Home Blog Page 1038

লাকুৱাৰ ৰজাবাৰী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন

শিৱসাগৰ জিলাৰ লাকুৱাৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত চাহ বাগিচাৰ ৰাইজক লগত লৈ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে উদযাপন কৰে ৰাইজৰ উৎসৱ৷ মূলত স্থানীয় অভিভাৱক আৰু ৰাইজক লগত লৈ বিদ্যালয়ৰ লগত এক সুসম্পৰ্ক গঢ়ৰ মানসেৰে অনুষ্ঠিত কৰা এই উৎসৱত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভা সমূহ বিকাশ কৰাৰ সুবিধা পায়৷

পথালিগড় সমল কেন্দ্ৰৰ অন্তৰ্গত ১২ খন বিদ্যালয়ৰ অংশগ্ৰহণণেৰে অনুষ্ঠিত কৰা ৰাইজৰ উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷

ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানত সুন্দৰ গীত নৃত্য আদি প্ৰদৰ্শন কৰে৷ইয়াৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত হয়৷৷

-দিলীপ হাজৰিকা, নাজিৰা

গোগামুখত মাৰ্কৰ প্ৰশংসনীয় পদক্ষেপঃ দুখীয়া পৰিয়ালক চাইকেল-ৰাঁচ বিতৰণ…


ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ মহিলা স্বেচ্ছাসেৱী সংস্থা মিমে আজন ৰুৱাদ কেবাং চমুকৈ মাৰ্কে দুখীয়া জনসাধাৰণক সহায় কৰি  অন্যন্য নিৰ্দশন ডাঙি ধৰিছে৷ বিগত কৰ‘ণা ভাইৰাইছৰ সময়তে মানৱ সেৱাৰ হকে আত্মপ্ৰতিষ্ঠা হোৱা  স্বেচ্ছাসেৱী সংস্থা মাৰ্কে ইতিমধ্যে বহু মানৱ দৰদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিছে৷ 

তেওঁলোকৰ মানৱ দৰদী কাৰ্যসূচী হিচাপে দেওবাৰে ধেমাজি জিলাৰ পুৰণা পাৰঘাটৰ এক অনুষ্ঠানত  ১৪ গৰাকী দুখীয়া শ্ৰেণীৰ লোকক বাইচাইকেল আৰু ২৬ গৰাকী দুখীয়া পৰিয়ালক ২৬টা ৰাঁচ বিতৰণ কৰে৷ দেশৰ ৰাজধানী দিল্লীস্থিত অৰ্কিড চ’ছিয়েল এণ্ড এডুকেশ্বন ট্ৰাষ্টৰ আৰ্থিক সহযোগিতাত উক্ত বাইচাইকেল আৰু ৰাজসমূহ  বিতৰণ কৰা হয়। 

উক্ত বাইচাইকেল আৰু ৰাজসমূহৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে অৰ্কিড চ’ছিয়েল এণ্ড এডুকেশ্বন ট্ৰাষ্টৰ সভাপতি মনোৰঞ্জন দলেয়ে৷ চাইকেল বিতৰণ অনুষ্ঠান শুভাৰম্ভ কৰি  অৰ্কিডৰ সভাপতি মনোৰঞ্জন দলেয়ে কয়-যদিও আমাৰ মুখ্য কাৰ্যালয় দিল্লীত আছে কিন্তু আমাৰ জনসেৱামূলক কৰ্মসূচীসমুহ অসমত বেছিকৈ ৰূপায়িত হয় ৷  আমি অসমৰ বিভিন্ন স্থানত দুখীয়া জনসাধাৰণক আৰ্থিক সাহায্য আৰু বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছোঁ ৷  আগন্তুক দিনত আমাৰ জনহিতৈষী কাম আৰু দ্ৰুত হ’ব ৷ 

তেওঁ মাৰক’ক ভূয়সী প্ৰশংসা কৰি দোহাৰে যে মাৰ্কে বহু ভিতৰুৱা গাঁৱত বহু দৰিদ্ৰ শ্ৰেণীৰ লোকক সহায় কৰি আহিছে৷ বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত মাৰ্কে ৰূপায়ন কৰা আঁচনিসমূহ অতি উত্তম হৈছে৷ মাৰ্কে লিংগ বৈষম্য দূৰীকৰণটো বিশেষভাৱে সফল হৈছে বুলি তেওঁ দোহাৰে৷ অনুষ্ঠানত  উদ্দেশ্য ব্যাখ্য কৰে মাৰ্কৰ সভানেত্ৰী লীনা পেগুৱে৷ অনুষ্ঠানটোৰ সামগ্ৰীক পৰিচালনা কৰে মাৰ্কৰ সম্পাদিকা বীনা পেগুৱে৷ উল্লেখ্য যে, ক’ৰণা ভাইৰাছৰ সময়ত মানুহৰ দুৰ্দশা দেখি মাৰ্ক নামৰ স্বেচ্ছাসেৱী সংস্থাটো জন্ম হৈছিল৷

