Home Blog Page 972

বিশ্বৰ সৰ্বাধিক দৰ্শনাৰ্থী স্থান হিচাপে পৰিগণিত ডুবাই মল, এবছৰত ১০.৫ কোটি লোকৰ গমন…

বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাৰ ওচৰত অৱস্থিত ডুবাই মলে ইতিহাসৰ সৃষ্টি কৰিছে। ২০২৩ চনত ১০৫ নিযুত অৰ্থাৎ ১০.৫ কোটি লোক ইয়ালৈ আহিছিল, তাৰ পিছত এই ঠাইখন বিশ্বৰ ‘সৰ্বাধিক দৰ্শন কৰা ঠাই’ হিচাপে পৰিগণিত হৈছে ‘। এই তথ্য ডুবাই চৰকাৰৰ মিডিয়া অফিচে দিছে। ২০২২ চনত এই সংখ্যা আছিল ৮.৮ কোটি, কিন্তু এতিয়া ইয়াত ১৯ শতাংশ বৃদ্ধি দেখা গৈছে। ২০০৮ চনত মুকলি কৰা হৈছিল ডুবাই মল, মুঠ মাটিৰ ক্ষেত্ৰত ই বিশ্বৰ দ্বিতীয় বৃহত্তম মল, য’ত ১২০০ৰো অধিক খুচুৰা বিপণী আছে। ই অন্যতম শীৰ্ষ পৰ্যটন স্থান। যিসকলে বজাৰ কৰাত মুক্তভাৱে খৰচ কৰে তেওঁলোকৰ বাবে ডুবাই মল স্বৰ্গতকৈ কম নহয়, ইয়াত আপুনি ইলেক্ট্ৰনিকছ, ফেশ্বন, সৌন্দৰ্য্য, সুগন্ধি, ঘৰ সজ্জা আৰু খেলনাৰ পৰা আৰম্ভ কৰি বহুতো বিলাসী ব্ৰেণ্ড পাব।

ডুবাই মল খাদ্যপ্ৰেমীসকলৰ বাবেও প্ৰিয় ঠাই, ইয়াত ভাৰতীয়ৰ পৰা আৰম্ভ কৰি আমেৰিকান, ব্ৰিটিছ, ফৰাচী, ইটালীয়, মধ্যপ্ৰাচ্য আৰু চীনা খাদ্যলৈকে সকলো পাব। মুঠতে ইয়াত বিশ্বৰ শীৰ্ষস্থানীয় সুস্বাদু খাদ্য খাবলৈ পাব। ডুবাই মলটো দেখাত ৰাজপ্ৰসাদৰ দৰে, সেইবাবেই ফটোগ্ৰাফী প্ৰেমীৰ প্ৰিয় ঠাই, বহুতে ইয়ালৈ একো কিনিবলৈ নহয় কেৱল ফুৰিবলৈহে আহে। ডুবাই একুৰিয়াম আৰু পানীৰ তলৰ চিৰিয়াখানা ডুবাই মলৰ শীৰ্ষ পৰ্যটনস্থলী, য’ত আপুনি সাগৰীয় জীৱক অতি ওচৰৰ পৰা অনুভৱ কৰিব পাৰে, ইয়াত আপুনি বাঘ, হাঁহ, ডলফিন আৰু বিশাল গ্ৰুপাৰকে ধৰি ১৪০ টাতকৈও অধিক প্ৰজাতিৰ প্ৰাণী চাব পাৰিব।

১৭,৫০০ কোটি টকা ব্যয় সাপেক্ষ ১২টা গুৰুত্বপূৰ্ণ বৃহৎ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ…

ডাবল ইঞ্জিন চৰকাৰৰ দ্ৰুতগতিৰে আগুৱান অসম
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজ্যৰ উন্নয়নী যাত্ৰাত নতুন অৰুণোদয়ৰ সূচনাৰে ১৭,৫০০ কোটি টকা ব্যয় সাপেক্ষ ১২টা অতিকৈ গুৰুত্বপূৰ্ণ বৃহৎ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে।

গ্রাম্য উন্নয়ন প্রকল্প, ৰে’ল প্রকল্প, হাইড্র’কার্বন প্রকল্প, স্বাস্থ্য আদিকে ধৰি দেশৰ প্ৰতি উৎসৰ্গিত বিভিন্ন খণ্ডৰ প্ৰকল্পসমূহে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ কল্যাণত উল্লেখনীয় ভূমিকা পালন কৰিব।


