Home Blog Page 816

ধুবুৰী ঝগৰাপাৰ ষ্টেডিয়ামত নতুন পেভেলিয়নৰ শুভ উদ্বোধন…

ধুবুৰী ক্ৰীড়া ক্ষেত্ৰত সুনাম আছে যদিও আজিলৈকে জাভেদ জামানৰ পিছত ভাল এজন খেলুৱৈয়ে উঠি অহা নাই। অসম ক্ৰিকেট সন্থাই অসমৰ প্ৰতিখন জিলাতে ক্ৰিকেট খেলাৰ উন্নয়নৰ বাবে আন্তঃগাথঁনি নিৰ্মাণ কৰি আছোঁ। ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰত কাম কৰিছো। আজি ধুবুৰী ঝগৰাপাৰ ষ্টেডিয়ামত নতুন পেভেলিয়ন, গ্ৰাউণ্ড পিচ,বনাই দিলো। লাহে লাহে প্ৰতিখন জিলাৰ চুকে কোনে ক্ৰিকেট খেলৰ উন্নয়নৰ বাবে আন্তঃগাথঁনি প্ৰস্তুত কৰিব। বাকি ভাল খেলুৱৈ ওলাই আহিব লাগিব। আজি ৰিয়ান পৰাগ যেনেকৈ ওলাই আহিছে, তেনেকৈ ১০-১৫ জন ৰিয়ান পৰাগ অসমৰ ক্ৰীড়া ক্ষেত্ৰত ওলাই আহিব লাগে”-মন্তব্য অসম ক্রিকেট সন্হাৰ সভাপতি তৰংগ গগৈৰ।

আজি ধুবুৰী ঝগৰাপাৰ ষ্টেডিয়ামত, সম্পূৰ্ণ ভাবে নিৰ্মাণ হোৱা পেভিলিয়ানৰ শুভ উদ্বোধন কৰি এইদৰে কয়।ইয়াৰ আগতে আজি বিয়লি এই ধুবুৰী ক্ৰীড়া সন্থাৰ গ্ৰাউণ্ড পেভিলিয়ানত এখন সভা অনুষ্ঠিত হয়।সভাৰ সভাপতিত্ব কৰে অমল কুমাৰ সাহা। উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰন সম্পাদক ৰতন চন্দ্ৰ মন্ডল। পৰিচালনা কৰে বিশ্বজিৎ কলিতা। সভাত উপস্থিত আছিল সভাপতি, অসম ক্ৰিকেট সন্থা আৰু বিধায়ক , নাহৰকটীয়া সমষ্টি, ত্ৰিদীপ কোৱৰ, সম্পাদক, অসম ক্ৰিকেট সন্থা, চিৰঞ্জিত লাংথাচা, কোষাধ্যক্ষ, অসম ক্ৰিকেট সন্থা ,ৰাজদ্বীপ ওজা, উপ সভাপতি, অসম ক্ৰিকেট সন্থা, ৰাজেন্দ্ৰ সিং, যুটীয়া সম্পাদক, অসম ক্ৰিকেট সন্থা, অনুপম ডেকা,সভ্য এপেক্স কাউঞ্চিল , জাবেদ জামান, প্ৰাক্তন খেলুৱৈ ভাৰতীয় “এ“ টিম, যোগেশ বৰুৱা, প্ৰাক্তন সচিব, খেল বিভাগ, অসম, অমল কুমাৰ সাহা, কাৰ্যকৰী সভাপতি, জিলা ক্ৰীড়া সন্থা ধুবুৰী, ৰতন চন্দ্ৰ মন্ডল,সাধাৰন সম্পাদক, জিলা ক্ৰীড়া সন্থা, ধুবুৰী। দেৱময় স্যানাল, পৌৰপতি, ধুবুৰী পৌৰসভা ,দীপক সাহা, সভাপতি, ধুবুৰী গৌৰীপুৰ উন্নয়ন পৰিষদ৷

আজি ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত IPLৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ…

আজি ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত IPLৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ।

সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল।

ৰাজস্থান ৰয়েলছ-ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত যুঁজখনৰ সমান্তৰালকৈ আজি ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেডৰ যুঁজ হ’ব।

