Home Blog Page 2393

মুম্বাইৰ ৱেষ্ট আন্ধেৰীত এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ সৰ্বভাৰতীয় সতীৰ্থ সন্মিলন

মুম্বাইৰ ৱেষ্ট আন্ধেৰীত  ৰবিবাৰে অনুষ্ঠিত হৈ যায় এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ সতীৰ্থ সন্মিলন। কালি মুম্বাইৰ এখন বিলাসী হোটেলত এই অনুষ্ঠানটো দিনৰ ১০ বজাৰ পৰা আৰম্ভণি হৈ আবেলি ৪ মান বজাত সমাপ্তি ঘটে। ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ ভিতৰত ২৫ খন ৰাজ্যৰ পৰা অহা ৰাজ্যিক সমিতিৰ সভাপতি তথা সাধাৰণ সম্পাদক সকলে কালিৰ সন্মিলনত অংশ গ্ৰহণ কৰে। এই সন্মিলনতে নতুনকৈ অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে মনোনীত হোৱা কিৰণ কুমাৰ গগৈ উপস্থিত থাকি ভাৰতবৰ্ষৰ প্ৰতিটো কোণৰ পৰা অহা সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি প্ৰতিগৰাকী সাংবাদিকৰ বাবে উপযুক্ত সংগঠনটোৰ সৈতে জড়িত হব পাৰি আনন্দ প্ৰকাশ কৰে । উল্লেখ্য যে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ সাংবাদিক সংস্থা এছোচিয়েশ্বন অফ ইণ্ডিয়ন জাৰ্নালিষ্টে প্ৰতিজন সাংবাদিকৰ ভৱিষ্যত সুৰক্ষিত আৰু নিৰাপত্তাৰ বাবে কাম কৰি আছে। এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে সাংবাদিক সকলৰ তিনিটা দিশৰ ওপৰত মনোনিৱেশ কৰি আহিছে। শিক্ষা, স্বাস্থ্য আৰু পৰিবহণ। এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ সদস্য সকলে ভাৰতবৰ্ষৰ কোনো স্থানলৈ যদি যাত্ৰা কৰিব লাগে তেওঁ লাভ কৰিব যাত্ৰাৰ বিশেষ সা-সুবিধা আৰু থকাৰ ব্যৱস্থা। ইয়াৰ সাংবাদিকসকল গুৰুতৰভাৱে অসুস্থ হ’লে এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে উন্নত চিকিৎসাৰ বাবে যথেষ্ট সা সুবিধা প্ৰদান কৰে। এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টে ভাৰতবৰ্ষৰ লগতে বিদেশৰ কেইবাখনো মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ সৈতে MOUত স্বাক্ষৰ কৰিছে। যাৰবাবে দৰিদ্ৰ সাংবাদিকৰ মেধাবী ছাত্ৰৰ শিক্ষাৰো সুব্যৱস্থা কৰিছে এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে। ইয়াৰোপৰি সাংবাদিকৰ সন্তানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত পাবলগা প্ৰয়োজনীয় প্ৰায়খিনি সা-সুবিধা প্ৰদান কৰি আহিছে এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে। সাংবাদিকৰ সুৰক্ষা, নিৰাপত্তা আৰু ভৱিষ্যতৰ বাবে অতন্দ্ৰ প্ৰহৰী হৈ এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে কাম কৰি আহিছে। শেহতীয়াকৈ ডিজিটেল মিডিয়াৰ স্বীকৃতিৰ বাবে এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কেইবালানি বৈঠক সমাপ্ত কৰিছে। যাৰবাবে শীঘ্ৰেই ডিজিটেল মিডিয়াই স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখ্য যে কালি অনুষ্ঠিত হৈ যোৱা সতীৰ্থ সন্মিলনত  কেইবাগৰাকী জেষ্ঠ সাংবাদিকক ক্ৰিয়েটিভ জাৰ্নালিষ্ট বটাঁ প্ৰদান কৰা হয়।

