Home Blog Page 984

দৰং জিলাৰ সুস্মিতা ডেকাই অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগীতাত…

দৰং জিলাৰ মঙ্গলদৈ বিধানসভা সমষ্টিৰ ঔতলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কপিলিসত্ৰ গাঁৱৰ নিবাসী পিতৃ ডিম্বেশ্বৰ ডেকা আৰু মাতৃ নিতুমনি ডেকাৰ ছোৱালী শ্ৰীসুস্মিতা ডেকাই KHELO INDIA ASMITA ৰ ৰাজ্যিক পৰ্যায়ৰ যোগাসন প্ৰতি যোগিতাৰ RHYTHMIC PAIR JUNIOR EVENT ত প্ৰথম স্হান দখল কৰি অসম দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছে ।

মাৰ্চ মাহৰ ৮ তাৰিখৰ পৰা উত্তৰ প্ৰদেশত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগীতাত সুস্মিতা ই অংশগ্ৰহণ কৰিব । আজি সুস্মিতা উত্তৰ প্ৰদেশলৈকে ৰাওনা হ’ব । এই শুভ মুহূৰ্তত সুস্মিতা লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । সুন্দৰ পদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনক তাকে কামনা কৰিলোঁ । ভগৱানে সুস্মিতা ক শক্তি প্ৰদান কৰক ।

সুস্মিতা ৰ এই যাত্ৰাৰ সময়ত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙ্গলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, মঙ্গলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস,অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াৰ লগতে কেইবাগৰাকীও ব্যক্তি তথা বিভিন্ন দ’ল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰে।

লাখপতি বাইদেউৰ প্ৰ-পত্ৰ ল’বলৈ হাজাৰ হাজাৰ মহিলা…

দেৰগাঁৱত লাখপতি বাইদেউৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্য্যসূচী। প্ৰ-পত্ৰ ল’বলৈ আত্মসহায়ক গোটৰ মহিলাৰ ভিৰ পৌৰসভাত। দেৰগাঁৱৰ পৌৰসভাত বিতৰন কৰা হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অথবা লাখপতি বাইদেউ আচঁনিৰ প্ৰ-পত্ৰ।


দেৰগাঁৱৰ পৌৰসভাৰ সমীপৰ নৰেন শৰ্মা পথাৰৰ অস্থায়ী কাৰ্য্যালয়ত পুৱাৰে পৰা দেখা গ’ল ব্যাপক ভীৰ। আত্মসহায়ক গোটৰ শ শ মহিলাই প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ আহি সৃষ্টি কৰিলে এক উৎসৱমুখৰ পৰিৱেশ। কেইবাখনো টেবুলত কাউন্টাৰ স্থাপন কৰি বিতৰন কৰা হয় প্ৰ-পত্ৰ সমুহ। প্ৰ- পত্ৰ সংগ্ৰহ কৰি আনন্দিত হৈ পৰিল মহিলাসকল।

মেচৰ পূৰ্বে বিৰাট কোহলীৰ ভিডিঅ’ চাই এইগৰাকী মহিলা ক্ৰিকেটাই…

বৰ্তমান মহিলাৰ আই পি এল অৰ্থাৎ মহিলা প্ৰিমিয়াৰ লীগ (WPL 2024) হৈছে আছে। প্ৰতিযোগিতাখনৰ প্ৰায় আধা অৰ্থাৎ ১০খন মেচ খেলা হৈছে। বৰ্তমান পইণ্ট তালিকাত শীৰ্ষ স্থানত আছে দিল্লী কেপিটেলছৰ দল। মেগ লেনিনৰ অধিনায়কত্বত থকা দিল্লীয়ে ৪খন খেলৰ ভিতৰত ৩খন খেলত জয়লাভ কৰিছে। ইফালে দিল্লী কেপিটেলছৰ এগৰাকী খেলুৱৈয়ে প্ৰকাশ কৰে যে তেওঁ প্ৰতিখন মেচৰ পূৰ্বে বিৰাট কোহলীৰ ‘Aggression’ ভিডিঅ’ চায়। কিন্তু কিয় চাই জানেনে-

মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছৰ হৈ খেলা ৰাধা যাদৱে প্ৰতিখন খেলৰ পূৰ্বে ইউটিউবত বিৰাট কোহলীৰ Aggression ভিডিঅ’ চাই। সতীৰ্থ খেলুৱৈ জেমিমা ৰড্ৰিগেছৰ সৈতে কথা পাতি ৰাধাই কয় যে বিৰাট কোহলী তেওঁৰ মূৰ্তি আৰু প্ৰতিখন মেচৰ আগতে তেওঁৰ ভিডিঅ’ চায়, যিয়ে তেওঁক অনুপ্ৰাণিত কৰে।

