Home Blog Page 1196

গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত জ্যেষ্ঠ প্ৰশাসনিক বিষয়া কমল বৰুৱাৰ গ্ৰন্থ “কথা কোৱা হে নীৰৱতা” উন্মোচন

ৰাজ্য চৰকাৰৰ এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া তথা কবি কমল বৰুৱাৰ দ্বিতীয় খন কাব্য গ্ৰন্থ ” কথা কোৱা হে নীৰৱতা ” শনিবাৰে গুৱাহাটী উজান বজৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় । চৰকাৰী ব্যস্ততাৰ মাজতো নীৰৱে সাহিত্য সাধনা কৰা কমল বৰুৱাৰ দ্বিতীয় খন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে ।

গ্ৰন্থ খন উন্মোচন কৰি কবি নীলিম কুমাৰে কয় যে , গ্ৰন্থ কেৱল উন্মোচন কৰি ফটো তোলাতোৱে প্ৰকৃত উন্মোচন নহয় । উন্মোচনৰ সাৰ্থকতা তেতিয়াহে আহে যেতিয়া পাঠকে গ্ৰন্থ খন পঢ়ে । ক’ৱলৈ গ’লে গ্ৰন্থ এখন বিশিষ্ট ব্যক্তিয়ে নহয় পাঠকেহে উন্মোচন কৰে । কবিতাৰ সংজ্ঞা দাঙি ধৰি বিশিষ্ট কবি গৰাকীয়ে আৰু কয় যে কবিতা লিখাটো কেৱল হ’বি হ’ৱ নোৱাৰে । কবিতাৰ মাজেৰে সমাজক আশ্বস্ত কৰিব পৰাতোহে কবিৰ প্ৰকৃত ধৰ্ম হ’ৱ লাগে । কবি কমল বৰুৱাৰ প্ৰতিটো কবিতাত কবিৰ সৱল উপস্থিতি আৰু সৱল বক্তব্য বিচাৰি পোৱা যায় । ইফালে, কেৱল কবিতা সাহিত্যতহে আধ্যাত্মিকতা বিৰাজ মান বুলি উল্লেখ কৰি কবি নীলিম কুমাৰে কয় যে সমাজৰ প্ৰচলিত ধৰ্মত যেন আধ্যাত্মিকতা হেৰাই গৈছে ।


গ্ৰন্থ উন্মোচনী সভা কবি গল্পকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, গুৱাহাটী মহানগৰ আয়ুক্ত দিগন্ত বৰা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰো উপস্থিত থাকি কমল বৰুৱাৰ কবিতাৰ সংবেদনশীলতাৰ অন্যতম উপহাৰ বুলি উল্লেখ কৰে।

আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কবি কমল বৰুৱাই উল্লেখ কৰে যে, তেওঁৰ প্ৰথম খন গ্ৰন্থ “যুদ্ধ বন্দী” ২০১১ চনত প্ৰকাশ পাইছিল । আৰু দীঘলীয়া ১২ বছৰ পিছত তেওঁ দ্বিতীয় খন গ্ৰন্থ পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হোৱাতো তেওঁৰ জীৱনৰ আন এক ডাঙৰ সফলতা বুলি উল্লেখ কৰে । কিতাপ খন পূৰ্বায়ন প্ৰকাশনৰ হৈ প্ৰকাশ কৰে অমৃত কুমাৰ উপাধ্যাই । অনুষ্ঠানত “কথা কোৱা হে নীৰৱতা ” শীৰ্ষক কবিতাটো পাঠ কৰে মূৰ্চ্ছণা শান্দিল্যই ।গীত মাতেৰে সজোৱা অনুষ্ঠানটোত সাহিত্য অনুৰাগী বহু লোকে অংশগ্ৰহণ কৰে ।

বিটিচিৰ যমদুৱাৰ সমষ্টিৰ বালাগাঁৱত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ; ডেৰ সহস্ৰাধিকৰ যোগদান

“বিটিচিত বিপিএফৰ ১৭ বছৰৰ অপশাসনত সৃষ্টি হোৱা হিংসাজৰ্জৰ পৰিৱেশ তথা দুৰ্নীতি-ভ্ৰষ্টাচাৰ, অপসংস্কৃতিৰ অবসান ঘটাই বিটিচিত ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত বিগত প্ৰায় তিনিটা বছৰে বিটিআৰ অঞ্চলত হিংসাৰ পৰিৱেশ নাইকিয়া হৈছে। হিংসামুক্ত সমাজত শিক্ষাৰ প্ৰসাৰ ঘটিছে। আমাৰ চৰকাৰৰ দিনত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অবসান ঘটিছে আৰু সকলো ক্ষেত্ৰত উন্নয়নৰ ধাৰা অব্যাহত আছে। আমাৰ তিনিবছৰীয়া কাৰ্যকালত বিটিআৰৰ যথেষ্ট উন্নয়ন হৈছে আৰু সমাজত শান্তি প্ৰতিষ্ঠা হৈছে। পূৰ্বৰ শাসক দলৰ লগত তুলনা কৰি আমাৰ দলক ভাল পাই এতিয়া ৰাইজে দলে দলে ইউপিপিএল দললৈ ঢাপলি মেলিছে।” এই ভাষ্য ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ।

তেওঁ শনিবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা তথা বিটিচিৰ যমদুৱাৰ সমষ্টিৰ বালাগাঁৱত অনুষ্ঠিত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহত মুখ্য অতিথিৰ ভাষণত আৰু কয় “কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজক আমি এইবেলি এজন কৰ্মদ্যোমী আৰু জনদৰদী সাংসদ উপহাৰ দিম। বিগত দহটা বছৰে প্ৰতিনিধিত্ব কৰা অকৰ্মণ্য সাংসদৰ পৰা কোকৰাঝাৰ সমষ্টি আমি উদ্ধাৰ কৰিম। এই লক্ষ্য সফল কৰাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ সমৰ্থন আমাৰ মিত্ৰজোঁটৰ প্ৰতি আছে। দুই লক্ষাধিক ভোটত আমি কোকৰাঝাৰ সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাম”।

ইউপিপিএল দলৰ যমদুৱাৰ ব্লক সমিতিৰ উদ্যোগত আয়োজিত যোগদান সমাৰোহত বিভিন্ন দলৰ পৰা ১৬০০ পুৰুষ-মহিলাই ইউপিপিএল দলত যোগদান কৰে। নতুনকৈ দলত যোগদান কৰা সকলক ইউপিপিএল দলৰ নেতা সকলে ফুলাম গামোচা আৰু দলৰ প্ৰতিক সম্বলিত গামোচা পিন্ধাই আদৰি লয়।

উক্ত যোগদান সমাৰোহত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ইউলছন হাছদা, ড৹ নিলুৎ স্বৰ্গীয়াৰী, ৰেওৰেওৱা নাৰ্জিহাৰী, উকীল মুছাহাৰী, গোসাঁইগাঁও জিলা ইউপিপিএলৰ সভাপতি অনিন্দ্য বসুমতাৰী, উপ সভাপতি লোকনাথ নাৰ্জাৰী, দলৰ অ’বিচি কোষৰ সভাপতি খ্ৰীষ্টম টুডু আদি নেতৃবৰ্গই নতুনকৈ দলটোত যোগদান কৰা সকলক দলৰ নীতি- আদৰ্শ মতে কাম কৰি দলটোক অধিক জনপ্ৰিয় আৰু শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়।

৭৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ হ’ল পুৰণিগুদাম আঞ্চলিক ৰাসোৎসৱ সমিতিৰ মহাৰজত জয়ন্তী

১৯৪৮ চনৰ পৰা আৰম্ভ হোৱা পুৰণিগুদামৰ আঞ্চলিক ৰাসোৎসৱে এইবেলি ৭৫ তম্ বৰ্ষত পদাৰ্পণ কৰিছে।

যোৱা ২১ অক্টোবৰ তাৰিখে গায়ন বৈৰাগী গাঁও বৰ নামঘৰত সত্ৰাধিকাৰ তথা শিক্ষাবিদ কৃষ্ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ সিদ্ধান্ত অনুসৰি অহা ২ ডিচেম্বৰ তাৰিখে গায়ন বৈৰাগী গাঁও বৰ নামঘৰ প্ৰাংগনত অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলনেৰে বছৰজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী বৰ্ষৰ শনিবাৰে পুৱা ৮:৩০ বজাৰ লগে লগে পুৰণিগুদাম আঞ্চলিক ৰাসোৎসৱ সমিতিৰ মহাৰজত জয়ন্তী বৰ্ষ,২০২৩-২৪ বৰ্ষৰ ৭৫ খন পতাকা উত্তোলনেৰে শুভ আৰম্ভণি হয়।

