Home Blog Page 866

চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…

বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী, চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ লক্ষীধৰ বৰা দেউৰীয়ে(৯০) কালি বাৰ্ধক্যজনিত কাৰণত চিচিবৰগাঁওস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। চিচিবৰগাঁও গাই দেউৰী গাঁৱৰ নিবাসী তথা চিচিবৰগাঁও মৌজাৰ পূৰ্বৰ মৌজাদাৰ প্ৰয়াত শশীধৰ দেউৰীৰ পুত্ৰ লক্ষীধৰ বৰা দেউৰী চিচি গাইদেউৰী গাঁৱত জন্ম হৈছিল। বৃটিছ শাসনৰ সময়ত বৰ্তমানৰ জোনাইত অৱস্থিত ‘আসাম টিম্বাৰ ডিপ’ নামৰ কাঠৰ মিলত কৰ্মৰত তেখেতৰ পিতৃৰ লগতে থাকি জোনাইস্থিত মুৰ্কংচেলেক প্ৰাথমিক বিদ্যালয় ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা পাচত ডিব্ৰুগড় চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু কটন কলেজৰ পৰা বি এছ চি পাছ কৰি ভাৰতীয় খাদ্য নিগমৰ বিষয়া হিচাপে যোগদান কৰিছিল যদিও সেই চাকৰি এৰি নাগালেণ্ডত উপ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিছিল।

সেই পদো বাদ দি বৰা দেউৰীয়ে বৰ্তমানৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক ৰূপে যোগদান কৰে। অৱশেষত শিক্ষকতাও বাদ দি ১৯৭১ চনৰ পৰা চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ হিচাপে কৰ্মৰত হয়। মাজতে ১৯৭৯ চনত জোনাই বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল যদিও নিৰ্বাচনত পৰাজয় বৰণ কৰে। চিচিবৰগাঁও অঞ্চলৰ উল্লেখনীয় অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছিল। চিচিবৰগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি, চিচি চাৰিআলি মধ্য ইংৰাজী বিদ্যালয় আৰু চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতিৰ দ্বায়িত্ব পালন কৰি অঞ্চলটোত শিক্ষানুষ্ঠান স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্যক্তিজন চিচিবৰগাঁও সাহিত্য সভা, চিচিবৰগাঁও উন্নয়ন সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত হৈ অঞ্চলটোৰ উন্নয়নৰ বাবে চেষ্টা কৰিছিল।

কালি লক্ষীধৰ বৰা দেউৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে অসমৰ বিভিন্ন ঠাইত থকা সমাজকৰ্মীজনৰ আত্মীয়-স্বজন আৰু স্থানীয় লোকসকল আহি চিচিবৰগাঁওস্থিত তেওঁৰ বাসগৃহত উপস্থিত হয়হি। কালি সন্ধিয়াৰ পূৰ্বে দেউৰী জনগোষ্ঠীয় নীতি-নিয়মৰ মাজেৰে চিচিবৰগাঁৱতে শেষকৃত্য কৰা হয়। চিৰ কুমাৰ ব্ৰত গ্ৰহণ কৰা লক্ষীধৰ বৰা দেউৰীৰ ভতিজাকে খুৰাকৰ মুখাগ্নি কৰে। লক্ষীধৰ বৰা দেউৰীৰ মৃত্যুত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী ভৈৰৱ দেউৰী, সাধাৰণ সদস্য দেৱকান্ত দেউৰী,চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পূণ্যেশ্বৰী শইকীয়া, চিচিবৰগাঁও উন্নয়ন সমিতিৰ সভাপতি মৃদু পৱন চুতীয়া, চিচিবৰগাঁও সাহিত্য সভাৰ সভাপতি দিগন্ত ভূঞা, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মিন্টু চুতীয়া আদিৰ লগতে দেউৰী ছাত্র সন্থা, জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, নাথ যোগী ছাত্ৰ সন্থা, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অঞ্চলটোৰ অনেকজন ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰই ৪ মে, শনিবাৰে গুৱাহাটীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰে। তেওঁ ভাৰতৰ উত্তৰ-পূব অঞ্চলত স্বাস্থ্যসেৱা আন্তঃগাঁথনি আৰু সেৱা বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ এক বিস্তৃত পৰ্যালোচনা কৰে। এইমছ গুৱাহাটী প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই)ৰ অধীনত স্থাপিত। প্ৰতিষ্ঠানটোৰ লক্ষ্য হৈছে উন্নত মানদণ্ডৰ চিকিৎসা শিক্ষা, আৰু অত্যাধুনিক গৱেষণাৰ সৈতে জড়িত হোৱাৰ উপৰিও সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ লোকসকলক অত্যাধুনিক স্বাস্থ্যসেৱা সুবিধা আৰু চিকিৎসা শিক্ষা প্ৰদান কৰা। এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিকে গুণগত মানদণ্ডৰ চিকিৎসা শিক্ষা, ৰোগী যত্ন আৰু অত্যাধুনিক গৱেষণা নামৰ তিনিমুখী ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ প্ৰগতিৰ ওপৰত এক বিস্তৃত বাখ্যা উপস্থাপন কৰে।

সভাখনত এইমছ গুৱাহাটীৰ অনুষদ সদস্য, বিষয়া, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত আছিল। এইমছ গুৱাহাটীৰ নিৰ্মাণ কাৰ্যৰ প্ৰায় ৯৮.৬৩ % সম্পূৰ্ণ হৈছে। প্ৰতিষ্ঠানটোৱে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা ১৪ এপ্ৰিল ২০২৩ তাৰিখে উদ্বোধনৰ লগে লগে অ’পিডি আৰু আইপিডি সেৱা আৰম্ভ কৰিছিল। শণিবাৰে পৰ্যালোচনাকালত চন্দ্ৰই চলিত কাম আৰু পদক্ষেপসমূহৰ স্থিতি মূল্যাঙ্কন কৰিবলৈ এইমছ গুৱাহাটীৰ বিষয়া, স্বাস্থ্যসেৱা পেছাদাৰী আৰু প্ৰকল্প প্ৰৱন্ধক (এইচআইটিইএছ আৰু এনচিচি)কে ধৰি চলিত কাম আৰু পদক্ষেপবোৰৰ স্থিতি মূল্যাঙ্কন কৰিবলৈ, আৰু অঞ্চলটোত স্বাস্থ্যসেৱা প্ৰদান বৃদ্ধিৰ বাবে ভৱিষ্যতৰ ৰণনীতি নিৰ্দিষ্ট কৰাৰ কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । এতিয়ালৈকে হোৱা অগ্ৰগতিৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি অপূৰ্ব চন্দ্ৰই কয় যে এইমছ গুৱাহাটীয়ে উত্তৰ-পূবৰ স্বাস্থ্যসেৱাৰ দৃশ্যপট সলনি কৰাৰ বাবে অপৰিসীম প্ৰতিশ্ৰুতি পালন কৰিছে।