বৰ্ণ বৈষম্য আৰু লীংগ বৈষম্য সমাজৰ পৰা নোহোৱা কৰিবৰ বাবে আৰু দৰিদ্ৰজনক সহায়ৰ হাত আগবঢ়োটোৱে মাৰ্কৰ লক্ষ্য বুলি মাৰ্কৰ কৰ্মীসকলে দোহাৰে৷ গোগামুখ অঞ্চলত বৰ্তমান মাৰ্কৰ জনপ্ৰিয়তা দ্ৰুত গতিত বৃদ্ধি পাইছে৷ গোগামুখ পুৰণা পাৰঘাটক সামৰি গঠন কৰা মাৰ্কে বৰ্তমান গোগামুখৰ ৫-৬ খন গাঁৱক সামৰি লৈছে৷ মাৰ্কৰ এই মানৱ দৰদী কাৰ্যসূচীত উপস্থিত থাকে মাৰ্কৰ অন্যতম উপদেষ্টা ৰাজু দলে, বিদ্যাৱতী পেগু, নাহৰবাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য কমল চন্দ্ৰ দলে, পাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ পাইট আদিয়ে৷

সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি উন্মোচন…

চোৱাল্লিশ বছৰীয়া আমাৰ সপোন পূৰণ হ’ল’–শ্বহীদ ভাতৃ কামেশ্বৰ তালুকদাৰ।
সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি উন্মোচন।

‘১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোত ঘৰৰ পৰা ওলাই যোৱা আমাৰ ককাইদেউগৰাকী জীবিত অৱস্থাত আৰু ঘৰলৈ ঘূৰি নাহিল।আহিল নিঠৰ দেহ এটি হৈ। তাৰ পিছতেই ককাইদেউৰ এসময়ৰ শিক্ষাগ্ৰহণস্থলী বি এইচ বি মহাবিদ্যালয় চৌহদত ককাইদেউৰ এক আবক্ষ মূৰ্তি স্থাপনৰ চিন্তাই আমাক আমনি দি আহিছিল।কিন্তু আমাৰ সেই চিন্তাক আজি সাঁকাৰ প্ৰদান কৰিলে মহাবিদ্যালয়খনত অধ্যয়ন কৰি যোৱা একাংশ ছাত্ৰ-ছাত্ৰীয়ে।আমি হিয়া উবুৰিয়াই তেওঁলোকৰ কামৰ প্ৰশংসা কৰিছো।তেওঁলোকৰ এনে বদান্যতাৰ আমি শলাগ লৈছো।আজি আমি অজস্ৰজনৰ সম্মুখত ককাইদেউৰ আবক্ষ মূৰ্তি নিজ হাতে উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছো।’এই মন্তব্য ‘অসম আন্দোলন’ৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ কনিষ্ঠ ভাতৃ কামেশ্বৰ তালুকদাৰৰ।আজি সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ ১৯৯২-৯৫ স্নাতক শিক্ষাবৰ্ষৰ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ গাঁঠিৰ ধন খৰছ কৰি ভৱানীপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী হৰেকৃষ্ণ তালুকদাৰৰ হতুৱাই নিৰ্মাণ কৰি উলিওৱা আৰু এক মাঙ্গলিক পৰিবেশৰ মাজত মূৰ্তিটো উন্মোচন কৰাৰ পিছতেই শ্বহীদ ভাতৃগৰাকীয়ে নিজৰ মনৰ অনুভৱ এনেদৰে ব্যক্ত কৰে।

