Home Blog Page 925

মন্দিৰলৈ গ’ল, দানো কৰিলে! কিন্তু হঠাৎ ফটোগ্ৰাফাৰক দেখি উত্তেজিত হৈ পৰিল ছাৰা…

ভগৱান বিশ্বাসী ছাৰা আলী খান। তেওঁৰ প্ৰথমখন ছবিৰ পৰাই আধ্যাত্মিক যোগাসন আছে। ছবিখনৰ নাম ‘কেদাৰনাথ’। সেই ছবিখনৰ শ্বুটিংৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে কেদাৰনাথলৈ গৈছিল। ইয়াৰ পিছৰ পৰাই ছাৰা বাৰে বাৰে তেওঁ মন্দিৰলৈ যায়। কেৱল কেদাৰনাথতে নহয়, কেতিয়াবা কামাখ্যা মন্দিৰত দেখা পোৱা গৈছিল, কেতিয়াবা উজ্জয়িনৰ মহাকাল মন্দিৰলৈও যায়। কিছুদিন পূৰ্বে ছাৰাক আজমেৰ শ্বৰীফতো তেওঁক দেখা গ’ল। শেহতীয়াকৈ মুম্বাইৰ এটা শনি মন্দিৰৰ বাহিৰত দেখা গৈছিল ছাৰাক। ফটোগ্ৰাফাৰৰ লগত ছাৰাৰ ভাল সম্পৰ্ক আছে। কিন্তু কালি দিনটোতে ফটোগ্ৰাফাৰসকলক দেখাৰ লগে লগে তেওঁ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। তাৰ লগতে ছাৰাই ফটোগ্ৰাফাসকলক কেমেৰা বন্ধ কৰিবলৈ অনুৰোধ কৰিলে। কিন্তু এনে হঠাৎ এনে বিৰক্তিৰ কাৰণ কি জানো আহক।


ছাৰা জন্মসূত্ৰে মুছলমান। ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা। অৱশ্যে ছাৰাৰ মাক হিন্দু। কিন্তু কিছুমান নেটিজেনে ছাৰাৰ মন্দিৰ ভ্ৰমণক লৈ বাৰে বাৰে আপত্তি কৰে। কিন্তু ছেইফৰ কন্যাই একো গুৰুত্ব নিদিয়ে নেটিজনৰ কথাত। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ মন্দিৰৰ বাহিৰত আৰ্তজনক খাদ্য বিতৰণ কৰি আছিল। সেই দৃশ্যটো ফটোগ্ৰাফাসকলে ৰেকৰ্ডিং কৰি থাকোঁতে ছাৰাৰ খং উঠিল।

ইয়াৰ পূৰ্বে ফটো হাণ্টাৰৰ এটা দলে মুম্বাইৰ গণেশ মন্দিৰৰ বাহিৰত খাদ্য বিতৰণৰ চিত্ৰগ্ৰহণ কৰি আছিল। সেই সময়ত অভিনেত্ৰীগৰাকীৰ খং উঠিছিল। এইবাৰ ছাৰাই ফটোগ্ৰাফাৰক ক’লে, “প্লিজ বন্ধ কৰক।” কিন্তু ফটো গ্ৰাফাসকলে ছাৰাৰ অনুৰোধত গুৰুত্ব নিদিলে। সেই মুহূৰ্ততে তেওঁলোকে ভিডিঅ’টো ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে।


মৰিগাঁও ছানডে লীগ দবাত ঈশান শ্ৰেষ্ঠ…

মৰিগাঁও জিলা দবা সন্থাই আয়োজন কৰা ছানডে লীগ দবা প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিছে ঈশান প্ৰতীম ডেকাই । মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত ৰাউণ্ডৰ খেলত প্ৰতিপক্ষ জ্যেষ্ঠ দবাৰু ডা: অৰুণ কুমাৰ নাথক পৰাজিত কৰি প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে । পাঁচ ৰাউণ্ডৰ প্ৰতিযোগিতা খনৰ আটাইকেইটা ৰাউণ্ডতে ঈশান অপৰাজেয় হৈ ৰয় ।

আনহাতে প্ৰতিযোগীতাত দ্বিতীয় স্থান লাভ কৰে মিঠু নাথে (৪.৫ ) , তৃতীয় থাকে উত্তম কুমাৰ বিশ্বাস ( ৪) , চতুৰ্থত ধ্ৰুৱজ্যোতি বাৰিক ( ৪) ,পঞ্চমত ডা: অৰুণ কুমাৰ নাথ ( ৩.৫) আৰু আয়ান কলিতাই (৩.৫) পইণ্টৰে প্ৰতিযোগিতাৰ ষষ্ঠ স্থান দখল কৰে । বিজয়ী সকলক মেডেল আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। মৰিগাঁও জিলা দবা সন্থাৰ সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব কৰা পুৰস্কাৰ বিতৰণী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্হিত থাকে মৰিগাঁও আবাকাচৰ সঞ্চালিকা সংঘমিত্ৰা নাথ মজুমদাৰ । বঁটা বিতৰণী সভাখনৰ আঁত ধৰে ইভেণ্ট মেনেজাৰ ভৱেশ ঠাকুৰিয়াই । উল্লেখ্য মৰিগাঁও ছানডে লীগ দবা প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ঈশান প্ৰতীম ডেকা কুশতলি মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।

