Home Blog Page 924

নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতে ভাৰতীয় শ্বেয়াৰ বজাৰৰ চেন্সেক্স-নিফটিৰ নতুন অভিলেখ…

বজাৰ সৰ্বকালৰ উচ্চতম: ভাৰতীয় শ্বেয়াৰ বজাৰ ঐতিহাসিক উচ্চতম, চেন্সেক্স-নিফটিৰ নতুন অভিলেখ

ষ্টক মাৰ্কেট মুকলিঃ আজিৰ পৰা শ্বেয়াৰ মাৰ্কেটে শক্তিশালী আৰম্ভণি কৰিছে আৰু নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতে ঘৰুৱা শ্বেয়াৰ বজাৰত যথেষ্ট উত্থান ঘটিছে। শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ লগে লগে ৭৪,১০১ৰ উচ্চ স্তৰত উপনীত হৈছে। বজাৰ মুকলি হোৱাৰ ২০ মিনিটৰ ভিতৰতে চেন্সেক্স আৰু নিফটিয়ে নতুন অভিলেখ গঢ়িছে আৰু এই দুয়োটা সূচকাংকই সৰ্বকালৰ উচ্চতম স্থান লাভ কৰিছে।

চেন্সেক্স আৰু নিফটিৰ ঐতিহাসিক উচ্চতা স্পৰ্শ

আজি শ্বেয়াৰ বজাৰৰ বাবে নতুন বিত্তীয় বৰ্ষটো শুভভাৱে আৰম্ভ হৈছে আৰু বজাৰ মুকলি হোৱাৰ অতি সোনকালেই চেন্সেক্স আৰু নিফটিয়ে সৰ্বকালৰ উচ্চ অভিলেখ স্তৰ অতিক্ৰম কৰি নতুন ঐতিহাসিক স্তৰৰ সৃষ্টি কৰিছে। এন এছ ইৰ নিফটিয়ে ২২,৫২৯.৯৫ আৰু বি এছ ইৰ চেন্সেক্সে ৭৪,২৫৪.৬২ৰ নতুন অভিলেখ সৃষ্টি কৰিছে। এই দুয়োটা সূচকাংকই এতিয়া নিজ নিজ সৰ্বকালৰ উচ্চ জ’নৰ পৰিসৰৰ ভিতৰত ব্যৱসায় কৰি আছে।

আজিৰ ভাৰতীয় বজাৰ মুকলি হোৱাৰ সময় ৭৩,৯৬৮ৰ স্তৰত ৩১৭.২৭ পইণ্ট বা ০.৪৩ শতাংশ বৃদ্ধিৰে আৰম্ভ হৈছে আৰু এন এছ ই নিফটিৰ ব্যৱসায় ১২৮.১০ পইণ্ট বা ০.৫৭ শতাংশ বৃদ্ধিৰে ২২,৪৫৫ৰ স্তৰত মুকলি হৈছে।

চেন্সেক্সে ৭৪,২০০ ৰ উচ্চ পৰ্যায় লাভ

আজি বিএছই চেন্সেক্সে ৭৪,২০৮ পইণ্টৰ উচ্চ স্তৰ স্পৰ্শ কৰিছে আৰু ইয়াত ৫৫৭ পইণ্টৰ বিশাল জাম্প দেখা গৈছে। ৩০টা চেন্সেক্স ষ্টকৰ ভিতৰত মাত্ৰ ২টা ষ্টকে হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে আৰু ২৮টা ষ্টকে বৃদ্ধিৰ সৈতে গ্ৰীণ মাৰ্কত ব্যৱসায় কৰি আছে। চেন্সেক্সৰ শীৰ্ষ লাভকাৰী দেশসমূহৰ ভিতৰত জে এছ ডব্লিউ ষ্টীলৰ ব্যৱসায় ২ শতাংশ আৰু টাটা ষ্টীলৰ ১.৭০ শতাংশ বৃদ্ধি পাইছে। কোটাক বেংক ১.৫৫ শতাংশ আৰু এইচ ডি এফ চি বেংক ১.২৫ শতাংশ বৃদ্ধি। বাজাজ ফিনচাৰ্ভ ১.১৫ শতাংশ আৰু এছিয়ান পেইণ্টছৰ ১.১১ শতাংশ বৃদ্ধি।

