Home Blog Page 965

অস্কাৰৰ মঞ্চত নগ্ন ৰূপত উপস্থিত অভিনেতা জন চিনা!

ডলবি থিয়েটাৰত হুৱা-দুৱা। অস্কাৰ ২০২৪ৰ বঁটা প্ৰদান অনুষ্ঠানত এক অদ্ভূত ভংগীমাত উপস্থিত থাকি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মল্লযুঁজৰ পৰা পৰা অভিনয় জগতত ভৰি দিয়া জন চিনাই। ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হৈছে। জন চিনাই ৯৬সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ বঁটা প্ৰদান কৰিবলৈ আহি তেওঁৰ সকলো পোছাক খুলি দিছিল। ফলত মঞ্চত তেওঁ সম্পূৰ্ণ উলংগ হৈ পৰিছিল। জন চিনাই অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ বিষয়ে কলাত্মকভাবে উপস্থাপন কৰিবলৈ যাওঁতে তেওঁৰ শৰীৰত এডাল সূতা ৰখা নাছিল। অভিনেতাগৰাকীৰ এনে কাণ্ড এতিয়া আলোচনাৰ আটাইতকৈ গৰম বিষয় হৈ পৰিছে। যোৱা বছৰৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠাত চৰ শোধোৱা কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এইবাৰ এয়া নগ্নতালৈ ৰূপান্তৰিত হ’ল।

জন চিনাই শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ বঁটা ঘোষণা কৰাৰ সময়তে নগ্ন হৈছিল। জনক আয়োজক জিমি কিমেলে ১১ মাৰ্চত লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অস্কাৰ বঁটা মঞ্চলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু জনে উলংগ অৱস্থাতহে মঞ্চলৈ উঠি গৈছিল। অৱশ্যে শেষ লজ্জাকণ নিবাৰণ কৰিবলৈ তেওঁৰ হাতত কাগজৰ টুকুৰা এটা আছিল। জনে তেওঁৰ গোপন অংগ বিজয়ীৰ নাম লিখা কাগজৰ টুকুৰাৰে ঢাকি ৰাখিছিল। দৰ্শকে তেওঁৰ কাণ্ডত প্ৰতিক্ৰিয়া ব্যক্ত কৰাত জন চিনাই কয়, “কাপোৰ অতি গুৰুত্বপূৰ্ণ।কথাষাৰ বুজিলেতো” জন চিনাই পোছাকৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰিবলৈয়েই এনেদৰে নগ্ন হৈ মঞ্চত উঠা বুলি প্ৰকাশ কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ চিনেমাসমূহক সামৰি দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত আয়োজন কৰা হৈছিল ৯৬সংখ্যক অস্কাৰ সন্মান প্ৰদান অনুষ্ঠান।

এই বৰ্ষত ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা চিনেমাই অস্কাৰ সন্মানেৰে সন্মানিত হ’বলৈ সক্ষম হৈছে। ‘অপেনহেইমাৰে’ লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ সন্মান। ৰবাৰ্ট ডাউনী জুনিয়ৰে লাভ কৰিছে তেওঁৰ প্রথমটো অস্কাৰ বঁটা। ৰবাৰ্ট ডাউনী জুনিয়ৰে শ্রেষ্ঠ সহঃ অভিনেতাৰ খিতাপ লাভ কৰে। ‘অপেনহেইমাৰ’ ছবিৰ বাবে এই বঁটা ৰবাৰ্ট ডাউনী জুনিয়ৰলৈ। ইয়াৰোপৰি ‘অপেনহেইমাৰ’ ছবিখনে শ্রেষ্ঠ চিত্রনাট্যৰ শিতানতো লাভ কৰিছে বঁটা।

ৰাতি শোৱাৰ পূৰ্বে আপোনাৰ ঘৰৰ মন্দিৰত এই গুৰুত্বপূৰ্ণ কামটো কৰক, ঘৰলৈ আহিব সুখ আৰু সমৃদ্ধি…

