Home Blog Page 858

কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ৫ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ…

কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰিত ভোটগ্ৰহণ। ৭৭ লাখ ২৬ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

৯,১৩৩টা ভোটকেন্দ্ৰত সম্পন্ন হ’ব ভোটগ্ৰহণ।

জাতিটোৰ ভৱিষ্যতৰ বাবে বিজেপিক ভোটদান কৰকঃ আইমী বৰুৱা


আমাৰ পৰিয়ালটোক যিখিনি আশীৰ্বাদ কৰিছে, আপোনালোকৰ বাবে আজি যিখিনি পাইছো, তাৰ ধাৰ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো। মাত্ৰ অতি গৌৰৱেৰে কওঁ যে আপোনালোকৰ পৰিয়ালৰ এটা অংশ হৈ আছিলো, আছো আৰ সদায় থাকিম। – এই মন্তব্য মোহময়ী অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্নী আইমী বৰুৱাৰ। আজি জাগীৰোডত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পত্নী তথা অভিনেত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ আৰু কয় যে যেতিয়াই শুনিছো কাৰোবাৰ ঘৰত কিবা অসুবিধা হৈছে, মাতষাৰ লগাবলৈ চেষ্টা কৰিছো। কোনোবা ঢুকাইছে মাতষাৰ লগাইছো, কাৰোবাৰ বিয়া হৈছে মাতষাৰ লগাইছো।

এইখিনি কাম এইবাবেই কৰো কাৰণ আমি নিজকে আপোনালোকৰ পৰিয়াল বুলি ভাবো। স্বামীৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে আপোনালোকক লৈ যি সপোন তেখেতৰ, যিধৰণে আগুৱাই যাব খোজে, সেইখিনি শুনাৰ পাছত নিজেও জাগীৰোডবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছো। সভাত ৰাইজৰ বিপুল উপস্থিতি সঁহাৰি-সমৰ্থন সেয়া দেখি অভিনেত্ৰীগৰাকীয়ে কয় যে এই উপস্থিতিয়ে প্ৰমাণ কৰি দিছে যে ৰাইজ কাৰ লগত আছে। এই বিষয়ে নতুনকৈ একো ক’বলগীয়া নাই বুলি অভিনেত্ৰীগৰাকীয়ে কয়। নিৰ্বাচনৰ সময়ত তেওঁ সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে আমি সকলোৱে বিজেপিক সমৰ্থন কৰো যদিও নিৰ্বাচনৰ সময়ত আমি সদায় একেখিনি ভুল কৰো যে আমি সকলোৱে ভোট দিবলৈ নাযাওঁ, কাৰোবাক নহয় কাৰোবাক ঘৰ ৰখীয়া কৰি থৈ ভোট দিবলৈ যাওঁ।

আপোনালোকে এইবাৰ এই ভুল নকৰিব। এনেকুৱা কৰিলে এজন এজন ঘৰ ৰখীয়া গৈ ১০০ জন ঘৰ ৰখীয়াৰ ভোট লাভৰ পৰা আমি বঞ্চিত হওঁ আৰু সেই ১০০ জন ঘৰ ৰখীৰ ভোটকেইটা নোপোৱাৰ বাবে হয়তো আমি নিবিচৰা এজন প্ৰাৰ্থী জয়ী হয় অহা ৫ টা বছৰৰ বাবে। ফলত কাম নকৰা এজন লোক নিৰ্বাচিত হোৱাৰ ফলত পাঁচটা বছৰে আমি হা-হুমুনিয়াহ কাঢ়ি থাকিব লাগিব। সেয়ে তেওঁ এইবাৰ কাকো ভোটটো পিছত দিম বুলি ৰৈ নাথাকিবলৈ আহ্বান জনায়। তেওঁ প্ৰত্যককে নিজৰ নিজৰ ধুনীয়া ৰাস্তাটোৰ নামত, নিজৰ নিজৰ ধুনীয়া মথাউৰিটোৰ নামত, নিজৰ নিজৰ লৰা-ছোৱালীয়ে পইচা নিদিয়াকৈ পোৱা চাকৰিটোৰ নামত, নিজৰ নিজৰ লৰা-ছোৱালীৰ ভৱিষ্যতৰ নামত, অনুষ্ঠানৰ নামত, জাতিটোৰ ভৱিষ্যতৰ নামত অভিনেত্ৰীগৰাকীয়ে বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