দেশৰ কেইবাগৰাকী জেষ্ঠ সাংবাদিকৰ লগতে এ আই জে, অসমৰ সভাপতি কিৰণ কুমাৰ গগৈয়ো লাভ কৰে এই বঁটা । বটাঁ লাভ কৰি এ আই জে, অসমৰ সভাপতি কিৰণ কুমাৰ গগৈয়ে কয় যে শীঘ্ৰেই অসমত এছোচিয়েশ্বন অফ ইণ্ডিয়ন জাৰ্নালিষ্টৰ, অসম ৰাজ্যিক সমিতি গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হব। তেওঁ লগতে কয় যিসকল অসমৰ সংবাদ কৰ্মীয়ে ভাৰতবৰ্ষৰ বৃহত্তৰ সাংবাদিক সংগঠন এছোচিয়েশ্বন অফ ইণ্ডিয়ন জাৰ্নালিষ্টৰ সৈতে যোগ হৈ নিজৰ ভবিষ্যত সুনিশ্চিত কৰিব বিচাৰে সেইসকল সতীৰ্থক অসম ৰাজ্যিক সমিতিৰ সৈতে 70865 22558 আৰু ৭৬৬৪৮৭৯৮১৫ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ বান এলেকা পৰিদৰ্শন

সমগ্ৰ  ৰাজ্য খনত বাৰিষা আগমনত লগে-লগে  কেইবাদিনো নেৰা-নেপেৰা বষুণৰ ফলত বাঢ়নী পানীয়ে ৰাজ্য বাসিক জুৰুলা কৰাৰ সময়তে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলটো বৰষুণৰ বাঢ়নী পানীযে বুৰাই পেলোৱাৰ লগতে  বহু বিঘা খেতি পথাৰ নষ্ট কৰি পেলাইছে। সেযে অসম বিধানসভাৰ অধ‍্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত দৈমাৰীয়ে ১৭ মে তাৰিখে সমষ্টিৰ বিভিন্ন বানপানীয়ে বুৰ পেলোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰে।সমান্তৰালভাৱে টংলা থানাৰ অন্তৰ্গত খাটোৱালপাৰা অঞ্চলৰ জৰাজীৰ্ণ ৰাস্তা-ঘাটৰ লগতে অঞ্চলটোৰ কাষতেই থকা কুলশী নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণভাৱে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি বুৰাই পেলাইছে।

বিশ্বজিত দৈমাৰীয়ে এই আটাইবোৰ পৰিৱেশন কৰি সকলো কালভাৰ্টকে আদি কৰি পয়ালগা অৱস্থাত থকা জৰাজীৰ্ণ ৰাস্তাটোৰ মেৰামতিৰ কামসমূহৰ বাবে জিলা উপায়ুক্তক জনোৱা হ’ব বুলি মন্তব্য কৰে। আনহাতে অধ‍্যক্ষ তথা বিধায়ক গৰাকীয়ে নিজে উপস্থিত হৈ অঞ্চলটোৰ পৰ্যবেক্ষণ কৰা দেখি অঞ্চলৰ লোক সকলে অতি সোনকালে ৰাস্তা-পদূলিকে ধৰি কাৰ্লভাৰ্টসমূহৰ মেৰামতি হ’ব বুলি আশা কৰিছে।

হাজোৰ বাহানাত বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মনাহকুছি বাহানাত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত মাধৱজ্যোতি প্ৰাথমিক শাখা বাহানাৰ উদ্যোগত আৰু দমদমা অঞ্চলবাসী ৰাইজৰ সহযোগত মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ এইবেলি দুদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’য়। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ৰাতিপুৱা ভাগত গছপুলি ৰোপন কৰে বাহানাৰ নৱজ্যোতি পাটোৱাৰী,বিপিন দাস আৰু চক্ৰ পাটোৱাৰীয়ে। তাৰ পিছত পতাকা উত্তোলন কৰে মাধৱজ্যোতি প্ৰাথমিক শাখাৰ সভাপতি ৰাজেন্দ্ৰ পাটোৱাৰীয়ে। ইয়াৰ পিছতেই নাম প্ৰসংগ,সন্ধিয়া ভাগত বন্তিপ্ৰজ্বালনৰ সমান্তৰালকৈ দ্বিতীয়টো দিনা পুৱাভাগত প্ৰাতঃপ্ৰসংগ,নাম প্ৰসংগ,ভাগৱত পাঠৰ পিছত দুপৰীয়াভাগত মাধৱ জ্যেতি প্ৰাথমিক শাখাৰ সভাপতি ৰাজেন্দ্ৰ পাটোৱাৰীৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়।

দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আৰ্বিভাৱ তিথিৰ সময়ছোৱাত সমগ্ৰ দমদমা, মনাহকুছি ,বাহানা অঞ্চল গুৰু বন্দনাৰে মুখৰিত হৈ পৰে। অনুষ্ঠান ভাগিত ভিন্ন প্ৰান্তৰ আই মাতৃ বাপ বান্ধৱ ভক্তপ্ৰাণ ৰাইজৰ পদধূলিৰে এক ভক্তিৰসৰ নৈমিষ ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে।

চাপৰৰ শালকোচাত পোৱালীসহ মৃত অৱস্থাত কেটেলা পহু উদ্ধাৰ,আটক দুই চোৰাং চিকাৰী

ধুবুৰী জিলাৰ শালকোচা আৰক্ষী চকীৰ দৈনিক নাকা অভিযানত কেটেলা পহু সহ দুই চোৰাং চিকাৰীক আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।উল্লেখ্য যে চিকাৰী দুজনে শালকোচাৰ ৰেনী বিলৰ পৰা দুটা কেটেলা পহু চিকাৰ কৰি এখন বেগত ভৰাই বাইকেৰে লৈ আহিছিল। পিছত শালকোচা আৰক্ষীৰ দৈনিক নাকা অভিযানত বাইক সহ দুজন চোৰাং চিকাৰী আৰু মৃত কেটেলা পহু দুটা উদ্ধাৰ কৰে। আটকাধীন চিকাৰী দুজন ক্ৰমে মনোজ মুচাহাৰী আৰু কাৰ্তিক মুচাহাৰী বুলি জানিব পৰা গৈছে।

পিছত শালকোচা আৰক্ষীয়ে মৃত কেটেলা পহু দুটা শালকোচা বন বিভাগক গতাই দিয়ে।


গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ সন্ত্ৰাস,ভাঙি পেলালে আঠটা কৈ পৰিয়ালৰ বাসগৃহ

গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলৰ দাঁতিকাষৰীয়া গাওঁসমুহত অব্যাহত আছে বন্যবস্তীৰ সন্ত্ৰাস।বন্যহস্তীৰ জাকে বিভিন্ন গাঁৱত এতিয়ালৈ একাধিকবাৰ ভাঙি পেলালে কেবাটাও পৰিয়ালৰ বাসগৃহ । পৰহি নিশাওঁ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অধীনৰ মেধিপাৰা প্ৰথম খণ্ড মদকপাৰা গাঁৱত বন্যহস্তীৰ জাঁকে তাণ্ডৱ চলায়।প্ৰায় ৪০ টাকৈ বৃহত বন্যহস্তীৰ জাঁকটোৱে নিশা মেধিপাৰা গাঁৱত সোমাই আঠ টাকৈ পৰিয়ালৰ ঘৰ -বাৰী ভাঙি পেলোৱাৰ লগতে ধান চাউল খাই তহিলং কৰি পেলায়।ফলত এতিয়া সর্বহাৰা হৈ পৰিছে নিৰীহ পৰিয়ালকেইটা।সম্প্ৰতি আশ্ৰয়হীন পৰিয়ালকেইটা এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।একপ্ৰকাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত দিন পাৰ কৰিব লগীয়া হৈছে শংকিত গাঁৱবাসীয়ে।

ইপিনে বন্যহস্তীৰ জাঁকটোক যথাস্থানত খেদি পঠিওৱাৰ ক্ষেত্রত বন বিভাগে লোৱা নাই যথোচিত পদক্ষেপ।সর্বস্বান্ত এই পৰিয়ালকেইটাই চৰকাৰৰ ওছৰত জনাইছে সহায়ৰ বাবে আবেদন