আনহাতে শ্বহীদ ভাতৃগৰাকীয়ে ভৱানীপুৰ-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পৰ্যটকসকলৰ আহ-যাহৰ বাবে নিৰ্মিত পথটি শ্বহীদগৰাকীৰ নামেৰে নামাঙ্কিত কৰাৰ ব্যৱস্থা কৰিবলৈও অনুষ্ঠানত উপস্থিত থকা ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰক আহ্বান জনায়।উল্লেখ্য,বিগত বৰ্ষৰ ৩০ এপ্ৰিল তাৰিখে মহাবিদ্যালয়খনৰ ডিজিটেল প্ৰেক্ষাগৃহত আয়োজিত এখন সহপাঠী সন্মিলনত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান ‘দৈনিক অসম’ কাকতৰ জ্যেষ্ঠ সাংবাদিক-লেখক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে মহাবিদ্যালয় চৌহদত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি স্থাপনৰ উদ্দেশ্যেৰে এক প্ৰস্তাৱ আগবঢ়াইছিল।সেই সময়ত উপস্থিত মহাবিদ্যালয়খনৰ একালৰ ছাত্ৰ-ছাত্ৰী সুনন্দ দাস,জুনু দেৱী,তুলিকা দাস,সঞ্জীৱ কুমাৰ তালুকদাৰ,সুনীল উজীৰ,ধঞ্জিতা দাস,লুনা চৌধুৰী, বুলু তালুকদাৰ,ড০ গৌতম চন্দ্ৰ দাস, মঞ্জু দেৱী,তপন বৰ্মন,যোগেন বৰ্মণ আৰু বিশ্ব তালুকদাৰকে আদি কৰি উপস্থিত তেতিয়াৰ দুকুৰি ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তাৱটোলৈ আনন্দেৰে সমৰ্থন আগবঢ়াইছিল।ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ তথা ‘অসম আন্দোলন’ৰ সৈতে একালত জড়িত ড০ নয়নজ্যোতি দাসে মূৰ্তি স্থাপনৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছিল।আনহাতে মহাবিদ্যালয়খনৰ একালৰ ছাত্ৰ ধ্ৰুৱজ্যোতি দাসে আঁত ধৰা অনুষ্ঠানত স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰে শ্বহীদ ভাতৃগৰাকীয়ে জনোৱা আহ্বানলৈ সঁহাৰি জনাই ‘আজিৰে পৰাই পথছোৱাৰ নাম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ পথ’ হিচাপে নামাঙ্কিত কৰিবলৈ হাতে-কামে তেওঁ লাগি পৰিব বুলি জানিবলৈ দিয়ে।শ্বহীদগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ আজিৰ দিনটোক তেওঁ ‘ঐতিহাসিক দিন’ হিচাপেও আখ্যায়িত কৰে।বিধায়ক গৰাকীয়ে শ্বহীদগৰাকীৰ আবক্ষ মূৰ্তিৰ সম্মুখত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভও কৰে।দিনৰ প্ৰায় চাৰে এঘাৰ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নয়নজ্যোতি দাসৰ দ্বাৰা স্মৃতি তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হোৱা আজিৰ অনুষ্ঠানত অধ্যক্ষ গৰাকীয়েও তেওঁৰ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে।তেওঁ কয়–খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি স্থাপনক লৈ আমি উৎসাহী আছিলো।নিজেই তেতিয়াৰ ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ আহি আজি বিদ্যায়তনিক দিশৰ সৈতে জড়িত হৈ আছো।খৰ্গেশ্বৰ তালুকদাৰে পঢ়া মহাবিদ্যালয়খনত শ্বহীদগৰাকীৰ এটাও আবক্ষ মূৰ্তি নথকা কথাটোৱে আমাক দুখ দিছিল।

এনে মহান সংকল্প কাৰ্যকৰী কৰাৰ বাবে আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছো।প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতিৰ ক্ষেত্ৰত ভৱিষ্যতলৈও জড়িত হোৱাৰ তেওঁ আহ্বান জনায়।তদুপৰি আজিৰ অনুষ্ঠানৰ আঁত ধৰোতা ধ্ৰুৱজ্যোতি দাসে আগন্তুক ‘শ্বহীদ দিৱস’ মহাবিদ্যালয়খনতে ৰাজহুৱাভাবে অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ আগবঢ়ায়।মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে তেওঁৰ মনৰ অনুভৱ ব্যক্ত কৰি ‘খৰ্গেশ্বৰ তালুকদাৰক অসমীয়া জাতীয় জীৱনৰ এক সত্বা’ হিচাপে অভিহিত কৰে।তেওঁৰে সৈতে সতীৰ্থসকলে সম্পন্ন কৰা এই কামে তেওঁলোকক জীৱনজুৰি আনন্দদান কৰিব বুলিও তেওঁ মন্তব্য কৰে।অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক বিজন বায়নে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নয়নজ্যোতি দাসৰ বদান্যতাৰ শলাগ লয় আৰু অধ্যক্ষগৰাকীৰ উদ্দেশ্যে যুগুত কৰি অনা এখনি অভিনন্দন পত্ৰ পাঠ কৰাৰ পিছতে অধ্যক্ষগৰাকীৰ হাতত অৰ্পণ কৰে।অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য শিল্পী হৰেকৃষ্ণ তালুকদাৰেও তেওঁৰ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত অসম আন্দোলনৰ নিৰ্যাতিত প্ৰবীণ শৰ্মাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সদস্য দীপক ঠাকুৰীয়া সমন্বিতে কেইবাগৰাকীকো গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।আজিৰ অনুষ্ঠানত কিশোৰী শিল্পী চবনমা ইয়াছমিন ৰহমানে শিল্পী গপাংক দাস আৰু চন্দন দাসৰ সহযোগত কণ্ঠ নিগৰোৱা ‘শ্বহীদ প্ৰণামো তোমাক/লুইতৰ পাৰৰে তুমি ডেকা ল’ৰা/তুমিয়েতো বুকু পাতি দিলা…’ শীৰ্ষক ভূপেন্দ্ৰ সংগীতটিত কণ্ঠ নিগৰাই অনুষ্ঠানটো আবেগমধুৰ কৰি তোলা পৰিলক্ষিত হয়।

মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৭ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সামৰণি…

মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৭ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সামৰণি

  • ভক্তিৰ অশ্ৰুৰে ডুবিয়াবাসীয়ে বিদায় জনালে শ শ ভকত-বৈষ্ণৱ-আইমাতৃক
  • নিজম পৰিল গহপুৰৰ মুক্তিযোদ্ধা মাধৰাম প্ৰভু ক্ষেত্ৰ

নিজম পৰিল মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ৩৭ সংখ্যক পূৰ্ণাংগ অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা মহাপুৰুষীয়া সত্ৰ সমাজৰ আজি ধৰ্মালোচনী সভাই অধিৱেশনখনি জীপাল কৰি তোলে। সত্ৰ সমাজৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হয় ধৰ্মালোচনী আৰু মূল সভাখনি। আদৰণী সমিতিৰ সভাপতি হেমন্ত বিজয় দত্তই আদৰণী ভাষণ আগবঢ়োৱা মূল সভাখনি প্ৰধান সম্পাদক জীৱন চন্দ্ৰ বৰাই আঁত ধৰে।নাৰায়ণপুৰ বৰপথাৰৰ ভূপেন বৰদলৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে পশ্চিম বংগৰ শ্ৰীমধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱ দেৱ মহন্তই অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুণানুকীৰ্তন কৰে। মহাপুৰুষ দুজনাৰ ধৰ্মীয় আদৰ্শই অসমখনিক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

সভাত বিশিষ্ট অতিথি হিচাপে গহপুুুৰৰ বিশিষ্ট সমাজকৰ্মী উদয় আদিত্য গোস্বামী, শিশু বক্তা হিচাপে বৰঙাবাৰীৰ তন্ময় মহন্তই অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়। উল্লেখ্য যে ধৰ্মালোচনী আৰু মূল সভাত মহাপুৰুষীয়া সত্ৰ সমাজৰ ভালেসংখ্যক বিষয়ববীয়াৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ আই-মাতৃ, ২৫ খন জিলাৰ প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। শলাগৰ শৰাই আগবঢ়াই আদৰণী সমিতিৰ প্ৰধান সম্পাদক গোবিন্দ বৰুৱাই। তেওঁ অশ্ৰুসিক্ত নয়নেৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰা প্ৰতিনিধি বৰ্গৰ লগতে ভক্ত-প্ৰাণ ৰাইজক নতশিৰে সেৱা ধৰে। বিশেষকৈ সত্ৰ সমাজৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী প্ৰভুৰ লগতে উপ-সভাপতি, প্ৰধান সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়াৰ সহযোগ ভক্তি ভাবেৰে শলাগ লয়। সভাপতিৰ মন্তব্যত দেৱগোস্বামীয়ে ভকতিৰ মহিমা সম্পৰ্কে তত্ত্বগধুৰ বক্তব্য ৰাখে। তেওঁ কয় এনেদৰেই ভক্তি হয়।