ন্যায়িক জিম্মালৈ প্ৰেৰণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক…

ন্যায়িক জিম্মালৈ প্ৰেৰণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।

ৰাউজ এভিনিউ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে কেজৰিৱালক।

১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব কেজৰিৱাল।

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পৰা জব্দ প্ৰায় ৫০ কেজি গাঞ্জা…

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পৰা জব্দ প্ৰায় ৫০ কেজি গাঞ্জা।

গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক GRPৰ। ধৃত সৰবৰাহকাৰীটো বিহাৰৰ পুৰুষোত্তম কুমাৰ।

নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা জব্দ গাঞ্জাখিনি। ডিমাপুৰৰ পৰা বিহাৰলৈ সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি।

পুৰুষ আৰু নাৰীৰ যৌন দুৰ্বলতাৰ কাৰণ আৰু নিৰাময়ৰ উপায়…

‘যৌন শক্তি’ হৈছে জীৱনৰ অতি গুৰুত্বপূৰ্ণ আৰু পৰম আকাংক্ষিত এক মহামূল্য সম্পদ। মানৱ জীৱনৰ সকলো আনন্দ এই যৌন ক্ষমতাৰ সন্তুষ্টিৰ পৰাই আৰম্ভ হৈছে। সুস্থ জীৱন-যাপনৰ কাৰণে সফল যৌন সন্তুষ্টিৰ প্ৰয়োজন আছে। যৌন অসন্তুষ্টি বিভিন্ন ৰোগ ব্যাধিৰ কাৰক হ’ব পাৰে। মানসিক অৱসাদ, হতাশা, অযথা ভয়, অযথা শংকা আৰু সংশয়, সন্দেহ আৰু মানসিক ব্যাধি বিলাকৰ মূল কাৰণ হৈছে এই যৌন অসন্তুষ্টি। অসন্তুষ্ট যৌন জীৱন কটোৱা ব্যক্তিৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনো সুস্থ নহয় আৰু আচাৰ-আচৰণো অস্বাভাৱিক হোৱাৰ সম্ভাৱনা থাকে। এখন সুস্থ সমাজৰ বাবে এনেধৰণৰ অসুস্থ আৰু অস্বাভাৱিক আচৰণৰ ব্যক্তি অবাঞ্চিত বোজা স্বৰূপ হ’ব পাৰে। কিন্তু অতি দুখৰ বিষয় এয়ে যে আমাৰ সমাজৰ শতকৰা ১২ৰ পৰা ১৫ জন লোকৰ মাজত তীব্ৰ যৌন দুৰ্বলতা থাকে বহুতে লাজত বা সামাজিক কাৰণত লঘু-লাঞ্চিত হোৱাৰ আশংকাত নিজৰ যৌন দুৰ্বলতা লুকুৱাই ৰাখি কাৰো লগতে সমস্যাবোৰ আলোচনা নকৰাকৈ থাকে। বহুতো দম্পতীয়ে যৌন অক্ষমতাৰ ফলত প্ৰচণ্ড মানসিক অন্তদ্বৰ্ন্দ্বত ভূগি সমগ্ৰ জীৱনটো নীৰৱে পাৰ কৰি দিয়ে। অথচ ওচৰৰ ডাক্তৰৰ ওচৰলৈ গৈ সমস্যাটো আলোচনা কৰি পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তাও অনুভৱ নকৰে। আজিকালি পুৰুষ আৰু নাৰী উভয়ৰে যৌন দুৰ্বলতা নিৰাময়ৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি আৰু উৎকৃষ্ট ঔষধ আদি উদ্ভাৱন হৈছে। লজ্জা পৰিহাৰ কৰি নিজস্ব সমস্যাবিলাক মুকলিকৈ চিকিৎসকৰ লগত আলোচনা কৰিলে এনেধৰণৰ যৌন দুৰ্বলতা বা যৌন অক্ষমতাৰ সমাধান সূত্ৰ নিশ্চয় ওলাব আৰু অসন্তুষ্ট দম্পতিৰ মানসিক অশান্তি নিশ্চয় দূৰ হ’ব।

