Home Blog Page 954

এক দেশ, এক নিৰ্বাচনঃ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে প্ৰতিবেদন…

এক দেশ, এক নিৰ্বাচনঃ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে প্ৰতিবেদন
বিজেপিৰ দিনতে হয়তো দেশত আন এক নিৰ্বাচনী সংস্কাৰ সম্ভৱ হৈ পৰিব। তাৰেই উমান এতিয়া পোৱা গৈছে। এক দেশ, এক নিৰ্বাচন’ৰ দিশলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। আজি প্ৰাক্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় প্ৰতিবেদন।

দেশত একে সময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাটোৱেই হৈছে এক দেশ, এক নিৰ্বাচন নীতি। এই নীতিৰ বাস্তৱিক গ্ৰহণযোগ্যতা অধ্যয়নৰ বাবে বিগত বৰ্ষৰ ২ ছেপ্টেম্বৰত গঠন কৰা হৈছিল ৰামনাথ কোবিন্দ কমিটী। ১৯১ দিন ধৰি বিস্তৃত অধ্যয়নৰ পাছত আজি কমিটীখনে ৰাষ্ট্রপতি মুৰ্মুক অৰ্পণ কৰে প্ৰতিবেদন।

প্ৰতিবেদনত একে সময়তে দেশত সকলো নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত মতপ্ৰকাশ কৰা হয়। একেসময়তে নিৰ্বাচনসমূহ অনুষ্ঠিত হ’লে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা সবল হ’ব। ভিন্ন সময়ত নিৰ্বাচনসমূহ অনুষ্ঠিত হোৱাৰ বাবে খৰচ হয় বিপুল পৰিমাণৰ ধন। এক দেশ, এক নিৰ্বাচন নীতিয়ে ৰাজকোষৰ এনে ধনৰ ব্যয় যথেষ্ট হ্ৰাস কৰিব। প্ৰতিবেদনত এইধৰণে কেতবোৰ যুক্তি দাঙি ধৰে কমিটীখনে। লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ১০০ দিনৰ ভিতৰতে পৌৰ নিকায়সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে কমিটীখনে। কমিটীখনে প্ৰদান কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰিবলৈ কাৰ্যৰূপায়ণ গোট গঠন কৰাৰো পৰামৰ্শ আছে প্ৰতিবেদনখনত।

মিছামৰাৰ দুৰ্গামন্দিৰ প্ৰাঙ্গনত বিবাহ পাশত আৱদ্ধ হ’ল ১০১ যোৰা দৰা-কইনা…

১০১ যোৰা দৰা-কইনা বিবাহ পাশত আৱদ্ধ হ’ল। ক’ত সম্পন্ন হ’ল এই ব্যতিক্ৰমী বিবাহ?
পুৰোহিতৰ মন্ত্ৰোচাৰণত মুখৰিত হৈ পৰিল মিছামৰাৰ দুৰ্গামন্দিৰ প্ৰাঙ্গন ।


মিছামৰা চাহ বাগিছা হিন্দু যুৱকৰ উদ্যোগত সম্পন্ন হ’ল এই ব্যতিক্ৰমী বিবাহ।
ৰাইজৰ সহযোগত দেৰগাঁৱৰ মিছামৰাত বহিল ১০১যোৰা দৰা-কইনা।


কোনো যোৰা দৰা-কইনাৰ বয়স ৫০/৬০ বছৰ,কোনোযোৰাৰ আকৌ ৩০/৪০বছৰ।
সমূহীয়া বিবাহক লৈ ব্যাপক উৎসাহ মিছামৰা বাসী ৰাইজৰ।

দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন ,ৰঙামাটি

বিশ্বৰ সৰ্ববৃহৎ মটৰ চাইকেল নিৰ্মাতা হিৰো মট’কৰ্পৰ গুৱাহাটীত মুকলি দুখন নতুন প্ৰিমিয়াম মটৰ চাইকেল…

বিশ্বৰ সৰ্ববৃহৎ মটৰ চাইকেল নিৰ্মাতা হিৰো মট’কৰ্পৰ গুৱাহাটীত মুকলি দুখন নতুন প্ৰিমিয়াম মটৰ চাইকেল