শিলচৰ আৰু কৰিমগঞ্জত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত জন সভা, বাইক ৰেলীত যোগদান সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মোদী চৰকাৰৰ এক্ট ইষ্ট নীতিৰ কাৰ্যকাৰিতাক প্ৰশংসা কৰাৰ লগতে এই নীতিৰ আধাৰত উত্তৰ-পূব ভাৰত আৰু বাংলা দেশৰ মাজত জলসংযোগ বৃদ্ধি, সামগ্ৰীৰ পৰিবহণ বৃদ্ধি আৰু দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ত্বৰান্বিত হোৱাৰ কথাব্যক্ত কৰে। তেখেতে কয় যে ভাৰত আৰু বাংলাদেশে সৌহাৰ্দ্যপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিছে। নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ ফলশ্ৰুতিতেই ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট (আইবিপিআৰ)ৰ পুনৰুজ্জীৱিতকৰণ হৈছে, যাৰ যোগেদি অসম বিশেষকৈ উপকৃত হৈছে। এই দীঘলীয়া নদীপথছোৱা মুকলি কৰাৰ ফলত ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ অপৰিসীম সম্ভাৱনাৰ সৃষ্টি হৈছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ক্ৰমে কৃপানাথ মাল্লা আৰু পৰিমল শুক্ল বৈদ্যৰ বাবে কৰিমগঞ্জ আৰু শিলচৰত প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতে ২০৩০ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশে ধাৱমান হৈছে।

দেশৰ এই অমৃত কালত এক্ট ইষ্ট নীতিৰ জৰিয়তে উত্তৰ-পূব ভাৰতক দক্ষিণ-পূব এছিয়াৰ এক আগশাৰীৰ অঞ্চল হিচাপে জিলিকাই তুলিবলৈ বিজেপি চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। বাংলাদেশ আৰু ওচৰ-চুবুৰীয়া দেশৰ সৈতে সুসম্পৰ্ক স্থাপনেৰে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক বিকাশক শক্তি প্ৰদান কৰিবলৈ ‘এক্ট ইষ্ট’ নীতি ক্ষিপ্ৰতাৰে প্ৰয়োগ কৰি থকা হৈছে। সমগ্ৰ অঞ্চলটোত জলপথৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে, ভূটানৰ বহু সামগ্ৰীও অসম হৈ বাংলাদেশলৈ ৰপ্তানি হৈছে। বৰাক উপত্যকাৰ বাংলাদেশৰ সৈতে থকা সমৃদ্ধ ঐতিহাসিক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত আমি কৰিমগঞ্জ আৰু বদৰপুৰ টাৰ্মিনেলৰ উন্নীতকৰণৰ জৰিয়তে এই অঞ্চলৰ আভ্যন্তৰীণ জলপথবোৰ পুনৰুজ্জীৱিত কৰিছোঁ। সময়, ধন আৰু ভ্ৰমণ ব্যয় হ্ৰাস কৰাৰ বাবে এনডিএ চৰকাৰে ‘কালাদান মাল্টি ম’ডেল প্ৰকল্প’ নিৰ্মাণৰকামকৰিআছে, যিয়ে ম্যানমাৰ আৰু মিজোৰাম হৈ কলকাতা আৰু বৰাক উপত্যকাৰ মাজৰ দূৰত্ব যথেষ্ট হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰী বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ ১৬ হিচাপে ঘোষণা কৰাৰ পাছত আমি ইয়াৰ সৰ্বাংগীত বিকাশৰ প্ৰচেষ্টা হাতত লৈছোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত অৱহেলিত হৈ পৰি থকা বৰাক উপত্যকাক ভাৰতৰ নদীকেন্দ্ৰিক অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰবিন্দু কৰাৰ পৰিকল্পনা আছে, যিয়ে ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বাণিজ্যিক বিকাশৰ এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰিব।” সৰ্বানন্দ সোণোৱালে অঞ্চলটোৰ জীৱন ৰেখা হিচাপে বৰাক নদীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে আৰু অৰ্থনৈতিক বিকাশত ইয়াৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে দোহাৰে। তেওঁ বৰাক উপত্যকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ কথাও উল্লেখ কৰে। শেহতীয়াকৈ আভ্যন্তৰীণ জল পৰিবহণৰ (আইডব্লিউটি) জৰিয়তে ৰপ্তানিৰ হাৰ যথেষ্ট বৃদ্ধি হৈছে বুলিও ব্যক্ত কৰে সোণোৱালে। সোণোৱালে ৰাইজক উদ্দেশ্যে কয়, “মোদী চৰকাৰে বৰাক উপত্যকাৰ বাট-পথ, যাতায়াত-যোগাযোগৰ উন্নয়নৰ বাবে ১০,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে, যাৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থাত অভূতপূৰ্ব বিকাশ পৰিলক্ষিত হৈছে।” কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সৰ্বানন্দ সোণোৱালে কয়, “বৰাক উপত্যকাৰ জনসাধাৰণ কংগ্ৰেছ চৰকাৰৰ ছয় দশকৰ অপশাসনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