পুৰুষৰ যৌন দুৰ্বলতাৰ কাৰণ:
দেখাত সুস্থ-সবল আৰু যৌৱনপুষ্ট বয়সৰ এনে বহু লোক আছে যিসকলৰ নাৰীৰ নিৰাপদ সান্নিধ্যত থাকিলেও কোনোধৰণৰ কামোত্তেজনা নাহে, বা উত্তেজনা আহিলেও সেয়া তেনেই ক্ষন্তেকীয়া। সম্ভোগৰ সময়ত প্ৰয়োজনীয় উত্তেজনা অন্তনিৰ্হিত হোৱাৰ ফলত যৌন শিথিলতাই দেখা দিয়ে। অথবা অত্যাধিক উত্তেজনাৰ ফলত সম্ভোগৰ অবিহনেই দ্ৰুত স্খলন হৈ দুয়ো সংগী যৌন অতৃপ্তিত ভুগি জীৱন পাৰ কৰে। এনেধৰণৰ লক্ষণ যৌন দুৰ্বলতাৰ পৰিচায়ক। যৌন দুৰ্বলতাৰ বহুতো কাৰণ থাকিব পাৰে।

যৌন দুৰ্বলতাৰ কাৰণ:
মানসিক কাৰণ: বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে যে, অধিকাংশ ক্ষেত্ৰতে যৌন দুৰ্বলতাৰ কাৰণ শাৰীৰিক নহয়। বৰং মানসিক চিন্তা, ভয়, শোক, শংকা, উদ্বেগ আদি বিভিন্ন কাৰকে শাৰীৰিকভাৱে সক্ষম লোক এজনকো যৌন অক্ষম কৰি তুলিব পাৰে। কৰ্মব্যস্ততা আৰু হীনমন্যতাও যৌন দুৰ্বলতাৰ কাৰণ হ’ব পাৰে। এনে ধৰণৰ কিবা কাৰণত এবাৰ যৌন-মিলনত বিফল হ’লে বহু পুৰুষ হতাশ হৈ পৰে আৰু পুনৰ বিফলতাৰ আশংকাই তেওঁক অধিক দুৰ্বল কৰি তোলে। তেনে ধৰণৰ পূৰ্ব ধাৰণা বা বিফলতাৰ আশংকাত ভুগি মানসিক কাৰণত হোৱা বিফলতা চিকিৎসকৰ লগত মুকলিমূৰীয়াকৈ আলোচনা আৰু পৰামৰ্শ গ্ৰহণৰ যোগেদি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। এনে আলোচন আৰু মানসিক চিকিৎসাৰ ফলত ৰোগীৰ মনলৈ আত্মবিশ্বাস ঘূৰি আহে আৰু পিছলৈ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

শাৰীৰিক কাৰণ:
মানসিক কাৰণৰ লগতে অন্যান্য কিছুমান শাৰীৰিক ৰোগৰ কাৰণেও মানুহ এজন যৌন-দুৰ্বলতা বা যৌন অক্ষমতাত ভুগিব পাৰে। দীৰ্ঘদিন ধৰি ভুগি থকা উচ্চৰক্ত চাপ, মধুমেহ, স্নায়ু দুৰ্বলতা, অন্ত:স্ৰাৱী গ্ৰন্থিৰ অস্বাভাৱিক হৰমোন নি:সৰণ প্ৰক্ৰিয়া(থাইৰয়ড, পিটুইটেৰী, এড্ৰিনেল গ্ৰন্থি) শুক্ৰাশয়, অণ্ডকোষ, প্ৰোষ্টেট গ্লেণ্ড আৰু প্ৰজনন অংগৰ ৰোগ আদিৰ বাবেও যৌন-দুৰ্বলতা বা যৌন অক্ষমতাই দেখা দিব পাৰে। স্বপ্নদোষ, অতিমাত্ৰা হস্তমৈথুন বা অপ্ৰাকৃতিক ৰতিক্ৰিয়াৰ বাবেও সাময়িকভাৱে যৌন দুৰ্বলতাই দেখা দিব পাৰে। কিন্তু এনেধৰণৰ কাৰ্যই যৌন ক্ষমতা স্থায়ীভাৱে হ্ৰাস কৰিব নোৱাৰে। তথাপি অতিমাত্ৰা হস্তমৈথুন আৰু অপ্ৰাকৃতিক ৰতিক্ৰিয়াই বিৰূপ মানসিক প্ৰভাৱ পেলায়।

