Home Blog Page 815

বৰক’লা শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ সম্বৰ্ধনা সভা সম্পন্ন

‘আমাক এনে এজন অভিযন্তা নালাগে যিজন অভিযন্তাৰ তদাৰকত বা নিৰ্দেশত নিৰ্মাণ হোৱা এখন নতুন দলং দুবছৰতে ভাঙি নিঃশেষ হওক, আমাক এনে এজন চিকিৎসকৰো প্ৰয়োজন নাই যি দুখীয়া-নিচলা ৰোগীক দেখি নেদেখাৰ ভাওযোৰক, আমাক এনেকুৱা এজন চৰকাৰী আমোলা বিষয়া নালাগে যি নিজৰ মাক-দেউতাকৰ ৰোগ-ব্যাধিত কাষত থাকি সেৱা কৰাৰ সময় নাথাকে, আমাক এনেকুৱা এজন তথাকথিত ডিগ্ৰীধাৰী শিক্ষিত ক্ষমতাশালী লোককো নালাগে যি নিজৰ জন্মভূমিক ভাল পাব নাজানে অথবা আমাক এনেকুৱা এজন বিষয়াও নালাগে যি নিজৰ কাৰ্যালয়তেই হওক অথবা বাটে-ঘাটেই হওক ওপৰলৈ হাত ডাঙি ৰঙাঘৰৰ আলহী হৈ আমাক লজ্জানত কৰিব বিচৰা বদনামী বিবেকহীন ব্যক্তিক আমাক নালাগে ৷ আমাক উচ্চ পদবীধাৰীতকৈ উচ্চ মনৰ ভাল মানুহহে আমাক লাগে ৷ যিয়ে সমাজলৈ প্ৰকৃতাৰ্থত কঢ়িয়াই আনে আদৰ, সন্মান, সম্ভ্ৰম ৷ আমাক ভৱিষ্যতৰ বাবে তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়েই লাগে ৷’ নগাঁও জিলাৰ বৰক’লা শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত ২৩ মে’ত অনুষ্ঠিত বাৰ্ষিক সম্বৰ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি প্ৰেছ ক্লাব, বেবেজীয়াৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে ভাষণ প্ৰসংগত উল্লেখিত বক্তব্য দাঙি ধৰে ৷

বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে যোগদান কৰি ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে নিকেতনখনৰ শৈক্ষিক পৰিবেশৰ শলাগ লৈ আজি প্ৰথম বাৰৰ বাবে শিক্ষানুষ্ঠানখনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ প্ৰতি আৰু অধিক মনোনিবেশ কৰি নিজৰ জীৱন জিলিকাই তুলিবলৈ আহ্বান জনোৱাৰ লগতে নিকেতনখনৰ সমস্যা সমূহ দূৰীকৰণৰ হেতু চৰকাৰী নিয়মানুসৰি আৰ্থিক সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰি আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত দহ লক্ষাধিক টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ উপৰি উৎকট গৰমৰ পৰা কিছু পৰিমাণে সকাহ পাব পৰাকৈ নিকেতনখনত বৰ্তমান সময়ত প্ৰয়োজনীয় হৈ পৰা পাঁচখন চিলিং ফেন বিধায়ক দাসে ব্যক্তিগতভাৱে শীঘ্ৰেই আগবঢ়াব বুলি বক্তব্যত প্ৰকাশ কৰে ৷ নৱম শ্ৰেণীৰ ছাত্ৰী ভায়লিনা লস্কৰে পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে আচাৰ্য বিজিন্দৰ সিঙে ৷ প্ৰাক্তন উপাধ্যক্ষ গোবিন চন্দ্ৰ শৰ্মা, প্ৰাক্তন বিষয় শিক্ষকদ্বয় ৰজত মুদৈ আৰু ললিত নাথ, ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত প্ৰাক্তন কৃতী শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰ, কামপুৰৰ সংকুল প্ৰমুখ সঞ্জীৱ হাজৰিকা, প্ৰাক্তন পঞ্চায়ত সভাপতি যোগপ্ৰসাদ বৰদলৈ, বিশিষ্ট সচেতন মহিলা ভাৰতী দেৱীৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ জিলা উপ- সভাপতি সুবৰ্ণ সিংহ, জনাৰ্দন শইকীয়া, কমাৰগাঁও মণ্ডলৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি সীমান্ত দেউৰী, সম্পাদক মনোজ বৰা প্ৰমুখ্যে গুণী-জ্ঞানী বিশিষ্ট লোকসকল উপস্থিত থকা সভাখনত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা স্নেহা বৰঠাকুৰ, সমুদ্ৰ কুমাৰ ডেকা, ইন্দ্ৰাশ্ৰী লস্কৰ, ঋতুপৰ্ণা দাস, জুবিতৰা দাস, শিখামণি ডেকা, আদিত্য চুবেদাৰ, দিক্ষীতা বৰুৱা,প্ৰিয়ম ডেকা,ডেভিদ দাস, ভূপিন্দৰ সিং আৰু বাবুল কাকতিক ফুলাম গামোচা, মমেণ্টো আৰু অভিনন্দন পত্ৰৰে অভিনন্দিত কৰা হয় ৷