মূল ধজ্জা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা প্ৰবীণ ৰাজনীতিবিদ, অধ্যাপক গিৰিন্দ্ৰ কুমাৰ বৰুৱা আৰু ইয়াৰ লগে লগে পূৰ্ণ চন্দ্ৰ গায়ন, ফণীন্দ্ৰ নাথ গায়ন, পুলিন হাজৰিকা, কৃষ্ণ গোস্বামী, তৰুণ শইকীয়াকে প্ৰমুখ কৰি পুৰণিগুদামৰ ৭৫ জন বিশিষ্ট ব্যক্তিয়ে ধৰ্ম ধ্বজ্জা উত্তোলন কৰে।

উত্তোলনৰ সময়ত ডবা, শংখ, খোল , কালি তথা আয়তিৰ উৰুলীয়ে অনুষ্ঠানটি আৰু অধিক গাম্ভীৰ্য্যপূৰ্ণ কৰি তোলে। ইয়াৰ পাছতে কাৰ্যসূচীত আমন্ত্ৰিত শতাধিক ভকত-বৈষ্ণবে নাম প্ৰসংগ কৰাৰ লগতে নিশা অঞ্চলৰ মহিলা আৰু যুৱতী সকলৰ দ্বাৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰে।

চাৰিপুনীয়া বিলৰ পাৰত মীন বিভাগৰ ফিছ লেণ্ডিং চেণ্টাৰ মুকলি জিলা আয়ুক্তৰ

অসম কৃষি বাণিজ্য আৰু গ্রাম্য ৰূপান্তকৰণ প্ৰকল্প (এপাৰ্ট ২০২১-২২) ৰ অধীনত মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ চাৰিপুনীয়া বিলৰ পাৰত মীন বিভাগে নিৰ্মাণ কৰা ফিছ লেণ্ডিং চেণ্টাৰটো শনিবাৰে মুকলি কৰা হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শনিবাৰে চাৰিপুনীয়া বিল উন্নয়ন সমিতিৰ নামত নিৰ্মিত এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

যোৱা প্ৰায় ৩০ বছৰ ধৰি গাঁওখনৰ ২৫০ টা জনজাতীয় পৰিয়াল এই বিলখনৰ অংশীদাৰ হৈ আছে। জিলা আয়ুক্তগৰাকীয়ে বিল উন্নয়ন সমিতিৰ কাৰ্যকলাপৰ ভূঁয়সী প্ৰশংসা কৰি কয় যে এই বিলখন সমগ্ৰ মৰিগাঁও জিলাৰ বাবেই আদৰ্শ হোৱা উচিত। বিলখনৰ পৰা উপাৰ্জন হোৱা ধন গাঁওখনৰ বিভিন্ন সামাজিক তথা উন্নয়নমূলক কামত ব্যৱহাৰ হোৱাই নহয়, বৰং ২৫০ টা জনজাতীয় পৰিয়ালক একতাৰ একেডাল এনাজৰীৰে বান্ধি ৰাখিছে বুলি জানিব পাৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

মৰিগাঁও জিলাত মৎস্য উৎপাদনৰ বিপুল সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ জিলাখনৰ নিবনুৱা যুৱক-যুৱতীসকলক এই কামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ মীন বিভাগৰ এই প্ৰয়াসৰ শলাগ লয়। এপাৰ্টৰ অধীনত ৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই কেন্দ্ৰটোত মাছ ধৰাৰ পিছত সংৰক্ষণ কৰি ৰখা হ’ব আৰু তাৰ পৰাই বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখযোগ্য যে বিলখনৰ মাছ পালনৰ পৰা উপাৰ্জিত ধনেৰে বিল উন্নয়ন সমিতিয়ে পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক এককালীন সাহায্য দিয়া, দুর্ঘটনাগ্ৰস্ত আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীক সাহার্য্য প্ৰদান, স্থানীয় ধর্মীয় অনুষ্ঠানক সামগ্ৰী দিয়া আদি সামাজিক কাম-কাজ সম্পন্ন কৰি আহিছে। ক’ভিড মহামাৰীৰ সময়ত এই বিলৰ পৰা উপাৰ্জিত ধনেৰে সমিতিয়ে ক’ভিড পুঁজিলৈ ২০ হাজাৰ টকাৰ বৰঙণি আগবঢ়াইছিল।

তদুপৰি গুজৰাটত হোৱা চুনামিৰ সময়তো বিল উন্নয়ন সমিতিয়ে ৫,০০০ টকাৰ সাহায্য আগবঢ়াইছিল। প্ৰতি বছৰে মাঘৰ বিহুৰ উৰুকাৰ দিনা বিলৰ অংশীদাৰ পৰিয়ালসমূহক মাছৰ লগতে ২০০০ টকাকৈ প্ৰদান কৰা হয়। বিলখনে অঞ্চলটোৰ আঢ়ৈশ পৰিয়ালক ঐক্যৰ একেডাল সূতাৰে বান্ধি ৰাখিছে।

যিকোনো অনুষ্ঠান অথবা সামাজিক কাৰ্যকলাপ এই বিলৰ পাৰতেই সমূহীয়াভাৱে সম্পন্ন কৰাৰ পৰম্পৰা আছে। আজিৰ অনুষ্ঠানত জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতি নাথ আৰু বিল উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

বেংমৰা কাপ-২০২৩’ ফুটবল প্ৰতিযোগিতা আৰম্ভ…

অসম ফুটবল সন্থাৰ তত্বাৱধানত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত,বেংমৰা স্পৰ্টচ এচ’চিয়েচনৰ সৌজন্যত, পানীতোলা স্পৰ্টচ একাডেমিৰ উদ্যোগত সপ্তম বাৰ্ষিক ৰাজ্যিক পৰ্যায় “বেংমৰা কাপ ২০২৩” ফুটবল প্ৰতিযোগিতাখনি আজি ০২ ডিচেম্বৰ পৰা লাহোৱাল তিতাডিমৰু খেলপথাৰত অসমৰ ১২ টাকৈ আগশাৰী ফুটবল দলৰ অংশগ্ৰহণ কৰা খেলখনিত পুৱা ৯ বজাত তিতাডিমৰু খেলপথাৰত পতাকা উত্তোলন কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি সত্য গোঁহাই, পানীতোলা স্পৰ্টচ একাডেমিৰ উপ সভাপতি তিলেশ্বৰ তেলী, তিতাডিমৰু আয়োজক সমিতিৰ সভাপতি বিপুল গগৈ দেৱে,স্মৃতি তৰ্পণ কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক উজ্জ্বল বৰুৱা,পানীতোলা স্পৰ্টচ একাডেমিৰ সম্পাদক নয়নমণি ফুকণ আৰু আয়োজক সমিতিৰ সম্পাদক বিতুপন দুৱাৰাই।

সপম বাৰ্ষিক ” বেংমৰা কাপ ২০২৩” ফুটবল প্ৰতিযোগিতাৰ উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতি অসমৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্রতিপালন কাৰ্যসূচীৰ অন্তৰ্গত বৃক্ষ ৰোপণ কায্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় উপ সভাপতি দিগন্ত ভট্টাচায্যই।দিনৰ ২.০০ বজাৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতা খনিৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণ অধ্যক্ষ কাজল গোঁহাই। শুভাৰম্ভণি প্ৰতিযোগিতা খনিত চাবুৱা ব্ৰাদাচ্‌ ফুটবল দলে জয়পুৰ তৰুণ সংঘ ফুটবল দলক ১-০ গ’লত পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে ।

শুভাৰম্ভণি খেলখনিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য গোহাঁই,সম্পাদক উজ্জ্বল বৰুৱা,মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধৰ্মানন্দ কোঁৱৰ,তুষাৰ ৰঞ্জণ চেতিয়া,দ্বিপজয় শইকীয়া,মেছ কমিছনাৰ নীলকান্ত ফুকণ, সাংবাদিক বিশ্বজিৎ ফুকণ,ৰক্তিম দাস,দিবাকৰ দত্ত,নিতুল গোঁহাই,কাঞ্চন গোঁহাই,প্ৰশান্ত কোঁৱৰ,প্ৰাঞ্জল গগৈ,তিনিচুকীয়া লাইপুলিৰ গীতিকাৰ ,লেখক,কবি অমৃত ৰাজখোৱা,সমাজ সেৱক প্ৰাঞ্জল নেওগ,মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলাৰ সভাপতি কেষ্ণকান্ত কাকতি,ডিব্ৰুগড় জিলাৰ সভাপতি দিব্যজোতি বৰপাত্ৰ গোঁহাই।খেল পৰিচালক হিচাপে সহায় কৰে ফাষ্ট ৰেফাৰী ৰিয়াজ চুতিয়া,ছেকেণ্ড ৰেফাৰী মেলিৰিয়াছ এক্কা,নুৱেল কাশ্যপ আৰু কুলেশৰ মৰাণ।০৩ ডিচেম্বৰ খেল তিতাডিমৰু খেলপথাৰত ৰহমৰীয়া এফ চি বনাম তিনিচুকীয়া ৰে’লৱে আৰু পানীতোলা খেলপথাৰত দুলিয়াজান ফুটবল একাডেমি বনাম দ্বিতীয় আৰক্ষী বাহিনী,মাকুম দলৰ মাজত অনুষ্ঠিত হ’ব।