শীঘ্ৰ পতন:
বহুতো পুৰুষে ‘শীঘ্ৰ পতন’ নামৰ উপসৰ্গত ভোগে। তেনেলোকৰ যৌন উত্তেজনা আৰু যৌন ক্ষমতা স্বাভাৱিক যদিও উত্তেজনা অহাৰ লগে লগে বা শাৰীৰিক সংস্পৰ্শলৈ অহাৰ মুহূৰ্ততে বীৰ্য স্খলন হৈ যায়। তেনেধৰণৰ উপসৰ্গকে ‘শীঘ্ৰ পতন’ বোলা হয়। কিছুমান পুৰুষৰ নাৰী সংগীৰ সৈতে চুম্বন, স্পৰ্শ, মৰ্দন আদি প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ সময়তে বীৰ্য স্খলন হয়। কোনো কোনো লোকৰ নাৰীৰ শৰীৰ স্পৰ্শ মাত্ৰেই তীব্ৰ উত্তেজনা বশত: স্খলন হয়। আমি এনে লোকো লগ পাইছো যিসকলে নাৰীসংগত থাকি কথা পাতিলে, যৌন উত্তেজক দৃষ্টি সম্বলিত ছবি বা চিনেমা চালেও বীৰ্য স্খলন হৈ যায়। এইসকল ‘শীঘ্ৰ পতন’ৰ ৰোগী। শীঘ্ৰ পতনৰো প্ৰধান কাৰণ মানসিক যদিও শাৰীৰিক দুৰ্বলতা আৰু কোনো ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ বাবে যৌন দুৰ্বলতাৰ দৰে শীঘ্ৰ পতনৰ উপসৰ্গই দেখা দিব পাৰে। এনে ধৰণৰ ৰোগীয়েই সাধাৰণতে স্বপ্নদোষৰো চিকাৰ হয়। অৰ্থাৎ ক্ষন্তেকৰ তীব্ৰ উত্তেজনা বশত: নিদ্ৰামগ্ন অৱস্থাতে বীৰ্য স্খলন হৈ যায়। স্বপ্নদোষ যদিও দীৰ্ঘদিনীয়া যৌন অতৃপ্তিৰ ফলত হোৱা এক স্বাভাৱিক ঘটনা তথাপি এই উপসৰ্গ সঘনাই ঘটি থাকিলে ৰোগী মানসিকভাৱে ভাগি পৰে। এনেবিলাক লক্ষণে দেখা দিলে তৎক্ষণাত অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। আয়ুৰ্বেদত এনেধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগৰ ভাল চিকিৎসা ব্যৱস্থা আছে।

আয়ুৰ্বেদিক চিকিৎসা:
যিকোনো ধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত সম্পূৰ্ণ নিৰাময় কৰিব পাৰি। অৱশ্যে জন্মগতভাৱে যৌন ক্ষমতাহীন লোকৰ কথা সুকীয়া।

ৰোগীক পঞ্চকৰ্ম কৰা হয়। বিশেষকৈ ‘স্নেহন’ এই ক্ষেত্ৰত বিশেষভাৱে উপযোগী। সুগন্ধিযুক্ত তেলেৰে গাত মালিচ কৰি ‘স্বেদন’ দিয়া হয়।

এই পদ্ধতিৰে শাৰীৰিক চিকিৎসা কৰাৰ পিছত কিছুদিনলৈ যৌন দুৰ্বলতাৰ ৰোগীৰ নিম্নোক্ত ঔষধবিলাক সেৱন কৰাৰ পৰামৰ্শ দিয়া হয়।