বৰক’লা গুৰু নানক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা উৎপলা ডেকাই আঁত ধৰা উক্ত অভিনন্দন অনুষ্ঠানটিতে নিকেতনখনৰ বছেৰেকীয়া উত্তীৰ্ণৰ ওপৰত বিশেষ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত আকাংক্ষা বনিয়া, লিচা দেৱী, চিমাশ্ৰী বৰা, ইক্ষু শইকীয়াৰ উপৰি বছৰৰ সৰ্বাধিক উপস্থিতিৰ বাবে ছাত্ৰ দীপ দৰ্শন ৰাজকুমাৰেও বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ সম্বৰ্দ্ধনা সভাৰ প্ৰাকক্ষণত নিকেতনৰ প্ৰধান আচাৰ্য বিকাশ নাথে অভ্যাগত সকলক উদ্দেশ্যি আদৰণী ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত স্থানীয় খেলুৱৈ অভীনৱ বৰদলৈয়ে লং জাম্পৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাত তেওঁকো অভিনন্দন জনোৱা এই সভাতেই অহা বছৰ নিকেতনখনিয়ে ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰিবলৈ লোৱা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰা হয় ৷ সভাৰ অন্তত অন্তত আচাৰ্য দাদু কাকতিৰ শলাগৰ শৰাইৰে নিকেতনৰ বাৰ্ষিক সম্বৰ্ধনা সভাখনিৰ পৰিসমাপ্তি ঘটে ৷

বন্ধুৰ লগত প্ৰেমিকাক চিনাকি কৰাই দিবলৈ কিয় বেয়া পাই যুৱকে? প্ৰকৃত কাৰণ জানি লওক যুৱতীসকলে…

প্ৰতিজন যুৱকৰ নিজস্ব দৃষ্টিভংগী বেলেগ বেলেগ। কিন্তু যদি বহুদিন সম্পৰ্কত থকাৰ পিছতো আপোনাৰ সংগীয়ে আপোনাক নিজৰ বন্ধুৰ সৈতে চিনাকি কৰাই নিদিয়ে তেন্তে ইয়াৰ আঁৰৰ কাৰণ বুজাটো অতি প্ৰয়োজনীয় হৈ পৰে। দুজন মানুহৰ মাজৰ সম্পৰ্ক যিমানেই স্বচ্ছ হৈ থাকে সিমানেই তেওঁলোকৰ সম্পৰ্ক মজবুত হৈ পৰে। ইয়াৰ ভিতৰত আপোনাৰ সংগীক আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়াটোও অতি গুৰুত্বপূৰ্ণ। কিন্তু সাধাৰণতে দেখা যায় যে ল’ৰাবোৰে নিজৰ প্ৰেমিকাক বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লগত চিনাকি কৰাই দিবলৈ বহুত লাজ কৰে। বহু সময়ত তাৰ বাবে তেওঁলোকৰ মাজত মতানৈক্যৰো সৃষ্টি হয়। ল’ৰাই প্ৰেমিকাক বন্ধুৰ লগত চিনাকি কৰাই নিদিয়াৰ কিছুমান কাৰণ জানি লওঁ আহক…

প্ৰত্যেকেই বিচাৰে তেওঁৰ বন্ধুসকলে তেওঁৰ পছন্দক ভাল পাওক। এনে পৰিস্থিতিত বন্ধুৰ লগত প্ৰেমিকাক চিনাকি কৰাই নিদিয়া ল’ৰাবোৰে বন্ধু-বান্ধৱীয়ে তেওঁৰ প্ৰেমিকাক ভাল নাপাব পাৰে বুলি ভয় কৰিব পাৰে।