অৰেঞ্জ কেপৰ তালিকাত বৰ্তমান ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেড। 

অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত চকু থাকিব দেশবাসীৰ।

বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবেই ১৪ টা পৰিয়ালক এঘৰীয়া কৰিলে সমাজে…

মঙলদৈ মেধিপাৰাত সমাজে এঘৰীয়া কৰিলে ১৪ টা পৰিয়ালক।মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী ১ নং মেধি পাৰা গাঁৱত ১৪ টা পৰিয়ালক সমাজে এঘৰীয়া কৰিছে। যোৱা ২৬ এপ্ৰিলত বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবেই গাঁৱৰ খেলে সমাজচ্যুত কৰিছে পৰিয়াল কেইটিক।এই সম্পৰ্কে গাঁৱখনৰ এঘৰীয়া কৰা পৰিয়ালসমূহ একত্ৰিত হৈ প্ৰশাসনৰ ওচৰত ন্যায় বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গাঁওখনত ৩৫০ ঘৰ পৰিয়াল আছে আৰু ইয়াৰে ১৪ ঘৰক এঘৰীয়া কৰাত সমগ্ৰ আঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁৱখনৰ মিলন ডেকা নামৰ লোকজনে যোৱা ব’হাগ বিহুৰ সময়ত ভাত খাবলৈ নিমন্ত্ৰণ জনাইছিল কেইগৰাকীমান বন্ধু-বান্ধৰ লগতে নিজৰ শহুৰ, খুড়ু-খুড়ী আৰু পেহাকৰ পৰিয়ালক। ইয়াতে সমাজ তথা খেলৰ বৰমুৰীয়া সকল ক্ষোভিত পৰে। কিয়নো যোৱা মাঘ বিহুৰ সময়তে মিলন ডেকাক এঘৰীয়া কৰিছিল খেলে। মিলন ডেকাই শংকৰী পৰম্পৰাত বিস্বাসী নিজ মামাৰ ঘৰলৈ গৈ বিয়াত অংশগ্ৰহণ কৰিছিল। যাৰ বাবে মাঘ বিহু তথা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই মিলন ডেকাৰ পৰিয়ালটিক সমাজে এঘৰীয়া কৰি থৈছিল।

এতিয়া মিলন ডেকাৰ ঘৰত সাধাৰণ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবে মিলন ডেকাৰ শহুৰৰ ঘৰৰ লগতে খুড়াক, খুড়ীয়েক আৰু পেহীয়কৰ ঘৰৰ পৰিয়ালকো এঘৰীয়া কৰিলে সমাজ তথা খেলে। বৃহস্পতিবাৰে এই সম্পৰ্কে ক্ষোভ ব্যক্ত কৰি মিলন ডেকাই কয় যে আজিৰ আধুনিক সমাজ ব্যৱস্থাটো এনে নিয়ম আছেনে? এনে নিয়মে আমাৰ সমাজখনত ভাঙোন আনিছে আৰু নৱ প্ৰজন্মৰ মাজত বিভাজনৰ বিজ ৰোপন কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰশাসনে উচিত বিচাৰ কৰি আমাক ন্যায় দিব লাগে বুলি কয়। সেইদৰে ভবেশ্বৰী ডেকা নামৰ মহিলা এগৰাকীয়ে কান্দি কান্দি কয় যে আমাক তেওঁলোকে বিভাজন আনি দিলে। এতিয়া এই বিভাজন সৰু লৰা-ছোৱালীৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁলোকক একেলগে বিহু চাব নিদিয়ে, ফাকুৱা উদযাপন কৰিব নিদিয়ে। আনকি নামঘৰত নাম পৰিৱেশনটো বিভাজন আহিছে। আমি চৰকাৰক আহ্বান জনাইছো এনে নিৰ্জাতনৰ পৰা আমাক বচাওক।