ৰাধা যাদৱৰ সৈতে কথা পাতি থাকোঁতে জেমিমাই প্ৰশ্ন কৰে, “মই ৰাধাৰ ইউটিউব হিষ্ট্ৰী চাই আছিলো, তাৰ পিছত টপ চাৰ্চত ‘বিৰাট কোহলীৰ আক্ৰমণাত্মক ভিডিঅ’ দেখিছিলো।” ইয়াৰ আঁৰৰ কাহিনী কি?

উত্তৰত ৰাধাই কয়, “বিৰাট কোহলী মোৰ প্ৰেৰণা। প্ৰতিখন মেচৰ আগতে মই তেওঁৰ ভিডিঅ’ চাওঁ আৰু তেওঁ মোক বহুত প্ৰেৰণা দিয়ে।”

মন কৰিবলগীয়া যে মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছে যেন উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এতিয়ালৈকে সকলো দলে প্ৰতিযোগিতাখনত ৪-৪ খন লীগ মেচ খেলিছে। দিল্লী আৰু মুম্বাইৰ দলে এই পৰ্যন্ত ৩-৩ মেচত জয়লাভ কৰিছে। অৱশ্যে নেট ৰান ৰেট উন্নত হোৱাৰ বাবে দিল্লী শীৰ্ষ স্থানত আছে।

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বৃহৎ ঘোষণা – প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা…

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বৃহৎ ঘোষণা৷ প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা৷

১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন৷ মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ অধীনত দিয়া হ’ব এই ভাট্টা৷

দিল্লী বিধানসভাত বিত্তমন্ত্ৰী আতিশী মাৰ্লেনাৰ এই ঘোষণা৷

দৰং জিলাৰ মিনাক্ষী গোস্বামীয়ে অসম দলৰ হৈ খেলিবলৈ সুযোগ লাভ উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগীতাত…

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বড়িগাওঁ নিবাসী পিতৃ দয়ানন্দ গোস্বামী আৰু মাতৃ নিলিমা গোস্বামীৰ ছোৱালী শ্ৰীমিনাক্ষী গোস্বামীয়ে KHELO INDIA ASMITA ৰ ৰাজ্যিক পৰ্যায়ৰ যোগাসন প্ৰতি যোগিতাৰ RHYTHMIC PAIR JUNIOR EVENT ত প্ৰথম স্হান দখল কৰি অসম দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছে ।


মাৰ্চ মাহৰ ৮ তাৰিখৰ পৰা উত্তৰ প্ৰদেশত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগীতাত মিনাক্ষীয়ে অংশগ্ৰহণ কৰিব । আজি মিনাক্ষী উত্তৰ প্ৰদেশলৈকে ৰাওনা হ’ব । এই শুভ মুহূৰ্তত মিনাক্ষীলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ । সুন্দৰ পদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনক তাকে কামনা কৰিলোঁ ।


ভগৱানে মিনাক্ষীক শক্তি প্ৰদান কৰক । মিনাক্ষী ৰ এই যাত্ৰাৰ সময়ত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙ্গলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস,অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াৰ লগতে কেইবাগৰাকীও ব্যক্তি তথা দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰে।

কৰুণ ঘটনা! ছিপাঝাৰত মেট্ৰিক পৰীক্ষাৰ্থীৰ মৃত্যু…

এক কৰুণ ঘটনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তিমটো পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নাপালে ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁৱৰ ছাত্ৰ চাইফুল হকে। চাৰিদিন পূৰ্বে গণিত বিষয়ৰ পৰীক্ষা দি ঘৰলৈ বুলি গৈ থকা অৱস্থাত এক দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্রগৰাকী। ইয়াৰ পিছত যোৱানিশা চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আঁকোৱালি লয় ছাত্ৰগৰাকীয়ে। ছাত্ৰগৰাকীৰ মৃত্যুত অঞ্চলটিত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