  • আধুনিক মটৰ চাইকেলৰ নান্দনিকতা আৰু শক্তিশালী ষ্টাইলিঙৰ সৈতে মাভেৰিক ৪৪০
  • ব্যতিক্ৰমী মাইলেজৰ লগতে প্ৰিমিয়াম আৰু ষ্টাইলিছ ডিজাইনৰ সৈতে এক্সট্ৰিম ১২৫আৰ

মটৰ চাইকেলপ্ৰেমী গ্ৰাহকক অনন্য অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে বিশ্বমানৰ সামগ্ৰী উপলব্ধ কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ বিশ্বৰ সৰ্ববৃহৎ স্কুটাৰ আৰু মটৰ চাইকেল নিৰ্মাতা হিৰো মট’কৰ্পে গুৱাহাটীৰ মটৰ চাইকেলপ্ৰেমীৰ বাবে মুকলি কৰিলে দুখন নতুন ৰোমাঞ্চকৰ প্ৰিমিয়াম মটৰ চাইকেল মাভেৰিক ৪৪০ আৰু এক্সট্ৰিম ১২৫আৰ।

উল্লেখ্য যে, মাভেৰিক ৪৪০ মুকলি কৰি উচ্চ প্ৰিমিয়াম শাখাত প্ৰৱেশৰ ইংগিত প্ৰদান কৰিছে বিশ্বৰ সৰ্ববৃহৎ স্কুটাৰ আৰু মটৰ চাইকেল নিৰ্মাতা কোম্পানীটোৱে। একেদৰে গুৱাহাটীত এক্সট্ৰিম ১২৫আৰ মুকলি কৰি ১২৫ চিচি খণ্ডত নিজৰ স্থান শক্তিশালী কৰে হিৰো মট’কৰ্পে।

কোম্পানীটোৰ প্ৰতিষ্ঠিত ৪০ বছৰীয়া ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰি হিৰো মট’কৰ্পে মাভেৰিক ৪৪০ৰ মুকলিৰ জৰিয়তে মধ্য ওজনৰ শাখাত এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্ভৰযোগ্য আৰু কাৰ্যক্ষম দুচকীয়া বাহন নিৰ্মাণৰ যাত্ৰাক আগুৱাই লৈ গৈ হিৰো মট’কৰ্পে ৪০০চিচি শাখাৰ মানদণ্ড পুনৰ সংজ্ঞায়িত কৰাৰ লক্ষ্য লৈছে।

তদুপৰি, এক্সট্ৰিম ১২৫আৰৰ মুকলিয়ে হিৰো মট’কৰ্পৰ জনপ্ৰিয় ১২৫চিচি সৃষ্টিৰাজিক সমৃদ্ধ কৰিছে। এক্সট্ৰিম মডেলৰ ক্ষীপ্ৰতা আৰু বহুমুখী বৈশিষ্ট্যৰ সংমিশ্ৰণেৰে এক্সট্ৰিম ১২৫আৰক ইয়াৰ নিখুঁতভাৱে অংকিত ৰেখা, শক্তিশালীভাৱে ভাস্কৰ্যকৃত পৃষ্ঠ আৰু গতিশীল অনুপাতে এক ক্ৰীড়াশীল, চিত্তাকৰ্ষক আৰু আধিপত্যপূৰ্ণ ৰূপ প্ৰদান কৰিছে।

হিৰো মট’কৰ্পে অনুৰাগীসকলৰ বাবে প্ৰথম ৰাইড অভিজ্ঞতাৰ জৰিয়তে মাভেৰিক ৪৪০ৰ শক্তি, পৰিৱেশন আৰু গতিবেগ অনুভৱ কৰাৰ এক প্ৰত্যক্ষ সুযোগ আগবঢ়াইছে। বাইক প্ৰেমীসকলে চহৰখনৰ অনুমোদিত হিৰো ডিলাৰশ্বিপৰ জৰিয়তে মাভেৰিক ৪৪০ৰ টেষ্ট-ৰাইড ল’ব পাৰিব। ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা মটৰ চাইকেলখনৰ ডেলিভাৰী আৰম্ভ হ’ব। ইয়াৰ বিপৰীতে এক্সট্ৰিম ১২৫আৰৰ ডেলিভাৰী আজিৰে পৰা আৰম্ভ হৈছে।