৩১ বছৰৰ অন্তত পিতৃ-পুত্ৰ-কন্যাৰ মহামিলন! পিতৃক কাষত পাই আৱেগিক পুত্ৰ-কন্যা…

শোনিতপুৰ জিলাৰ ছিৰাজুলিৰ জীৱন কুমাৰ ছাহা৷১৯৯৩চনতে বিধিৰ বিপাকত বজ্ৰপাত পৰি মৃত্যু হৈছিল জীৱনৰ পত্নীৰ৷পত্নীৰ মৃত্যু হোৱাৰ বছৰতেই ঘৰৰ পৰা এদিন পাঁচটি পুত্ৰ-কন্যাক এমুঠি আহাৰ যোগাৰ কৰিবৰ বাবে ব্যৱসায় কৰিবলৈ ওলাই গৈছিল জীৱন কুমাৰ ছাহা৷ ঘৰত পুত্ৰক কৈ গৈছিল ব্যৱসায়ৰ পৰা উভতি আহোতে কেইদিনমান দেৰি হোৱাৰ কথা৷ চৰাচৰ ব্যৱসায়লৈ গ’লে দুই তিনিদিনলৈ দেউতাক অহা নাছিল ঘৰলৈ৷ কিন্তু বহু মাহৰ পিছতো দেউতাক ঘৰলৈ উভতি নহাত মাতৃহাৰ কনমানী কেইটাই পৰিয়ালৰ লোকৰৰ মাজত দেউতাকৰ সন্ধান কৰিছিল যদিও দেইতাকক নাপালে৷

বিশ্বাস কৰছিল দেউতাক এদিন উভতি আহিব৷ হঠাৎ যেন বিধাতাই কথাবোৰ শুনিলে৷ৰাজস্থানৰ ভৰত পুৰৰ আপোনঘৰ আশ্ৰমৰ পৰা দলগাঁও আৰক্ষী চকিলৈ এগৰাকী লোকৰ সবিশেষ বিচাৰি আহিল ফোন কল৷ আৰক্ষী বিষয়া গৰাকীয়েও তৎকালেই গাঁওৰক্ষী বাহিনীৰ জৰিয়তে আৰম্ভ কৰিলে মানুহ গৰাকীৰ পৰিচয় বিছৰাৰ কাম৷গাঁওৰক্ষী বাহিনীত আছিল জীৱন কুমাৰ ছাহাৰ পৰিয়ালৰ লোকো৷ পৰিয়ালৰ লোকে জীৱনক চিনি পাই যোগাযোগ কৰিলে জীৱনৰ পুত্ৰৰ সৈতে৷ অৱশেষত দলগাঁও আৰক্ষী চকিৰ সহযোগত ৰাজস্থানৰ ভৰতপুৰৰ আপোন ঘৰ আশ্ৰমত সুদীৰ্ঘ ৩১বছৰৰ অন্তত মিলন হ’ল পিতা-পুত্ৰ-কন্যাৰ৷


পৰিয়ালৰ লোকে এতিয়া জানিব পৰা মতে ১৯৯৩চনতেই ঘৰৰ পৰা ওলাই যোৱাৰ পিছত জীৱনে বহুবছৰ বৃন্দাবনত আছিল, বহুবছৰ বৃন্দাবনত থকাৰ পিছত বৃন্দাবনত সংগঠিত হৈছিল এক দুৰ্ঘটনা৷ পথৰ কাষত পৰি থকা অৱস্থাৰ পৰা হৃদয়বান লোকে আৰক্ষীৰ সহায়ত ভৰতপুৰৰ আপোন ঘৰ আশ্ৰমত থৈছিল জীৱনক৷ আপোনা ঘৰ আশ্ৰমৰ সহৃদয়তাৰ বাবেই ৩১বছৰৰ অন্তত মিলন হ’ল পিতা-পুত্ৰ-কন্যাৰ৷৩১বছৰৰ পিছত পিতাকক নিজ ঘৰত পাই আৱেগিক পুত্ৰ-কন্যা, ওচৰ চুবুৰীয়া সকলো৷

গুৱাহাটী চিটী এফচি আৰু গুৱাহাটী ইউনাইটেড এফচিৰ ইউনিটী গ্ৰাছৰুট্‌ছ শ্বীল্ড…

গুৱাহাটী চিটি এফ চি (জি চি এফ চি) আৰু ইয়াৰ সহযোগী ক্লাব গুৱাহাটী ইউনাইটেড এফ চি (জি ইউ এফ চি)ৰ যৌথ উদ্যোগ ‘ইউনিটি গ্ৰাছৰুটছ শ্বিল্ড ফুটবল প্ৰতিযোগিতা। ২০২৪ৰ তৃতীয় মেচডে বৃহস্পতিবাৰে ছয়মাইলৰ কৃষি ভৱন খেলপথাৰত অনুষ্ঠিত হয়।