আজিৰে পৰা সলনি হ’ব এইবোৰ নিয়ম! কি কি নিয়ম সলনি হ’ব জানি লওক…

১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন বিত্তীয় বৰ্ষ । নতুন বিত্তীয় বৰ্ষৰ প্ৰথমটো দিন অৰ্থাৎ ১ এপ্ৰিলৰ পৰাই বিভিন্ন ক্ষেত্ৰত হ’ব কেইবাটাও পৰিৱৰ্তন । হয়, ১ এপ্ৰিল, ২০২৪-ৰ পৰা বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ব। ইয়াত ক্ৰেডিট কাৰ্ড, ইপিএফঅ’ৰ লগতে আঈন বহু কেইটা বিষয় সাঙোৰ খাই থাকিব। এই পৰিৱৰ্তনবোৰে নিশ্চিতভাবে সাধাৰণ মানুহৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। ১ এপ্ৰিলৰ পৰা হ’বলগীয়া এই পৰিৱৰ্তনবোৰৰ বিষয়ে অৱগত হোৱাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ১ এপ্ৰিলৰ পৰা হ’বলগীয়া পৰিৱৰ্তনবোৰৰ বিষয়ে জানো আহক।


পেন-আধাৰ লিংক-
চৰকাৰে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ সময়সীমা কেইবাবাৰো বৃদ্ধি কৰিছে। বৰ্তমান আধাৰ- পেন সংযোগ কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ ২০২৪ । যদি আপুনি ৩১ মাৰ্চৰ আগতে আপোনাৰ পেন আৰু আধাৰ কাৰ্ড লিংক নকৰে তেন্তে আপোনাৰ পেন কাৰ্ড বাতিল হ’ব পাৰে। যদি পেন কাৰ্ডখন নিষ্ক্ৰিয় হয়, আপুনি বহু অসুবিধাৰ সন্মুখীন হ’ব পাৰে।


ক্ৰেডিট কাৰ্ডৰ নিয়ম-
১ এপ্ৰিল, ২০২৪-ৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পিছত ক্ৰেডিট কাৰ্ড সম্পৰ্কীয় নিয়মবোৰো সলনি হ’ব। ইয়াত এছ.বি.আই. ক্ৰেডিট কাৰ্ডৰ নিয়মবোৰ ১ এপ্ৰিল, ২০২৪ ৰ পৰা সলনি হ’ব। নতুন নিয়ম অনুসৰি ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ভাড়া পৰিশোধৰ ওপৰত পুৰস্কাৰ পইণ্ট আৰু বাহাল নাথাকিব। এই নিয়মটো ১৫ এপ্ৰিল ২০২৪ ৰ পৰা আন বহু বেংকৰ ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব পাৰে।


ইপিএফঅ’ নিয়ম-
১ এপ্ৰিলৰ পৰা কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (ইপিএফঅ’) নিয়মত এক ডাঙৰ পৰিৱৰ্তন হ’ব। এতিয়া চাকৰি পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰ্মচাৰীৰ ইপিএফঅ’ একাউণ্ট স্বয়ংক্ৰিয়ভাৱে নতুন নিয়োগকৰ্তালৈ স্থানান্তৰ কৰা হ’ব। পূৰ্বে একাউণ্টটো কেৱল একাউণ্ট ধাৰকসকলৰ অনুৰোধত স্থানান্তৰ কৰা হৈছিল।


ফাষ্টটেগ কেৱাইচি-
এনএইচএআইয়ে জনতাক ১ এপ্ৰিলৰ আগতে কেৱাইচি আপডেট কৰিবলৈ কৈছে। যদি আপুনি এনে নকৰে আপোনাৰ ফাষ্টটেগ একাউণ্ট নিষ্ক্ৰিয় কৰা হ’ব। ইয়াৰ পিছত আপোনাৰ একাউণ্টত টকা থাকিলেও আপুনি আপোনাৰ টোল পৰিশোধ কৰিব নোৱাৰিব। এনে পৰিস্থিতিত ১ এপ্ৰিলৰ আগতে কেৱাইচি আপডেট কৰা প্ৰয়োজন।


গেছৰ মূল্য-
প্ৰতি মাহৰ প্ৰথম তাৰিখত সমগ্ৰ দেশতে এলপিজি চিলিণ্ডাৰৰ মূল্য সলনি হয়। এনে পৰিস্থিতিত ১ এপ্ৰিলত বাণিজ্যিক আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য সলনি হ’ব পাৰে। অৱশ্যে, লোকসভা নিৰ্বাচনৰ বাবে মূল্য বৃদ্ধিৰ সম্ভাৱনা অতি কম।

মুকাভিনয় শিল্পী মিনাংক ডেকালৈ ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা শিল্পী বঁটা…

গুৱাহাটীৰ শিল্পগ্রামত অনুষ্ঠিত এক অনুষ্ঠানত প্রতিভাসম্পন্ন যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকালৈ ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্রৰ ২০২১-২০২২বর্ষৰ ‘যুৱ প্রতিভা শিল্পী বঁটা’ প্রদান কৰা হয়। অনুষ্ঠানত নাগালেণ্ডৰ ৰাজ্যপাল তথা উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্রৰ অধ্যক্ষ লা গণেশনে বঁটা প্রাপ্ত সকলো শিল্পীকে আনুষ্ঠানিকভাবে বঁটা প্রদান কৰে। আৰম্ভণিতে উত্তৰ পূৱ ক্ষেত্র সাংস্কৃতিক কেন্দ্রৰ সঞ্চালক ডা৹ প্রসন্ন গগৈয়ে আদৰণি ভাষণ দিয়ে। এই বঁটাত মানপত্র, ২০ হাজাৰ টকাৰ লগতে অংগবস্ত্র আগবঢ়োৱা হয়। যশস্বী মুকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাবধানত মূকাভিনয়ৰ পাঠ গ্রহণ মিনাংক ডেকাই ব্যতিক্ৰমী ৰূপেৰে মুকাভিনয়ক ৰাইজৰ মাজলৈ লৈ গৈছে।