আত্মিক সম্পৰ্ক গঢ় লয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। মূল সভাৰ পূৰ্বে পুৱা নামঘৰত শৰাই প্ৰতিষ্ঠা কৰে ভকত বিপুল তাচাই। পুৱা ১০ বজাত আধ্যাত্মিক ভক্তিৰসৰ মাজৰে ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। শতাধিক ভক্ত-প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা এই কাৰ্যসূচী উদ্বোধন কৰে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰধান সম্পাদক খগেন গগৈয়ে। ইফালে সন্ধিয়ালৈ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ হয়। ইফালে কালি সন্ধিয়া ৭ বজাত ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু বিষয় বাচনি সভাখনি দ-ডুবিয়া নামঘৰত অনুষ্ঠিত হয়। বিষয় বাচনি সভাখনিত ২০২৪-২৫ বৰ্ষৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। সভাপতি হিচাপে দেৱানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি হিচাপে মনহৰি ৰাজবংশী, উপ-সভাপতি হিচাপে প্ৰদীপ মহন্ত, বলীন গগৈ, গোৰী হালৈ, চুৰেন শইকীয়াক নিৰ্বাচিত কৰাৰ লগতে প্ৰধান সম্পাদক হিচাপে জীৱন চন্দ্ৰ বৰা, সহকাৰী সম্পাদক হিচাপে দুলেন বৰা, ভূৱনেশ্বৰ ডেকা, সুকুমাৰ গগৈ আৰু মণ্টু শইকীয়াক নিৰ্বাচিত কৰা হয়। প্ৰচাৰ সম্পাদক হিচাপে বিমান বৰাক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক ৰঙিয়া অধিৱেশনৰ আজি অন্তিম দিন ! অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশন খনৰ আজি সামৰণি দিনটোত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত আয়োজিত মুকলি সভাখনত অংশগ্ৰহণ কৰিবলৈ পাই সঁচাকৈ মনত আনন্দ অনুভৱ কৰিলে ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। আজিৰ মুকলি সভাত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা বহুমূলীয়া তথা সাৰুৱা বক্তব্যই আপ্লুত কৰি তুলিছে।


“এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ” ~ মাৰ্গদৰ্শনেৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ শলিতা জ্বলাই আৰু কু-সংস্কাৰৰ অৱসান ঘটোৱাৰ লগতে অসমৰ জাতীয় জীৱনলৈ যি যুগান্তকাৰী পৰিৱৰ্তন আনিলে, সেইয়া আমি কাৰো সৈতে তুলনা কৰিব নোৱাৰো।


সৰ্বগুণাকৰ গুৰুজনাৰ মহান আদৰ্শেৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক এই পৱিত্ৰ ৰঙিয়া অধিৱেশনখনত প্ৰথম দিনটোৰ পৰা আজি অন্তিম দিনটোও অগণন ভক্ত প্ৰাণ ৰাইজৰ পদধূলি আৰু গুৰুজনাৰ ভক্তি-বন্দনাৰে মুখৰিত দৃষ্টিনন্দন পৰিৱেশত দেখি সঁচাকৈ অভিহিত ভৱেশ কলিতা ।


গুৰুজনাই দি যোৱা অমৃত বাণীসমূহক সাৰোগত কৰি আমাৰ সমাজখনত শান্তি, সম্প্ৰীতি, আধ্যাত্মিকতা আৰু সমৃদ্ধিৰ ধাৰা অটুট ৰাখিব লাগিব। গুৰুজনাৰ আদৰ্শ নিষ্ঠাৰে পালন কৰিলেহে তেৰাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰা হ’ব।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ সমন্বয় ক্ষেত্ৰ,হাতীখলা পথাৰ,মৰাণজানা-ভয়ৰা ৰঙিয়া

‘ৰঞ্জী ট্ৰফী উঠাই দিয়া উচিত!’- মনোজ তিৱাৰীৰ মন্তব্যত উত্তাল ভাৰতীয় ক্ৰিকেট

চলিত ছিজনৰ ৰঞ্জি ট্ৰফীৰ লীগৰ পৰা বাহিৰ হোৱাৰ পথত বংগ দল। এনে প্ৰেক্ষাপটত মনোজ তিৱাৰীয়ে ছ’চিয়েল মিডিয়াত বিস্ফোৰণ ঘটোৱা দেখিবলৈ পোৱা গৈছে।

মনোজ তিৱাৰীয়ে এক্স হেণ্ডেলত লিখিছে, ” অহা ছিজনৰ পৰা ৰঞ্জী ট্ৰফী উঠাই দিয়া উচিত! টুৰ্ণামেণ্টখনত বহু কথাই ভুল হৈ আছে। এই প্ৰতিযোগিতাখনৰ ইমান চহকী পৰম্পৰা আছে, ইয়াক বচাবলৈ এতিয়াই কিবা এটা কৰা উচিত। এই প্ৰতিযোগিতাখনে গুৰুত্ব আৰু আনন্দ হেৰুৱাই পেলাইছে। প্ৰচণ্ড হতাশ হৈছো।”

