Home Blog Page 855

বৰপেটা শিক্ষা খণ্ডৰ নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰত “হ’বা তুমি বিজয়ীঃ এক প্ৰেৰণামূলক যাত্ৰা”…

সমগ্ৰ বৰপেটা জিলাৰ লগতে বৰপেটা শিক্ষা খণ্ডৰ অন্তৰ্গত ১১২২ নং নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ৫৩৭ নং বামুনা প্ৰাথমিক বিদ্যালয়ত আজি বৰপেটা শিক্ষা বিভাগৰ উদ্ভাৱনীমূলক অনুষ্ঠান “হ’বা তুমি বিজয়ীঃ এক প্ৰেৰণামূলক যাত্ৰা” সকলো প্ৰতিযোগিতা তথা অনুষ্ঠান সফলভাৱে সমাপ্ত হয়। সমল কেন্দ্ৰটোৰ অন্তৰ্ভুক্ত ৭ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন খেল-ধেমালি, সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলৰ মাজতো সংগীত, একক অভিনয় আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংস্কৃতিক প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট গায়িকা অপৰ্ণা দাস আৰু নৃত্য শিল্পী চন্দাস্মিতা দাস।

প্ৰতিযোগিতাৰ শেষত সকলো বিজয়ী প্ৰতিযোগীক বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ স্বাক্ষৰিত মানপত্ৰ আৰু বটাঁ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য, বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাস আৰু প্ৰসেনজিৎ শৰ্মা। বিজয়ী প্ৰতিযোগী সকলক বঁটা বিতৰণ কৰি সমীন বৈশ্যই “হʼবা তুমি বিজয়ী” অনুষ্ঠানটো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা প্ৰতভাসমূহ বিকাশ হোৱাৰ এক সুন্দৰ পদক্ষেপ বুলি বক্তব্য ৰাখে। সভাৰ অন্তত জনপ্ৰিয় কণ্ঠশিল্পী তথা শিক্ষয়িত্ৰী অপৰ্ণা দাসে সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। উল্লেখ্য যে বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যে তথা তেওঁলোকক সকলো দিশতে প্ৰেৰণা দিয়াৰ বাবে “হ’বা তুমি বিজয়ী : এক প্ৰেৰণামূলক যাত্ৰা” নামৰ এক উদ্ভাৱনীমূলক অনুষ্ঠান অনুষ্ঠিত হৈ আছে। অনুষ্ঠানটোৰ মূল পৰিকল্পনাকাৰী বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস।

ইতিমধ্যে যোৱা ১২ এপ্ৰিল তাৰিখৰ পৰাই সকলো বিদ্যালয়তে বিদ্যালয় পৰ্য্যায়ত “হ’বা তুমি বিজয়ী”ৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈ গৈছে আৰু বিদ্যালয়সমূহৰ বিজয়ী প্ৰতিযোগী তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰত আজি মণ্ডল পৰ্য্যায়ত কুইজ, বক্তৃতা, আবৃত্তি, নৃত্য, সংগীত, যোগ আৰু দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত শ্ৰেণীকোঠাত পাঠ্যপুথিৰ সৈতে সংগতি থকা FLN Meterial বা TLM ব্যৱহাৰ কৰি তৈয়াৰ কৰা Video ৰ প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, চিত্ৰনাট্যৰ প্ৰতিযোগিতা, একক অভিনয় প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। আজিৰ প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে অহা ৩০ এপ্ৰিলৰ পৰা খণ্ড পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব আৰু খণ্ড পৰ্য্যায়ৰ বিজয়ী প্ৰতিযোগীসকলে জিলা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া “হ’বা তুমি বিজয়ী”ৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব।

সাপেখাতীত শংকৰদেৱ শিশু নিকেতনৰ অভিনন্দন অনুষ্ঠান…

সদ্য ঘোষিত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে শংকৰদেৱ শিশু নিকেতন সাপেখাতীত আজি এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত নিকেতনৰ পৰিচালনা সমিতিৰ উপ সভাপতি মৃদুল কুমাৰ দাসে সভাখন সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনৰ আঁত ধৰে নিকেতনৰ আচাৰ্য জয়ন্ত বৰুৱাই আৰু সভাখনি উদ্দেশ্য ব্যাখ্যা কৰে নিকেতনৰ প্ৰধান আচাৰ্য্য বিদ্যুৎ হাজৰিকাই।