বাস্তু শাস্ত্ৰৰ মতে ঘৰত মন্দিৰ ৰখাৰ কিছুমান বিশেষ নিয়ম আছে, য’ত ঈশ্বৰৰ পূজা, পূজাৰ সামগ্ৰী আদি অন্তৰ্ভুক্ত। ঈশ্বৰৰ মূৰ্তি কি দিশত ৰখা উচিত ইত্যাদি বিতংভাৱে ব্যাখ্যা কৰা হৈছে বাস্তু শাস্ত্ৰত। আনকি কোন সময়ত, কেনেকৈ পূজা কৰিব বা খাদ্য আগবঢ়াব, সকলো কথা বাস্তু শাস্ত্ৰত উল্লেখ আছে। এনে এটা নিয়মত ৰাতি ঈশ্বৰৰ মন্দিৰৰ সন্মুখত পৰ্দা আঁৰি থোৱা কথা উল্লেখ আছে। পূজাৰ নিয়ম অনুসৰি এই কাম কৰাটো আৱশ্যক। ঘৰৰ মন্দিৰত ৰাতি কিয় ঈশ্বৰৰ সন্মুখত পৰ্দা ৰখা হয়? জানি লওক-

হিন্দু বিশ্বাস অনুসৰি প্ৰতিটো পূজাৰ নিয়মৰ আঁৰত কিবা এটা কাৰণ উল্লেখ কৰা হয়। ঘৰৰ মন্দিৰ সৰু হওক বা ডাঙৰ হওক, সদায় মনত ৰাখিব লাগে যে ৰাতি ঘৰৰ সকলো লাইট বন্ধ কৰাৰ আগতে মন্দিৰৰ পৰ্দা টানিব লাগে।

আপোনালোকক কওঁ যে ৰাতি মন্দিৰ ঢাকি ৰখাৰ পৰম্পৰা আজিৰ নহয় বহুদিনৰ পৰাই চলি আহিছে। আমাৰ ধৰ্মশাস্ত্ৰতো এই কথা উল্লেখ আছে। আচলতে মন্দিৰৰ মূৰ্তিক ৰাতি দুষ্ট চকুৰ পৰা ৰক্ষা কৰিবলৈ পৰ্দা লগোৱা হয়। ঠিক যেনেকৈ সন্ধিয়া জন্ম হোৱা ল’ৰা-ছোৱালীক দুষ্ট ছাঁৰ পৰা ৰক্ষা কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ যাবলৈ দিয়া নহয়। ঈশ্বৰৰ প্ৰতিও সন্মান প্ৰকাশ কৰে। সেইবাবেই ডাঙৰ ডাঙৰ মন্দিৰতো ৰাতি ভগৱানৰ দুৱাৰ বন্ধ হৈ থাকে।

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ বৃহৎ ঘোষণা ! বৰপেটা সমষ্টিত অগপৰ প্ৰাৰ্থী হ’ব ফণীভূষণ চৌধুৰী…

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ ঘোষণা

বৰপেটা লোকসভা সমষ্টিৰ ফণীভূষণ চৌধুৰী

ধুবুৰীত জাভেদ ইছলাম

বি জে পি আৰু UPPLৰ সহযোগত খেলিব লোকসভা নিৰ্বাচন

মিত্ৰজোঁটৰ সহযোগত লোকসভা নিৰ্বাচন খেলিব

ধুবুৰীৰ বাচনিৰ সময়ত সময় লাগিছিল অসম গণ পৰিষদৰ

বৰপেটাত ৰাইজৰ বিপুল সমৰ্থন ফণীভোষণ চৌধুৰীক সমৰ্থন কৰিছে

ৰাইজৰ আশীৰ্বাদ, দলৰ সহযোগত, বি জে পি ৰ সহযোগত জয় হ’ব ভণীভোষণ চৌধুৰীৰ

আমি দুয়োখন আসনতে জয়লাভ কৰিম

দলৰ সিদ্ধান্তৰ জড়িয়তে এওঁলোকক প্ৰাৰ্থীত্ব দিয়া হৈছে

এইবাৰ ধুবুৰী সমষ্টিৰ পৰা সহযোগ পাইছোঁ।

ধুবুৰীত আমি জয় হমে।

ধুবুৰী ১০০% য়ে জয়ী হম

১০ মাৰ্চত হৈ যোৱা অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ কি কি জানক…

১০ মাৰ্চত হৈ যোৱা অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰ ভিতৰত চিকিৎসা শিক্ষাত সংৰক্ষণ,

