Home Blog Page 824

জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…

জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড°অমিয় কুমাৰ ভূঞা ।

‘ আমাৰ শ্রেষ্ঠ বিহপুৰীয়া নিৰ্মাণৰ পণ
বিহপুৰীয়া প্ৰথম আৰু মহিলা প্রথম।’
-ড°অমিয় কুমাৰ ভূঞা

জনতা‌ৰ ন্যাৰ্য অপূৰ্ব আদৰৰ প্ৰাপ্তিৰ বাবেই উষ্ম ৰক্তিমে ৰক্তিমে জীয়াই আছে আৰু থাকিব অনন্ত কাললৈ ।সদায় বুকুত কঢ়িয়াই লৈ ফুৰিছে বৰ নাৰায়ণপুৰৰ তথা আই অসমীৰ জয়গান।আই অসমী সভ্যতা-সংস্কৃতি, ভাষা-সাহিত্য, জাতি-ভেটি ৰক্ষাৰ দৃঢ় সংকল্পৰে অনন্ত কুশল যাত্ৰাত মহাপুৰুষ মাধৱদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ,বদলাপদ্ম আতা প্ৰমুখ্যে বাৰবৈষ্ণৱৰ পৱিত্ৰভূমি শংকৰ মাধৱৰ মনিকাঞ্চন সংযোগ ক্ষেত্ৰৰ বিধায়ক হিচাপে ড°অমিয় কুমাৰ ভূঞাক জাতি-বর্ণ-ধর্ম-ভাষা-সম্প্রদায় নির্বিশেষে গভীৰ আস্থা আৰু বিশ্বাসেৰে শ্রেষ্ঠ বিহপুৰীয়া সমষ্টি নিৰ্মাণৰ বাবে ভাৰতীয় জনতা পার্টিৰ নীতি আদর্শ আৰু নেতৃত্বৰ প্রতি সমর্থন আগবঢ়াই দায়িত্ব অর্পণ কৰাৰ পিছতে দিয়া প্রতিশ্রুতি আৰু জনতাৰ আশা-আকাংক্ষাক ন-উদ্যেমেৰে সদায়েই ‘বিহপুৰীয়া প্ৰথম আৰু মহিলা প্রথম’ মূলমন্ত্ৰৰে বাস্তৱায়িত কৰাত নিৰলস প্রয়াস অব্যাহত ৰাখিছে।বিধায়কৰ এই বিকাশ-সমন্বয়ৰ ইতিবাচক যাত্ৰাত বিহপুৰীয়া সমষ্টিবাসীৰ সপোনবোৰক বাস্তৱায়িত কৰিবলৈ এই কম সময়তে অসম চৰকাৰৰ প্রতিটো বিভাগেও শ্রেষ্ঠত্ব উজাৰি দিবলৈ

শক্তিশালী ৰূপত আগৱাঢ়ি গৈছে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্রয়াসেৰে নতুন ভাৰত বা আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ স্বপ্নৰে বিশ্বৰ বুকুত গুৰু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রয়াস আৰু অসমৰ সর্বাঙ্গীণ বিকাশৰ বাবে বিৰামহীন প্ৰগতিৰ যাত্ৰাৰে ভাৰতবৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক এখন উন্নত ৰাজ্য হিচাপে জিলিকাই তুলিবলৈ পণ লোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যাত্ৰাত বাৰবৈষ্ণৱৰ পৱিত্র ভূমি ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা সমষ্টিবাসীৰ সপোনবোৰক বাস্তবায়িত কৰি সাকাৰ ৰূপ দিবৰ বাবে নিৰবিচ্ছিন্ন প্ৰয়াস প্ৰতিটো নিয়ত অব্যাহত ৰাখিছে ।সঠিক পৰিকল্পনা, পুঁজিৰ সামৰ্থ, সংশিষ্ট লোকৰ সততা, নিষ্ঠা আৰু একাগ্রতা, কার্যদক্ষতা আৰু প্রাকৃতিক পৰিৱেশৰ ওপৰত উন্নয়ন আৰু বিকাশ নির্ভৰশীল হ’বলগীয়া হোৱা স্বৰ্তেও সমষ্টিৰ সামগ্রিক, আর্থ-সামাজিক, সাংস্কৃতিক, শৈক্ষিক, কৃষি, ক্রীড়াকে ধৰি সকলো খণ্ডৰ সর্বাঙ্গীন বিকাশৰ বাবে যথেষ্ট আগবঢ়াই নিছে। সর্ব্বোচ্চ উজাৰি তেনে প্রত্যয় আৰু প্রত্যাশাৰে ৰাইজৰ নিষ্ঠাৰে আৰু সততাৰে দিয়া প্রতিশ্রুতি আৰু সংকল্পক জনদৰদী মুখ্যমন্ত্রী মহোদয়ৰ উন্নয়নমুখী নেতৃত্বত সিদ্ধিলৈ ৰূপান্তৰিত কৰি বিহপুৰীয়া নিৰ্মাণৰ যাত্ৰাত বিধায়ক গৰাকী চিৰদিন বদ্ধ পৰিকৰ।আই,বাই অবলাৰ দুখৰ চকুলো মচি পথৰ সন্ধান

