Home Blog Page 865

বাতবিষ আৰম্ভ হোৱাৰ ৩ বছৰ পূৰ্বে ইয়াৰ লক্ষণসমূহ দেখা যায় বুলি প্ৰকাশ পাইছে এক গৱেষণাত…

বাতবিষ হাড়ৰ সৈতে জড়িত এক দুৰাৰোগ্য ৰোগ। এই ৰোগে ৰোগীক ক্ৰমান্বয়ে অক্ষম কৰি তোলে। কিছুমান লক্ষণৰ বাবে এই ৰোগ হোৱাৰ আগতেই চিনাক্ত কৰিব পৰা যায়, যিয়ে যিমান পাৰি সোনকালে চিকিৎসা আৰম্ভ কৰিব লাগে। বাতবিষ হৈছে গাঁঠিৰ সৈতে জড়িত এক সাধাৰণ ৰোগ, সমগ্ৰ বিশ্বতে লাখ লাখ ৰোগী আছে এই ৰোগৰ। এই ৰোগ এতিয়ালৈকে নিৰাময় কৰিব নোৱাৰা বুলি গণ্য কৰা হৈছিল যদিও এক চাঞ্চল্যকৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে বাতবিষৰ লক্ষণসমূহ আৰম্ভ হোৱাৰ ৩ বছৰ আগতেই আৰম্ভ হয়।

এই গৱেষণাত ২০০ গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল মহিলাৰ পিছত বাতবিষ হয়, তেওঁলোকৰ হাড়ৰ পৰিৱৰ্তন ৮ বছৰ আগতেই দেখা দিবলৈ আৰম্ভ কৰে।

আঁঠু বা গাঁঠিৰ বিষ হয় নেকি? গতিকে সাৱধান হওক। এইটোৱেই হ’ব পাৰে বাতবিষৰ প্ৰাৰম্ভিক লক্ষণ। এনে পৰিস্থিতিত যদি গাঁঠিৰ বিষ অনুভৱ কৰাটো অতি সাধাৰণ হৈ পৰিছে, তেন্তে ইয়াক আওকাণ কৰাৰ ভুলে আপোনাক বাতবিষৰ ৰোগী কৰি তুলিব পাৰে।

উল্লেখযোগ্য যে ভাৰতত বাতবিষ হৈছে দ্বিতীয় সৰ্বাধিক প্ৰচলিত ৰোগ। একে সময়তে আমেৰিকাৰ প্ৰতি চতুৰ্থজন ব্যক্তি এই ৰোগৰ বলি হয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি ভাৰতৰ ৬.৩৫ কোটি লোক বাতবিষত আক্ৰান্ত। ১৯৯০ চনত এই সংখ্যা আছিল ২.৫ কোটি। সমগ্ৰ বিশ্বত বাত ৰোগীৰ সংখ্যা ৫০ কোটিৰো অধিক।


বাতবিষৰ বাবে দায়ী কাৰক সমূহ হৈছে-

জীৱনশৈলীৰ বেয়া অভ্যাস, মেদবহুলতা আৰু আঘাতৰ সংখ্যা বৃদ্ধিয়ে বাতবিষৰ ৰোগীৰ সংখ্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণ বুলি বিবেচিত হৈছে। আপোনালোকক কওঁ যে এই ৰোগটোও জিনীয়।

বিশ্বজুৰি আটাইতকৈ সাধাৰণ প্ৰকাৰৰ বাতবিষ হৈছে আঁঠুৰ বাতবিষ। ইয়াৰ বাবে আঁঠু সলনি কৰাৰ অস্ত্ৰোপচাৰো বৃদ্ধি পাইছে। বাতবিষৰ সংখ্যা ১০০ৰো অধিক। ইয়াৰে আটাইতকৈ সাধাৰণ হ’ল অষ্টিঅ’আৰ্থাইটিছ।