বিদ্যুৎবিহীন পৰিয়ালৰ বৈদ্যুতিকৰণ, অসম ৰাজ্যিক অভিযোজন সেৱা (সংশোধনী) বিধিত অনুমোদন, অসমৰ শিক্ষানুষ্ঠানত মেইটেই/মণিপুৰী মায়েক লিপি প্ৰৱৰ্তনৰ অনুমোদনকে ধৰি একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

অনাগত সময়ত এই সিদ্ধান্তসমূহে অসমৰ বিকাশ-উন্নয়নত যথেষ্ট সহায় কৰিব বুলি বিশ্বাসী মুখ্য়মন্ত্ৰী ৷

মুক্তি পালে মংগল নায়কৰ চুটি ছবি “প্ৰাণেৰ চুগা”…

অলপতে আদিবাসী চাহ জনগোষ্ঠীৰ জনপ্রিয় কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, পৰিচালক মংগল নায়কৰ এক মনোমোহা, হৃদয়স্পর্শী চুটি ছবি “প্ৰাণেৰ চুগা” আমনি (নগাওঁ) হকী ফিল্ডত অনুষ্ঠিত হোৱা জাতীয় মহা অভিৱৰ্তন অনুষ্ঠানত শুভ উদ্বোধন কৰা হয়। ছবি খনৰ কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু পৰিচালনা মংগল নায়কৰ। ছবি খনৰ কাহিনী শৈক্ষিক, অৰ্থনৈতিক ভাৱে নিশকতীয়া এগৰাকী শাৰিৰীকভাৱে বিশেষ অক্ষম যুৱতীৰ ওপৰত আধাৰিত।

শাৰিৰীকভাৱে অক্ষম হলেও শিক্ষাৰ পোহৰ দি, সহায়ৰ হাত বঢ়াই মানসিকভাৱে প্ৰস্তুত কৰিলে এগৰাকী শাৰিৰীক অক্ষম লোকেও যে দেশৰ সু নাগৰিক হ’ব পাৰে ছবি খনত দেখুৱা হৈছে। ছবি খন চাপানালাৰ বিভিন্ন লোকেচনত চিত্ৰগ্ৰহণ কৰা হৈছে। ছবি খনত কণ্ঠদান কৰিছে সুজাতা কাৰ্তিক। গীতৰ কথা মংগল নায়কৰ।

চিত্ৰগ্ৰহণ কৰিছে চাজু। সম্পাদনা চাবিৰ আহমেদৰ। আৱহ সংগীত জেচনৰ। ছবি খনত অভিনয় কৰিছে- মনোৱাৰ হুছেইন, শেৱালী ভূমিজ, পাৰ্বতী গগৈ, শিৱ গগৈ, ৰাজা বসুমতাৰী,মঞ্জু ৰাজোৱাৰ ভূমিজ, হজৰত আলীৰ লগতে বহু ন-পুৰণি শিল্পী। শিশু শিল্পীৰ অভিনয় কৰিছে সুপ্ৰীতি নায়কে। ছবিখন শীঘ্রই মংগল নায়ক অসম ইউটিউব চ্যানেলত উপভোগ কৰিব পাৰিব।

হলিউদে চকু কপালত তুলিব আপোনাৰ! ৯৬ সংখ্যক অস্কাৰ বঁটাত অপেনহাইমাৰৰ আধিপত্য…

হলিউডৰ এই চকু কপালত তুলিব আপোনাৰ! ঘোষণা কৰা হয় ৯৬ সংখ্যক অস্কাৰ বঁটা। এইবাৰ অস্কাৰ বঁটাত অপেনহাইমাৰে আধিপত্য বিস্তাৰ কৰে। এই ছবিখনে ১৩টা মনোনয়নৰ ভিতৰত ৭টা বঁটা লাভ কৰে। ‘অপেনহাইমাৰ’ শ্ৰেষ্ঠ ছবি বিকম থেৰ, কিলিয়ান মাৰ্ফীক এই ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰে।

ঠিক তাতেই ‘পিউৰ থিংছ’ইও ১১টাৰ ভিতৰত ৪টা অস্কাৰ লাভ কৰে। পিউৰ থিংছত কৰা অসাধাৰণ অভিনয়ৰ বাবে এমা ষ্টোনে শ্ৰেষ্ঠ অভিনেত্ৰী অস্কাৰ বঁটাৰ সন্মান লাভ কৰে।