দিয়া,চাকৰিপ্ৰত্যাশী যুৱক যুৱতীক স্বাবলম্বী,প্ৰশিক্ষণৰ ব্যৱস্থা কৰি উপযুক্ত কৰি তোলা বিহপুৰীয়া সমষ্টিৰ উন্নয়নত জনতাক প্ৰত্যক্ষ সংযোগ কৰি ক্ষমতাৰ বিকেন্দীকৰণেৰে ৰাইজৰ হাতেৰে উন্নয়নৰ মাপকাঠী তৈয়াৰ কৰা,ক্ৰীড়া,সাহিত্য,সংস্কৃতি আৰু আধ্যাত্মিক চেতনাৰে জনতাক উদ্বুদ্ধ কৰি শান্তিকামী সুন্দৰ বিহপুৰীয়া সমষ্টিৰ জয়যাত্ৰা অব্যাহত ৰখা এনেকুৱা বিধায়কৰ সংখ্যা আজিৰ দিনত বহুতেই কম ।বিপদৰ বন্ধু বিধায়ক ড°অমিয় কুমাৰ ভূঞাৰ এই মহাগৌৰৱী পদক্ষেপ চিৰকাল মনত ৰাখিব বিহপুৰীয়াসমষ্টি বাসী জনতাই।ৰাইজৰ বিধায়ক গৰাকীলৈ আৰ্শীবাদ –উচ্ছাস-উচাহৰ স্পন্দনত এই চেতনাৰ প্ৰৱাহ চিৰদিন থাকক। বিহপুৰীয়া সমষ্টি বাসী জনতাৰ উমাল পৰশে পৰশি জিলিকি উঠক বিহপুৰীয়া সমষ্টিৰ বাসী ৰাইজৰ মান,মন,অভিমান ,স্বাভিমান।বিধায়ক গৰাকীৰ উন্নয়নৰ বোৱতী গংগাৰ চেতনা চিৰদিন থাকক।মনৰ দৃঢ়তা আৰু কৰ্মদ্যোম ,জিনি যোৱাৰ পৰিচয় উচ্ছাস-উচাহৰ স্পন্দন চিৰদিন উদ্ভাসিত সদায় দ্ৰুত বেগী বায়ুতকৈও আগত থাকক।

এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…


কৃষিখণ্ডৰ উন্নয়নৰ বাবে শিক্ষিত যুৱক-যুৱতী তথা সমাজক অনুপ্ৰেৰণা যোগাই এখন সমৃদ্ধিশালী অসম গঢ়াৰ মানসিকতাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এজন ব্যক্তি হিৰণ্য মিলি।ধেমাজি জিলাৰ ধেমাজি নগৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা।পেছাত বেংক বিষয়া।বৰ্তমান নাৰায়ণপুৰ অসম গ্রামীণ বিকাশ বেংকৰ শাখা পৰিচালক হিচাপে কৰ্মৰত।বেংকৰ দায়িত্বৰ উপৰি অসমৰ থলুৱা কৃষক, ঔদ্যোগিক ব্যক্তিসকলৰ মাজত কৰ্মসংস্কৃতিৰ সজাগতা সৃষ্টি কৰি অহা এজন ব্যতিক্রমী ব্যক্তি।তেখেতৰ মতে অসমৰ প্ৰতিজন শিক্ষিত যুৱক-যুৱতীয়েই চাকৰিৰ পিছে পিছে দৌৰি ফুৰাতকৈ অথবা নিবনুৱা সমস্যাত হতাশা হোৱাতকৈ কৃষি কৰ্মৰ সমান্তৰালকৈ আন আন ক্ষুদ্র অথবা
উৎপাদনমুখী কর্মত আত্মনিয়োগ কৰি প্ৰতিষ্ঠা লাভ কৰি বৰ্ধিত নিবনুৱা সমস্যাক নিয়ন্ত্রণলৈ আনিব পাৰে। মধ্য অসমৰ কৃষক সমাজৰ আহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ ফলত সম্প্ৰতি অসমৰ উৎপাদিত কৃষিজাত সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰি অধিক লাভাৱান্বিত হোৱা দেখা গৈছে।