এই ৰোগত আক্ৰান্ত ৭৩% লোকৰ বয়স ৫৫ বছৰৰ ওপৰৰ আৰু ইয়াৰে ৬০% মহিলা। সমগ্ৰ বিশ্বতে প্ৰায় ৩৬.৫ কোটি অষ্টিঅ’আৰ্থাইটিছ ৰোগী আছে। এই গৱেষণাই বাতবিষৰ আগতীয়া ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ বাবে নতুন পদ্ধতি উদ্ভাৱন কৰিব বুলি বিজ্ঞানীসকলে আশা কৰিছে।


চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান… 

চিলাপথাৰ কবি সমাজ আৰু সাৰথি সেচ্ছাসেৱী সংস্থাৰ উদ্যোগত কালি চিলাপথাৰ চ্যুকাফা ভৱনত ‘ব’হাগৰ ৰং সনা দুপৰীয়া শব্দৰ স’তে এখন্তেক’ শীৰ্ষক এখনি কবি পাঠৰ  অনুষ্ঠিত হৈ যায়। আবেলি ২ বজাৰপৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটি আৰম্ভণিতে অৱসৰী ৰাজ্যিক কৃতী শিক্ষক গোপাল চন্দ্র দেৱ, সাৰথি স্বেচ্ছাসেৱী সংস্থাৰ সভাপতি অমিলতা টায়ে, অৱসৰী প্ৰধান শিক্ষক প্ৰবীণ লাহন, অৱসৰী শিক্ষয়িত্ৰী কানন পেগুৱে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে প্ৰজ্ঞাজ্যোতি সংগীত বিদ্যালয়ৰ শিশু শিল্পীসকলে এটি বৰগীত পৰিৱেশন কৰে। কবিতা পাঠ অনুষ্ঠান উদ্বোধন কৰে অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাসে।

আদৰণি বক্তব্য ৰাখে চিলাপথাৰ কবি সমাজৰ সভাপতি নৃপেন বৰঠাকুৰে। সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্রী ভাগ্যবতী দত্ত ভূঞাই আৰু আঁত ধৰে পদ্ম সৰস্বতীৰ বিদ্যা মন্দিৰৰ সঞ্চালক জোণ্টি সোণোৱালে। অনুষ্ঠানটিত বিশিষ্ট অতিথি কবি হিচাপে অসম কবি সমাজ কাৰ্যনিবাহক সদস্য জয় কুমাৰ দলে, প্ৰদীপ পেগু, জোনাইৰ বিশিষ্ট কবি তোষেশ্বৰ মিৰি আগৰৱালা, চিচিবৰগাঁৱৰ মৃদুপৱন চুতীয়া আৰু ঐজ্যোতি চুতীয়া,

আমন্ত্রিত কবি ক্ৰমে ঢকুৱাখনাৰ নয়নমণি দাস, ঘিলামৰাৰ দুলাল দিহিঙীয়া, ঘিলামৰা ৰঞ্জিতা হাজৰিকা চেতিয়া, চিলাপথাৰ ক্ৰমে গোপাল চন্দ্ৰ দেৱ, অঞ্জুমণি গগৈ, ৰেণু বৰুৱা, প্ৰবীণ লাহন, মেদিনী মোহন বৰুৱা, দেৱীনা পামেগাম, কানন পেগু, অমিলতা মিলি, মঞ্জু দাস আদিয়ে কবিতা পাঠ কৰে। উদ্যোগতোসকলৰ তৰফৰ পৰা অনুষ্ঠানটিত অংশগ্ৰহন কৰা বিশিষ্টসকলৰ লগতে কবিসকলক একোখনকৈ চেলেং আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিৰ শেষত সাৰথি স্বেচ্ছাসেবী সংস্থাৰ  সচিব মনোজ কুমাৰ দাসে শলাগৰ শৰাই আগবঢ়ায়।

চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…

সানজাৰি নৌগৌৰ বৈসাগু ফূৰবু আফাডৰ উদ্যোগত ২ মে’ৰ পৰা চাৰিদিনীয়াকৈ এছ বি বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ আজি সফল সামৰণি পৰে।অনুষ্ঠানৰ ৩ মে’ৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সানজাৰি নৌগৌৰ বৈসাগু ফূৰবু আফাডৰ সভাপতি সুকুৰাম ব্ৰহ্মই।বিয়লি ২ বজাত বৈসাগু প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বড়ো বোলছবিৰ অভিনেতা প্ৰবীণ বড়োয়ে।অনুষ্ঠানত চেমনীয়া বৈসাগু নৃত্য, যুৱক-যুৱতী বৈসাগু ডেমসি নৃত্য, একক বৈসাগু গীত, চেমনীয়া বৈসাগু ডেমসি নৃত্য, চিফুং (বাঁহী), বাদন,বৈসাগু খুংগ্ৰী,বৈসাগু খুংগুৰ,ছেৰজা বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। ৪ মে’ৰ বিয়লি ২ বজাৰ পৰা আৰম্ভ হয় যুৱক-যুৱতী হানজা নৃত্য, দলগত বৈসাগু গীত, গাভৰু দলগত বৈসাগু নৃত্য,বৈসাগু ৰাজা,বৈসাগু ৰাণী, বোৱাৰী ডেমসি নৃত্য প্ৰতিযোগিতা।

অন্তিম তথা ৫ মে’ৰ বিয়লি ৩ বজাৰ পৰা সুকুৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰে সানজাৰি নৌগৌৰ বৈসাগু ফূৰবু আফাডৰ উপদেষ্টা ললিত চন্দ্ৰ বড়োয়ে।মুকলি সভাত মুখ্য অতিথি হিচাপে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে ৰঙালী বিহু হৈছে অসমীয়া সংস্কৃতিৰ ধাৰকবাহক।বিহুক বাদ দি অসমৰ খিলঞ্জীয়া ৰাইজৰ সংস্কৃতি আধাৰুৱা হৈ থাকিব।বিহুক প্ৰতিটো জাতি-জনগোষ্ঠীয়ে বেলেগ বেলেগ ভাষাৰে নামাকৰণ কৰিছে যদিও ইয়াৰ গুৰুত্ব আৰু অন্তঃনিহিত চিন্তা একে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়াই কয় বিহুৰ জৰিয়তে আমাৰ মাজত সমন্বয়ৰ ভেটি সুদৃঢ় কৰে বুলি উল্লেখ কৰি অসমৰ সাতামপুৰুষীয়া এনাজৰী শক্তিশালী ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত বিহুয়ে যোগে যোগে অৰিহণা যোগাই আহিছে। সভাত বিশিষ্ট অতিথি হিচাপে বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী,ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ দাসেও সাৰুৱা ভাষন আগবঢ়ায়।

সভাত আমন্ত্ৰিত অতিথি হিচাপে জহৌলাও নীলেশ্বৰ ব্ৰহ্ম আৰু সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম বঁটা প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,শিক্ষক সোণেশ্বৰ বসুমতাৰী,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, ইউবিপিঅৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম,সাংগঠনিক সম্পাদিকা প্ৰাণজিতা বড়ো,ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী,বিটিএডিৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী,এবছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা লখেন বসুমতাৰী,,

আবৌফৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদিকা কল্পনা স্বৰ্গীয়াৰী,উপদেষ্টা সোভাৰাণী বসুমতাৰী,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, কেবাগৰাকী সমাজকৰ্মী,প্ৰতিষ্ঠিত ব্যৱসায়ী উপস্থিত থাকে।সন্ধিয়া ৮ বজাত গোপাল স্বৰ্গীয়াৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে ইউবিপিঅৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰীয়ে।অনুষ্ঠানত কন্ঠশিল্পী ফুংবিলী বসুমতাৰী আৰু ৰিংখাং ব্ৰহ্মই গীত পৰিৱেশন কৰি সাংস্কৃতিকপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে।

নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…

লখিমপুৰা জিলাৰ ভোগপুৰ চাৰিআলিত আজি দিনৰ ভাগত দুটা কিশোৰ সৰবৰাহকাৰীক ৰাইজে আটক কৰা ঘটনাই বৃহত্তৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে স্থানীয় আদিবাসী সম্প্ৰদায়ৰ ১৫ বছৰ তলৰ চাৰিটা ল’ৰাৰ তৎপৰতাৰ বাবে দুটা মানৱ সৰবৰাহকাৰীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাবলৈ সক্ষম হয়। মানৱ সৰবৰাহকাৰী দুটা লখিমপুত জিলাৰ বঙালমৰাৰ ক্রমে ফকৰ উদ্দিন (৩০) আৰু মিজানুৰ ৰহমান (২৮)বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভোগপুৰৰ চাৰিটা কিশোৰক সৰবৰাহকাৰী দুটাই অৰুণাচলৈ নিয়াৰ পৰিকল্পনা কৰি ভোগপুৰত উপস্থিত হৈছিল।

যোগাযোগকাৰী কিশোৰকেইটাই আগতীয়াকৈ স্থানীয় ৰাইজৰ লগত যোগাযোগ কৰি ৰাইজৰ পৰিকল্পনা মতে সৰবৰাহকাৰী দুটাক ভোগপুৰলৈ মাতিছিল আৰু পূর্বপৰিকল্পিত সিদ্ধান্ত অনুসৰি স্থানীয় ৰাইজে সৰবৰাহকাৰী দুটাক আটক কৰি সোধা পোচা কৰাত সিঁহতে সকলো কথা স্বীকাৰ কৰে। সৰবৰাহকাৰী দুটাৰ স্বীকাৰোক্তি মতে কাঢ়িপাৰাৰ আমিৰ আলীৰ নিদ্দের্শ মর্মেহে সিহঁতে উক্ত কিশোৰকেইটাক নিবলৈ আহিছিল। সৰবৰাহকাৰীকেইটাই আগতেও বিভিন্ন অঞ্চলৰ পৰা কেইবাজনো কিশোৰ অৰুণাচললৈ নি দিনটো কাম কৰাই ৰাতি কোঠাত বন্দী কৰি ৰখাৰ তথ্য সদৰী কৰিছে। তাৰোপৰি লোভ লালসাৰে অপহৰণ কৰি নিয়া কিশোৰবোৰক অৱশেষত অৰুণাচলীৰ হাতত মোটা অংকৰ বিনিময়ত বিক্ৰী কৰে বুলিও ৰাইজৰ আগত স্বীকাৰ কৰে।

বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…


EVM বিকল
বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত ভোটদানত বিলম্ব

প্রায় ৪০০টা ভোট প্রদানৰ পাছতেই বিকল EVM


এই পর্যন্ত বন্ধ হৈ আছে ভোটদান প্রক্রিয়া

যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ কুশ কুটুম…

যোৰহাট আৰক্ষীৰ গুলীত আহত হৈছে এটা চোৰ। আহত চোৰটোৰ নাম কুশ কুটুম। চোৰটোৱে আৰক্ষীয়ে জিম্মাৰ পৰা পুৱতি নিশা পলয়নৰ চেষ্টা চলাই। ফলত আৰক্ষীৰ গুলীত আহত হয় কুশ কুটুম।

দালতত হাজিৰ কৰাৰ পাছত এদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল কুশ কুটুমক। কুশৰ লগতে আন তিনিটা চোৰকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে চোৰ কুশ কুটম।এই ঘটনাৰ সন্দৰ্ভত পুলিৰ আৰক্ষী থানাত  ৬০/২৪ ধাৰা ৩৮০/৩৪ ভিত্তিত এক গোচৰ ৰুজু হৈছে

ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হ’ল উচ্চতম ন্যায়ালয়…

ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়৷ উচ্চতম ন্যায়ালয়ে ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত আৰু এই দেশত ক’ভিশ্বিল্ড হিচাপে বিক্ৰী কৰা ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কোভিড-১৯ৰ ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে৷ শুনানিৰ বাবে অৱশ্যে এতিয়ালৈকে তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷ আদালতত দাখিল কৰা আবেদনত ভেকছিন বিধৰ পাৰ্শ্বক্ৰিয়াৰ অনুসন্ধানৰ বাবে বিশেষজ্ঞ পেনেল গঠনৰ দাবী আৰু ঔষধ গ্ৰহণ কৰাৰ পিছত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে দাবী জনোৱা হৈছে।