উন্নয়ন আৰু বিকাশেই প্ৰধানমন্ত্ৰীৰ মূলমন্ত্ৰঃ হিমন্ত বিশ্ব শৰ্মা…

উন্নয়ন আৰু বিকাশেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুলমন্ত্ৰ,সপোন। প্ৰধানমন্ত্ৰীৰ সুনেতৃত্বত দেশে এখন উন্নত ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবলৈ অহৰহ কৰ্ম কৰিছে। আমি যদি চন্দ্ৰ,নৰেন্দ্ৰ মোদী সূৰ্য। দেশৰ শাসনত পুনৰবাৰ নৰেন্দ্ৰ মোদীক অধিষ্ঠিত কৰাব লাগিব। অসম চৰকাৰৰ বিকাশ যাত্ৰাৰ অংশ হিচাপে চাৰিশতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ ভেৰগাঁৱত আজি অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ বিশাল জনসমাৱেশক সম্বোধন কৰি এইদৰে কয়। ভেৰগাঁও খেল পথাৰত অনুষ্ঠিত বিশাল গণ সমাবেশত মুখ্যমন্ত্ৰীগৰাকীয়ে বেংবাৰীৰ পৰা টংলা-ভেৰগাঁও হৈ নাওঁকাটালৈ যোৱা ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ, বগামাটিৰ পৰা পথাৰনদী-খাগ্ৰাবাৰী-চেওনী হৈ ভেৰগাঁৱলৈ যোৱা পথ, কলাইগাঁও মহাবিদ্যালায় আৰু বিভিন্ন আঁচনিৰ শিলান্যাস কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে।

কেইবাকোটি টকাৰ প্ৰকল্প তথা বিভিন্ন অভিলাসী আঁচনিসমূহ অসমৰ মুখ্যমন্ত্ৰীগৰাকীগৰাকীয়ে বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া , বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য আৰু হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে। শিলান্যাস কৰি আৰু বিশাল জনসভাত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে টংলাত উৰণীয়া সেঁতু, ভেৰগাঁও ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়াৰ লগতে যিটো দলে উন্নয়নৰ হকে অবিৰত কাম কৰে, দেশৰ দহৰ চিন্তা কৰে, মহিলা- পুৰুষ, স্বাস্থ্য, নিবনুৱা যুৱকৰ কথা চিন্তা কৰে সেই দলকহে ভোট প্ৰদান কৰা উচিত। পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় পানেৰী সমষ্টিয়ে এহেজাৰ কোটিতকৈ অধিক পুঁজি উন্নয়নমূলক প্ৰকল্পৰ বাবে লাভ কৰিছে। মোৰ বাবে মোৰ সমষ্টিবাসীৰ বাবে আনন্দৰ বিষয়। মোক নিৰ্বাচনৰ সময়ত চালানী মাছৰ কাম নাই বুলিহে উপলুঙা কৰিছিল। কিন্তু লোকেল মাছৰ অভাৱ হলে চালানী মাছে ভাল। য’ত চালানী মাছ ত’ত বিশ্বজিৎ দৈমাৰী খাছ। সাংসদ দিলীপ শইকীয়া, বিটিচি প্ৰধান প্ৰমোদ বড়োই প্ৰধানমন্ত্ৰীৰ সুনেতৃত্বত দেশ তথা ৰাজ্য , বিটিআৰত উন্নয়নৰ ধল বৈছে। বিদ্যাল়য়, মহাবিদ্যালয়, স্বাস্থ্য খণ্ড, লাখপতি বাইদেউ, অৰুণোদয়, জল জীৱন মিছন, বাট পথ ইত্যাদি সকলো দিশতে বিকাশ যাত্ৰা হৈছে।

সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ডাউবাইছা বড়ো, দিগন্ত বৰুৱা,সঞ্জিত তাঁতী , কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো,পাৰিষদ দিলীপ কুমাৰ বড়ো ,দীপক মৌৰ, ভবেন্দ্ৰ বড়ো, অৰ্পণা মেধি, নিলোৎ স্বৰ্গীয়াৰী,শান্তিয়াছ কুজুৰ, সুনীল বসুমতাৰী, বড়ো কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ মিহিনিশ্বৰ বড়ো, ওদালগুৰি জিলা আয়ুক্ত ড: সাদনেক সিং, বিজেপি, ইউপিপি, অগপ দলৰ নেতা কৰ্মী উপস্থিত থাকে। জাতীয় সংগীতেৰে আৰম্ভ কৰা সাংবাদিক প্ৰফুল্ল কুমাৰ বড়ো আৰু অতিৰিক্ত জিলা আয়ুক্ত পল্লবী কছাৰী বিশাল জনসভাত ওদালগুৰি জিলাৰ ২৪ খন চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰলৈ ২৪ খন এম্বুলেন্স প্ৰদান কৰা লগতে ২০০৩ চনত ছহিদ হোৱা আদিবাসী পৰিয়ালক ৫ লক্ষ টকা আৰু আহতসকলক ১ লক্ষ্য টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
বড়ো,ৰাভা, বিহুনাচ, গোৰ্খা, ঝুমুৰ নৃত্য , আধুনিক, শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শনেৰে নৃত্য শিল্পীয়ে হাজাৰ হাজাৰ ৰাইজক আপ্লুত কৰে।

স্বাস্থ্য ৰক্ষাত পৱিত্ৰ তুলসীৰ বিষয়ে জানক…

অনাদি কালৰে পৰা ভাৰতীয় সভ্যতাক তুলসী গছক পৰম্পৰাগতভাৱে পৱিত্ৰ আৰু এখন গৃহস্থীৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰি অহা হৈছে-

পুৰাণত উল্লেখ থকা মতে সমুদ্ৰমস্থনৰ সময়ত দেৱলোকৰ চিকিৎসক ধন্বন্তৰীয়ে এহাতে অমৃতৰ পাত্ৰ লৈ সাগৰৰ পৰা আবিৰ্ভাৱ হোৱাৰ সময়ত আনন্দতে তেওঁৰ চকুৰ পৰা চকুপানী ওলায়।এই আনন্দাশ্ৰুৰ প্ৰথমটি টোপাল হাতত থকা অমৃতত পৰে আৰু তাৰ পৰাই তুলসী গছৰ জন্ম হয় বুলি প্ৰবাদ আছে।আমি অসমীয়াসকলেও প্ৰতিবছৰে কাতি বিহুৰ দিনাখন চোতালত তুলসী গছ ৰুই আহিছোঁহক।হিন্দু শাস্ত্ৰমতে ভগৱান বিষ্ণু আৰু শ্ৰীকৃষ্ণ,শ্ৰীৰাম আদি তেওঁৰ অৱতাৰসমুহ তথা হনুমান,বলৰাম,গডুৰ আদি পুৰিষ দেৱতাৰ পুজা-অৰ্চনাত তুলসী-পাত অপৰিহাৰ্য।ভাৰতীয় বিশ্বাসমতে ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীয়ে মৰতত তুলসী গছ হিচাপে জনম লৈছে আৰু সেয়ে তুলসী গছক শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ অৱতাৰ ৰুপে পুজা কৰা হয়।প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত তুলসীয়ে মানুহৰ জীৱনায়ুস বৃদ্ধি কৰে বুলি কোৱা হৈছে।‘চৰক সংহিতা’ত তুলসী গছৰ উল্লেখ আছে।

