Home Blog Page 920

আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ…

অসমকে ধৰি উত্তৰ পূব ভাৰতৰ চাৰিখন ৰাজ্যৰ ৫৭ খন জিলাত ২০০৯ চনৰ পৰা যিকোনো দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈ অহা ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী ( এন ডি আৰ এফ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত ১৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হয় বাহিনীটোৰ সঞ্চালক প্ৰধান পীযুষ আনন্দ।

নতুন দিল্লীৰ পৰা ১৬ এপ্ৰিলত আহি উপস্থিত হোৱা সঞ্চালক প্ৰধান আনন্দে প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ত আদৰণি জনায় কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীয়ে। তাৰ পাছত প্ৰথম এন ডি আৰ এফৰ কমাডেণ্ট কাণ্ডাৰীৰ সৈতে বাহিনীটোৰ বিভিন্ন প্ৰশিক্ষণ হোৱা ব্ৰহ্মপুত্ৰৰ দক্ষিণ কামৰূপৰ পলাশবাৰী ঘাট আৰু গুৱাহাটীৰ উজানবজাৰ ঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সঞ্চালক প্ৰধান গৰাকীয়ে দুয়োটা ঘাটতে পানীত ডুব যোৱা মানুহ আৰু বানপানীৰ সময়ত কিদৰে এন ডি আৰ এফৰ লোকে বানাক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰে তাৰ বুজ লয়। তেনেদৰে আজি পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ত এখন সৈনিক সন্মিলনত বিষয়া – জোৱান সকলক সম্বোধন কৰি সঞ্চালক প্ৰধান পীযুষ আনন্দে বাহিনীটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে সকলোকে নিজ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ আহ্বান জনায়।

শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰী…

১৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাত ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা ১৯ এপ্ৰিলৰ ভোটদান পৰ্ব শেষ নোহোৱা পৰ্যন্ত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে বিশেষ ক্ষমতাৰে ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ এশ মিটাৰ দূৰত্বৰ ভিতৰত পাঁচজনতকৈ অধিক লোক সমাগম হোৱা, লাঠী, ৰ’ড, তৰোৱাল জাতীয় সামগ্ৰী আৰু মাৰনাস্ত্ৰ আদি কঢ়িওৱা আদি কাৰ্য সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰিছে।

এনে ধৰণৰ কাৰ্যই নিকা নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত যাতে ৰাজহুৱা শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এই আদেশ ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুযায়ী দণ্ডনীয় হব।

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ লাই খুটা স্থাপন

গুৱাহাটী, ১৭ এপ্ৰিল: অহা ২১ এপ্ৰিলত হব লগা জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ যোৱা ১৫ এপ্ৰিলত লাইখুটা স্থাপন কৰা হয়। লাই খুটা স্থাপন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সক্ৰিয় তথা বয়জেষ্ঠ সদস্য উত্তৰ জালুকবাৰীৰ ছৰিফ উল্লাহে ।

সমাৰোহৰ লাইখুটা স্থাপন কৰাৰ পিছত এখনি জৰুৰী কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ কাৰ্যকৰী সভাপতি প্ৰমোদ চন্দ্ৰ দাসে । উক্ত সভাত সমাৰোহ সম্পৰ্কে আলোচনা কৰা হয়।

সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় যদিও বিশেষ ভাৱে আলোচনা কৰা বিষয়টো হৈছে বিভিন্ন প্ৰান্তত থকা জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল যাতে আগন্তুক সমাৰোহত যোগদান কৰি সমাৰোহ সৌষ্ঠৱ বৃদ্ধি কৰাৰ। সমাৰোহৰ যোগাযোগৰ ক্ষেত্ৰত সমাৰোহৰ সম্পাদকদ্বয় ক্ৰমে কুমুদ চন্দ্ৰ দাস ফোন নং 9435308395আৰু ছাহজাহান আলী ফোন নং ৯৯৫৪০৬৬৫৫০ যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাই ।

আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত ৰাহুল গান্ধীয়ে নিশ্চিত কৰা নাই…

সমাগত লোকসভা নিৰ্বাচনৰ পৰিপেক্ষিতত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত চলিছে ব্যাপক নির্বাচনী প্ৰচাৰ।আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত ৰাহুল গান্ধীয়ে নিশ্চিত কৰা নাই।

দলৰ নিৰ্বাচন পেনেলে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব।

কেৰালাৰ ৱায়ানাডৰ পৰা পুনৰ মনোনীত হৈছে ৰাহুল গান্ধী, ইফালে আমেথিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভৱনা আছে।

বাটলাৰৰ শতকটো নিশ্চিতভাৱে মই দেখা শীৰ্ষ পাঁচটা শ্ৰেষ্ঠ ইনিংছৰ অন্যতম ! মেচৰ অন্তত ক’লে ৰয়েলছৰ কেৰিবিয়ান তাৰকা ৰভমেন পাৱেলে…

টি-২০ ক্ৰিকেটত এতিয়ালৈকে আমি বহু স্মৰণীয় ইনিংছ দেখাৰ সৌভাগ্য হৈছে৷ কিন্তু ইডেন গাৰ্ডেনত জ’ছ বাটলাৰে যি শতকীয় ইনিংছ খেলিলে সেয়া মই দেখা টি-২০ ইনিংছৰ ভিতৰত এটা অন্যতম৷ ক্ৰিছ গেইলেও কেৰিয়াৰত কেবাটাও কল্পনাতীত শতক অৰ্জন কৰা দেখিছো৷ কিন্তু মই দৃঢ়তাৰে কব বিচাৰো বাটলাৰৰ কে কে আৰৰ বিৰুদ্ধে খেলা এইটো ইনিংছ নিশ্চিতভাৱে বিশ্বৰ শীৰ্ষ পাঁচটাৰ ভিতৰত থাকিব ’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ কেৰিবিয়ান তাৰকা ৰভমেন পাৱেলৰ ৷

উল্লেখ্য যে যোৱানিশা কলকাতাৰ ইডেন গাৰ্ডেনত হোৱা এখন উত্তেজনাপূৰ্ণ মেচত ৰাজস্থান ৰয়েলছে দুই উইকেটত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি সাতখন মেচ খেলাৰ অন্তত ১২ পইণ্ট সংগ্ৰহৰে নিজৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷ মেচখনত কে কে আৰে দিয়া ২২৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰয়েলছে অভিলেখ গঢ়ি জয় অৰ্জন কৰিবলৈ সক্ষম হয় ৷ দলৰ এই অনন্য গৌৰৱময় বিজয়ৰ নায়ক হ’ল ইংলণ্ডৰ তাৰকা তথা ৰয়েলছৰ অপেনাৰ জ’ছ বাটলাৰৰ অপৰাজিত ১০৭ ৰানৰ বিস্ময়কৰ ইনিংছটো ৷

মাত্ৰ ৬০ টা বলত অপৰাজিত ১০৭ ৰান কৰা বাটলাৰৰ ভৰিত আঘাতৰ সমস্যা আছিল বুলিও মেচৰ অন্তত সংবাদমেলত প্ৰকাশ কৰে পাৱেলে ৷ ‘যোৱা মেচত আঘাতৰ বাবে বাটলাৰক মুল একাদশৰ পৰা আঁতৰাই ৰখা হৈছিল৷ কিন্তু আৰ আৰৰ ছাপৰ্ট ষ্টাফ আৰু ফিজিঅ’ই তেওঁৰ লগত দীৰ্ঘ সময় কাম কৰিছিল ৷ বাটলাৰৰ এই প্ৰত্যাৱৰ্তন সচাই অতুলনীয়৷ ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত দেখা পোৱা অন্যতম উন্নত ইনিংছ আছিল এই ইনিংছ ৷’ ৰয়েলছৰ অলৰাউণ্ডাৰ তথা ৱেষ্ট ইণ্ডিজৰ অধিনায়কগৰাকীয়ে লগতে ব্যক্ত কৰে ৷