চৰকাৰে অঞ্চলটোৰ লোকসকলৰ বাবে উন্নত মানদণ্ডৰ স্বাস্থ্যসেৱা বৃদ্ধি কৰিবলৈ সমৰ্পিত।” সচিবগৰাকীয়ে কাৰ্যকৰী আইপিডি বিচনা আৰু কাৰ্যকৰী সেৱাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাস্থ্যসেৱা প্ৰণালী শক্তিশালী কৰাৰ বাবে প্ৰযুক্তি আৰু উদ্ভাৱনৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতিষ্ঠানটোক আইআইটি গুৱাহাটীৰ দৰে কাৰিকৰী প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ এইমছ গুৱাহাটীৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰাৰ বাবে চৰকাৰ, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান আৰু অংশীদাৰসকলৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অধ্যাপক পুৰাণিকে সকলো পৰামৰ্শ লক্ষ্য কৰি সক্ৰিয় দৃষ্টিভংগী লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । তেওঁ কয় যে প্ৰতিষ্ঠানটোৱে সমগ্ৰ উত্তৰ-পূব অঞ্চলত স্বাস্থ্যসেৱাৰ বাবে ন্যায়সঙ্গত প্ৰৱেশাধিকাৰ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…

অসমৰ ভলীবল জগতত নলবাৰীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ তথা খেল পৰিচালক দিলীপ শৰ্মা এজন অতি সূপৰিচিত চিনাকী নাম। ৰাজ্য আৰু জিলাৰ ভলীবলত দিলীপ শৰ্মাৰ অৱদান অনস্বীকায্য। নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম চামতাত ১৯৯৫ চনত দিলীপ শৰ্মাৰ জন্ম হৈছিল। দেউতাকৰ নাম দীনেশ শৰ্মা আৰু মাকৰ নাম ভাৰতী দেৱী। সৰুৰে পৰাই ঘৰখনতে তেওঁ এক ক্ৰীড়াৰ পৰিবেশ পাই আহিছিল। দিলীপ শৰ্মাৰ লগতে তেওঁৰ নিজৰ ভায়েক প্ৰদীপ শৰ্মা, মনোজ শৰ্মা, নীৰেন শৰ্মা আৰু প্ৰণৱ শৰ্মা আটাইকেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ।গতিকে নলবাৰীৰ ভলীবল বুলি ক’লে এটা সময়ত পশ্চিম চামতাৰ দিলীপ শৰ্মাৰ পৰিয়ালটোৰ কথা সকলোৰে মুখে মুখে আছিল। ইয়াৰ উপৰিও পশ্চিম চামতা অঞ্চলটোত কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈৰ জন্ম হৈ নলবাৰী জিলাৰ ভলীবলক চহকী কৰি তুলিছিল। ১৯৮০ চনৰ পৰা ১৯৮৫ চনলৈ দিলীপ শৰ্মাই আন্তঃ জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰে।

১৯৮৬ চনত তেওঁ অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় অসামৰিক সেৱাৰ ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত ১৯৮৮ চনত বেঙ্গলোৰত, ১৯৯১ চনত তিৰুবন্তপুৰমত আৰু ১৯৯২ চনত কেৰেলাত সৰ্বভাৰতীয় অসামৰিক সেৱাৰ ভলীবল প্ৰতিযোগিতাত অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। ১৯৮৫ চনত উত্তৰপ্ৰদেৰ কানপুৰত অনুষ্ঠিত হোৱা চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৮৫ চনত অন্ধ্ৰপ্ৰদেশৰ হাইদৰাবাদত অনুষ্ঠিত হোৱা এ এছ টি চি ভলীবল মিটত অসম দলৰ হৈ অংশগ্ৰহণ কৰে। ১৯৮১ চনত দিলীপ শৰ্মাই নলবাৰী মহাবিদ্যালয়ৰ পৰা ক’লা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৫ চনত তেওঁ পৰিবহন নিগমত কৰ্ম জীৱনৰ পাতনি মেলে। খেলৰ প্ৰতি থকা প্ৰৱল ইচ্ছা শক্তিৰ বাবে তেওঁ পুনৰ ১৯৮৭-৮৮ বৰ্ষত অমাৰাৱতীত সুখ্যাতিৰে বি পি এড ডিগ্ৰী লাভ কৰি ১৯৮৮ চনত শোলমাৰা হাইস্কুলত শাৰিৰীক শিক্ষা নিৰ্দেশক হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ ১৯৯১ চনৰ পৰা চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বদলি হৈ আহি ২০১৯ চনত উক্ত বিদ্যালয়তে চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰে। চাকৰি জীৱনৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিলেও ভলীবলৰ পৰা আজিও তেওঁ অৱসৰ গ্ৰহণ কৰিব পৰা নাই। এতিয়াও তেওঁ নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ খেলপথাৰত গৈ খেলুৱৈৰ সৃষ্টিত অৰিহনা যোগাই আহিছে। ১৯৯৮ৰ পৰা আজিলৈ তেওঁ অসম ভলীবল সন্হাৰ খেলুৱৈ নিৰ্বাচনৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত কেইবাবাৰো অসম দলৰ প্ৰশিক্ষক আৰু মেনেজাৰৰ দায়িত্ব পালন কৰিছে। ৰাজ্যিক ভলীবল ৰেফাৰী হিচাপেও অসমত তেওঁৰ এক সুকীয়া পৰিচয় আছে। অসমৰ ভলীবল জগতলৈ সেৱা আগবঢ়োৱাৰ বাবে ২০২০-২১ চনত অসম চৰকাৰে দিলীপ শৰ্মাক ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ হিচাপে নিৰ্বাচিত কৰিছিল।