জোনাইত তিনি মিচিং জাতীয় সংগঠনৰ যৌথ সভা উদ্যোগত বৃহৎ নাগৰিক সভা…

জোনাইত তিনি মিচিং জাতীয় সংগঠনৰ যৌথ সভা উদ্যোগত বৃহৎ নাগৰিক সভা৷
ষষ্ঠ অনুসূচি আৰু জাতিটোৰ জাতীয় উৎসৱ আ:লি আ:য়ে লৃগাঙক ৰাজ্যিক বন্ধ হিচাপে ঘোষণাৰ দাবী৷


অসমৰ দ্বিতীয় বৃহৎ ভুমিপুত্ৰ মিচিং জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন টি এম পি কে ,এম এম কে, টি এম এম কে জ’নাই জিলা কমিটিৰ যৌথ উদ্যোগত জ’নাই বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ষষ্ঠ অনুসুচীত আৰু আলি আ:য়ে লৃগাং সন্দৰ্ভত শনিবাৰে অনুষ্ঠিত কৰা হয় এক গুৰুত্বপূৰ্ণ নাগৰিক সভা৷ সভাত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত মিচিং স্বায়ত্ব শাসিত পৰিষদৰক অন্তৰ্ভুক্ত কৰা আৰু আলি আ:য়ে লৃগাং সম্পর্কে বিশদ ভাবে আলোচনা কৰা হয়৷ টি এম পি কেৰ জ’নাই জিলা কমিটিৰ সভাপতি সঞ্জয় কুম্বাং আৰু জ’নাই জিলা টি এম এম কেৰ সভানেত্ৰী দীপিকা দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্ধোধনী ভাষন আগবঢ়াই টি এম পিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে ৷


সভাত জোনাই বিধায়ক ভূৱন পেগুৱে অংশগ্ৰহণ কৰি কয় মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক স্বীকৃতি প্ৰদান কৰি মিচিং অঞ্চলৰ উন্নয়নৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে লৈ জাতিটোক শক্তিশালী কৰিব লাগে বুলি যি দাবী ৰাইজে কৰি আহিছে আৰু অসম চৰকাৰৰ লগত যিখিনি দাবী আছে তাক লৈ আজি বিশদবাবে আলোচনা কৰা হৈছে বুলি কৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰক ভাৰতীয় সংবিধানৰ অধীনত ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত চৰকাৰৰ পদক্ষেপ আৰু ইতিমধ্যে অসম চৰকাৰে আলি আ:য়ে লৃগাঙক দহখন জিলাত চৰকাৰী বন্ধৰ ঘোষনা আৰু বাকী জিলাত ৰেষ্ট্ৰিকটেট বন্ধ হিচাপে ঘোষণাক আদৰনি পদক্ষেপ বুলি কয় আৰু আগন্তুক দিনত সম্পূৰ্ণ চৰকাৰী বন্ধৰ ঘোষনাৰ দাবী অব্যাহত থাকিব বুলি মন্তব্য কৰে৷
ইফালে টি এম পিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে কয় মিচিং জাতীয় সংগঠনে আগন্তুক দিনত মিচিং ভাষাক মিচিং মাধ্যম হিচাবে আৰু জাতিটোৰ জাতীয় উৎসৱ আ:লি আ:য়ে লৃগাঙক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰোৱাৰ দাবীত সংগঠন কেইটাই ধাৰাবাহিক ভাবে কৰি আহিছো আৰু আন্দোলনৰ প্ৰচেষ্টা অব্যাহত থকিব বুলি মন্তব্য কৰাৰ লগতে বৰ্তমান এচামে জাতিটোৰ জাতীয় উৎসৱ আ:লি আ:য়ে লৃগাঙত চৰকাৰে ঘোষণা কৰা বন্ধৰ জাতীয় সংগঠনৰ বিপক্ষে যি পন্থা হাতত লৈছে , তাক লৈ তীব্ৰ ভাষাৰে সমালোচনা কৰি টি এম পি কে উপদেষ্টা গৰাকীয়ে পুনৰ কয় তেনে পন্থা নোনোৱাকৈ জাতিটোক একগোট হৈ থাকিব লাগে মিচিঙৰ প্ৰত্যেকটো জাতীয় সংগঠনে মিচিং জাতিটো উত্তৰণৰ দিশত যি কোনো কাৰ্য হাতত লবলৈ প্ৰস্তুত আছে বুলি কয়”৷

সভাত প্ৰাক্তন টি এম পিকে সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মিগাং নৰেশ কুম্বাং , টি এম পিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, টি এম পিকেৰ সম্পাদক মিগাং চান দঞি পাংগিং, এম এম কেৰ মিমৌ সভানেত্ৰী গীতাঞ্জলী বৰি পাতিৰ , সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু, সহকাৰী সম্পিদিকা কৰবী পেগু, জোনাই জিলাৰ সভানেত্ৰী দিপিকা পেগু, সম্পাদিকা ভিৰতী চুংক্ৰাং, সাংস্কৃতিক সম্পাদিকা বিনিতা চাৰহ ,টিএমপিকেৰ প্ৰাক্তন সভাপতি কাৰ্মুক পেগু, জোনাই বিজ্ঞান মহাবিদ্যালয় অধ্যক্ষ ডা৹ ৰাজেশ্বৰ পেগু, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলে, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জন্মেজয় আগৰৱালা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনেশ্বৰ কাৰ্দং নবীন পাতিৰ, পূৱ জোনাই জিলা পৰিষদ অতুল পেগু, পুৰণা জেলম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসপ্ৰাপ্ত মাধৱ চন্দ্ৰ পাৱ, অৱসৰ প্ৰপ্ত শিক্ষয়িত্ৰী গুনৱতী বৰি টিএমপিকেৰ জোনাই জিলাৰ সমিতি, শতাধিক জেষ্ঠ নাগৰিক , বুদ্ধিজীৱী, লেখক উপস্থিত থাকে

গৌতম পেগু, জোনাই
২/১২/২৩

মৰাণত মন্ত্ৰী যোগেন মহনৰ বিস্ফোৰণ ! “লোকসভা নিৰ্বাচনত ১২খন আসন লাভ কৰিবলৈ সক্ষম হব বিজেপিয়ে”…


“লোকসভা নিৰ্বাচনত ১২খন আসন লাভ কৰিবলৈ সক্ষম হব বিজেপিয়ে। বিৰোধী দলৰ নেতা সকলে ৰাইজৰ সুখ দুখৰ লগত লগ হোৱা নাই কেৱল মাত্ৰ উচতনি মুলক বক্তব্যহে দিছে আৰু টি ভি, পেপাৰত প্ৰেছ মিট দি ভোট পাম বুলি যদি ভাবিছে তেন্তে আকাশত চাং পতাৰ কথা ভাবিছে” কামাখ্যা প্ৰসাদ তাছা।ডিব্ৰুগড় জিলাৰ মৰাণৰ প’ল’ ফিল্ডত কালিৰে পৰা অনুষ্ঠিত হৈছে মৰাণ চেম্পিয়ন প্ৰিমিয়াৰ লিগ। এই খেলখনৰ শুভউদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে। হাতত বেটে লৈ যদিও তিনিটা বলত যদিও ছিক্স মাৰিব নোৱাৰিলে তথাপিও কিন্তু আগন্তুক নিৰ্বাচনত বিজেপিৰ হৈ হেটট্ৰিক মাৰিব বুলি জানিব দিয়ে।

লগতে বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী একত্ৰিত হোৱাক লৈও কটুসমালোচনা কৰে মন্ত্ৰী যোগেন মহনে। মন্ত্ৰী মহনে কয় যে বিৰোধী যিমান একলগ হলেও একো ৰিজাল্ট আনিব নোৱাৰে। আনহাতে কাৰ সন্দৰ্ভতো মন্ত্ৰী গৰাকীয়ে কয় যে, ৰিৰোধীয়ে কা’ ৰ পুৰণি কেছেট খন বজাই নিৰ্বাচনী পাৰ কৰিম বুলি ভাবিছে। তেওলোকৰ কোনো ইছ্যু নাই। লগতে একে অনুস্থানত খেল উপভোগ কৰিবলৈ উপস্থিত হয় ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা।

সাংসদ কামাখ্যা প্ৰসাদ তাছাই নিৰ্বাচনৰ সন্দৰ্ভত কয় যে লোকসভা নিৰ্বাচনত ১২খন আসন লাভ কৰিবলৈ সক্ষম হব বিজেপিয়ে। বিৰোধী দলৰ নেতা সকলে ৰাইজৰ সুখ দুখৰ লগত লগ হোৱা নাই কেৱল মাত্ৰ উচতনি মুলক বক্তব্যহে দিছে আৰু টি ভি, পেপাৰত প্ৰেছ মিট দি ভোট পাম বুলি যদি ভাবিছে তেন্তে আকাশত চাং পতাৰ কথা ভাবিছে বুলি বিৰোধীক সমালোচনা কৰে তাছাই

