Home Blog Page 876

হৃদ ৰোগৰ বাবে কণী ক্ষতিকাৰক হয়নে নহয় জানক…

অষ্ট্ৰেলিয়াৰ এক গৱেষকৰ দলে “আমেৰিকান জাৰ্নেল অব ক্লিনিকেল নিউটড়িচিয়ান’ত প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰতি সপ্তাহত ১২ টা পৰ্যন্ত কণী খালে হৃদৰোগ সম্বন্ধীয় ৰোগ বৃদ্ধি নহয় । তদুপৰি ই ডায়েবেটিছ, কলেষ্টেৰল আদিৰ বাবেও ক্ষতিকাৰক নহয় । অষ্ট্ৰেলিয়াৰ গৱেষকৰ দলটোৱে ১৪০ জন ব্যক্তিক দুটাকৈ শ্ৰেণীত ভাগ কৰি উক্ত গৱেষণা কৰিছিল । তাৰে প্ৰি ডায়েবেটিছ আৰু টু ডায়েবেটিছৰ ব্যক্তিসকলক এটা ভাগেই এবছৰৰ বাবে সপ্তাহত ১২ টাকৈ কণীৰ ডায়েট আৰু আনটো ভাগত এসপ্তাহত ২ টা কণীৰ ডায়েটৰ লগতে স্বাস্থ্যসন্মত খাদ্য তালিকা প্ৰস্তুত কৰি সেইমতে এবছৰ চলিবলৈ দিছিল । এবছৰৰ পিছত পোৱা গৱেষণাৰ তথ্য অনুসৰি দুয়োটা শ্ৰেণীৰে হৃদৰোগজনিত কাৰকসমূহ যেনে কলেষ্টেৰল, হাইব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদিৰ ক্ষেত্ৰত কোনোধৰণৰ তাৰতম্য ঘটা নাই । তদুপৰি দুয়োটা শ্ৰেণীৰ ব্যক্তিসকলৰ একে পৰিমাণে এজন হ্ৰাস হৈছে । এই গৱেষণাই এনেকুৱা বিষয়সমূনহত হোৱা পূৰ্বে গৱেষণাসমূহক সহযোগিতা কৰি দেখুৱাইছে যে যিবোৰ লোকে কণী খায় তেওঁলোকৰ তেজত থকা কলেষ্টেৰলৰ মাত্ৰাত কিছু পৰিমাণে কণীয়ে প্ৰভাৱ পেলায় । কণী হৈছে প্ৰ’টিন আৰু মাইক্ৰ নিউট্ৰিনছৰ উৎস । কণী খোৱাৰ পৰা বিৰত থাকিব নালাগে । কণী স্বাস্থ্যসন্মত খাদ্য প্ৰণালীৰ এক অংশ

টেক্সট নেক এক আধুনিক ছিনড্ৰম –

ক্সট নেক (Text Neck) হৈছে একেৰাহে বহু সময় ধৰি বা বাৰে বাৰে তলফালে হাউলি স্মাৰ্ট ফ’ন, আইপেড, কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ ফলত হোৱা ডিঙিৰ বিষ আৰু তাৰ লগত হ’ব পৰা ৰাজহাড় আৰু ডিঙিৰ মাংসপেশীৰ ক্ষতি । আমেৰিকান কাইৰ’প্ৰেক্টৰ ডা: দীন ফিছমেনে স্মাৰ্টফ’ন ব্যৱহাৰৰ ফলত হ’ব পৰা ডিঙিৰ বিষৰ বৰ্ণনা কৰিবলৈ টেক্সট নেকৰ উদ্ভাৱন কৰিছিল । যেতিয়া আমাৰ ডিঙি আগফালে হাউলি একেৰাহে বহু সময় ধৰি এটা স্থিতিত ৰখা যায়, তেতিয়া ডিঙিৰ মাংসপেশীত আৰু কান্ধত যথেষ্ট পৰিমাণৰ চাপৰ উৎপত্তি হয়, যাৰ ফলত তীব্ৰ আৰু দীৰ্ঘকালীন ডিঙিৰ বিষৰ সৃষ্টি হয় । ইয়াৰ পৰা দীৰ্ঘকালীন মূৰৰ বিষো হ’ব পাৰে ।