কংগ্ৰেছৰ উদাসীনতা আৰু অৱহেলাৰ বাবে ইয়াৰ লোকসকলে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছিল। কংগ্ৰেছৰ কুশাসন অবাধ দুৰ্নীতি, স্বজন-তোষণ আৰু বিভাজনেৰে আৱৰি আছিল। আমি সকলোৱে সমগ্ৰ বৰাক উপত্যকাৰ ৰাস্তাবোৰৰ বিধ্বস্ত অৱস্থা দেখিছিলোঁ। কংগ্ৰেছ চৰকাৰে কেতিয়াও এই অঞ্চলটোৰ সুযোগ-সম্ভাৱনাৰ অন্বেষণত গুৰুত্ব দিয়া নাছিল, যাৰ ফলত অৰ্থনৈতিক স্থৱিৰতা, নিবনুৱা সমস্যা আৰু দুৰ্নীতি তথা আন নানা জ্বলন্ত সমস্যাই গা কৰি উঠিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনেহে বৰাক উপত্যকাৰ পৰিৱেশ সম্পূৰ্ণ সলনি কৰিলে। আজি সমগ্ৰ দেশতে ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন’ৰ চিন্তা কাৰ্যকৰী কৰা হৈছে, য’ত বৰাক উপত্যকাৰ দৰে অঞ্চলসমূহতো বিশেষ গুৰুত্ব দিয়া হৈছে। এক্ট ইষ্ট নীতি ৰূপায়ণৰ লগে লগে ভাৰত আৰু বাংলাদেশৰ মাজত দ্বি-পাক্ষিক বাণিজ্য বৃদ্ধিৰ লগতে অন্যান্য বিবিআইএন দেশসমূহৰ লগতো বিভিন্ন সুযোগ সৃষ্টি হৈছে। আভ্যন্তৰীণ জলপথ পৰিবহণ (আইডব্লিউটি)ৰ জৰিয়তে বিত্তীয় বৰ্ষ ২০২১-২২ৰ তুলনাত ২২-২৩ বৰ্ষত ৰপ্তানি ৪০০% তকৈওঅধিকবৃদ্ধিহৈছে, যাৰ পৰিমাণ হৈছে ৯৯৮৭ মেট্ৰিক টন। এই প্ৰচেষ্টাসমূহৰ ফলত বৰাকৰ জনসাধাৰণৰ উন্নয়নৰ আশা ভালেখিনি পূৰণ হৈছে। আজি শিলচৰলৈ চলা ৰে’লৰ সংখ্যাও বৃদ্ধি পাইছে। শিলচৰত অত্যাধুনিক ইউনানী চিকিৎসালয়ো স্থাপন কৰা হৈছে।”

সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ অধীনত ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ফুলামপুৰ হাইস্কুললৈ ৫.৭০ লাখ টকাৰ অনুদান ।


“ৰছেল টি ইণ্ডিয়া লিমিটেডে”সামাজিক দায়বদ্ধতা । অসমৰ চাহ কোম্পানী সমূহৰ এটা অন্যতম আগশাৰীৰ কোম্পানী “ৰছেল টি ইণ্ডিয়া লিমিটেডে”সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ অধীনত লাহোৱালৰ মদাৰখাত অঞ্চলত অৱস্থিত চৰকাৰী -বেচৰকাৰী শিক্ষানুষ্ঠানসমূহলৈ সময়ে সময়ে অনুদান আগবঢ়াই আহিছে ৷ পূৰ্বৰ দৰে এইবাৰো ৰ’ছেল টি ইণ্ডিয়া লিমিটেডৰ অধীনত পৰিচালিত ৰমাই চাহ বাগিছাই ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ফুলামপুৰ হাইস্কুললৈ ৫.৭০লাখ পুঁজিৰে ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয়লৈ ৩৩যোৰ বেঞ্চ ডেস্ক, এটা প্ৰিন্টাৰ আৰু তিনিখন গ্ৰীণ বৰ্ড প্ৰদান কৰাৰ লগতে ফুলামপুৰ হাইস্কুললৈ শ্ৰেণী কোঠাসমূহৰ চিলিং ,টিনপাত আৰু এটা বাৰাণ্ডা নিৰ্মাণৰ বাবে টিন আৰু লোহাও অনুদান হিচাপে আগবঢ়াই বুলি জানিব পৰা গৈছে ৷