উক্ত অনুষ্ঠানত উপস্থিত সমাজ কৰ্মী কৃষ্ণ কান্ত গগৈ, প্ৰদীপ বড়া, দিলীপ ৰঞ্জন বৰুৱা, সত্য ৰঞ্জন বৰুৱা, নিকেতনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক নিলাম্বৰ দাস, বাণী চাংমাই, মনোজ চাংমাই, সত্যব্ৰত বৰুৱাৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, উপস্থিত থাকে। সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। সভাৰ মূল কাৰ্য্যসূচীত বিশেষ অভিনন্দন অনুষ্ঠানত নিকেতনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা মুঠ ২১ গৰাকী কৃতি শিক্ষাৰ্থীক অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জনায়।

বিশিষ্ট অভিনেত্ৰী তথা পত্নী আইমী বৰুৱাৰ লগতে মাতৃ আৰু শাহুৱেকক লগত লৈ মন্ত্ৰী পীয়ূষ হাজৰীকাই সাব্যস্ত কৰিলে ভোটদান…

বিশিষ্ট অভিনেত্ৰী তথা পত্নী আইমী বৰুৱাৰ লগতে মাতৃ আৰু শাহুৱেকক লগত লৈ মন্ত্ৰী পীয়ূষ হাজৰীকাই সাব্যস্ত কৰিলে ভোটদান। সুস্থ গণতন্ত্ৰ তথা বিকশিত অসম, বিকশিত ভাৰতৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত থকাৰ স্বাৰ্থত পৰিয়ালৰ সৈতে আজি মৰাকলং প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে মন্ত্ৰীগৰাকীয়ে।

সকলোকে গণতান্ত্ৰিক কৰ্তব্য পালন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ অনন্য যাত্ৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়।

ব্যায়াম কৰিলেই ওজন নকমে, ওজন কমাবলৈ কিছুমান বিশেষ খাদ্য খাব লাগিব…

ব্যায়াম কৰিলে ওজন কমাব পাৰি, কথাষাৰ বিশ্বাস কৰে নে আপুনি। জিমলৈ যোৱাৰ উপৰিও এনে কিছুমান খাদ্য আছে যিবোৰে ওজন কমোৱাত সহায় কৰে।কেৱল জিমলৈ গৈ শাৰীৰিক ব্যায়াম কৰিলেই আপুনি ক্ষীণাব নোৱাৰে।তাৰ বাবে আপুনি সঠিক পথ বাছি ল’ব লাগিব।জিমলৈ যোৱাৰ উপৰিও কোনবোৰ খাদ্যৰ সহায়ত ওজন কমাব পাৰি জানো আহক-

যদি স্লিমিং ডায়েটত বাদাম নাথাকে, তেন্তে ওজন কমোৱাৰ সপোনটো পূৰ নহ’ব।গতিকে ক্ষীণ হ’ব বিচাৰিলে আলমণ্ড খাব লাগিব। বাদামত প্ৰটিন, আঁহ, স্বাস্থ্যকৰ চৰ্বি থাকে। এই প্ৰতিটো উপাদানে দ্ৰুত ওজন হ্ৰাস কৰাত সহায় কৰে।

ভিটামিন চিয়ে কেৱল চৰ্দি আৰু কাহৰ পৰা উপশম দিয়াই নহয়, ওজন কমাবলৈও সহায় কৰে। গতিকে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে টেঙা ফল খোৱাটো গুৰুত্বপূৰ্ণ। কাৰণ এনে ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ বাহিৰেও যিহেতু ইয়াত এন্টিঅক্সিডেন্ট বেছি আৰু কেলৰি কম, গতিকে টেঙা ফল খালে আপোনাৰ ওজন কমোৱাত সহায়ক হ’ব।

কেৱল সিজোৱা মাংস, কণী আৰু প্ৰটিন শ্বেক খালে ক্ষীণ হোৱা সম্ভৱ নহয়। ওজন কমাবলৈ মুগু, মচুৰ দাইল খাব লাগে। কাৰণ দালিত আঁহ, ভিটামিন বি, আইৰণ, প্ৰটিন আদি মৌল থাকে। নিয়মিতভাৱে দাইল খালে শৰীৰৰ শক্তি বৃদ্ধি হোৱাই নহয়, ওজনো কমি যায়।