এই বিশেষ অনুষ্ঠানত হিৰো মট’কৰ্পৰ ভাৰতীয় ব্যৱসায়িক গোটৰ মুখ্য ব্যৱসায়িক বিষয়া শ্ৰীযুত ৰঞ্জীৱজিৎ সিঙে তেওঁৰ উৎসাহ ব্যক্ত কৰি কয়, “উদ্ভাৱন আৰু উৎকৰ্ষতাৰ প্ৰতি হিৰো মট’কৰ্পৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শনৰ জৰিয়তে গুৱাহাটীত দুখন বহুপ্ৰত্যাশিত মটৰ চাইকেল মুকলি কৰি আমি আনন্দিত হৈছো। মাভেৰিক ৪৪০য়ে মধ্য-ওজন শ্ৰেণীত আমাৰ সাহসী পদক্ষেপ চিহ্নিত কৰাৰ লগতে ৪০০ চিচি শাখাত নতুন মানদণ্ড স্থাপন কৰিছে। ইফালে, প্ৰতি লিটাৰ ইন্ধনত ৬৬ কিলোমিটাৰৰ গতিবেগ প্ৰদান কৰা এক্সট্ৰিম ১২৫আৰে জনপ্ৰিয় ১২৫চিচি শাখাত আমাৰ উপস্থিতি শক্তিশালী কৰিছে। এই মটৰ চাইকেলখনে ৰাইডাৰসকলক ক্ষীপ্ৰতা আৰু প্ৰদৰ্শনৰ সৰ্বোত্তম ভাৰসাম্যতা প্ৰদান কৰে। এই উপস্থাপনসমূহে কেৱল আমাৰ গ্ৰাহকসকলৰ বিকশিত চাহিদা পূৰণৰ বাবে আমাৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰাই নহয়, বৰং অভিযান্ত্ৰিক উৎকৰ্ষতা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি আমাৰ নিৰন্তৰ সাধনাও প্ৰতিফলিত কৰে।’’

হিৰো মট’কৰ্পৰ ডিলাৰশ্বিপত মাভেৰিক ৪৪০ মুঠ তিনিটা ভেৰিয়েণ্টত উপলব্ধ হ’ব। গ্ৰাহকসকলে ১৯৯০০০ টকাৰে বেছ (প্ৰাথমিক), ২১৪০০০/- টকাৰে মিড (মধ্যম) আৰু ২২৪০০০/- টকাৰে টপ (শীৰ্ষ) ভেৰিয়েণ্ট ক্ৰয় কৰিব পাৰিব।

নতুন এক্সট্ৰিম ১২৫আৰ হিৰো মট’কৰ্পৰ ডিলাৰশ্বিপত ক্ৰমে ৯৮৩৮৫ টকা /-ৰ মূল্যৰ সৈতে আইবিএছ আৰু ১০৩৮৮৫ /- টকা মূল্যৰ সৈতে এবিএছ শীৰ্ষক দুটা ভেৰিয়েণ্টত উপলব্ধ হ’ব।

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰহাত আধাৰশিলাৰ জোৱাৰ…

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰহাত আধাৰশিলাৰ জোৱাৰ। ইটোৰ পিচত সিটো আঁচনিৰ শিলান্যাস ৰহাৰ বিধায়ক শশীকান্ত দাসৰ। বৃহস্পতিবাৰে একে দিনাই সাতটাকৈ কেইবা কোটি টকীয়া আঁচনিৰ শিলান্যাস কৰে বিধায়কগৰাকীয়ে।

বৃহস্পতিবাৰে বিধায়কগৰাকীয়ে নিজ গৃহত তিনি শতাধিক লোকক বিতৰণ কৰে ৰোগাক্ৰান্ত লোকৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্যৰ চেক। ইয়াৰ পিচতে বিধায়কগৰাকীয়ে চাপৰমুখত এখন হাস্পতাল, চাপৰমুখ-কাকতিগাঁৱত ৰে’লৱে অভাৰ ব্ৰিজ আৰু ৰহাত পাঁচটাকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল

বিকাশৰ যাত্ৰা লৈ জালুকবাৰী সমষ্টিৰ শুৱালকুছিত মুখ্যমন্ত্ৰী…

$$ বিকাশৰ যাত্ৰা লৈ জালুকবাৰী সমষ্টিৰ শুৱালকুছিত মুখ্যমন্ত্ৰী

$$ দেশৰ ভিতৰতে জালুকবাৰীয়ে নহয় হাজো – শুৱালকুছি আৰু কমলপুৰ সমষ্টিৰ উন্নতি ১ নম্বৰত

$$ মুখ্যমন্ত্ৰী অসমৰে ভাগ্যবান নহয় জালুকবাৰী সমষ্টি বাসী অতি ভাগ্যবান — স্বাস্থ্যমন্ত্ৰী


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাহিৰে স্বাধীন ভাৰতৰ কোনো গৰাকী প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নতিৰ বাবে ২৫ বছৰীয়া পৰিকল্পনা কৰা নাছিল ৷ দেশেই মোৰ পৰিয়ালৰ সোপান সাৰ্থক কৰাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিৰামহীন কষ্টেৰে উন্নয়নৰ দিগন্তলৈ গতি কৰিছে ৷ তেখেতৰ সপোন আগন্তুক ২০৪৭ চন অৰ্থাৎ স্বাধীনতাৰ ১০০ বছৰ পিছত হ’লেও ভাৰতবৰ্ষ বিকশিত দেশত পৰিনত হ’ব ৷ এয়া মোডীৰ আশা প্ৰত্যাশা আৰু বাস্তৱিক কল্পনা — এই ভাষ্য অসমৰ মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অৱিৰত প্ৰয়াসৰ বিকশিত যাত্ৰা লৈ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বিভিন্ন ঠাইত ১৫৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা বিভিন্ন আচঁনিৰ শুভাৰম্ভ শিল্যান্যাস আৰু উদ্বোধন কৰে ৷ তদুপলক্ষে শুৱালকুছি এফ আৰ ইউ প্ৰাঙ্গণত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ ভাষণৰ আৰম্ভণিতে ৰিমৰ্ট কণ্ট্ৰোলেৰে ২৩ উন্নয়ণ

