Home Blog Page 822

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতি ! পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ লাভ শিক্ষাৰ্থীৰ…


বাৰেপাচি ভুলেৰে HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ দিলে ‘উদাৰ’ শিক্ষা সংসদে
সাই বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল গাগৰি নাথ


গাগৰি নাথৰ এডমিট কার্ডত নাছিল গণিত বিষয়
তৎসত্ত্বেও গাগৰি নাথৰ মাৰ্কশীটত আহিল গণিতৰ নম্বৰ ews
পৰীক্ষা নিদিয়াকৈ গাগৰি নাথে গণিত বিষয়ত লাভ কৰে ৩০ নম্বৰ


লখিমপুৰৰ পলিগন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফলতো বিসংগতি
বিদ্যালয়খনৰ ছাত্ৰী হিৰণ্ময়ী তামুলীৰ ফলাফলত বিসংগতি

বেয়া নহয়, ভাল অভ্যাস! যদিহে চাহৰ সৈতে এই সমূহ বস্তু মিহলাই খাই…

বহু মানুহে দিনটো চাহৰে আৰম্ভ কৰে। ভাৰতীয় মানুহে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খাই ভাল পায়। ৰাতিপুৱা চাহ নোখোৱাকৈ আৰম্ভ নহয় যেন দিনটো। মাত্ৰ চাহৰ চুমুক এটাই মনটোক সতেজ কৰি তোলে। চাহত কিছু বস্তু যোগ কৰিলে ইয়াৰ সোৱাদ দুগুণ হয়, ভাৰতত চাহ মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। চাহে কেৱল সতেজতা আৰু শক্তি প্ৰদান কৰাই নহয় মনটোক সতেজ কৰি তোলে। আপোনালোকক কওঁ যে চাহৰ সোৱাদ বঢ়াবলৈ চাহত বহুতো বস্তু মিহলি কৰি খাব পাৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পায়। পেটৰ ৰোগ নিৰাময়তো ই সহায়ক হয়-

ডালচেনিৰ চাহঃ চাহৰ চুমুক এটাই মনটো ভাল কৰে। যদি সাধাৰণ চাহত কিছুমান বস্তু মিহলাই খাই তেন্তে চাহৰ সোৱাদ বাঢ়ি যায় আৰু আপুনিও সুস্থ হৈ থাকিব। ইচ্ছা কৰিলে তাত দালচেনি দিও চাহ খাব পাৰে। এইবোৰে আপোনাক শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বহুত সহায় কৰে। ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগীক সকাহ দিয়ে।

আপুনি হৰশিংগৰ চাহ খাই ভাল পাব। চাহ গ্ৰহণ কৰিলেও শৰীৰৰ তেজ বিশুদ্ধ হ’ব। ইয়াত পোৱা এন্টি অক্সিডেন্টে আপোনাক বহু ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত বহুত সহায় কৰে। ইয়াৰ উপৰিও ই আপোনাক উচ্চ বিপি নিয়ন্ত্ৰণ কৰাত বহুত সহায় কৰে।

আপুনি ৰাতিপুৱা লেমনগ্ৰাছ চাহ খাব লাগিব, ই আপোনাৰ শৰীৰক শান্ত কৰি ৰখাত বহুত সহায় কৰে। প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে আপোনাৰ শৰীৰক ফিট কৰি ৰখাত বহুত সহায় কৰে। লেমনগ্ৰাছ চাহ খালেও আপোনাৰ হজম শক্তি উন্নত হয়।

ৰোজমেৰী ফুল চাহত মিহলাইও খাব পাৰে। ইয়াৰ এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে বহু ৰোগক শৰীৰৰ পৰা আঁতৰাই ৰখাত বহুখিনি সহায় কৰে।


উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীৰ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আশানুৰূপ ফলাফল লাভ নকৰা পৰীক্ষাৰ্থীক ন উদ্যমেৰে আগুৱাই যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৪৪%

কলা শাখাত দ্বিতীয় স্থানত নলবাৰী জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.০৩%

কলা শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দৰং জিলা

উত্তীৰ্ণৰ হাৰ ৯৬.৫৯%

বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ

বিজ্ঞান শাখাত দ্বিতীয় স্থানত শিৱসাগৰ জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ

বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত বাক্সা জিলা

উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাত শীৰ্ষত বাক্সা জিলা, বিজ্ঞান শাখাত শীৰ্ষত তামুলপুৰ জিলা; বাণিজ্য শাখাত শীৰ্ষত শিৱসাগ জিলা…

আজি পুৱা ৯ বজাত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল-

কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৪৪শতাংশ।

কলা শাখাত দ্বিতীয় স্থানত নলবাৰী জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.০৩শতাংশ।

কলা শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দৰং জিলা, উত্তীৰ্ণৰ হাৰ ৯৬.৫৯শতাংশ।

বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৪২শতাংশ।

বাণিজ্য শাখাত দ্বিতীয় স্থানত বজালী জিলা, উত্তীৰ্ণৰ হাৰ ৯৬.৯১শতাংশ।

তৃতীয় স্থানত দুখন জিলা বাক্সা আৰু চৰাইদেউ, উত্তীৰ্ণৰ হাৰ ৯৫.৮৮%শতাংশ।

বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ।

বিজ্ঞান শাখাত দ্বিতীয় স্থানত শিৱসাগৰ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ।

বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত বাক্সা জিলা, উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ।

পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল…

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ৯ বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

ফলাফলৰ বাবে সম্পূৰ্ণ সাজু শিক্ষা সংসদ ।

ahsec.assam.gov.in আৰু resultsassam.nic.inত পাব ফলাফল।

কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ

“উজনিৰ দুজনী গাভৰু” নামৰ অসমীয়া চলচিত্ৰখনত দুই যমজ ভগ্নী জোনালী আৰু তৰালীক সকলোৱে দেখা পাইছে৷আজি আমি ক’ম জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ দুই যমজ ভগ্নী গুনগুন আৰু ৰুনজুনৰ কথা৷গুনগুন অৰ্থাৎ আকাংক্ষা হাজৰিকা আৰু ৰুনজুন অৰ্থাৎ আস্মিতা হাজৰিকা দুয়োগৰাকী যমজ ভগ্নী কেৱল দেখাতেই একে নহয় তেওলোকৰ কাম কাজ সমুহো একে৷নৃত্য,খেলা-ধূলা আদিতো পাৰ্গত দুই যমজ ভগ্নী অধ্যয়নৰ দিশটোতো সমপৰ্যায়ৰ৷একেলগে একেখন টেবুলতে অধ্যয়ন কৰা দুয়ো যমজ ভগ্নী সমানে সমানেই আগুৱাইছে বিদ্যায়তনিক দিশতো৷যিটো সচৰাচৰ নোহোৱা এক ব্যতিক্ৰমী দিশ হিচাপে বিবেচিত হৈছে৷সৰুৰেপৰা বিদ্যালয়তেই নহয়

শেহতীয়াকৈ ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো যমজ ভগ্নী দুয়োগৰাকীয়ে সমানে সমানে ৭২ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও দুয়োগৰাকীয়েই একেলগে সাধাৰণ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ সফলতাৰে উৰ্ত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে৷এখন সাধাৰণ দোকান দি পৰিয়াল পোহপাল দিয়া পিতৃ প্ৰণৱ হাজৰিকা আৰু মাতৃ পম্পী হাজৰিকাৰ দুই যমজ কন্যা ভৱিষ্যতে আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি একো একো গৰাকী অধিবক্তা হোৱাৰো মন বান্ধি লৈছে৷ যমজ ভগ্নী হৈ ৰূপৰ সামঞ্জস্যৰ উপৰিও অন্যান্য দিশৰ লগতে অধ্যয়নৰ দিশটোতো যমজ দুই ভগ্নীৰ এনে সামঞ্জস্যৰ পাৰদৰ্শিতাই এক বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ জামুগুৰিহাটতে ৷

পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?


শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ মেধাবী ছাত্ৰী পংখী সন্দিকৈ হত্যাকাণ্ডই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিকৰ মাজত আৰক্ষীৰ অতি ৰহস্য জনক ভূমিকাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে৷ অসমৰ স্মাৰ্ট আৰক্ষীৰ একাংশ আৰক্ষী বিষয়াৰ প্ৰকৃত চৰিত্ৰ কেনে তাক লৈ ৰাজ্যৰ একাধিক দল-সংগঠনে আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ উল্লেখ্য যে শিৱসাগৰ মহাবিদ্যালয়পৰা ইংৰাজী বিষয়ত মেজৰ লৈ প্ৰথম শ্ৰেণী স্নাতক ডিগ্ৰীধাৰী তথা এগৰাকী আবৃত্তিকাৰ , মডেল , অভিনেত্ৰী , ঘোষক হিচাপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা পংখী সন্দিকৈ নামৰ ২২ বছৰীয়া ছাত্ৰীগৰাকীয়ে যৌৱনৰ সপোন পূৰণ নোহওঁতে স্বামীৰ ভাড়াঘৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাৱটিবলগা হোৱা ঘটনাই ৰাজ্যৰ লাখ লাখ লোকক আজিও ম্ৰিয়মাণ কৰি তুলিছে৷ ইফালে পংখী সন্দিকৈ মৃত্যুক লৈ নিতাইপুখুৰী আৰু ডিমৌবাসী ৰাইজ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে৷পংখী সন্দিকৈ মৃত্যুক লৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে নিতাইপুখুৰী

দুৱৰিছিগা গাঁৱৰ মাতৃগৃহত আহি পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ লগতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনাইছে৷ইফালে আজি ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়া দে’ পৰিয়ালটোৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ খবৰ লোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত কয় যে পংখী সন্দিকৈ মৃত্যু অতি দুভাগ্যজনক৷আমাৰ জাতিটো কনকলতা ,সতী সাধিনী আদি নাৰীৰ আদৰ্শৰে পৰিচালিত৷পংখী সন্দিকৈ মৃত্যুৰ পিছত আৰক্ষীক দাখিল কৰা এজাহাৰখন নামৰূপ আৰক্ষীৰ নিদেৰ্শত আৰু চকুৰ আগত এগৰাকী ষোল্ল বছৰীয়া নাবালিকাই লিখিছে৷ যিটো নীতি বিৰোধ কথা৷পংখী সন্দিকৈ হত্যাৰ ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী , ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাক লিখিতভাৱে অৱগত কৰিব বুলি উল্লেখ কৰে৷ পংখী সন্দিকৈ হত্যাই মোৰ গাৰ নোম শিয়ৰি উঠিছে৷এগৰাকী প্ৰতিভাবান যুৱতীক হেৰুৱাব লগা হোৱাটো দুভাগ্যজনক৷উঠি অহা প্ৰজন্মক আমি কি শিক্ষা দিম বুলিও প্ৰশ্ন কৰে ?ইফালে জাতীয় সংগঠন বীৰ লাচিত সেনাৰ শিৱসাগৰ নগৰ সমিতিৰ সভাপতি অংকিত ৰাজ ফুকনে নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱাৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে ধনৰ বিনিময়ত দোষীক ৰক্ষণাবেক্ষণ দিয়া কাৰ্য কোনো কাৰণতে মানি লোৱা ন’হব৷আৰক্ষী বিষয়াজনৰ নিদেৰ্শত দোষীক বাচিবৰ বাবে