অৱশ্যে আবেদনখনৰ আগতীয়া শুনানি গ্ৰহণ কৰা নহ’ব। আবেদনখনত এনে উদাহৰণ দাবী দাঙি ধৰা হৈছে য’ত যিসকলে ভেকছিন গ্ৰহণ কৰি অক্ষম হৈ পৰাৰ কথা কোৱা হৈছে৷ তেওঁলোকৰ বাবেও ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে নিৰ্দেশনা দিয়াটো বিচাৰিছে আবেদনকাৰীয়ে৷ উল্লেখ্য শেহতীয়াকৈ এষ্ট্ৰাজেনেকাই কৈছে যে ক’ভিশ্বিল্ড ভেকছিনৰ ক্ষেত্ৰত টিটিএছ, বা থ্ৰম্বোচাইটোপেনিয়া চিণ্ড্ৰোমৰ বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে৷ ই হৈছে এনে এক স্থিতি যাৰ ফলত তেজ গোট মাৰিব পাৰে আৰু প্লেটলেটৰ সংখ্যা হ্ৰাস কৰিব পাৰে৷ জেমি স্কট নামৰ লোকজনে কৰা অভিযোগৰ পিছত আদালতত এষ্ট্ৰাজেনিকাই ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছিল৷ স্কটে দাবী কৰিছিল যে ২০২১ চনৰ এপ্ৰিল মাহত ভেকছিন গ্ৰহণৰ পিছত তেওঁৰ মগজুত তেজ গোট মাৰিছিল, ফলত স্থায়ী ভাৱে মগজু ক্ষতিগ্ৰস্ত হৈছিল। ভাৰতত ব্যাপকভাৱে প্ৰয়োগ কৰা হৈছিল ক’ভিশ্বিল্ড ভেকছিন৷ এই ভেকছিনৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়াৰ খবৰে সেয়ে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে৷

আজি অসমৰ চাৰি লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

আজি অসমৰ ৪ টা লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি নিৰ্ধাৰণ হ’ব ৪৭ গৰাকী প্রার্থীৰ ভাগ্য। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আজি ৰাজ্যৰ ৯, ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ মুঠ সংখ্যা ৮১ লাখৰো অধিক। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। কাইলৈ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।একেদৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কোকৰাঝাৰ লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে নিৰ্বাচনী যুঁজত নামিছে।

আজি নিৰ্ধাৰণ হ’ব এইসকল প্ৰাৰ্থীৰ ভাগ্য। ২৬ এপ্ৰিলত ৰাজ্যখনৰ পাঁচটা সংসদীয় সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত ৭৭.৩৫ শতাংশ ভোটদান হৈছিল। ৰাজ্যখনত ১৯ এপ্ৰিলত পাঁচটা সংসদীয় সমষ্টি – যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, কাজিৰঙা আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৭৮.২৫ শতাংশ ভোটদান হৈছিল।

পুৱা ৯ বজালৈ গুৱাহাটীত ভোটদানৰ হাৰ ১০.৩৮%…

পুৱা ৯ বজালৈ গুৱাহাটীত ভোটদানৰ হাৰঃ


১)৩৩ দিছপুৰ এল এ চি:-১০.৪৩%

২)৩৪ ডিমোৰিয়া এল এ চি:-১১.০৬%

৩)৩৫ নতুন গুৱাহাটী এল এ চি: ৯.৫৩%

৪)৩৬ গুৱাহাটী কেন্দ্ৰীয় এল এ চি:-১০.২৮%

৫)৩৭ জালুকবাৰী কেন্দ্ৰীয় এল এ চি:-১১.৩০%

আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…

আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ।

গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ, ধুবুৰীত ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ।

৪ সমষ্টিৰ ৪৭জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮১,৭৭,২০৭ ভোটাৰে।

দেশৰ ১৩ ৰাজ্যৰ ৯৪ সমষ্টিত ভোটগ্ৰহণ।