বানাৰী কল্প এচামুচকৈ দিনে দুবাৰ গাখীৰৰ লগত খাবলৈ দিয়া হয়।
অশ্বগন্ধা, শতাৱৰী, সৰস্বতা চূৰ্ণ, এচামুচকৈ দিনে দুবাৰ গাখীৰৰ লগত খাবলৈ দিয়া হয়।
চন্দ্ৰপ্ৰভাৱতী দুটাকৈ দিনে দুবাৰ খাব দিয়া হয়।
Tentex Royal এটাকৈ বড়ি দিনে দুবাৰ খাব লাগে।
Nirilex এটাকৈ দিনে দুবাৰ খাব দিয়া হয়।
অশ্বগন্ধাৰিষ্ট, দশমূলৰিষ্ট, চন্দনা সৱ চাৰি চামুচকৈ দিনে দুবাৰ খাব দিয়া হয়।
‘শীঘ্ৰ পতন’ হোৱাৰ কাৰণে দিয়া ঔষধ:

Semento এটাকৈ বড়ি দিনে তিনিবাৰ।
চন্দ্ৰপ্ৰভাৱতী দুটাকৈ বড়ি দিনে দুবাৰ।
Bangshil দুটাকৈ বড়ি দিনে দুবাৰ।
Anximind এটাকৈ বড়ি তিনিবাৰ।
ব্ৰাহ্মী বতি দুটাকৈ দুবাৰ।
Memtone চাৰি চামুচকৈ দুবাৰ।
B.D.Tone চাৰি চামুচকৈ দুবাৰ খাব লাগে।
যৌন দুৰ্বলতা বা অক্ষমতা কোনো ৰোগৰ কাৰণে হ’লে তাৰ চিকিৎসা কৰাব লাগে। যৌনশক্তি বৃদ্ধিকাৰক আয়ুৰ্বেদিক ঔষধ খাই শক্তি সংৰক্ষণ কৰি সফল জীৱন লাভ কৰিব পাৰি।

ঢকুৱাখনাত জলাশয়, বিল আৰু নদীত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা…

ঢকুৱাখনাত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা।

১ এপ্ৰিল-১৫ জুলাইলৈ ১৪৪ ধাৰা জাৰি। মাছৰ প্ৰজননৰ এই সময়ছোৱাত জলাশয়,

বিল আৰু নদীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ ধৰা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা প্ৰশাসনৰ।

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসম দলৰ চমক, প্ৰথমদিনটোত দুটা সোণসহ পাঁচটা পদক লাভ…

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত চলি থকা ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে অসমে দুটা সোণসহ মুঠ পাঁচটা পদক লাভ কৰি চমকপ্ৰদ আৰম্ভনি কৰিছে৷ পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ সাধাৰণ সম্পাদক তথা আন্তৰ্জাতিক পৰ্যায়ৰ সাঁতোৰ প্ৰশিক্ষক ৰাজীব দে জনোৱা অনুসৰি তিনিদিনীয়া প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোত অসমে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ অসমৰ ইয়েছমিনা খাতুনে প্ৰতিযোগিতাৰ প্ৰথম দিনা এটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰে৷ ছাৱ-জুনিয়ৰ ছোৱালীৰ এছ-১০ শাখাত খেলা অসমৰ বৰপেটাৰ কিশোৰী ইয়েছমিনাই ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত সোণ লাভ কৰাৰ লগতে এশ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক অৰ্জন কৰি অসম দলক প্ৰত্যাশিত আৰম্ভনি দিয়ে৷ ইয়েছমিনাৰ এই সফলতাই উৎসাহিত কৰে অসমৰ অন্য পেৰা সাঁতোৰবিদসকলক৷