ধেমালিৰ সীমা সকলোৱে নাজানে। বহু ল’ৰাই প্ৰায়ে বন্ধুৰ প্ৰেমিকাৰ সন্মুখত এনে ধেমালি কৰে যে পৰিস্থিতি অস্বস্তিকৰ হৈ পৰে। এনে পৰিস্থিতিত ল’ৰাই এনে বন্ধুৰ লগত প্ৰেমিকাক চিনাকি কৰাই দিয়াৰ পৰা বিৰত থাকে, যাতে তেওঁলোকৰ মাজত কোনো মতানক্য নহয়।

ল’ৰাৰ প্ৰেমিকাৰ প্ৰতি যি অসুৰক্ষিততা থাকে, ছোৱালীৰ সংগীৰ প্ৰতি যি নিৰাপত্তাহীনতা থাকে; এনে পৰিস্থিতিত ল’ৰাবোৰে প্ৰেমিকাক বন্ধুৰ লগত চিনাকি কৰাই নিদিয়ে কাৰণ বন্ধুৱে প্ৰেমিকাক আকৰ্ষিত কৰিব পাৰে বুলি ভয় কৰে।

প্ৰেমিকাক লৈ চিৰিয়াছ নহোৱা ল’ৰাবোৰে বন্ধুৰ লগত চিনাকি কৰাই দি ভাল নাপায়। অৱশ্যে তেওঁৰ বিশেষ কেইজনমান বন্ধুক নিজৰ প্ৰেমিকাৰ বিষয়ে অৱগত কৰি ৰাখে।

ল’ৰাই নিজৰ ভুল লুকুৱাবলৈও বন্ধুৰ লগত প্ৰেমিকাক চিনাকি কৰাই নিদিয়ে। কাৰণ তেওঁলোকে ভয় কৰে যে তেওঁলোকৰ বন্ধুসকলে তেওঁৰ প্ৰেমিকাক তেওঁৰ গোপনীয়তা প্ৰকাশ কৰিব আৰু তেওঁলোকৰ সম্পৰ্ক ভাঙি যাব বুলি।


স্বামীৰ উপাধি আঁতৰালে হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছাই! পৃথক হ’ব নেকি দুয়ো…

ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়া আৰু মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ মাজৰ দূৰত্বক লৈ কিছু খবৰ চৰ্চাত আছে। কিয়নো নাটাছা ষ্টেনকভিচৰ ইনষ্টাগ্ৰাম বায়’ত পৰিৱৰ্তন আহিছে। আচলতে ছাৰ্বিয়াৰ মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচে তেওঁৰ উপাধিৰ পৰা ‘পাণ্ডিয়া’ বাদ দিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চৰ্চাত আহিছে তেওঁলোকৰ মাজৰ সম্পৰ্ক ফাঁট মেলা কথা।

আচলতে নাটাছাই ইনষ্টাগ্ৰামত তেওঁৰ নামটো ‘নাটাছা ষ্টেনকভিচ পাণ্ডিয়া’ বুলি লিখিছিল যদিও এতিয়া তেওঁ স্বামীৰ উপাধি আঁতৰাই পেলাইছে।

আনহাতে ৪ মাৰ্চত নাটাছাৰ জন্মদিন আছিল কিন্তু হাৰ্দিকে পত্নীৰ বাবে কোনো পোষ্ট কৰা নাছিল।

আচলতে শেহতীয়া কিছুমান ফটোও নোহোৱা হৈছে।

আনহাতে প্ৰতিবাৰেই নাটাছাই আই পি এলত স্বামীক সহায় কৰিবলৈ আহিছিল যদিও এইবাৰ ষ্টেডিয়ামত উপস্থিত নাছিল।

তাকে লৈ মানুহৰ মনত জল্পনা-কল্পনা সৃষ্টি হৈছে।

বহুবাৰ এনেকুৱা হৈছে যে ছ’চিয়েল মিডিয়াত তাৰকাসকলে নিজৰ নাম সলনি কৰে।

তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য ৰখা নাই এতিয়ালৈকে হাৰ্ডিক আৰু নাটাছাই।

ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম আছে! ব্ৰেকফাষ্ট খোৱাৰ নিয়ম জানি লওক…

ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম আছে। সেইবোৰ মানি চলিলে অলপ হ’লেও ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। সাৰ পোৱাৰ লগে লগে মানুহৰ এটা চিন্তাই। শিশুৰ টিফিনত কি দিব, ব্ৰেকফাষ্টত কি খাব। তেনেকৈয়ে আৰম্ভ হয় দিনটো।

ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম মানি চলকঃ

প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্ট স্বাস্থ্যৰ বাবে উপকাৰী। গতিকে সদায় ব্ৰেকফাষ্টত অধিক প্ৰটিন থকা খাদ্য খাবলৈ চেষ্টা কৰক। বিশেষকৈ যদি আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ ৰাতিপুৱাৰ আৰম্ভণিতে প্ৰটিন সমৃদ্ধ খাদ্যৰ পৰা আৰম্ভ কৰিব লাগে।

বহুতে ৰাতিপুৱা বেছিকৈ খাবলৈ মন নকৰে। কিন্তু অভ্যাস সলনি কৰাটো গুৰুত্বপূৰ্ণ। ৰাতিপুৱা খালে শৰীৰে পুষ্টিকৰ উপাদান লাভ কৰে। গোটেই দিনটো শৰীৰ ভালে থাকে।

যিমানেই ব্যস্ত নহওক কিয়, ব্ৰেকফাষ্ট এৰি নিদিব। বহুতে ওজন কমাবলৈ ব্ৰেকফাষ্ট এৰি দিয়ে। ই অধিক ক্ষতি কৰে। এনে অভ্যাস থাকিলে গেছ-হাৰ্টবাৰ্ণৰ সমস্যাও হ’ব পাৰে।

অহা বছৰ আই পি এল খেলিব নে মহেন্দ্ৰ সিং ধোনীয়ে, চেন্নাই ছুপাৰ কিংছ আশাবাদী…

অহা বছৰ আই পি এল খেলিব নে মহেন্দ্ৰ সিং ধোনীয়ে। চেন্নাই ছুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে অহা বছৰ আই পি এলত ধোনী খেলৰ বাবে আশাবাদী। চি এছ কেৰ ইউটিউব চেনেলত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে ধোনিৰ ভৱিষ্যত মই নাজানো। খেলিব নে নাই, এই প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই দিব পাৰে। আমি তেওঁৰ সিদ্ধান্তক সদায় সন্মান জনাই আহিছো। ধোনিয়ে সদায় সময়মতে সিদ্ধান্ত দি আহিছে।

বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত চেন্নাই ছুপাৰ কিংছে প্ৰকাশ কৰা ভিডিঅ’টোত ধোনীয়ে কয়, ‘জীৱনত ভয় আৰু মানসিক চাপ থকাটো অতি প্ৰয়োজনীয়। মোৰ অন্তৰত যদি ভয় নাথাকে, মই কেতিয়াও সাহসী হ’ব নোৱাৰো। ভয়ৰ এই চাপ থকাটো গুৰুত্বপূৰ্ণ বুলি মোৰ বিশ্বাস। সেয়া সঠিক সিদ্ধান্ত লৈহে সম্ভৱ।

আঁঠুৰ অস্ত্ৰোপচাৰৰ অন্তত খেলপথাৰলৈ উভতি অহাৰ পাছত বৰ্তমানৰ আই পি এলত ৭৩টা বলত ১৬১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ধোনীয়ে।

অদম্য সাহস, কৰ্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি পুণ্যতিথি…

অদম্য সাহস, কৰ্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি পুণ্যতিথি।

আজি মহান সত্তাগৰাকীক পৱিত্ৰ পুণ্যতিথিত সশ্ৰদ্ধ স্মৰণ।

১৭৮৮ খ্ৰীষ্টাব্দৰ পৰা ১৮০৫ খ্ৰীষ্টাব্দলৈকে সুখ্যাতিৰে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল এইগৰাকী মটক ৰজাই।

স্বৰ্গদেউ সর্বানন্দ সিংহই প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম ‘বেংমৰা মটক ৰাজ্য’ আছিল।

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি ২২২ সংখ্যক পৱিত্ৰ পুণ্যতিথিৰ উপলক্ষে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত তিনিচুকীয়াত উলিওৱা হয় এক মটৰ চাইকেল ৰেলী।

এখন ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ চিত্ৰগৃহত উপস্থিত প্ৰস্তুতিৰ ‘প্ৰতিশ্ৰুতি’…