উল্লেখ্য যে মেচখনত ৰাজস্থানে ছটা উইকেট হেৰুৱাই শেলথেকত পৰাৰ সময়তে বাটলাৰৰ লগত গুৰুত্বপূৰ্ণ ৫৭ ৰানৰ যুটি বান্ধি কে কে আৰৰ হাতৰ পৰা মেচ নিজৰ আয়ত্বলৈ অনাত পাৱেলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সুনীল নাৰায়নৰ বিৰুদ্ধে তেওঁৰ ডাঙৰ হিটসমূহে ৰয়েলছৰ বাবে অসম্ভৱ জয়ৰ আশা জগাই তুলিছিল৷

কণ্ঠশিল্পী তনময় শইকীয়াৰ পচৰীয়াৰ নপাৰা ৰাইজে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

কণ্ঠশিল্পী তনময় শইকীয়াৰ ফেচবুক পোষ্ট…

অসমীয়া বাপোতি সাহোন ৰঙালী বিহুটিক কিছুমান নিকৃষ্ট মানসিককতাৰ মানুহে নিশেষ কৰিবলৈ ওলাইছে।এইয়াই নেকি অসমীয়াৰ সাংস্কৃতিক জগতৰ প্ৰতি থকা দায়াবদ্ধতা ?বিহু অনুষ্ঠান সমূহত শিল্পীসকলৰ কোনো নিৰাপত্তা নাই নেকি? আপোনালোকৰ সন্মূখত যোৱা নিশা ঘটা এটি দূৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে জনাবলৈ ওলাইছো। আগতে এনেধৰণৰ অভিজ্ঞতাৰ সম্মুখীন হোৱা নাছিলোঁ বাবেই কথাবোৰ সহজভাৱে ল’ব পৰা নাই।বিহু উপলক্ষে যোৱা নিশা আমি পচৰীয়াৰ নপাৰা ৰাইজে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানত গীত পৰিবেশন বাবে যাওঁ।আয়োজক কমিটীৰ বিষয়ববীয়া সকলে জনোৱা মতে আমাক ১১বজাত মঞ্চ এৰি দিয়াৰ কথা আছিল কিন্তু সেই সময় পাৰ হৈ ৰাতি ১‌ বাজিছিল।

তথাপি আমি একো আপত্তি নকৰিলো।মই একেৰাহে ১ বজাৰ পৰা ৩:৩০বজালৈ গীত পৰিবেশন কৰি থাকিলো, যদিও ম‌ই শাৰীৰিক ভাৱে অসুস্থ আছিলো তথাপিও কমিটীৰ সদস্য সকলে মোৰ সহযোগী শিল্পী গৰাকীক গীত পৰিৱেশন কৰিবলৈ সুযোগ দিয়া নাছিল। অনুষ্ঠান আৰম্ভ হোৱাৰ পৰা আয়োজক কমিটীৰ সদস্যসকলে মোক নিজৰ মতে গীত পৰিবেশন কৰিবলৈ সুবিধা দিয়া নাছিল, বিভিন্ন ধৰণৰ বেয়া কথাৰে মোক অপমানিত কৰিছিল। মই সকলোবোৰ সহ্য কৰি অনুষ্ঠান সামৰণি মাৰাৰ পিছত কমিটীৰ সদস্য সকলে মোক আৰু বহু সময় গীত পৰিৱেশন কৰিবলৈ জোৰ কৰিছিল। যিটো আমাৰ বাবে সম্ভৱ নাছিল।