অনুৰ্ধ ১০শাখাত ১০খন খেল অনুষ্ঠিত হয়। মেচসমূহৰ ফলাফল হ’ল: এপিআৰঅ’ এফ এ ০-৫ জি ইউ এফ চি ০-৫, এছ এফ এছ গ্ৰীণফিল্ড এফ এ ৪-২ জি ইউ এফ চি, গ্ৰীণফিল্ড এফ চি ০-১ আকাশ এফ চি, এপিআৰঅ’ এফ এ ২-৫ মনোময় এছ চি, গ্ৰীণফিল্ড এফ চি ৩-০ লিণ্টিজাম এফ এ ৩-০, এছ এফ এছ গ্ৰীণফিল্ড এফ এ ২-০ চান্দমাৰী এফ চি, লিণ্টিজাম এফ এ ১-৬ আকাশ এফ চি, নৰ্থ-ইষ্ট এলিট ছকাৰ স্কুল ১১-০ জি চি এফ চি ফুটবল স্কুল, ইষ্টাৰ্ণ চিটি এফ চি ০-১২ নৰ্থ ইষ্ট এলিট ছকাৰ স্কুল, ইষ্টাৰ্ণ চিটি এফ চি ০-৪ জি ​​চি এফ চি ফুটবল স্কুল৷

মঙলদৈৰ ঘাট-মাউৰা এটি কণমানিৰ সৈতে এগৰাকী আইতাই চলাই গৈছিল জীৱন সংগ্ৰাম

মঙলদৈৰ ঘাট-মাউৰা এটি কণমানিৰ সৈতে এগৰাকী আইতাই চলাই গৈছিল জীৱন সংগ্ৰাম,
ৰ’দে-বৰষুণে জৰাজীৰ্ণ এটি পঁজাই আশ্ৰয়স্থল আছিল নাতি আৰু আইতাৰ।
শাসনাধিষ্ট বিজেপি চৰকাৰৰ কোনো ধৰনৰ অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাছিল যোগেশ্বৰী ডেকাক।

পিতৃ-মাতৃহীন শিশুটিক বুকুত সাৱতি ভোক আৰু দুঃচিন্তাৰে আন্ধাৰ ৰাতিবোৰ পাৰ কৰা আইতাগৰাকীৰ ভঙা পঁজাত নাছিল কোনো পোহৰৰ সু-ব্যৱস্থা। দিনৰ পোহৰত নাতিক পঢ়িবলৈ দি ভীক্ষা মাগিবলৈ গৈছিল আইতাই। একমাত্ৰ কণমানি নাতিৰ সৈতে মঙলদৈ নাহৰবাৰীৰ যোগেশ্বৰী ডেকাৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী প্ৰচাৰ হোৱাৰ পিছতেই ওলাই আহিল গাঁওবাসী , সহায়ৰ হাত আগবঢ়ালৈ ওলাই আহিল স্বেচ্ছাসেৱী সংগঠন ইউনিটি উই দা ব্লাড ডোনাৰ।


আজি অশ্ৰু শিক্ত নয়নেৰে মঙলদৈ নিৰিবিলি বৃদ্ব আৱাসৰ আবাসী হ’ল আৰু কেইদিনমান আইতাকৰ লগতে থাকিব কনমানী পাঁচ বছৰীয়া শিশুটো।সম্পূৰ্ন নিয়ম তান্ত্ৰিক অনুসৰিয়েই শিশুটোৰ পঢ়া শুনা ব্যৱস্থা গ্ৰহণ কৰিব স্বেচ্ছাসেৱী সংগঠন টোৱে। গাওঁ বাসীয়েও বেজাৰ মনে বিদায় দিলে যোগেশ্বৰ ডেকা আৰু শিশুটোক।