অসম গ্ৰন্থমেলা শিলচৰত মনোজ্ঞ অনুষ্ঠান ! তিলোত্তমা মজুমদাৰ-অনুৰাধা শৰ্মা পূজাৰীৰে অন্তৰংগ আলাপ…

অসম গ্ৰন্থমেলাক কেন্দ্ৰ কৰি বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত দহদিনীয়া অসম গ্ৰন্থমেলা, শিলচৰে আজি দ্বিতীয় দিন অতিক্ৰম কৰিলে ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউন্ডত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ প্ৰাংগণত আজি বিয়লি ৩ বজাৰ পৰা পশ্চিমবংগৰ প্ৰসিদ্ধ সাহিত্যিক তিলোত্তমা মজুমদাৰ আৰু সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট অসমীয়া সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক লৈ আয়োজন কৰা হয় অন্তৰংগ আলাপৰ এক মনোজ্ঞ অনুষ্ঠান ৷ কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা অনুষ্ঠানটিত অনুৰাধা শৰ্মা পূজাৰীয়ে কয়—“ মই দীৰ্ঘদিন কলকতাত আছিলোঁ ৷ মোৰ পুত্ৰৰ মুখত প্ৰথমে বাংলা ভাষাই ওলাইছিল ৷

আচলতে ভাষা হৈছে এটা মনঃস্তাত্ত্বিক বিষয় ৷ যি ঠাইত থাকে সেই ঠাইৰে ভাষা প্ৰাকৃতিকভাৱে গ্ৰহণ কৰে ৷ প্ৰাকৃতিক সত্যই প্ৰকৃত সত্য ৷ কৃত্ৰিমতাই মানুহৰ মাজত বিদ্বেষ সৃষ্টি কৰে ৷ আমি সকলোৱে অসমৰ বাসিন্দা ; গতিকে অসমীয়াই আমাৰ প্ৰাণৰ ভাষা ৷ আমাৰ বোৱাৰী বাঙালী কিন্তু সুন্দৰভাৱে অসমীয়া শিকিছে ৷ এয়াই প্ৰাকৃতিক সত্য ৷ সংকীৰ্ণতাৰ উৰ্ধত সকলোৱে ঐক্যৱদ্ধ হৈ থাকিব পাৰে ৷” ইয়াত অংশগ্ৰহণ কৰি তিলোত্তমা মজুমদাৰে কয়—“ভাষা হৈছে এক অভিব্যক্তি ৷ ড° ভূপেন হাজৰিকা আমাৰ হিয়াৰ আমঠু ৷ বাংলা আৰু অসমীয়া দুয়োটা ভাষাই ঐতিহ্যপূৰ্ণ ৷ ভাষাক লৈ বৈৰিতা প্ৰকাশৰ কোনো কাৰণ নাই ৷ সকলোৱে সকলোৰে ভাষাক আদৰণি জনোৱা উচিত ৷ ভাষাৰ মাধ্যমেৰে মানুহৰ মাজত হাৰ্দিক আদান-প্ৰদান হ’ব পাৰে ৷ সম্প্ৰীতি গঢ়ি উঠিব পাৰে ৷ মানুহৰ মাজৰ বিচিত্ৰতা ভৌগোলিক ৷ অঞ্চলভেদে ভাষা পৃথক ৷ এই ভাষিক পৃথকতা বা বিচিত্ৰতাই আমাৰ দেশৰ ঐতিহ্য ৷ এই বিচিত্ৰতাক লৈ আমি কাজিয়া নহয় ; গৌৰৱ কৰা উচিত ৷ অসমীয়া মানুহে বাংলা ভাষা বুজে আৰু বাঙালী মানুহেও অসমীয়া ভাষা বুজে ৷ এয়াই বুজাবুজি ৷ ইয়াকে আধাৰ কৰি ইতিবাচক চিন্তা-ধাৰাৰ সৃষ্টি হোৱা উচিত ৷ অসম গ্ৰন্থমেলা, শিলচৰৰ আয়োজন এই ক্ষেত্ৰত অতি তাৎপৰ্যপূৰ্ণ ৷” তিলোত্তমা মজুমদাৰ আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ “বিস্তীৰ্ণ পাৰৰে” শীৰ্ষক গানটি অসমীয়া-বাংলা দুয়াটা ভাষাতে পৰিৱেশন কৰি অন্তৰংগ অনুষ্ঠানটি প্ৰাণময় কৰি তোলে ৷

অনুষ্ঠান পৰিচালনা কৰি ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে কয়—“বৰাক-ব্ৰহ্মপুত্ৰ একেটা শৰীৰৰ দুটি চকুৰ ঢল ৷ অসম এখন বহুভাষিক মানুহৰ সমৃদ্ধ ঠাই ৷ অসমীয়া আৰু বাঙালী ভাষাৰ মিল আছে, মানুহৰ মনৰ মিল আছে ৷ ইয়াত বিদ্বেষৰ স্থল নাই ৷ অসম গ্ৰন্থমেলা, শিলচৰেও এই বাৰ্তাই দিছে ৷ অসম আৰু পশ্চিমবংগৰ দুগৰাকী প্ৰসিদ্ধ সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু তিলোত্তমা মজুমদাৰৰ স’তে অন্তৰংগ আলাপৰ জৰিয়তেও দুয়োটা ভাষাৰ সমৃদ্ধ সাহিত্যৰ ৰূপ-ৰস আৰু মানৱতাৰ বাৰ্তা প্ৰতিধ্বনিত হৈছে ৷”অন্তৰংগ আলাপ অনুষ্ঠান পৰিচালনাত সহযোগিতা আগবঢ়ায় অসম বিশ্ববিদ্যালয়ৰ মানৱ কল্যান উন্নয়ন অধ্যয়ন কেন্দ্ৰই ৷ কেন্দ্ৰৰ সঞ্চালক ড° নিৰঞ্জন ৰায় এই অনুষ্ঠানত উপস্থিত থাকে ৷ তেওঁ কয় যে সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত যি বিকৃতকৰণৰ প্ৰচেষ্টা চলিছে এয়া প্ৰতিৰোধ কৰাৰ বাবে বৰাক-ব্ৰহ্মপুত্ৰবাসী ঐক্যৱদ্ধ হৈ থাকিবই লাগিব ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰত অসম গ্ৰন্থমেলাৰ আয়োজন কৰি আস্থাৰ পৰিৱেশ গঢ়ি তুলিছে ৷ ইপিনে আজি সন্ধিয়া আকৰ্ষণীয় সাংস্কৃতিক প্ৰতিযোগিতাত যোগদান কৰে ডি এন এন কে গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল, ডেফ’ডিলচ্‌ স্কুল আৰু কাছাৰ মহাবিদ্যালয়ে ৷

