Home Blog Page 921

প্ৰৱল ধুমুহা বৰষুণৰ কাল ৰূপ মাৰ্ঘেৰিটাত…

প্ৰৱল ধুমুহা বৰষুণৰ কাল ৰূপ মাৰ্ঘেৰিটাত।

ৰাতিপুৱাই অন্ধকাৰ হৈ পৰে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চল

আজি পুৱা ৭ঃ৩০ বজাত অহা এজাক প্ৰৱল ধুমুহা বৰষুণে সমগ্ৰ মাৰ্ঘেৰিটাখনকে জোকাৰি যায়।

কিছুসময়ৰ বাবে অন্ধকাৰ হৈ পৰে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চল।

বৰষুণৰ লগতে মেঘৰ গাজনিয়ে ছানি ধৰে সমগ্ৰ আকাশ।

প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে বহু সময়ৰ বাবে ব্যাহত হৈ পৰে মাৰ্ঘেৰিটা স্বাভাৱিক জন জীৱন।

অৱশ্যে বৰ্তমানলৈকে ক্ষয় ক্ষতি কথা জানিব পৰা হোৱা নাই।

আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…

আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

শিলচৰত দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰ চলাব মমতা বেনাৰ্জীয়ে।

দুপৰীয়া ১২ বজাত শিলচৰৰ টাউন ক্লাবৰ খেলপথাৰত হ’ব বিশাল জনসভা।

আজি নলবাৰীত বিশাল জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ! বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ…

ৰণডংকা বজাবলৈ অসমত প্ৰধানমন্ত্ৰী । আজি নলবাৰীত বিশাল জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বৰকুৰাত বজাব লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি।

নলবাৰীত মোদীৰ বিশাল জনসভা । জনসভাত অংশ ল’ব ২ লাখৰো অধিক বিজেপি মিত্ৰজোঁটৰ নেতা-কৰ্মীয়ে।

বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ।

অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে গুজৰাটত আপ প্ৰাৰ্থীৰ হৈ চলাব পাৰিব প্ৰচাৰ…

অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে গুজৰাটত আপ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব পাৰিব।আগন্তুক ৭ মে’ত গুজৰাটত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ফৈছাল পেটেলৰ বিৰোধিতা সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে,’সকলো পৰিস্থিতি বুজি পোৱাৰ পিছত আৰু দুয়োটা দলৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।

মোৰ বিশ্বাস যে কংগ্ৰেছৰ প্ৰতিগৰাকী কৰ্মীয়ে এই সিদ্ধান্তক সন্মান কৰিব আৰু আম আদমী পাৰ্টিৰ কৰ্মীয়েও এই সিদ্ধান্ত মানি ল’ব।’ 

ইউ পি এছ চিত ৫৫২ নম্বৰ স্থান লাভ নগাঁৱৰ ভাস্বত শইকীয়াৰ…

ইউ পি এছ চি পৰীক্ষাৰ ফলাফলত উজ্বলিল নগাঁৱৰ ভাস্বত শইকীয়া। UPSC ত 552 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাস্বত শইকীয়া। পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই।

পুনৰ এবাৰ UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৫২ নম্বৰ স্থান দখল কৰে ভাস্বত শইকীয়াই। এগৰাকী আই এ এছ অথৱা আই পি এছ বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ সপোন ভাস্বত শইকীয়াই।

কিন্তু ভাস্বত শইকীয়াই ঘৰতেই চলাইছিল upscৰ প্ৰস্তুটো। নগাঁৱৰ ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি বৰাৰ পুত্ৰ ভাস্বত সাফল্যত উৎফুল্লিত পৰিয়ালৰ লগতে নগাঁওবাসী ।

মণিপুৰত অইল টেংকাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কুকি বিদ্ৰোহীৰ…

মণিপুৰত কুকি বিদ্ৰোহীৰ ভয়ংকৰ এম্বুশ্ব।

অইল টেংকাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কুকি বিদ্ৰোহীৰ।

কেইমাই অঞ্চলৰ ট’লেন কুকি গাঁৱত এই আক্ৰমণ। শিলচৰৰ পৰা ইম্ফল অভিমুখী আছিল টেংকাৰকেইখন।

শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে শক্তিশালী গণতন্ত্ৰৰ প্ৰয়োজনঃ ১০০ শতাংশ ভোটদানেৰে গণতন্ত্ৰক শক্তিশালী কৰাৰ আহ্বান লোক জাগৰণ মঞ্চ অসমৰ…

শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে শক্তিশালী গণতন্ত্ৰৰ প্ৰয়োজন আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে ভোট দানৰ প্ৰতি ৰাইজৰ জনজাগৰণৰ প্ৰয়োজন ৷ এই মন্তব্য লোক জাগৰণ মঞ্চ অসমৰ ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত লোক জাগৰণ মঞ্চ অসমৰ কেন্দ্ৰীয় নেতা তথা যুৱ সমাজকৰ্মী, যুৱ নেতা নিত্যাৰঞ্জন দলেই এই আহ্বান জনাইছে ৷ তেওঁ বিবৃটিত জনোৱা মতে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আমাৰ দেশৰ জনগণে ১০০ শতাংশ ভোটদান কৰিবই লাগিব ৷ ভাৰত বৰ্ষৰ দৰে বিশাল দেশৰ সৰ্বাত্মক বিকাশৰ বাবে কেন্দ্ৰত এখন স্থায়ী তথা শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন ৷