দেশৰ অন্যান্য ৰাজ্যসমূহৰ সমানেই অসম এতিয়া বিকাশৰ দিশত অনিৰুদ্ধ গতিৰে আগুৱাইছে, যি পূৰ্বতে সম্ভৱপৰ হৈ উঠা নাছিল। প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিভংগী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সক্ৰিয়তাত এই যাত্ৰা আগন্তুক দিনতো অব্যাহত থাকিব।

বিশ্বনাথৰ চালিয়া চাপৰিত ১৫ দিনীয়া বিশেষ কৰ্মশালা, ৩০ গৰাকী মহিলাক মেটেকাৰ জৰিয়তে বিভিন্ন সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ…

বৰ্তমান সময়ত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে ভিন্ন বিত্তীয় প্ৰতিষ্ঠান বা অগ্ৰনী স্বেচ্ছাসেৱী অনুষ্ঠান সমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিশ্বনাথৰ চালিয়া চাপৰিত সুশীলা ফাউণ্ডেশ্যন ফ’ৰ এগ্ৰীকালচাৰ এণ্ড ৰুৰেল ডেভলপমেণ্ট নামৰ এক অনুষ্ঠানৰ নেতৃত্বত আৰু নাবাৰ্ডৰ সহযোগত প্ৰদান কৰা হৈছে বিশেষ প্ৰশিক্ষণমূলক অনুষ্ঠান । অনুষ্ঠিতব্য প্ৰশিক্ষণৰ উদ্বোধনী সভাত উপস্থিত থাকে সুমন চেটাৰ্জি (DDM NABARD ), ৰাজেন সুৰেন(BPM ASRLM, Biswanath) কুমলীয়া গাওঁ পঞ্চায়তৰ সম্পাদক ৰুদ্ৰকান্ত শৰ্মা, জীৱিকা সখী পদ্মা কৈৰালা আৰু ৩০ গৰাকী আত্মসহায় গোটৰ সদস্যা।

“Micro Enterprise Development Program On Water Hyacinth Craft” শীৰ্ষক এক কৰ্মশালাৰ জৰিয়তে ১৫ দিনলৈ অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে মহিলা আত্মসহায়ক গোটৰ ত্ৰিশ (৩০) গৰাকীকৈ সদস্যাই। প্ৰশিক্ষক দুলুমণি কলিতাই প্ৰদান কৰা উক্ত প্ৰশিক্ষণত মহিলা সকলক পানী মেটেকাৰ জৰিয়তে কি দৰে দৈনন্দিন ব্যৱহৃত বিভিন্ন সা-সামগ্ৰী তৈয়াৰ কৰিব পাৰি সেই সম্পৰ্কে বিশদভাৱে প্ৰদান কৰা হৈছে বিশেষ প্ৰশিক্ষণ। প্ৰকল্প সমন্বয়ক তপন শৰ্মাই জানিব দিয়া অনুসৰি উক্ত প্ৰশিক্ষণৰ জৰিয়তে মহিলা সকলে স্বাৱলম্বী হোৱা লগতে আত্মসংস্থাপনৰ দিশত আন এক দিগন্তৰ সূচনা হ’ব।

বৰপেটাত সাংবাদিক, লেখক বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক নবজিৎ দাসৰ “হৃদয়ৰ খবৰ” গ্ৰন্থ উন্মোচন…

বৰপেটাৰ লক্ষ্মী প্ৰভা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সাংবাদিক লেখক বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱজিৎ দাসৰ অভিজ্ঞতাৰ সংগৃহীত কেবাটাও কাহিনীৰ সংকলিত গ্ৰন্থ “হৃদয়ৰ খবৰ” আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে সাহিত্যিক, কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই৷ বৰপেটা প্ৰেছ ক্লাবত গ্ৰন্থখন উন্মোচন কৰি অক্ষয় কুমাৰ মিশ্ৰই কয় যে লেখক হবলৈ অন্ত প্ৰেৰণাৰ লগতে বাহ্যিক প্ৰেৰণাও লাগিব ৷