ভয়ংকৰ বানৰ কবলত পৰিছে নগৰবেৰাৰ বিস্তৃৰ্ণ অঞ্চল

জলজলী নৈৰ বানে লৈছে ভয়ংকৰ ৰূপ।বিগত কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণ ফলত হঠাৎ বৃদ্ধি পাইছে জলজলী নৈৰ জলপৃষ্ঠ
আৰু এৰাতিৰ ভিতৰতে নগৰবেৰা, বদলা, টিয়াপাৰা, মালিৱাৰী, জামলাই, কল্যাণপুৰ, পলাহৰটাৰী, নাইটৰ-খামেৰী আদি কৰি কেইৱাটাও অঞ্চলৰ হাজাৰ হাজাৰ ইৰিধানৰ খেতি বুৰাই পেলোৱাত দৰিদ্ৰ কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ময় পৰিস্থিতিৰ মূৰৰ ঘাম মাটিত পেলাই দিনে নিশাই কষ্ট কৰা খেতি হঠাৎ বানপানীয়ে বুৰাই পেলোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে।

একাংশই উপায়বিহীন আধাপকা ধানো কাটিবলগীয়া হৈছে।ক্ষতিগ্ৰস্ত দৰিদ্ৰ কৃষক ৰাইজক ক্ষতিপূৰণ দিবলৈ চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগক কাতৰ আহ্বান জনাইছে।

সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ অসম টাং ডু প্ৰশিক্ষক দেৱজিৎ গগৈৰ

সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ অসম টাং ডু প্ৰশিক্ষক দেৱজিৎ গগৈৰ।দিল্লীত সমৰকলা  খেলুৱৈয়ে উৰুৱালে অসমৰ বিজয় নিচান।ৰাষ্ট্ৰীয় টাং চু ডুত অসমৰ সাফল্য । অসমে আজুৰি আনিলে ৩০ টাকৈ পদক।অসমভূমিত উষ্ম আদৰণি।চলিত মাহৰ ১৩ ৰ পৰা ১৫ মে’লৈ নতুন দিল্লীত অনুষ্ঠিত হয় অষ্টম সংখ্যক ৰাষ্ট্ৰীয় টাং চু ডো চেম্পিয়নশ্বিপ।অসম টাং চু ডো সন্থাৰ তত্বাৱধানত অংশ ললে অসমৰ এটা বৃহৎ দলে । ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ টাং চু ডো খেলুৱৈসকলে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । বিভিন্ন শাখাত মুঠ ৩০ টা পদক অৰ্জনেৰে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত জিলিকিল অসম । ইয়াৰে ৫ টা স্বৰ্ণ, ৯ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জ লাভেৰে গৌৰৱান্বিত কৰিলে অসম মাতৃক ।উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া বিৰতিৰ পাছত এনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৎসাহিত হৈ পৰিল অসমৰ টাং চু ডো খেলুৱৈ।পদকজয়ী খেলুৱৈসকল গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত উপস্হিত হোৱাৰ লগে লগে অসম টাং চু ডো সন্থাৰ পৰা জনোৱা হল উষ্ম আদৰণি । অসম টাং চু ডো সন্থাৰ কোষাধ্যক্ষ ভাস্কৰ জ্যোতি গগৈৰ সহিতে সন্থাৰ সদস্যসকলে সকলোকে জনালে অভিনন্দন ।

ইফালে অসম টাং চু ডোৰ মুখ্য প্ৰশিক্ষক তথা কাৰিকৰী প্ৰশিক্ষক দেৱজিৎ গগৈয়ে এই প্ৰতিযোগিতাত অৰ্জন কৰিছে আন এক সন্মান । তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ কৰি অসমক গৌৰৱান্বিত কৰিলে।ক্ৰীড়া অনুৰাগীৰ আশা — অপ্ৰতিৰোধ্য হওক অসনৰ টাং চু ডো খেলুৱৈ।এই বিজয় ধাৰাই স্পৰ্শ কৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ উন্নত শিখৰ ।