উল্লেখযোগ্য যে মিনাংক ডেকাৰ উদ্যোগতেই ভাৰতৰ পৰা মুকাভিনয়ৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা প্ৰকাশ পাইছে। ইয়াৰ উপৰিও কোভিড মহামাৰীৰ সময়তো মুকাভিনয়ৰ জৰিয়তে মানুহৰ মাজত ব্যতিক্রমী ৰূপেৰে সজাগতা সৃষ্টি কৰা মিনাংক ডেকাই আছিল একমাত্ৰ মুকাভিনয় শিল্পী। ইয়াৰ উপৰিও পথ সুৰক্ষা, এইডছ, কেঞ্চাৰ, SAVE DEEPOR BEEL, স্বচ্ছতা, Cyber crime , Child marriage, Drugs, ইত্যাদি বহু উল্লেখনীয় বিষয় লৈ মিনাংক ডেকাই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। অসমৰ বহু ঠাইৰ লগতে দিল্লী, ভুবনেশ্বৰ,কলকাতা,ৰাজস্থান ইত্যাদিত মুকাভিনয় পৰিবেশন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁওৰ বাসিন্দা মিনাংক ডেকাই বৰ্তমান বহু অনুষ্ঠান প্ৰতিষ্ঠানত মুকাভিনয় প্ৰশিক্ষক ৰূপে কৰ্মৰত হৈ আছে।

গুৱাহাটীৰ চানমাৰিস্থিত পেন্সনাৰ ভৱনত অনুষ্ঠিত সদৌ অসম সংবাদকর্মী সন্থাৰ ষষ্ঠ বার্ষিক অধিৱেশন…

সদৌ অসম সংবাদকর্মী সন্থাৰ ষষ্ঠ বার্ষিক অধিৱেশন দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত পেন্সনাৰ ভৱনত অনুষ্ঠিত হয়। সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰে। বস্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সদস্য যোগকান্ত পূজাৰীয়ে। সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে সম্পাদকীয় প্রতিবেদন পাঠ কৰে। বিগত বৰ্ষৰ আয়-ব্যয়ৰ হিচাপ দাখিল কৰে কোষাধ্যক্ষ নীলকান্ত নাথে। মুকলি সভাৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকর্মী, সমালোচক ময়ূৰ বৰা প্ৰতিজন অসাংবাদিক সংবাদকর্মীক একোজন ৰণুৱা বুলি কয় ময়ূৰ বৰাই।

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক মুনীন বায়নে। সভাত সন্থাৰ মুখপত্র ‘প্ৰয়াস’ৰ বৰ্দ্ধিত কলেৱৰৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়। সভাত সন্থাৰ ২৩ জনীয়া নতুন কমিটী গঠন কৰা হয়।

পুৰণিগুদামত অন্তৰঙ্গ আলপ অনুষ্ঠানেৰে সামৰণি পৰিল ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতা, শিশুৰ কলৰৱেৰে মুখৰিত পুৰণিগুদাম…

নগাঁৱৰ পুৰণিগুদামস্থিত ড° ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰু শিশু সাংস্কৃতিক সমাৰোহখনি দেওবাৰে নিশা অন্তৰঙ্গ আলপ অনুষ্ঠানেৰে সফল সামৰণি পৰে ৷ অসম নাট্য সন্মিলন , পুৰণিগুদাম শাখাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন ঠাইৰ সৰ্বমুঠ এঘাৰটি শিশু নাট্যদলে অংশগ্ৰহণ কৰে ৷ ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতাত দলীয় আৰু এককভাৱে লাভ কৰা পুৰস্কাৰ সমূহ ক্ৰমে, প্ৰয়াত ৰামনাথ চমুৱা সোঁৱৰণী শ্ৰেষ্ঠ নাট্যদলৰ বঁটাবিজয়ী নাট্যদল ,ঐকান্তিক সাংস্কৃতিক গোষ্ঠী,পুৰণিগুদাম ; নাটক—“আকৌ ৰাম চন্দ্ৰ আহিব”৷ প্ৰয়াত ৰাজেন গোঁহাই সোঁৱৰণী দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ বঁটা লাভ কৰে, সমন্বয় নাট্য বিদ্যালয় ,নলবাৰীয়ে ; নাটক—“আঁহা ভাই খেলো” ৷ প্ৰয়াত হেমকান্ত হাজৰিকা সোঁৱৰণী তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ বঁটা লাভ কৰে , নাট্য প্ৰশিক্ষণ কেন্দ্ৰ ,বিশ্বনাথ চাৰিআলিয়ে , নাটক— “ধেৎ কি খেল খেল” আৰু প্ৰয়াত ফুলমাই গোস্বামী সোঁৱৰণী শ্ৰেষ্ঠ শৃঙ্খলাৱদ্ধ নাট্যদলৰ বঁটা লাভ কৰে, ইফক্ৰ, তেজপুৰে , নাটক— “যোগ বিয়োগ” ৷