কিবা এটা পাব খুজিলে কিবা এটা হেৰুৱাব লাগিব , লেখক হ’বলৈ সাধনা লাগে। কিতাপৰ বিকল্প নাই, হৃদয়ৰ খবৰ নামটো গুৰুত্বপূৰ্ণ, তাৎপৰ্যপূৰ্ণ হৈছে বুলিও উল্লেখ কৰে সাহিত্যিক গৰাকীয়ে। বিশিষ্ট নাট্যকাৰ, অভিনেতা নিৰ্মল দাসে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি সাংবাদিক তথা বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক অশোক কুমাৰ দাসে কয় যে মোবাইল ফোন,কম্পিউটাৰ ইত্যাদি কিতাপৰ বিকল্প বুলি কিছুমানে ক’ব খোজে সেয়া কেতিয়াও নহয় ৷ কিতাপ কিতাপেই, কিতাপত জ্ঞান-প্ৰজ্ঞা সকলো থাকে, কিতাপৰ মৃত্যু নাই! মানৱ সভ্যতা বৰ্তী থকালৈকে কিতাপ জীয়াই থাকিব ৷ গ্ৰন্থ উন্মোচনী সভাত বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসম কবি সন্মিলনৰ উপদেষ্টা দীনেশ দাস, বৰপেটা সাহিত্য সভাৰ সভাপতি হিৰণ শইকীয়া লহকৰ, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজা, কবি নঞ্জু দত্তই ভাষণ প্ৰদান কৰে ৷

গুৱাহাটীৰ কাহিলীপাৰাস্থিত চেনেহ নামৰ বৃদ্ধাশ্ৰমত দীন-জ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত নাৰী দিৱস উদযাপন কৰা হয়…

গুৱাহাটীৰ কাহিলীপাৰাস্থিত চেনেহ নামৰ বৃদ্ধাশ্ৰম এটিত দীন -জ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব নাৰী দিৱস উৎযাপন কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি আশ্ৰমটোত থকা প্ৰায় ৩০গৰাকী মহিলাৰ‌ এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় । উক্ত পৰীক্ষাত সহযোগ কৰে ফাউণ্ডেশ্যনৰ উপদেষ্টা ড° সুনীল মল্ল বূজৰবৰুৱা আৰু প্ৰখূতি বিশেষজ্ঞ ড° ইৰা বিশ্বাস। লগতে মহিলা সকলৰ মাজত দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীও বিতৰণ কৰা হয়।

গীত, মাত আৰু নৃত্যৰ সমাহাৰেৰে এক মনোৰঞ্জনৰ পৰিৱেশ সৃষ্টি কৰা হয়। ফাউণ্ডেশ্যনৰ তৰফৰ পৰা লঘূ আহাৰৰ ব্যৱস্থা কৰা হয়। এই সন্দৰ্ভত ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমী ৰহমানৰ মন্তব্য যে- “সমাজত অৱহেলিত হোৱা নাৰীসকলক উচিত সন্মান আৰু আদৰ প্ৰদান কৰাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা মাথোঁ। অনাগত দিনবোৰত সেই সকল নাৰীৰ বাবে বাহুল্য ভাবে কিবা এটা কৰাৰ প্ৰয়াস অব্যাহত থাকিব।” চেনেহ নামৰ বৃদ্ধাবাসটোৰ সভাপতি অতুল চন্দ্ৰ বৰুৱা আৰু পৰিচালন সঞ্চালক ড° নিভ্য় চন্দ্ৰ ৰাভা ৰ লগত দীন-জ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমানৰ লগতে সামাজিক সংস্থাটোৰ অন্যান্য সকলেও বিভিন্ন বিষয়ত মত বিনিময় কৰে।