এইধৰণৰ বৰ্ধিত সমস্যাৰ মুখ্য কাৰণ হৈছে- মানুহৰ আধুনিক জীৱন শৈলী, স্মাৰ্টফ’ন, কম্পিউটাৰ, আইপেড আদিৰ দৈনন্দিন জীৱনত বহুল ব্যৱহাৰ ।

নতুনকৈ চলোৱা গৱেষণাত প্ৰকাশ পাইছে যে স্মাৰ্টফ’ন ব্যৱহাৰ কৰা সকলোৱে গড় হিচাপত দৈনিক চাৰি ঘণ্টা সময় একেথিৰে নিজৰ স্মাৰ্টফ’ন চাই কটায় (বছৰত প্ৰায় ১৪০০ ঘণ্টা) । সেয়েহে এইটো কোনোধৰণৰ আশ্চৰ্য নহয় যে টেক্সটনেকৰ দৰে ৰোগৰ ঘটনা দিনে দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ পৰা ধাৰণা হয় যে ম’বাইল প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত অপেক্ষিকভাৱে টেক্সট নেকৰ দৰে অনুৰুপ ঘটনা যথেষ্ট বৃদ্ধি পাবলৈ লৈছে ।

আমাৰ শৰীৰৰ মুদ্ৰা (Posture) আমি যিধৰণে স্মাৰ্টফ’ন ব্যৱহাৰ কৰাৰ সময়ত পালন কৰোঁ ইয়াৰ পৰা ডিঙিৰ হাঁড় আৰু মাংসপেশীত যথেষ্ট পৰিমাণৰ চাপ পৰে আৰু ইয়াৰ ফলত মাত্ৰাধিক ক্ষয় বা স্থায়ী ক্ষতি হ’ব পাৰে ।

প্ৰধান সমস্যাটো হ’ল সাধাৰণভাৱে ম’বাইলৰ স্ক্ৰীনলৈ চাওঁতে মূৰটো সন্মুখৰ ফালে হাউলি চোৱা যায় । এই অস্বাভাৱিক স্থিতিয়ে প্ৰকৃততে ছাৰভাইকেল স্পাইনৰ (ডিঙি) পিছফালৰ স্বাভাৱিক বক্ৰৰ (Curve) ওলোটা প্ৰভাৱ পেলায় । এই পৰিৱৰ্তন প্ৰকৃততে পৰিলক্ষিত হয় X/Ray বা MRI ৰ জৰিয়তে- য’ত আমি ছাৰভাইকেল স্পাইনৰ চিধা বা ওলোটা বক্ৰ দেখিবলৈ পাওঁ ।

মানুহৰ মূৰটোৰ গড় হিচাপত ওজন ৪.৫ ৰ পৰা ৫ কিল’গ্ৰাম । ছাৰভাইকেল স্পাইনৰ (ডিঙি) ৰুপাংকন (designed) এনেদৰে হৈছে যাতে এইখিনি মূৰৰ ওজন সুষমভাৱে তুলি ধৰি থাকিব পাৰে । তথাপি সামান্যৰুপে পিছফালৰ বক্ৰই (backward curve) ইয়াৰ প্ৰভাৱ ধৰি ৰাখিব পাৰে । সি যি নহওক, আমি আমাৰ মূৰটো সন্মুখৰ ফালে যিমান বেছি সময় হাওলাই ৰাখিম সিমান বেছি পৰিমাণৰ চাপ (Stress) আৰু টান ডিঙিত (Neck) বাঢ়িব । এইটো ১৫ ডিগ্ৰী কোণত ইয়াৰ ওজন ১২ কেজি, ৩০ ডিগ্ৰী কোণত ১৮ কেজি আৰু ৬০ ডিগ্ৰীত ইয়াৰ ওজন ২৭ কিল’গ্ৰামলৈ হয় । ফলত ইয়াৰ পৰা ছাৰভাইকেল স্পাইনৰ ওলোটা বক্ৰ আৰু কম বয়সতে হ’ব পৰা ডিঙিৰ স্পণ্ডিলাইটিচৰ সম্ভাৱবা বৃদ্ধি হয় ।