প্ৰতিযোগিতাখনিত “জাকে জাকে উৰি যায় চৰাই” নামৰ নাটখনৰ জৰিয়তে নাট্যকাৰ উৎপল কুমাৰ নাথে প্ৰয়াত নৰেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ নাট্যকাৰৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ নাট্যদল, অসম নাট্য সন্মিলন,মধুপুৰ শাখা ৷ প্ৰয়াত তাৰিণী কলিতা সোঁৱৰণী শ্ৰেষ্ঠ পৰিচালকৰ পুৰস্কাৰ লাভ কৰে পুৰণিগুদামৰ মিন্টু কলিতাই ৷ নাটক— “আকৌ ৰাম চন্দ্ৰ আহিব” , নাট্যদল —ঐকান্তিক সাংস্কৃতিক গোষ্ঠী,পুৰণিগুদাম ৷ প্ৰয়াত অনিল শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে চিন্ময় হাজৰিকাই , নাটক— ধেৎ কি খেল খেল”,নাট্যদল—নাট্য প্ৰশিক্ষণ কেন্দ্ৰ ,বিশ্বনাথ চাৰিআলি ৷ প্ৰয়াত তৰামাই গায়ন সোঁৱৰণী শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় , লতাশ্ৰী ব্ৰহ্মচাৰীয়ে ; নাটক—“ছাঁ” ৷ নাট্যদল, শঙ্কৰমঞ্চ , নগাঁও ৷ প্ৰয়াত নিৰঞ্জন শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ সহ: অভিনেতাৰ বঁটা লাভ কৰে ,প্ৰিয়াংকু শইকীয়াই , নাটক —“যমলোকত তাণ্ডৱ” ৷ নাট্যদল, নৱসৃষ্টি , পুৰণিগুদাম ৷ প্ৰয়াত পুলিন ফুকন সোঁৱৰণী শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় , প্ৰেৰণা শইকীয়াই , নাটক—“ আকৌ ৰামচন্দ্ৰ আহিব” , নাট্যদল , ঐকান্তিক সাংস্কৃতিক গোষ্ঠী,পুৰণিগুদাম ৷ প্ৰয়াত চুমন-পঙ্খী সোঁৱৰণী শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা লাভ কৰে হৃষীকেশ সুতে , নাটক—“ ফচকলি ডট্‌ কম্‌” ৷ শিল্পী কানন, নগাঁও ৷ শিক্ষাবিদ প্ৰয়াত লৱদেৱ গোস্বামী সোঁৱৰণী নাট্যমঞ্চত বিয়লি ২:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতাখনি তেখেতৰ সহধৰ্ম্মিণী সমাজ সেৱীকা অজিতা গোস্বামীয়ে উদ্বোধন কৰাৰ লগতে তেখেতৰ সুযোগ্য পুত্ৰ, বৰ্তমান আমেৰিকা নিবাসী ×* গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৷ অনুষ্ঠানৰ আঁট ধৰে নাট্যকৰ্মী তথা চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হেৰম্বপ্ৰসাদ গোস্বামীয়ে ৷

প্ৰতিযোগিতাৰ অন্তত শিশু অভিনেতা, নাট্যকাৰ, পৰিচালক , অভিভাৱক আৰু উদ্যোক্তা নাট্যকৰ্মী সকলৰ মাজত এক মধুৰতম অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানটিৰ আঁট ধৰে ,জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়, অসমৰ অধ্যক্ষ, হিৰণ্য কুমাৰ চমুৱাই ৷ পৰৱৰ্তী সময়ত বিশিষ্ট শিশু নাট্যকাৰ ,পৰিচালক তথা প্ৰতিযোগিতাৰ তিনি গৰাকী বিচাৰক ক্ৰমে , যতীন শইকীয়া, মৃগেন বৰা আৰু অঞ্জন , অসম নাট্য সন্মিলনৰ ৰাজ্যিক সমিতিৰ নৱ নিৰ্বাচিত সম্পাদক সন্তৰাম দাস , নগাঁও জিলা সমিতিৰ সম্পাদক তথা ৰাজ্যিক সমিতিৰ সহ:সম্পাদক সূৰুয কুমাৰ শইকীয়া ; উদ্‌যাপন সমিতিৰ সভাপতি, তৰুন বৰা, বিশিষ্ট নাট্যকৰ্মী ৰাজেন ফুকন ,দিগন্ত বৰা , দেৱজিৎ কলিতা , ৰিন্টু শৰ্মা ,প্ৰশান্ত বৰা , হোমেশ্বৰ বৰা , পৰমানন্দ বৰা প্ৰমুখ্যে বহু কেইগৰাকী নাট্য কৰ্মীৰ উপস্থিতত
পুৰস্কাৰ সমূহ প্ৰদান কৰা হয় ৷ বঁটা বিতৰণী অনুষ্ঠানটি আঁট ধৰে নাট্যকৰ্মী তথা সাংবাদিক নীলৰঞ্জন শৰ্মাই ৷ বঁটা বিজয়ী সকলক প্ৰত্যেককে একোখনকৈ মানপত্ৰ , ট্ৰফী আৰু নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয় ৷প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিশু নাট্য শিল্পীকে উদ্যোক্তা সমিতিয়ে অংশগ্ৰহণৰ প্ৰমান পত্ৰ প্ৰদান কৰে ৷ দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম শিশুনাট প্ৰতিযোগিতা আৰু শাখাৰ বাৰ্ষিক অনুষ্ঠানটি যোৱা ৩০ মাৰ্চৰ পুৱা ৯:৩০ বজাত শিক্ষাবিদ প্ৰয়াত দিলীপ গোস্বামীৰ স্মৃতিত থকা অনুষ্ঠানৰ মুল তোৰণখন প্ৰয়াত দিলীপ গোস্বামীৰ সহধৰ্ম্মিণী ৰূবী গোস্বামীৰ সহযোগিতাত পেঞ্চন প্ৰাপক বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নে উন্মোচন কৰে ৷ পুৱা ৯:৪৫ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে, অসম নাট্য সন্মিলন,পুৰণিগুদাম শাখাৰ সভাপতি ৰঞ্জন তামুলীয়ে ৷ সমান্তৰালভাৱে অনুষ্ঠানটোৰ ২৬ বৰ্ষপুৰ্তি উপলক্ষে একে সময়তে শিশু নাট প্ৰতিযোগিতা উদ্‌যাপন সমিতিৰ সভাপতি তৰুণ বৰা , অসম নাট্য সন্মিলন,নগাঁও জিলা সমিতিৰ সভাপতি মনোজ বৰদলৈ সহ বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সভাপতি আৰু বিশিষ্ট নাগৰিক সকলে ২৬ খনকৈ পতাকা উত্তোলন কৰা পৰিলক্ষিত হয় ৷ অনুষ্ঠানটি আঁট ধৰে , নাট্যকৰ্মী তথা পুৰণিগুদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পূৰ্ণানন্দ বাৰিকে ৷পুৱা ১০:১৫ বজাত এক মাঙ্গলিক পৰিৱেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত অসম নাট্য সন্মিলন, কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক সুৰজ কুমাৰ শইকীয়া আৰু নগাঁও জিলা সমিতিৰ সম্পাদক জিতুমণি মহন্তই পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে ৰূবী গোস্বামী, অজিতা গোস্বামী প্ৰমুখ্যে শ্ৰদ্ধেয় ব্যক্তি সকলৰ পৰিয়ালবৰ্গই উক্ত অনুষ্ঠানত পূণ্যাত্মাৰ গৰাকী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