ঘৰ ৱাপছি! ৬ বছৰৰ অন্তত পুনৰ এৰি থৈ যোৱা এন ডি এলৈ উভতিব চন্দ্ৰবাবু নাইডু…

দক্ষিণত বিজেপিৰ আৰম্ভ হৈছে ঘৰ ৱাপছি অভিযান। ইয়াৰ অংশ হিচাবেই অমিত শ্বাহে দক্ষিণৰ ৰাজ্যসমূহত এনডিৰ শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈ পৰিছে। জানিব পৰা মতে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰায় ছবছৰৰ পিছত এন ডি এলৈ উভতি আহিব। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান দিল্লীত আছে। বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁৰ বৈঠক হৈছিল। ইয়াৰ পিছত আন এক পৰ্যায়ৰ আলোচনা হোৱাৰ কথা। তাৰ পিছতে মিত্ৰতা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা আছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। দুয়োটা ক্ষেত্ৰতে বিজেপি আৰু নাইডুৰ টিডিপিয়ে যুটীয়াভাৱে যুঁজ দিব। অভিনেতা পৱন কল্যাণৰ জন সেনা পাৰ্টিও মিত্ৰতাৰ অংশ হ’ব। আৰম্ভণিতে বিজেপি আৰু চন্দ্ৰবাবু নাইডুৰ মাজত হোৱা আলোচনাই এনে ধাৰণাৰ জন্ম দিছিল যে অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনত টিডিপিয়ে বিজেপিক কেইখনমান আসন প্ৰদান কৰিব পাৰে। ইয়াৰ বিপৰীতে গেৰুৱা দলে বিধানসভাত কম আসনত প্ৰতিদ্বন্দিতা কৰিব। চুক্তি অনুসৰি বিজেপিয়ে অন্ধ্ৰ প্ৰদেশৰ ২৫ খন লোকসভা আসনৰ ভিতৰত ৪-৬ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। পৱন কল্যাণৰ জন সেনাই ৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। টিডিপিয়ে বাকী থকা আসনসমূহত প্ৰতিদ্বন্দিতা কৰিব। জনসেনা আৰু টিডিপিয়ে ১৭৫ জনীয়া বিধানসভাত সিংহভাগ আসনত প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে ১০-১৫ খন আসন লাভ কৰিব পাৰে।

চন্দ্ৰবাবু নাইডু এসময়ত এন ডি এৰ অন্যতম ব্যক্তি আছিল আৰু ২০১৮ চনলৈকে মিত্ৰজোঁটৰ আহ্বায়ক আছিল। তেওঁ ৰাজ্যখনত পুনৰ ক্ষমতালৈ ঘূৰি আহিবলৈ আগ্ৰহী। তেওঁক অলপতে জগন চৰকাৰে দুৰ্নীতিৰ গোচৰত কাৰাগাৰলৈ পঠিয়াইছিল। চন্দ্ৰবাবুৱে পিছত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈও গৈছিল। তেওঁ তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাইছিল , কিন্তু সেইবাৰ মোদীৰ সৈতে কোনো কথা কোৱা নাছিলোঁ। তেওঁ ৰাম মন্দিৰৰ সন্মুখত তোলা কেইবাখনো ফটো টুইট কৰিছিল। সূত্ৰ অনুসৰি, তেলেগু নেতাজনে দীৰ্ঘদিন ধৰি অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সৈতে আলোচনা কৰি আছে। চন্দ্ৰবাবু নাইডু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাত আছিল। কিন্তু টিডিপিয়ে ২০১৮ চনত অন্ধ্ৰৰ বাবে বিশেষ মৰ্যাদা দাবী কৰিবলৈ এন ডি এ ত্যাগ কৰিছিল। দলটোৱে ২০১৯ ৰ লোকসভা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিছিল।সেই সময়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশলৈ গৈ চন্দ্ৰবাবু নাইডুক ‘বিশ্বাসঘাতক’ বুলি অভিহিত কৰিছিল।

যাত্ৰীৰে ভৰি থকা ৰে’লত কিদৰে আসন লৈছিল মোদীয়ে? শৈশৱৰ মধুৰ কাহিনী বৰ্ণনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