পলাশবাৰী ৰাসৰ অনুভৱে ৰঙীন কৰি তোলে বহুতৰে মন…

পলাশবাৰী ৰাস আৰু আমাৰ অনুভৱ

হাড় কপোৱা জাৰ-জহৰ মিঠা আমেজেৰে ভৰা শৰতৰ আগমণে জীৱজগতক ৰঙীন কৰি তোলে ৷ কঁহুৱা বনে হালিজালি কয় শৰৎ অহা বুলি ৷ তলসৰা শেৱালীয়ে আসনখন পাৰি দিয়ে শৰতক বিৰাজমান হ’বলৈ ৷ তাকে দেখি নিয়ৰৰ ৰূপালী টোপালবোৰে চৌদিশে আঁকি দিয়ে তৰাৰ তৰাৱলী। ৰাসক্ৰীড়া অদৈহিক আনন্দ কেলি। পৰমাত্মাৰ লগত জীৱাত্মাৰ মধুৰ মিলনেই ৰাসক্ৰীড়া ৷ ৰাস মহোৎসৱ কেৱল আধ্যাত্মিক অনুষ্ঠানেই নহয়, এয়া সমন্বয় আৰু ভাতৃত্ববোধৰ যুগমীয়া চানেকি। ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মাহাত্ম্য আৰু গুণ-গৰিমাৰে উদ্ভাসিত এই পৱিত্ৰ উৎসৱৰ অন্তৰালত নিহিত হৈ আছে মানৱপ্ৰেম আৰু আমাৰ চহকী সভ্যতা-সংস্কৃতিৰ গূঢ়াৰ্থ।পৰমাৰ্থিক তথা আধ্যাত্মিক জ্ঞানসমৃদ্ধ ৰাসক্ৰীড়া উৎসৱ বা মহোৎসৱ জনসমাজত এক তাত্বিক আৰু ৰং- ৰস বিষয়ক উৎসৱ, যি লৌকিক ধৰ্ম বিশ্বাসৰ সৈতে জড়িত ৷ ৰাসক্ৰীড়া এক শাৰদীয় উৎসৱ ৷ ব্ৰহ্মবৈৱৰ্ত পুৰাণত ৰাসলীলাৰ সময় চ’ত মাহৰ শুক্ল পক্ষীয় ত্ৰয়োদশ তিথি বুলি কৈছে ৷ কিন্তু অষ্টাদশ পুৰাণৰ শ্ৰেষ্ঠ, পুৰাণৰ সূৰ্য শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত আঘোণৰ পূৰ্ণিমা নিশা যমুনাৰ বালিত ৰাসলীলা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে ৷ বৃন্দাবনত এই ৰাসলীলা শৰৎ কালৰ চন্দ্ৰাৱলী আটাইবোৰ নিশাতে অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে লগতে ঊনত্ৰিশ অধ্যায়ৰ পৰা তেত্ৰিশ অধ্যায়লৈ বৰ্ণনা কৰা হৈছে ৰাসক্ৰীড়া ৷ যাক ৰাস-পঞ্চাধ্যায় বোলা হয় ৷ মূলতঃ ’ৰস’ শব্দৰ পৰা উৎপত্তি হোৱা ৰাসৰ অভিধানিক অৰ্থ হ’ল শ্ৰীকৃষ্ণই ব্ৰজধামৰ ভক্তা গোপীসৱৰ সৈতে কৰা ৰসাত্মক নৃত্যক্ৰীড়া ৷ অৰ্থাৎ শ্ৰীকৃষ্ণৰ সৈতে গোপীসকলৰ অপূৰ্ব মিলনৰ ৰসোতীৰ্ণ কাহিনীয়ে হ’ল ৰাসক্ৰীড়া ৷ ৰাসক্ৰীড়াক সাধাৰণ দৃষ্টিত শৃংগাৰ বা আদিৰসে প্ৰাধান্য লাভ কৰিছে যেন লাগিলেও ইয়াত আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনিহে নিহিত হৈ আছে ৷ সাংসাৰিক আসক্তিত পৰি ভগৱানৰ প্ৰতি আকৃষ্ট নোহোৱা সাধাৰণ লোকক বহু সময়ত লৌকিক ৰসৰ জৰিয়তে ভগৱৎ ভক্তিলৈ মন নিবৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

“শৃংগাৰ ৰসে আছে যাৰ ৰতি ৷
আকে শুনি হৌক নিৰ্মল মতি ৷৷“

মহাপুৰুষ শংকৰদেৱে সেয়ে ৰাসলীলাৰ বিষয়ে লিখিছে-
“বৃন্দাৱনে আনন্দে কৰিলা ৰাসক্ৰীড়া ৷
গুছাইলা গোৱিন্দে গোপীকাৰ কাম পীড়া ৷৷
শুনিয়োক বুদ্ধজন জনম সাম্ফলি ৷
কামজয় নামে ইটো কেশৱৰ কেলি ৷৷“

ৰাসক্ৰীড়া আৰম্ভ হৈছে বস্ত্ৰ হৰণৰে গোপীসকলৰ অদ্বৈতভাৱৰ পৰীক্ষণৰ যোগেদি ৷ যাক মহৰ্ষি ব্যাসদেৱে গোপীসকলৰ ’আৰ্হতা’ বুলি কৈছে ৷ ’আৰ্হতা’ শব্দৰ অৰ্থ টীকাকাৰ শ্ৰীধৰ স্বামীৰ ভাষাত “ঈষৎ অক্ষত যোনী ৷“ যোনী মানে মায়া ৷ প্ৰথম পৰীক্ষণত গোপীসকল উত্তীৰ্ণ হ’ব নোৱাৰিলে ৷ কিয়নো গোপীসকল তেতিয়ালৈকে মায়ামুক্ত হ’ব পৰা নাছিল আৰু পৰম ব্ৰহ্ম কৃষ্ণই তেওঁলোকক অযোগ্য বিবেচিত কৰি পুনৰ এবছৰ সময় দিলে । তেতিয়া গোপীসকলে হেমন্ত ঋতুত কৃষ্ণক পতিৰূপে পাবলৈ কাত্যায়নী পূজিবলৈ কালিন্দীৰ পাৰত বালিৰে দেৱীমূৰ্তি নিৰ্মাণ কৰি কৃষ্ণক স্মৰণ কৰিলে-
“মহামায়া কাত্যায়নী দিয়ো এহি বৰ ৷
আমাৰ হোন্তোক স্বামী নন্দৰ কুমাৰ ৷৷
এহি মন্ত্ৰ মাত্ৰ পূজৈ প্ৰতিনিত ৷
কৃষ্ণেসে হৈৱন্ত পতি ৰাত্ৰি দিনে চিত্ত ৷৷“ ( ভাগৱত )

এনেদৰে যমুনাৰ জলত নগ্ন হৈ জল কেলি কৰি আহি ধূপ দীপ নৈবেদ্যসহ দেৱীক পূজা কৰি গোপীসকলৰ অন্তৰত বিশুদ্ধ কৃষ্ণ প্ৰেমত প্ৰসন্নহৈ কৃষ্ণই সন্মতি দিয়াৰ সিদ্ধান্ত কৰে –

“যোগেশ্বৰ কৃষ্ণে তাসম্বাৰ বুজি চিত্ত ৷
গোপগণ সমে আসি মিলিল তহিত ৷৷
গোপী সমস্তক দিবে লাগি কৰ্মফল ৷
চিন্তিবে লাগিলা পাচে ভকত বৎসল ৷৷“

এই ভাৱনাৰে কৃষ্ণই গোপীৰ বস্ত্ৰ হৰণ কৰি কদম গছত উঠিল , তলত যমুনাৰ পানীত বিবস্ত্ৰা গোপীগণ ৷ ইয়াৰ তাত্বিক বিশ্লেষণ – যমুনা এই ভৱসাগৰ , পানী মায়া, বস্ত্ৰ অহংকাৰ আৰু কৃষ্ণ পূৰ্ণকাম ভগৱন্ত ৷ এই ভৱসাগৰত কৃষ্ণৰ কৰুণা লভিবলৈ হ’লে মায়াক নিৰ্যান কৰি, অহংকাৰ শূন্য হৈ কৃষ্ণৰ চৰণত শৰণাগত হ’ব লাগিব ৷ গোপীসকলে এই কথা উপলব্ধি কৰিয়ে কৃষ্ণত শৰণাগত হ’ল –

“দুয়ো হাতে যেবে কৰিয়া প্ৰণাম
তেৱেসে ব্ৰত সুসাংগ ৷
শুনি দুয়ো কৰ শিৰত তুলিলা
তেজিয়া গুপত অংগ ৷৷
ব্ৰত ভংগ ভয়ে কৰিয়া কৃতাঞ্জলি
সিদ্ধি হৌক মনকাম ৷
সমস্ত ধৰ্মৰ ফল মূৰ্তি কৃষ্ণ
কৰিলা তাকে প্ৰণাম ৷৷“

গোপীসকলৰ প্ৰেমত সন্মতি জনাই তেতিয়াই তেওঁলোকৰ মনোৰথ পূৰণ কৰিৰ বাবে এবছৰৰ পিছত হ’ব লগা ৰাসক্ৰীড়াৰ কথা সোঁৱৰাই দিয়াত কৃষ্ণৰ পদধূলি শিৰে লৈ গোপীসৱ নিজ গৃহে উভতি যায় ৷

“আসিবে শৰত ৰাতি বিতোপন
বিকশিত বৃন্দাৱন ৷
মঞি সমন্বিত কৰিবাহা ক্ৰীড়া
পৰম আনন্দ মন ৷৷“

ইয়াৰ পাছত শৰতৰ চন্দ্ৰাৱলী ৰাতি পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি পূৰ্ণকাম ভগৱন্তই বৃন্দাৱনত গোপীৰ কামপীড়া গুচাবলৈ যোগমায়াৰ অচিন্ত্য শক্তিৰে বংশীত পঞ্চমনাদত ৰাগ দি গোপীসকলক ৰাসক্ৰীড়াৰ বাবে আহ্বন জনালে ৷ যমুনাৰ তীৰত কৃষ্ণৰ বংশীধ্বনিত গোপীসৱ কামে উত্ৰাৱল হৈ বংশীধ্বনি নিৰীক্ষি গাই-দামুৰী, পতি-পুত্ৰ সকলো এৰি বস্ত্ৰ অলংকাৰে বিভূষিতা হৈ প্ৰাণধন কৃষ্ণৰ কাষলৈ ঢাপলি মেলিলে –
“বনকো দেখিলা চন্দ্ৰৰশ্মিয়ে ৰঞ্জিত ৷
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত ৷৷
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে ৷
দিলেকে লৱড় গীত ধ্বনি নিৰীক্ষণে ৷৷“