তুলসী গছৰ বৈজ্ঞানিক নাম ‘Ocimum tenuiflorum’ –

পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে ইয়াক পোৱা যায়।

তুলসীত থকা কিছুমান ৰাসায়নিক উপাদান এনেধৰণৰ-Oleanolic Acid,Ursolic Acid,Rosmarinic Acid,Eugenol,Carvacrol,Linalool,Beta-Caryophyllene,Beta-Elemene,Germacrene.এই ৰাসায়নিক উপাদানসমুহে মানুহৰ শৰীৰতন্ত্ৰৰ বিভিন্ন ক্ৰিয়া-বিক্ৰিয়াত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে।অলিয়েন’লিক অম্ল(Oleanolic Acid) ই যকৃতক সুৰক্ষা দিয়াৰ উপৰি টিউমাৰ প্ৰতিৰোধী আৰু ভাইৰাছ প্ৰতিৰোধী গুণ থকাৰ কথা,বিশেষকৈ মাৰাত্মক এইচ আই ভি আৰু হেপাটাইটিছ চি ভাইৰাছ প্ৰতিৰোধী গুণ কিছু পৰিমাণে থকাৰ কথা পোহৰলৈ আহিছে।অৱশ্যে নিগনিৰ ক্ষেত্ৰত কৰা গৱেষণাত এইবিধ ৰাসায়নিকে মতা নিগনিৰ শুক্ৰাণু নিষ্ক্ৰিয় কৰাৰ কথা প্ৰমাণিত হৈছে।প্ৰাৰম্ভিক গৱেষণাৰ তথ্য মতে আৰ্ছ’লিক অম্ল (Ursolic Acid)ৰ কেঞ্চাৰ কোষৰ বৃদ্ধি ৰোধ কৰিব পৰাৰ ক্ষমতা আছে।শৰীৰৰ মাংসপেশী আৰু মুগা(Brown) চৰ্বিৰ পৰিমাণ বঢ়াই বগা চৰ্বি কমোৱাৰ ফলত ইয়াৰ দ্বাৰা মেদ বহুলতা ৰোধ কৰিব পৰাৰ সম্ভাৱনা আছে।তেজৰ অকামিলা বিকাৰগ্ৰস্ত ৰঙা ৰক্ত কণিকাসমুহ নিষ্কাশনতো ই সহায়ক বুলি কোৱা হৈছে।অৱশ্যে এইবিধ ৰাসায়নিক দ্ৰব্যৰ মানুহৰ শৰীৰৰ ওপৰত এতিয়াও পৰীক্ষা কৰা হোৱা নাই।তুলসীত থকা আন এবিধ ৰাসায়নিক দ্ৰব্য হ’ল ৰোজমেৰিনিক অম্ল (Rosmarinic Acid)।ইয়াৰ প্ৰতিজাৰক আৰু উদ্বিগ্নতানাশক গুণ প্ৰমাণিত হৈছে।

শৰীৰৰ বিভিন্ন বিক্ৰিয়াত জাৰণ ক্ষমতাসম্পন্ন মুক্ত ৰেডিকেল কিছুমানৰ উৎপত্তি হয়।মুক্ত ৰেডিকেলে শৰীৰ গঠনকাৰী কোষসমুহৰ ক্ষতি কৰে।ৰোজমেৰিনিক অম্লৰ প্ৰতিজাৰক গুণৰ ফলত এই মুক্তি ৰেডিকেলসমুহ নিষ্ক্ৰিয় হয় আৰু কোষবোৰ সম্ভাব্য ক্ষতিৰ পৰা ৰক্ষা পৰে,তেনেদৰে কোষৰ আয়ুস বৃদ্ধি হয়।আয়ুৰ্বেদত উল্লেখিত তুলসীৰ মানুহৰ জীৱনায়ুস বৰ্ধন কৰা গুণৰ বিজ্ঞানসন্মত ব্যাখ্যা আমি এনেদৰে পাওঁ।নিগনিৰ ওপৰত হোৱা পৰীক্ষাত এইবিধ ৰাসায়নিকৰ জাপানিজ এনকেফেলাইটিছ প্ৰতিৰোধ ক্ষমতাৰো উমান পোৱা গৈছে।ইউজিন’ল(Eugenol) আন এবিধ ৰাসায়নিক,যাৰ এণ্টিছেপ্টিক গুণ আছে।সুগন্ধি দ্ৰব্য প্ৰস্তুততো ইয়াক ব্যৱহৰ কৰা হয়।জিংক ধাতুৰ স’তে ইউজিন’ল লগ লগাই প্ৰস্তুত কৰা জিংক অক্সাইড ইউজিন’ল দন্ত চিকিৎসাত ব্যৱহাৰ হৈ আহিছে।এই ৰাসায়নিকবিধৰ অৱশ্যে মানৱ স্বাস্থ্যত বিৰুপ ক্ৰিয়াও নথকা নহয়।ই যকৃতৰ ক্ষতি কৰাৰ লগতে অধিক মাত্ৰাত সেৱন কৰিলে মুৰ্ছা যোৱা,পনীয়া শৌচ,বমি ভাব,বুকুৰ ধিপধিপনি আদি বিৰুপ ক্ৰিয়াৰ মুখামুখি হ’ব লাগিব পাৰে।তুলসীত থকা অইন এবিধ ৰাসায়নিক এ কিছুমান অনিষ্টকাৰী বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ বা নিয়ন্ত্ৰণ কৰি কিছুমান ৰোগৰ পৰা আমাক সুৰক্ষা দিব পাৰে।কাৰ্ৱাক্ৰ’ল-এ নিয়ন্ত্ৰণ কৰিব পৰা এনে এবিধ বেক্টেৰিয়া হ’ল ‘ই ক’লাই’,যিয়ে গেষ্ট্ৰ’-এণ্টাৰাইটিছ,প্ৰস্ৰাৱ তন্ত্ৰৰ সংক্ৰমণ,নৱজাতকৰ মেনিনজাইটিছৰ দৰে মাৰাত্মক ৰোগ কৰিব পাৰে।এইবিধ ৰাসায়নিকে প্ৰতিৰোধ কৰিব পৰা অইন এবিধ বেক্টেৰিয়া হ’ল বেছিলাছ ছিৰিয়াছ,যিয়ে মানুহৰ খাদ্যৰ বিষক্ৰিয়া ঘটাব পাৰে।ইয়াৰ সুস্বাদু গুণো আছে।পিছত ব্যৱহাৰৰ বাবে সঞ্চয় কৰা বিভিন্ন খাদ্যবস্তুত সেয়ে কাৰ্ৱাক্ৰ’ল যোগ দিয়া হয়।কাৱাক্ৰ’লে নিয়ন্ত্ৰণ কৰিব পৰা অন্যতম বেক্টেৰিয়া ছিউড’ম’নাছ অৰুজিনোছা।এইবিধ বেক্টেৰিয়াই বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা ব্যক্তিৰ ক্ষেত্ৰত শ্বাসতন্ত্ৰৰ সংক্ৰমণ,প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ,পোৰা আঘাত বা অন্য আঘাতৰ সংক্ৰমণ কৰাব পাৰে।ভাৰতীয় বিজ্ঞানী সুপ্ৰিয় ৱাডেকাৰৰ গৱেষণাৰ তথ্য মতে,পুৰুষৰ প্ৰ্ষ্টেট গ্ৰন্থিৰ কৰ্কট কোষৰ বিনাশত কাৰ্ৱাক্ৰ’লে সক্ৰিয় ভুমিকা গ্ৰহণ কৰিব পাৰে।ইয়াৰ পীড়ানাশক গুণৰ কথাও উল্লেখিত হৈছে।