দুভগীয়া পৰিয়ালটোৰ কন্যা তথা সদ্য মেট্ৰিক পাছ কৰা ১৬ বছৰীয়া ছোৱালীজনীয়ে এজাহাৰ লিখিছিল৷ স্মাৰ্ট অসম আৰক্ষীত এজাহাৰ লিখা মানুহ নাই নেকি বুলিও নেতাজনে প্ৰশ্ন কৰে ? নামৰূপ থানাৰ অচিৰ দাদাগিৰি নচলিব বুলি হুমকি দিয়াৰ লগতে প্ৰয়োজনত শিৱসাগৰ জিলা বন্ধৰ দৰে কাৰ্যসূচী লোৱা হ’ব৷নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰভাৱে সমালোচনা কৰি কয় মুখ্যমন্ত্ৰীয়ে সভাই সমিতিয়ে যুৱতী, বোৱাৰী সুৰক্ষা দিয়া কথা কৈ ফুৰে৷কিন্ত মুখ্যমন্ত্ৰীয়ে কিমানজনী জীয়ৰী-বোৱাৰীক সুৰক্ষা দিবলৈ সক্ষম হৈছে ? পংখী সন্দিকৈ হত্যাৰ তদন্ত কৰা আৰক্ষী বিষয়াজনক ৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰিবলৈ দাবী জনোৱাৰ লগতে এগৰাকী দক্ষ আৰক্ষী বিষয়াক তদন্তৰ দায়িত্ব দিবলৈ দাবী জনায়৷আনহাতে অসম আৰক্ষী ডিজিপিক সমালোচনা কৰি কয় থানাত এজাহাৰ লিখিবলৈ স্মাৰ্ট অসম আৰক্ষীত মেট্ৰিক পাছ কৰা আৰক্ষী নাই নেকি ? নেতাজনে পংখী সন্দিকৈক হত্যা কৰা শিক্ষক স্বামী নীতিকেশ দাসক ফাঁচি দিবলৈ দাবী জনায়৷ইয়াৰ অন্যথা যাৱতজীৱন কাৰাদণ্ড দিবলৈ দাবী জনায়৷মুখ্যমন্ত্ৰীয়ে থানাই থানাই এজাহাৰ লিখা আৰক্ষী বিষয়া থাকিব বুলি বীৰদৰ্পে ঘোষণা কৰিছিল যদিও আজিলৈকে থানাত তেনে এজাহাৰ লিখা আৰক্ষী বিষয়া নিযুক্তি নিদিলে বুলি নেতাজনে কয়৷নেতাজনে ফাষ্টটেক আদালতত পংখী সন্দিকৈ হত্যাৰ বিচাৰ হ’ব লাগিব বুলি দাবী জনোৱাৰ লগতে দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত বীৰ লাচিত সেনা শান্তিৰে নাথাকে বুলি কয়৷যুৱ নেতা দীপজ্যোতি গগৈয়ে কয় নিতাইপুখুৰী আৰু ডিমৌ অঞ্চলৰপৰা

খুউব কম সংখ্যাক ছাত্ৰ-ছাত্ৰী বাহিৰলৈ ওলাই যায়৷কিন্ত পংখী সন্দিকৈ মৃত্যুৰ পিছত স্বামী নীতিকেশ দাসৰ পৰিয়ালে পংখীৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেয়া গোকাট মিছা৷যদি পংখী সন্দিকৈ সঁচাকৈ মানসিক ৰোগত আক্ৰান্ত হৈ টোপনি যোৱা টেবলেট খাইছিল তেন্তে মাতৃগৃহত সেই কথা কিয় অৱগত কৰা নাছিল ? বিজেপি চৰকাৰখনে বেটি বচাও বেটি পঢ়াও আদি যি শ্লোগান দিছিল সেয়া আজি তাৰ বিপৰীত ঘটনা সংঘটিত হৈছে৷নেতাজনে পংখী সন্দিকৈ দৰে মেধাবী যুৱতী-বোৱাৰী মৃত্যু নহয় তাক নজৰ দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনায়৷উল্লেখ্য যে নামৰূপ থানাৰ আৰক্ষীয়ে ততাতৈয়াকৈ পংখী সন্দিকৈ স্বামী নীতিকেশ দাসক ৩ মে’ত আটক কৰি ৪ মে’ত ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷আৰক্ষী বিষয়া নীলকমল বৰুৱাই দোষী যুৱকজনক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে ভুক্তভোগী পৰিয়ালটোৰ কনিষ্ঠ নাবালিকা কন্যাক দুৰ্বল এজাহাৰ লিখিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ইফালে কাইলৈ শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্হাৰ উদ্যোগত পংখী সন্দিকৈৰ মৃত্যুৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ডিমৌ চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী লোৱা হ’ব বুলি আটাছু নেতা সুমিত কুমাৰ সন্দিকৈয়ে জানিব দিছে৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি কৃষ্ণ হাজৰিকা সম্পাদক লাটু ভট্টাচার্যই আজি এক প্ৰেছ বিবৃতি যোগে পংখী সন্দিকৈৰ দৰে এগৰাকী মেধাৱী ছাত্ৰীৰ হত্যা কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰক চৰকাৰে। এই হত্যাৰ লগত জড়িত স্বামী যাতে কোনো কাৰণে বাচি যাব নোৱাৰে তাৰ বাবে এজন উচ্চ পৰ্যায়ৰ আৰক্ষীক তদন্তৰ বাবে নিয়োগ কৰিবলৈও দাবী জনায় চৰকাৰ আৰু আৰক্ষীৰ শীৰ্ষ মহলক।

বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বজালীৰ পহুমাৰা নদীৰ দুয়োপাৰে মথাউৰিৰ সুৰক্ষাৰ বাবে প্ৰথমবাৰলৈ মেগা জিঅ’ টিউবৰ বান্ধ নিৰ্মাণ । অসম চৰকাৰৰ জলসম্পদ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বজালী, তামুলপুৰ আৰু বাক্সা জিলা ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধী কামৰ অগ্ৰগতিৰ বুজ লয় ।

মন্ত্ৰীগৰাকীয়ে প্ৰথমতে বজালী জিলাৰ শান্তিপুৰ দলৈগাঁও আৰু হ’কাৰটোপ অঞ্চলত উপস্থিত হৈ পহুমাৰা নদীৰ দুয়োপাৰে জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ’ টিউবৰ সহায়ত নিৰ্মীয়মান মথাউৰি সুৰক্ষাৰ কামৰ অগ্ৰগতিৰ বুজ লয় । উল্লেখ্য যে পহুমাৰা নদীৰ বানৰ প্ৰকোপৰ পৰা মথাউৰি সুৰক্ষা কৰাৰ বাবে অসমত প্ৰথমবাৰলৈ মেগা জিঅ’ টিউবৰ ব্যৱহাৰেৰে কাম হাতত লোৱা হৈছিল ।

গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে ২৫ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পৰ অধীনত প্ৰথম অৱস্থাত পহুমাৰাৰ দুয়োপাৰে প্ৰায় ৭.২ কিল’মিটাৰ দৈৰ্ঘ্য সামৰি নিৰ্মানকাৰ্য কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যি কয় যে এই প্ৰাৰম্ভিক প্ৰকল্পৰ সফলতাৰ পাছত পৰ্যায়ক্ৰমে নদীখনৰ সম্পূৰ্ণ মথাউৰিতে মেগা জিঅ’ টিউবৰ সহায়ত সুৰক্ষাৰ কাম হাতত লোৱা হ’ব । ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কটহবাৰী অঞ্চলত উপস্থিত হৈ পহুমাৰা নদীৰ মথাউৰিৰ সুৰক্ষাৰ বাবে চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয় ।

বজালীৰ পৰা মন্ত্ৰী হাজৰীকাই তামুলপুৰৰ হাঁহকাটা অঞ্চলত উপস্থিত হৈ জলসম্পদ বিভাগে পাগলাদিয়া নদীৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা মথাউৰি পৰিদৰ্শন কৰে । প্ৰায় ৩.৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ ১০.২২ কোটি ব্যয়সাপেক্ষ এই মথাউৰি সম্পূৰ্ণ হৈ উঠিলে বৃহত্তৰ অঞ্চলটো বানমুক্ত হৈ উঠিব বুলি আশা কৰা হৈছে ।জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত পাগলাদিয়া নদীৰ সোঁফালে বাক্সা জিলাৰ জাৰতালুক অঞ্চল ভ্ৰমণ কৰি ১৫ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মীয়মান প্ৰায় ৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি পৰিদৰ্শন কৰে । বিগত বৰ্ষত এই অঞ্চলেৰে পাগলাদিয়াৰ পানী সোমাই বাক্সা আৰু নলবাৰী জিলাত বানৰ সৃষ্টি কৰিছিল । মন্ত্ৰী হাজৰীকাই তেতিয়াই এই অঞ্চল ভ্ৰমণ কৰি নতুনকৈ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । প্ৰতিশ্ৰুতি অনুসৰিয়েই অঞ্চলটোত মথাউৰি নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে । আজি মন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত উপস্থিত বিভাগীয় অভিযন্তাক প্ৰয়োজনসাপেক্ষে আৰু দুই কিল’মিটাৰ মথাউৰি সম্প্ৰসাৰণৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশনা প্ৰদান কৰে ।

মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…

মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি। এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুয়ো ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট। মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত ৮ জনৰ তিনিজনক GMCHলৈ প্ৰেৰণ। মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি। এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুয়ো ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।

মাৰপিটৰ ঘটনাত দুয়োটা পৰিয়ালৰে মুঠ ৮ গৰাকী লোক আহত হয়। ৩ নং কান্ধবাৰীৰ হানিফ আলী আৰু লালমামুদ আলী নামৰ দুই ভাতৃৰ মাজত পূৰ্বৰে পৰা ভূমি বিবাদ চলি আছিল। আজি এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুয়ো ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটৰ ঘটনাত দুয়োটা পৰিয়ালৰে ৮ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