৮০ৰ দশকত দিলীপ শৰ্মাৰ দলে অসমত ভলীবলৰ জড়িয়তে যথেষ্ট বুৎপত্বি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ লগত একেলগে খেলা খেলুৱৈ সকলৰ ভিতৰত আছিল—-উৎপল ডেকা, নিৰোদ চৌধুৰী, কৰুণা বৰ্মন, জগদীশ দত্ত, মনোৰঞ্জন দত্ত, খগেন দত্ত, তীৰ্থ বৰ্মন, মোহন বৰ্মন, অনিল দত্ত, বলেন বৰুৱা, অনিল সাউদ, প্ৰদীপ শৰ্মা, উমেশ বৰ্মন, বিৰাজ বৰুৱা, প্ৰণৱ দত্ত, অৱনী শৰ্মা, বিকাশ ভট্টাচাৰ্য, নৱ মজুমদাৰ, নৃপেন মজুমদাৰ, হেমেন মজুমদাৰ আদি বিশিষ্ট খেলুৱৈ সকল। দিলীপ শৰ্মাই চামতা প্ৰগতি সংঘৰ হৈ যথেষ্ট ভলীবল খেলিছিল। চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ হৈ তেওঁ নলবাৰী ক্ৰীড়া সন্হাৰ ভলীবল লীগত অংশগ্ৰহণ কৰি আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এওঁলোকে অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে প্ৰশিক্ষণ পাবলৈ সক্ষম হোৱা নাছিল। পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নাছিল। কিন্তু ভলীবলৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা আৰু ভক্তিৰ বাবে এওঁলোকে খেল বিধক দেখি দেখিয়েই স্কীল সমূহ আয়ত্ব কৰিব পাৰিছিল। এওঁলোকৰ খেল মানেই লোকে লোকাৰেণ্য হৈ পৰিছিল খেলপথাৰ। বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল। এখন কাঠৰ শ্বীল্ডৰ বাবে দুই তিনিদিন ধৰি চলিছিল অঘোষিত যুদ্ধ। কিন্তু এতিয়া আৰু সেইদিন নাই। সময়ৰ লগে লগে খেলৰ বহুত পৰিবৰ্তন আহিল। এতিয়া সকলো সা-সুবিধা থাকিও খেলুৱৈ সকলে খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰা হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে খেলখেলি জীৱন জীবিকাৰ পথ পাবলৈ সক্ষম নহ’লে কি আশা কৰি খেলুৱৈ সকলে খেল খেলি থাকিব? এই লৈ এতিয়া সৰ্বত্ৰতে চৰ্চা আৰম্ভ হৈছে।

ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…

পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ

ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ

নিৰ্বাচনৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে জনবিৰোধী সিদ্ধান্ত-আপ

চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি বিজেপি চৰকাৰে শিক্ষাৰ বাণিজ্যিকিকৰণ কৰিব বিচাৰিছে-আপ

দিল্লীৰ চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ আৰ্হি অসমতো ৰূপায়ন কৰিবলৈ আহ্বান আপৰ

” যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মানৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে, সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গৈ অসম চৰকাৰে বিভিন্ন অজুহাতত হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ পৰিবৰ্তে শিক্ষা বিভাগে বিদ্যালয় বন্ধ কৰি দিয়াৰ টোগলকী কাণ্ড সংঘটিত কৰিছে। ” আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এক সংবাদমেলত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে আপ, অসমৰ সভাপতি গৰাকীয়ে । ডাঃ চৌধুৰীয়ে কয়, “অসমবাসীৰ স্বাৰ্থ জলাঞ্জলি দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ ৯৬ খন বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। এই বিদ্যালয় সমূহৰ ভিতৰত ৭৯ খন হাইস্কুল, ১৭ খন চিনিয়ৰ ছেকণ্ডেৰি স্কুল আছে। ৰাজ্যবাসীৰ কোনো কথা কৰ্ণপাত নকৰা বিজেপি চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বেও ৮০৬৬ খন বিদ্যালয় বন্ধ কৰিছিল। আন্তঃগাঁথনিৰ অভাৱ অথবা পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ অজুহাতত এনেদৰে বিদ্যালয় সমূহ বন্ধ কৰি ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানক উৎসাহিত কৰিছে। স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালেই ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰম্ভ কৰিছে। ” সংবাদমেলত ডাঃ ভবেন চৌধুৰীৰ অভিযোগ,” চৰকাৰে নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব পৰা নাই। ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলৰ আন্দোলনৰ প্ৰতি চৰকাৰৰ সহাঁৰি নাই। অথচ মাথোঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বাৰ্থতে ৰাইজে স্থাপন কৰা চৰকাৰী খণ্ডৰ স্কুলবোৰত তলা লগাইছে চৰকাৰে। ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালকে বিদ্যালয় সমূহৰ পৰিদৰ্শক সকললৈ প্ৰেৰণ কৰা নিৰ্দেশ অনুসৰি এইবাৰ ধেমাজি জিলাৰ সৰ্বাধিক ২১ খন হাইস্কুল আৰু চিনিয়ৰ ছেকেণ্ডাৰী স্কুল বন্ধৰ নিৰ্দেশ দিছে চৰকাৰে। আনহাতে, কামৰূপ জিলাত ১০ খন, বঙাইগাঁও জিলাত ৯ খন, ধুবুৰী জিলাৰ ৭খন, যোৰহাট আৰু শিৱসাগৰ জিলাত ৪ খনকৈ, গোৱালপাৰা, মৰিগাঁও, দক্ষিণ শালমাৰাত ৩ খনকৈ, হাইলাকান্দি, নগাঁও, তিনিচুকীয়া, কৰিমগঞ্জ, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত ১ খনকৈ বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে। ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইনৰ অধীনত প্ৰাদেশিকীকৃত বিদ্যালয় সমূহো অসম চৰকাৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। এয়া ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ টোগলকী নীতিৰ বাহিৰে আন একো নহয়। “