এক্স হেণ্ডেলত লিখাৰ কিছু সময়ৰ পিছতে তেওঁ ফেচবুকত লাইভ যোগে কয়, “ক’বলগীয়া বহুত আছে। ৰঞ্জি ট্ৰফীৰ দৰে পৰম্পৰাগত প্ৰতিযোগিতাত যি চলি আছে সেয়া গ্ৰহণযোগ্য নহয়। কিন্তু মই এতিয়াই গোটেই কথাবোৰ ক’ব নিবিচাৰো। কাৰণ আমাৰ মেচ চলি আছে। বি চি চি আইৰ কিছুমান গাইডলাইন আছে। আমি সকলোৱে সেইবোৰ মানি চলা উচিত।”

মনোজ তিৱাৰীয়ে দুই এটা শব্দত কোৱা কথাখিনিই ‘মিনি বিস্ফোৰণ’ বুলি ক’ব পাৰি! কেৰালাৰ বিৰুদ্ধে খেলৰ স্থান ৰঞ্জি মেচৰ বাবে যোগ্য নহয়। সেই কথা স্পষ্টকৈ জনাইছে টিম ইণ্ডিয়াৰ হৈ ১২ খন এদিনীয়া আৰু ৩ খন টি-২০ মেচ খেলাৰ অভিজ্ঞ বেটাৰ মনোজ তিৱাৰীয়ে।

মনোজ তিৱাৰীয়ে লগতে কয়, “আমি থুম্বাত কেৰালাৰ বিৰুদ্ধে খেলি আছো। এই স্থানত প্ৰায় পাঁচ বছৰৰ অন্তত মেচ অনুষ্ঠিত হৈছে। সম্পূৰ্ণ মুকলি পথাৰ। ইয়াৰ লগত যোগ হৈছে জঘন্য ড্ৰেছিং ৰুম। এই খেলপথাৰৰ ড্ৰেছিং ৰুমৰ অৱস্থা এনেকুৱা যে সতীৰ্থৰ সৈতে টীম মিটিং কৰিব নোৱাৰি ! অলপ জোৰেৰে কথা ক’ব নোৱাৰি। কাৰণ সেই কথাবোৰ যিকোনো সময়তে বিপক্ষ দলে শুনিব পাৰে! মুঠতে এটা অতি বেয়া পৰিস্থিতি। বি চি চি আইয়ে এইবোৰৰ বিষয়ে চিন্তা কৰিব লাগিব।”

ইয়াৰ পিছত মনোজে আকৌ ক’লে, “কিন্তু মই তাৰ বাবেই মনে মনে থকা বান্দা নহয় । আমি এই ছিজনৰ লীগৰ অন্তিমখন খেল ইডেন গাৰ্ডেনত বিহাৰৰ বিৰুদ্ধে খেলিম। সেইখনেই হ’ব মোৰ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ শেষ মেচ। সেই মেচৰ পিছত মই যি ক’ব লগা আছে সেয়া নিশ্চয় ক’ম। কাৰণ মোৰ কাৰো পৰা একো পাবলৈ নাই। মোৰ কথা যিয়েই যেনেকৈ নাভাবক মই মনে মনে নাথাকো।”

উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীৰ পৰা ঘৰুৱা মেচত বিহাৰৰ বিৰুদ্ধে খেলিব বংগ দলে। প্ৰশ্ন হয় কেৰিয়াৰৰ অন্তিমখন মেচ খেলাৰ পাছত আৰু ডাঙৰ বিস্ফোৰণ ঘটাব নেকি মনোজ তিৱাৰীয়ে?

নৰ্থ ইষ্ট আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ খিতাপ গুৱাহাটী বিশ্ববিদ্যালয়লৈ

ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ অধীনত ‘ৰয়েল গ্লৱেল ইউনিভাৰ্চিটি’ ত অনুষ্ঠিত ৩৭ সংখ্যক উত্তৰ-পূৱ মাণ্ডলিক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰিছে। সৰ্বমুঠ ২৫ টা পুৰস্কাৰেৰে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱত স্বৰ্ণপদক বিজয়ীসকলক লৈ গঠিত হোৱা দলটি বিশ্ববিদ্যালয় খনৰ ছাত্ৰকল্যান সঞ্চালক ড॰ ৰঞ্জন কুমাৰ কাকতি আৰু ড॰ দেৱশীষ শইকীয়াৰ নেতৃত্বত যোৱা দলটিয়ে চাৰুকলা বিভাগৰ স্পট পেইন্টিং, কোলাজ, পোষ্টাৰ ,কাৰ্টুনিং ৰঙ্গলী,স্পট ফটোগ্ৰাফী ,ইনষ্টলেচন ,সাহিত্য বিভাগৰ কুইজ,
সংগীত বিভাগৰ শাস্ত্ৰীয় কণ্ঠ (একক), শাস্ত্ৰীয় বাদ্যযন্ত্ৰ (একক) ,নন পাৰ্কাচন, লঘু কণ্ঠ ভাৰতীয়, পশ্চিমীয়া কণ্ঠ (একক) , পশ্চিমীয়া সমবেত সংগীত ,ফক অৰ্কেষ্ট্ৰা, নৃত্য বিভাগৰ একক শাস্ত্ৰীয় নৃত্য, থিয়েটাৰ শাখাত একাংক নাট, স্কিট, মাইম, মিমিক্ৰিৰ লগতে চাৰু কলা বিভাগ আৰু থিয়েটাৰ বিভাগৰ চেম্পিয়ন দল, সাংস্কৃতিক শোভাযাত্ৰা – ২য় আৰু শ্ৰেষ্ঠ দল আৰু নৃত্য বিভাগত তৃতীয় শ্ৰেষ্ঠ দল বিশ্ববিদ্যালয় খিতাপ অৰ্জন গৌৰৱ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে মাৰ্চ মাহত পাঞ্জাব কৃষি বিশ্ববিদ্যালয়ত হ’বলগীয়া সৰ্বভাৰতীয় পৰ্য্যায়ৰ যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজয়ী দলটোৱে অংগ্ৰহণ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাফল্যত উপাচাৰ্য প্ৰতাপজ্যতি সন্দিকৈ , পঞ্জীয়ক হেমন্ত কুমাৰ নাথ ছাত্ৰকল্যাণ সঞ্চালক ড॰ ৰঞ্জন কুমাৰ কাকতিয়ে বিশ্ববিদ্যালয়ৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা বাবে দলটোক শুভেচ্ছা তথা ধন্যবাদ জনায়।

স্মৰ্তব্য যে শ্ৰেষ্ঠ বিশ্ববিদ্যালয় শাখাত কটন বিশ্ববিদ্যালয় দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় আৰু ডিব্ৰগড় বিশ্ববিদ্যালয়ে তৃতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় খিতাপ অৰ্জন কৰে ।

ড° নগেন শইকীয়ালৈ ওপজা দিনৰ শুভেচ্ছা আছুৰ

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুদ্ধিজীৱী ড° নগেন শইকীয়াৰ আজি জন্মদিন।

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত ড° নগেন শইকীয়ালৈ শুভেচ্ছা জনোবাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত লিখে – সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুদ্ধিজীৱী, অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তি ড° নগেন শইকীয়া ছাৰৰ আজি ওপজা দিন ৷ ওপজা দিনৰ পৱিত্ৰ ক্ষণত আমি ছাৰলৈ জনাইছো অযুত শুভকামনা লগতে ছাৰৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ৷

পুনৰ অগপৰ সভাপতিৰ পদত অতুল বৰা, কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত…

পুনৰ অসম গণ পৰিষদ দলৰ সভাপতিৰ পদত অতুল বৰা।

কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত নিৰ্বাচিত হয়।


আজি অসম গণ পৰিষদৰ কেন্দ্ৰীয় দ্বাদশ সাধাৰণ অধিৱেশন অনুষ্ঠিত হয়।


গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অধিৱেশন।


অধিৱেশনত অংশগ্ৰহণৰ প্ৰাক্-মুহূৰ্তত শ্বহীদ বেদীত পুষ্পাৰ্ঘ্য অৰ্পণ কৰে অগপৰ কাৰ্যকৰ্তাই।


উপস্থিত থাকে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা আৰু অগপৰ অন্যান্য সদস্যসকল।

প্ৰগতিশীল যুৱ কৃষক অমৰ সিং বসুমতাৰীক ‘যুৱ ব্যৱসায়ী বঁটা’ আৰু ‘বসুধা মিত্র’ উপাধি প্ৰদান

বিগত চাৰিটা বৰ্ষৰ দৰে এইবাৰো তেজপুৰৰ সৰবৰহী ব্যৱসায়ী, বিশিষ্ট ক্ৰীড়াবিদ প্রয়াত পৱন কুমাৰ নাথৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি আয়োজন কৰা ‘যুৱ ব্যৱসায়ী বঁটা’ আৰু ‘বসুধা মিত্র’ উপাধি প্ৰদান অনুষ্ঠানত শনিবাৰে চিৰাং জিলাৰ শান্তিপুৰ শালবাৰী নিবাসী প্ৰগতিশীল যুৱ কৃষক অমৰ সিং বসুমতাৰীক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়।