মঙলদৈত মানসিক বিকাৰগ্ৰস্ত লোকে জাপে জাপে পিন্ধা কাপোৰৰ পৰা ওলাল ধন

দৰং জিলাৰ সদৰ স্থান মঙলদৈ নগৰত অনাই বনাই ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত এজন লোকে জাপে জাপে পৰিধান কৰা কাপোৰৰ পৰা টকা উদ্ধাৰ হোৱা ঘটনাই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলদৈৰ ‘ ইউনিটি উই দ্য ব্লাড দোনাৰ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটিৰ কৰ্মকৰ্তাসকলে আজি মঙলদৈ নগৰত অনাই বনাই ঘূৰি ফুৰা মিলন নামৰ এজন মানসিক বিকাৰগ্ৰস্ত লোকক উদ্ধাৰ কৰি লোকজনে পিন্ধি থকা লেতেৰা কাপোৰ খুলি গা ধুৱাই দিয়াৰ লগতে চুলি দাড়ি কটাই পৰিষ্কাৰ কৰি তোলে ।

উল্লেখ্য যে মানসিক বিকাৰগ্ৰস্ত বুলি ৰাইজৰ মাজত পৰিচিত লোকজনে ২০-২৫ তাতকৈও অধিক চাৰ্ট-পেন্ট পিন্ধি ফুৰিছিল। সংগঠনটিৰ সদস্য সকলে মিলনৰ দুৰ্গন্ধময় পোছাক খুলি গা ধুৱাই ঔষধ পৰ্যন্ত দি পাৰ্যমানে পৰিষ্কাৰ কৰে । ইপিনে পৰিষ্কাৰ কৰাৰ পিছত মিলনে পৰিধান কৰা কেইবাটাও চাৰ্টৰ পৰা উদ্ধাৰ হয় ৮ হাজাৰৰো অধিক ধন । মিলনক উদ্ধাৰ কৰাৰ পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে কাইলৈ তেজপুৰ মানসিক চিকিৎসালয়লৈ নিয়া হব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সম্পাদক ৰুমু বড়োই ।


গুৱাহাটী চিটী এফচি আৰু গুৱাহাটী ইউনাইটেড এফচিৰ ইউনিটী গ্ৰাছৰুট্‌ছ শ্বীল্ড…

গুৱাহাটী চিটি এফ চি (জি চি এফ চি) আৰু ইয়াৰ সহযোগী ক্লাব গুৱাহাটী ইউনাইটেড এফ চি (জি ইউ এফ চি)ৰ যৌথ উদ্যোগ ‘ইউনিটি গ্ৰাছৰুটছ শ্বিল্ড ফুটবল প্ৰতিযোগিতা, ২০২৪’ৰ তৃতীয় মেচডে আজি ছয়মাইলৰ কৃষি ভৱন খেলপথাৰত অনুষ্ঠিত হয়। আজি অনুৰ্ধ ১০শাখাত ১০খন খেল অনুষ্ঠিত হয়।

মেচসমূহৰ ফলাফল হ’ল: এপিআৰঅ’ এফ এ ০-৫ জি ইউ এফ চি ০-৫, এছ এফ এছ গ্ৰীণফিল্ড এফ এ ৪-২ জি ইউ এফ চি, গ্ৰীণফিল্ড এফ চি ০-১ আকাশ এফ চি, এপিআৰঅ’ এফ এ ২-৫ মনোময় এছ চি, গ্ৰীণফিল্ড এফ চি ৩-০

লিণ্টিজাম এফ এ ৩-০, এছ এফ এছ গ্ৰীণফিল্ড এফ এ ২-০ চান্দমাৰী এফ চি, লিণ্টিজাম এফ এ ১-৬ আকাশ এফ চি, নৰ্থ-ইষ্ট এলিট ছকাৰ স্কুল ১১-০ জি চি এফ চি ফুটবল স্কুল, ইষ্টাৰ্ণ চিটি এফ চি ০-১২ নৰ্থ ইষ্ট এলিট ছকাৰ স্কুল, ইষ্টাৰ্ণ চিটি এফ চি ০-৪ জি ​​চি এফ চি ফুটবল স্কুল ৷

বোকাখাতৰ পৰা বহি:ৰাজ্যলৈ ৰপ্তানী ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাউ ! ৰঙালাউৰ উৎপাদনত উৎফুল্লিত মন্ত্ৰী অতুল বৰা…