বিগত দিনবোৰত আম আদমী পাৰ্টি, অসমে ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ লগতে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই । এসময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ যোগেদিয়েই ৰাজ্যখনৰ প্ৰায় সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে পৰিচালিত হৈছিল । অসম শৈক্ষিক মান সৰ্বভাৰতীয় স্তৰৰ লগতে আন আন ৰাজ্যসমূহতকৈ বহু পিছ পৰি আছে । শিক্ষাৰ্থীৰ সংখ্যা আৰু ফলাফলৰ আধাৰত অসম চৰকাৰে এখনৰ পাছত আনখনকৈ চৰকাৰী শিক্ষানুষ্ঠান একত্রীকৰণৰ নামত বন্ধ কৰিছে । ইতিমধ্যে ৰাজ্যৰ ৮০৬৬ খন চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ সমান্তৰালকৈ আন বহু বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে শিক্ষা বিভাগে । উল্লেখ যে বহুতো লোকৰ বহু অৱদানৰ ভিত্তিত গঢ় লৈ উঠা মাতৃভাষাৰ চৰকাৰী বিদ্যালয়সমূহৰ আঁৰত একো একোখন সমাজৰ ইতিহাস জড়িত হৈ আছে । ৰাইজৰ আবেগ-অনুভূতি জড়িত হৈ থকা এই বিদ্যালয়সমূহ বন্ধ কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে এসময়ত চৰকাৰী খণ্ডৰ এই বিদ্যালয়সমূহৰ জৰিয়তেই ৰাজ্যখনৰ প্ৰায় সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে পৰিচালিত হৈছিল । কেতিয়াও শিক্ষাৰ্থীৰ অভাৱ হোৱা নাছিল তথা ফলাফলক লৈ আজিৰ দৰে প্ৰশ্ন উত্থাপন হোৱা নাছিল । তেনেস্থলত সেই বিদ্যালয়সমূহত এতিয়া কিয় শিক্ষাৰ্থীৰ সংখ্যা কমি অহাৰ লগতে ফলাফলৰ মান অৱনমিত হৈছে । কিয় অভিভাৱকে পৰাপক্ষত নিজৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ প্ৰেৰণ কৰিব নিবিচাৰে। এই সন্দৰ্ভত কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ অধ্যয়ন কৰা হোৱা নাই ।আনহাতে, এইবিষয়ত চৰকাৰী পক্ষ সম্পূৰ্ণ নিমাত । ইয়াৰ বিপৰীতে চৰকাৰে শিক্ষাৰ্থীৰ সংখ্যা কম আৰু ফলাফল বেয়াক লৈ বিদ্যালয় বন্ধ কৰাৰ দিশতহে অধিক মনোনিৱেশ কৰিছে । লগতে চৰকাৰে শিক্ষাৰ সংস্কাৰৰ নামত বিতৰ্কৰ সূত্রপাত ঘটোৱা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । ৰাজ্যৰ বিভিন্ন দল-সংগঠনে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ।


লক্ষণীয় বিষয় যে ব্যৱস্থা এটাক মূল্যাংকন কৰিবলৈ কিছুমান নিৰ্দিষ্ট সূচকাংক নিৰ্ধাৰণ কৰা হয় । এই সূচকাংক সমূহৰ ওপৰত নিৰ্ভৰ কৰিহে ব্যৱস্থাটোৰ মান নিৰূপণ কৰা হয় । অসমৰ শিক্ষা ব্যৱস্থাটোৰ মান ইয়াৰ সূচকাংকৰ পৰা সহজতে অনুমান কৰিব পাৰি । আন্তঃগাঁথনি বুলিলে বিদ্যালয় এখনৰ লগত জড়িত বহু দিশ সামৰি লোৱা হয় । বিদ্যালয়খনত থকা হাত ধোৱাৰ ব্যৱস্থা,বিদ্যুতৰ সংযোগ,ল’ৰা-ছোৱালীৰ বাবে পৃথক শৌচালয়,বিদ্যালয়ৰ ভিতৰতে থকা খোৱাপানীৰ ব্যৱস্থা,বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে শৌচালয়ৰ ব্যৱস্থা,ৰেম্প, পুথিভঁৰাল,কম্পিউটাৰ আৰু ইণ্টাৰনেট,খেলপথাৰ আদি বিভিন্ন দিশ সাঙুৰি আন্তঃগাঁথনিমূলক ব্যৱস্থাত এইকেইটা দিশকে চালিজাৰি চোৱা হয় । অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ উক্ত সকলো কেইটা দিশকেই অতি পিছপৰা । ইয়াৰ মান সৰ্বভাৰতীয় স্তৰৰ লগতে আন আন ৰাজ্যসমূহতকৈ বহু পিছ পৰি আছে ।
তথ্য মতে অসমৰ চৰকাৰী বিদ্যালয় সমূহত সুচল অৱস্থাত থকা বিদ্যুৎ সংযোগৰ হাৰ হ’ল ৫৭.৬২ শতাংশ। সৰ্বভাৰতীয় স্তৰত এই হাৰ ৮৩.৯২ শতাংশ । সেইদৰে বিদ্যালয় চৌহদতে খোৱাপানীৰ ব্যৱস্থা থকা বিদ্যালয়ৰ হাৰ হ’ল ৮৯.৬১ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৯৫.১৭ শতাংশ । বিদ্যালয় চৌহদত ল’ৰাৰ বাবে থকা সুচল শৌচালয়ৰ হাৰ হ’ল ৭৬.৬৫ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৯২.১৭ শতাংশ । বিদ্যালয়ত সুচল অৱস্থাত থকা কম্পিউটাৰৰ হাৰ ১৫.৭৩ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৩২.৫৪ শতাংশ । ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ ৪.৮৩ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ১৩.৬৪ শতাংশ । এইকেইটা আছিল ৰাজ্যখনৰ বিদ্যালয় সমূহৰ শোচনীয় আন্তঃগাঁঠনিৰ এক চৰকাৰী তথ্য ।আনহাতে,আন্তঃগাঁথনিৰ ক্ষেত্রত সূচকাংক হিচাপত নামভৰ্ত্তিৰ অনুপাত প্ৰাথমিক স্তৰত ইয়াৰ সৰ্বভাৰতীয় অনুপাত ১০৩.০৩, অসমত ১১৯.০১ । উচ্চতৰ মাধ্যমিক শাখাত সৰ্বভাৰতীয় স্তৰত অনুপাত ৫৩.০৮, অসমত ৩২.০৩ । লিংগ সমানুপাত প্ৰাথমিক স্তৰত সৰ্বভাৰতীয় অনুপাত ১.০২, অসমত ১.০৫ । আনহাতে, উচ্চতৰ মাধ্যমিকত সৰ্বভাৰতীয় পৰ্যায়ত ১.০৩ আৰু অসমত ১.০৫ । ছাত্ৰ শিক্ষকৰ অনুপাত প্ৰাথমিক স্তৰত সৰ্বভাৰতীয় স্তৰত এই অনুপাত ২৬.০৩, অসমত ২১ । উচ্চতৰ মাধ্যমিকত সৰ্বভাৰতীয় পৰ্যায়ত ২৬.০৩, অসমত ১৭ । উত্তীৰ্ণৰ হাৰ প্ৰাথমিক স্তৰত সৰ্বভাৰতীয় উত্তীৰ্ণৰ হাৰ ৯৯.০১ শতাংশ আৰু অসমত ৯৬.০২ শতাংশ । উচ্চ মাধ্যমিকত সৰ্বভাৰতীয় পৰ্যায়ত ৮৫.০১ শতাংশ আৰু অসমত ৬৮.০৪ শতাংশ ।ইপিনে,আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ সৰ্বভাৰতীয় স্তৰত প্ৰাথমিক শাখাত ০.৮ শতাংশ হোৱাৰ বিপৰীতে অসমত ৩.০৩ শতাংশ । তদুপৰি উচ্চ মাধ্যমিক শাখাত ১৪.০৬ শতাংশ আৰু অসমত ৩১ শতাংশ। অসমৰ এই হাৰ দেশৰ ভিতৰতে সৰ্বাধিক ।