তেওঁ কয়- অসমীয়া ল’ৰাই অসমৰ সাৰুৱা ভূমিত উৎপাদন কৰি বিদেশৰ বজাৰলৈ ৰপ্তানি কৰিব পৰাকৈ প্ৰস্তুত হ’ব লাগে। ইয়াৰ বাবে আনুসঙ্গিক ধাৰণা, তত্বাৱধান, আৰু কর্মোদ্যমী যুৱকৰ প্রশিক্ষণ তথা মূলধন যোগানৰ বাবে কৃষি বিভাগ আৰু বেংকে ব্যৱস্থা গ্ৰহণ কৰি আহিছে, যিবোৰৰ বিষয়ে জানিবলৈ বা বুজিবলৈ আগবাঢ়ি আহিব লাগে নিজকে বেকাৰ বা নিৱনুৱা বুলি উপলব্ধি কৰা প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতী। চাকৰি কালত বিষয়াগৰাকীয়ে যি ঠাইলৈকে গৈছে সকলো ঠাইতে নিজাববীয়াকৈ এই পদক্ষেপ হাতত লৈ বহু যুৱক-যুৱতীক প্রতিষ্ঠিত কৰিবলৈ প্রচেষ্টা চলাই আহিছে আৰু সফলো হৈছে। শেহতীয়াকৈ অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ উদ্দেশ্য আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে তেখেতে নিজা প্ৰচেষ্টাৰে গাঁৱে ভূয়ে যুৱকসকলক সংগঠিত কৰি সেইবোৰৰ বিষয়ে বিতং তথ্য প্ৰদান কৰি কৰ্মৰ প্ৰতি উদগনি যোগায় আহিছে প্ৰচাৰৰ পৰা বিৰত থাকি। আজিৰ পৰা কিছুদিন আগলৈকে বেংক কর্তৃপক্ষই থলুৱা যুৱকক প্ৰতাৰণা কৰা বুলি প্ৰচাৰিত গুজবৰ বিপৰীতে তেখেতে ইয়াৰ কাৰণ ব্যাখ্যা কৰি অসমীয়া যুৱকক কৰি দেখুওৱা’ৰ আৰু ঘূৰাই দেখুৱাওৱা’ৰ মানসিকতা পোষণ কৰি আগবাঢ়ি যাবলৈ উপদেশ দিয়ে।

তেখেতৰ মতে বহু এনে কৃষক আছে যি পাৰিবাৰিক সমস্যা সমাধানৰ বাবে ব্যৱসায় বা কৃষিৰ নাম লৈ ঋণ গ্ৰহণ কৰে । সমস্যা সমাধানৰ পিছত ঋণ ঘূৰাই নিদি বেংকক প্ৰতাৰণা কৰে বাবেই বহুক্ষেত্রত পিছৰসকলে সঁচা অৰ্থত কাম কৰাৰ মানসিকতাৰে ঋণ বিচাৰিলেও বিমুখ হ’ব লগা হয়। তেঁওৰ মতে সমাজৰ সচেতন চামে আগ্রহী যুৱক যুৱতী তথা কৰ্মস্পৃহা সকলক সংগঠিত কৰি কৰ্মৰ ধাৰণা দিয়াৰ যোগান বাবে সেইবোৰ খুৰাহ দিয়াত উদ্যোগ ললে কোনো জন অসমীয়া যুৱকেই মূলধনহীনতাৰ বাবে নিবনুৱা হৈ থাকিব লগা নহয়। আজি এই প্রতিবেদকৰ লগত হোৱা সাক্ষাতকাৰত এই কথা প্রকাশ কৰে বিষয়াগৰাকীয়ে। তেওঁ কয় অসমৰ বতাহ পানী খাই জীয়াই থকা প্রতিজন অসমীয়াই নিজৰ দেশৰ উন্নয়নৰ বাবে কাম কৰিব লাগিব। উন্নয়নৰ মাধ্যমেৰেই প্ৰকাশ কৰিব লাগিব জাতি অথবা দেশ প্রেম। সামগ্রিক উন্নয়নৰ ধাৰণাই সকলোকে সমভাৱে আগবঢ়াই নিয়াত সহায় কৰিব।

ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…

কেতিয়া পৰিস্থিতি সাপেক্ষে নিয়ম ভাঙিবলগীয়াও হয়৷ শেহতীয়াকৈ কেৰালা উচ্চ ন্যায়ালয়ে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ কেৰালা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ধৰ্ষণৰ ভুক্তভোগী এগৰাকীক সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি। কেৰালা উচ্চ ন্যায়ালয়ে এক গোচৰত কয়, “সংবিধানৰ ৩(২) অনুচ্ছেদে স্পষ্টকৈ কৈছে যে যেতিয়া এগৰাকী ব্যক্তি ধৰ্ষণৰ ফলত গৰ্ভৱতী হয়, মহিলাগৰাকী মানসিকভাৱে ভাঙি পৰে। ফলস্বৰূপে, ভুক্তভোগীগৰাকীক কোনো প্ৰকাৰে ধৰ্ষণকাৰীৰ সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি।

ধৰ্ষণৰ ভুক্তভোগী এগৰাকীক গৰ্ভপাত কৰিবলৈ নিদিয়াৰ অৰ্থ হৈছে মাতৃত্বৰ বোজা তেওঁৰ ওপৰত জাপি দিয়া। সন্মানৰ সৈতে জীয়াই থকাৰ অধিকাৰ নোহোৱা কৰা। এয়া মহিলাগৰাকীৰ মানসিক স্বাস্থ্যৰ বাবে এক তীব্ৰ আঘাত। “
এগৰাকী ১৬ বছৰীয়া ধৰ্ষণৰ ভুক্তভোগীয়ে গৰ্ভপাত বিচাৰি তেওঁৰ মাতৃৰ জৰিয়তে আদালতৰ কাষ চাপিছিল। নৱম শ্ৰেণীত থাকোতে তেওঁক ১৯ বছৰীয়া ‘প্ৰেমিকে’ ধৰ্ষণ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

অৱশ্যে, সংবিধান অনুসৰি, গৰ্ভপাতৰ সৰ্বাধিক সীমা হৈছে ২৪ সপ্তাহ (কিছু ক্ষেত্ৰত ব্যতিক্ৰম আছে)। কিন্তু যেতিয়া নাবালিকাগৰাকীয়ে আদালতৰ কাষ চাপিছিল, তেওঁ ২৮ সপ্তাহৰ গৰ্ভৱতী আছিল। এই ক্ষেত্ৰত আদালতে কয় যে ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব৷ গোচৰটোৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে তেওঁক গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰে৷

১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…

১৪ বছৰত ভাৰতৰ সেৱা খণ্ডই আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ দেখুৱাইছে: সমীক্ষাৰ তথ্য
নতুন দিল্লী ।ভাৰতৰ সেৱা খণ্ডই ১৪ টা বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ দেখুৱাইছে৷ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদাৰ বাবে দেশৰ সেৱা খণ্ডৰ বিকাশৰ হাৰ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ এইচএছবিচিৰ এক জৰীপত ভাৰতৰ কোৱা হৈছে যে আগষ্ট ২০২১-ৰ পৰা সেৱা খণ্ডটো ধাৰাবাহিকভাৱে বিকাশৰ পথত দ্ৰুত গতিত আগবাঢ়িছে৷

সমীক্ষাত দেখুৱাইছে যে এপ্ৰিলত এই বিকাশৰ হাৰ কিছু পৰিমাণে হ্ৰাস হৈছিল ৫৮.৮ শতাংশ হৈছিল৷ উৎপাদন আৰু সেৱাৰ ক্ষেত্ৰত মাৰ্চ মাহত আঠ মাহৰ সৰ্বোচ্চ ৬১.৮ হৈছিল।

এইচএছবিচিৰ মুখ্য অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে কয় ” ভাৰতৰ সেৱা খণ্ড এপ্ৰিল মাহত অলপ লেহেম গতিত বিকশিত হৈছিল৷ কিন্তু সামগ্ৰীকভাবে এই বৃদ্ধি ভাল,”। বিত্ত আৰু বীমাৰ ব্যৱসায়ে ‘তীব্ৰ’ বিকাশৰ ধাৰা প্ৰকট কৰা বুলিও তেওঁ কয়৷

শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…

শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে

ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছৰ মহাকাশ অভিযান শেষ মুহূৰ্তত বাতিল কৰা হৈছে। তেওঁ মঙলবাৰে তৃতীয়বাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰাৰ কথা আছিল। অৱশ্যে, মহাকাশলৈ যাত্ৰা কৰাৰ পূৰ্বেই তেওঁৰ যাত্ৰা যাত্ৰা পিছুৱাই দিয়া হয়। পূৰ্ব পৰিকল্পিত অভিযান কিয় স্থগিত কৰা হৈছে এই মহাকাশ অভিযান পুনৰ কেতিয়া হ’ব? বিজ্ঞানীসকলে কি কয়? সোমবাৰে নিশাই মহাকাশচাৰী কঢ়িয়াই নিয়া কেপচুলটো কক্ষপথলৈ উৎক্ষেপণৰ বাবে সাজু কৰা হৈছিল। কিন্তু এটলাছ ভি ৰকেটখনত দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবে বোয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষিত প্ৰথম ক্ৰুড পৰীক্ষামূলক উৰণ কমেও ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

যান খনৰ অক্সিজেন পৰিবাহী পাইপত দেখা দিয়া বিজুতিৰ বাবে উৰণ বাতিল কৰা হয়৷ সেয়ে মহাকাশচাৰীসকলক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ (আইএছএছ) লৈ যোৱা চিএছটি-১০০ ষ্টাৰলাইনাৰৰ এই যাত্ৰা আৰম্ভনিতে থমকিবলগীয়া হয়। উল্লেখ্য ২০১৯ চনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ষ্টাৰলাইনাৰৰ প্ৰথম আনক্ৰুড ফ্লাইট প্ৰেৰণৰ প্ৰচেষ্টাও বিফল হৈছিল। অহা ১০ মে’ত পুনৰ এই অভিযান চলোৱাৰ আশা আছে৷ উল্লেখ্য মঙলবাৰে পুৱা ৮:০৪ বজাত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ইউনাইটেড লঞ্চ এলায়েন্স এটলাছ ভি ৰকেট আৰু বয়িং ষ্টাৰলাইনাৰ মহাকাশযান উৎক্ষেপণ কৰাৰ কথা আছিল৷

এই অভিযানৰ বিষয়ে সুনীতা উইলিয়ামছে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিছিল যে, এইবাৰৰ অভিযানক লৈ তেওঁ উৎসাহিত, লগতে ইয়াকো কয় যে, এনেদৰে মহাকাশলৈ যোৱাটো ঘৰলৈ উভতি যোৱাৰ দৰে।ড° দীপক পাণ্ডিয়া আৰু বনী পাণ্ডিয়াৰ ঘৰত জন্মগ্ৰহণ কৰা সুনীতা উইলিয়ামছে পুনৰবাৰ ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে।২০০৬ আৰু ২০১২ চনত দুবাৰকৈ মহাকাশলৈ গৈছে সুনীতা উইলিয়ানছে। উইলিয়ামছে দুটা অভিযানত মুঠ ৩২২ দিন মহাকাশত কটাইছিল৷

অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…

অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে, থাকিব লাগিব কাৰাগাৰতে, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি
অৱশেষত আজিও জামিন নাপালে অৰবিন্দ কেজৰিৱালে৷ উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দিল্লী সুৰা নীতি গোচৰত অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ পৰ্ব আৰম্ভ কৰে যদিও শুনানিৰ কোনো ৰায়দান কৰাৰ সলনি সেয়া স্থগিত ৰাখে। শীৰ্ষ আদালতে কয় যে যদি যদি কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হয় তেন্তে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কোনো চৰকাৰী কৰ্তব্য পালন কৰিব নোৱাৰিব। ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ক কয় যে অন্তৱৰ্তীকালীন জামিনত মুকলি হ’লে তেওঁ কোনো চৰকাৰী ফাইলত স্বাক্ষৰ নকৰে বুলি প্ৰতিশ্ৰুতি দাখিল কৰিবলৈ ইচ্ছুক। আন এক ঘটনাক্ৰমত, দিল্লীৰ এখন আদালতে আজি অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ মে’লৈ বৃদ্ধি কৰিছে৷ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ বিচাৰপীঠে কয় যে অন্তৱৰ্তীকালীন জামিনত থাকোতে কেজৰিৱালে মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্য সম্পাদন কৰাৰ ফলত ব্যাপক প্ৰভাৱ পৰিব পাৰে।

কেজৰিৱালৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি বৃহস্পতিবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷দিল্লীৰ আবকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অন্তৱৰ্তীকালীন জামিন দিয়া উচিত নে অনুচিত সেই বিষয়ত পৰ্যালোচনা কৰি আছে উচ্চতম ন্যায়ালয়ে৷ অৰবিন্দ কেজৰিৱালৰ আবেদন সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত ইডিৰ হৈ হাজিৰ থকা এএছজি এছ ভি ৰাজুৱে যুক্তি আগবঢ়ায়। এএছজি ৰাজুৱে উচ্চতম ন্যায়ালয়ক কয় যে মনীষ চিছোদিয়াৰ জামিন বাতিল হোৱাৰ পিছত ১১০০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে।

এই সন্দৰ্ভত ন্যায়াধীশ খান্নাই প্ৰশ্ন কৰে যে উৎকোচৰ পৰিমাণ ১০০ কোটি টকা বুলি কোৱা হৈছিল যদিও ই কেনেকৈ ২-৩ বছৰত ১,১০০ কোটি টকা হ’ল? ন্যায়াধীশ খান্নাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এএছজি ৰাজুৱে কয় যে ৫৯০ কোটি টকা হৈছে পাইকাৰী বিক্ৰেতাৰ লাভ। ইয়াৰ সৈতে, সুৰা কোম্পানীবোৰে ৯০০ কোটি লাভ অৰ্জন কৰিছিল। উচ্চতম ন্যায়ালয়ে তেতিয়া কয় যে পাৰ্থক্য টো প্ৰায় ৩৩৮ কোটি টকা আছিল আৰু গোটেই বিষয়টো উৎকোচৰ বিষয় বুলি ধৰিব নোৱাৰি। ইয়াৰ পিছত এএছজি ৰাজুৱে ইডিৰ হৈ কয় যে যেতিয়া আমি তদন্ত আৰম্ভ কৰিছিলো, আমাৰ তদন্ত পোনপটীয়াকৈ তেওঁৰ (অৰবিন্দ কেজৰিৱাল) বিৰুদ্ধে নাছিল। অনুসন্ধানৰ সময়ত তেওঁৰ ভূমিকা পোহৰলৈ আহিছিল আৰু সেয়েহে প্ৰথমতে তেওঁক এটাও প্ৰশ্ন সোধা হোৱা নাছিল। তদন্তটো তেওঁৰ ওপৰত কেন্দ্ৰীভূত নাছিল।

ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…

ইডিয়ে সোমবাৰৰ পৰা চলোৱা অভিযানত ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা বন কৰা লোকৰ ঘৰত এতিয়ালৈকে উদ্ধাৰ হৈছে নগদ ৩২ কোটি টকা৷ ইডিৰ বিষয়াসকলে কালিৰে পৰা টকা গণনা কৰা যন্ত্ৰত ধন গণিয়েই আছে৷ কেৱল টকা উদ্ধাৰ কৰাই নহয় ইডিয়ে এই ক্ষেত্ৰত ব্যৱস্থাও গ্ৰহণ কৰিছে। কংগ্ৰেছ নেতা তথা ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালক মঙলবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছে৷

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত ঝাৰখণ্ডৰ উক্ত মন্ত্ৰী জনৰ সচিবৰ এজন লগুৱাৰ বাসগৃহত অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) কালিৰে পৰা এতিয়ালৈকে ৩২ কোটি টকা জব্দ কৰিছে। ইডিৰ বিষয়াসকলে সোমবাৰে পুৱাৰে পৰা ৰাঁচীৰ বিভিন্ন স্থানত অভিযান আৰম্ভ চলাই আছে। ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ এজন লগুৱাৰ ঘৰতো তালাচী চলোৱা হয়। ইডিৰ সূত্ৰৰ মতে পৰিচাৰকৰ ঘৰৰ পৰা ৩২ কোটি টকা উদ্ধাৰ কৰা হৈছে। ইডিয়ে সন্দেহ কৰিছে যে এই ধন মানি লণ্ডাৰিং গোচৰৰ সৈতে জড়িত।