ইয়াৰ উদ্দেশ্য আজি ফুলামপুৰ হাইস্কুলৰ পেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয় ৷ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ফুলামপুৰ হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ক্ষুদ্ৰেশ্বৰ গোহাঁয়ে সভাপতিত্ব কৰা আৰু ফুলামপুৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিয়ন্তা গোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে ফুলামপুৰ হাইস্কুলৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী জনক গোহাঁই, ৰ’ছেল টি ইণ্ডিয়া লিমিটেডৰ উপাধ্যক্ষ জে এচ চাহাল ,,ৰমাই চাহ বাগিছাৰ পৰিচালক অংকুৰ চক্ৰৱৰ্তী,উপ পৰিচালক অমৰজিত সিং বুমৰাহ ,ৰমাই চাহ বাগিছাৰ কল্যাণ বিষয়া ৰিতম শৰ্মা,ৰমাই চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ গগৈ ,যুৱ সাংবাদিক সন্থা,অসমৰ সাধাৰণ সম্পাদক তথা স্থানীয় সাংবাদিক কাঞ্চনজ্যোতি গোহাঁই ,ৰমাই গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰতি চেতিয়া,মটক স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্যা পদ্মাৱতী গগৈ,ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ বুঢ়াগোহাঁই,ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কল্যাণ কুমাৰ গগৈ,অনিৰুদ্ধদেৱ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অম্বিকা সেনাপতি ,সমাজকৰ্মী প্ৰশান্ত গগৈ,কুশল গোহাঁই,জেউতি গোহাঁইকে প্ৰমুখ্যে কৰি কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

অতি মনোজ্ঞপূৰ্ণ সভাখনিত বিশিষ্ট ব্যক্তিসকলৰ চিনাকি পৰ্ব আৰু সম্বন্ধনাৰ অন্তত সভাৰ আৰম্ভণিতে বোলন গগৈৰ পৰিচালনাৰে বিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা এটি সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে ক্ৰমান্বয়ে বিদ্যালয়ৰ ছাত্ৰীসকলে ঝুমইৰ নৃত্য ,জেং বিহু আৰু সৃষ্টিমূলক নৃত্য পৰিৱেশন কৰে ৷ ইয়াৰ পিছতে ৰ’ছেল টি ইণ্ডিয়া লিমিটেডৰ উপাধ্যক্ষ জে এচ চাহালৰ লগতে ৰমাই চাহ বাগিছাৰ পৰিচালক অংকুৰ চক্ৰৱৰ্তীয়ে ভাষণ প্ৰদান কৰি কয় যে -দীৰ্ঘদিনৰ পৰা ৰ’ছেল টি ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ অধীনত ৰাজহুৱা অনুষ্ঠানসমূহলৈ সামান্যতম সহযোগিতা আগবঢ়াই আহিছে ৷ পূৰ্বেও ৰ’ছেল টি ইণ্ডিয়া লিমিটেডৰ অধীনত পৰিচালিত ৰমাই চাহ বাগিছাৰ তৰফৰ পৰা বৃহত্তৰ মদাৰখাত অঞ্চলৰ কেইবাখনো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানলৈ অনুদান আগবঢ়োৱা হৈছে । বিগত বছৰবোৰৰ দৰে এইবাৰো ৰ’ছেল টি ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ শিতানত ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ফুলামপুৰ হাইস্কুললৈ ৫.৭০লাখ টকাৰ অনুদিত পুঁজিৰে বিদ্যালয় দুখনৰ প্ৰয়োজনীয় আচ বাব সমূহ প্ৰদান কৰা হৈছে ৷