আনহাতে, অসমৰ ৬০ শতাংশ বিদ্যালয়ত নাই খোৱা পানী । তদুপৰি ৭০ শতাংশ বিদ্যালয়ত নাই খেলপথাৰ । একেদৰে ৮৪ শতাংশ বিদ্যালয়ত নাই পুথিভঁৰাল । তথ্য় মতে,৯৫ শতাংশ বিদ্যালয়ত নাই কম্পিউটাৰ । একেটা তথ্য় অনুসৰি ৮৭ শতাংশ বিদ্যালয়ৰ আন্তঃগাঁথনি ভাল নহয় । এটা শ্ৰেণী কোঠাত ১২০ তকৈও অধিক শিক্ষাৰ্থী,এটা কোঠাত ৩/৪ টা শ্ৰেণী ভাগ কৰি শিক্ষা প্ৰদান কৰা হৈ আছে ।প্ৰকৃততে ৰাজ্য চৰকাৰৰ চৰম অবহেলা আৰু সদিচ্ছাৰ অভাৱতে ক্ৰমাৎ জহি-খহি গৈছে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ড । চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণ আন্তঃগাঁথনি আৰু শিক্ষাৰ গুণগত মান সময় সাপেক্ষে উন্নত নকৰাৰ পৰিপ্ৰেক্ষিততে শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ কমি অহাৰ লগতে ফলাফল অবনমিত হৈছে । কিন্তু চৰকাৰখনে এইক্ষেত্রত অলপো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । বৰং চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ক্ৰমাৎ বন্ধ কৰি এই খণ্ডটোকে নোহোৱা কৰিব বিচাৰিছে ।সমান্তৰালকৈ শিক্ষকসকলৰ সমস্যা সমূহক লৈয়ো চৰকাৰ সম্পূৰ্ণ উদাসীন। আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছো যে মুখ্যমন্ত্ৰী ৰূপে অধিষ্ঠিত হোৱাৰ পাছত ড৹হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। এনে অৱস্থাত আপে অসম চৰকাৰক দিল্লী চৰকাৰৰ শিক্ষানীতিৰ আৰ্হি অধ্যয়ন কৰি দিল্লীৰ আৰ্হি অসমতো ৰূপায়ন কৰিবলৈ চৰকাৰক আহ্বান জনায়।

নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…

গুজৰাট আৰক্ষীৰ জালত পৰিল এজন মৌলৱী৷ বিজেপি নেত্ৰী নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যই এটা সময়ত দেশ আৰু বিদেশত অস্থিৰতাৰ সৃষ্টি কৰিছিল। বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপূৰ শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গুজৰাটত ধৰ্মগুৰু আবু বাকাৰ টিম্মালক গ্ৰেপ্তাৰ কৰা হৈছে। ২৭ বছৰীয়া ধৰ্মগুৰুজনৰ বিৰুদ্ধে হিন্দু সনাতন সংঘৰ ৰাষ্ট্ৰীয় সভাপতি উপদেশ ৰাণা, হায়দৰাবাদৰ বিধায়ক তথা বিজেপি নেতা ৰাজা সিং আৰু হিন্দী নিউজ চেনেলৰ মুখ্য সম্পাদক সুৰেশ চৱঙ্কেক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উঠিছে।


অভিযুক্তজনে মুছলমান শিশুসকলক ইছলামিক শিক্ষা দান কৰি আহিছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ এটা হোৱাটছএপ গোটত ধৰ্মীয় বিভাজন ঘটাব পৰা পোষ্ট কৰিছিল । অনুসন্ধানকাৰীসকলে কৈছে যে তেওঁলোকে টিমেলৰ ম’বাইল ফোন পৰীক্ষা কৰি দেখিছে যে তেওঁ দুজন পাকিস্তানী আৰু নেপালী নাগৰিকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল । আৰক্ষীয়ে প্ৰকাশ কৰা মতে উপদেশ ৰাণা টোমলৰ প্ৰথম লক্ষ্য আছিল। পিছত আৰক্ষীয়ে প্ৰমাণ লাভ কৰে যে ধৰ্মগুৰুজনে নুপূৰ শৰ্মাকে ধৰি আৰু তিনিজন লোকক হত্যা কৰিব বিচৰিছিল।

২০২২ চনত বিজেপিয়ে নুপূৰ শৰ্মাক তেওঁৰ মন্তব্যৰ বাবে ছবছৰৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত লৈছিল। নবীন জিন্দালকো তেওঁক সমৰ্থন কৰাৰ বাবে নিলম্বিত কৰা হৈছিল। তেওঁলোকৰ প্ৰাথমিক সদস্য পদো বাতিল কৰা হৈছিল। অৱশ্যে, তাৰ পিছতো বিতৰ্কৰ ওৰ পৰা নাছিল৷ । সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হৈছিল। আৰৱ দেশসমূহলৈও প্ৰতিবাদ বিয়পি পৰিছিল।

নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…


আধ্যাত্মিকতাৰ সমাজ ব্যৱস্থাত অতীজৰে পৰা চলি অহিছে শৰণ লোৱা পৰ্ব বা প্ৰথা। পুৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব। যুগে যুগে মায়ামৰা ধৰ্মত বিশ্বাসী লোক সকলে শৰণ গ্ৰহণ কৰি‌ আহিছে। অসমৰ সত্ৰীয়া‌ সংস্কৃতি সমূহৰ ভিতৰত মায়ামৰা ধৰ্মীয় শৰণ পৰ্ব কিছু পৃথক । ঐতিহাসিক মায়ামৰা সত্ৰৰ পৰম্পৰাগত নিয়ম অনুসৰি আজি গুৰু সেৱা কৰি মুৰত কল পাতেৰে মেৰিওৱা তামোল পাণ লৈ পুখুৰীত জুবুৰা মাৰি আশীৰ্বাদ গ্ৰহণ কৰে শৰণীয়াসকলে। গায়ন বায়ন পৰিবেশনৰ মাজেৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হয় এই কাৰ্যসূচী।