পুৱা ১১ বজাত অনুষ্ঠিত হয় প্ৰয়াত থানেশ্বৰ বৰা স্মৃতি শিশু সাংস্কৃতিক সমাৰোহ আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ বিশিষ্ট আবৃত্তিকাৰ তথা অনাতাঁৰ ঘোষিকা পূৰৱী শইকীয়াই আঁট ধৰা উক্ত অনুষ্ঠান উদ্বোধন কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা ড° মঞ্জু লস্কৰে ৷ শিশুৰ কলৰৱেৰে মুখৰিত উক্ত অনুষ্ঠানত বহু কেইগৰাকী গন্যমান্য লোক উপস্থিত থাকে ৷ সন্ধ্যা ৬:৪৫ বজাত সত্ৰাধিকাৰ প্ৰয়াত লীলাকান্ত দেৱ গোস্বামী স্মৃতি নাট্যসন্ধ্যাত মেঘালী দেৱী ৰচিত আৰু পৰিচালিত “ছত্ৰভংগ” নামৰ এখন বুৰঞ্জীমুলক মঞ্চসফল নাটক মঞ্চস্থ কৰে বাচকবনীয়া নাট্যশিল্পী সকলে ৷ লাইআটি সত্ৰৰ সত্ৰাধিকাৰ তথা প্ৰয়াত লীলাকান্ত দেৱ গোস্বামী সুযোগ্য পুত্ৰ সাহিত্যিক যুগল চন্দ্ৰ দেৱগোস্বামীয়ে নাট্যমঞ্চখনি বন্তি প্ৰজ্বালনেৰে শুভাৰম্ভ কৰাৰ লগতে শুভউদ্বোধন কৰে ৷ অনুষ্ঠানৰ সফল পৰিসমাপ্তিত সদৌ অসম শিশু নাট পৰিচালনা সমিতিৰ সভাপতি , সম্পাদক ক্ৰমে তৰুন বৰা আৰু পূৰ্ণানন্দ বাৰিক ; অসম নাট্য সন্মিলনৰ সভাপতি , সম্পাদক ক্ৰমে , ৰঞ্জন তামুলী আৰু ৰাণা ভূঞাই শুভাকাংক্ষীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন ! ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে শুভংকৰ প্ৰতীক, শীৰ্ষ গীত মুকলি, ব্ৰেণ্ড এম্বেচেদৰ নিযুক্তি…

কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে আজি আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী শুভংকৰ প্ৰতীক ৰূপে পুৰুষ শুভংকৰ প্ৰতীক ‘লুইত’ আৰু মহিলা শুভংকৰ প্ৰতীক ‘কামৰূপা’ৰ শুভ উন্মোচন কৰে। নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে কামৰূপ জিলাত আৰম্ভ হোৱা পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ (SVEEP ) কাৰ্যসূচীৰ অধীনত দুষ্প্ৰাপ্য বৰমূৰীয়া কাছৰ আৰ্হিৰে এই শুভংকৰ প্ৰতীক প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ চৌহদত পোৱা দুষ্প্ৰাপ্য এই বৰমূৰীয়া কাছবিধ কামৰূপ জিলাৰ বাবে এক গৌৰৱৰ প্ৰতীক। জিলাখনৰ চহকী ঐতিহ্যৰ তাৎপৰ্য্য বহন কৰা দুষ্প্ৰাপ্য এই বৰমূৰীয়া কাছবিধক আৰ্হি ৰূপে লৈ এই শুভংকৰ কাৰ্টুনিষ্ট প্ৰদীপ নাথে ডিজাইন কৰি উলিয়াইছে।