লগতে ভবিষ্যতলৈ পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে ৷ একে অনুষ্ঠানতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফুলামপুৰ হাইস্কুলৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱা দুই কৃৰ্তিমান ছাত্ৰ-ছাত্ৰী উপাসনা গোহাঁই আৰু অংশুমান গোহাঁইকো বিদ্যালয়ৰ তৰফৰ পৰা সম্বন্ধনা জ্ঞাপন কৰা হয় ৷বিশিষ্ট ব্যক্তিসকলে প্ৰদান কৰা সৌজন্যমূলক বক্তৃতাৰ অৰ্ন্তত গাম্ভীৰ্যপূৰ্ণ সভাখনিত ফুলামপুৰ হাইস্কুলৰ সহ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে -শংকৰ বৰপাত্ৰ,হেমন্ত দত্ত,ৰীতা সোণোৱাল,সৃষ্টিটা চেতিয়া গগৈ,বন্দনা গোহাঁই বিদ্যালয়খনৰ কৰ্মচাৰী মৃণাৰাম গগৈৰ লগতে ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন বৰপাত্ৰ,সহ শিক্ষক -শিক্ষয়িত্ৰী উত্তম গগৈ ,হিমাদ্ৰী কাকতি ,অনন্যা চক্ৰৱৰ্তী,চৰিত্ৰ গগৈ,হৃদয় কুমাৰ সেনাপতিৰ লগতে বিদ্যালয়খনা কৰ্মচাৰী বৃন্দাবন গগৈও উপস্থিতিৰ লগতে দুয়োখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতিত সভাপতিৰ মন্তব্যৰ পিছতে মনোজ্ঞ অনুষ্ঠানটো সফলভাৱে সামৰণি পৰে ৷

বিশিষ্ট সাহিত্যিক ‘ ৰঞ্জু হাজৰিকা’লৈ নন্দন কাননৰ ষষ্ঠ সংখ্যক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা ঘোষণা

ৰাজ্যখনৰ জনপ্ৰিয় ৰহস্য আৰু শিশু সাহিত্যিক ৰঞ্জু হাজৰিকালৈ আগবঢ়োৱা হৈছে শোণিতপুৰ জিলাৰ নন্দন কাননৰ ষষ্ঠ সংখ্যক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা। অহা ১১ মে তাৰিখে সন্ধিয়া ৭ বজাত নন্দন কানন সংগীত বিদ্যালয়ৰ বিশেষ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীক ২০২৪ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাটি প্ৰদান কৰা হ’ব।

বিহগুৰি মৌজাৰ টুমুকী গাঁ‌ৱৰ ‘যুৰীয়া আহত প্ৰাথমিক বিদ্যালয়’ৰ ৰংগমঞ্চৰ ৰঙালী বিহু সন্মিলনৰ মঞ্চত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে, কেইবা দশক ধৰি অসমীয়া সাহিত্যত ৰহস্য উপন্যাস সৃষ্টিৰে ৰহস্য সম্ৰাট হিচাপে খ্যাতি লাভ কৰা বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাই ধাৰাবাহিক ভাৱে সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। পশ্চিম তেজপুৰৰ অন্যতম প্ৰাচীন শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান নন্দন কানন সংগীত বিদ্যালয়ে উল্লিখিত বঁটা দ্বিবাৰ্ষিক হিচাপে ২০১৪বৰ্ষৰ পৰা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজকৰ্মীলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক আগবঢ়াই আহিছে। এই বঁটাত মান পত্ৰ, ফুলাম গামোচা, জাপি, চেলেং স্মাৰক আৰু নগদ ২০ হেজাৰ টকা প্ৰদান কৰা হয়।

২০১৪ বৰ্ষত বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী,২০১৬ বৰ্ষত সুলেখক আৰু চিন্তাবিদ ময়ূৰ বৰা,২০১৮ বৰ্ষত বিশিষ্ট সাংবাদিক তথা বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা ২০২০ বৰ্ষত গণশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ২০২২ বৰ্ষত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হৈছিল বুলি সংবাদ বিবৃতিত উল্লেখ কৰিছে নন্দন কানন সংগীত বিদ্যালয়ৰ প্ৰচাৰ সম্পাদক অনুপ অসমীয়াই।

বিহুবৰ চাহ বাগিছাৰ সীমান্তৱৰ্তী অঞ্চলৰ নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি…

দিখৌ বিপদসীমাৰ ওপৰেৰে বৈছে জলপৃষ্ঠ | বিহুবৰ চাহ বাগিছাৰ সীমান্তৱৰ্তী অঞ্চলৰ নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংক সৃষ্টি হৈছে | নগা পাহাৰত হোৱা অত্যাধিক বৰষুণৰ ফলত আজি ফেনে ফুটোকাৰে বাঢ়ি আহিছে বৰলুইতৰ অন্যতম উপনদী দিখৌ |