টেক্সট নেকৰ সাধাৰণ লক্ষণ –

*স্মাৰ্টফ’নৰ ব্যৱহাৰৰ সময়ত তাৎক্ষণিক ডিঙি আৰু পিঠিৰ বিষ ।

*কান্ধৰ জঠৰতা আৰু বিষ ।

*স্মাৰ্টফ’ন, কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ সময়ত হোৱা মূৰৰ বিষ আৰু মূৰ ঘুৰণি ।

*হাতৰ সৰু গাঁঠি, কিলাকুটি, বাহু আদিৰ বিষ ।

টেক্সট নেকৰ পৰা নিজক বচাই ৰাখিবলৈ ল’বলগীয়া সাৱধানতা :-

*স্মাৰ্টফ’ন ব্যৱহাৰ কৰোঁতে মূৰটো তলফালে হাউলি যোৱাৰ পৰিৱৰ্তে ফ’ন চকুৰ সন্মুখত লৈ ব্যৱহাৰ কৰিব লাগিব ।

*কম্পিউটাৰ লেপটপ আদিৰ ব্যৱহাৰ কৰোঁতে শৰীৰৰ মুদ্ৰা (Posture) শুদ্ধ হ’ব লাগিব ।

*নিয়মিতভাৱে ডিঙিৰ ব্যায়াম কৰিব লাগিব ।

*একেৰাহে বহু সময় ধৰি স্মাৰ্টফ’ন ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ।

ফিজিঅ’থেৰাপি চিকিৎসাৰ সুফল –

*কম বয়সতে হ’ব পৰা ছাৰভাইকেল স্পণ্ডিলাইটিছৰ সম্ভাৱনা হ্ৰাস কৰে ।

*ছাৰভাইকেল (ডিঙিৰ) অস্থিৰতা সম্ভাৱনা হ্ৰাস কৰে ।

*যান্ত্ৰিক ডিঙিৰ বিষৰ (মেকানিকেল নেক পেইন) সম্ভাৱনা হ্ৰাস কৰে ।

*ডিঙিৰ মুদ্ৰাৰ দীৰ্ঘম্যাদী সংশোধন কৰে ।

*ছাৰভাইকেল স্পাইনৰ পৰা হ’ব পৰা মূৰৰ বিষৰ (ছাৰভাইক’জেনিক হেডেক) বিপদাশংকা  হ্ৰাস কৰে ।

লেখক :- ডা: অপূৰ্ব ৰাজবংশী

চীনৰ ছবিগৃহত মুক্তি পাব বিক্ৰান্ত মেছিৰ ছবি 12th ফেইল…

বিক্ৰান্ত মেছিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা টুৱেলভ ফেইল ছবিখন চীনত বিপুল সংখ্যক পৰ্দাত মুক্তি পাবলৈ সাজু হৈছে। অভিনেতাগৰাকীয়ে নিশ্চিত কৰিছে যে ছবিখনে ২০ হাজাৰৰো অধিক পৰ্দাত চীনৰ চিনেমাগৃহত মুক্তি পাব। চীনত হিন্দু চিনেমাৰ ব্যাপক চাহিদা, টুৱেলভ ফেইল মুক্তিৰ বাবে দেশে আমাক ২০ হাজাৰৰো অধিক পৰ্দা দিছে; চীনে মনোৰঞ্জন উদ্যোগক যোগান ধৰে বুলি টুৱেলভ ফেইলৰ অভিনেতাগৰাকীয়ে কয়।

কেৱল এয়াই নহয়, কৰীনা কাপুৰ খান আৰু আনন্দ মহিন্দ্ৰাকে ধৰি বহু জনপ্ৰিয় ব্যক্তিত্ব আৰু বলীউডৰ চেলিব্ৰিটিয়ে ছবিখন আৰু দ্বাবিক্ৰান্তৰ অভিনয়ক প্ৰশংসা কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে বিক্ৰান্তই ফিল্মফেয়াৰ বঁটাও লাভ কৰে।

