শুনিবলৈ আঁচহুৱা যেন লাগিলেও এইয়াই সত্য ৷ ভৰ বাৰিষা সময়তো এতিয়া চাউলকাড়া অঞ্চলৰ প্ৰায় ৪ শতাধিক কৃষক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ মূলত খেতি পথাৰত সৃষ্টি হোৱা পানীৰ অভাৱ তথা জলসিঞ্চন বিভাগৰ আঁচনিৰ অভাৱৰ বাবেই এই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কৃষক সকলৰ মাজত l
উল্লেখ্য যে, বৃটিছৰ ঔপনিবেশৰ পৰা মুক্ত হৈ ভাৰত স্বতন্ত্ৰ হ’ল যদিও, পৰিৱৰ্তন নহ’ল এই সকল কৃষকৰ অৱস্থা ৷ স্বাধীনোত্তৰ ভাৰতৰ কৃষকৰ উন্নয়নৰ বাবে বহু আঁচনিও ৰূপায়ন কৰা হ’ল যদিও সেইসমূহ আঁচনিৰ পৰা আজিও বঞ্চিত হৈ থাকিল এই সকল প্ৰকৃত কৃষক ৷ জলসিঞ্চনৰ অভাৱত এই অঞ্চলৰ ৰাইজে আজিও ভেটিব লাগে খৰস্ৰোতা দৰিং নদী ৷
উল্লেখ্য যে, বহু বছৰ ধৰি ১ নং চাউলকাড়া পাগলদিয়া গ্ৰুপ দোং বান্ধ সমিতিয়ে এনেদৰে বান্ধ নিৰ্মাণৰ কাম কৰি খেতি কৰি আহিছে বছৰটোৰ প্ৰত্যেক মহতে ৷ থিক তেনেদৰে আজিও নদীত বান্ধ বন্ধাৰ বাবে ৰাইজ ওলাই আহিল সদল বলে | কৃষক সকলৰ অভিযোগ দেশে স্বাধীনতা লাভ কৰাৰ পিচত বহু চৰকাৰ আহিল আৰু গল কিন্তু কোনো এখন চৰকাৰেই তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷
প্ৰতিবছৰেই নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী সকল উক্ত স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰে যদিও নিৰ্বাচন শেষ হোৱাৰ পাছতেই তেঁওলোকৰ সমস্যালৈ পিঠি দিয়ে ৷ ক্ষোভ প্ৰকাশ কৰি অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে চাউলকাড়াবাসী কৃষক ৰাইজে ৷
ধৰি বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। তিনি ঘন্টাৰোধিক সময় মত বিনিময়ৰ কৰা অনুষ্ঠানৰ শেষত অনুষ্ঠানত অংশ গ্ৰহণ কৰা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠান,দল সংগঠনৰ নেতাসকলকৰ লগতে শতাধিক লোকক শলাগৰ শৰাই আগবঢ়াই সম্পাদক কৰুণা ফুকনে।
গুৱাহাটী : ৰাজভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ৰশ্মিন মানহৰভী ছায়াই শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড০ বিশিষ্ট বিশ্ব শৰ্মা, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৰশ্মিন এম ছায়াক ৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা ৰশ্মিন এম ছায়াক পদোন্নতিসহ নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত ৷
উল্লেখযোগ্য যে অলপতে দেশৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ছয়খন উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ পদৰ বাবে বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল ৷
সেই অনুসৰি গুজৰাটৰ পৰা ৰশ্মিন এম ছায়াক পদোন্নতিসহ গুৱাহাটীলৈ বদলি কৰাৰ লগতে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে অসম সন্তান উজ্জ্বল ভূঞাক ৷ আনহাতে গুৱাহাটী আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ উপৰি আৰু চাৰিখন উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে সতীশ চন্দ্ৰ শৰ্মাক ৷
তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপিন সাংঘীক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৷ একেদৰে ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্ধেক নিযুক্তি দিয়া হৈছে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে ৷