দিখৌনৈৰ বুকুত পাহাৰৰ পৰা উটি অহা খৰি ধৰাত ব্যস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজ সকল | শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং |

ভাগিল দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী দলং |সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ |দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলংখন |ত্ৰিশূল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে চলাইছে নিৰ্মাণকাৰ্য |

বাক্সাত ২৪ ঘন্টা পাৰ নহওঁতেই গ্ৰেপ্তাৰ দুই হত্যাকাৰীক…

বাক্সাত আৰক্ষীৰ তৎপৰতা। ২৪ ঘন্টা পাৰ নহওঁতেই গ্ৰেপ্তাৰ দুই হত্যাকাৰীক।

মংগলবাৰে নিশা বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত পাখামাৰাত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড।

চুৰিকাঘাত কৰি হত্যা কৰিছিল ৰমনী বৈশ্য নামৰ এজন যুৱকক। আহত হৈছিল ৰাকেশ লাহাৰী নামৰ আন এজন যুৱক।

শিৱসাগৰৰ জয়সাগৰত ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ লোহা ! কথমপি ৰক্ষা পৰিল পথচাৰী…

শিৱসাগৰত ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ লোহা । ভয়ংকৰ দুৰ্ঘটনাৰ কথমপি ৰক্ষা পৰিল পথচাৰী। বুধবাৰে সংঘটিত এই ঘটনা। বলিয়াঘাট জি জি এছ ১ ৰ খৰাগড়লৈ AS 20 2114 নম্বৰৰ এখন ট্ৰেলাৰে কঢ়িয়াই নিছিল অ এন জি চিৰ বৃহৎ আকাৰৰ পাইপ ।

বৃহৎ পাইপ বান্ধি নিনিয়াৰ ফলতেই জয়সাগৰ তিনিআলিত ট্ৰেলাৰখনৰ পৰা চলন্ত অৱস্থাতে পাইপডাল বাগৰি পৰি পথৰ দাঁতিৰ এটা বৈদ্যুতিক খুটা মহতিয়াই লৈ যায় ।

ঘটনাটোত কোনোলোক হতাহত হোৱা নাই যদিও অ এন জি চি কৰ্তৃপক্ষৰ ভুলৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ।পাইপ কঢ়িয়াই নিয়া ট্ৰেলাৰখনৰ ফিটনেচৰ ম্যাদ উকলাৰ পাছতো ব্যবহাৰ কৰি আছে অ এন জি চি কৰ্তৃপক্ষই।

সমষ্টি দখলৰ বাবে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ অংক…

দৰং-ওদালগুৰি লোকসভা সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। এই লোকসভা সমষ্টিটোত এইবাৰ বিজেপি,কংগ্রেছ আৰু বিপিএফ মাজত হৈছে তিনিকোণীয়া যুঁজ।

একেৰাহে পঞ্চমবাৰৰ বাবে এই সমষ্টিটো দখলৰ চেষ্টা চলাইছে বিজেপিয়ে।

সমষ্টি দখলৰ বাবে কংগ্ৰেছৰ অংক কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ ।

ৰঙিয়াত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ টোল-ফ্ৰী নম্বৰ মুকলি…

অহা ২৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া অসমৰ দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচন ।মহকুমা বিষয়া ( অসামৰিক) আৰু ৰঙিয়া নির্বাচনী বিষয়াৰ কার্যালয়ত টোল-ফ্রী নম্বৰ ১৯৫০ আৰু মোবাইল নম্বৰ ৮৮৭৬০-৮০৪১৯ৰ জৰিয়তে

জনসাধাৰণৰ যিকোনো সমস্যা সমাধানৰ বাবে যিকোনো সময়ৰ বাবে নিয়ন্ত্রণ কক্ষ আৰু অভিযোগ নিৰাময় ব্যৱস্থা সক্ৰিয় কৰা হৈছে। মুঠ ৪৭৬টা ভোটকেন্দ্র স্থাপন কৰা হৈছে। যাৰ ২৫২টা ভোটকেন্দ্র ৩১নং ৰঙিয়া বিধানসভা

সমষ্টিৰ অন্তর্গত আৰু ২২৪টা ভোটকেন্দ্র ৩২নং কমলপুৰ বিধানসভাৰ সমষ্টি অন্তর্গত হোৱাৰ লগতে ২৬২টা কেন্দ্রত কৰা হ’ব ৱেবকাষ্টিং ।