২০১৯ চনত মুক্তি পোৱা একে নামৰ হিন্দী উপন্যাসখনৰ অভিযোজন অনুৰাগ পাঠকৰ দ্বাৰা ৰচিত এই গ্ৰন্থখন আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মা আৰু আই আৰ এছ বিষয়া শ্ৰদ্ধা যোশীৰ জীৱনৰ ওপৰত আধাৰিত। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মেছি আৰু মেধা শংকৰে।

তেওঁলোকৰ উপৰিও অনন্ত ভি যোশী, অংশুমান পুষ্কৰ, আৰু প্ৰিয়ংশু চেটাৰ্জীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। বিধু বিনোদ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনেও সমালোচকসকলে অতিশয় শলাগ লৈছিল। থিয়েটাৰত মুক্তি পোৱাৰ প্ৰায় দুমাহৰ পিছত ছবিখনৰ প্ৰিমিয়াৰ হয় ডিজনী+ হটষ্টাৰত।

যদি আপুনি অফিচত আইনা ৰাখিছে তেন্তে এই ৫টা নিয়ম মানি চলক, নহ’লে আপোনাৰ কেৰিয়াৰ ডুবিব…

আইনা এনেকুৱা এটা বস্তু, প্ৰতিখন ঘৰতে পোৱা যায়। বহুতে নিজৰ কৰ্মক্ষেত্ৰতো আইনা ৰাখি ভাল পায়। বাস্তু শাস্ত্ৰৰ মতে কৰ্মক্ষেত্ৰত দাপোন ৰখাটো শুভ বুলি গণ্য কৰা হয় যদিও এই ক্ষেত্ৰত কিছু নিয়ম আছে। যদি সেই নিয়মবোৰ মানি চলা নহয় তেন্তে অৰ্থনৈতিক দুৰ্যোগ হ’বলৈ বেছি সময় নালাগে। যদি আপুনি আপোনাৰ কৰ্মস্থলীত আইনা এখন ৰাখিব বিচাৰে তেন্তে ইয়াৰ আকৃতি ঘূৰণীয়া হ’ লাগে। এই ধৰণৰ দাপোনে ইতিবাচক শক্তি নিৰ্গত কৰে, যাৰ ফলত কেৰিয়াৰৰ অগ্ৰগতি হয়। ত্ৰিভুজ বা বৰ্গক্ষেত্ৰৰ দাপোন ৰখাৰ ফলত ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে বহুতো সমস্যাৰ সৃষ্টি হয়।


বাস্তু শাস্ত্ৰৰ মতে কৰ্মক্ষেত্ৰত আইনাখন ৰখা ঠাইৰ চাৰিওফালে বেছি বস্তু ৰখা উচিত নহয়। ইয়াৰ বাবেই গ্লাছ ভাঙি যোৱাৰ আশংকা সদায় থাকিব। লগতে দাপোনৰ পৰা নিৰ্গত ধনাত্মক শক্তি বিয়পি ঋণাত্মক শক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে, যাৰ ফলত ক্ষতি হ’ব।


আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সংস্থাপন কৰিব বিচৰা দাপোনৰ পিছফালৰ ৰং নীলা হ’ব লাগে। ক’লা বা আন ৰঙৰ আইনা এখন ৰাখিলে আপোনাৰ কামৰ পৰা বিচলিত হ’ব পাৰে। যাৰ বাবে আপোনাৰ চাকৰিৰ অগ্ৰগতিৰ আশা ম্লান হ’ব পাৰে। ইয়াৰ উপৰিও চাকৰিটোৰ প্ৰতিও ভাবুকি আহিব পাৰে।


যদি আপুনি আপোনাৰ কৰ্মস্থলীত দাপোন ৰাখিব বিচাৰে, তেন্তে ইয়াৰ কোণ এনেকুৱা হ’ব লাগে যাতে আপোনাৰ ছবিখন পোনে পোনে দেখা নাযায়। অৰ্থাৎ অফিচৰ এনে ঠাইত ৰাখিব লাগে, য’ত আপোনাৰ প্ৰতিচ্ছবি তাত ওলাই নাহে। এনে কৰিলে আপোনাৰ কামত বাধা আহিব পাৰে।