মুক্তি পালে প্ৰস্তুতি পৰাশৰৰ নতুন ছবি ‘প্ৰতিশ্ৰুতি’।

এখন ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ অসমৰ প্ৰতিটো চিত্ৰগৃহত উপস্থিত হৈছে “প্ৰতিশ্ৰুতি”।

বেলতলাৰ Matrix Cinema Hallত কালি সন্ধিয়া ছবিখনৰ প্ৰিমিয়াৰ মুকলি কৰা হয়।

ছবিখনত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী, প্লাৱিতা বৰঠাকুৰ, সিদ্বাৰ্থ কাশ্যপ, ৰূপম বৰুৱা, গীতাৱলী ৰাজকুমাৰী, স্নিগ্ধা ৰাণী বৰুৱা, শিৱৰঞ্জনী বৰুৱাই।

এই ৫ ৰোগীয়ে নাখাব চাহ, গাখীৰ চাহৰ উপকাৰিতা-অপকাৰিতাৰ বিষয়ে জানো আহক…

নিয়মিতভাৱে কম পৰিমাণে চাহ খালে স্বাস্থ্যৰ কোনো ক্ষতি নহয়, বৰঞ্চ স্বাস্থ্যৰ উপকাৰিতাপে হ’ব। কিন্তু গাখীৰ চাহ সকলোৰে বাবে উপকাৰী নহয়। প্ৰতিখন ঘৰতে চাহৰ গুৰুত্ব দেখা যায়। চাহৰ বহুতো প্ৰকাৰ আছে, তাৰ ভিতৰত গাখীৰৰ সৈতে চাহ খাই আটাইতকৈ বেছি পাই মানুহে।চাহৰ বিষয়ে জানো আহক-

যদি আপোনাৰ শৰীৰত আইৰণৰ অভাৱ হয় তেন্তে গাখীৰৰ সৈতে চাহ খুব কমকৈ খাব বা একেবাৰেই নাখাব।

অৱশ্যে চাহ খালে সতেজ অনুভৱ হয়। কিন্তু যদি আপুনি ডিপ্ৰেছন বা ষ্ট্ৰেছৰ মাজেৰে দিন অতিবাহিত কৰিছে তেন্তে চাহ নাখাব। চাহ খালে ইয়াৰ লক্ষণ অধিক ভয়াৱহ হ’ব পাৰে।

যদি আপুনি ৰাতি শুব নোৱাৰে তেন্তে চাহ নাখাব। বিশেষকৈ সন্ধিয়া চাহ নাখাব।

গাখীৰৰ সৈতে চাহ খালে আপোনাৰ হজম শক্তি বেয়া হ’ব পাৰে।চাহত থকা কেফেইন আৰু চৰ্বি একেলগে গেছ, পেট ফুলা আৰু এচিডৰ সৃষ্টি কৰে।

যদি আপুনি হৃদৰোগী তেন্তে গাখীৰৰ চাহ খাব নালাগে। কিন্তু চেনিবিহীন ক’লা চাহ কম পৰিমাণে খাব পাৰে।

সৌন্দৰ্য্য বৃদ্ধিত কোনবিধ খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? সুস্থ ছাল, সুস্থ মানসিক স্বাস্থ্যৰ বাবে খাওক এই চাৰি খাদ্য…

আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়।আমি শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’বলৈ দিব নালাগে, নহ’লে আমি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাঁৰঁ। ইয়াৰ বাবে আমি কিছুমান বিশেষ খাদ্য খাব লাগিব। জানো আহক এই খাদ্য সমূহৰ বিষয়ে…

আমাৰ মানসিক স্বাস্থ্যৰ বাবে পুষ্টিকৰ উপাদান অতি গুৰুত্বপূৰ্ণ, যেনে ধৰক কণী, গাখীৰ, ছালমন, ব্ৰকলি দৰে খাদ্যই সহজে মানসিক চাপৰ পৰা আঁতৰি আহিবলৈ সহায় কৰে। গতিকে ভিটামিন বি ১২ যুক্ত খাদ্য নাখালে হতাশা বাঢ়িব পাৰে।

যদি আপুনি দৈনন্দিন খাদ্য তালিকাত ভিটামিন বি-১২ যুক্ত খাদ্য, যেনে কণী, গাখীৰ, ছালমন, ব্ৰকলি আদি অন্তৰ্ভুক্ত নকৰে তেন্তে আপোনাৰ ৰক্তহীনতা হ’ব পাৰে আৰু এনে পৰিস্থিতিত শৰীৰত তেজৰ অভাৱ হ’ব। তেতিয়া আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব।