মাছ, মাছেও ওজন কমোৱাত সহায় কৰে। গতিকে মাছ খাব লাগিব। বিশেষকৈ সাগৰীয় মাছে ওজন কমাোৱাত যথেষ্ট সহায় কৰে। ওমেগা ৩ ফেটি এচিডযুক্ত মাছ খালে ওজন কমাবলৈ বহুত সহজ হয়।


গৰমত ঘৰৰ পৰা অফিচলৈ অনা টিফিন বেয়া হৈ যায় নেকি? টিফিনৰ খাদ্য ভালে ৰখাৰ কৌশল শিকি লওক…

ঘৰৰ পৰা অফিচলৈ টিফিন আনিলে খাদ্যৰ সোৱাদ সলনি হয়। এই গৰমত ৰন্ধা খাদ্য বেছি দেৰিলৈকে সতেজ কৰি ৰখাটো সহজ নহয়। কিন্তু যদি কেইটামান কথা মনত ৰাখে, তেন্তে গৰমত খাদ্যৰ অপচয় কম হ’ব। গৰমৰ অৰ্থ হ’ল এশটা সমস্যা একেলগে দেখা দিয়ে। কোনটো সমস্যা সমাধান কৰিব লাগে বহুতে বুজি নাপায়। আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল সিজোৱা খাদ্য ভালে ৰখাৰ। বহু সময় ফ্ৰীজত ৰাখিলেও গৰম হৈ থকা খাদ্যখিনি বেয়া হৈ যায়। কিন্তু যদি কেইটামান কথা মানি চলে, তেন্তে গৰমত খাদ্যৰ অপচয় কম হ’ব-


১) বহুতে গৰম খাদ্য খাই ভাল পায়। গৰমৰ দিনত সেই অভ্যাস নেৰিব। ৰন্ধা দুঘণ্টামানৰ ভিতৰতে খাদ্য খাব। গৰম বতৰত ৰন্ধা খাদ্য বেছি সময় বাহিৰত ৰাখিব নালাগে। গৰম হৈ থকা অৱস্থাতে খাব লাগে।

২) খাদ্য ভালে ৰাখিবলৈ ফ্ৰীজত থোৱাটো জৰুৰী। ঘৰত ফ্ৰীজ নাথাকিলে খাদ্যৰ পাত্ৰটো পানীৰে ভৰা বাচনত ৰাখিব। তেতিয়া নষ্ট হোৱাৰ আশংকা কম।

৩) গৰম খাদ্য ৰন্ধা লগে লগে ফ্ৰীজত ৰাখিব নালাগে। এনে কৰিলে খাদ্য সোনকালে নষ্ট হ’ব পাৰে। খাদ্য সদায় ঠাণ্ডা কৰি ফ্ৰীজত ৰাখিব।

৪) গৰমৰ দিনত বাহি খাদ্য নাখালেই ভাল। এদিনতকৈ অধিক পুৰণি খাদ্য খাব নালাগে। ইতিমধ্যে গ্ৰীষ্মকালত ডায়েৰিয়া হোৱাৰ আশংকা আছে। বাহি খাদ্য খোৱাৰ ফলত সমস্যা আৰু বেছি বেয়া হ’ব পাৰে।


গ্ৰীষ্মকালত এই ছুপাৰফুডসমূহ আপোনাৰ দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত কৰক, গৰমত ঠাণ্ডা হৈ থাকিব শৰীৰ…

গ্ৰীষ্মকালত গৰমৰ বাবে মানুহ বহুত সমস্যাত পৰে। কিছুমান খাদ্য সামগ্ৰী আছে যিয়ে শৰীৰক ঠাণ্ডা কৰি ৰাখে। গ্ৰীষ্মকালত পেটৰ সমস্যা বেছিকৈ হোৱা দেখা যায়। আজি আমি আপোনালোকক কম গৰমৰ দিনত কোনবোৰ খাদ্য গ্ৰহণ কৰিব পাৰি। আমি আপোনালোকক জনাম আজি গ্ৰীষ্মকালত কোনবোৰ খাদ্য গ্ৰহণ কৰিব পাৰি-

গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰখাটো অধিক গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত একাংশ লোকে বহুতো অস্বাস্থ্যকৰ বস্তুও গ্ৰহণ কৰে। সুস্থ হৈ থাকিবলৈ হ’লে স্বাস্থ্যসন্মত খাদ্যাভ্যাস থকাটো অতি প্ৰয়োজনীয়। খাদ্য তালিকাত তৰমুজ আৰু বগৰী অন্তৰ্ভুক্ত কৰিব পাৰে।

শৰীৰটো শীতল কৰি ৰাখিবলৈ মাখন খুবেই প্ৰয়োজনীয়। শৰীৰক হাইড্ৰেটেড কৰি ৰখাত ই আপোনাক বহুত সহায় কৰে। পেট বেয়া হ’লেও খাব পাৰে। পোৰা জিৰা দি মাখন কালে দুগুণ সুফল পাব। সতেজ ধনীয়া পাত আৰু আদাৰ লগত খাব লাগে।

নেমু খাব পাৰে। ই আপোনাক বাহিৰৰ গৰমৰ পৰা ৰক্ষা কৰাত বহুত সহায় কৰে। ইয়াক পানীয় হিচাপেও দৈনিক খাদ্যৰ অংশ কৰি ল’ব পাৰে। ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট উন্নত কৰিবলৈও নেমু খাব লাগে।

এই গ্ৰীষ্মকালত মানুহে আম খাই ভাল পায়। আপোনাৰ শৰীৰৰ তাপ কমাই সতেজতা প্ৰদানৰ কাম কৰে। চালাডতো কেঁচাকৈ খাব পাৰে আম। ই হজম শক্তি বৃদ্ধিতো উপকাৰী।


আজি দেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ৫ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ…

আজি দেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

দেশৰ ১৩ ৰাজ্যৰ ৮৮ সমষ্টিত ভোটগ্ৰহণ।

অসমৰ ৫ সমষ্টিত আজি নিৰ্বাচন।

অসমৰ দৰং-ওদালগুৰি, নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰত আজি ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰাৰ আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

আনহাতে প্ৰতিগৰাকী নাগৰিকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনা সাফল্য

মনত অদম্য ইচ্ছাশক্তি থাকিলে যে সকলো কাম কৰিব পাৰি তাৰেই এক উদাহৰণ হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে ৷জন্মগতভাৱেই মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এইগৰাকী কিশোৰীৰ নাম ধৃতি কংকনা শইকীয়া৷জগত শইকীয়া আৰু জিনুমণি শইকীয়াৰ জীয়ৰি এইগৰাকী মেধাৱী কিশোৰীয়ে মনৰ অদম্য হেপাহ আৰু আত্মবিশ্বাসৰ বাবেই বিগত সময়তো নৃত্য প্ৰদৰ্শণ কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ এগৰাকী নৃত্য শিল্পী হিচাপে সকলোৰে বাবে পৰিচিত ধৃতি কংকনাই সদ্যঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলতো সফলতাৰে উৰ্ত্তীৰ্ণ হৈ সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে ৷ নৃত্য,ছবি অঁকা আদি বিষয়ত পাৰ্গত এইগৰাকী ছাত্ৰীয়ে কাণৰে নুশুনা বা মুখৰে কথা ক’ব বা সুধিব নোৱাৰা স্বত্ত্বেও সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা জামুগুৰিহাটৰে নদুৱাৰ জাতীয় বিদ্যালয়ত সেইসকল ছাত্ৰ ছাত্ৰীৰ লগতেই একেলগে অধ্যয়ন কৰি বিভিন্ন বাধা বিঘিনিকো নেওচি সফলতাৰে উৰ্ত্তীৰ্ণ হোৱাত আনন্দিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে বিদ্যালয় কৰ্তৃপক্ষও৷যাৰবাবে ধৃতিকংকনা এতিয়া সকলোৰে বাবে হৈ পৰিছে নয়নৰ মণি ৷