হাজোৰ অপহৃত ছাত্ৰৰ মৃতদেহ পুঠিমাৰী নৈৰ পাৰত উদ্ধাৰ

কামৰূপ জিলাৰ হাজোৰ এজন অপহৃত ছাত্ৰৰ মৃতদেহ পুঠিমাৰী নৈৰ পাৰত উদ্ধাৰ হোৱা এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে। অপহৰনৰ এদিন পিছত মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰ জন হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত একাদিৰ মগুৰ আলীৰ পুত্ৰ তথা  দক্ষিণ শিংৰা কোৱৰপুৰ আঞ্চলিক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰফিকুল ইছলাম(১৬) আৰু অপহৰন কৰি মুক্তিপন নিদিয়াৰ বাবে নৃশংস ভাৱে হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা পাচ নৰপিশাচ হৈছে হাজো- একাদিৰ লাডেন ওৰফে আজিজুৰ ৰহমান (২১) আৰু চুমন ওৰফে ছফিকুল হ’ক(২২),ৰঙিয়া-কত্তাখাটৰ আচিফ আলী(২১),ৰঙিয়া- কেন্দুকোনাৰ তফিকুল ইছলাম(২১)আৰু বৰশিলৰ ৰাহুল আলী(২২)। ঘটনা সংক্ৰান্তত জানিব পৰা মতে,যোৱা ১৫ মে’ৰ সন্ধিয়া পিতৃৰ সৈতে একাদি চ’ক- বজাৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি নিজ গৃহলৈ যাবলৈ ওলোৱা মূহুৰ্ততে এখন চাৰিচকীয়া বাহন তেওঁৰ ওচৰত ৰয় আৰু ৰফিকুল ইছলাম নামৰ ছাত্ৰ জনক উঠাই লৈ যায়। এই ঘটনা পিতৃয়ে প্ৰত্যক্ষ কৰে যদিও কোনো বন্ধুৰ সৈতে ফুৰিবলৈ যোৱা বুলি ভাৱিছিল যদিও নিশা ঘৰলৈ উভতি আহি নোপোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।

ইয়াৰ পিছত ওচৰ-চুবুৰীয়া, ইষ্ট-কুটুমৰ ওচৰত সা-খবৰ কৰি কোনো সম্ভেদ নোপোৱাত ১৬ মে’ৰ পুৱা পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তেনে সময়তে ছাত্ৰ ৰফিকুল ইছলামৰ মোবাইল ফোনৰে কোনো অচিনাক্ত দূৰ্বৃত্তই তেওঁক অপহৰন কৰাৰ কথা অৱগত কৰি মুক্তিপন দহ লাখ টকা দাবী কৰি দিনৰ বাৰ বজাত আদায় দিবলৈ কয় আৰু পিছত পুনৰ ফোন কৰি তিনি বজাৰ ভিতৰত ফোন যোগে যোগাযোগ কৰি আদায় দিবলৈ কয়। এই ঘটনাৰ পিছতে ৰফিকুল ইছলাম অপহনকাৰীৰ কবলত পৰাৰ কথা জ্ঞাত হৈ পৰিয়ালৰ লোক অধিক চিন্তিত হৈ আৰক্ষীৰ ওচৰ চাপে। ততালিকে হাজো আৰক্ষীয়ে মোবাইলৰ লোকেচন উলিয়াই পাচ অপহৰনকাৰী ক্ৰমে হাজো-একাদিৰ লাডেন ওৰফে আজিজুৰ ৰহমান, চুমন ওৰফে ছফিকুল হ’ক, ৰঙিয়া-কৰ্ত্তাখাটৰ আচিফ আলী, কেন্দুকোনাৰ তফিকুল ইছলাম আৰু বৰশিলৰ ৰাহুল আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু পাচ অপহৰনকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কমলপুৰৰ পুঠিমাৰী নৈৰ পাৰত অপহৃত ৰফিকুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনা সদৰী হোৱাৰ পিছত মৃত ৰফিকুল ইছলামৰ পৰিয়ালত এক শোকাকুল পৰিবেশে সৃষ্টি কৰে। ইপিনে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে একাদিৰ প্ৰায় ডেৰ শতাধিক স্থানীয় লোকে হাতে হাতে প্লেকাৰ্ড লৈ ৰফিকুল ইছলামৰ হত্যাকাৰীৰ ফাচীৰ দাবীত হাজো আৰক্ষী থানাৰ সমীপত এক উত্তাল পৰিবেশ সৃষ্টি কৰে আৰু ছব্বিশ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাত আৰক্ষীৰ শলাগ লয়।

মায়ঙত বড়োধানৰ লগতে শ শ বিঘা মাটিৰ মাকৈ খেতি বানৰ কবলত

মৰিগাও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন খেতি পথাৰ বানৰ কবলত।আজি কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰ আৰু কপিলি নৈয়ৰ বাৰনী পানীয়ে ঠায়ে ঠায়ে খেতি পথাৰ বুৱাই পেলাইছে । বিশেষকৈ মায়ং পুখৰীয়া আৰু ঘগুৱা মৌজাৰ অন্তৰ্গত বহু খেতি পথাৰ বানৰ কবলত। কৃষক ৰাইজে শস্য সমূহৰ পৰা অধিক লাবাম্বীত হোৱাৰ আশাত খেতি কৰিছিল। কিন্তু খেতি সমূহ চপোৱাৰ সময়তে বাঢ়নী পানীয়ে বিস্তাৰ খতি সাধন কৰিছে ।যাৰ ফলত কৃষকৰ আশাত চেচা পানী পৰা পৰিলক্ষিত হৈছে। আৰু কোনোমতে কৃষক সকলে তৌলোংগা নাওৰে পানীৰ পৰা বড়োধান আৰু মাকৈ সমূহ উঠাবলৈ চেষ্টা কৰিছে যদিও বহুত লোকচানৰ সন্মুখীন হৈছে।

আনহাতে মায়ঙৰ বিভিন্ন গাঁও ক্ৰমে , বৰকুৰাণী, গাগলমাৰী, আশিগড়, বৰবড়ী , খাটবড়ী, কৰতিপাম , গৰমাৰী , ঝাৰগাঁও আদি অন্যান্য অঞ্চলৰ বিভিন্ন খেতিৰ শস্যৰ বিস্তাৰ ক্ষতি সাধন হৈছে বুলি কৃষক সকলে মত পোষণ কৰে ।

মেডিচিটি গুৱাহাটীৰ বিনামূলীয়া স্বাস্থ্য-পৰীক্ষা শিবিৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ তথা বিশেষভাৱে আৰু বিশিষ্টৰূপে দৈনিক চিকিৎসা-সেৱা আগবঢ়োৱা এক আগশাৰীৰ চিকিৎসা-সেৱা প্ৰতিষ্ঠান মেডিচিটি গুৱাহাটীয়ে আগত ২২মে’ দেওবাৰে আয়োজন কৰিছে এক বিনামূলীয়া স্বাস্থ্য-পৰীক্ষা শিবিৰৰ। ভিন্ন ধৰণৰ বৰ্দ্ধিত স্বাস্থ্যজনিত সমস্যালৈ চকু ৰাখি মেডিচিটিয়ে এই সজাগতামূলক স্বাস্থ্য-পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰত সৰ্বমুঠ ৯টি বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকিব,যাৰ দ্বাৰা আপুনি আপোনাৰ অথবা আপোনাৰ আপোনজনৰ বিনামূলীয়া স্বাস্থ্য-পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। যিহেতু মাজে-সময়ে নিজ স্বাস্থ্যৰ এনে পৰীক্ষা কৰাই থকাতো এক জৰুৰী স্বাস্থ্য-সচেতনতাই হয়,গতিকে বিনাদ্বিধাই মেডিচিটিলৈ আহক আৰু নিম্নোক্ত বিভাগৰ চিকিৎসকসকলৰ দ্বাৰা বিনামূলীয়াকৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰাওক। বিভাগকেইটা হৈছে ক্ৰমে-১)গেষ্ট্ৰ’এন্টাৰ’লজী,২)প্ৰসূতি আৰু স্ত্ৰীৰোগ,৩)নাক,কাণ আৰু ডিঙিৰ ৰোগ,৪)হাড়ৰ ৰোগ,৫)হৃদৰোগ,৬)মেডিচিন বা দৰৱ,৭)শ্বাসতন্ত্ৰৰ ৰোগ,৮)শৈল্যৰোগ,৯)মধুমেহ বা ডায়েবেটিছ ৰোগ।


২২মে’,দেওবাৰে দিনৰ ১১বজাৰ পৰা ৩ বজালৈকে আয়োজিত হ’বলগীয়া এই শিবিৰলৈ সকলোকে আমন্ত্ৰণ জনোৱা হ’ল। স্থান-আদিত্য মেডিচিটি,ডাউন-টাউন হাস্পতালৰ সমুখত।