শুভংকৰ উন্মোচনৰ উপৰি কামৰূপ নিৰ্বাচনী জিলাৰ তৰফৰ পৰা আজি গায়ক কুমাৰ ভবেশ আৰু অভিনেতা, পৰিচালক আৰু প্ৰযোজক ৰাজকুমাৰ ঠাকুৰীয়াক জিলাখনৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ ৰূপে নিযুক্তি দিয়া হয়। আজি কামৰূপ জিলা দিৱস উপলক্ষে সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আয়োজিত দিনজোৰা কাৰ্যসূচীতে এই শুভংকৰ উন্মোচন আৰু ব্ৰেণ্ড এম্বেচেদৰৰ নিযুক্তি দিয়া হয়। উল্লেখ্য যে প্ৰতিবছৰে ৩১ মাৰ্চৰ দিনটো কামৰূপ জিলা দিৱস ৰূপে উদযাপন কৰি অহা হৈছে। আজি এই কামৰূপ জিলা দিৱস উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ পুৱাৰ ভাগত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পচৰীয়াৰ ঐতিহাসিক আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰলৈ এক চাইকেল ৰেলীৰে কৰা হয়। । এই চাইকেল ৰেলীৰ জৰিয়তে পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ (SVEEP) কাৰ্যসূচীৰ অধীনত ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কেও প্ৰচাৰ কৰা হয়। কামৰূপ জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আয়োজিত এক মুকলি সভা সম্বোধন কৰি জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কয় যে কামৰূপ জিলা দিৱসটি প্ৰতিবছৰে জিলাখনৰ গৌৰৱময় ইতিহাস, সংস্কৃতি আৰু ঐতিহ্যৰ তাৎপৰ্যক প্ৰতিফলিত কৰি উদযাপন কৰি অহা হৈছে।

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰ ৰাইজৰ মাজত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে সজাগতা বৃদ্ধি আৰু সকলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়েহে জিলা প্ৰশাসনে জিলা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কেইবালানিও SVEEP কাৰ্য্যসূচীৰ জৰিয়তে ভোটাৰক নিজ সাংবিধানিক অধিকাৰ দায়িত্বশীলভাৱে প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰাৰ দিশত উদ্যোগ গ্ৰহণ কৰিছে । জিলা আয়ুক্তগৰাকীয়ে অহা ৭ মে’ত কামৰূপ নিৰ্বাচনী জিলাৰ বাবে অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত সকলোকে নিজৰ বহুমূলীয়া ভোটদান সাৱ্যস্ত কৰি গণতান্ত্ৰিক অধিকাৰ উপভোগ কৰিবলৈও আহ্বান জনায়। অনুষ্ঠানত ভোটাৰ সজাগতা বৃদ্ধি কৰিবলৈ নয়নমণি দাসৰ কথা আৰু সুৰেৰে প্ৰস্তুত ‘গণতন্ত্ৰত ৰাইজেই ৰজা’ শীৰ্ষক এটি নিৰ্বাচনী গীতো জিলা আয়ুক্ত গৰাকীয়ে মুকলি কৰে। জিলা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰক্তদান তথা স্বাস্থ্য পৰীক্ষা শিবিৰ, পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচীও অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুকলি সভাত আইআইটি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াই কামৰূপ জিলাৰ ঐতিহাসিক পটভূমিৰ ওপৰত বক্তব্য প্ৰদান কৰে।কামৰূপ জিলা দিৱসৰ এই কাৰ্যসূচীত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্পা বাগলাৰী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে কমল বৰুৱা, নিত্য বিনোদ ৱাৰী, চন্দনা বৰুৱা, অভিজিৎ গগৈ, পংকজ কুমাৰ নাগবংশী, নিৰ্বাচনী বিষয়া মানস জ্যোতি বৰাৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

গুৱাহাটী প্ৰেছ ক্লাবত”কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ অসম”ৰ বাৰ্ষিক অধিৱেশন ! বঁটা প্ৰদান অনুষ্ঠান…

সাহিত্য আৰু সংস্কৃতিৰ সমন্বিত চৰ্চাৰ মঞ্চ “কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ, অসম”ৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠানটো আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি সাহিত্যিক তথা আইনজীৱি অনন্ত ৰাম মেধিয়ে । আনহাতে গোটৰ সভাপতি ধনেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত সকলোকে আদৰণি জনায় মুখ্য প্ৰশাসক চবিন চন্দ্ৰ নাথে । সভাৰ আৰম্ভণিতে শিশু নৃত্য শিল্পী অৰ্চিতা বৰুৱা আৰু ৰিয়া বৰাই পৰিৱেশন কৰা দৃষ্টি নন্দন এটি নৃত্যই সকলোকে মুগ্ধ কৰে। সভাত গোটৰ অধিবেশন উপলক্ষে হৈ যোৱা কবিতা আৰু চুটি গল্প প্ৰতিযোগিতাৰ বিজয়ী ক্ৰমে প্ৰথম স্থান লাভ কৰা হিমাজ্যোতি তালুকদাৰ,জুৰি দেৱী(যুটীয়া ভাৱে)। দ্বিতীয় স্থান লাভ কৰা হিমাদ্ৰী দাস, ৰূপাঞ্জলী হাজৰিকা(যুটীয়া ভাৱে)আৰু তৃতীয় স্থান লাভ কৰা কবিতা চহৰীয়া, নূৰুল ইছলাম শ্বেখ ,মিতা শৰ্মা আৰু সঞ্জীৱ বড়োক বঁটা প্ৰদান কৰা হয় ।