ভগৱানৰ মায়াৰ বলত কামে বিমোহিত হৈ যেতিয়া গোপীগণ কৃষ্ণৰ সন্মূখ হ’ল তেতিয়া কৃষ্ণই গোপীসকলক ক’লে- তোমালোক ইমান জয়াল ৰাতি এই অৰণ্যলৈ কিয় আহিলা ৷ এই দুৰ্ঘোৰ বনত ৰাতি প্ৰেত-পিশাচ, বাঘ, ঘোং, বৰাহ, ভালুকে বিচৰণ কৰে ৷ যাৰ মাত শুনি পুৰুষেও ভয় কৰে ৷ তোমালোক তিৰোতা মানুহ ৷ তোমালোকক ঘৰত নেদেখি ল’ৰা-ছোৱালী , স্বামীয়ে বিচাৰি অসহায় হৈ পৰিছে ৷ তোমালোক এতিয়াই ওলটি যোৱা আৰু স্বামী, ল’ৰা-ছোৱালীৰ সেৱা কৰাগৈ ৷

“দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি ৷
ঐত নাথাকিবা তোৰাসৱ স্ত্ৰীমতি ৷৷
তোমাসাক নেদেখিয়া পিতৃ- মাতৃচয় ৷
তাসম্বাক মনে মহা মিলিব সংশয় ৷৷
ওলটি ব্ৰজক যাহা কান্দে শিশুগণ ৷
তাসম্বাক প্ৰতিপালি পিয়ায়োক স্তন ৷৷“

ইমানৰ পাছতো গোপীসৱৰ মনৰ পৰিৱৰ্তন নোহোৱাত কৃষ্ণই শেষবাৰৰ বাবে গোপীগণক পৰীক্ষা কৰি চাবলৈ ক’লে- সদাচাৰ আৰু গৃহস্থীধৰ্ম ৰক্ষা কৰাটো স্ত্ৰীৰ পৱিত্ৰ কৰ্ত্তব্য ৷ ইয়াৰ পৰা স্খলন ঘটিলে স্ত্ৰীৰ ধৰ্ম বিনষ্ট হ’ব ৷ উপপতিৰ সমে ক্ৰীড়া কৰা বৰ গৰহিত কাম , পাপ কৰ্ম ৷ গতিকে তোমালোকে সকলো চিন্তা এৰি নিজ গৃহলৈ গৈ পতি সেৱাত ব্ৰতি হোৱাগৈ ৷ জাগতিক ক্ষেত্ৰত মানুহে সাধাৰণতে প্ৰাণ ভয়, লোক ভয় আৰু ধৰ্ম ভয় এই তিনি ভয়ৰ পৰা হাত সাৰি থাকিব বিচাৰে ৷ কিন্তু কৃষ্ণপ্ৰেমত উত্ৰাৱল গোপীসকলক ইমান বুজনি দিও, এই তিনি ভয়েও টলাব নোৱাৰিলে তেতিয়া ভগৱন্তই গোপীসকলক ৰাস ক্ৰীড়ালৈ আহ্বান জনালে আৰু গোপীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে ৷

ৰাসলীলাৰ তাত্বিক দিশ অতি গভীৰ । শ্ৰীধৰ স্বামীয়ে ‘আত্মনি অৱৰুদ্ধ-সৌৰতঃ’ৰ টীকা কৰিছে – ‘এৱমপ্যাত্মনেৱস অৱৰুদ্ধঃ সৌৰতঃ চৰমাধাতুঃ নতু স্খলিতো যস্যোতি কামজয়োক্তিঃ।’ অৰ্থাৎ শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে শৃঙ্গাৰ ৰসৰ অভিনয় কৰিলেও তেওঁৰ ধাতুস্খলন হোৱা নাছিল; ইয়াতেই কামজয় প্ৰদৰ্শিত হ’ল। স্বামীজীয়ে ৰাসলীলা বৰ্ণনাৰ আদিতে কৈছে ‘তস্মাদ্ৰাসক্ৰীড়াৱিড়ম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্ ।’ অৰ্থাৎ ৰাসক্ৰীড়া বিড়ম্বন মাথোন, ৰাসলীলাৰ অনুকৰণত কামজয় প্ৰদৰ্শন কৰাটোৱেই আচল তত্ত্ব ।
ব্ৰজৰ গোপীসকলে মূৰ্ত্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিঙ্গন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱব্ৰহ্মৰ সৈতে পৰমব্ৰহ্মৰ আলিঙ্গনৰ অভিনয়। সাংসাৰিক মায়া ত্যাগ কৰিব পাৰিলেই কামভাৱ নাথাকে আৰু কাম ত্যাগ কৰি আনন্দ মূৰ্ত্তিৰে সৈতে আলিঙ্গিত হ’বৰ একমাত্ৰ উপায় হ’ল প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ অপ্ৰাপ্তি দাৰুণ উৎকণ্ঠা। বিৰহিণী, ব্যভিচাৰিণী কামিনীয়েই সেই উৎকণ্ঠাৰ চূড়ান্ত দৃষ্টান্ত। এই বাবে গোপীসকলক ব্যভিচাৰিণী, পৰনাৰীৰূপে থিয় কৰি ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হ’লেহে জীৱই ভগৱন্তক লাভ কৰিব ৷
( বিঃদ্ৰঃ ওপৰৰ শ্লোক তথা ইয়াৰ অৰ্থ প্ৰকাশ কৰোঁতে তথ্যখিনি অইনৰ পৰা সংগ্ৰহ কৰি সহায় লোৱা হৈছে ৷ সেইসকল নমস্য লেখকৰ ওচৰত কৃতজ্ঞতা জনালোঁ ৷ )

অসমৰ ভিন্ন প্ৰান্তে প্ৰান্তে পালন উদযাপন কৰা হয় এই পবিত্ৰ মহোৎসৱ ৷ উদযাপিত ঠাইসমূহৰ ভিতৰত পোন প্ৰথমে আমাৰ মন তথা ৰসনালৈ আগমণ ঘটে শ্ৰী শ্ৰীউত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ উদ্যোগত ৩৫০ বছৰীয়া গৌৰৱোজ্জ্বল শেৱালি সুগন্ধিত দ্বিতীয়খন বৃন্দাৱন মাজুলী মানৱ ৰাস মহোৎসৱ লগতে বৰপেটা জিলাৰ কোঁচ ৰজা চণ্ডী বৰুৱাৰ ৰাজধানী হাউলীত এইবেলি ৯৬ বৰ্ষত পদার্পন কৰা শতবৰ্ষ গৰকিবলৈ চাৰি বছৰ বাকী থকা হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। তদুপৰি সমন্বয় আৰু মহামিলনৰ সেঁ‌তু গঢ়া নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ এক পবিত্ৰ তীৰ্থভূমি। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি ৯০ সংখ্যকত ভৰি দিয়া ঐতিহ্যমণ্ডিত নলবাৰীৰ মৃন্ময় ৰাস মহোৎসৱ তথা দক্ষিণ কামৰূপ ঐতিহ্যমণ্ডিত ৰাসক্ৰীড়া মানেই প্ৰাকৃতিক সুশ্ৰীৰে ভৰপূৰ য’ত নিৰৱচ্ছিন্ন ভাবে শুনিবলৈ, দেখিবলৈ পোৱা যায় মহাবাহুৰ লহৰৰ ধ্বনি যি ঠাইৰ নাম সুবিখ্যাত, অগ্ৰণী বাণিজ্যস্থলী
’পলাশবাৰী’ অসমবাসীৰ এটি চিনাকী নাম ৷

দেশ স্বাধীন হোৱাৰ বছৰ ১৯৪৭ চনতে এদিনীয়া ঘট পূজাৰে আৰম্ভ হোৱা ৰাস পূজাখন চলিত ইংৰাজী বৰ্ষত ৭৭ বছৰীয়া হ’ল ৷ ১৯৫০ চনত প্ৰতিমা সজাই আৰম্ভ কৰা পলাশবাৰী ৰাস পূজাখনৰ উত্তৰণ ঘটি বৰ্তমান ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা পলাশবাৰী ৰাস মহোৎসৱ ৷ কাতি আঘোণ মানেই যেন শৰৎ আৰু শৰৎ মানেই ভক্তিধৰ্মৰ মহামিলন ৷ শৰৎ ঋতুৰ পূৰ্ণিমাৰ জোনৰ নিভাঁজ পোহৰৰ সতে ৰাসক্ৰীড়াৰ আগমনী মানেই দক্ষিণ কামৰূপীয়াৰ ৰসনাত মাথোঁন ’পলাশবাৰী ৷’ শ্ৰীকৃষ্ণ সহিতে গোপীসমূহৰ মিলন মহানন্দৰ মহোৎসৱ মূলত আমাৰ আৱেগ, আমাৰ স্বাভিমান, আমাৰ গৌৰৱ, আমাৰ প্ৰাণ পলাশবাৰী ৰাস মহোৎসৱ ৷ কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰকাশ আৰু ৰাস-লীলাৰ ক্ৰীড়া-কৌতুকস্থলী মিলন বাকৰি পলাশবাৰী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ ৷ এক ভক্তিময় পৰিৱেশৰ মাজতে ঐতিহাসিক পলাশবাৰীৰ শ্ৰীকৃষ্ণময় হৈ পৰা মধুৰ ক্ষণত প্ৰভুৰ ভক্ত হিচাপে মন-প্ৰাণ জীপাল হৈ উঠে সমূহ ভক্তিপ্ৰাণ ৰাইজৰ ।