এগৰাকী নৃত্য পটিয়সী হোৱাৰ লগতে ভৱিষ্যতে অধ্যয়ন কৰি এটি চৰকাৰী চাকৰি কৰাৰ প্ৰৱল ইচ্ছা থকা ছাত্ৰীগৰাকীৰ এই সফলতাৰ আঁৰত পিতৃ মাতৃৰো আছে অশেষ ত্যাগ আৰু কষ্ট ৷ বিদ্যালয়ত নুবুজা বিষয়টো গৃহলৈ উভতি আহি মাতৃৰ সৈতে সেই বিষয়সমুহ আলোচনা কৰে ধৃতিকংকনাই ৷ সতীৰ্থ ছাত্ৰ ছাত্ৰীসকলেও ধৃতিকংকনাক অধ্যয়নৰ দিশত ম’বাইল ৱাটচএপ নতুবা অন্য প্ৰকাৰেও সহায় কৰা কথাও প্ৰকাশ কৰে ধৃতিকংকনাৰ মাতৃয়ে৷যাৰবাবে অশেষ কষ্টৰ অন্তত কন্যাৰ এই ফলাফলত গৌৰাম্বিত পিতৃ মাতৃও৷ এগৰাকী মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনাৰ এই সাহস আৰু আত্মবিশ্বাসে ভৱিষ্যতৰ দিনসমুহতো আগুৱাই যোৱাত সহায় কৰক৷উল্লেখ্য যে চিত্ৰ অংকণ আৰু নৃত্যত পাৰ্গত এইগৰাকী ছাত্ৰীয়ে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫৯ শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হৈছে ৷

ৰিণিকী ভূঞা শৰ্মাৰ উপস্থিতিত বৃহত্তৰ আজাৰা অঞ্চলত এক হাজাৰৰো অধিক মুছলমান লোকৰ বিজেপিত যোগদান

লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো ইটো ৰাজনৈতিক দলৰ পৰা সিটো ৰাজনৈতিক দলত নেতা – কৰ্মীৰ যোগদানৰ যেন ধুম উঠিছে। এইক্ষেত্ৰত সকলোতকৈ আগত আছে বিজেপি দল। বিশেষকৈ ১৯ এপ্ৰিলত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হৈ যোৱা পাঁচখন আসনৰ পাঁচখনেই লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা , অগপৰ সভাপতি অতুল বৰাকে ধৰি মিত্ৰজোটৰ নেতা সকলে দাবী কৰি আহিছে।

তাৰ পাছতেই বাকী থকা আসন কেইখনো যাতে মিত্ৰজোটে লাভ কৰিব পাৰে তাৰ বাবে বিজেপি দলে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আনকি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন কৰিব বুলি কেবাটাও ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত প্ৰচাৰ হৈ থকাৰ মাজতে অান দলৰ পৰা বিজেপি দলত যোগদানৰ ধাৰা অব্যাহত আছে। এই ধাৰা অব্যাহত ৰাখি পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু বৰ্তমানৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ আজাৰা অঞ্চলৰ সংখ্যালঘু বসতি প্ৰধান ধাৰাপুৰ মজলী , বঙৰা ইছলামপুৰ, আজাৰাৰ লোৱাৰ মিৰ্জাপুৰ আৰু হাটখোৱাপাৰাৰ পুৰুষ – মহিলা নিৰ্বিশেষে কংগ্ৰেছ দলৰ নেতা ক্ৰমে – কাচিম আলী, দাদুল আলী, আবেদ আলী, ফাতেজা বেগমৰ নেতৃত্বত প্ৰায় এক হাজাৰৰো অধিক কৰ্মী – সমৰ্থকে আজি বিজেপি দলৰ নীতি – আদৰ্শত আস্থা ৰাখি দলটোত যোগদান কৰে।

এই উপলক্ষে আজাৰা হাটখোৱাপাৰাৰ ঈদগাহ ময়দানত বিজেপিৰ গুৱাহাটী বিমানকোঠ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বিশাল যোগদান সমাৰোহত বিজেপিত যোগদান কৰা সকলক দলীয় টুপী পিন্ধাই আদৰণি জনায় অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী তথা সমাজসেবিকা ৰিণিকী ভূঞা শৰ্মাই। এই উপলক্ষে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আঁত সভাত ভাষণ প্ৰসংগত ৰিণিকী ভূঞা শৰ্মাই আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিক কিয় আমি ভোট দিব লাগে তাৰ বিশদ বাখ্যা দাঙি ধৰি কয় বিৰোধী দলে সমালোচনা কৰাৰ দৰে বিজেপি দলে হিন্দু – মুছলমানৰ ৰাজনীতি নকৰে। কৰে উন্নয়নৰ ৰাজনীতি ।