আহত সকলৰ নাম ক্ৰমে লালমামুদ আলী, হাইদ আলী, জেহেৰুল আলী, হানিফ আলী, ভইলা খাতুন, বাহৰুল ইছলাম, মৰণ আলী আৰু কৰম আলী। আহত আটাইকেইজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও তিনিজনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে GMCHলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নিৰাপত্তাৰক্ষী মোটায়ন কৰে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ পল্লৱ প্ৰাণ শাণ্ডিল্যৰ জন্ম হৈছিল ১৯৮০ চনত দৰং জিলাৰ হাজৰিকাপাৰাত। দেউতাকৰ নাম প্ৰয়াত সতীশ চন্দ্ৰ শৰ্মা আৰু মাকৰ নাম জাহ্নৱী দেৱী। ভলীবল বুলি ক’লে অসমত হাজৰিকাপাৰাৰ এটি সুকীয়া পৰিচয় আছে। হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্হাৰ উদ্যোগত চলি থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাখনৰ জড়িয়তে হাজৰিকাপাৰাবাসীয়ে সদায় গৌৰৱ অনুভৱ কৰিব পাৰে।। ইয়াৰ লগে লগে হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই বিগত কেইবা বছৰো ধৰি ভলীবল খেলুৱৈৰ সৃষ্টিত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। ইতিমধ্যে তেওঁলোকে সফলতাৰো মুখ দেখিবলৈ সক্ষম হৈছে। বহুকেইজন প্ৰতিভাৱান খেলুৱৈৰ জন্ম হৈছে উক্ত প্ৰশিক্ষণৰ জড়িয়তে। পল্লৱৰ ঘৰ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্হাৰ খেলপথাৰৰ ওচৰতে হোৱা হেতুকে সৰুৰে পৰাই তেওঁ পাই আহিছে ভলীবল খেলৰ পৰিবেশ। প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল ৰেফাৰী জয়ন্ত শৰ্মা আৰু প্ৰাক্তন ভলীবল খেলুৱৈ মুকুল শৰ্মাৰ তত্বাৱধানত পল্লৱে ভলীবলৰ আদি পাঠ গ্ৰহণ কৰি ১৯৯২ চনত হাজৰিকাপাৰাত অনুষ্ঠিত হোৱা ভলীবল প্ৰশিক্ষণ শিবিৰত অসমৰ ভলীবলৰ জ্যেষ্ঠ জনপ্ৰিয় ভলীবল প্ৰশিক্ষক দিব্যজ্যোতি ভাগৱতীৰ তত্বাৱধানত তেওঁ ভলীবলৰ স্কীল সমূহ নিয়াৰিকৈ শিকিবলৈ সুবিধা লাভ কৰে। ইয়াৰ পিছত পৰ্যায়ক্ৰমে প্ৰেমা শৰ্মা, পৰশুৰাম মহেশ্বৰী, ভূপেন চৌধুৰী আদিৰ পৰা ভলীবলৰ প্ৰশিক্ষণ লাভ কৰে।

১৯৯৪ চনত শিৱসাগৰৰ নিতাইপুখুৰীত অনুষ্ঠিত হোৱা আন্তঃ জিলা চাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ দৰং জিলাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত তেওঁ আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত কেইবাবাৰো দৰং জিলাক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনে। ১৯৯৫ চনত যোৰহাটত অনুষ্ঠিত আন্তঃ জিলা চাৱ জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ১৯ ৯৬ চনত তিনিচুকীয়াত, ১৯৯৭ চনত মঙ্গলদৈত আৰু ১৯৯৮ চনত বজালীত অনুষ্ঠিত হোৱা আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ১৯৯৭ চনত নলবাৰীৰ চামতাত অনুষ্ঠিত হোৱা ৰুৰেল ভলীবল চেম্পিয়নশ্বীপত ৰানাৰ্চ আপাৰ খিতাপ অৰ্জন কৰাৰ লগতে পল্লৱ প্ৰাণ শাণ্ডিল্যই শ্ৰেষ্ঠ স্মেচাৰৰ বঁটা লাভ কৰে। ইয়াৰ সুবাদতে অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় ৰুৰেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। ১৯৯৯ চনত বেজেৰাত অনুষ্ঠিত হোৱা ৰুৰেল ভলীবল চেম্পিয়নশ্বীপত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ১৯৯৯ চনত তামিলনাডুত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰে। ২০০০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় ভলীবল চেম্পিয়নশ্বীপত পল্লৱে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। ২০০০ চনত মধ্য প্ৰদেশত অনুষ্ঠিত হোৱা নেচনেল স্কুল চেম্পিয়নশ্বীপত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে।