আনহাতে গল্পত প্ৰথম স্থান লাভ কৰা মুনমালা শৰ্মা, দ্বিতীয় স্থান লাভ কৰা নিৰুপমা মজুমদাৰ আৰু বীণা হাজৰিকা(যুটীয়া ভাৱে)আকৌ তৃতীয় স্থান লাভ কৰা চোনিয়া মুক্তিয়াৰ আৰু ৰঞ্জন গোস্বামীক (যুটীয়া ভাৱে)।গোটত প্ৰতি বছৰে নিৰ্বাচন কৰা বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ এই বেলি গুৱাহাটীৰ বিশিষ্ট কবি তথা লেখিকা জ্যোৎস্না ৰাণী বেগমলৈ প্ৰয়াত প্ৰতুল চন্দ্ৰ কলিতা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় । বৰ্ষশ্ৰেষ্ঠ কবিতাৰ খিতাপ তথা প্ৰয়াত প্ৰদীপ কুমাৰ নাথ সোঁৱৰণী বঁটা লাভ কৰে নগাঁওৰ বিশিষ্ট কবি তথা লেখিকা অনামিকা পি দেৱীয়ে । আনহাতে সোণাৰাম ৰাজবংশী আৰু চোনিয়া মুক্তিয়াৰে আঁত ধৰা সভাত কবিতাৰ অনুষ্ঠানটো সঞ্চালনা কৰা বিশিষ্ট কবি মহেশ চৌধুৰীয়ে । সভাত নিমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্য, অভিনেত্ৰী চেতনা দাস, দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ডঃ নৰেন হাজৰিকা, বিশিষ্ট কবি লেখক তথা সাংবাদিক আব্দুল আলিম, কবি,সাহিত্যিক তথা আইনজীৱি অনন্ত ৰাম মেধি, গোটলৈ বিভিন্ন অৰিহণা আগবঢ়োৱা প্ৰশাসক,মডাৰেটৰ সোণাৰাম ৰাজবংশী, মিণ্টু দাস, সুজাতা মেধি,কাজললতা মেধি, মামণি কলিতা, পবিত্ৰী ভৰালী,ডাঃ চন্দনা মেধি দাস,মাইটি কাকতি দাস,যমুনা দুলু বৈশ্য, পল্লৱী দাস সৰস্বতী দাস আৰু মণিৰূপা মিশ্ৰলৈ বিশেষ সন্মান প্ৰদান কৰা হয়।

সভাত জুৰিমণি মুদৈ আৰু বিজু ফুকন কলিতাৰ পাচ মিনিটৰ অভিনয়ে সকলোকে অভিভূত কৰে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰিফা হুছেইন বৰা আৰু জিতুমণি দাসে গীত পৰিবেশন কৰে ।‌ ৰাকেশ তালুকদাৰৰ “মই তোমাৰ নিঃস্বাৰ্থ আত্মা” নামৰ কাব্য পুথিখন উন্মোচন কৰে দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ডঃ নৰেন হাজৰিকাই । সভাত কবিতা পাঠ কৰে ক্ৰমে – ৰাজুমণি শ‌ইকীয়া, হিমাক্ষী বৰা,গজেন দাস, সুৰভি মেধি,জ্যোতি মাধৱ, স্বৰ্গৰ্জ্যোতি চেতিয়া,সত্যজিৎ গগৈ, প্ৰতিমা বুঢ়াগোহাঁই,অঞ্জু ভূঞা, উজ্জ্বল জ্যোতি দাস, দুৰ্লভ পৱন বৰুৱা,ৰুবী শ‌ইকীয়া দাস, কাজল লতা মেধি,নৱ ডেকা, পবিত্ৰ কুমাৰ দাস, শংকৰ দাস, আনোৱাৰ হুছেইন,ডাঃ চন্দনা মেধি দাস , চোনিয়া মুক্তিয়াৰ, বুলি বৰা বৰুৱা, ভাৰতী বৰা, সুজাতা মেধি, মাজনী চহৰীয়া , জেউতি শইকীয়া, ৰুবি শইকীয়া দাস, পুবালী শইকীয়া, ৰুপাঞ্জলী হাজৰিকাই। উল্লেখ্য যে দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত সভাখন সামগ্ৰিক ভাৱে পৰিচালনা কৰে গোটৰ মুখ্য প্ৰশাসক চবিন চন্দ্ৰ নাথে। অসম সংগীতৰে দিনযোৰা সভাখনৰ সামৰণি পৰে।

ঢকুৱাখনাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱাৰ মাতৃ স্বৰ্ণ বৰুৱাৰ বিয়োগ…

ঢকুৱাখনাৰ ঘিলামৰা থানাৰ অন্তৰ্গত মৰনৈ বেবেজীয়া অঞ্চলৰ বাটচ’ৰামুখ নিৱাসী ধৰ্মপ্ৰাণা মহিলা তথা ঢকুৱাখনাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱাৰ মাতৃ স্বৰ্ণ (বকুলি)বৰুৱাৰ আজি পূৱা প্ৰায়-৭.৩০ বজাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত বিয়োগ ঘটে।

মৃত্যুৰ সময়ত মহিলাগৰাকীৰ বয়স হৈছিল ৬৫ বছৰ। উল্লেখ্য যে মাজুলীৰ দিঘলী মুখত এক সাংস্কৃতিক পৰিৱেশত জন্মগ্ৰহণ কৰা আৰু ঢকুৱাখনাৰ তুলসীজান, দাংধৰা অঞ্চলত শিক্ষাগ্ৰহণ স্বৰ্ণ বৰুৱা গাভৰু কালত বিয়া নামৰ এগৰাকী ভাল নামতি আছিল।

সেই অভিজ্ঞতাৰ ভিত্তিতে তেওঁ মুখে মুখে প্ৰচলিত হৈ থকা প্ৰাচীন বিয়া নামবোৰ সংগ্ৰহ কৰি “বিয়া নামৰ হাঁচতি” নামৰে এখনি বিয়া নামৰ সংকলন প্ৰকাশ কৰি ঢকুৱাখনাৰ বৌদ্ধিক মহলত লেখিকাৰূপেও আত্মপ্ৰকাশ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ ইহ- সংসাৰত স্বামী পুত্ৰ,কন্যা, নাতি-নাতিনীৰ সৈতে অনেক আত্মীয় কুটুম্বক এৰি গৈছে। আজি স্বৰ্ণ বৰুৱাৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ মৰনৈ-বেবেজীয়া অঞ্চলতে শোকৰ ছাঁ পৰা দেখা যায়।