ইফালে, অসমক প্ৰথমদিনা দ্বিতীয়টো সোণৰ পদক দিয়ে কৃষ্ণ দাসে৷ জুনিয়ৰ ল’ৰাৰ এছ-১৪ শাখাত খেলা কামৰূপ মহানগৰ জিলাৰ সাঁতোৰবিদ কৃষ্ণই দুশ মিটাৰ ফ্ৰীষ্টাইলত সোণ অৰ্জন কৰে৷ ইফালে, অসমৰ আন্তৰ্জাতিক পেৰা সাঁতোৰবিদ আনোৱাৰ ছিকদাৰৰ পৰাও সোণৰ পদক আশা কৰা হৈছিল যদিও প্ৰথমদিনা তেওঁ ৰূপ অৰ্জন কৰে৷ বৰপেটা জিলাৰ অভিজ্ঞ পেৰা সাঁতোৰগৰাকীয়ে পুৰুষৰ এছ বি-৮ শাখাত অংশ লৈ ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত দ্বিতীয় হয়৷ ইফালে, প্ৰথমদিনা অসমৰ হৈ একমাত্ৰ ব্ৰঞ্জৰ পদকটো লাভ কৰে ছাজিদা বেগমে৷ মহিলাৰ এছ বি-৯ শাখাত খেলা বৰপেটাৰ ছাজিদাই ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত তৃতীয় স্থানৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷ পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ মুখ্য পৃষ্ঠপোষক ৰিনিকী ভূঞা শৰ্মা, সভাপতি চন্দন বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাজীব দেৰ লগতে সন্থাৰ অন্যান্য বিষয়ববীয়াসকলে পদকজয়ী পেৰা সাঁতোৰবিদসকলক অভিনন্দন জনাইছে৷

দলৰ লগত মুখ্য প্ৰশিক্ষকৰূপে গোৱালিয়ৰলৈ যোৱা সম্পাদক ৰাজীব দে লগতে কয় যে প্ৰতিযোগিতাখনত অসমৰ অন্য খেলুৱৈসকলেও অন্তিম দিনা নিজৰ নিজৰ ইভেণ্টত পদক অৰ্জন কৰাটো নিশ্চিত৷ উল্লেখ্য যে প্ৰতিযোগিতাত অসমৰ ১৬ জনীয়া সদস্যৰ এটা দলে অংশগ্ৰহণ কৰিছে৷ দিব্যাংগ হোৱাৰ পাছতো অদম্য সাহস আৰু মানসিক দৃঢ়তাৰে সমাজৰ বাবে আদৰ্শ হৈ ৰাজ্যক প্ৰতিনিধিত্ব কৰা পেৰা সাঁতোৰবিদসকল হ’ল পুৰুষ ঃ আনোৱাৰ ছিকদাৰ, কৃষ্ণ দাস, অন্যতম ৰাজকুমাৰ, শ্বাহাদত আলী ছিকদাৰ, আক্কাছ আলী, হুকেশ্বৰ ডেকা, কুতুপ আলী, দেবিলাল মিলি আৰু শ্বাহনেৱাজ আলম৷ আনহাতে মহিলা খেলুৱৈসকল হ’লঃ ধুনু টাঅ’, প্ৰীতি দাস, ৰেবতী নমসুদ্ৰ, ছাজিদা বেগম আৰু য়েছমিনা খাতুন৷ দলৰ আৰু মেনেজাৰ হ’ল খগেন চন্দ্ৰ কলিতা৷