এগৰাকী কৃতী ছাত্ৰ চাইফুল ইছলাম। চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী ছাত্ৰ চাইফুল ইচলামে ২৯ ফেব্ৰুৱাৰীত দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দি নিজ বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকলক পৰীক্ষা ভাল হোৱা বুলি কৈ বন্ধুৰ সৈতে বাইকেৰে হাঁহি আনন্দৰে ঘৰলৈ উভতি আহিছিল। পিছে ঘৰ পাবলৈ মাত্ৰ অকমান বাকী। তেনে সময়ত ইটা ভৰ্তি ট্ৰাকত মাৰে প্ৰচণ্ড জোৰত খুন্দা। লগে লগে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও জৰুৰীভাৱে গুৱাহাটীলে প্ৰেৰণ কৰা হয়। কিন্তু যোৱা নিশা ৮ মান বজাত জি এম চি এইচত সকলোকে কন্দুৱাই মৃত্যু হয় ছাত্ৰগৰাকীৰ। খবৰ বিয়পি পৰা মাত্ৰকে নিজ গাঁও ঘোপেলী, অধ্যয়ণত চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ননৈ পৰীয়া এন জি অ’কে ধৰি‌অঞ্চলটোৰ আনুষ্ঠান- প্ৰতিষ্ঠান, ৰাইজে শোকত ম্ৰিয়মান হৈ পৰিছে।

বেজেৰাত ‘আচমা’ৰ গ্ৰন্থ উন্মোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ একেটা পৰিয়ালৰ ৫ খনকৈ গ্ৰন্থ উন্মোচন…

কামৰূপ জিলাৰ বেজেৰাস্থিত বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আলহাজ চৈয়দ মণিৰুদ্দিন আহমেদ(আচমা) শৈক্ষিক ন্যাসৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভা দেওবাৰে অনুষ্ঠিত হৈ যায় ৷ সভাত প্ৰয়াত আলহাজ চৈয়দ মনিৰুদ্দিন আহমেদৰ পৰিয়ালৰ তৰফৰপৰা ৫ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ জিকিৰ শিল্পী মজিবৰ ৰহমানৰ জিকিৰেৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখনত উন্মোচক হিচাবে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতী। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা দৈনিক অসম কাকতৰ সম্পাদক ড° হিতেশ ডেকা ৷ চামতাৰ কামৰূপ কলেজৰ অৱসৰী সহযোগী অধ্যাপক তথা আচমা পৰিয়ালৰ জ্যেষ্ঠ সদস্য চৈয়দ মতিউৰ ৰহমানে সঞ্চালনা কৰা দেওবাৰৰ অনুষ্ঠানত আদৰণী ভাষণ ৰাখে আচমা শৈক্ষিক ন্যাসৰ সঞ্চালক ড° চৈয়দ কুতুবুদ্দিন আহমেদে। অৱসৰী অধ্যাপক তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷


গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভাখনত আচমা পৰিয়ালৰ তৰফৰপৰা আলহাজ চৈয়দ মণিৰুদ্দিন আহমেদৰ নিৰ্বাচিত লেখাৰ সংকলন “মুকুতাৰ মণি’’,চৈয়দ আচকৰ হুছেইনৰ “কাজী গাঁৱৰ ইতিবৃত্ত’’,ড০ চৈয়দা জাহানাৰা বেগমৰ “জীৱনৰ সুবাস’’, চৈয়দ আৰিফ হুছেইনৰ “কলম’’ আৰু চৈয়দ ৰবিউল হুছেইনৰ পূৰ্ণাংগ নাটক “সংঘাত” উন্মোচন কৰা হয়। এই অনুষ্ঠানত সদ্যঘোষিত অসামৰিক সেৱাত ১২তম স্থান প্ৰাপ্ত বাইহাটা চাৰিআলিৰ দেৱশ্ৰী ভাৰ্গৱক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দেৱশ্ৰী ভাৰ্গৱৰ হৈ সম্বৰ্ধনা গ্ৰহণ কৰে তেওঁৰ পিতৃ-মাতৃয়ে ৷ অঞ্চলটোৰ কেইবাগৰাকীও শিক্ষাবিদকে ধৰি ভালেসংখ্যক গুণী-জ্ঞানী ব্যক্তিয়ে অংশগ্ৰহণ কৰা গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভাখন চৈয়দ ৰবিউল হুছেইনে আগবঢ়োৱা শলাগৰ শৰাইৰে সন্ধিয়া সফলভাৱে সামৰণি পৰে ।