লেখক:ডা: ৰমেন কুমাৰ কাকতি

১২ মাৰ্চৰ ভিতৰত ইলেক্টৰেল বণ্ডৰ সকলো তথ্য SBIক দাখিলৰ নিৰ্দেশ চুপ্ৰীম ক’ৰ্টৰ…

সোমবাৰে উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ড গোচৰত SBIৰ আবেদন খাৰিজ কৰে। এই সময়ছোৱাত উচ্চতম ন্যায়ালয়ে এছ বি আইৰ আবেদন নাকচ কৰাই নহয়।

২০২৪ চনৰ ১২ মাৰ্চৰ ভিতৰত যদি বেংকে সবিশেষ নিদিয়ে তেন্তে দেশৰ চুপ্ৰীম ক’ৰ্টে ইয়াৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিব বুলি কঠোৰ ভাষাৰে সকীয়াই দিয়ে।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব পাকিস্তানত! টিম ইণ্ডিয়া যাবনে পাকিস্তানলৈ…

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজন হ’ব পাকিস্তানত। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল টিম ইণ্ডিয়া পাকিস্তানলৈ যাব নেকি? দীৰ্ঘদিনীয়া ব্যৱধানৰ অন্তত অহা বছৰ আই চি চিৰ দ্বিতীয় বৃহত্তম প্ৰতিযোগিতা অৰ্থাৎ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। অৱশ্যে ইয়াৰ ভেন্যুক লৈ ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে। আচলতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজন হ’ব পাকিস্তানত।

এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল টিম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাব নে? ইফালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ নতুন অধ্যক্ষ মহছিন নাকভিয়ে বিচিচিআইৰ সম্পাদক জয় শ্বাহৰ পৰা নিজৰ দলটো পাকিস্তানলৈ প্ৰেৰণ কৰাৰ আশ্বাস আশা কৰিছে। অৱশ্যে বৰ্তমান ইয়াৰ সম্ভাৱনা নাই।