এই বঁটাত আছে নগদ ধনৰ লগতে এখন প্ৰশস্তি পত্ৰ, আৰু উপহাৰৰ টোপোলা। উল্লেখ্য যে, ২০২০ বৰ্ষত প্রথম বাৰৰ বাবে যুৱ ব্যৱসায়ী বঁটাৰে সন্মানিত কৰা হৈছিল বিশিষ্ট ৰন্ধন বিশেষজ্ঞ তথা উদ্যোগী ব্যক্তি অতুল লহকৰক। ২০২১ বৰ্ষত এই বঁটা আগবঢ়োৱা হৈছিল পথাৰ কন্যা নৱনিতা দাসলৈ, ২০২২ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰকৃতিপ্রেমী তথা উদ্যোগী মহিলা ড॰ পূৰ্ণিমা দেৱী বৰ্মনক আৰু ২০২৩ বৰ্ষত মৎস্য উদ্যোগী অনুপ কুমাৰ শৰ্মা লৈ আগবঢ়োৱা হয় এই সন্মান।

মাত্ৰ ৫৬ বছৰ বয়সতে অকালতে কায়িক ভাবে আঁতৰি যোৱা তেজপুৰৰ নিবাসী টাইকোৱাণ্ডোৰ ব্লেকবেল্ট পৱন কুমাৰ নাথৰ স্মৃতিত সৃষ্টি ইণ্টাৰনেচনেল চ’চাইটিৰ উদ্যোগত বিগত চাৰিটা বৰ্ষৰ দৰে এইবাৰো সমাজ হিতৈষী পৱন কুমাৰ নাথৰ জন্মদিনৰ লগত ৰজিতা খুৱাই প্রগতিশীল যুৱ কৃষক অমৰ সিং বসুমতাৰীক তেখেতৰ বাসগৃহতে পৱন কুমাৰ নাথৰ পৰিয়ালে ’যুৱ ব্যৱসায়ী বঁটা’ আৰু ‘ বসুধা মিত্র’ উপাধি প্রদান কৰাৰ লগতে পৱন কুমাৰ নাথৰ কৰ্মৰাজিক সামৰি https://pawankrnath.co.in ৱেবচাইটতো মুকলি কৰে।


সমৰ কলাক মনে – প্রাণে ভালপোৱা এৰাকী ক্রীড়াপ্রমী ব্যক্তি আছিল পৱন কুমাৰ নাথ। দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত ‘সমৰ কলা’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্রয়াত নাথে সুনাম কঢ়িয়াই আনিছিল ৰাজ্যখনলৈ । অতি ধাৰ্মিক তথা মঠ মন্দিৰ দৰ্শন কৰি ভাল পোৱা মেধাসম্পন্ন ব্যক্তিগৰাকীয়ে , ৰাজ্যখনৰ ব্যৱসায়িক জগতখনতো কম বয়সতে খোপনি পুতিছিল। স্বীকৃতি লাভ কৰিছিল জিলা প্রশাসনৰ ফালৰ পৰা । ২০১৮ বৰ্ষৰ গণৰাজ্য দিৱসৰ দিনটোত শোণিতপুৰ জিলা প্রশাসনে এইগৰাকী উদ্যোগী তথা সফল যুৱ ব্যৱসায়ীক সম্বৰ্ধনা জ্ঞাপন কৰিছিল।

সমাজখনৰ বাবে কিবা এটা কৰাৰ এবুকু হেঁপাহ লৈ বহুজনক স্ব-নিয়োজনৰ বাঁট দেখুৱাই দিয়াৰ লগতে সংস্থাপনো দিছিল পৱন কুমাৰ নাথে ।সেয়েহে সমাজ হিতৈষী পৱন কুমাৰ নাথক পুণ্য জন্মদিনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আহিছে পৱন কুমাৰ নাথৰ পৰিয়ালৰ লগতে সৃষ্টি ইন্টাৰনেশ্বনেল চচাইটিয়ে।

এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত পৱন নাথৰ সহধৰ্মিনী মিনাক্ষী চহৰীয়া নাথ, খুলশালী, জনপ্ৰিয় কন্ঠশিল্পী ড॰ মৌচুমী চহৰীয়া, তেজপুৰৰ সাংস্কৃতিক কৰ্মী তথা বঙাইগাঁও ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিশ্বজ্যোতি শইকীয়া, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শোণিতপুৰ জিলাৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত চহৰীয়া, মনালিছা দাসৰ লগতে স্থানীয় একাংশ ব্যক্তি উপস্থিত থাকে।