চিমেন চাপৰিত উচ্চমানৰ কম্পিউটাৰ শিক্ষা কেন্দ্ৰ মুকলি…

চিমেন চাপৰিত আজি এটা উচ্চমানৰ কম্পিউটাৰ শিক্ষা কেন্দ্ৰ মুকলি কৰা হয়।ই-মেক্স কম্পিউটাৰ এডুকেশ্বন নামৰ কম্পিউটাৰ কেন্দ্ৰটো উদ্ধোধন কৰে সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সোণেশ্বৰ বসুমতাৰীয়ে। ভাৰত চৰকাৰৰ এন চি টিৰ স্বীকৃত আৰু ইনষ্টিটিউট অফ্ কম্পিউটাৰ টেকন’লজী এণ্ড ৰিছাৰ্ছৰ অধীনৰ ই মেক্স কম এডুকেশ্বন কেন্দ্ৰৰ উদ্ধোধন কৰি সোণেশ্বৰ বসুমতাৰীয়ে কয় কম্পিউটাৰ মাধ্যমে দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে।আমাৰ কাম-কাজ,যোগাযোগ আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত কম্পিউটাৰে দ্ৰুত আৰু যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

কম্পিউটাৰে ই-মেইল, তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰা, সামাজিক মাধ্যম, ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে আনৰ সৈতে যোগাযোগ ৰক্ষা কৰাটো সহজ আৰু দ্ৰুত কৰি তুলিছে।কম্পিউটাৰ দ্বাৰা আমাৰ কামৰ ধৰণক ৰূপান্তৰিত কৰিছে, যাৰফলত কামবোৰ অধিক দক্ষতাৰে সম্পূৰ্ণ কৰা আৰু প্ৰায় যিকোনো ঠাইৰ পৰা কামবোৰ সম্পাদন কৰা সম্ভৱ কৰি তুলিছে।আনহাতে কম্পিউটাৰে আমি শিকাৰ ধৰণত যুগান্তকাৰী পৰিবৰ্তন আনি বিপুল পৰিমাণৰ তথ্য লাভ কৰা আৰু অনলাইন পাঠ্যক্ৰম আৰু শিক্ষামূলক সম্পদৰ সুবিধা প্ৰদান কৰিছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, টাদুনীয়া বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনয় স্বৰ্গীয়াৰী, শিক্ষক দিপাঙ্কৰ নাৰ্জাৰী, বন বিষয়া ইন্দ্ৰ গগৈ প্ৰমুখ্যে বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

আজি উদ্ধোধন কৰা কম্পিউটাৰ কেন্দ্ৰটোত ছমহীয়া পাঠ্যক্ৰমত ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্বন,এবছৰীয়া পাঠ্যক্ৰমত এডভান্স ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্বন, প’ষ্ট গ্ৰেজুৱেট ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্বন,ছমহীয়া পাঠ্যক্ৰমত কম্পিউটাৰ ফাণ্ডাৰমেন্টেল এপ্লিকেশ্বন,তিনিমহীয়া পাঠ্যক্ৰমত ডেক্সটপ পাব্লিচিং,এবছৰীয়া পাঠ্যক্ৰমত বেছিক অডিট,ওঠৰমহীয়া পাঠ্যক্ৰমত এডভান্স ডিপ্লমা কম্পিউটাৰ প্ৰগ্ৰেমিং এণ্ড পাব্লিচিং, এডভান্স ডিপ্লমা ইন ছফ্টৱেৰ ইঞ্জিনীয়াৰিং,অনাৰ ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্বন, মাষ্টাৰ ডিপ্লমা ছফ্টৱেৰ টেকন’লজী,এডভান্স ডিপ্লমা কম্পিউটাৰ প্ৰগ্ৰেমিং, ডি অ এম এ,এ ডি এফ এ,ডি এচ পি পি,ডি বি পি,এম চি আই টি,পি ডি ডব্লিউ ডি আৰু অৰ্ধশতাধিক পাঠ্যক্ৰম উপলব্ধ হ’ব।কম্পিউটাৰ কেন্দ্ৰটোত ইন্সট্ৰাক্টৰ হিচাপে প্ৰিয়ংকা বৰা,অপৰজ্যোতি বৰুৱা, পলাশ বৰুৱা আৰু ই মেক্স কম্পিউটাৰ এডুকেশ্বনৰ অভিজ্ঞ শিক্ষক সকলে পাঠদান আগবঢ়াব।