প্ৰকল্প ভাৰ্চুৱেল পদ্ধতিৰে শিলান্যাস কৰাত উপস্থিত হাজাৰ হাজাৰ পুৰুষ মহিলাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজায় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে ২০০১ চনৰ পৰা এতিয়ালৈ তেওঁ অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিছে ৷ তেতিয়াৰ জালুকবাৰী সমষ্টি আৰু এতিয়াৰ সমষ্টিৰ পাৰ্থক্য ৰাইজে প্ৰত্যক্ষ কৰিছে ৷ বিগত ২৯ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ উন্নতিৰ বাবে বিকাশ যাত্ৰা আৰম্ভ কৰিছে ৷ তাৰ অংশ স্বৰূপে মুখ্যমন্ত্ৰীৰ মাইলৰ খুটি স্বৰূপ জালুকবাৰী সমষ্টিৰ উন্নয়নৰ দিগন্ত তেওঁ শয়নে সপোন দেখা বুলি উল্লেখ কৰে ৷ বিধায়কৰ সমাগত ৰূপালী জয়ন্তী বৰ্ষৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে সমষ্টি বাসীয়ে কোনোকালে নভবা কাম কৰা বুলিও কয় ৷ আজি শুভাৰম্ভ কৰা কামৰ ভিতৰত শুৱালকুছি এফ আৰ ইউ ৩০ বিছনাযুক্ত চিকিৎসালয়ৰ পৰা ১০০ খনলৈ অত্যাধুনিক সা সুবিধাৰে উন্নীত কৰা ৷ শিক্ষাৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু উন্নীতকৰণৰ বাবে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় , উত্তৰ গুৱাহাটী মহাবিদ্যালয় পাণ্ড মহাবিদ্যালয় পূৱ বংশৰ মহাবিদ্যালয় শৰাইঘাট মহাবিদ্যালয়লৈ ১৫ কোটি টকাকৈ অনুদান ৷ শিথিল পুজিৰ সহায়ত শুৱালকুছি শংকৰ ধাম নিৰ্মাণ চাংসাৰিত প্ৰেক্ষাগৃহ নিৰ্মাণ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা উত্তৰ গুৱাহাটীৰ গৌৰৱ পথ এল পি জিৰ পৰা গোপী নাথ বৰদলৈ পথ নিৰ্মাণ মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত কিছমৎ বংশৰৰ পৰা পাকৰকোনালৈ বহল পথ চাংসাৰিৰ পৰা জালাহলৈ পথ আৰু দুমুনীচকীৰ পৰা আল্টা মান্দাকাটালৈ পথ নিৰ্মাণ আদিৰ শিল্যান্যাস কৰে ৷ অন্যহাতে আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে ক্ৰমে শুৱালকুছি ছুইমিং পুলৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ সম্প্ৰসাৰিত শুৱালকুছি প্ৰৱেশ তোৰণ মধ্য আৰু পশ্চিম পঞ্চায়তৰ নৱ নিৰ্মিত ভৱন আমিনগাঁও পানিপাৰা ধোপাতাৰী আঠিয়াবৈ বেজেৰাৰ শৰাইঘাট আগডলাৰ বামুণীগাওঁ পাণ্ডুনাথ বংশৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ কেইটা শুভ উদ্বোধন কৰে ৷ তদুপৰি শুৱালকুছি উন্নয়ন খণ্ড প্ৰাঙ্গণত থকা ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠানৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰো শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী তথা বিধায়ক গৰাকীয়ে ৷ তেওঁৰ ভাষনত এলানি নতুন আচঁনি ঘোষণা কৰে ৷ যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকে অৰুণোদয় আচঁনিৰ উপৰি পাঁচ লাখলৈ হেল্‌থ কাৰ্ড উজলা আচঁনিৰ উপৰি পৰিয়ালৰ মুৰব্বীৰ দুৰ্ঘটনাৰ জীৱন বীমা তেওঁৰ চৰকাৰে দিয়াৰ কথা ঘোষণা কৰে ৷ মেট্ৰিক পাছ কৰা ছাত্ৰী সকলক চৰকাৰী মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলে

উচ্চতৰ মাধ্যমিকত পঢ়াক ১০ হাজাৰ স্নাতকক ১২৫০০ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীক ২৫হাজাৰ টকাকৈ বেংকৰ একাউণ্টত চৰকাৰে দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ তদুপৰি সামাজিক উন্নয়নৰ বাবে ৰাজ্যৰ বি জে পি চৰকাৰে বাইদেউ সকলক লাখপতি সজোৱাই নহয় অহা বছৰত শিক্ষাৰ উন্নতিৰ হকে ২০ খন মহাবিদ্যালয় উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ অতি পুৰণা গৃহৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ লেখিয়া স্কুল বিল্ডিং নিৰ্মাণৰ বাবে ৮ কোটিকৈ আৰু প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক এম ভি আদিলৈ ৩/৪ কোটিকৈ ধাৰ্য কৰাৰ কথাও কয় ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ড° পি অশোক বাবুৱে আদৰণি ভাষণ দিয়া সভাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই তেওঁৰ চমু ভাষণত কয় যে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী হৈ থকা কালৰ পৰিকল্পনা আমি সাৰ্থক কৰাৰ প্ৰয়াস কৰিছো ৷ শুৱালকুছিৰ ১০০ খন বিছনা যুক্ত চিকিৎসালয় মুখ্যমন্ত্ৰী গৰাকীৰে ফচল বুলি উল্লেখ কৰে ৷ লগতে মুখ্যমন্ত্ৰীৰ সন্মুখতে অসমবাসী ভাগ্যবান জালুকবাৰী বাসী অতি ভাগ্যবান বুলি উল্লেখ কৰি উক্ত হস্পিতালত উন্নতমানৰ সকলো সা সুবিধা থাকিব বুলি কয় ৷ সভাত কামৰূপৰ আয়ুক্ত কিৰ্তি জল্লী এন আৰ এইচ এমৰ ড° এম এচ লক্ষ্মীপ্ৰিয়া আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু ব্যক্তিগত সহায়ক দিগন্ত শৰ্মাও উপস্থিত আছিল ৷