বাস্তু শাস্ত্ৰৰ মতে যদি আপুনি অফিচৰ ডেস্কত আইনা এখন ৰাখে, তেন্তে নিশ্চিতভাৱে ইয়াৰ আকাৰৰ প্ৰতি গুৰুত্ব দিব। ই বেছি ডাঙৰ হ’ব নালাগে, বেছি সৰুও হ’ব নালাগে। মধ্যমীয়া আকাৰৰ দাপোন থকাটো ভাল বুলি ধৰা হয়। এই ধৰণৰ আইনা বজাৰত সহজে পোৱা যায়, যিখন অফিচত ৰাখিব পাৰি।


ৰঙিয়াত বিপিএফ দলৰ নিৰ্বাচনী কাৰ্যসূচী…

ৰঙিয়াত লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বতাহ বলা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে ৰঙিয়াৰ চেপ্তীত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো উদ্বোধন কৰে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে । কাৰ্যালয়টো উদ্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিৰ বাহিৰতো বিপিএফক সমৰ্থন দিয়া বহু ৰাইজ আছে ।

এইবছৰৰ নিৰ্বাচনত সুদীৰ্ঘ বিশ বছৰৰ পিছত বিজেপি হাৰিব বুলি আত্মবিশ্বাসেৰে কৈ নেতা গৰাকীয়ে কয় যে ৰাইজে দিলীপ শইকীয়াক বেয়া পোৱা হৈছে । বিগত সময়চোৱাত দিলীপ শইকীয়া ৰাইজৰ পৰা দুৰত্ব বজাই চলিছিল ।

গতিকে ৰাইজে এইবাৰ দিলীপ শইকীয়াক বৰ্জন কৰিব । আনহাতে বিপিএফৰ দৰং ওদালগুৰি সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুৰ্গাদাস বড়োৱে ভাষণ দি কয় যে কা বলবৎ কৰাৰ পূৰ্বে আইনখন বিৰুদ্ধে অসমৰ ৰাইজে একেস্বৰে মাত মাতিছিল । এই আন্দোলনত পাঁচজনকৈ অসমীয়া স্বহীদ হ’ল । কিন্তু অসমৰ ৰাইজৰ মতৰ বিৰুদ্ধে গৈ দিল্লীত বিজেপিয়ে কা খন বলবৎ কৰিলে আৰু দিলীপ শইকীই এবাৰো ৰাইজৰ মত দিল্লীৰ আগত উপস্থাপন নকৰিলে ।

সাৱধান! বিহুৰ বতৰত ডায়েবেটিছ ৰোগীয়ে গুড়কে ধৰি এই ২টা বগা বস্তু নাখাব…

ডায়েবেটিছ হ’লে কেৱল তেজৰ চেনিয়েই নহয়, বহুতো মাৰাত্মক ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। গতিকে ডায়েবেটিছ ৰোগীয়ে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। ইয়াৰ ভিতৰত দৈ আৰু গুড়ৰ দৰে স্বাস্থ্যকৰ খাদ্যৰ লগতে নূন্যতমভাৱে বগা নিমখ গ্ৰহণ কৰাটোও ডায়েবেটিছ নিয়ন্ত্ৰণত অতি গুৰুত্বপূৰ্ণ, যিটো ৰোগত শৰীৰে ইনচুলিন উৎপাদন বন্ধ কৰে বা ইয়াৰ সঠিক ব্যৱহাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে এনে খাদ্য সামগ্ৰী কমকৈ খাব লাগে।

বিশেষজ্ঞসকলৰ মতে, চেনিতকৈ সমান বা অধিক পৰিমাণত গুড় গ্ৰহণ কৰিলে চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে যিটো ডায়েবেটিছ ৰোগীৰ বাবে স্বাস্থ্যকৰ নহয়। চেনিতকৈ গুৰ ১০০% স্বাস্থ্যকৰ আৰু পুষ্টিৰে ভৰপূৰ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি গু়ড বেছিকৈ খাব।


ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকল উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি, যাৰ ফলত হৃদৰোগ, ষ্ট্ৰোক, বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু নিমখ গ্ৰহণৰ ফলত তেজৰ চেনিৰ ওপৰত কোনো প্ৰভাৱ নপৰে। কিন্তু নিমখ সীমিত পৰিমাণত খালে ডায়েবেটিছৰ জটিলতাৰ পৰা ৰক্ষা পৰিব পাৰি।

দৈৰ প্ৰকৃতি গৰম। যাৰ বাবে ইয়াক হজম হ’বলৈ বহু সময় লাগে। যিহেতু ডায়েবেটিছত হজম শক্তি দুৰ্বল হৈ পৰে, সেয়েহে বহু পৰিমাণে দৈ খালে মেদবহুলতা, কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে কেতিয়াবা ডায়েবেটিছ ৰোগীয়ে মাখন খাব পাৰে।


নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি…

নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি। প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ নিৰ্বাচনত ব্যৱহৃত বাহনৰ চালক-হেণ্ডিমেনৰ ।

ভোটকেন্দ্ৰলৈ প’লিং-প্ৰিজাইডিং বিষয়াৰ যাতায়াতৰ বাবে ভাড়াত লৈছিল বাহন।

ধনশিৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰিবহণ কোষে ভাড়ালৈ আনিছিল বাহনসমূহ।কিন্তু হেণ্ডিমেনসকলক খোৰাকি প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰে চালক-হেণ্ডিমেন।

কংগ্ৰেছে কৰা পাপৰ ফল আজি কংগ্ৰেছীয়ে ভুগিছেঃ দিলীপ শইকীয়াই

নামখলাত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ তুংগত৷

আধাঘণ্টা পিচতেই বি পি এফৰ নিৰ্বাচনী সভা নামখলাত।

বি জে পি নিৰ্বাচনী সভাত বিপিএফ আৰু কংগ্ৰেছ প্ৰাৰ্থীক সমালোচনা দিলীপ শইকীয়াৰ।

কংগ্ৰেছৰ কঁটা হাতখনে ৫৫বছৰে দৰং-ওদালগুৰিৰ বাবে কি কৰিলে।

কংগ্ৰেছে কৰা পাপৰ ফল আজি কংগ্ৰেছীয়ে ভুগিছে।

বিটিচি আৰু দৰঙত বিপিএফ শূন্য বুলি উল্লেখ কৰে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই।

ছিপাঝাৰ সমষ্টিৰ নামখলাত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাগৰাকীও বিপিএফ দলৰ কাৰ্যকৰ্তাই বিজেপিত যোগদান কৰে।

নিউ বঙাইগাঁও জংচনত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক…

নিউ বঙাইগাঁও জংচনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

ড্ৰাগছসহ এজন সৰবৰাহকাৰীৰ আটক। জব্দ ড্ৰাগছভৰ্তি ৭টা চাবোনৰ বাকচ, এটা মোবাইল আৰু আধাৰ কাৰ্ড।

ড্ৰাগছ সৰবৰাহকাৰী বেনেছ আলীক আটক।

কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই…

কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই।

নৱ শৰণীয়া ST নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

জাতিগত প্ৰমাণ-পত্ৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়।

নাজিৰাৰ সকলো ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে দায়িত্বত নিউজিত বিষয়াসকল…

নাজিৰাৰ সকলো ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে দায়িত্বত নিউজিত বিষয়া সকল, কাইলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ৫ টা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং, পিজাইডিং বিষয়াৰ দল। দুৰ্গম অঞ্চল সমূহৰ বাবে পুৱা ভাগৰ পৰাই ৰাওনা হৈছে দল সমূহ। ইভিএম মেছিন আৰু ভিভিপেট লৈ মুঠ ২২৪ টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এই দলসমূহ।


যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত মুঠ ১৮০০৬৪ গৰাকী ভোটাৰৰ ভোটগ্ৰহণৰ বাবে পুলিং পিজাইডিং বিষয়া সকল ৰাওনা হৈছে ভোট কেন্দ্ৰ সমূহলৈ। নাজিৰাৰ মুঠ পুৰুষ ভোটাৰ ৮৮১৭৭ জন, মহিলা ভোটাৰৰ সংখ্যা ৯১৮৮৬ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১ জন।