ইডিৰ বিষয়াসকলে সঞ্জীৱৰ লগুৱাৰ ঘৰত তালাচী চলাই ৩২ কোটি টকা উদ্ধাৰ কৰাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে। ইমান বেছি মাত্ৰাত নগদ ধন লুকুৱাই ৰখাৰ কথাই এয়া যে দুৰ্নীতিৰে সংগ্ৰহ কৰা ধন তাকেই প্ৰমাণ কৰা বুলি বহুতে মন্তব্য কৰিছে। ইডিৰ মতে গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামৰ ধন সৰবৰাহৰ গোচৰত সঞ্জীৱৰ নাম জড়িত আছিল। সেই সংযোগৰ সৈতে সংগতি ৰাখি সোমবাৰে পুৱা ইডিয়ে অভিযান আৰম্ভ কৰে। গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰক ২০২৩ চনৰ ফেব্ৰুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ আছে। ইডিয়ে দাবী কৰিছে যে সঞ্জীৱো গোচৰটোত জড়িত আছে। ইডি বিষয়াসকলৰ মতে সঞ্জীৱ ঝাৰখণ্ডৰ আন মন্ত্ৰীসকলৰ সৈতে ধনৰ লেনদেনত জড়িত আছিল।

ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…

হামাছে যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামান পিচতে ইজৰাইলৰ সামৰিক বাহিনীয়ে ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ কৰিছে । যুদ্ধবিৰতিৰ ফলত গাজাত ৭ মাহৰ যুদ্ধৰ সমাপ্তি ঘটিব পাৰে বুলিও কোৱা হৈছিল । অৱশ্যে চুক্তি হ’ব নে নাই সেয়া অনিশ্চিত কিয়নো ইজৰাইলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে প্ৰস্তাৱটোৱে তেওঁলোকৰ মূল দাবী পূৰণ কৰা নাই ।

অস্থায়ী শিবিৰ আৰু জনবহুল এপাৰ্টমেণ্টত লোকসকল আবদ্ধ হৈ আছে । ইজৰাইলে কোৱা মতে ৰাফা হামাছৰ অন্তিম দুৰ্গ । আমেৰিকাই ইজিপ্তৰ সীমান্তৱৰ্তী চহৰখনত সম্পূৰ্ণ আক্ৰমণৰ বিৰোধিতা কৰে ।

ইজৰাইলী বিষয়াসকলে ইজিপ্তৰ লোকসকলক জনাইছিল যে অভিযান সম্পূৰ্ণ কৰাৰ পিচত সৈন্যসকল প্ৰত্যাহাৰ কৰিব । দেওবাৰে, ৰাফা ক্ৰছিঙৰ সমীপত হামাছৰ যুঁজাৰুসকলে দক্ষিণ ইজৰাইললৈ মৰ্টাৰ নিক্ষেপ কৰে, যাৰ ফলত ৪ জন ইজৰাইলী সেনা নিহত হয় ।

সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…

হিন্দু ধৰ্মত প্ৰতিটো শুভ কাম কৰাৰ বাবে শুভ সময় নিৰ্ধাৰণ কৰা হয়। যাতে ইয়াৰ দ্বাৰা ভাল ফলাফল পোৱা যায়। একে সময়তে অশুভ সময়ত যিকোনো ভাল কাম কৰাটো নিষিদ্ধ, কাৰণ ভুল সময়ত কৰা ভাল কামেও বেয়া ফল দিয়ে। ধৰ্মশাস্ত্ৰ অনুযায়ী সন্ধিয়া কিছুমান কাম কৰিব নালাগে। যদি এইবোৰ কাম সন্ধিয়া কৰে তেন্তে দুখ আৰু দৰিদ্ৰতাই জীৱনত লগ দিবলৈ বেছি সময় নালাগে। এই কাম কৰিলে মাতৃ লক্ষ্মী আৰু অন্যান্য দেৱ-দেৱী খং উঠে। সন্ধিয়া কোনবোৰ কাম কৰিব নালাগে জানো আহক-


সন্ধিয়া গাখীৰ আৰু দৈ নিদিব: সন্ধিয়া কাকো গাখীৰ, দৈ, মাখন নিদিব। মাতৃ লক্ষ্মী আৰু শুক্ৰ গ্ৰহৰ লগত গাখীৰ, দৈৰ সম্পৰ্ক আছে। সন্ধিয়া গাখীৰ আৰু দৈ দান কৰিলে ঘৰখনৰ সুখ আৰু শান্তিও হেৰাই যায়।