প্ৰত্যেকৰে জীৱনত শৈশৱৰ কেতবোৰ মনোৰম কাহিনী থাকে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনতো তেনে কিছুমান কাহিনী আছে। আজি তেনে এক কাহিনীয়েই বৰ্ণনা কৰিলে মোদীয়ে। যাত্ৰীৰে ভৰি থকা ৰে’লত আসন এখন উলিয়াভ ল’ব পৰাটো সহজ কথা নহ? কিন্তু সেই টান কাম ফেৰাই এটা সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অতি সহজে কৰিব পাৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ দেশৰ পৰা বহুতো সমল সৃষ্টিকৰ্তাক প্ৰথম ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা প্ৰদান কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শৈশৱৰ এটা কাহিনী বৰ্ণনা কৰে। তেওঁ কয় কেনেকৈ তেওঁ এখন যাত্ৰীৰে ভৰি থকা ৰে’লত নিজৰ বাবে এখন আসন উলিয়াই লৈছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰা এজন অংশগ্ৰহণকাৰীৰ সৈতে মন বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনৰ এক ধেমেলীয়া কাহিনী বৰ্ণনা কৰে। মোদীয়ে কয় তেওঁ ৰে’লত আসন নোপোৱাৰ সময়ত কি কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আৰিদামান নামৰ এজন সৃষ্টিশীল কৰ্মৰে জড়িত অংশগ্ৰহণকাৰীক বঁটা প্ৰদান কৰি তেওঁৰ পুৰণি কাহিনীটো বৰ্ণনা কৰে। আৰিদামানে ধৰ্ম, সংস্কৃতি আৰু জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় ভিডিঅ’ প্ৰস্তুত কৰে। বঁটা প্ৰদান কৰি মোদীয়ে কয় “জ্যোতিষ শাস্ত্ৰ এনে এক বিষয় যে মানুহে লগে লগে সেয়া বিশ্বাস কৰে আৰু তেওঁলোকৰ হাত দেখুৱাবলৈ ইচ্ছা প্ৰকাশ কৰে। মই আপোনালোকক মোৰ শৈশৱৰ সৈতে সম্পৰ্কিত এটা অভিজ্ঞতা কওঁ। মই বহুত ভ্ৰমণ কৰিছিলো। সেই সময়ত মই ৰে’লত টিকট সংৰক্ষণৰ কৰা নাছিলো, ৰে’লত যথেষ্ট ভিৰ হৈছিল। মই এটা অসংৰক্ষিত কম্পাৰ্টমেণ্টত ভ্ৰমণ কৰিছিলো। মই বহিবলৈ কোনো আসন পোৱা নাছিলো, মই ভাবিছিলো কিবা ধৰণে সুযোগ পাব পাৰি নেকি। মই কাৰোবাৰ হাত এখনত ধৰিছিলোঁ আৰু তেওঁৰ হাত খন জ্যোতিষীৰ দৰে চাবলৈ আৰম্ভ কৰিছিলো। তেতিয়া লগে লগে মানুহে মোক এখন আসন দি তেওঁলোকৰো হাত চাবলৈ দিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে শুক্ৰবাৰে সমগ্ৰ দেশৰ ২৩ গৰাকী সমল সৃষ্টিকৰ্তাক ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাৰে সন্মানিত কৰে। এইবাৰ বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে কিৰ্তিকা গোবিন্দচামী, ৰণবীৰ আল্লাবাদিয়া, জয়া কিশোৰী, মৈথিলী ঠাকুৰ, কামিয়া জানি, গৌৰৱ চৌধুৰী, মালহাৰ কালাম্বে, আৰ জে ৰৌনক, নিশ্চাই আৰু অমন গুপ্তাকে ধৰি বহুতো প্ৰখ্যাত ইউটিউবাৰ আৰু সমল সৃষ্টিকৰ্তা।

আম্বানীৰ পৰিয়ালৰ সৈতে সু-সম্পৰ্ক ৰণবীৰ কাপুৰৰ, ৰাতি মুকেশ আম্বানীৰ জেষ্ঠ্য পুত্ৰ-বোৱাৰীৰ সৈতে আড্ডা ৰণবীৰ-আলিয়াৰ

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কেইখন ছবি প্ৰকাশ পাইছে। য’ত তেওঁলোকক আম্বানী পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানী আৰু জ্যেষ্ঠ বোৱাৰী শ্লোকাৰ সৈতে দেখা যায়। চাৰিওজনেই ঘৰৰ পৰা ওলাই ৰাতিৰ আড্ডা মাৰিলে। শুকুৰবাৰে গভীৰ নিশা কাপুৰ আৰু আম্বানীয়ে আউটিঙৰ পৰিকল্পনা কৰিছিল। তেতিয়া আকাশ আম্বানীয়ে নিজেই গাড়ী লৈ আহিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক নিবলৈ। তেওঁৰ লগতে শ্লোকা আম্বানীকো দেখা গ’ল। চাৰিওজনে একেলগে ৰাতিৰ বাবে পৰিকল্পনা কৰিলে।