গোগামুখত গ্ৰীস্মকালীন যোগ প্ৰশিক্ষণ শিবিৰৰ সামৰণি…

গোগামুখত গ্ৰীস্মকালীন যোগ প্ৰশিক্ষণ শিবিৰৰ সামৰণিঃ অভিনন্দন সমাৰোহ সম্পন্নঃ

ধেমাজি জিলাৰ গোগামুখৰ একমাত্ৰ যোগ কেন্দ্ৰ তথা যোগ মহাবিদ্যালয় ৰুদ্ৰাক্ষৰ উদ্যোগত আৰু ৰুদ্ৰাক্ষ চাৰিটেবুল বা দাতব্য ট্ৰাষ্টৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰীস্মকালীন যোগ শিবিৰ আৰু অভিনন্দন সমাৰোহৰ আজি দেওবাৰে সামৰণি পৰিছে ৷ ২৭ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ  গোগামুখ মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত গ্ৰীস্মকালীন যোগ শিবিৰত উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি যোগ শিক্ষা গ্ৰহণ কৰে ৷ যোগ শিবিৰত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৰুদ্ৰাক্ষ যোগ মহাবিদ্যালয়ৰ শিক্ষক যাদৱ ফকৰেল, ভানুমতী পেৰ্‌মেয়ে ৷ তেওঁলোকক সহযোগ কৰে তনুজা পেগু আৰু বিদ্যা পাতিৰে ৷ যুৱ সমাজকৰ্মী তথা খ্যাতনামা নৃত্যশিল্পী, চিত্ৰনাট্যকাৰ ভিন্ন প্ৰতিভাধৰ যুৱক ফটিক পেৰ্‌মেৰ পৰিকল্পনা আৰু পৰিচালনা মৰ্মে

গ্ৰীস্মকালীন যোগ শিবিৰত পোন প্ৰথমবাৰৰ বাবে জুম্বা নৃৃত্য প্ৰয়োগ কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে লগ’ চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰা হয় ৷ আজি বুধবাৰে যোগ শিবিৰৰ সামৰণি অনুষ্ঠানৰ সমান্তৰালভাৱে অভিনন্দন সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হয় ৷ মূলতঃ ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত  ৰুদ্ৰাক্ষ   ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ উদ্যোগত সদৌ অসম ভিত্তিত গোগামুখত  অনুষ্ঠিত হোৱা কেন্দ্ৰীয় যোগ দিৱসত সহযোগিতা আগবাঢ়োৱা ব্যক্তিসকলক অভিনন্দন সমাৰোহত অভিনন্দন জনোৱাৰ উদ্দেশ্যে উক্ত অভিনন্দন সমাৰোহ আয়োজন কৰা হয় ৷ অনুষ্ঠানত ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ প্ৰশিক্ষক তনুজা পেগুৰ নেতৃত্বত ৰূপায়ন কৰা   যোগব্যায়াম কলা-কৌশলেৰে  অনুষ্ঠানটো আৰম্ভ কৰা হয় ৷ অনুষ্ঠানটো  আঁত ধৰে খ্যাতনামা নৃত্যশিল্পী, চিত্ৰনাট্যকাৰ, ভিন্ন প্ৰতিভাধৰ যুৱক ফটিক পেৰ্‌মেয়ে ৷ অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ অনিল কুমাৰ পেগুৱে ৷ 

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, গোগামুখ বালিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন শৰ্মা আদিয়ে ৷ মুখ্য অতিথিৰ ভাষণত ড° দিলীপ কুমাৰ ঝাই কয়- যোগ শিক্ষা হৈছে সুস্থ শৰীৰৰ বাবে উত্তম শিক্ষা ৷ শাৰীৰিক আৰু মানসিকভাৱে একোজন মানুহ সবল হৈ থাকিবলৈ যোগ ব্যায়ামৰ নিতান্তই প্ৰয়োজন ৷ সম্প্ৰতি চৰকাৰী শিক্ষা বিভাগ সমূহে যোগ শিক্ষাক শিক্ষানুষ্ঠানৰ এক  অংশ হিচাপে প্ৰয়োগ কৰিবলৈ লৈছে ৷ চৰকাৰী এই ব্যৱস্থা দেশৰ যুৱ প্ৰজন্মৰ বাবে সুখবৰ ৷ বদ অভ্যাস, নিচাজাতীয় সামগ্ৰীৰ পৰাও যোগ শিক্ষাই একোজন মানুহক আঁতৰাই ৰাখে আৰু নিৰোগী স্বাস্থ্য  প্ৰদান কৰে ৷ ড° ঝাই ৰুদ্ৰাক্ষ যোগ মহাবিদ্যালয়ৰ যোগ ব্যায়ামৰ বাবে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপ তথা শিক্ষানীতিক ভূয়সী প্ৰশংসা কৰে ৷ উল্লেখনীয় যে, ২০১৯ বৰ্ষত জন্ম লাভ কৰা ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰই কম দিনৰ ভিতৰতে  বিশাল পৰিসৰ অতিক্ৰম কৰি বৰ্তমান যোগ মহাবিদ্যালয়লৈ উন্নীত হৈছে আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত যোগব্যায়ামৰ ডিপ্লমা ক’ৰ্চ ইতিমধ্যে আৰম্ভ কৰিছে ৷