Breaking

ঢাকাত উন্মোচন ড° ৰীতা চৌধুৰীৰ “Zero Hour” উপন্যাস

0 12

বাংলাদেশৰ মুক্তিযুদ্ধৰ আধাৰত ড° ৰীতা চৌধুৰীয়ে লিখা “Zero Hour” উপন্যাসখন শেহতীয়াকৈ চুবুৰীয়া দেশখনৰ ৰাজধানী ঢাকাত উন্মোচন কৰাৰ পাছতেই দেশখনৰ ৰাজনৈতিক আৰু সামাজিক মহলত বিপুল আলোড়নৰ সৃষ্টি হৈছে। আৰু এই আলোড়নৰ মাজতেই বাংলাদেশৰ বৈদেশিক মন্ত্রী হাছান মাহমুদে ‘৭১-ৰ গণহত্যাৰ বাবে পাকিস্তানে বাংলাদেশৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি দাবী জনায়। যোৱা শনিবাৰে ঢাকাত অসমৰ লেখিকা ড° ৰীতা চৌধুৰীয়ে বাংলাদেশৰ মুক্তিযুদ্ধক লৈ লিখা ট্রিলজি উপন্যাস “নেভাৰলেণ্ড- Zero Hour”- ৰ প্রথমখণ্ড “Zero Hour” বৈদেশিক মন্ত্রী হাছান মাহমুদৰ হাতত তুলি দিয়ে। এগৰাকী ভাৰতীয় তথা অসমৰ লেখিকাই বাংলাদেশৰ মুক্তিযুদ্ধৰ ওপৰত এই ধৰণৰ মহাকাব্যিক উপন্যাস লিখা বাবে বৈদেশিক মন্ত্রী হাছান মাহমুদে লেখিকাগৰাকীৰ শলাগ লয়। মন্ত্ৰী গৰাকীয়ে মুক্তিযুদ্ধৰ সময়ত নিজৰ ব্যক্তিগত অনুভৱৰ ওপৰত আলোকপাত কৰি কয় যে বাংলাদেশৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি পাকিস্তানৰ ওচৰত দাবী জনোৱা হৈছে।

বৈদেশিক মন্ত্রী হাছান মাহমুদে কয় যে মুক্তিযুদ্ধৰ সময়ত ভাৰতৰ অৱদানৰ বহু কথা এতিয়াও বাংলাদেশৰ জনসাধাৰণ জ্ঞাত নহয়। সেইবোৰ বিষয় দুই দেশেই জনাটো অতি প্রয়োজন। মাহমুদে আৰু কয় যে, ‘বাংলাদেশৰ নতুন প্রজন্মই “Zero Hour” উপন্যাসখনৰ পৰা বহু তথ্য জানিব পাৰিব।’ তেওঁৰ মতে, ‘বাংলাদেশৰ মুক্তিযুদ্ধৰ এক গুৰুত্বপূর্ণ নথি হ’বলৈ গৈ আছে এই উপন্যাসখন।’

লেখিকা ড° ৰীতা চৌধুৰীয়ে কয়, “স্বাধীন নোহোৱা সময়ত মই এই দেশত উপস্থিত আছিলো আৰু এই দেশখনৰ স্বাধীনতাৰ সময়ত সকলো মুহূর্তৰ মই সাক্ষী আছিলোঁ। বর্তমান মই সেই একেখন স্বাধীন দেশত উপস্থিত থাকি দেশখনত মোৰ এই “Zero Hour” উপন্যাসখন উন্মোচন কৰিবলৈ ওলোৱা এই মুহূর্ত মোৰ বাবে অত্যন্ত আবেগিক। উপন্যাসখনৰ প্রতিটো পৃষ্ঠাত সিঁচৰতি হৈ আছে মোৰ পৰিপক অনুভৱ। নেভাৰলেণ্ড এখন বাংলা উপন্যাস, য’ত নিহিত আছে বহু ৰহস্য, লুকাই থকা সত্য আৰু সাধাৰণ জীৱনৰ বাহিৰৰ এক অন্য মুখ। পৰম্পৰা অনুসৰি ওৰণি লোৱা এটা সম্প্রদায়ব ভিতৰত উপন্যাসখনত প্রতিটো সূত্রই নিজৰ নিজৰ আকা’ক্ষা, অভিযোজন ক্ষমতা আৰু মুক্তিৰ কাহিনী কঢ়িয়াই লৈ ফুৰে। বর্তমান মই এই উপন্যাসৰ প্রথমখণ্ড “Zero Hour” আগবঢ়াইছো। মই চেষ্টা কৰিম ইয়াৰ দ্বিতীয় আৰু তৃতীয় খণ্ড অতি শীঘ্রেই আপোনালোকৰ মাজলৈ আগবঢ়ালৈ।”

ছায়ানট সংস্কৃতি ভৱন, ঢাকা বিশ্ববিদ্যালয়, সম্প্রীতি বাংলাদেশ, বাংলা একাদেমি-তো এই উপন্যাসখনৰ বিষয়ে অৱগত কৰি আলোচনাচক্র অনুষ্ঠিত হয়। লগতে বাতিক্রম মেডিকেল টুৰিজম কনক্লেভতো ড’ ৰীতা চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইতিমধ্যে এই উপন্যাসখন বাংলাদেশত ব্যাপক চর্চাৰ বিষয় হৈ পৰিছে। বাংলাদেশৰ মুক্তিযোদ্ধা হাবিবুল আলমে কয়, ‘কোনো এগৰাকী বিদেশীয়ে মুক্তিযুদ্ধক লৈ এনেকুৱা এখন কিতাপ লিখাটো এয়াই প্রথম। এই বিষয়টো কিমান গভীৰ আৰু বিস্তৃত, তাত অসমে কিমান ডাঙৰ ভূমিকা পালন কৰিবলৈ গৈ আছে, তাৰ ইঙ্গিতখিনিয়েই তেওঁ দিছে। মুক্তিযুদ্ধক লৈ কিবা লিখিবলৈ গ’লে অৱশ্যেই তাৰ চৰ্ত হৈছে, আপুনি অন্তৰৰ পৰা কান্দিব লাগিব। বীতাৰ সেই ক্রন্দন আৰু গৱেষণা দুটাই আমি অনুভৱ কৰোঁ।’

Leave A Reply