এতিয়া আম্বানী আৰু কাপুৰৰ ফটো ওলাইছে। য’ত মুকেশ আম্বানীৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীক ড্ৰাইভিং চিটত বহি থকা দেখা গৈছে আৰু কাষতে বহি থকা দেখা গৈছে ৰণবীৰ কাপুৰ। পিছৰ আসনত শ্লোকা আম্বানী আৰু আলিয়া ভাটক দেখা গৈছে। আকাশ আম্বানী আৰু ৰণবীৰ কাপুৰৰ মাজত বহুত ভাল বন্ধুত্ব। দুয়োকে আগতে বহুবাৰ একেলগে দেখা গৈছে। আকাশ আম্বানীৰ বিবাহ শোভাযাত্ৰাত ৰণবীৰ কাপুৰে যি নাচিলে আৰু অনুৰাগীয়ে আজিও সেই ক্লিপটো পাহৰিব পৰা নাই। অৱশ্যে ৰাতিৰ আন্ধাৰত আলিয়া ভাট কন্যা ৰাহাৰ সৈতে ফুৰিবলৈ ওলাই গৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে শ্লোকৰ লগতো ল’ৰা-ছোৱালীক দেখা পোৱা নাই। শেহতীয়াকৈ আলিয়াই নাৰী দিৱসৰ দিনা কন্যা ৰাহাৰ উপহাৰৰ ফটো শ্বেয়াৰ কৰিছিল।

শিৱসাগৰত মন্ত্ৰী বিমল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত, আহত দুগৰাকী আৰক্ষী…

শিৱসাগৰত মন্ত্ৰী বিমল বৰাৰ কনভয় বাহন দুৰ্ঘটনাগ্ৰস্ত।


দুৰ্ঘটনাত সামান্যভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী কৰ্তব্যৰত আৰক্ষী জোৱান।


প্ৰধানমন্ত্ৰীৰ সভালৈ গৈ থকা অৱস্থাতে শিৱসাগৰৰ প্ৰগতি হাস্পতালৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই! সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে দুগৰাকী আৰক্ষী।

৩৯ গৰাকী প্ৰাৰ্থীৰ নামেৰে কংগ্ৰেছে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচনৰ প্রথমখন প্ৰাৰ্থী তালিকা, ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে…

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে কেইদিনমান পূৰ্বে বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছত শুকুৰবাৰে কংগ্ৰেছেও। লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিলে। ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰি কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম খন তালিকা প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে যদিও দিনৰভাগত এইবুলি কথা ওলাইছিল যে কংগ্ৰেছৰ নিৰ্বাচন সমিতিয়ে ৬০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম তালিকাত মোহৰ মাৰিছে। কিন্তু অৱশেষত কালি সন্ধিয়া ৩৯ গৰাকী প্ৰাৰ্থীৰ নামহে ঘোষণা কৰা হয়। তালিকাখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হৈছে ৰাহুল গান্ধী। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজনন্দগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তালিকাখনত ২৪ জন অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ’বিচিৰ প্ৰাৰ্থী অন্তৰ্ভুক্ত কৰা হৈছে। বাকীবোৰ প্ৰাৰ্থীসকল সাধাৰণ শ্ৰেণীৰ। আজি নাম ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৩১ শতাংশৰ বয়স ৫০ বছৰৰ তলৰ, ৫২ শতাংশৰ বয়স ৬০ বছৰৰ তলৰ।

ৰাহুল গান্ধী আৰু ভূপেশ বাঘেলৰ উপৰি তালকাত শশী থাৰুৰো আন এক গুৰুত্বপূৰ্ণ নাম। তেওঁ তেওঁৰ সমষ্টি তিৰুৱন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কেচি বেণুগোপালে আলাপুঝাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ডি কে সুৰেশে বাংগালুৰু গ্ৰাম্যৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ভাদাকাৰাৰ বিদায়ী সাংসদ কে মুৰলীধৰণে ত্ৰিশূৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে কৰুণাকৰণৰ পুত্ৰ। ৰাহুলে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই তাকে লৈ চৰ্চা চলি আছিল। শেষত, দলে সেই সমষ্টিৰ পৰাই কংগ্ৰেছ নেতাজনক টিকট দিছিল। অৱশ্যে, বাওঁপন্থী নেত্ৰী বৃন্দা কাৰাটে ৰাহুল গান্ধীক ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পিছত দেখা গৈছে যে শতিকা প্ৰাচীন দলটোৱে কাৰাটৰ অনুৰোধৰ প্ৰতি সঁহাৰি নিদিলে। যিহেতু আমেঠিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই, ৰাহুলে তাৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আজি কংগ্ৰেছে প্ৰকাশ কৰা প্ৰথম তালিকাত কেৰালা, ছত্তীশগড়, কৰ্ণাটক, মেঘালয়, ছিকিম, তেলেংগানা আৰু ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।