চলিত বৰ্ষত ১ কোটি টকা বাজেটেৰে ১৫ দিনীয়া কাৰ্যসূচীৰে ২৭ নৱেম্বৰ পৰা ১১ ডিচেম্বৰলৈ ৭৭ তম মহাৰজত জয়ন্তী গৰকা ঐতিহ্যমণ্ডিত পলাশবাৰীৰ ৰাসৰ আলোক-সজ্জা পৰিৱেশে হাত বাউলি মাতে দৰ্শনাৰ্থীক আৰু লোকাৰণ্য হৈ পৰে ৰাসস্থলী । সাংস্কৃতিক কাৰ্যসূচী সহিতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰত্যেকটো দিনেই ৷ কৃষ্টি-সংস্কৃতিৰ মিলনথলীত পৰিণত হৈ পৰা পলাশবাৰীৰ ৰাস মহোৎসৱলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা সংস্কৃতিৱান লোক, পৰ্যটক, প্ৰতি নিশাই শ শ ভক্তিপ্ৰাণ লোকৰ আগমণ ঘটে। পলাশবাৰীৰ ৰাস মূৰ্ত্তি প্ৰধান । মৃৎ শিল্পীসকলে বহুদিন পূৰ্বৰ পৰাই মূৰ্ত্তি নিৰ্মাণৰ কামত ব্ৰতী থাকে।
সৰু সৰু কোঠা সজাই ধৰ্মীয় আখ্যানৰ পৌৰাণিক কাহিনীৰ আধাৰত মূৰ্ত্তিসহ ৰং-বিৰঙৰে সাজি তাত অত্যধিক বৈদ্যুতিক কলা-কৌশলৰ আলোক-সজ্জাই প্ৰতিবছৰে নতুন শৈলীৰে দৰ্শক ৰাইজক আত্মাহাৰা কৰে। ৰাধা-কৃষ্ণৰ যুগল মূৰ্তি , গোপী-কৃষ্ণৰ বৃন্দাৱনৰ মণ্ডলাকাৰ নৃত্য মূৰ্তি, শ্রীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা, ৰামায়ণ, মহাভাৰত, পুৰাণৰ বিভিন্ন কাহিনীৰ বাহিৰেও বুৰঞ্জীমূলক চৰিত্ৰ কিছুমান- জয়মতী কুঁৱৰী, লাচিত বৰফুকন; লোক-সংস্কৃতিৰ লগত জড়িত বোৱা-কটা, ঢেঁকীশাল তথা সমাজ সচেতনমূলক বিষয় কিছুমান মূৰ্তিৰ জৰিয়তে ৰূপায়ন কৰা হয় ৷ বিদ্যুৎ সজ্জিত সু-বিশাল ৰভা-তোৰণে আদৰি অনা দেখা যায় ৰাসপ্ৰেমী জনতাক। ইয়াত কোনো ধৰ্মৰ গোড়ামি বা সংকীৰ্ণতা নাই মাথো সৰ্ব ধৰ্ম সমভাৱে হয়। এই মহত্ত্ব ৰাজ্যখনৰ ভিতৰতে বিৰল। সকলো শ্ৰেণী, সকলো সম্প্ৰদায়ৰ লোকৰেই আদৰ আৰু শ্ৰদ্ধাৰ অনুষ্ঠান। ৰাসত ব্যৱসায় কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ব্যৱসায়ীসকল ইয়ালৈ ঢাপলি মেলে। আনকি বহিঃৰাজ্যৰ ব্যৱসায়ী সকলৰো আগমন ঘটে। পলাশবাৰী ৰাসত আছে শৃংখলাবদ্ধতা। প্ৰতিদিনে লক্ষাধিক দৰ্শকে নিজে নিজে স্বেচ্ছাসেৱকৰ ৰূপত আন্তৰিকতাৰে পদাৰ্পণ কৰি এক নতুন মাত্ৰা দিয়ে। এই মহোৎসৱে আধ্যাত্মিক চিন্তাৰ খোৰাক যোগোৱাৰ লগতে জনজীৱনৰ মোহনীয় সংস্কৃতিক ঐক্যবদ্ধ কৰি তোলে।
ৰাস মহোৎসৱৰ বাকৰিত আনন্দমেলা (মিনা বজাৰ) অভিমুখে ৰাওণা হ’বলৈ, প্ৰৱেশ আৰু প্ৰস্থান কৰাৰ মাধ্যম, শোভা বৰ্ধন কৰা কাঠেৰে নিৰ্মিত উৰণীয়া সেঁতু ৷ পলাশবাৰী ৰাস মহোৎসৱৰ মুখ্য তোৰণখনে প্ৰতিবছৰে নতুনত্বৰে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ প্ৰত্যেক বছৰেই ৰাস মহোৎসৱৰ বাকৰিৰ সমীপৰ মুকলি পথাৰখনত আয়োজন কৰা হয় বাণিজ্য মেলা লগতে এইবেলি আয়োজন কৰিছে পোন প্ৰথমবাৰৰ বাবে খাদ্য মেলা ৷
আমাৰ দেশে স্বাধীনতা প্ৰাপ্তিৰ বছৰটোৱেই হ’ল আমাৰ পলাশবাৰী বাস উৎসৱবোৰ জন্মক্ষণ। ঘট্ পূজাৰে গজালি মেলা অনুষ্ঠানটিয়ে মাথোঁ এটি-দুটি মৃন্ময় মূর্তিৰে ৰাসোৎসৱ উদযাপিত হৈ আজিৰ এই বৃহৎ আয়োজনত উপনীত হৈছে। গোটেই উত্তৰ-পূর্বাঞ্চলবে ই এটি ধর্মীয় সাংস্কৃতিক অনুষ্ঠান হিচাপে পর্যবসিত হৈ আমাৰ অঞ্চলৰ সুনামত অৰিহণা যোগাইছে ৷
মহাৰজত জয়ন্তীৰ দৰে গৌৰবোজ্জ্বল ক্ষণত উপনীত হোৱা আমাৰ এই অনুষ্ঠানৰ এক বর্ণাঢ্য ইতিহাস আছে। বৃহত্তৰ পলাশবাৰী অঞ্চলৰ মাটি-পানী-বায়ু-প্রকৃতি আৰু মানুহক ব্যৱহাৰ কৰি বিৰাট-বিশাল উদ্যোগ গঢ়ি উঠিছে। তদুপৰি ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যয়ো সকলোৰে মন মোহিত কৰি পেলাব পৰা এক মায়া আছে ৷ অধিক যান্ত্ৰিকতাৰ কোলাহলৰ প্ৰভাৱ নাই গুৱাহাটী জালুকবাৰীৰ পৰা প্ৰায় ১৬ / ১৭ কিলোমিটাৰ নিলগত অৱস্থিত এই সৌন্দৰ্য্যপূৰ্ণ ঠাইডোখৰ যি ঠাইত শুনিবলৈ পোৱা যায় মহাবাহু ব্ৰহ্মপুত্ৰৰ ঢৌৰ খেল ৷ চহৰীয়া পৰিৱেশ পঞ্চাশ শতাংশ আৰু গাঁৱলীয়া পৰিৱেশ পঞ্চাশ শতাংশৰ প্ৰভাৱেৰেই পলাশবাৰী গঢ়ি উঠিছে ৷ কেতিয়াবা এভূমুকি মাৰিবচোন পলাশবাৰীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ, সেই নীৰৱ নিস্তব্ধ মহাবাহু পাৰৰ সূৰ্যাস্তৰ মনমোহা দৃশ্য উপভোগ কৰি মৃদু বতাহৰ শীতলতা দেহত লাগি তন মন জুৰ কৰিবলৈ ৷ পলাশবাৰীৰ গাতে লাগি থকা সমীপৰ গাঁৱকেইখন আগছিয়া, পাৰ্ল্লী, মাজিৰগাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতুলনীয়, এই যে ধৰাৰ বুকুলৈ ঋতু হেমন্তৰ আগমণৰ লগে লগে প্ৰাতঃ ক্ষণৰ সেই ধৱলী পৰিৱেশ, চৌপাশে শ্যামলৰ ওপৰত শুকুলা কুঁৱলীৰ মিশ্ৰণত জিলিকি উঠা মুকলি শহতলী, মাজে মাজে আছে সৰু বৰ বিটপী আৰু তাৰ লগতে সিঁচৰতি হৈ কুসুমৰ সুগন্ধ ৷ এয়াই আমাৰ এই অঞ্চলৰ আগছিয়াৰ পৰা পলাশবাৰীলৈ সজীৱ হৈ থকা শ্যামলী পৰিৱেশ সৰু বৰ্ণনা যাৰ মহোমোহা দৃশ্য বৰ্ণনাৰেও উপসংহাৰ কৰিব নোৱাৰি ৷