IPLৰ আজি ৱাংখেড়ে ষ্টেডিয়ামত আৰ আৰৰ প্ৰতিদ্বন্দ্বী মুম্বাই ইণ্ডিয়ানছ, তিনি বছৰ পূৰ্বে অসম সন্তানে খেলা বিস্ফোৰক ইনিংছ সোঁৱৰণ কৰিলে কিবি পেচাৰে…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২৪ৰ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগা মেচত ৰাজস্থান ৰয়েলছে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ এয়া ৰাজস্থান ৰয়েলছৰ চলিত ছিজনৰ প্ৰথমখন বিপক্ষৰ ঘৰত খেলিব লগা মেচ৷ উল্লেখ্য যে আই পি এলৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে গৃহভূমি জয়পুৰত ছিজনৰ প্ৰথম দুখন মেচ খেলি উভয় মেচতে জয়ৰে প্ৰত্যাশিত আৰম্ভনি কৰিছে৷ বিপক্ষৰ ঘৰত খেলিলেও দলে সফলতাৰ ধাৰাবাহিকতা ধৰি ৰাখি জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছক প্ৰথম দুখন মেচত সফলতা দিয়াত মুখ্য ভূমিকা লৈছে দলৰ মিডিল অৰ্ডাৰ বেটাৰ অসম সন্তান ৰিয়ান পৰাগে৷ কাইলৈৰ মেচতো স্বাভাৱিকতে ৰিয়ানৰ বেটিঙৰ ওপৰত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন নিৰ্ভৰ কৰিব৷ কেবল এখন-দুখন মেচে নহয় এইবাৰ ৰাজস্থানৰ সামগ্ৰীক প্ৰদৰ্শনত অসম সন্তানৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব বুলি আজি সংবাদমেলত ব্যক্ত কৰে দলটোৰ পেচ বলাৰ নিউজিলেণ্ডৰ অভিজ্ঞ ট্ৰেণ্ট বৌল্টে৷

‘ৰিয়ান এজন সুদক্ষ প্ৰতিভাৱান ক্ৰিকেটাৰ৷ তেওঁৰ বেটিং সচাকৈয়ে উপভোগ্য৷ তিনি বছৰ আগৰ কথা, তেতিয়া মই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিলো৷ এখন অনুশীলন মেচত ৰিয়ানে আমাৰ দলটোৰ বিৰুদ্ধে ৩০ টা বলত ৮৫ ৰাণ কৰিছিল৷ তেতিয়াই তেওঁৰ প্ৰতিভাৰ উমান পাইছিলো৷ এইবাৰ তেওঁ সুন্দৰ আৰম্ভনি কৰিছে৷ মই ভাবো ৰাজস্থান দলৰ সফলতাত ৰিয়ানৰ অবদান গুৰুত্বপূৰ্ণ হ’ব৷’ বৌল্টে কয়৷ উল্লেখ্য যে ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে যোৱা মেচত অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত আই পি এলত ছিজনৰ দ্বিতীয়খন মেচত ক্ৰমাগত বিজয় কৰোৱাত নায়কৰ ভূমিকা লৈছিল৷ সুদক্ষ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰপূৰ্বে জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত ছিজনৰ প্ৰথমখন মেচতো ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে অভিযান আৰম্ভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

ইফালে, দলৰ দুই অপেনাৰ জ’ছ বাটলাৰ আৰু যশস্বী জয়ছোৱালৰ বেটিঙক লৈ প্ৰশ্ন কৰাত বৌল্টে কয় যে দূয়োজনে সুদক্ষ বেটাৰ তথা ৰাণৰ বাবে ভোকাতুৰ৷ কাইলৈ ৱেংখেড়েৰ বেটিং সহায়ক উইকেটত উভয়ে ৰাজস্থানক সুন্দৰ আৰম্ভনি দিব বুলি তেওঁ আশাবাদী৷

দুলীয়াজানত হত্যাকাণ্ডৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ ! হিতেশ কোচ হত্যাৰে জড়িত আছিল বুধন হাজদা…

দুলীয়াজানত হত্যাকাণ্ডৰে জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ। ধৃত যুৱকজন টিংখঙৰ ২নং ধাদুমীয়া গাঁৱৰ বুধন হাজদা। হিতেশ কোচ হত্যাৰে জড়িত আছিল বুধন হাজদা।

৫ জানুৱাৰীত বুঢ়ীদিহিং নৈত উদ্ধাৰ হৈছিল হিতেশ কোচৰ মৃতদেহ। হিতেশক ৪ বন্ধুৱে হত্যা কৰি মৃতদেহ পেলাই দিছিল নৈত।

আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ধৃত বুধন হাজদাৰ। বৰ্তমানেও পলাতক হৈ আছে আন ৩টা অভিযুক্ত।

ত্ৰিপুৰাৰ ধৰ্মনগৰত মাৰণাস্ত্ৰসহ ডকাইতক গ্ৰেপ্তাৰ…

ত্ৰিপুৰাৰ ধৰ্মনগৰত মাৰণাস্ত্ৰসহ ডকাইতক গ্ৰেপ্তাৰ। ধৃত ডকাইতটো নাজিম উদ্দিন।

দীৰ্ঘদিনে ত্ৰিপুৰা আৰু বৰাকত সন্ত্ৰাস সৃষ্টি কৰিছিল নাজিমে। ডকাইতটোৰ পৰা জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

ত্ৰিপুৰা-অসমৰ আৰক্ষীত ডকাইতটোৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ। সম্প্ৰতি আৰক্ষীৰ জিম্মাত জেৰা অব্যাহত নাজিম উদ্দিনক।

মন্দিৰলৈ গ’ল, দানো কৰিলে! কিন্তু হঠাৎ ফটোগ্ৰাফাৰক দেখি উত্তেজিত হৈ পৰিল ছাৰা…

ভগৱান বিশ্বাসী ছাৰা আলী খান। তেওঁৰ প্ৰথমখন ছবিৰ পৰাই আধ্যাত্মিক যোগাসন আছে। ছবিখনৰ নাম ‘কেদাৰনাথ’। সেই ছবিখনৰ শ্বুটিংৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে কেদাৰনাথলৈ গৈছিল। ইয়াৰ পিছৰ পৰাই ছাৰা বাৰে বাৰে তেওঁ মন্দিৰলৈ যায়। কেৱল কেদাৰনাথতে নহয়, কেতিয়াবা কামাখ্যা মন্দিৰত দেখা পোৱা গৈছিল, কেতিয়াবা উজ্জয়িনৰ মহাকাল মন্দিৰলৈও যায়। কিছুদিন পূৰ্বে ছাৰাক আজমেৰ শ্বৰীফতো তেওঁক দেখা গ’ল। শেহতীয়াকৈ মুম্বাইৰ এটা শনি মন্দিৰৰ বাহিৰত দেখা গৈছিল ছাৰাক। ফটোগ্ৰাফাৰৰ লগত ছাৰাৰ ভাল সম্পৰ্ক আছে। কিন্তু কালি দিনটোতে ফটোগ্ৰাফাৰসকলক দেখাৰ লগে লগে তেওঁ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। তাৰ লগতে ছাৰাই ফটোগ্ৰাফাসকলক কেমেৰা বন্ধ কৰিবলৈ অনুৰোধ কৰিলে। কিন্তু এনে হঠাৎ এনে বিৰক্তিৰ কাৰণ কি জানো আহক।


ছাৰা জন্মসূত্ৰে মুছলমান। ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা। অৱশ্যে ছাৰাৰ মাক হিন্দু। কিন্তু কিছুমান নেটিজেনে ছাৰাৰ মন্দিৰ ভ্ৰমণক লৈ বাৰে বাৰে আপত্তি কৰে। কিন্তু ছেইফৰ কন্যাই একো গুৰুত্ব নিদিয়ে নেটিজনৰ কথাত। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ মন্দিৰৰ বাহিৰত আৰ্তজনক খাদ্য বিতৰণ কৰি আছিল। সেই দৃশ্যটো ফটোগ্ৰাফাসকলে ৰেকৰ্ডিং কৰি থাকোঁতে ছাৰাৰ খং উঠিল।

ইয়াৰ পূৰ্বে ফটো হাণ্টাৰৰ এটা দলে মুম্বাইৰ গণেশ মন্দিৰৰ বাহিৰত খাদ্য বিতৰণৰ চিত্ৰগ্ৰহণ কৰি আছিল। সেই সময়ত অভিনেত্ৰীগৰাকীৰ খং উঠিছিল। এইবাৰ ছাৰাই ফটোগ্ৰাফাৰক ক’লে, “প্লিজ বন্ধ কৰক।” কিন্তু ফটো গ্ৰাফাসকলে ছাৰাৰ অনুৰোধত গুৰুত্ব নিদিলে। সেই মুহূৰ্ততে তেওঁলোকে ভিডিঅ’টো ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে।