Home Blog Page 1493

সাৱধান! দৈনিক ৰঙা চাহ বা নেমুৰ চাহ খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা…

সাৱধান! দৈনিক ৰঙা চাহ বা নেমুৰ চাহ খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা। যদি কোনো ব্যক্তিয়ে দৈনিক ৫-৮ কাপ চাহ খাই, তেন্তে তেওঁ পেটৰ লগত জড়িত ৰোগ আৰু আন বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আচলতে বেছিভাগ মানুহেই ভাবে যে চাহ খালে এলাহ ভাৱ নাইকিয়া হয়। যদি কোনো ব্যক্তিয়ে দিনটোত একাপ বা দুকাপ চাহ খাই, তেন্তে ইয়াৰ কোনো ক্ষতি নহয়। কিন্তু যদি কোনো ব্যক্তিয়ে দিনটোত ৫-৮ কাপ চাহ খায়, তেন্তে তেওঁ পেটৰ লগত জড়িত সমস্যা আৰু ৰোগৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে। কেৱল গাখীৰৰ চাহে নহয় নেমু চাহ, ৰঙা চাহেও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

ৰঙা চাহ আৰু নেমু চাহ সেৱনে শৰীৰত অক্সালেটৰ পৰিমাণ বৃদ্ধি কৰে। ভিটামিন চি শৰীৰৰ বাবে অপৰিহাৰ্য। শৰীৰৰ সঠিক বৃদ্ধিৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। আমাক প্ৰতিদিনে ৭৫ৰ পৰা ৯০ মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। যদি শৰীৰত ভিটামিন চিৰ অভাৱ হয়, তেন্তে চিকিৎসকে ১০০০ মিলিগ্ৰামলৈকে ভিটামিন চিৰ পৰিপূৰক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।

মনত ৰাখিব যদি চিকিৎসকে আপোনাৰ শৰীৰ পৰীক্ষা কৰাৰ পিছত ভিটামিন চি খাবলৈ লিখিছে, তেতিয়াহে ৰঙা চাহ বা নেমু চাহ খাব। কিন্তু যদি আপুনি ভিটামিন চিৰ টেবলেট বা নেমু চাহ, ৰঙা চাহ ডাক্টৰৰ পৰামৰ্শৰ অবিহনে সেৱন কৰিছে তেন্তে ই আপোনাৰ শৰীৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ভিটামিন চি ভাঙি অক্সালেট গঠন হয় আৰু যাৰ বাবে কেলচিয়ামৰ পৰিমাণ বাঢ়ি বৃক্কত পাথৰ হৈ পৰে। লগতে শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধি হ’লে যকৃতৰ ৰোগ, বাতবিষৰ দৰে সমস্যা হ’ব পাৰে।

বিশ্বৰ আটাইতকৈ ধুনীয়া আৰু দামী গৰুটোৰ বিষয়ে জানেনে? ভাৰতৰ সৈতে গৰুটোৰ আছে বিশেষ সম্পৰ্ক…

বিশ্বৰ আটাইতকৈ ধুনীয়া আৰু দামী গৰুটোৰ বিষয়ে জানেনে? ভাৰতৰ সৈতে গৰুটোৰ আছে বিশেষ সম্পৰ্ক। পৃথিৱীৰ বহুতো পোহনীয়া জন্তুৰ বিষয়ে বিভিন্ন ধৰণৰ বিশ্বাস আছে। কিছুমানক পোহনীয়া জন্তুক দেৱতাৰ লগত তুলনা কৰা হয়। ভাৰতত গৰুক ভগৱানৰ মৰ্যাদা দিয়া হৈছে। সেইবাবেই মানুহে গৰুক সেৱা আৰু পূজা কৰে। বিশ্বৰ বিভিন্ন প্ৰজাতিৰ গৰুৰ বিশেষ কিবা এটা আছে। লগতে এটা গৰু আছে যাৰ খৰচ সৰ্বাধিক। ইয়াক পৃথিৱীৰ আটাইতকৈ দামী গৰু হিচাপে জনা যায়। ব্ৰাজিলৰ এটা গৰু বৰ্তমান সময়ত বহু চৰ্চাৰ বিষয় হৈ পৰিছে। এই গৰুৰ দাম পৃথিৱীৰ আন জাতৰ গৰুতকৈ বহু বেছি। এই গৰুটোৰ দামত বিলাসী গাড়ী আৰু বাসগৃহ লগতে আন বহুতো বস্তু কিনিব পাৰিব। এই গৰুটোৰ ভাৰতৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। এই গৰু জাতৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ, সেয়েহে এই গৰু জাতক নেল্লোৰ জাতৰ নামেৰে ৰখা হৈছে। ইয়াৰ পৰা এই জাতটো ব্ৰাজিললৈ পঠিওৱা হৈছিল আৰু পিছলৈ পৃথিৱীৰ আন আন ঠাইলৈও বিয়পি পৰিছিল।

নেল্লোৰ জাতৰ ভিয়েটিনা-১৯ এফ আই ভি মাৰা ইমোভিছৰ চাৰে চাৰি বছৰীয়া গৰুটো বিশ্বৰ আটাইতকৈ দামী গৰু। এই প্ৰজাতিৰ শ শ গৰু ব্ৰাজিলত পোৱা যায়। খবৰ অনুসৰি শেহতীয়াকৈ ব্ৰাজিলৰ আৰাণ্ডুত অনুষ্ঠিত নিলামত গৰুটোৰ তৃতীয়টো মালিকীস্বত্ব ৬৯.৯ কোটি ৰিয়েল (১১ কোটি টকা)ত বিক্ৰী কৰা হৈছে। যাৰ বাবে ইয়াৰ মুঠ খৰচ ৪৩ লাখ ডলাৰ (৩৫ কোটি টকা) হৈ পৰে। ভিয়াটিনা-১৯ এফ আই ভি মাৰা ইমোভিছক যোৱা বছৰ বিশ্বৰ আটাইতকৈ দামী গৰু হিচাপে ঘোষণা কৰা হৈছিল। ব্ৰাজিলত এই জাতৰ প্ৰায় ১৬ কোটি গৰু আছে। এই গৰুৰ নোম চিকচিকিয়া, ছাল ঢিলা। নেল্লোৰৰ গৰুবোৰ উষ্ণ জলবায়ুৰ লগত ভালদৰে খাপ খাই পৰে।

২২ বছৰ পূৰ্বে শ্ৰীলংকাক উপহাৰ হিচাপে দিয়া হাতী ঘূৰাই বিচাৰিছে থাইলেণ্ডে…

দেওবাৰে বিয়লি থাইলেণ্ডত উপস্থিত হয় ২৯ বছৰীয়া আৰু ৪০০০ কেজি ওজনৰ থাইলেণ্ডৰ হাতী সাক ছুৰিন, যাক মুথু ৰাজা বুলিও কোৱা হয়। থাইলেণ্ডৰ ৰাজ পৰিয়ালে ২০০১ চনত শ্ৰীলংকা চৰকাৰক সাক চুৰিনক উপহাৰ দিছিল।থাইলেণ্ড আৰু শ্ৰীলংকাৰ মাজত এটা হাতীক লৈ কূটনৈতিক বিবাদ। এই হাতীটো দুটা দশকৰ পূৰ্বে থাইলেণ্ডে শ্ৰীলংকাক উপহাৰ হিচাপে দিছিল যদিও হাতীটোক কৰা অসৎ আচৰণৰ বাবে পুনৰ লৈ যোৱা হৈছে হাতীটোক। শ্ৰীলংকাৰ এটা মন্দিৰত সাক চুৰিনক উপহাৰ দিয়া হৈছিল, য’ত ই নতুন নাম লাভ কৰে আৰু ধৰ্মীয় শোভাযাত্ৰাৰে সন্মান জনোৱা হৈছিল। পিছলৈ হাতীটোক নিৰ্যাতন আৰু অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰেলী ফৰ এনিমেল ৰাইটছ এণ্ড এনভাইৰনমেণ্টৰ এটা কৰ্মী সংগঠনে।

যোৱা বছৰ ৰেয়াৰে থাইলেণ্ড কৰ্তৃপক্ষক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছিল, সেই সময়লৈকে মুথু ৰাজা কাণ্ডে বিহাৰয়া মন্দিৰত বাস কৰিছিল। যোৱা নৱেম্বৰ মাহত মন্দিৰটোৱে হাতীটোক শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰাণীবিজ্ঞান উদ্যানলৈ স্থানান্তৰিত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।ৰেইৰে দাবী কৰে যে হাতীটোৰ ভৰিখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ ঘাঁ বহুদিনৰ পৰা আওকাণ কৰা হৈছিল। চিৰিয়াখানাৰ পশু চিকিৎসক মাদুছা পেৰেৰাই এএফপিক জনোৱা মতে, যোৱা বছৰ বৌদ্ধ মন্দিৰৰ পৰা উদ্ধাৰ কৰাৰ সময়ত মুথু ৰাজা বিষত ভুগিছিল। শ্ৰীলংকাত হাতীক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু আইনৰ দ্বাৰাও সুৰক্ষিত। কিন্তু মুথু ৰাজা মন্দিৰৰ পৰা আঁতৰি যোৱাত অসন্তুষ্টি প্ৰকাশ কৰি ৰেয়াৰে কয় যে জন্তুটোক অৱহেলা কৰাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে গোচৰ চলাব লাগে।

অৱশেষত ৭ লাখ ডলাৰ খৰচেৰে বিমানেৰে থাইলেণ্ডলৈ লৈ যায় মুথু ৰাজাক।

শ্ৰীলংকা চৰকাৰৰ আগত মুথু ৰাজাৰ স্বাস্থ্যৰ বিষয়টো উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ বাবে থাইলেণ্ড চৰকাৰৰ কাষ চাপিবলগীয়া হৈছে। এই গোটটোৱে লগতে কয় যে শ্ৰীলংকাৰ বন্যপ্ৰাণী কৰ্তৃপক্ষই সময়মতে হস্তক্ষেপ নকৰাৰ বাবেই দেশখনক বদনাম কৰা হৈছে।

প্ৰভাস-দীপিকাৰ ছবিৰ কাহিনী ফাদিল! আধুনিক যুগৰ ভগৱানৰ ৰূপত দেখিব প্ৰভাসক…

আদিপুৰুষ মুক্তিৰ পিছত নায়ক প্ৰভাসৰ কোনো খবৰ নাই। আচলতে ছবিখনৰ মুক্তিৰ পিছৰে পৰা সকলো অভিনেতা নিমাত হৈ আছে। ইফালে প্ৰভাসৰ পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা হৈছে। প্ৰথমে সাহো, তাৰ পিছত ৰাধেশ্যাম আৰু শেহতীয়াকৈ মুক্তি পোৱা আদিপুৰুষ। এই তিনিওখনতে প্ৰভাসে বক্স অফিচত সফলতাৰ মুখ নেদেখিলে। ইয়াৰ পিছত এতিয়া সকলোৰে দৃষ্টি প্ৰভাসৰ আগন্তুক ছবিৰ ওপৰত। প্ৰভাসৰ আগন্তুক ছবি দুখনৰ নাম হৈছে ছালাৰ আৰু প্ৰজেক্ট কে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত তেলেগু, হিন্দী, তামিল, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পাব ছালাৰ। প্ৰজেক্টত আছে দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু দিশা পাটানীৰ দৰে বলীউডৰ তাৰকা। শেহতীয়াকৈ এই অভিলাষী ছবিখনত কমল হাছানৰো এণ্ট্ৰি হৈছে।

কোৱা হৈছে যে নাগ অশ্বিনৰ প্ৰজেক্টটো আচলতে কল্কী অৱতাৰৰ কাহিনী। সংবাদ মাধ্যমত অহা এই আলোচনা অনুসৰি নাগ অশ্বিনে হলিউডৰ মাৰ্ভেল ছবিৰ ধাৰাৰে এই কল্পবিজ্ঞান-কল্পকাহিনীৰ সৃষ্টি কৰিছে। য’ত কল্পনা, অতিপ্ৰাকৃতিক আৰু একচন অন্তৰ্ভুক্ত। অশুভৰ ওপৰত শুভ জয়ৰ সহজ কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন।

কোৱা হৈছে যে পৰিচালকে প্ৰকল্পটোত হিন্দু শাস্ত্ৰত লিপিবদ্ধ কৰা ভগৱান বিষ্ণুৰ দশম অৱতাৰ কল্কিৰ কল্পনা উপলব্ধি কৰিছে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি ভগৱান বিষ্ণুৱে অশুভ ধ্বংস কৰিবলৈ প্ৰতিটো যুগত অৱতাৰ লয়। প্ৰকল্পটোত প্ৰভাক কলিযুগৰ ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে দেখা যাব। এই অৱতাৰজন হ’ব আধুনিক নায়ক, যিয়ে আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰে এই যুগৰ খলনায়কসকলৰ সৈতে যুঁজিব। সকলো আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰে সজ্জিত কল্কি অৱতাৰ দেখুৱাব পৰিচালকে। প্ৰজেক্ট কেৰ কাহিনীয়ে ক’ব যে প্ৰজেক্ট কেত কেনেকৈ কল্কি অৱতাৰ আমন্ত্ৰণ কৰা হৈছে আৰু ঈশ্বৰৰ এই অৱতাৰে এই পৃথিৱীখনক খলনায়কৰ পৰা ৰক্ষা কৰে।

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ…

অৱশেষত ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকী হৈছে উমা ছেত্ৰী।

উমা ছেত্ৰীয়ে টী-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে ।

তেওঁ বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া তিনিখনকৈ টী-২০ আৰু এদিনীয়াত খেলিব।

দেওবাৰ বিচিচিআয়ে ঘোষণা কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ নাম।

উমা এগৰাকী প্ৰতিভাৱান উইকেটকীপাৰ আৰু বেটাৰ।

প্ৰতিদিনে ৰাতিপুৱা খোজ কাঢ়ক। দূৰ হ’ব শৰীৰৰ এই তিনি সমস্যা…

ব্যস্ততাপূৰ্ণ জীৱনত মানুহে খোজ কাঢ়িবলৈ সময়ে নাপায়। কিন্তু যদি আপুনি ৰাতিপুৱা খোজ কঢ়াৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি নিশ্চয় ইয়াৰ বাবে সময় উলিয়াব। এয়া এক ব্যায়াম, বহু স্বাস্থ্য বিশেষজ্ঞই দৈনিক ৫০০০ খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়ে । স্বাস্থ্য সচেতন লোকসকলে প্ৰায়ে ৰাতিপুৱা সোনকালে খোজ কাঢ়ে। কিন্তু ব্যস্ত জীৱনশৈলীৰ বাবে বহুতে এই কাম কৰিবলৈ সময় উলিয়াব নোৱাৰে। সুস্বাস্থ্যৰ বাবে দৈনিক ৰাতিপুৱা ২০ৰ পৰা ৩০ মিনিট খোজ কাঢ়িব লাগে।

ৰাতিপুৱা খোজ কঢ়াৰ সুবিধা-

যদি আপুনি দৈনিক ৰাতিপুৱা আধা ঘণ্টা খোজ কাঢ়ে, তেন্তে হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি হ’ব। লগতে আপোনাৰ শ্বাস-প্ৰশ্বাসৰ ফলত আপোনাৰ ষ্টেমিনা বহুত বাঢ়ি যায়, তাৰ পিছত আপুনি বহুতো কঠিন কাম কৰিব পাৰিব।

২) ওজন কমোৱাত সহায় কৰে
বৰ্তমান বিশ্বৰ বহু লোক মেদবহুলতাৰ বাবে সমস্যাৰ সন্মুখীন হয়। আনহাতে কঁকালৰ চৰ্বি কমোৱাটো কঠিন হৈ পৰিছে। ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱাই খোজ কাঢ়িবলৈ সময় উলিয়াব লাগিব। ইয়াৰ ফলত মেদবহুলতা হ্ৰাস পাব আৰু লগতে উচ্চ কলেষ্টেৰল, ডায়েবেটিছ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস পাব।

৩) হৃদৰোগ প্ৰতিৰোধ
নিয়মীয়াকৈ মৰ্নিং ৱাক কৰা লোকসকলে ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ, হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে, কাৰণ ই তেজত জমা হোৱা চৰ্বি হ্ৰাস কৰে।

অসমবাসীৰ বাবে সুখবৰ; ইউনেস্কোত স্থান পাব ৮৮ বছৰ গৰকা দিখৌ দলঙে

বৃটিছ চৰকাৰে নিৰ্মান কৰা শিৱসাগৰৰ দিখৌ দলঙে অসমবাসীৰ লগতে শিৱসাগৰলৈ কঢ়িয়াই আনিছে এক সু খবৰ। ১৯৩৫ চনত বৃটিছ চৰকাৰে নিৰ্মাণ কৰিছিল দিখৌ দলঙ খন।

নাজিৰাৰ অসম চাহ কোম্পানীলৈ জাহাজ চলাচলৰ বাবে দলঙৰ মাজৰ অংশটো কাঠৰে নিৰ্মাণ কৰাৰ লগতে ওপৰলৈ তুলি ধৰাৰ ব্যৱস্থা কৰা হৈছিল অৰ্থাৎ এইখনেই আছিল অসমৰ প্ৰথমখন কঁপিকুল যুক্ত দলঙ।

লণ্ডনৰ লগতে ভাৰতৰ টাটা কোম্পানীৰ পৰা অনা লোহাৰে বৃটিছৰ ব্ৰেড ৱেইট কোম্পানীয়ে নিৰ্মাণ কৰা দলঙখনে গৰকিলে ৮৮ টা বছৰ।

ইতিপূৰ্বে দলঙখনৰ বয়স উকলি যোৱা বুলি অবগত কৰিছিল বৃটিছ চৰকাৰে। অসম চৰকাৰৰ লগতে শিৱসাগৰৰ প্ৰশাসনৰ অমনোযোগিতাৰ বাবে জহি খহি যোৱা দলঙখন যাতায়তৰ বাবে সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে।

কিছুদিন পূৰ্বে ইউনেস্কোৰ দুগৰাকী সদস্য চৰাইদেই মৈদামলৈ আহোতে দৃষ্টি গোচৰ হৈছিল দিখৌ দলঙ খন। ইউনেস্কোৰ ভাতৃ সংগঠনৰ দিলীপ চাংকাকতিক এই বিষয়ে অবগত কৰাত তেওঁৰ একক প্ৰচেষ্টাত এতিয়া দিখৌ দলঙে ইউনেস্কোৰ বানিজ্যিক ঐতিহ্য হিচাপে চিহ্নিত হোৱাৰ পথত।

থানাৰ সমুখত উত্তাল জনতা, সোণাপুৰত ১৬ বছৰীয়া কিশোৰী বলি হ’ল ধৰ্ষণ আৰু হত্যাৰ!

এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰে সোণাপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰা হৈছে। 

অভিযোগ অনুসৰি, অভিযুক্ত বাবলু টুমুঙে এই জঘন্য কাণ্ড সংঘটিত কৰি যুৱতীগৰাকীৰ মৃতদেহ ডিগাৰু নদীত পেলাই দিয়ে।

শুকুৰবাৰে নদীত মৃতদেহ উদ্ধাৰ হোৱা কৰুণ ঘটনাই উগ্ৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