ঋতুমণি দাস

আগছিয়া,পলাশবাৰী ফ’নঃ- ৯১০১৫৭৫৯৮৮

‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা…

‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত
প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

স্মৃতিগ্ৰন্থ ‘সোঁৱৰণ’ উন্মোচন

অলপতে ইহসংসাৰৰ পৰা বিদায় লোৱা তিনিগৰাকী সাংবাদিক ক্ৰমে ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপদেষ্টা প্ৰফুল্ল কুমাৰ দত্ত, সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৃত্যুৰ আগমুহূৰ্তলৈকে উপদেষ্টা হিচাপে আসন অলংকৃত কৰা অৰুণলোচন দাস আৰু জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ সোঁৱৰণত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । ‘আমাৰ অসম’ কাকতৰ কাৰ্য্যবাহী সম্পাদক তথা ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপ-সভাপতি গৌতম শৰ্মাই আঁত ধৰা অনুষ্ঠানটি প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনৰ লগতে প্ৰয়াত তিনিগৰাকী সাংবাদিকৰ প্ৰতি ১ মিনিট সময় মৌন প্ৰাৰ্থনাৰে আৰম্ভ হয় । অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাই সাংস্কৃতিক সাংবাদিকদুগৰাকীক স্মৰণ কৰি তেওঁলোকৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অৰুণলোচন দাসৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্কৰ কথা সুঁৱৰি স্মৃতিগধুৰ হৈ পৰে । তেওঁ কয় যে প্ৰয়াত অৰুণলোচন দাসৰ সৃষ্টিৰাজি উত্তৰপুৰুষৰ বাবে অমূল্য সম্পদ । জীৱিত কালত বেলেগক কলমেৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগোৱা এইগৰাকী সাংবাদিকৰ পৰলোকপ্ৰাপ্তি সমাজৰ বাবে ক্ষতিকাৰক বুলি যশস্বী পৰিচালগৰাকীয়ে মন্তব্য কৰে । অনুষ্ঠানত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপদেষ্টা উৎপল দত্তই প্ৰয়াত প্ৰফুল্ল কুমাৰ দত্তৰ জীৱন পৰিক্ৰমা তথা ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰে।

এইগৰাকী সাংস্কৃতিক সাংবাদিকেৰে ঘটা বহু ঘটনা-পৰিঘটনা ৰসালভাবে ব্যক্ত কৰে দত্তই । উল্লেখ্য যে, একেটা অনুষ্ঠানতেৃ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ তৰফৰ পৰা প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা ‘সোঁৱৰণ’ শীৰ্ষক এখনি স্মৰণিকা সম্পাদনা সমিতিৰ দ্বাৰা প্ৰকাশ কৰি ওলোৱা হয় । সাংবাদিক মৃণাল কুমাৰ বৰা, মণ্টু শইকীয়া, হেমন্ত শৰ্মা আৰু পল্লভ দ্বীজেনে সম্পাদনা কৰি ওলোৱা আলোচনীখন উন্মোচন কৰে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা ৰাজ্যিক তথ্য আয়োগৰ বৰ্তমানৰ মুখ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই । দুগৰাকী দ্বিগ্বজ সাংস্কৃতিক সাংবাদিকৰ জীৱন পৰিক্ৰমাক কম সময়ৰ ভিতৰত এনেকৈ আলোচনীৰ আকাৰত উলিয়াই তেওঁলোকৰ বাবে যি শ্ৰদ্ধা নিবেদন কৰিছে সেয়া প্ৰসংশনীয় বুলি উল্লেখ কৰি উন্মোচক ভাস্কৰজ্যোতি মহন্তই এই কামৰ শলাগ লয় । অনুষ্ঠানত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সভাপতি বিতোপন বৰবৰাই দুয়োগৰাকী সাংস্কৃতিক সাংবাদিকৰ বিষয়ে বক্তব্য আগবঢঢ়োৱাৰ লগতে সদ্যপ্ৰয়াত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ জীৱনাদৰ্শৰ বিষয়েও আলোকপাত কৰে । মঞ্চত উপস্থিত থকা অভিনেতা তথা পৰিচালক যতীন বৰাই অৰুণলোচন দাসৰ বিয়োগ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে ক্ষতিকাৰক বুলি দুঃখপ্ৰকাশ কৰি কয়, “আজিৰ তাৰিখত হয়তো যতীন বৰা এজন সফল অভিনেতা হিচাপে থিয় হোৱাৰ আঁৰৰ মানুহজন হ’ল প্ৰয়াত অৰুণলোচন দাস । মোৰ প্ৰথম ছবি ‘উত্তৰকাল’ৰ সময়ত অৰুণলোচন দাসৰ ঘৰৰ কাষতেই মই আছিলোঁ । মহানায়ক বিজু ফুকনৰ ঘৰলৈ এদিন লৈ গৈ প্ৰথম পৰিচয় কৰি দিয়া আৰু ‘দেউতা’ ছিৰিয়েলত কাষ্টিং কৰি দিয়াত সহায় কৰা মানুহজনেই আছিল অৰুণলোচন দাস, যিটো মোৰ বাবে আছিল এটা টাৰ্ণিং পইণ্ট ।

“ অৰুণলোচন দাসৰ অনুপম সৃষ্টি লাইমলাইট ফিল্ম ডাইৰেক্টৰীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থা, অসমক দায়িত্ব ল’বৰ বাবে আহ্বান জনোৱাৰ লগতে যতীন বৰাই ইয়াত ব্যক্তিগতভাবে সম্পূৰ্ণ সহযোগ কৰিব বুলিও আজিৰ অনুষ্ঠানতেই মন্তব্য কৰে । ইপিনে, অনুষ্ঠানত উপস্থিত হৈ একালৰ সাংবাদিক আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটায়ো আজিৰ স্মৃতিচাৰণ সভাত বক্তব্য প্ৰদান কৰে । অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্ত কায়িকভাবে আজি নাথাকিলেও তেওঁলোকৰ সৃষ্টিৰাজিৰ জৰিয়তেই দুয়ো চিৰদিনলৈ সকলোৰে মনত সজীৱ হৈ থাকিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত অসমৰ সংবাদ আৰু সাংস্কৃতিকজগতৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লিখিত ব্যক্তিসকলৰ উপৰি আজিৰ অনুষ্ঠানত উপস্থিত আছিল অশোক কুমাৰ বিষয়া, কমললোচন দাস, নয়ন প্ৰসাদ, মইনুল হক, ধীৰাজ কাশ্যপ, ৰাজেন ৰাজখোৱা, মাধুৰিমা চৌধুৰী, নিশিতা গোস্বামী, কৃপাল কলিতা, বীৰেন হাজৰিকা, হেমন্ত দেবনাথ, প্ৰদ্যুত কুমাৰ ডেকা, শুভেশ্বৰ দাসৰ লগতে অআন বহুকেইগৰাকী শিল্পী । সন্থাৰ দুয়োগৰাকী প্ৰয়াত উপদেষ্টাৰ পৰিয়ালৰ হৈ উপস্থিত থাকে কমললোচন দাস, যুগললোচন দাস, সোণালী দত্ত, উজ্বীৱন দত্ত, জোনালী দাস, তীতিক্ষা দাসৰ উপৰি কেবাজনো আত্মীয় । সভাৰ শেষত সন্থাৰ সাধাৰণ সম্পাদক শিবাণু বৰাই আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আজিও অটুট থকা শিল্পী-সাংবাদিকসকলৰ আত্মিক সম্পৰ্কৰ কথা নিজৰ বক্তব্যত উল্লেখ কৰে । ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা ‘সোঁৱৰণ’ শীৰ্ষক স্মৰণিকাখন ছপাৰ দায়িত্ব বহন কৰাৰ বাবে এ এম টেলিভিছনৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণকো সন্থাই বিশেষভাবে ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে । স্মৰণিকাখনৰ বেটুপাতটি অংকণ কৰা সন্থাৰ সদস্য তথা সুদক্ষ চিত্ৰশিল্পী প্ৰদীপ নাথকো সন্থাই ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত উপস্থিত থকা ভালেকেইগৰাকী শিল্পী-সাংবাদিকেও তেওঁলোকৰ বক্তব্যত প্ৰয়াত সাংবাদিক দুগৰাকীৰ সৈতে থকা তেওঁলোকৰ ঘনিষ্ঠতা তথা তেওঁলোকৰ জীৱনৰ বহু নজনা কথা উল্লেখ কৰে ।

হেমন্ত শৰ্মা
সাংগঠনিক সম্পাদক
সাংস্কৃতিক সাংবাদিক সন্থা, অসম
ফোনঃ 8638105738