তাৰে অজুহাতত কমিটীৰ সদস্যসকলে আমাৰ লগত কাজিয়াত লিপ্ত হ’বলৈ আগবাঢ়ি আহিল।উপায়ন্ত হৈ মই আৰু মোৰ সহশিল্পী গৰাকী তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হʼলো যদিও মোৰ সহযোগী বাদ্যযন্ত্ৰী সকলৰ লগতে আমাৰ লগত যোৱা‌ আন ব্যক্তি সকলক তাতে এৰি আহিব লগা হʼল।কিন্তু দুখৰ বিষয়টো এই যে মোৰ বাদ্যযন্ত্ৰী কেইজনমানক আয়োজক কমিটীৰ সদস্য সকলে মিলি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে।গোটেই অঞ্চলতোৰ মানুহ সকলে সকলোবোৰ দৃশ্য নিমাত হৈ চাই থাকিল কিন্তু বাধা দিবলৈ কোনো এজন ব্যক্তিও আগবাঢ়ি নাহিল। মই আপোনালোকৰ আগত কথাখিনি অবগত কৰাৰ কাৰণ এটাই যে যিটো পৰিস্থিতিৰ সন্মুখীন আমি যোৱা নিশা হৈছিলো তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন ভৱিষ্যতে যাতে কোনো শিল্পীয়ে নহ‌ওঁক। শেষত সকলো শিল্পীলৈ এটাই অনুৰোধ যে পৰাপক্ষত এনেধৰণৰ ঠাইত অনুষ্ঠান কৰিবলৈ যোৱাৰ আগতে ভালদৰে বিচাৰ বিবেচনা কৰিহে যাব।

নামনি মাজুলীত কংগ্ৰেছৰ বৃহৎ বাইক ৰেলী পদযাত্ৰা ! সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ…

নামনি মাজুলীত কংগ্ৰেছৰ বৃহৎ বাইক ৰেলী : পদযাত্ৰা:

সংবিধান বচাও শ্ল’গানৰে মুখৰ ৰাজপথ:সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ মাজুলীত আজি ভাৰতীয় জাতীয় কংগ্ৰেছে এক শক্তি প্ৰদৰ্শন কৰে। আজি জেংৰাইমুখত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাৰ সমান্তৰালকৈ নামনি মাজুলীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছ অনূসুচীত জাতি বিভাগৰ উদ্যোগত বৃহৎ মটৰ চাইকেল ৰেলী উলিওৱা হয়। মাজুলী জিলা কংগ্ৰেছ অনুসুচীত জাতি বিভাগৰ সহযোগত আজি নামনি মাজুলীৰ কৰতিপাৰ ওখলচুকত আৰম্ভ হোৱা উক্ত মটৰ চাইকেল ৰেলী গড়মূৰৰ ৰাজীৱ ভৱনত সামৰণী মৰা হয়।

নামনি মাজুলীৰ ওখলচুক তিনি আলিত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ অনুসূচিত জাতি পৰিষদৰ ৰাজ্যিক অধ্যক্ষা কৃষ্ণা দাসে শুভাৰম্ভ কৰা উক্ত মটৰ চাইকেল ৰেলী উদ্বোধনী অনুষ্ঠানত গৌৰৱ গগৈ ফ্ৰেন্ডচ ক্লাবৰ সভাপতি মেঘনাথ চেত্ৰী, মাজুলী জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি থানুৰাম দাস আদিৰ লগতে মাজুলী জিলা কংগ্ৰেছ কমিটিৰ বহুতো বিষয় ববীয়াই অংশগ্ৰহণ কৰে। উক্ত, মটৰ চাইকেল ৰেলী উলিওৱাৰ মাজতে নামনি মাজুলীৰ কাকৰিকটাত ৰেলী ৰখাই এক পদযাত্ৰা কৰা হয়।