চলিত প্ৰথা অনুসৰি শৰণ গ্ৰহণ কৰা পিছত সমাজৰ আধ্যাত্মিক কামকাজ কৰিব পৰা হয় শৰণীয়াসকল। সেয়ে আজি মায়ামৰা সমাজৰ পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি ডিব্ৰুগড়ৰ চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত ১৯৮ জন পুৰুষে আনুষ্ঠানিকভাৱে মহাপুৰুষত শৰণ গ্ৰহণ কৰে। হাতীগাধৈ গড়পৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী চিদানন্দ গোস্বামী গুৰুজনাৰ ওচৰত অঞ্চলটোৰ পাঁচখন গাঁও ক্ৰমে চেংধৰা, ফুকনখাত, কোঁৱৰ গাঁও, হাতীগাধৈ আৰু গড়পৰাৰ ১৯৮ গৰাকী পুৰুষ আৰু ২০৫ গৰাকী মহিলাই মহাপুৰুষত শৰণ গ্ৰহণ কৰে।

মায়ামৰা সমাজৰ ধৰ্মীয় পৰম্পৰা অনুসৰি ৮০ খিলা পান লৈ প্ৰতিগৰাকী শৰনীয়ালে সত্ৰ প্ৰাঙ্গণত সমবেত হোৱা পিছতেই সমবেত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শৰণৰ পুখুৰীত শৰণ কাৰ্যসূচী সমাপন কৰা হয়। এই শৰণ কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় দুই হাজাৰৰো অধিক ভকত বৈষ্ণৱৰ লগতে কাৰ্যসূচীত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাইয়ো অংশগ্ৰহণ কৰে। ইয়াৰ ওপৰিও এই ঐতিহাসিক শৰণ পৰ্ব চাবলৈ অঞ্চলটোত ৰাইজে ভিৰ কৰে সত্ৰৰ চৌহদত

নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…

এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী বলীউডৰ ৰাণী কংগনা ৰানাৱত।

নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনা ৰানাৱতৰ ডাঙৰ ঘোষণা, ক’লে- মই কেৱল ৰাজনীতি কৰিম!

হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈছে কংগনা ৰানাৱট।

লোকসভাৰ নিৰ্বাচনত জয়ী হ’লে ক্ৰমান্বয়ে ছবি জগতখন এৰিব পাৰে বুলি কংগনাই ইংগিত দিয়ে।

কাৰণ তেওঁ মাত্ৰ এটা কামত গুৰুত্ব দিব বিচাৰিব।

কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…

কাইলৈ ভাগ্য নিৰ্ণয় হ’ব বহু ৰথী-মহাৰথীৰ। গুজৰাটৰ গান্ধীনগৰৰ পৰা অমিত শ্বাহ, MPৰ ৰাজগড়ৰ পৰা দিগ্বিজয় সিং, মধ্যপ্ৰদেশৰ গুনাৰ পৰা জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ বাৰামতীৰ পৰা সুপ্ৰিয়া ছুলে, উত্তৰপ্ৰদেশৰ মইনপুৰীৰ ডিম্পল যাদৱ অৱতীৰ্ণ।

MPৰ ৱিদিশাৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰতিদ্বন্দ্বিতা। দেশৰ ১৩ ৰাজ্যৰ ৯৪ সমষ্টিত হ’ব ভোটগ্ৰহণ। দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত। অসমৰ ৪০টা বিধানসভা সমষ্টি আগুৰি থকা ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হব লগা এই নিৰ্বাচনত ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব।

মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…

মহানগৰীৰ নিচেই কাষত থাকিও তেওঁলোক আছিল হাজাৰ যোজন নিলগত। অনাগ্ৰসৰতাই বেৰি কুৰি আছিল সামগ্ৰিক সমাজ ব্যৱস্থাক। আজিও মসৃণ নহয় তেওঁলোকৰ সমাজ ব্যৱস্থা। ইয়াৰ মাজতে চলিত বছৰত মেট্ৰিকৰ দেওনা পাৰ কৰিছে তেওঁলোকে। আন বহু ছাত্ৰ ছাত্ৰীতকৈ কিছু পৃথক তেওঁলোক। তেওঁলোকৰ দুচকুত হাজাৰ স্বপ্ন। কিন্তু দেখাত তেনেই অবুজ তেওঁলোক । অৱশ্যে ইয়াৰ এটা কাৰণ নথকা নহয়। তেওঁলোকৰ মাক-দেউতাক তথা অভিভাৱক সকলো যেন দিশহাৰা। বহুতৰ বাবেই তেওঁলোকৰ ঘৰ বা সমাজ খনত মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ বিষয়টো এক দিবা স্বপ্ন। কাৰণ তেওঁলোকৰ বহুতেই শিক্ষা কি বস্তু, সেয়া এতিয়াও সম্পূৰ্ণ বুজি উঠা নাই। স্থানডোখৰ মহানগৰৰ নিচেই কাষত যদিও অনুভৱ যেন বহু দুৰৰ। পূৰ্বে ঠাই ডোখৰ বেছ দুৰ্গম আছিল। মানুহৰ যাতায়ত সীমাবদ্ধ আছিল। আধুনিক বিশ্বই তেওঁলোকক সঠিকভাবে স্পৰ্শ কৰিব পৰা নাছিল। বাট পথ, যোগাযোগ তথা সমাজ ব্যৱস্থা আছিল তেনেই তথৈবচ। অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক লোকেই জন জাতীয়। বিশেষকৈ বাগানিয়া। অধিক সংখ্যক বাগানিয়া লোকে স্থানীয় আমচং চাহ বাগিচাত কাম কৰে। আজিৰ পৰা দুই তিনিবছৰ আগলৈকে সপ্তাহত এবাৰ মাত্ৰ সোণাপুৰ বজাৰলৈ যোৱাটোয়েই প্ৰধানত তেওঁলোকৰ বহি:বিশ্বৰ সৈতে একমাত্ৰ যোগসূত্ৰ আছিল।

