শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্রতিষ্ঠানৰ ৰূপালী,সোণালী,হীৰক জয়ন্তী আদি উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ তথা বাৰ্ষিক মুখপত্র আৰু বিভিন্ন আলোচনী, বাতৰিকাকতবোৰলৈ কেৰিয়াৰ বিষয়ৰ লেখা প্রেৰণ কৰিছো আৰু প্রকাশ হৈছে। এইদৰে লেখা প্রেৰণ কৰাৰ উদ্দেশ্য হ’ল – ৰাজ্যখনৰ গাঁৱে-ভূঞে তথা চহৰে-নগৰে বসবাস কৰা কিছু সংখ্যক শিক্ষাৰ্থী অলপ হ’লেও যাতে কেৰিয়াৰ বিষয়ৰ লেখাবোৰৰ পৰা উপকৃত হয় । ২০০৫ চনৰ পৰা প্রতি শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোন (০৯৪৩৫১৮৮৬৩০) যোগেদি কেৰিয়াৰ সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰ দি আহিছো । এশ পঞ্চাশখনতকৈ অধিক কেৰিয়াৰ বিষয়ৰ কৰ্মশালা-আলোচনা চক্রত অংশগ্রহণ কৰি শিক্ষাৰ্থীসকল লগত মুখা-মুখিকৈ কেৰিয়াৰ বিষয়ৰ কথাবোৰ আলোচনা কৰিছো আৰু এশখনতকৈ অধিক কেৰিয়াৰ বিষয়ৰ ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছো। তাৰোপৰি , ইউনিক’ডত ই-আলোচনী , ব্লগ তথা ছোচিয়েল নেটৱৰ্কিং ছাইটতো কেৰিয়াৰ সম্পৰ্কীয় লেখা নিয়মীয়াকৈ প্রকাশ হৈ আহিছে । বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্রকাশ হোৱা কেৰিয়াৰ সম্পৰ্কীয় লেখাৰ সংকলন হ’ল- ‘কেৰিয়াৰ হাতপুথি’ । হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে শিক্ষার্থীসকলে এক সম্যক ধাৰণা লাভ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি ‘কেৰিয়াৰ হাতপুথি’খন প্রকাশ কৰা হৈছে।
ৰাজ্যৰ বিশিষ্ট বিজ্ঞানী মৰাণ লাচিত নগৰৰ নিবাসী তথা অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ হায়দৰাবাদৰ এখন চিকিৎসালয়ত পৰহি মৃত্যু হয়। কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকাত পৰিয়ালৰ লোকে হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও পৰহি বিয়লি তেওঁৰ মৃত্যু ঘটে। তেওঁৰ মৃত্যুৰ বাতৰিত জন্মস্থান শিৱসাগৰ জিলাৰ মাদুৰি- মেছাগড় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। ১৯৩৯ চনত মাদুৰি গোহাঁই গাঁৱত জন্ম গ্ৰহণ কৰা ড° মহেন্দ্ৰ বৰগোহাঞি ছাত্ৰাৱস্থাৰ পৰাই তীক্ষ্ণ মেধা সম্পন্ন আছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী, প্ৰয়ুক্তি বিদ্যাত নিপুণ ডঃ বৰগোহাঞিয়ে মাদুৰি আৰু নাজিৰাত স্কুলীয়া শিক্ষা সফলতাৰে সম্পন্ন কৰি কটন মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে। ১৯৬২ চনত কটন মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে।
পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ১৯৬৫ চনত ৰসায়ন বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। তেওঁ অধ্যক্ষ পৰাগধৰ চলিহাৰ আমন্ত্ৰণ ক্ৰমে শিৱসাগৰ মহাবিদ্যালয়ত দুবছৰ অধ্যাপনা কৰে আৰু এই সময়ছোৱাতে “ইউজিচি’ৰপৰা জলপানি লাভ কৰে । তেওঁ অসম চৰকাৰৰ জলপানিৰে ইংলেণ্ডৰ বৃষ্টল বিশ্ববিদ্যালয়ত বিখ্যাত বিজ্ঞানী তথা অধ্যাপক ড° এগলিটনৰ তত্বাৱধানত গৱেষণা কাৰ্য্যত ব্ৰতী হয়। ১৯৭১ চনত গৱেষণা কাৰ্য্য সফলতাৰে সম্পন্ন কৰি দেশ – বিদেশৰ গৱেষক সকলৰ ভিতৰত দ্বিতীয় স্থান লাভেৰে সম্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। মন কৰিব লগীয়া যে বৃষ্টল বিশ্ববিদ্যালয়ত গৱেষণা কৰা সময়তে তেওঁ চন্দ্ৰপৃষ্ঠৰ “মাটি”ৰো গৱেষণা কৰাৰ এক সুযোগ লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ চন্দ্ৰপৃষ্ঠৰ সেই “মাটি” এটা সৰু কাচৰ বটলত সংৰক্ষণ কৰি মেছাগড় – মাদুৰিৰ স্থানীয় ৰাইজক নিজে চোৱাৰ এক বিৰল সুয়োগ দিয়ে। উল্লেখযোগ্য যে চন্দ্ৰপৃষ্ঠৰ সেই “মাটি” বৰ্তমানলৈকে তেখেতৰ গৃহত সংৰক্ষিত হৈ ৰৈছে। তেওঁৰ “Thermal and Catalytic Alernation of Biolipids and Kerogen” শীৰ্ষক গৱেষণা পত্ৰই সেই সময়ত বিজ্ঞানী মহলত বিশেষ চৰ্চা লাভ কৰিছিল। তেওঁ আমেৰিকাৰ বিখ্যাত “Secony Oil Company ” য়ে আগবঢ়োৱা উচ্চপদস্থ বিষয়াৰ পদ নাকচ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল। কিছু বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি তেওঁ নামৰূপৰ অসম পেট্ৰকেমিকেলচত যোগদান কৰে আৰু এই সময়ছোৱাতে আধুনিক তথ্য প্ৰযুক্তি আৰু কৌশলৰ উচ্চ শিক্ষা আহৰণৰ বাবে লণ্ডন আৰু চান -ফ্ৰানচিছকলৈ যায়.।.
এতিয়া প্ৰশ্ন হয় ,কাৰ ছত্ৰছায়াত অথবা কাৰ সাহসত শিলৰ এই অবৈধ খনন চলি আছে? উল্লেখযোগ্য যে এই ক্ষেত্ৰত নিৰৱ ভূমিকা পালন কৰিছে অসম প্ৰশাসন তথা বন বিষয়া সংমণ্ডলে। অনাগত দিনত বিভাগীয় কৰ্তিপক্ষই কি পদক্ষেপ লয় সেইয়া হব লক্ষণীয়।