰ সাংবাদিক জয়দেৱ ডেকা, পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা, পাথৰিঘাট আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সহকাৰী সম্পাদক যাদৱ ভূঞা আৰু নিজ সৰাবাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰুণু বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি প’ৰ্টেলটোৰ মুখ্য সম্পাদক দ্বীপেন ডেকাই জনাইছে৷ উক্ত অনুষ্ঠানত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মাস্ক পৰিধান কৰি উপস্থিত থাকিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে৷