তাৰপিছত গড়মূৰলৈকে মটৰ চাইকেল ৰেলী কৰি পুনৰ চিতাদাৰ চুক তিনি আলিৰ পৰা আম্বেদকাৰ ভৱনলৈ পদযাত্ৰা কৰা হয়। আম্বেদকাৰ ভৱনৰ পৰা গড়মূৰ ৰাজীৱ ভৱনলৈ পদযাত্ৰা কৰি ৰেলী সামৰণী মৰা হয়। দুই সহস্ৰাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত মটৰ চাইকেল ৰেলী আৰু পদযাত্ৰাত সংবিধান বছাও শ্লোগানৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিবলৈ বিভিন্ন শ্লোগান দিয়া হয় । আজিৰ উক্ত মটৰ চাইকেল ৰেলী আৰু পদযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অনুসূচিত জাতি পৰিষদৰ অধ্যক্ষা কৃষ্ণা দাসে ধন্যবাদ জ্ঞাপন কৰিছে।

মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’ ! নলবাৰীৰ বিশাল জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰীৰ…

অসমত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকা । আজি নলবাৰীত প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ ।মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এই প্ৰচাৰ কাৰ্যসূচীত অংশ লব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

‘২০১৪ চনত মোদীৰ অসম ভ্ৰমণে আশা কঢ়িয়াই আনিছিল, ২০১৯ চনত মোদীয়ে বিশ্বাস দিলে’। আৰু ২০২৪ত মোদীয়ে আনিছে ‘গেৰাণ্টী’।

মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’। নলবাৰীৰ বিশাল জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

চত্তীশগড়ৰ কাংকেৰত নিৰাপত্তীৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ ! মাওবাদী কমাণ্ড শংকৰ ৰাও এই সংঘৰ্ষত নিহত…

চত্তীশগড়ৰ কাংকেৰত নিৰাপত্তীৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ । ছোতে বাঠিয়া থানা ক্ষেত্ৰৰ অন্তৰ্গত মাড় অঞ্চলত এতিয়াও গুলীয়াগুলী অব্যাহত আছে। মাওবাদী কমাণ্ড শংকৰ ৰাও এই সংঘৰ্ষত নিহত হয়।

লগতে ১৮ জন মাওবাদীৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। মাওবাদীৰ প্ৰভাৱৰ ক্ষেত্ৰত চত্তীশগড় দ্বিতীয় স্থানত আছে।

গৃহ মন্ত্ৰালয়ৰ মতে চত্তীশগড়ৰ ১৪ খন জিলা- বলৰামপুৰ, বস্তাৰ, বিজাপুৰ, দান্তেৱাড়া, ধামতাৰী, গৰিয়াবান্দ, কাঙ্কেৰ, কোন্দেগাওঁ, মহাসমুণ্ড, নাৰায়ণপুৰ, ৰাজনন্দগাঁও, চুকমা, কবিৰধাম আৰু মুংগেলী মাওবাদী প্ৰভাৱিত।

ঘোষণা হ’ল ২০২৪বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী,বিহুৰাণী,বিহুকুঁৱৰী প্রতিযোগিতাৰ ফলাফল ! ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই লাভ কৰে বিহু সম্ৰাজ্ঞীৰ খিতাপ…

ঘোষণা হ’ল ২০২৪বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী,বিহুৰাণী,বিহুকুঁৱৰী প্রতিযোগিতাৰ ফলাফল । ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই লাভ কৰে বিহু সম্ৰাজ্ঞীৰ খিতাপ।

বিহু সম্ৰাজ্ঞী খিতাপত আছে ১ লাখ টকা, ১০ গ্ৰাম সোণসহ বহু পুৰস্কাৰ। ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁইয়ে লাভ কৰিছে বিহুৰাণীৰ খিতাপ। ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসে লাভ কৰিছে বিহু কুঁৱৰীৰ খিতাপ।

শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে চিৰঞ্জীৱ বৰ্মনে। শ্ৰেষ্ঠ পেঁপুৱাৰ সন্মান লাভ কৰিছে যদুমণি গগৈয়ে। শিৰোশ্রীক পুৰস্কাৰ হিচাপে নগদ ১ লাখ টকা, ১০ গ্রাম সোণৰ মুদ্রাৰ লগতে এটা ৰেফ্ৰিজাৰেটৰ, এটা ৱাচিং মেচিন, এটা টিভি প্ৰদান।