আমি প্ৰায়ে হাড় শক্তিশালী কৰিবলৈ কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ দূৰ কৰাত গুৰুত্ব দিওঁ, কিন্তু আমি পাহৰি যাওঁ যে হাড়ৰ বাবেও ভিটামিন বি ১২ সমানেই গুৰুত্বপূৰ্ণ। কণী, গাখীৰ, ছালমন, ব্ৰকলি আদি খাদ্য খাব পাৰে আপুনি।

আমাৰ শৰীৰৰ সৌন্দৰ্য্য বৃদ্ধিত কণী, গাখীৰ, ছালমন, ব্ৰকলি, তিয়হ আদিয়ে ভূমিকা পালন কৰে। এই খাদ্যই আমাৰ ছাল, চুলি আৰু নখ সুস্থ কৰি ৰখাত সহায় কৰে, যাৰ ফলত আমাৰ চেহেৰা ভাল হয়।

গ্ৰীষ্ম প্ৰবাহত স্থবিৰ ৰাজ্যৰ জনজীৱন, স্বাভাৱিকতকৈ ৮.৪ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত আছে তাপমাত্ৰা…

দেশৰ কেবাখনো ৰাজ্যত চলি থকা হোৱা গ্ৰীষ্মপ্ৰবাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে। কেইবাদিনো ধৰি অসমত হঠাতে আৰম্ভ হোৱা গৰমক বহুতে উত্তৰ ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰবাহ আৰম্ভ হোৱা বুলি আশংকা ব্যক্ত কৰিছে। কিয়নো ৰাজস্থান, পাঞ্জাব, হাৰিয়ানাকে ধৰি উত্তৰ ভাৰতত বহু অঞ্চলত সৰ্বাধিক তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। ইফালে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন। জুন, জুলাই মাহৰ দৰে গৰম অনুভূত হোৱাত ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুওৱা পৰিলক্ষিত হৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি মতে সাধাৰণতে মে মাহৰ এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৯ ৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব লাগে।

কিন্তু ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে কেইবাদিনো ধৰি বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাবে বৃদ্ধি পাইছে। উদ্বেগজনক ভাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৬ ৰ পৰা ৮.৪ ডিগ্ৰী চেলচিয়াছৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে। ফলত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন। আনকি বহুতে গৰমৰ প্ৰকোপত অতিষ্ঠ হৈ অহা জুন, জুলাই, আগষ্ট মাহৰ দৰে অতি গৰম পৰা মাহত কি পৰিস্থিতিৰ উদ্ভৱ হব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে। আনহাতে কালি দিনটোত ৰাজ্যখনৰ ভিতৰতে সর্বাধিক তাপমান আছিল ৰাজ্যৰ সাংস্কৃতিক নগৰী হিচাপে খ্যাত তেজপুৰ । তেজপুৰত দুপৰীয়াৰ ভাগত তাপমান বৃদ্ধি পাই হৈছিলগৈ ৩৯.৫ ডিগ্ৰী চেলছিয়াছ। যিটো স্বাভাবিকতকৈ ৮.৪ ডিগ্ৰী চেলচিয়াছ অধিক আছিল। আনকি শিলচৰ চহৰত আজি স্বাভাৱিকতকৈ ৭.২ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৯.২ ডিগ্ৰী চেলচিয়াছ। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৯ ডিগ্রী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৪৫-৪৭ ডিগ্রী চেলছিয়াছৰ দৰে হয়গৈ। এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধ্বংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে। কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো পূৰ্বৰ তুলনাত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। আনহাতে আজিৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ – ডিব্ৰুগড়ত ৩৭.৯ ডিগ্রী চেলছিয়াছ, যোৰহাটত ৩৭.২ ডিগ্ৰী চেলছিয়াছ , উত্তৰ লখিমপুৰত ৩৮.২ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৭.০ ডিগ্ৰী চেলচিয়াছ আছিল। একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্রতিবেদন প্রকাশ কৰিছে। য’ত গ্লবেল ৱামিং বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে।

এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্রাস পাব পাৰে। আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৭ মে’ৰ পাছত অসমৰ কেতবোৰ অঞ্চলত গাজনী , ঢেৰেকনি ,ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হব পাৰে বুলি আগজাননী দিছে। অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।