চিলাপথাৰৰ জলকীয়াসূঁতি নৈত অবৈধ খনন কাৰ্যই বিপদ মাতিছে কাষৰীয়া কেবাখনো গাঁৱলৈ…

চৰকাৰে ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া,ধেমাজি আৰু  অৰুণাচলৰ মাজত যাতায়তৰ ক্ষেত্ৰত আমুল পৰিবৰ্তন  আনিবলৈ চিলাপথাৰৰ কুলাজানৰ পৰা জোনাই আয়ানলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত স্হানীয় ৰাইজ সুখী যদিও আন একাংশ ৰাইজে এতিয়া বাৰিষাত ভয়ংকৰ বানৰ কবলত পৰাৰ ভয়ত অনিদ্ৰাত ৰজনী কটাইছে । কিয়নো পথ সম্প্ৰসাৰণৰ নামত ইতিমধ্যেই ৰাজপথৰ দুয়ো কাষে বছৰ বছৰ ধৰি নান্দনিক পৰিৱেশ সৃষ্টি কৰা বহু গছ গছনি উন্নয়নৰ নামত কাটি তহিলং কৰাৰ লগতে বৰ্তমান চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জলকীয়া সূঁতি নৈৰ ওপৰত কোনো নীতি নিয়ম বিহীন ভাৱে খননকাৰ্য চলোৱা হৈছে। দিনে নিশাই জেচিবিৰে

খনন কৰি শ শ ডাম্পাৰ মাটি ব্যৱহাৰ কৰা হৈছে ফৰলেনৰ কামত। নীতিবিহীন সৰু নৈখনত চলোৱা খনৰ বাবে কাষৰীয়া জলকীয়াঁসূতি, উত্তৰ বালি গাওঁ, পূৱ বালি গাওঁ, চিলাবালি গাঁৱ, ২ নং ভৈৰৱপুৰ কেধৰি কেবাখনো গাওঁত বাৰিষাত কাল অমানিশা নামি অহাৰ শংকা ব্যক্ত কৰিছে ৰাইজে। পূৱ বালি গাওঁ আৰু ২ নং ভৈৰৱপুৰৰ অঞ্চলৰ এটি বৃহৎ কৃষি পথাৰৰ মাজেৰে বৈ যোৱা ঘগৰা আৰু জলকীয়াসূঁতিৰ বানে বাৰিষাত এনেও বিস্তীৰ্ণ ক্ষতি কৰি আহিছে । যাৰ বাবে ৰাইজে সময়মতে খেতি কৰিব নোৱাৰে। লগতে নৈ দুখনৰ বালিৰ প্ৰলেপত প্ৰায় বছৰৰ ৬ মাহে বালিময় হৈ থাকে শ শ কৃষি ভূমি। কিন্তু সিহতীয়াকৈ চাৰিলেনযুক্ত পথৰ কামৰ বাবে  যধে মধে খনন কৰি মাটি কঢ়িয়াই নিয়াৰ ফলত এইকেইখন গাওঁ যিকোনো সময়ত ভয়ংকৰ বানত অস্তিত্ব নাইকীয়া হৈ পৰিব। উল্লেখ্য যে  পূৰ্বৰে পৰা চলি থকা এনে খননকাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ গাওঁ কেইখনৰ ৰাইজে স্হানীয় সাংসদ-বিধায়কক আবেদন নিবেদন