অৰুণোদয় আচঁনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আদি আঁচনি ৰূপায়ণত বিজেপি চৰকাৰে কোনো ধৰণৰ হিন্দু – মুছলমানৰ ৰাজনীতি কৰা নাই আৰু নকৰে। আনহাতে ৰিণিকী ভূঞা শৰ্মাই আগন্তুক লোকসভাৰ নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰিবলৈও সকলোকে আহ্বান জনায় । সভাত বিজেপিৰ কিষণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য , গুৱাহাটী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি টি ৰাজীৱ আহমেদ , বিমানকোঠ মণ্ডল সমিতিৰ সভাপতি পদ্মেশ্বৰ মজুমদাৰ , মণ্ডল সমিতিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইছলাম আলী, সাধাৰণ সম্পাদক সম্পাদক জেহেৰুল ইছলাম প্ৰমুখ্যে কেবাজনো নেতা উপস্থিত থাকে ।

সভাত কেবাজনও চৰকাৰৰ জনমুখি আঁচনি আৰু উন্নয়নৰ অংশীদাৰ হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক কিদৰে অধিক ভোটত বিজয়ী কৰিব পাৰি তাৰ বাবে হাতে – কামে নামি পৰিবলৈ আহ্বান জনায়। সভাত অঞ্চলটোৰ কেবাজনো জ্যেষ্ঠ নাগৰিক ক্ৰমে – হাজী চাহাবুদ্দিন আহমেদ, মহচিন আলীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। ইফালে ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা , বিজেপি জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰা সভাখন ৰাষ্ট্ৰীয় সংগীতৰে সামৰণি মৰা হয়।

ঢাকাত উন্মোচন ড° ৰীতা চৌধুৰীৰ “Zero Hour” উপন্যাস

বাংলাদেশৰ মুক্তিযুদ্ধৰ আধাৰত ড° ৰীতা চৌধুৰীয়ে লিখা “Zero Hour” উপন্যাসখন শেহতীয়াকৈ চুবুৰীয়া দেশখনৰ ৰাজধানী ঢাকাত উন্মোচন কৰাৰ পাছতেই দেশখনৰ ৰাজনৈতিক আৰু সামাজিক মহলত বিপুল আলোড়নৰ সৃষ্টি হৈছে। আৰু এই আলোড়নৰ মাজতেই বাংলাদেশৰ বৈদেশিক মন্ত্রী হাছান মাহমুদে ‘৭১-ৰ গণহত্যাৰ বাবে পাকিস্তানে বাংলাদেশৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি দাবী জনায়। যোৱা শনিবাৰে ঢাকাত অসমৰ লেখিকা ড° ৰীতা চৌধুৰীয়ে বাংলাদেশৰ মুক্তিযুদ্ধক লৈ লিখা ট্রিলজি উপন্যাস “নেভাৰলেণ্ড- Zero Hour”- ৰ প্রথমখণ্ড “Zero Hour” বৈদেশিক মন্ত্রী হাছান মাহমুদৰ হাতত তুলি দিয়ে। এগৰাকী ভাৰতীয় তথা অসমৰ লেখিকাই বাংলাদেশৰ মুক্তিযুদ্ধৰ ওপৰত এই ধৰণৰ মহাকাব্যিক উপন্যাস লিখা বাবে বৈদেশিক মন্ত্রী হাছান মাহমুদে লেখিকাগৰাকীৰ শলাগ লয়। মন্ত্ৰী গৰাকীয়ে মুক্তিযুদ্ধৰ সময়ত নিজৰ ব্যক্তিগত অনুভৱৰ ওপৰত আলোকপাত কৰি কয় যে বাংলাদেশৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি পাকিস্তানৰ ওচৰত দাবী জনোৱা হৈছে।