সন্ধিয়া হালধি নিদিব: সন্ধিয়া আৰু বিশেষকৈ বৃহস্পতিবাৰে সন্ধিয়া কাকো হালধি নিদিব। হালধিত দেৱগুৰু বৃহস্পতিবাৰ আৰু ভগৱান বিষ্ণুৰ লগত সম্পৰ্কিত। তেওঁলোকৰ কৃপাত জীৱনত সুখ, সৌভাগ্য, ধন-সম্পত্তি আৰু সমৃদ্ধি পোৱা যায়। সন্ধিয়া কাৰোবাক হালধি দিলে সৌভাগ্যও দুৰ্ভাগ্যলৈ পৰিণত হয়। দৰিদ্ৰতাই আগুৰি ধৰে।

সন্ধিয়া ঝাড়ু নিদিব: সন্ধিয়া লক্ষ্মী দেৱীৰ আগমনৰ সময়। মাতৃ লক্ষ্মীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাক অতি ভাল পায়। সেয়ে সূৰ্যাস্তৰ আগতে ঘৰত ঝাড়ু মাৰিব লাগে। সন্ধিয়া বা ৰাতি লক্ষ্মী ঘৰলৈ উভতি আহে, সেয়ে সেই সময়ত ঝাড়ু দিব নাপায়।

সন্ধিয়া ঘৰৰ মূল প্ৰৱেশদ্বাৰটো আন্ধাৰ কৰি ৰাখিব নালাগে: সন্ধিয়া কেতিয়াও ঘৰৰ মূল প্ৰৱেশদ্বাৰটো আন্ধাৰ কৰি ৰাখিব নালাগে। মা লক্ষ্মীৰ খং উঠে। এনে এখন ঘৰত কেতিয়াও কোনো আশীৰ্বাদ আৰু সমৃদ্ধি নাথাকে। বৰঞ্চ ধনৰ দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ প্ৰতিদিনে সূৰ্যাস্তৰ পিছত ঘৰৰ মূল প্ৰৱেশদ্বাৰত এটা দীপ জ্বলাই দিব লাগে।

সন্ধিয়া নিমখ বা বেজী নিদিব: সন্ধিয়া কাকো নিমখ, বেজীৰ দৰে চোকা বা চোকা বস্তু দিলে অশুভ ফল পোৱা যায়। কেতিয়াও এনে ভুল নকৰিব। সন্ধিয়া নিমখ আৰু চোকা বস্তু দিলে জীৱনৰ সমস্যা বৃদ্ধি পায় আৰু প্ৰগতি বন্ধ হৈ পৰে। বাধাৰ সন্মুখীন হ’বলগীয়া হয়।

মেট গালা ২০২৪ঃ কোনে দামী পোছাক পৰিধান কৰিলে! ঈশা নে আলিয়াই…

মুকেশ আম্বানী আৰু নীতা আম্বানীৰ মৰমৰ কন্যা তথা ব্যৱসায়ী ঈশা আম্বানীয়ে দ্বিতীয়বাৰৰ বাবে মেট গালাত অংশগ্ৰহণ কৰে। এই উপলক্ষে ঈশা আম্বানীয়ে এনেকুৱা এটা গাউন পিন্ধিছিল যে তেওঁৰ সৌন্দৰ্য দেখি মানুহৰ চকু কপালত উঠিছিল। ঈশা আম্বানীয়ে ৰাণী দৰে মেট গালা অনুষ্ঠানত শোভা বঢ়াইলে। ফটো চাওক-

ঈশা আম্বানীৰ এই ড্ৰেছৰ লগতে ডিঙিত আবদ্ধ নেকেলেচ, হাতত হাৰ্ড ষ্টাইলৰ ব্ৰেচলেট আৰু কাণত কাণফুলি পিন্ধা দেখা গৈছিল।

ঈশা আম্বানীৰ এই অনন্য পোছাকৰ দাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কিন্তু পোছাকলৈ চাই লক্ষাধিক মূল্য হ’ব বুলি অনুমান কৰা হৈছে।

বিশেষ কথাটো হ’ল ঈশাই দ্বিতীয়বাৰৰ বাবে মেট গালাত অংশগ্ৰহণ কৰিছে। ঈশাৰ বাহিৰে যদি ভাৰতীয়ৰ কথা কওঁ তেন্তে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটেও অংশগ্ৰহণ কৰে মেট গালাত।