১৯৯৬ চনৰ পৰা ২০১২ চনলৈ তেওঁ অসমৰ বিভিন্ন জিলাৰ আগশাৰীৰ দলৰ হৈ ভলীবল খেলি ৰাজ্যৰ প্ৰায় প্ৰতিখন নিমন্ত্ৰিত প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেওঁ খেলা দলসমূহৰ নাম তেওঁ আজিও হৃদয়ত সাঁচি ৰাখিছে। হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্হা, গুইয়া ভলীবল কচিং চেন্টাৰ, মাৰ্ক ভলীবল দল, দিশপূৰ ভলীবল দল, বজালী ভলীবল দল, বৰপেটা ভলীবল দল, জালুকবাৰী ভলীবল দল, চতুৰ্থ এ পি বি এন, পূব নলবাৰী কচিং চেন্টাৰ আদি। সেই সময়ত সকলো দলৰ বাবে পল্লৱ প্ৰাণ শাণ্ডিল্য আছিল এগৰাকী আপুৰুগীয়া সম্পদ। তেওঁৰ ব্লক আছিল অসাধৰন। তেওঁৰ ব্লকেৰে ভাল খেলুৱৈ স্মেচ কৰিব পৰাটো একপ্ৰকাৰ চেলেঞ্জ আছিল। ইয়াৰ উপৰিও তেওঁৰ আছিল কুইক এটাক কৰিব পৰা অসাধাৰণ ক্ষমতা। যাৰ বাবে পতিপক্ষ দলৰ বাবে পল্লৱ আছিল মুৰৰ কামোৰণী। পল্লৱ দলত থকা মানেই দলটো জয়ৰ বাবে কিছু আগবাঢ়ি আছিল। সেইবাবেই অসমৰ জনপ্ৰিয় দল বিলাকে পল্লৱ দলত থকাটো সকলোৱে বিচাৰে। অতি নম্ৰ, ভদ্ৰ শান্ত স্বভাৱৰ, সুদৰ্শন চেহেৰাৰ পল্লৱে ভলীবলৰ জড়িয়তেই অসমত প্ৰতিস্থা লাভ কৰিবলৈ সক্ষম হৈছিল। খেল এৰি দিয়াৰ পিছত তেওঁৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। খেলি থকা সময়ত সকলোৰে নয়নৰমণি হৈ পৰা পল্লৱৰ এতিয়া খবৰ ল’বলৈ কাৰো আহৰি নাই। গোটেই জীৱনটো ভলীবলৰ নামত উৎসৰ্গা কৰা পল্লৱে নাপালে জীৱন জীবিকাৰ পথ। এই লৈ তেওঁৰ আক্ষেপ নাই যদিও তেওঁ কিদৰে চলি আছে সেয়া তেওঁহে জানে। আজিও তেওঁৰ ভলীবলৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম কমি যোৱা নাই। এতিয়া তেওঁ ক্ৰীড়া সংগঠক হিচাপে ভলীবললৈ সেৱা আগবঢ়াই থকা পৰিলক্ষিত হৈছে। হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্হাৰ সহ সম্পাদক, হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত মাজে সময়ে প্ৰশিক্ষকৰ ভুমিকা পালন কৰাৰ উপৰিও ২০১৯ চনত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত জন্ম হোৱা অসম ভলীবল মিছন-১০০ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগত জড়িত হৈ খেলুৱৈৰ সৃষ্টিত অৰিহনা যোগাই আহিছে। ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত বৰ্তমান অসমত ভলীবলৰ বহল আৰু সুদৃঢ় ভেটি নিৰ্মানৰ কাম চলি আছে। ব্ৰহ্মপুত্ৰ ভলীবল লীগে ইতিমধ্যে চতুৰ্থ সংস্কৰণ খেল শেষ কৰিছে। পল্লৱৰ আশা মিছন-১০০ৰ যোদ্ধা সকলে যি ধৰণে ভলীবলৰ নামত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আহিছে আহি থকা দিনত অসমৰ ভলীবল ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠাটো নিশ্চিত।