কৰাত যোৱা বছৰৰ বাৰিষাত ভৈৰৱপুৰত  পৰিদৰ্শন কৰি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুয়ে খননকাৰ্য বন্ধ কৰা হ’ব আৰু যিসকলে এনে খনন চলাইছে তেওঁলোকৰ বিৰুদ্ধে আইনিভাৱে ব্যৱস্থা লোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যদিও সিহতীয়াকৈ চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ নামত দিনে নিশাই একেৰাহে নিয়ন্ত্ৰণ বিহীন ভাৱে চলোৱা খননকাৰ্যই বাৰিষাত মূহুৰ্তৰ ভিতৰত তচনচ কৰি পেলাব কৃষিজীৱি নিৰ্ভৰশীল এই গাওঁ কেইখন। একাংশ কিছু মধ্যভোগীয়ে নিজৰ লাভালাভৰ বাবে ৰাইজৰ জীৱনক তুচ্ছজ্ঞান কৰি খনন চলোৱাত আগভাগ লৈছে বুলিও অভিযোগ উঠিছে। শীঘ্ৰেই জলকীয়াসূঁতি নৈৰ ওপৰত চলোৱা এনে খনন বন্ধ কৰাৰ লগতে  অন্য নিৰাপদ স্হানৰ পৰা মাটি আনি পথ সম্প্ৰসাৰণত ব্যৱহাৰ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে। ভৱিষ্যতে ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ স্বাৰ্থত সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগুক এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ দাবী জনাইছে ৰাইজে।

নগৰবেৰাৰ পথালিপাৰাত ভয়ানক দুৰ্ঘটনা ! নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাইকে খুন্দা মাৰে এডাল গছত…

নগৰবেৰাৰ পথালিপাৰাত ভয়ানক দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাইকে খুন্দা মাৰে এডাল গছত । গছত খুন্দিয়াই ৰাজপথতেই বহুপৰ পৰি ৰয় যুৱকদ্বয়, স্থানীয় লোকে বহুপৰ চকুৱে-মুখে পানী ছটিয়াই-ছটিয়াই থকাৰ বহুপৰ পাছত সম্বিত ঘুৰি আহে যুৱকদ্বয়ৰ ।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় আৰু দুয়োকো চিকিৎসালয়লৈ নিয়াৰ দিহা কৰে, আঘাতপ্ৰাপ্ত যুৱক দুজন ক্ৰমে আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতিৰ চানিদুল ইছলাম(২৫) আৰু নিচানৰচৰ গাঁৱা বাহাৰুল ইছলাম(২৬) ।

বাহাৰুলৰ আঘাত গুৰুতৰ নহয় যদিও চানিদুল ইছলামৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে চাইচিতি জিএমচিএইচ’ লৈ যুৱকজনক প্ৰেৰণ কৰে ।

ইফালে আৰক্ষীয়ে বিধ্বস্ত বাজাজ চিডি ১০০ বাইকখন থানালৈ নিয়ে যদিও বাইকখনৰ পঞ্জীয়ন নম্বৰ দূৰৰে কথা আগে-পিছে নম্বৰপ্লেটেই নাই , উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

তামুলপুৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট সহ এজন যুৱকক আটক…

তামুলপুৰ জিলাৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত এন কে দৰঙাত এক গোপন সূত্ৰৰ পম খেদি দিলু ছেত্ৰীৰ ঘৰত অভিযান চলাই নিচাজাতীয় টেবলেট সহ দিলু ছেত্ৰী (৩৫)ক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন দিলু ছেত্ৰীৰ বাসগৃহৰ পৰা ১.২০০ কিলোগ্ৰাম নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত নিচাজাতীয় টেবলেট সমূহৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা।

আটকাধীন লোকজনক আজি তামুলপুৰ আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।

নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ ওপৰত অমিত শ্বাহৰ প্ৰতিক্ৰিয়া…

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে নাগৰিকত্ব এটা কেন্দ্ৰীয় বিষয় আৰু কোনো ৰাজ্য চৰকাৰে CAA কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰে। লগতে, কোনো ৰাজ্য চৰকাৰে ইয়াক বাতিল কৰিব নোৱাৰে।


নাগৰিকত্ব সংশোধনী আইন (CAA) ৰূপায়ণৰ পিছৰে পৰা, বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক নিৰন্তৰ আক্ৰমণ কৰি আহিছে। ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীপক্ষক উত্তৰ দি CAA সম্পৰ্কে বহু কথা কৈছে।