হাঁহচৰা লাটুম গাঁৱত দ্বিতীয় লাটুম বৰুৱা বংশাৱলী-২০২৪ ৰ লাইখুঁটা স্থাপন…

তাই আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মহান চাওলুং ছ্যুকাফাৰ অতি বিশ্বাসী সহচৰ লুক্‌-খা-খুনসকলৰ মাজতেই অংকুৰিত লাটুমৰ তেজ। দেশ জাতিৰ দুৰ্দিনত তাই আহোম সাহসী,দেশপ্ৰেমিক যুদ্ধাই লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ নেতৃত্বত বিখ্যাত শৰাইঘাট যুদ্ধত,জীৱন পণ কৰিছিল। পূৰ্বপুৰুষ লাটুম বৰুৱাই ৰাঙলী বুৰুজ আৰু পাৰঘোপৰ মাজত ৩৬০জন চৰবছাৰ সৈতে কামাখ্যা মন্দিৰলৈ যোৱা বাটৰ পশ্চিমৰ পৰা দুৱাৰ গৰিলালৈকে থকা পালি যুদ্ধক্ষেত্ৰৰ সেনাপতিত্ব কৰিছিল।

লাটুম বৰুৱাৰ পুৰণি ঐতিহ্য আৰু কীৰ্তিচিহ্ন বিজৰিত শিৱসাগৰৰ হাঁহচৰা লাটুম গাঁৱত অহা ৩০মাৰ্চ তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে দ্বিতীয় লাটুম বৰুৱা বংশাৱলী। এই দ্বিতীয় লাটুম বৰুৱা বংশাৱলীৰ লাইখুঁটা স্থাপন কৰা হয় শিৱসাগৰৰ হাঁহচৰা লাটুম গাঁঁৱত। দ্বিতীয় লাটুম বৰুৱা বংশাৱলীৰ লাইখুঁটা স্থাপন কাৰ্য্যসূচীত লাটুম বৰুৱা বংশৰ প্ৰতিগৰাকী বংশৰ লোক উপস্থিত থাকে।

পৃথিৱীৰ আটাইতকৈ ধনী কুকুৰটোৰ নাম গুন্থাৰ ষষ্ঠ, নেটফ্লিক্সৰ নতুন তথ্যচিত্ৰ শৃংখলাত অন্তৰ্ভুক্ত গুন্থাৰৰ কাহিনী…

নেটফ্লিক্সৰ নতুন তথ্যচিত্ৰ শৃংখলাত অন্তৰ্ভুক্ত হৈছে বিশ্বৰ আটাইতকৈ ধনী কুকুৰ গুন্থাৰৰ কাহিনী ৷ সচৰাচৰ আমি প্ৰায়ে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ বিষয়ে শুনি আহিছো, কিন্তু পৃথিৱীৰ আটাইতকৈ ধনী কুকুৰটোৰ বিষয়ে হয়তো বহুতেই বিশেষ একো নাজানে। আজি আমি পৃথিৱীৰ আটাইতকৈ ধনী কুকুৰৰ বিষয়ে ক’বলৈ গৈ আছোঁ, যাৰ বিলাসী জীৱনে বহুতকে আচৰিত কৰি তুলিছে৷

এই কুকুৰৰ জীৱনশৈলী যিকোনো সাধাৰণ ব্যক্তিৰ জীৱনশৈলীতকৈ বহু বেছি ভিন্ন । বহু মানুহে কেতিয়াও এনে বিলাসী জীৱনৰ কথা হয়তো কল্পনাও কৰিব নোৱাৰে। আমেৰিকাত থকা এই কুকুৰটোৰ নাম গুন্থাৰ ষষ্ঠ, কুকুৰটো এটা জাৰ্মান শ্বেফাৰ্ড প্ৰজাতিৰ কুকুৰ। এই কুকুৰৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩০ বিলিয়ন! এই অসাধাৰণ কুকুৰটোৰ নামত এখন বিএমডব্লিউ গাড়ী আছে। এই কুকুৰটোৰ নামেৰে বহুতো বাংলো আছে, এটা ফুটবল ক্লাবো আছে।গুন্থাৰ ষষ্ঠ নামৰ কুকুৰটোৰ খাদ্য প্ৰস্তুতৰ বাবে এদল ব্যক্তিগত ৰান্ধনি আছে৷ কুকুৰটোৰ প্ৰতিটো অভাৱ আৰু যত্ন লোৱাৰ বাবে ২৭ জন কৰ্মচাৰী আছে৷ কুকুৰটোৰ গৰাকী গৰাকী কাউন্টেছ কাৰ্লোটা লিবেনষ্টাইনৰ মৃত্যুৰ পিছত তেওঁৰ সকলো সম্পত্তিৰ মালিক এতিয়া সেই কুকুৰটো হৈছে৷ ‘বিশ্বৰ আটাইতকৈ ধনী কুকুৰ’ হৈ পৰা কুকুৰটোৰ কাহিনী নেটফ্লিক্সৰ নতুন তথ্যচিত্ৰ শৃংখলা গুন্থাৰৰ মিলিয়নত বন্দী কৰা হৈছে।