বিবৃটিখনৰ মতে অসমবাসী ৰাইজক বিগত ষষ্ঠদশ আৰু সপ্তদশ লোকসভা নিৰ্বাচনৰ সময়তো লোক জাগৰণ মঞ্চই ১০০ শতাংশ ভোটদানৰ বাবে সমগ্ৰ দেশৰ জনসাধাৰণক আহ্বান জনাইছিল আৰু ভোটদানৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল ৷ ফলত কেন্দ্ৰত আমি শক্তিশালী তথা স্থায়ী চৰকাৰ লাভ কৰিছিলোঁ ৷  সমাগত অষ্টাদশ লোকসভা নিৰ্বাচনটো আমি ১০০ শতাংশ ভোটদান কৰিলে আমি দেশত এখন  স্থায়ী চৰকাৰ  লাভ কৰিম আৰু সুস্থ-সবল এখন গণতান্ত্ৰিক সবল চৰকাৰ গঠন কৰিব পাৰিম ৷ তেওঁলোকে জনোৱা মতে দেশে স্বাধীনতা লাভ কৰাৰ আগৰে পৰা আমাৰ উত্তৰ-পূবৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰসমূহৰ দ্বাৰা উদাসীনতাৰ ভাৱ দেখা পাইছিল ৷

আনকা কেন্দ্ৰীয় নেতৃত্বই অসমক পূৱ পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিবলৈও উঠিপৰি লাগিছিল ৷ স্বাধীনতা লাভৰ পাছতো উত্তৰ-পূৰ্বাঞ্চলক চীনৰ হাততেই অৰ্পণ কৰাৰ পৰিকল্পনা কৰিছিল ৷ তেওঁলোকৰ অসম বিৰোধী এই স্থিতিয়ে  অসম তথা উত্তৰ-পূব দিল্লীৰ পৰা বহুদূৰ বুলি ভাৱিবলৈ বাধ্য কৰাইছিল ৷ কিন্তু আজি দুটা দশকত এনে ধাৰণা নোহোৱা হৈছে ৷ আমি ভোটৰ ক্ষেত্ৰত সজাগ হোৱাৰ বাবে দিল্লী বহু দূৰ নহয় অতি ওচৰ চাপিহে অহা বুলি বিবৃটিখনত উল্লেখ কৰিছে ৷ বিবৃটিখনত ৰাষ্ট্ৰৰ অখণ্ডতাৰ লগতে  অসমৰ সকলো জাতি-জনজাতিৰ  ভাষা-সংস্কৃতি, ঐতিহ্য, লোক পৰম্পৰা সুৰক্ষিত কৰিবলৈ এখন শক্তিশালী গণতন্ত্ৰৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰিছে ৷

জাগীৰোডত সুৰেশ বৰাৰ হৈ প্ৰচাৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ…

” ৰাইজৰ উপস্থিতিয়ে কয় বিজেপিৰ জয় নিশ্চিত “

জাগীৰোডত সুৰেশ বৰাৰ হৈ প্ৰচাৰ অভিনেত্ৰী আইমী বৰুৱাৰ

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান। আজি নগাঁও লোকসভাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ কেইবাখনো নির্বাচনী সভাত প্ৰচাৰ চলাই জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰীকাৰ সহধৰ্মিনী আইমী বৰুৱাই।

প্ৰতিখন নিৰ্বাচনী সভাত উপস্থিত থাকি আইমী বৰুৱায়ো ৰাইজক উদ্দেশ্যি কয় — জাগীৰোড সমষ্টিৰ প্ৰতিগৰাকী জনগণ আমাৰ পৰিয়ালৰ সদস্য।সুখে -দুখে এওঁলোকৰ ওচৰত থাকিবলৈ আমি যত্ন কৰোঁ । সভালৈ ৰাইজ ওলাই অহাটোৱেই বিজেপিৰ জয় নিশ্চিত কৰে।

তদুপৰি তেওঁ দেশৰ উন্নয়ণৰ অবিৰত যাত্ৰা যাতে স্থবিৰ নহয় তাৰ বাবে সুৰেশ বৰাক ভোট দিবলৈ ৰাইজক আহ্বান জনায় । আনহাতে বহা-বৰজাৰী, জাগী-ভকতগাঁ‌ও, ঘগুৱা, গড়মাৰী, এজাৰবাৰী, মাণিপুৰ, দীঘলবড়ী পঞ্চায়তত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাত বিজেপি প্ৰাৰ্থী গৰাকীক সংগ দিয়ে বিজেপিৰ জাগী-ভকতগাঁ‌ও মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ, মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেকা ,দেৱাশীষ বৰুৱা, প্ৰভাৰী দিব্যজ্যোতি মেধিই ।

১৭-১৯ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা…

১৭-১৯ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা।

১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা বলৱৎ হ’ব এই নিৰ্দেশনা।

১৯ এপ্ৰিলৰ সন্ধিয়া ভোটগ্ৰহণ অন্ত পৰালৈকে অব্যাহত থাকিব নিষেধাজ্ঞা।

UPSC পৰীক্ষাত উজ্বলিল অসমৰ ৬ গৰাকী সন্তান…

UPSC পৰীক্ষাত উজ্বলিল অসমৰ ৬ গৰাকী সন্তান।

অভিজ্ঞান হাজৰিকা (১৭২ নং স্থান)
ৰিকি লহকৰ প্ৰধান (২৩০ নং স্থান)
ঋতুৰাজ শৰ্মা (৪৬২ নং স্থান)
ঈশ্বৰী ডেকা (৩২০ নং স্থান)
ভাস্কতা শইকীয়া (৫৫২ নং স্থান)
কল্লুল হাজৰিকা (৯৯২ নং স্থান)

এই ৬ অসম সন্তানে UPSC পৰীক্ষাত অসমৰ নাম জিলিকালে।