অমিত শ্বাহে সংবাদ সংস্থা এ এন আই ক দিয়া এক সাক্ষাৎকাৰত মুছলমানসকলক এই আইনৰ পৰা আঁতৰাই ৰখাৰ কাৰণো ব্যাখ্যা কৰে, “পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশ হৈছে ইছলামিক ৰাষ্ট্ৰ। তেতিয়া মুছলমানসকল তাত কেনেকৈ ধৰ্মীয় সংখ্যালঘু হ’ব পাৰে? অৱশ্যে, যদি তেওঁলোকে এতিয়াও ভাৰতীয় নাগৰিকত্ব বিচাৰে, তেওঁলোকে সাংবিধানিক পথৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰে ”

পুৰুষৰ বিফলতাৰ কাৰণ নাৰী নহয়ঃ জয়া বচ্চন

বিফলতাৰ সন্মুখীন হোৱাটো কাৰো বাবে সহজ নহয়। কিন্তু সকলোৱে নিজৰ বুজাবুজি অনুসৰি এই বিফলতাৰ সমস্যা সমাধান কৰে। নব্য নভেলী নন্দৰ টক শ্ব’লৈ অহা জয়া বচ্চন আৰু শ্বেতা বচ্চনৰ উত্তৰৰ পৰা এই কথা সহজেই বুজিব পাৰি।শেহতীয়াকৈ নৱ্যা নভেলী নন্দৰ ‘ৱাট দ্য হেল নৱ্য’ প’ডকাষ্টৰ খণ্ডটোত জয়া বচ্চন আৰু শ্বেতা বচ্চনক দেখা গৈছিল। ইয়াত তেওঁ “মহিলা আৰু ব্যৰ্থতা”ৰ বিষয়ে আলোচনা কৰে। এই প্ৰশ্নৰ উত্তৰত বহু কথা ওলাই আহিল যাৰ পৰা সকলোৱে হয়তো বহু কথা শিকিব পাৰিব। ১৩ মাৰ্চত নব্যই এটা ক্লিপ শ্বেয়াৰ কৰিছিল য’ত ব্যৰ্থতা আৰু সাধাৰণ কথাৰ সৈতে তেওঁলোকে কেনেদৰে মোকাবিলা কৰে সেই বিষয়ে কয় য’ত নাৰীক পুৰুষৰ জীৱনত সফলতাৰ কাৰণ হিচাপে চিত্ৰিত কৰা হয়।

শ্বেতাই আৰম্ভণিতে ক’লে, “মই নাভাবো যে পৃথিৱীখনে কামত ব্যৰ্থ হোৱা মানুহৰ প্ৰতি দয়ালু। নব্যই শ্বেতাক সুধিলে, আপুনি কিবা কামত বিফল হ’লে হতাশ হৈ পৰে নেকি?’ শ্বেতাই ক’লে যে তেওঁ নিজৰ ওপৰত বহুত কঠিন অনুভৱ।এই প্ৰশ্নক লৈ অভিনেত্ৰী জয়াৰ মতামত সম্পূৰ্ণ বেলেগ। জয়া বচ্ছনে কয় যে যেতিয়া তেওঁ বিফল হয় তেতিয়াই তেওঁ সেই কামটো ভালকৈ কৰিবলৈ চেষ্টা কৰিবলৈ আৰম্ভ কৰে। যিটোৱে আপোনাৰ বিফলতাক সফলতালৈ ৰূপান্তৰিত কৰাৰ নিখুঁত উপায়। অৱশ্যে এই কাম কৰাটো সকলোৰে ক্ষমতাৰ ভিতৰত নহয়।

নব্যই আৰু কয়, কেতিয়াবা পুৰুষৰ ব্যৰ্থতাৰ বাবে মহিলাকো দোষাৰোপ কৰা হয়। ইয়াৰ প্ৰত্যুত্তৰত শ্বেতাই কয়, প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কোৱা কথাষাৰৰ বাবেই মই ভাবো। কিয় তাই তাৰ কাষত থিয় দিব নোৱাৰে, তাই তাৰ পিছফালে থকাৰ প্ৰয়োজন নাই। এইটো এটা বিষয় যাৰ ওপৰত আজিৰ সময়ত সকলোৱে চিন্তা কৰা উচিত। কাৰণ একেলগে খোজ কাঢ়িলে পুৰুষ-মহিলা উভয়ে একেলগে আগবাঢ়ি যাব পাৰে।