বাগানৰ মাহেকীয়া বেতনৰ দিনটো তেওঁলোকৰ বাবে উৎসৱ যেন হৈ পৰিছিল। হয়টো পৰবৰ্তী দুদিন ধৰি উৎসৱৰ নিচাত তেওঁলোক কাম বা বাগানলৈও নগৈছিল। ওচৰত কিবা উৎসৱ বা বিয়া সকাম হলে মাক বাপেক তথা অভিভাৱক সকল কামলৈ নোযোৱাৰ লগতে সন্তান সকলৰ বাবেও বিদ্যালয় যোৱাটো বন্ধ হৈ পৰিছিল। ক্ৰমশঃ এনে এক পৰিবেশৰ মাজেৰে চলি থকা সমাজ খনৰ নিকটবৰ্তী অঞ্চলটোত বিদ্যালয় হিচাপে একমাত্ৰ প্ৰাথমিক বিদ্যালয়খন থকাৰ বাদে উচ্চ বিদ্যালয়ৰ বাবে ডিগাৰোলৈ ৪-৫ কিলোমিটাৰ বাট যাব লগীয়া হৈছিল । ইয়াৰ মাজতে সামগ্ৰিক ভাবে অঞ্চলটোৰ পৰা ২-৩ জনে শিক্ষাৰ্থীয়ে প্ৰবেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হৈছিল। পৰবৰ্তী পৰ্যায়ত ২০২২ বৰ্ষত চৰকাৰী প্ৰচেষ্টাত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়খনে প্ৰাণ পাই উঠাৰ সমান্তৰাল ভাৱে অঞ্চলটোৰ বাট পথ তথা যাতায়ত ব্যৱস্থাৰ নাটকীয় পৰিৱৰ্তন অহাত সামগ্ৰিক ভাবে অঞ্চলটোলৈ এক উল্লেখযোগ্য পৰিবৰ্তন তথা এক অনন্য বাতাবৰণৰ সৃষ্টি হল। অঞ্চলটোৰ লোক সকলৰ বহি বিশ্বৰ সৈতে পোনপতিয়া যোগাযোগ স্থাপন হ’ল।


ইয়াৰ মাজতে চলিত বছৰত এই সকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হল। অৱশ্যে এই ফলাফল অসমৰ অন্যান্য স্থানৰ চাহ বাগান বিদ্যালয়তকৈ নিম্নগামি অথবা সুকীয়া যদিও ইয়াৰ সৈতে আন স্থানৰ ফলাফল নিমিলাৰ মূল কাৰণটোৱেই হল অনা গ্ৰসৰতা। আৰু এই অনা গ্ৰসৰতা কিছু পৃথক। প্ৰসঙ্গত বিদ্যালয়খনৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে জানিবলৈ দিয়া মতে অঞ্চলটো শেহতীয়াকৈ যথেষ্ট উন্নত হৈছে যদিও পঢ়া শুনাৰ ক্ষেত্ৰত এতিয়াও ছাত্ৰ ছাত্ৰী তথা মাক বাপেকৰ অনিহা বিদ্যমান। আনকি এই স্থানৰ বহু লোকৰ বাবে লৰা ছোৱালী বিদ্যালয়লৈ যোৱা মানে ঘৰ খনৰ বাবে সমস্যাহে। কাৰণ ইয়াৰে কোনোবাটো পৰিয়ালৰ পুৰুষ জন বেমাৰী বা অসুস্থ বাবে মহিলা গৰাকী কামলৈ যাব লগীয়া হোৱা বাবে সন্তানে ঘৰ বা নিজৰ ভাই ভনী কেইটাক চাব লগীয়া হয় । আনকি বহু কেইজন ছাত্ৰই বাগানৰ লাইনত অথবা আন স্থানত পৰিয়াল পোহ পাল দিবৰ বাবেই কাম কৰিবলৈ যাব লগীয়া হয়। ইয়াৰে বহুতে আকৌ পঢ়াৰ সলনি তামোল গছ বগাই বা কেতেপা মাৰিহে ভাল পায়। সেয়েহে ইয়াৰ মাজতে বহু ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক বুজাই বঢ়াই বিদ্যালয়লৈ আনিব লগীয়া হয়। তথাপি ইয়াৰ মাজতেই আন বহুক্ষেত্ৰত ব্যতিক্ৰম হৈ উঠিছে এই বিদ্যালয়খন। ছাত্ৰ ছাত্ৰী সকলৰ দক্ষতা আন বহু ক্ষেত্ৰটো ব্যতিক্ৰম ৰূপে পৰিগণিত হৈছে। বিদ্যালয়খনলৈ যেতিয়া সোমাই গৈছিলো, প্ৰবেশ পথত ৰৈ থকা ছাত্ৰ ছাত্ৰী কেইজনে আমাক বিদ্যালয় খনলৈ নমস্কাৰ জনাই সম্ভাষন জনাইছিল। আৰু যেতিয়া বিদ্যালয়খনত অনুষ্ঠিত বিশেষ সম্বৰ্দ্ধনা আৰু বৃত্তি প্ৰদান সভাখন সামৰণি পৰিছিল, তেতিয়া সম্বৰ্দ্ধনা প্ৰাপ্তি ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে মঞ্চলৈ উঠি আহি এই প্ৰতিবেদককে ধৰি নিৰ্দিষ্ট বক্তা কেইজনৰ পৰা চৰণত ধৰি আশীষ লৈছিল। এনেদৰেই এক নৈতিক শিক্ষাৰে শিক্ষিত মহানগৰীৰ নিকটবৰ্তী আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ৰ পৰা চলিত বছৰত প্ৰথম বছৰৰ বাবে মেট্ৰিক পৰীক্ষাত অবতীৰ্ণ মুঠ ২৪ জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ১২ জন ছাত্ৰ ছাত্ৰীৰ ১১ জনে দ্বিতীয় আৰু ১ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয় খনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা আমচং চাহ বাগানৰ শ্ৰমিক ইউনিয়নৰ সম্পাদক সুভাষ ৰামদেয়ৰ মতে অসম চৰকাৰৰ শেহতীয়া প্ৰদক্ষেপ অনুযায়ী বিদ্যালয়খন স্থাপন হোৱাৰ পিছত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ শৃংখলাবদ্ধতা বহু পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আজিৰ তাৰিখত ছাত্ৰী ছাত্ৰীকে ধৰি অভিভাৱক সকলৰ মাজত পঢ়া শুনাৰ গুৰুত্ব আৰু চেতনা ক্ৰমশঃ বৃদ্ধি পাইছে। ইয়াকে লৈ শেহতীয়াভাবে বিদ্যালয়খনৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি।