বোকাখাতৰ ৰঙালাউৰ উৎপাদনত উৎফুল্লিত মন্ত্ৰী অতুল বৰা:

বোকাখাতৰ পৰা বহি:ৰাজ্যলৈ ৰপ্তানী ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাউ। কৃষকৰ হাতলৈ আহিল ৫,২৪,১১,৪৫০ টকা।৬কোটি অতিক্ৰম কৰিব উৎপাদনে। ৰঙালাউ ভিত্তিক উদ্যোগৰ চিন্তা।


“লক্ষ্য অতিক্ৰম কৰিব বোকাখাতৰ পৰা ৰঙালাউ ৰপ্তানীয়ে। ৬ কোটি টকাৰ ৰঙালাউ বাহিৰলৈ পঠিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও ৭ কোটিৰো অধিক টকাৰ ৰঙালাউ ৰপ্তানী কৰিব পৰা যাব।যোৱা বছৰ বোকাখাত সমষ্টিৰ কৃষকসকলে উৎপাদন কৰা ২ কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বছৰত অঞ্চলটোৰ কৃষকসকলে আজিৰ তাৰিখলৈকে ৫.২৪ কোটি টকাৰ ৰঙালাও প্ৰেৰণ কৰাটো ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে অত্যন্ত উৎসাহজনক বতৰা।” এই কথা জনালে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। যোৱা ২১ মে’ত বোকাখাতৰ কৃষকৰ মাজলৈ গৈ বৃহৎ বৃহৎ ট্ৰাকত ৰঙালাউ বোজাই কৰি থকা দেখি উৎসাহিত মন্ত্ৰী গৰাকীয়ে এতিয়ালৈকে বাহিৰলৈ পঠিওৱা ৰঙালাউৰ উপৰিও এই বছৰ আৰু যথেষ্ট সংখ্যক ৰঙালাউ বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিবলৈ

বাকী আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে। তদুপৰি কুৰুৱাবাহী গাঁও পঞ্চায়তৰ লগতে এইবাৰ মধ্য মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ কৃষকসকলেও ৰঙালাওৰ ব্যাপক খেতি কৰিছে। সেয়েহে যোৱা বছৰ অঞ্চলটোৰ কৃষকসকলৰ সৈতে চৰকাৰে নিৰ্ধাৰণ কৰা ৰঙালাও উৎপাদনৰ লক্ষ্যত অতি শীঘ্ৰে উপনীত হোৱাৰ লগতে লক্ষ্য অতিক্ৰম কৰাৰো প্ৰচুৰ সম্ভাবনা থকা বুলি কয়। ইতিমধ্যে কুৰুৱাবাহী পঞ্চায়তৰ পৰা ৭১৪৮ মেট্ৰিক টন,দিচৈ পঞ্চায়তৰ পৰা ১২২.৩ মে:টন, মধ্য মহুৰাৰ পৰা ৪৯৭ মে:টন,বিহংগম কৃষি উৎপাদন সমিতিৰ পৰা ২৯৬ মে:টন ৰঙালাউ প্ৰেৰণ কৰা হৈছে। ইয়াৰ বিপৰিতে কৃষকে লাভ কৰিছে ৫কোটি ২৪লাখ,১১ হাজাৰ ৪৫০ টকা। মন্ত্ৰী গৰাকীয়ে জনোৱা মতে

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্ৰৱৰ্তন কৰা কেতবোৰ অভিলাষী আঁচনিয়ে ৰাজ্যখনৰ কৃষি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকে বাণিজ্যিক মূল্য থকা কৃষিত মনোনিৱেশ কৰি স্ব-নিৰ্ভৰশীল হৈ উঠাৰ লগতে শিক্ষিত নিবনুৱাসকলেও স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে। কৃষকসকলৰ প্ৰাপ্তিৰ এই মধুৰ ক্ষণত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মন্ত্ৰী গৰাকীয়ে।অনাগত দিনবোৰত উৎপাদন অধিক বৃদ্ধি কৰিবলৈ কৃষি বিভাগৰ তৰফৰপৰা সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো দিয়ে মন্ত্ৰী অতুল বৰাই। ইয়াত উৎপাদিত ৰঙালাউ সমূহৰ বাবে বোকাখাততে ৰঙালাউৰ পৰা উৎপাদন হ’ব পৰা উদ্যোগৰ স্থাপনৰ কথাও চৰকাৰে চিন্তা কৰিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী প্ৰকল্পসমূহ পৰিদৰ্শন জিলা আয়ুক্তৰ…

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী প্ৰকল্পসমূহ পৰিদৰ্শন জিলা আয়ুক্তৰ

বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ

মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি জিলাখনৰ বিভিন্ন ঠাইত সমাগত বাৰিষাৰ বতৰত বানৰ আশংকা থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান প্ৰতিৰোধী প্ৰকল্পসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ জিলাখনত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংক চমুকৈ এডিবিৰ ২৫০ কোটি টকা অৰ্থসাহায্যৰে নিৰ্মাণ কৰিবলগীয়া জিঅ’বেগ প্ৰকল্পৰ কামৰ সবিশেষ বুজ লয়। এই প্ৰকল্পৰ কাম কিছু আগবাঢ়িছে যদিও অহা নৱেম্বৰ মাহৰ পিছৰ পৰাহে পূৰ্ণগতিত চলিব। জিলা আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ দ্বাৰা জিলাখনৰ বিভিন্ন ঠাই যেনে বৰডুবাটোপ, নাথগাঁও, কছাৰী গাঁও, গৰুবন্ধা, কাঠনি আদিত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহ পৰিদৰ্শন কৰে।

তেওঁ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক লগত লৈ কৰা এই পৰিদৰ্শনকালত উক্ত অঞ্চলসমূহত ৰূপায়িত কামসমূহ খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে যাতে সম্ভাব্য বানৰ মোকাবিলা কৰিব পৰা যায়। তেওঁ কামৰ মানক লৈ কোনো ধৰণৰ আপোচ নকৰিবলৈও নিৰ্দেশ দিয়ে। অৱশ্যে তেওঁ বিভাগৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। স্মৰ্তব্য যে মৰিগাঁও জিলাত জলসম্পদ বিভাগে ৰূপায়ন কৰা বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ বাবে বিগত বৰ্ষত জিলাখনত বান পৰিস্থিতিৰ উদ্ভৱ নহ’ল। এইবাৰো জিলাখনত বান পৰিস্থিতিৰ সৃষ্টি নহ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে মৰিগাঁও জিলাৰ ব্যাপক খহনীয়াপ্ৰৱন লাহৰীঘাট, মায়ং আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ নৈপৰীয়া ৰাইজৰ বাবে সুখবৰ কঢ়িয়াই আনি জলসম্পদ বিভাগে এ ডি বিৰ অৰ্থসাহায্যৰে জিঅ’বেগ প্ৰকল্প ৰূপায়ণৰ কাম অব্যাহত ৰাখিছে। প্ৰকল্পটো ৰূপায়ন হ’লে তিনিওটা ৰাজহ চক্ৰৰ ১৫ খন গাঁও প্ৰত্যক্ষভাৱে আৰু অৰ্ধশতাধিক গাঁও পৰোক্ষভাৱে উপকৃত হ’ব। তাৰ ভিতৰত লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ কাঠনি, বগলীপাৰা আৰু পামবৰি, ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ দীঘলীআটি, বৰহলৌকান্দা, বতাবাৰী, বালিডোঙাপাম, ভূৰাগাঁও ৰাজহ নগৰ, মহমাৰী পথাৰ, কপটিমাৰি আৰু টেঙাগুৰিকা চাৰিগাঁও আৰু মায়ং ৰাজহ চক্ৰৰ পাভকাটি, গৰুবন্ধা, বৰামাৰি গাঁও আৰু বৰমাৰিপাম গাঁও প্ৰত্যক্ষভাৱে উপকৃত হ’ব। এই প্ৰকল্প ৰূপায়ন হ’লে লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ দক্ষিণ চেনীমাৰি, ৰজাগাধোৱা আদি গাঁৱৰ হাজাৰ হাজাৰ লোক তথা ভূৰাগাঁও আৰু মায়ং ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজ পৰোক্ষভাৱে সুৰক্ষিত হ’ব।