সূত্ৰ অনুসৰি যোৱা ২৮ জুনৰ পৰা যুৱতীগৰাকী নিৰুদ্দেশ হৈ আছিল।

অভিযুক্ত বাবুলক শাস্তি দিয়াক লৈ দেওবাৰে দিনৰ ভাগত স্থানীয় লোক আৰু ভুক্তভোগীৰ পৰিয়ালৰ লোকে থানাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

যোগীঘোপাত নৃশংস হত্যাকাণ্ড, ধনৰ লোভত বন্ধুয়ে হত্যা কৰিলে বন্ধুক

যোগীঘোপাত নৃশংস হত্যাকাণ্ড! সাহিনুৰ ইছলামে হত্যা কৰিলে বন্ধু নওসাদ আলীক।


হত্যাকাৰী সাহিনুৰ ইছলামক যোগীঘোপা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।


শুক্ৰবাৰে আবেলি নতুন গাড়ী ক্ৰয় কৰিবলৈ দুই বন্ধু ওলাই গৈছিল।


শুক্ৰবাৰে পৰা সন্ধানহীন হৈ আছিল দুই বন্ধু।

শনিবাৰে বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ দলঙৰ কাষত নওসাদ আলীৰ মৃতদেহ উদ্ধাৰ হৈছিল।


হত্যাকাৰী সাহিনুৰ ইছলামে পলায়ন কৰিছিল যদিও যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


হত্যাকাৰীৰ ফাঁচীৰ দাবীত যোগীঘোপাৰ বোৱালীমাৰীত উত্তাল প্ৰতিবাদ।


যোগীঘোপা চাপৰ সংযোগী পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ।


হত্যাকাণ্ডক লৈ যোগীঘোপাত চাঞ্চল্য অব্যাহত।


-জাহিৰুল ইছলাম, যোগীঘোপা

আহি আছে ছুপাৰহিৰো “হনুমান”

আধুনিক দৰ্শকৰ বাবে হিন্দু পৌৰাণিক কাহিনীৰ গভীৰতালৈ সোমাই পৰিচালক প্ৰশান্ত বৰ্মাই ২০২৪ চনৰ ১২ জানুৱাৰীত তেওঁৰ বহু প্ৰত্যাশিত পৌৰাণিক-ছুপাৰহিৰো-একচন ছবি ‘হনুমান’ একাধিক ভাষাত মুক্তিৰ সাজু হৈছে।

হনুমান চলিছা ট্ৰেক আবৃত্তিৰ লগতে টিজাৰেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে নিৰ্মাতাসকলে। ছবিখনৰ বিষয়ে কোৱাৰ সময়ত বৰ্মাই কয় যে, “আমাৰ লক্ষ্য আছিল আমাৰ চহকী সংস্কৃতিৰ উপাদানসমূহক সকলো বয়সৰ লোকৰ সৈতে সংযোগ স্থাপন কৰা সমসাময়িক আখ্যানত মিহলাই এক সুকীয়া চিনেমাৰ অভিজ্ঞতা তৈয়াৰ কৰা।”

কাহিনীটোত ভগৱান হনুমানৰ মহাশক্তিৰে সজ্জিত হোৱা এজন সৰু ল’ৰাৰ কাহিনী। এই ঐশ্বৰিক শক্তি ব্যৱহাৰ কৰি তেওঁ এজন কু-অভিপ্ৰায়ী ‘গলিয়াথ’ৰ সন্মুখীন হয়।

ইয়াৰ পূৰ্বে ছবিখনৰ টিজাৰত ভগৱান হনুমানে ৰহস্যময় গুহাত ধ্যান কৰি ৰামৰ নাম আবৃত্তি কৰি থকা এক শীতল আভাস দেখুৱাই সকলোৰে কৌতুহল জগাই তুলিছে। তেওঁ লগতে কয় যে মই মোৰ জীৱনৰ ২ বছৰ এই প্ৰকল্পটোৰ ওপৰত কাম কৰিছো আৰু মই আমাৰ গ্ৰেণ্ড ভিজনক দেশৰ প্ৰতিটো কোণৰ পৰা দৰ্শকৰ মাজলৈ লৈ যাবলৈ আগ্ৰহী।