বৈদেশিক মন্ত্রী হাছান মাহমুদে কয় যে মুক্তিযুদ্ধৰ সময়ত ভাৰতৰ অৱদানৰ বহু কথা এতিয়াও বাংলাদেশৰ জনসাধাৰণ জ্ঞাত নহয়। সেইবোৰ বিষয় দুই দেশেই জনাটো অতি প্রয়োজন। মাহমুদে আৰু কয় যে, ‘বাংলাদেশৰ নতুন প্রজন্মই “Zero Hour” উপন্যাসখনৰ পৰা বহু তথ্য জানিব পাৰিব।’ তেওঁৰ মতে, ‘বাংলাদেশৰ মুক্তিযুদ্ধৰ এক গুৰুত্বপূর্ণ নথি হ’বলৈ গৈ আছে এই উপন্যাসখন।’

লেখিকা ড° ৰীতা চৌধুৰীয়ে কয়, “স্বাধীন নোহোৱা সময়ত মই এই দেশত উপস্থিত আছিলো আৰু এই দেশখনৰ স্বাধীনতাৰ সময়ত সকলো মুহূর্তৰ মই সাক্ষী আছিলোঁ। বর্তমান মই সেই একেখন স্বাধীন দেশত উপস্থিত থাকি দেশখনত মোৰ এই “Zero Hour” উপন্যাসখন উন্মোচন কৰিবলৈ ওলোৱা এই মুহূর্ত মোৰ বাবে অত্যন্ত আবেগিক। উপন্যাসখনৰ প্রতিটো পৃষ্ঠাত সিঁচৰতি হৈ আছে মোৰ পৰিপক অনুভৱ। নেভাৰলেণ্ড এখন বাংলা উপন্যাস, য’ত নিহিত আছে বহু ৰহস্য, লুকাই থকা সত্য আৰু সাধাৰণ জীৱনৰ বাহিৰৰ এক অন্য মুখ। পৰম্পৰা অনুসৰি ওৰণি লোৱা এটা সম্প্রদায়ব ভিতৰত উপন্যাসখনত প্রতিটো সূত্রই নিজৰ নিজৰ আকা’ক্ষা, অভিযোজন ক্ষমতা আৰু মুক্তিৰ কাহিনী কঢ়িয়াই লৈ ফুৰে। বর্তমান মই এই উপন্যাসৰ প্রথমখণ্ড “Zero Hour” আগবঢ়াইছো। মই চেষ্টা কৰিম ইয়াৰ দ্বিতীয় আৰু তৃতীয় খণ্ড অতি শীঘ্রেই আপোনালোকৰ মাজলৈ আগবঢ়ালৈ।”

ছায়ানট সংস্কৃতি ভৱন, ঢাকা বিশ্ববিদ্যালয়, সম্প্রীতি বাংলাদেশ, বাংলা একাদেমি-তো এই উপন্যাসখনৰ বিষয়ে অৱগত কৰি আলোচনাচক্র অনুষ্ঠিত হয়। লগতে বাতিক্রম মেডিকেল টুৰিজম কনক্লেভতো ড’ ৰীতা চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইতিমধ্যে এই উপন্যাসখন বাংলাদেশত ব্যাপক চর্চাৰ বিষয় হৈ পৰিছে। বাংলাদেশৰ মুক্তিযোদ্ধা হাবিবুল আলমে কয়, ‘কোনো এগৰাকী বিদেশীয়ে মুক্তিযুদ্ধক লৈ এনেকুৱা এখন কিতাপ লিখাটো এয়াই প্রথম। এই বিষয়টো কিমান গভীৰ আৰু বিস্তৃত, তাত অসমে কিমান ডাঙৰ ভূমিকা পালন কৰিবলৈ গৈ আছে, তাৰ ইঙ্গিতখিনিয়েই তেওঁ দিছে। মুক্তিযুদ্ধক লৈ কিবা লিখিবলৈ গ’লে অৱশ্যেই তাৰ চৰ্ত হৈছে, আপুনি অন্তৰৰ পৰা কান্দিব লাগিব। বীতাৰ সেই ক্রন্দন আৰু গৱেষণা দুটাই আমি অনুভৱ কৰোঁ।’