বিদ্যালয়খনত অলপতে প্ৰয়াত অনিমা শৰ্মা স্মৃতি ন্যাসৰ উদ্যোগত এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হোৱা এই ছাত্ৰ-ছাত্ৰী সকলক সম্বদ্ধনা জনোৱাৰ উদেশ্যে এক সম্বদ্ধনা সভাৰ লগতে শিক্ষক-আভিভাৱক সভাৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে আঁত ধৰা সভাখনৰ আৰম্ভণিতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ লগতে জেষ্ঠ বাদ্যযন্ত্ৰ শিল্গী ধীৰাজ সিংক বিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে সম্বদ্ধনা জনোৱা হয়। প্ৰয়াত অনিমা শৰ্মা স্মৃতি ন্যাসৰ উদ্যোগত সাত গৰাকী ছাত্ৰ-ছাত্ৰীক এককালীন আৰ্থিক অনুদান প্ৰদান কৰে নুনমাটি শিৱম নগৰৰ বাসিন্দা, ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা প্ৰয়াত অনিমা শৰ্মাৰ সুযোগ্য স্বামী দিলীপ শৰ্মাই। সম্বৰ্দ্ধনা সভাত উপস্থিত থাকি লেখক তথা সমাজ সংগঠক ভৱেন চন্দ্ৰ দাসে উপস্থিত অভিভাৱক ছাত্ৰ-ছাত্ৰীক উদেশ্যি অভিৰোচন মূলক বক্তৃত্বা প্ৰদান কৰে। ভৱেন চন্দ্ৰ দাসৰ লগতে লেখক বিজু বৰাই যৌথভাৱে আগবঢ়োৱা অৰ্থসাহাৰ্যৰে সদ্য মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী-অসমীয়া অভিধানৰ লগতে একোখনকৈ ডায়েৰী আৰু কলম প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকি নুমলীগড় ৰিফাইনেৰী অভিযন্ত্ৰা বিষয়া অনিল ডেকাই ছাত্ৰ-ছাত্ৰীয়ে যাতে আগন্তুক বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়ে উৎসাহিত কৰিবলৈ শিক্ষাৰ্থীৰ বাবে বঁটা ঘোষণা কৰে। চৰকাৰী বিদ্যালয়ৰ এক গুৰুতৰ সমস্যা হৈছে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত অনিয়মীয়া উপস্থিতি। অনুষ্ঠানত উপস্থিত থাকি লেখক-সাংবাদিক উৎপল শইকীয়াই এই সমস্যা সমাধানৰ বাবে বৰ্ষটোৰ ভিতৰত সৰহ দিন উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে। শিক্ষা বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক নাৰায়ণ শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ গণিতভীতি দূৰীকৰণৰ বাবে বিভিন্ন কৌশল অৱগত কৰাৰ লগতে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে।

বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সুভাষ ৰামদেয়ে পোন প্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ পৰা বাৰ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বাবে গৌৰৱ অনুভৱ কৰে। উল্লেখ্য যে ২০২২ বৰ্ষত ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা বিদ্যালয়খনত এই বৰ্ষত ২১৫ গৰাকীলৈ বৃদ্ধি হৈছে। ছাত্ৰ-ছাত্ৰী বহিবৰ বাবে পৰ্যাপ্ত ডেস্ক-বেঞ্চৰ অভাৱ। সেয়েহে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰ একতাৰ আবেদন মৰ্মে সম্বদ্ধনা সভাত উপস্থিত থকা ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া দিলীপ শৰ্মাই তেখেতৰ প্ৰয়াত সহধৰ্মিনী অনিমা শৰ্মা স্মৃতি ন্যাসৰ পৰা প্ৰয়োজনীয় ফাৰ্নিচাৰ আৰু ডেস্ক-বেঞ্চ কিনিবৰ বাবেএকলাখ টকাৰ অনুদান আগবঢ়ায়। দিলীপ শৰ্মাদেৱে তেখেতৰ বক্তব্যত উল্লেখ কৰে যে মানৱ সম্পদ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মাতৃসকলে। সেয়েহে শিক্ষক-অভিভাৱক সভাত উপস্থিত থকা মাতৃসকলক সজাগ কৰাৰ উদেশ্যে চলিত শিক্ষাবৰ্ষৰ পৰা দুজন শ্ৰেষ্ঠ মাতৃক নিৰ্বাচন কৰি বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে। প্ৰায় ডেৰ শতাধিক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সম্বদ্ধনা সভাখনত শিক্ষক ক্ৰমান্বয়ে ৰাতুল বৰা, দিলীপ পাল, যদুমনি দিহীঙিয়া, বৰ্ণালী তালুকদাৰ, মুনমী বৰুৱা, কুলদীপ শেনচোৱা, দামোদৰ লহকৰ আৰু কামদেৱ কৰ্মকাৰে বিগত দুটা বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপ আৰুকৰ্মৰ বিষয়ে অৱগত কৰে।

লেখকঃ উৎপল শইকীয়া

হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…

হলিউডৰ ব্লকবাষ্টাৰ চিনেমাৰ কেপ্তেইন এডৱাৰ্ড স্মিথৰ  দেহাৱসান ঘটিছে। বিশেষভাৱে ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ চিনেমাৰ বাবে বিখ্যাত আছিল অভিনেতাগৰাকী।

দেওবাৰে পুৱা ৭৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ।বাৰ্নাৰ্ড হিলৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে হলিউড।১৯৯৭ চনত মুক্তি পাইছিল অস্কাৰ বিজয়ী ছবি টাইটানিক।তাত বাৰ্নাৰ্ডে কেপ্তেইন এডৱাৰ্ড স্মিথৰ চৰিত্ৰটো অতি সুন্দৰভাৱে চিত্ৰিত কৰিছিল।

কেৱল সেয়াই নহয়, লৰ্ড অৱ দ্য ৰিংছত কিং থিয়ডেনৰ চৰিত্ৰত অভিনয় কৰি বাৰ্নাৰ্ড হিলে দৰ্শকৰ মনত এক বিশেষ স্থান দখল কৰিছে। ইয়াৰ উপৰিও এই অভিনেতাগৰাকীয়ে ‘গান্ধী’, ‘চাৰিলী ভেলেণ্টাইন’ আৰু ‘দ্য স্কোৰ্পিয়ন কিং’ ছবিত অভিনয় কৰি প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছিল।